ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

ব্যৱস্থাপনা/পৰিচালনা - ব্যৱসায় অধ্যয়ন -পাঠ ২ - দশম শ্ৰেণী - বাণিজ্য পৰিচয় - Management - Business Studies - Chapter 2 -Class 10- Introduction to Commerce

Admin
0
প্ৰশ্নাৱলীঃ

১৷ ব্যৱস্থাপনাৰ সংজ্ঞা লিখা ৷ ব্যৱস্থাপনা কেনেদৰে প্ৰশাসনৰ  পৰা পৃথক হয় ?

উত্তৰঃ এটা ব্যৱসায় সংগঠনত ব্যৱস্থাপনা বুলিলে এক উমৈহতীয়া উদ্দেশ্য আগত ৰাখি বিভিন্ন লোক আৰু তেওঁলোকৰ কাম কাজসমূহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় সাধনৰ এক প্ৰক্ৰিয়াক সূচায় ৷ 

        ব্যৱস্থাপনা প্ৰশাসনতকৈ পৃথক হয় ৷ ব্যৱস্থাপনাত সংগঠনটোৰ কাম কাজ সমূহ পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰা হয় ৷ ব্যৱস্থা মধ্যম স্তৰৰ ব্যৱস্থাপনা আৰু নিম্ন স্তৰৰ ব্যৱস্থাপনাৰ এক অংশ য'ত উচ্চ স্তৰৰ এই ব্যৱস্থাপনাৰ দ্বাৰা প্ৰস্তুত কৰা আঁচনিসমূহৰ মধ্যমস্তৰৰ ব্যৱস্থাপনা আৰু নিম্নস্তৰৰ ব্যৱস্থাপনাৰ যোগেদি ৰূপায়ন কৰা হয় ৷ আনহাতে, প্ৰশাসন ব্যৱস্থাত সম্পূৰ্ণ সংগঠনটো শাসন বা পৰিপালন কৰা হয় ৷ প্ৰশাসন উচ্চ স্তৰৰ ব্যৱস্থাপনাৰ এক অংশ য'ত সংগঠনটোৰ বাবে পৰিকল্পনা আৰু আঁচনিসমূহ প্ৰস্তুত কৰা হয়; যিবোৰ পৰিকল্পনা আৰু আঁচনি মধ্যম স্তৰৰ ব্যৱস্থাপনাৰ যোগেদি ৰূপায়ন কৰা হয় ৷

২৷ এটা ব্যৱসায়  সংগঠনত  ব্যৱস্থাপনাৰ গুৰুত্বসমূহ  বৰ্ণনা কৰা ৷

উত্তৰঃ (ক) ব্যৱসায়ৰ উদ্দেশ্যসমূহৰ সাধনঃ
ব্যৱসায় সংগঠনৰ উমৈহতীয়া উদ্দেশ্যসমূহ সাধন কৰিবলৈ সংগঠনবোৰৰ কাম কাজসমূহ ব্যৱস্থাপনাই একগোট কৰে ৷ ব্যৱস্থাপনাৰ বিভিন্ন কাৰ্যাৱলী আৰু অংশসমূহ পৰিচালক বা ব্যৱস্থাপকসকলক কৰ্মচাৰীসকলৰ কাম কাজসমূহ এক উমৈহতীয়া উদ্দেশ্যৰ সাধনৰ অৰ্থে একগোট কৰে ৷ 
(খ) সম্পদৰ উচিত ব্যৱহাৰঃ
ব্যৱস্থাপনাৰ প্ৰক্ৰিয়াসমূহে উৎপাদনৰ বিভিন্ন কাৰকসমূহৰ সমূচিত ব্যৱহাৰৰ যোগেদি কমখৰচত অধিক উৎপাদনৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷ 
(গ) অপব্যয় ৰোধঃ 
ব্যৱস্থাপনাই অনুষ্ঠানটোৰ সম্পদসমূহৰ যথোচিত ব্যৱহাৰৰ যোগেদি অনুষ্ঠানটোৰ দক্ষতা বৃদ্ধি কৰে ৷ ব্যৱস্থাপকসকলে ব্যৱসায়িক সংগঠনটোৰ সম্পদসমূহৰ অপব্যয় বা অপব্যৱহাৰ ৰোধ কৰি লাভৰ হাৰ বৃদ্ধি কৰে ৷ 
(ঘ) কৰ্তৃত্ব আৰু দায়বদ্ধতাৰ স্পষ্টীকৰণঃ
ব্যৱস্থাপনাত সংগঠনটোৰ কৰ্মচাৰীসকলক কাম কাজসমূহত নিয়োজিত কৰা হয় তথা তেওঁলোকক তেওঁলোকৰ ভুমিকা সম্পৰ্কে অৱগত কৰোৱা হয় ৷ ইয়াৰদ্বাৰা ব্যৱসায় সংগঠনটোৰ কৰ্মচাৰীসকলৰ মাজত কৰ্তৃত্ব আৰু দায়বদ্ধতাৰ স্পষ্টীকৰণ ঘটোৱা হয় ৷ ফলস্বৰূপে কৰ্মচাৰীসকলে কোনে কি কৰিব আদি সম্পৰ্কে স্পষ্ট আভাষ লাভ কৰে ৷ 
(চ)সংগঠনটোৰ আন্তৰিক বাতাবৰণৰ সৃষ্টিঃ
ব্যৱসায়িক সমগঠন এটাত ব্যৱস্থাপনাই কৰ্মচাৰীসকলৰ কাম কাজসমূহৰ মাজত সমন্বয় সাধন কৰে ৷ ইয়াৰদ্বাৰা সংগঠনটোত নিয়মানুবৰ্ত্তিতা আৰু কাৰ্য্য অনুক্ৰম সৃষ্টি হয় আৰু কৰ্মচাৰীসকলৰ মাজত ঐক্যতা আৰু আন্তৰিক বাতাবৰনৰ সৃষ্টি হয় ৷ 

৩৷ এটা সংগঠনৰ  ব্যৱস্থাপনাৰ  স্তৰসমূহ সম্পৰ্কে আলোচনা কৰা ৷

উত্তৰঃ (ক) উচ্চ স্তৰৰ ব্যৱস্থাপনাঃ 
ব্যৱস্থাপনাৰ কাৰ্য্যাৱলীৰ স্তৰসমূহৰ উচ্চ স্তৰৰ ব্যৱস্থাপনাত ব্যৱসায়িক সংগঠনটোৰ প্ৰশাসনিক কাম কাজসমূহ সমাপন হয় ৷ উচ্চ স্তৰৰ ব্যৱস্থাপকসকলৰ কাৰ্যাৱলীসমূহৰ মূলতঃ ব্যৱসায়িক সংগঠনটোৰ উদ্দেশ্যসমূহ প্ৰস্তুত কৰা, পৰিকল্পনা আৰু আঁচনি প্ৰস্তুত কৰা, সিদ্ধান্ত গ্ৰহণ কৰা , কৰ্মচাৰীসকলৰ কাৰ্যসমূহৰ বাবে নীতি নিৰ্দেশনা প্ৰস্তুত কৰা আৰু ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্দাৰণ কৰা আদি কামসমূহ অন্তৰ্গত হয় ৷ এই স্তৰৰ ব্যৱস্থাপকসকলৰ পদসমূহ সাধাৰণ পৰিচালক/ব্যৱস্থাপক, উচ্চপদস্থ বিষয়া, সঞ্চালক, সঞ্চালকমণ্ডলী আদি পৰ্যায়ৰ হয় ৷ 
(খ) মধ্যম স্তৰৰ ব্যৱস্থাপনাঃ

  মধ্যম স্তৰৰ ব্যৱস্থাপনাৰ ব্যৱস্থাপকসকলে উচ্চ স্তৰৰ ব্যৱস্থাপকসকল আৰু নিম্ন স্তৰৰ ব্যৱস্থাপকসকলৰ মাজত মধ্যস্ততাকাৰী হিচাবে কাম কৰে ৷ তেওঁলোকে উচ্চ স্তৰৰ বিষয়াসকলৰ নিৰ্দেশনাসমূহ কাৰ্যকৰীকৰণৰ বাবে নিম্ন স্তৰৰ ব্যৱস্থাপকসকললৈ প্ৰেৰণ কৰে ৷ এই স্তৰৰ ব্যৱস্থাপসকলে নিম্ন স্তৰৰ ব্যৱস্থাপকসকলৰ কাম কাজসমূহ নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰে আৰু তেওঁলোকৰ কাম কাজসমূহৰ প্ৰতিবেদন উচ্চ স্তৰৰ ব্যৱস্থাপকসকললৈ প্ৰেৰণ কৰে ৷ উচ্চ স্তৰত নিৰ্ধাৰণ হোৱা বিভিন্ন পৰিকল্পনাসমূহৰ আৰু নীতি নিৰ্দেশনাসমূহৰ কাৰ্যকৰীকৰণ মধ্যম স্তৰৰ ব্যৱস্থাপকসকলে নিশ্চিত কৰে ৷ মধ্যম স্তৰৰ ব্যৱস্থাপকসকলৰ পদসমূহ বিভাগীয় মূৰব্বী পৰ্যায়ৰ হয় যিসকলে নিজ নিজ বিভাগৰ বাবে বিভাগীয় উদ্দেশ্য আৰু কৰ্মৰাজি প্ৰস্তত কৰে আৰু এইসমূহৰ সফল ৰূপায়নত গুৰুত্ব আৰোপ কৰে ৷ 

(গ) নিম্ন স্তৰৰ ব্যৱস্থাপনাঃ

  ইয়াক কাৰ্য্যকৰীকৰণ স্তৰৰ ব্যৱস্থাপনা হিচাবেও অভিহিত কৰা হয় য'ত নিম্ন স্তৰৰ ব্যৱস্থাপকসকলে মধ্যমস্তৰৰ ব্যৱস্থাপকসকল আৰু কৰ্মচাৰী বা বনুৱাসকলৰ মাজত মধ্যস্থতাকাৰী হিচাবে কাম কৰে ৷ এই স্তৰৰ ব্যৱস্থাপকসকলে কৰ্মচাৰীসকলৰ বা বনুৱাসকলৰ কাম কাজসমূহ নিয়ন্ত্ৰণ কৰে তথা কৰ্মচাৰীসকলৰ নীতি নিৰ্দেশনা প্ৰদান কৰে ৷ তেওঁলোকে কৰ্মচাৰীসকলক ব্যৱসায়ীক সংগঠনৰ উদ্দেশ্যসমূহ পূৰণ কৰিবলৈ প্ৰনোদিক কৰে বা উদ্গনি যোগায় আৰু তেওঁলোকৰ কাম কাজসমূহ নিৰীক্ষণ কৰে ৷ তেওঁলোকে ব্যৱসায়িক সংগঠনটোৰ দৈনন্দিন কাম কাজসমূহ নিৰ্ধাৰিত সময়ত সমাপন কৰাৰ বাবে কৰ্মচাৰীসকলক উদ্গনি যোগায় ৷গতিকে নিম্নস্তৰৰ ব্যৱস্থাপকসকলে কৰ্মচাৰীসকলৰ লগত পোনপটীয়া সংযোগ স্থাপন কৰে আৰু কৰ্মচাৰীসকলৰ বিভিন্ন কৰ্মজনিত অসুবিধা সমূহৰ সম্পৰ্কে উচ্চপৰ্য্যায়ত অৱগত কৰে ৷ 

৪৷ ব্যৱস্থাপক কোন হয় ? তেওঁৰদ্বাৰা  পালন কৰা  বিভিন্ন ভূমিকাসমূহ কি কি ?

উত্তৰঃ ব্যৱসায়িক সংগঠনৰ দৈনন্দিন কাম কাজসমূহত যিজন ব্যৱস্থাপকে বিভিন্ন ধৰণৰ ভূমিকা পালন কৰে সেইজনকে ব্যৱস্থাপক বোলা হয় ৷ 

          তেওঁৰদ্বাৰা  পালন কৰা  বিভিন্ন ভূমিকাসমূহ হ'ল - 

(ক) তেওঁ ব্যৱসায়িক সংগঠনৰ বাবে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰে ৷ 

(খ) তেওঁ কৰ্মচাৰীসকলৰ বিভিন্ন ধৰণৰ কাম কাজ সমূহৰ মাজত সমন্বয় শাধন কৰি কামসমূহৰ সফল সমাপন নিশ্চিত কৰে ৷ 

(গ) তেওঁ কৰ্মচাৰীসকলৰ ওপৰত কৰ্তৃত্ব খটুৱাই আৰু তেওঁলোকৰ পথপ্ৰদৰ্শক হিচাবে ভুমিকা পালন কৰি কৰ্মচাৰীসকলৰ কৰ্ম লক্ষ্য সমূহ নিৰ্ধাৰিত সময়ত ফলৱৰ্তী কৰাত সহায় কৰে  ৷ 

(ঘ) তেওঁ তেওঁৰ  নিয়ন্ত্ৰণৰ অধীনৰ কাম কাজসমূহ নিৰীক্ষণ কৰে আৰু কাম কাজসমূহৰ সফল সম্পাদনৰ নিশ্চিত কৰে ৷ তেওঁ সম্পাদিত কাৰ্য্যসমূহৰ পৰিদৰ্শন আৰু পৰীক্ষণ কৰে আৰু প্ৰয়োজন অনুসাৰে কাম কাজসমূহৰ ভূলসমূহৰ সংশোধন কৰে ৷ 

(ঙ) ব্যৱসায়িক সংগঠনটোৰ কাম কাজসমূহ সফলভাবে চলাই নিবলৈ ব্যৱস্থাপকজনে সংগঠনটোৰ কৰ্মচাৰীসকল আৰু উচ্চপদস্থ বিষয়াসকলৰ মাজত মধ্যস্থতাকাৰী হিচাবে কাম কৰে যাৰদ্বাৰা দুয়োপক্ষৰ স্বাৰ্থ ৰক্ষা হয় ৷ 

(চ) তেওঁ কৰ্মচাৰীসকলক তেওঁলোকৰ দায়িত্বসমূহ পালন কৰিবৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন সম্পদসমূহ যোগান ধৰি এজন সূচলকাৰী হিচাবে কাম কৰে ৷ 

৫৷ ব্যৱস্থাপনা কলা নে বিজ্ঞান ?

উত্তৰঃ ব্যৱস্থাপনাক কলা আৰু বিজ্ঞান দুয়োটা বিষয় হিচাবে ধৰা হয় ৷ বিজ্ঞান হিচাবে ব্যৱস্থাপনাই গৱেষণাৰ দ্বাৰা সৃষ্ট কিছুমান ধাৰণা, কলা হিচাবে ব্যৱস্থাপনাত কিছুমান ধাৰনাকেন্দ্ৰীক জ্ঞানৰ অনুশীলনৰ জৰিয়তে বিকাশ ঘটোৱা হয় ৷ গতিকে ব্যৱস্থাপনাই কলা থথা বিজ্ঞান দুয়োটা বিষয় অন্তৰ্ভূক্ত কৰে আৰু জনপ্ৰিয়ভাবে ব্যৱস্থাপনাক সামজিক বিজ্ঞান হিচাবে অভিহিত কৰিব পাৰি ৷ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)