ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

বিত্তৰ উৎস সমূহ - বেংকিং আৰু বিত্ত -পাঠ ৩ - দশম শ্ৰেণী- বাণিজ্য পৰিচয় - Sources Of Finance - Banking and Finance - Chapter 3 - Class 10 - Introduction To Commerce

Admin
0
প্ৰশ্নাৱলীঃ

১৷ ব্যৱসায়ৰ  বিত্তৰ উৎসমূহ  বুলিলে কি বুজা যায় ? ব্যৱসায়  এটাক পূঁজিৰ কিয় প্ৰয়োজন হয় ?

উত্তৰঃব্যৱসায়ৰৰ  বিত্তৰ উৎস মানে হৈছে ব্যৱসায়ৰ বাবে ধনৰ বা মূলধনৰ উৎস বিচাৰ কৰা, উৎসবোৰৰ মাজৰ পৰা উৎকৃষ্ট উৎসবিধ যাৰ দ্বাৰা নুন্যতম ব্যয়ত অধিকতম লাভ হয় বাচনি কৰা ; উৎকৃষ্ট উৎস বিধৰ পৰা ধন বা মূলধন সংগ্ৰহ কৰা, সংগৃহিত ধন বা মূলধন উৎকৃষ্টভাৱে ব্যৱহাৰ কৰা আৰু ৰাহি হোৱা মূলধন নিৰাপদ বাবে সংৰক্ষণ কৰা ৷ 
  ব্যৱসায়  এটাক পূঁজিৰ  প্ৰয়োজন হয় -
(ক) স্থায়ী সম্পত্তি ক্ৰয় কৰিবলৈ 

(খ) ব্যৱসায়ৰ বিকাশৰ বাবে 

(গ) ভৱিষ্যতৰ আকস্মিক ঘটনাৰ সন্মুখীন হ'বলৈ 

(ঘ) দৈনন্দিন খৰচ বা ব্যয়ৰ বাবে 

(ঙ) উৎপাদন আৰু বিক্ৰীৰ মাজত ব্যয় হোৱা সময় ৰাহি কৰিবলৈ ৷

২৷ ব্যৱসায়  এটাৰ  বাবে  উপলদ্ধ  বিভিন্ন  প্ৰকাৰৰ  মূলধনসমূহৰ  মাজৰ  পাৰ্থক্যসমূহ  বৰ্ণনা কৰা ৷

উত্তৰঃ 

 ভিত্তি

স্থায়ী মূলধন 

কাৰ্যকৰী মূলধন 

 

সংজ্ঞা



প্ৰয়োজনীয়তা





বিত্তৰ উৎস 






ৰূপান্তৰ/পৰিবৰ্তন 




প্ৰকৃতি 





স্থিতিকাল 

 স্থায়ী মূলধন হৈছে দীৰ্ঘম্যাদী সম্পত্তিৰ ওপৰত বিনিয়োগ কৰা মূলধন


ব্যৱসায়ৰ প্ৰতিষ্ঠাপনৰ বাবে স্থায়ী মূলধনৰ আৱশ্যক হয় ৷




ব্যৱসায় এটাই স্থায়ী মূলধন বিভিন্ন ধৰণৰ দীৰ্ঘকালীন বিত্তীয় উৎস যেনে - অংশপত্ৰ, ঋণপত্ৰ, বেংক আদিৰ পৰা সংগ্ৰহ কৰে ৷



স্থায়ী সম্পত্তিৰ বাবে ব্যৱহৃত স্থায়ী মূলধন সহজেই নগদ ধনলৈ ৰূপান্তৰ নহয় 


স্থায়ী মূলধন ব্যৱসায়ৰ প্ৰাম্ভনিৰ বাবে আৰু ব্যৱসায়ৰ সম্প্ৰসাৰণৰ উদ্দেশ্য এবাৰতে সম্পত্তি ক্ৰয় কৰিবলৈ বিনিয়োগ কৰা হয় ৷

স্থায়ী মূলধনৰ দ্বাৰা দীৰ্ঘম্যাদী বিনিয়োগ হয় 

 কাৰ্যকৰী মূলধন হৈছে প্ৰবাহমান সম্পত্তিৰ ওপৰত বিনিয়োগ কৰা মূলধন


কাৰ্যকৰী মূলধনৰ ব্যৱসায়ৰ স্থায়ী সম্পত্তিসমূহ ব্যৱহাৰ কৰিবলৈ তথা দৈনন্দিন কাম-কাজৰ বাবে ব্যৱহৃত হয় 


ব্যৱসায় এটাই কাৰ্যকৰী মূলধনৰ বিনিয়োগ মূলধন বানিজ্যিক বেংকৰ ঋণ, ব্যৱসায়ৰ লাভ আহৰণ আদি উৎসৰ পৰা সংগ্ৰহ কৰে



কাৰ্যকৰী মূলধনৰ বিনিয়োগসমূহ তৰল পৰ্যায়ৰ হয় আৰু সহজেই নগদ ধনলৈ ৰূপান্তৰ হয়  


কাৰ্যকৰী মূলধন ব্যৱসায় সংগঠনটোৰ দৈনন্দিন কামকাজ সমূহৰ বাবে প্ৰয়োজন হয় 


কাৰ্যকৰী মূলধনৰ দ্বাৰা হ্ৰস্বম্যাদী বিনিয়োগ হয় ; যাৰদ্বাৰা ব্যৱসায়ীটোৰ দৈনন্দিন কাম-কাজ সমাপন হয় ৷ 

 


৩৷ ব্যৱসায়টোৰ বিভিন্ন বিত্তীয় উৎসমূহ  কি কি ?  বিভিন্ন ধৰণৰ  দীৰ্ঘকালীন  বিত্তীয় উৎসমূহ  সম্পৰ্কে বৰ্ণনা কৰা ৷ 

উত্তৰঃ  ব্যৱসায়টোৰ বিভিন্ন বিত্তীয় উৎসমূহ হ'ল - 

১/ দীৰ্ঘকালীন উৎসসমূহঃ

(ক) সাধাৰণ অংশপত্ৰ 

(খ) চুক্তিপত্ৰ / ঋণপত্ৰ 

(গ) অধিকাৰযুক্ত অংশপত্ৰ 

(ঘ) সঞ্চিত আয় 

(ঙ) বেংকৰ পৰা গ্ৰহণ কৰা ম্যাদী ঋণ

(চ) দীৰ্ঘকালীন উৎসসমূহ 

২/ হ্ৰস্বকালীন উৎসমূহঃ

(ক) কিস্তি ঋণ

(খ) অগ্ৰিম ধন বা বায়না 

(গ) বেংক অভাৰড্ৰাফট

(ঘ) বাণিজ্যিক ঋণ 

(ঙ) বাণিজ্যিক দলিল 

(চ) হ্ৰস্বকালীন ঋণ 

বিভিন্ন ধৰণৰ  দীৰ্ঘকালীন  বিত্তীয় উৎসমূহ  সম্পৰ্কে তলত বৰ্ণনা কৰা  হ'ল - 

(ক) সাধাৰণ অংশপত্ৰঃ

        সাধাৰণ অংশপত্ৰ ধাৰণাকাৰীসকলে কোম্পানী বা নিগমটোৱে আহ্বান কৰা লাভ অথবা সন্মুখীন হোৱা লোকচান দুয়োটাৰ অংশ লাভ কৰে ৷ সাধাৰণ অংশপত্ৰ ধাৰণাকাৰীসকলক কোম্পানীটোৰ প্ৰকৃত গৰাকী হিচাবে অভিহিত কৰা হয় কাৰণ তেওঁলোকে ভোটাধিকাৰ লাভ কৰে আৰু কোম্পানীটোৰ লগত জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ গ্ৰহণ কৰাত কৰ্তৃত্ব লাভ কৰে ৷ অংশপত্ৰ ধাৰণাকাৰীসকলে তেওঁলোকৰ অংশপত্ৰৰ ওপৰত কৰা বিনিয়োগৰ প্ৰতিদান হিচাবে লভ্যাংশ লাভ কৰে, এই লভ্যাংশ কোম্পানীটোৰ লাভ লোকচান আৰু কোম্পানীটোৰ বিক্ৰয়ৰ সময়ছোৱাত কোম্পানীটোৰ মূলধনজনিত লাভ লোকচানৰ ওপৰত নিৰ্ভৰশীল ৷ 

(খ)  অগ্ৰাধিকাৰযুক্ত অংশপত্ৰঃ 

  অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ সমূহত বিশেষ বা অগ্ৰাধিকাৰ জনিত অধিকাৰ থাকে ৷ এনেধৰণৰ অংশ পত্ৰসমূহত এক নিৰ্ধাৰিত হাৰত লভ্যাংশ প্ৰদানৰ আগত অগ্ৰাধিকাৰ ভিত্তিত প্ৰদান কৰা হয় ৷ দ্বিতীয়তে, কোম্পানীটোৰ অৱসান ঘটাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ ধাৰণাকাৰীসকলক  সাধাৰণ ধাৰণাকাৰীসকলৰ আগতে মূলধন ফিৰাই দিয়া হয় ৷ অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ ধাৰণাকাৰীসকলৰ ভোটাধিকাৰ নাথাকে ৷ 

(গ) চুক্তিপত্ৰ / ঋণপত্ৰঃ

      ঋণপত্ৰ হৈছে কোম্পানীৰ সাধাৰণ মোহৰৰ দ্বাৰা স্বাক্ষৰিত এখন দলিল, যি দলিলত কোম্পানীৰ দ্বাৰা গ্ৰহণ কৰা ঋণৰ স্বীকৃতি দিয়া হয় তথা ঋণ গ্ৰহণ আৰু ঋণ ফিৰৎ প্ৰক্ৰিয়াৰ বিভিন্ন নীতি নিয়মসমূহ লিপিবদ্ধ কৰা হয় ৷ গতিকে ঋণপত্ৰ হৈছে কোম্পানীৰ দ্বাৰা গ্ৰহণ কৰা ঋণৰ এক প্ৰমাণপত্ৰ ৷ 

(ঘ) সঞ্চিত আয়ঃ 

      এটা কোম্পানীয়ে আয় কৰা সমগ্ৰ লাভ অংশ পত্ৰ ধাৰকসকলৰ মাজত বিতৰণ নকৰিবও পাৰে ৷ কোম্পানীটোৱে অৰ্জন কৰা লাভৰ এটা অংশ বেলেগকৈ সঞ্চয় কৰিব পাৰে আৰু ভৱিষ্যতৰ দীৰ্ঘকালীন কাম কাজসমূহৰ বাবে মূলধন হিচাবে ব্যৱহাৰ কৰিব পাৰে ৷ এনেদৰে সঞ্চয় কৰা লাভৰ অংশক কোম্পানীটোৰ বাবে মূলধনৰ অভ্যন্তৰীন উৎস হিচাবে অবিহিত কৰা হয় আৰু এই মূলধন কোম্পানীটোৰ বিস্তাৰণ, আধুনিকীকৰণ, পৰিবৰ্তন আদিৰ বাবে ব্যৱহৃত হয় ৷ 

(ঙ) বেংকৰ পৰা গ্ৰহণ কৰা ম্যাদী ঋণঃ

     কোম্পানী  এটাৰ দীৰ্ঘকালীন মূলধনৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ বিভিন্ন ধৰণৰ কো-অপৰেটিভ বেংক বাণিজ্যিক বেংক, উন্নয়ন বেংক আদিয়ে মধ্যমকালীন আৰু দীৰ্ঘকালীন ঋণৰ যোগান ধৰে, যিসমূহ মূলধনৰ দ্বাৰা কোম্পানীৰ স্থায়ী সম্পত্তি ক্ৰয় কৰা হয় আৰু কোম্পানীটোৰ বিস্তাৰ সাধন কৰা হয় ৷ 

(ঙ) দীৰ্ঘকালীন উৎসসমূহ ঃ

     বিভিন্ন ধৰণৰ বিত্তীয় প্ৰতিষ্ঠান যেনে বাণিজ্যিক বেংকসমূহ, জীৱন বীমা নিগমসমূহ, উদ্যোগিক বিত্তীয় প্ৰতিষ্ঠানসমূহ, ভাৰতীয় উদ্যোগিক বিকাশ বেংক আদি সমূহেও দীৰ্ঘকালীন ঋণৰ যোগান ধৰে ৷ এনেসমূহ ঋণৰ বিপৰীতে নিৰ্দিষ্ট সুদৰ হাৰ নিৰ্ণয় কৰা হয় আৰু কোম্পানীয়ে বাৰ্ষিক কিস্তি অনুযায়ী  সুদ সহিতে ঋণসমূহ দীৰ্ঘকালীন সময়ৰ বাবে আদায় কৰে ৷ 

৪৷ বিভিন্ন  ধৰণৰ  হ্ৰস্বকালীন  বিত্তীয়  উৎসসমূহৰ  সম্পৰ্কে  বৰ্ণনা কৰা ৷ 

উত্তৰঃ বিভিন্ন  ধৰণৰ  হ্ৰস্বকালীন  বিত্তীয়  উৎসসমূহৰ  সম্পৰ্কে তলত বৰ্ণনা কৰা হ'লঃ 

(ক) কিস্তি ঋণঃ

      কিস্তি  ঋণৰ জৰিয়তে বিভিন্ন সা-সম্পত্তি ক্ৰয় কৰা হয় আৰু সা-সম্পত্তি সমূহ লগে লগেই অধিকৃত কৰা হয়, কিন্তু সা-সম্পত্তিৰ মূল্য কিস্তি হিচাবত এক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰদান কৰা হয় ৷ ইয়াৰদ্বাৰা কিছু সময়ৰ বাবে পুঁজি গঠন কৰিব পাৰি যি পুঁজি ব্যৱসায়টোৰ হ্ৰস্বকালীন কাৰ্যকৰী মূলধন হিচাবে ব্যৱহাৰ কৰিব পাৰি ৷ 

(খ) অগ্ৰিম ধন বা বায়নাঃ

      কিছুমান ব্যৱসায়িক প্ৰতিষ্ঠানে তেওঁলোকৰ গ্ৰাহকসকল আৰু এজেন্টসকলৰ পৰা ফৰমাচ অনুযায়ী কিছু ধন াগ্ৰিম ধন বা বায়না হিচাবে গ্ৰহণ কৰে; যি অগ্ৰিম ধন ব্যৱসায়টোৰ বাবে এক হ্ৰস্বকালীন বিত্তীয় উৎস হিচাবে বিবেচিত হয় ৷ এনেধৰণৰ উৎসসমূহ যথেষ্ট মিতব্যয়ী হয় ৷ 

(গ) বেংক অভাৰড্ৰাফটঃ

      যেতিয়া বেংক েটাই ইয়াৰ একাউন্ঠ ধাৰণকাৰী বা ধন জমাকাৰীসকলক বেংক একাউন্টত জমা থকা ধনৰ পৰিমানকৈ ওপৰিঞ্চ ধন এক নিৰ্দিষ্ট পৰিমানত মুকলি কৰিবলৈ বা উঠাবলৈ সুযোগ প্ৰদান কৰে ; তেনেক্ষেত্ৰত এই সুবিধাক অভাৰড্ৰাফ্ট সুবিধা বোলা হয় ৷ 

(ঘ) বাণিজ্যিক ঋণঃ

     বাণিজ্যিক ঋণ হৈছে বিভিন্ন সা-সামগ্ৰীৰ যোগানধাৰী সকলে বানিজ্যিক লেনদেনসমূহত সামগ্ৰীৰ ক্ৰয়ৰ বাবদ প্ৰদান কৰা ধৰা বা ঋণ ৷ সাময়িক কালছোৱাত, যোগানধাৰীসকল প্ৰদান কৰা এনেধৰণৰ বানিজ্যিক ঋণ এক উল্লেখযোগ্য হ্ৰস্বকালীন বিত্তীয় উৎস ৷ 

(ঙ) বাণিজ্যিক দলিলঃ

     বাণিজ্যিক দলিল হৈছে সেইসমূহ সুৰক্ষিত প্ৰতিশ্ৰুতি পত্ৰ যিবোৰ কিছু প্ৰতিষ্ঠিত কোম্পানী বা নিগমে মুকলি কৰে ৷ এনেধৰণৰ প্ৰতিশ্ৰুতি পত্ৰসমূহ বেংক, বীমা কোম্পানী, মিউচুৱেল ফাণ্ড, আৰু অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠান ক্ৰয় কৰে ৷ কোম্পানীটোৱে বাণিজ্যিক দলিলসমূহ ক্ৰেতাক বিক্ৰিৰ যোগেদি ধন বা পুঁজি সংগ্ৰহ কৰে ৷ বাণিজ্যিক দলিলসমূহ বিক্ৰীৰ যোগেদি পুঁজি গঠন কৰাত নমনীয়তা প্ৰদান কৰে ৷  

(চ) হ্ৰস্বকালীন ঋণঃ

     বেংকে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক হ্ৰস্বকালীন ঋণৰ যোগান ধৰি প্ৰতিষ্ঠানসমূহৰ কাৰ্যকৰী মূলধনৰ প্ৰয়োজনীয়তা সমূহ পূৰণ কৰে ৷ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)