প্ৰশ্নাৱলীঃ
১৷ হস্তান্তৰযোগ্য দলিল কি হয় ? এনেবোৰ দলিলৰ হস্তান্তৰকৰণৰ প্ৰকাৰসমূহ বৰ্ণনা কৰা ৷
উত্তৰঃ হস্তান্তৰযোগ্য দলিল আইন 1881 অনুযায়ী হস্তান্তৰযোগ্য দলিল হৈছে '' প্ৰতিশ্ৰুতি পত্ৰ, বিনিময় বিল আৰু চেক যি নিৰ্দেশ অনুযায়ী অথবা ধাৰণকাৰী সকলৰ প্ৰতি প্ৰদেয় হয় ৷
এনেবোৰ দলিলৰ হস্তান্তৰকৰণৰ প্ৰকাৰসমূহ তলত বৰ্ণনা কৰা হ'ল -
বিতৰণৰ দ্বাৰা হস্তান্তৰঃ
যেতিয়া এখন প্ৰতিশ্ৰুতি পত্ৰ অথবা এখন বিনিময় বিল অথবা এখন চেক ধাৰকজনৰ প্ৰতি দেয় হয়, তেতিয়া দলিলখন বিতৰণৰ দ্বাৰা হস্তান্তৰ কৰা হয় ৷ এনেক্ষেত্ৰত দলিল প্ৰেৰকজনৰ বা প্ৰেৰণকাৰীজনৰ হস্তান্তৰৰ প্ৰয়োজন নহয় আৰু দলিল গ্ৰহণকাৰীজন ধাৰণকাৰী হিচাবে বিবেচিত হয় ৷
উদাহৰণঃ ধাৰণকাৰীৰ প্ৰতি প্ৰদেয় হস্তান্তৰযোগ্য দলিল এখন A নামৰ ব্যক্তিজনে B নামৰ ব্যক্তিজনৰ এজেন্টজনক B ৰ হৈ গ্ৰহণ কৰিবলৈ প্ৰেৰণ কৰে ৷ এনেক্ষেত্ৰত দলিলখন হস্তান্তৰযোগ্য হয়৷
পৃষ্ঠাংকন আৰু বিতৰণৰ দ্বাৰা হস্তান্তৰঃ
নিৰ্দেশ অনুযায়ী প্ৰদেয় একন প্ৰতিশ্ৰুতি পত্ৰ অথবা এখন বিনিময় বিল অথবা এখন চেক পৃষ্ঠাংকন আৰু বিতৰণৰ দ্বাৰা হস্তান্তৰ হয় ৷ যেতিয়ালৈকে দলিল প্ৰেৰণকাৰীজন দলিলখনৰ পৃষ্ঠাভাগত হস্তান্তৰ নকৰে আৰু প্ৰেৰণ নকৰে ৷ তেতিয়ালৈকে দলিল গ্ৰহণকাৰীজন দলিলখনৰ ধাৰণকাৰী হিচাবে অভিহিত নহয় ৷
২৷ প্ৰতিশ্ৰুতি পত্ৰ কি হয় ? প্ৰতিশ্ৰুতি পত্ৰ এখনৰ গুৰুত্বপূৰ্ণ প্ৰকৃতিসমূহ বৰ্ণনা কৰা ৷
উত্তৰঃ প্ৰতিশ্ৰুতি পত্ৰ হৈছে এখন লিখিত দলিল যিখন দলিলত প্ৰস্তুতকাৰীজনৰ হস্তাক্ষৰ থাকে আৰু দলিলখনে দলিল গ্ৰহণকৰোতা বা ধাৰণকাৰীজনক এক নিৰ্দিষ্ট পৰিমানৰ ধন প্ৰদান কৰিবলৈ চৰ্তবিহীন প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
প্ৰতিশ্ৰুতি পত্ৰ এখনৰ গুৰুত্বপূৰ্ণ প্ৰকৃতিসমূহ তলত বৰ্ণনা কৰা হ'ল -
১৷ প্ৰতিশ্ৰুতি পত্ৰ লিখিত হয় ৷
২৷ এই দলিলে চৰ্তবিহীন প্ৰতিশ্ৰুতি অন্তৰ্গত কৰে ৷
৩৷ দলিলখনত দলিল প্ৰস্তুতকাৰীজনে হস্তাক্ষৰ কৰে
৪৷ প্ৰদেয় ধন নিৰ্দিষ্ট পৰিমানৰ হয়
৫৷ দলিলখনত স্পষ্টভাৱে ধন প্ৰদানত প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়
৬৷ প্ৰতিশ্ৰুতত পত্ৰত দুটা পক্ষ থাকে - প্ৰস্তুতকাৰী আৰু গ্ৰহণকাৰী
৩৷ বিনিময় বিল কি হয়? বিনিময় বিল এখনৰ গুৰুত্বপূৰ্ণ প্ৰকৃতিসমূহ বৰ্ণনা কৰা ৷
উত্তৰঃ বিনিময় বিল হৈছে চৰ্তবিহীন নিৰ্দেশযুক্ত এখন লিখিত দলিল, যি দলিলত দলিল প্ৰস্তুতকৰ্তাজনৰ নিৰ্দেশনা অনুযায়ী এজন ব্যক্তিক অথবা দলিল গ্ৰহণকাৰীজনক এক নিৰ্দিষ্ট পৰিমাণৰ ধন প্ৰদান কৰা হয় ৷
বিনিময় বিল এখনৰ প্ৰকৃতিসমূহ তলত উল্লেখ কৰা হ'ল -
১/ বিনিময় বিল লিখিত হয়
২/ এই দলিলে ধন প্ৰদানৰ নিৰ্দেশনা অন্তৰ্গত কৰে
৩/ ধন প্ৰদানৰ নিৰ্দেশনা চৰ্তবিহীন হয়
৪/ প্ৰদেয় ধন নিৰ্দিষ্ট পৰিমাণৰ হয়
৫/ বিনিময় বিল প্ৰস্তুতকাৰীজনক Drawer হিচাবে বিল গ্ৰহণকাৰীজনক Drawer হিচাবে আৰু যিজন ব্যক্তিক ধন প্ৰদান কৰা ৷ তেওঁক Payee হিচাবে অভিহিত কৰা হয় ;
৬৷ দলিলখনত Drawer য়ে হস্তান্তৰ কৰে ৷
৪৷ চেক কি হয় ? চেক এখনৰ গুৰুত্বপূৰ্ণ প্ৰকৃতিসমূহ বৰ্ণনা কৰা ৷
উত্তৰঃ চেক হৈচে েক ধৰণৰ হস্থন্তৰযোগ্য দলিল যি দলিলে বেংকক Drawer-ৰ একাউন্ঠৰ পৰা এক নিৰ্দিষ্ট পৰিমাণৰ ধন এজন বিশেষ ব্যক্তি বা দলিল গ্ৰহণকাৰীজনক প্ৰদান কৰিবলৈ চৰ্তবিহীন নিৰ্দেশ প্ৰদান কৰে ৷
চেক এখনৰ গুৰুত্বপূৰ্ণ প্ৰকৃতিসমূহ তলত বৰ্ণনা কৰা হ'ল -
১/ চেক লিখিত হয় আৰু ইয়াত জমাকাৰী বা Drawee য়ে হস্তাক্ষৰ কৰিব লাগে ৷
২/ ইয়াত এক চৰ্তবিহীন নিৰ্দেশ থাকে ৷
৩/ চেক গ্ৰহণকাৰীজন এক নিৰ্দিষ্ট ব্যক্তি হ'ব লাগে ৷
৪/ উল্লেখিত ধনৰ পৰিমান নিৰ্দিষ্ট হ'ব লাগে আৰু ধনৰ পৰিমান সংখ্যা আৰু আখৰ দুয়ো ক্ষেত্ৰতে স্পষ্ট হ'ব লাগে ৷
৫/ চেকৰ সাধাৰণতে তিনিটা পক্ষ থাকেঃ
Drawer:
যিজন ব্যক্তিয়ে চেকখন প্ৰস্তুত কৰে অৰ্থাৎ যিজন ব্যক্তিয়ে চেকখনত হস্তান্তৰ কৰে আৰু বেংকক ধন প্ৰদান কৰিবলে নিৰ্দেশ দিয়ে ৷
Drawee:
হিতাধিকাৰী বা সেইজন ব্যক্তি যাক ধন প্ৰদান কৰা হয় ৷
Payee:
যিজন ব্যক্তিয়ে ধন লাভ কৰে ৷
৬/ চেক সদায় এক নিৰ্দিষ্ট বেংকলৈ প্ৰেৰণ কৰা হয় ৷
৭/ চেক সদায় দাবী বা চাহিদা অনুযায়ী প্ৰদেয় হয় ৷
৫৷ চেকৰ বিভিন্ন প্ৰকাৰসমূহ কি কি ?
উত্তৰঃ চেকৰ বিভিন্ন প্ৰকাৰসমূহ হ'ল -
(ক) ৰেখাংকিত চেক
(খ) মুকলি চেক
(গ) বাহক চেক
(ঘ)নিৰ্দেশ চেক
(ঙ) অগ্ৰিম দিনাংক চেক
(চ) পশ্চাদম্যাদী চেক
(ছ) চীৰ্ণবিচ্ছিন্ন চেক
(জ) পৰৱৰ্ত্তী দিনাংক চেক