ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

কোম্পানী ব্যৱসায় - ব্যৱসায় অধ্যয়ন -পাঠ ১ - দশম শ্ৰেণী - বাণিজ্য পৰিচয় - Company Business - Business Studies - Chapter 1 - Class 10- Introduction To Commerce

Admin
0

 প্ৰশ্নাৱলীঃ

১৷ কোম্পানীৰ সংজ্ঞা লিখা ৷

উত্তৰঃ কোম্পানী হ'ল আইনৰ দ্ধাৰা গঠিত মানুহৰ এক সংগঠন ; যি সংগঠনে এক উমৈহতীয়া উদ্দেশ্য ফলপ্ৰসু  কৰিবলৈ কাম কৰে ৷ ই  এটা কৃত্ৰিম ব্যক্তি যাৰ এক পৃথক আইনী পৰিচয় থাকে ৷ 

২৷ কোম্পানীৰ বিভিন্ন প্ৰকৃতিসমূহ কি কি ?

উত্তৰঃ কোম্পানীৰ বিভিন্ন প্ৰকৃতিসমূহ হ'ল - 

(ক) কোম্পানী এটা কৃত্ৰিম ব্যক্তি 

(খ) ইয়াৰ নিজস্ব সত্ত্বা আছে ৷ 

(গ) কোম্পানী  আইনৰ দ্ধাৰা গঠিত ৷

(ঘ) কোম্পানীৰ উমৈহতীয়া চীল-মোহৰ আছে ৷

(চ) কোম্পানীৰ দেনা সীমিত ৷

(ছ) কোম্পানীৰ নিয়ন্ত্ৰণৰ দায়িত্ব সঞ্চালকমণ্ডলীয়ে কৰে ৷ 

৩৷ কোম্পানী  গঠনৰ বিভিন্ন  সুবিধাসমূহ আৰু অসুবিধাসমূহ কি কি ? 

উত্তৰঃ সুবিধাঃ

(ক) কোম্পানীৰ দেনা সীমিত  হোৱাৰ বাবে যদি লোকচান হয় তেন্তে ধন পৰিশোধৰ বিপদাংশ সীমিত হয় ৷

(খ) কোম্পানীৰ ইয়াৰ পুঁজি বিভিন্ন উৎসৰ পৰা সহজে গঠন কৰিব পাৰে যেনেঃ বেংকৰ পৰা ঋণ ল'ব পাৰে ৷

(ঘ) কোম্পানীৰ নিজা স্থায়ী অস্তিত্ব আছে অৰ্থাৎ ই ইয়াৰ সদস্যসকলৰ পৰা সম্পূৰ্ণ পৃথক ৷

(ঙ) কোম্পানীৰ মালিকীস্বত্ব হস্তান্তৰ কৰিব পাৰি ৷ 

(চ) কোম্পানী এটাত পুঁজি বা মূলধন অধিক হোৱা বাবে সহজতে কাম কাজ চলাবৰ বাবে দক্ষ আৰু পেছাগত লোকক নিয়োজিত কৰিব পাৰি আৰু তেওঁলোকৰ পৰা উপদেশ গ্ৰহণ কৰিব পাৰি ৷ 

অসুবিধাঃ 

(ক) এটা ৰাজহুৱা কোম্পানীৰ ক্ষেত্ৰত বাৰ্ষিক হিচাব নিকাচ আৰু বাৰ্ষিক প্ৰতিবেদনসমূহ ৰাজহুৱা ভাবে প্ৰচাৰ কৰাটো আইনীভাবে বাধ্যতামূলক যাতে ৰাইজে েনেবোৰ প্ৰতিবেদন প্ৰয়োজন অনুসাৰে নিৰীক্ষণ কৰিব পাৰে ৷ ইয়াৰোপৰি কোম্পানী এটাৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত অংশপত্ৰ ধাৰকসকলৰ অংশগ্ৰহণে কোম্পানীৰ আভ্যন্তৰীণ কাম কাজৰ গোপনীয়তা বজাই ৰখাত প্ৰভাৱ পেলায় ৷ 

(খ) সিদ্ধান্ত গ্ৰহণত পলম হয় কাৰণ কিবা  এটা সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে উচ্চস্তৰৰ অনুমোদনৰ প্ৰয়োজ হয় আৰু এই সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত যথেষ্ট সময় ব্যয় হয় ৷ 

(গ) এটা কোম্পানীয়ে বিভিন্ন নীতি-নিয়ম  মানি চলিব লাগে আৰু সেয়া অনুমোদন বা প্ৰমানপত্ৰ লোৱাৰ ক্ষেত্ৰত হওক বা আন কোনো নীতি-নিয়মৰ নথি পত্ৰসমূহৰ ক্ষেত্ৰত হওক , এইসকলোবোৰত সময় যথেষ্ট ব্যয় হয় ৷ 

(ঘ) কোম্পানীৰ অংশপত্ৰধাৰক সকলক কোম্পানীৰ নালিক বা গৰাকী হিচবে অবিহিত কৰা হয় আৰু কোম্পানীৰ পৰিচালনাৰ কাম কাজসমূহ কোম্পানীৰ উচ্চপদস্থ বিষয়াসকলে সমাপন কৰে ৷ কোম্পানীৰ মালিকীস্বস্ত আৰু পৰিচালনাৰ এনেধৰণৰ পৃথকীকৰণৰ বাবে কোম্পানীৰ পৰিচালক বা ব্যৱস্থাপকসকলৰ কোম্পানীৰ প্ৰতি আনুগত্য কম হয় ৷ 

৪৷ মানুহৰ কোনবোৰ কাম কাজ কোম্পানীৰ বাবে সমাপন কৰাটো সম্ভৱপৰ নহয় ?

উত্তৰঃ পৰিচালনা আৰু নিয়ন্ত্ৰণৰ লগত জড়িত থকা কাম কাজসমূহ কোম্পানীৰ বাবে সমাপন কৰাটো সম্ভৱপৰ নহয় ৷ 

৫৷ ব্যক্তিগত মালিকানাধীন প্ৰতিষ্ঠানৰ পঞ্জীয়নৰ বাবে কিবা বিশেষ আইন থাকে নেকি ?

উত্তৰঃ ব্যক্তিগত মালিকানাধীন প্ৰতিষ্টানৰ পঞ্জীয়নৰ ক্ষেত্ৰত স্থানীয় পৌৰসভা অথবা পঞ্চায়তৰ দ্বাৰা অনুমোদিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হয় ৷ অন্যহাতে কিছুমান ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰী বা সেৱাৰ প্ৰকৃতি অনুযায়ী বিভিন্ন আইন-কানুনৰ অধিনত েকাধিক পঞ্জীয়নৰ প্ৰয়োজন হয় ৷ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)