ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

মৌলিক অধিকাৰ - পাঠ ২৩ - সমাজ বিজ্ঞান - অষ্টম শ্ৰেণী - Fundamental Rights- Lesson 23 - Social Science - Class VIII

Admin
0
পৃষ্ঠা নং ১৮৯ঃ 

ওপৰৰ  কথাখিনিৰ আলমত চমু উত্তৰ দিয়াঃ

👉 অধিকাৰ মানে কি বুজা?

উত্তৰঃ এখন স্বাধীন ৰাষ্ট্ৰৰ নাগৰিকসকলৰ ব্যক্তিত্ব বিকাশ  আৰু স্বচ্ছন্দভাৱে জীয়াই থাকিবলৈ এটা সুন্দৰ বাতাৱৰণৰ প্ৰয়োজন ৷ বিভিন্ন পৰিস্থিতত নাগৰিকসকলে উপভোগ কৰিব পৰা সা-সুবিধাৰ বাতাৱৰণেই হৈছে অধিকাৰ ৷

👉 পৰিণীতাৰ মাকক মাতৃগোটৰ সদস্যাসকলে কি পৰামৰ্শ দিছিল ?

উত্তৰঃ পৰিণীতাৰ মাকক মাতৃগোটৰ সদস্যাসকলে পৰিণীতাক মণ্টু ঠিকাদাৰৰ ঘৰৰ পৰা আনি স্কুলত নাম লগাই দিবলৈ পৰামৰ্শ দিছিল ৷ 

👉 পৰিণীতাক আনিবৰ বাবে মাতৃগোট আৰু মাকে কাৰ সহায় লৈছিল ?

উত্তৰঃ পৰিণীতাক আনিবৰ বাবে মাতৃগোট আৰু মাকে আইনৰ সহায় লৈছিল ৷

পৃষ্ঠা নং ১৯৩ঃ
ক্ৰিয়াকলাপঃ

👉 শিশুসকলক কিয় শ্ৰমিক হিচাপে নিয়োগ  কৰে ? 

উত্তৰঃ অতি কম মজুৰিতে শিশুসকলক দিন-ৰাতি কাম কৰাব পাৰি , সেইবাবে  শিশুসকলক  শ্ৰমিক হিচাপে নিয়োগ  কৰে  ৷

👉 কোন চনত শিশু শ্ৰমিক নিষিদ্ধ আইন জাৰি কৰা হয় ?

উত্তৰঃ ২০০৬ চনত ৷ 

পৃষ্ঠা নং ১৯৪ঃ
ক্ৰিয়াকলাপঃ

👉 ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় ধৰ্ম আছেনে ?

উত্তৰঃ নাই ৷ 

👉 নাগৰিকসকলে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হ'লে কাৰ সহায় ল/ব পাৰে ?

উত্তৰঃ ন্যায়লয়ৰ ওচৰ চাপিব পাৰে ৷ 

মৌলিক অধিকাৰ - পাঠ ২৩ - সমাজ বিজ্ঞান - অষ্টম শ্ৰেণী - Fundamental Rights- Lesson 23 - Social Science - Class VIII




অনুশীলনীঃ

১৷ চমু উত্তৰ দিয়াঃ 

(ক) মৌলিক অধিকাৰ বুলিলে কি বুজা ?

উত্তৰঃ দেশৰ নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ৱ বিকাশ কৰিবলৈ সংবিদানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহকে মৌলিক অধিকাৰ বোলা হয় ৷ 

(খ) কোন দেশত প্রথমে মৌলিক অধিকাৰৰ ধাৰণাৰ জন্ম হৈছিল ?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰত ৷ 

গ) সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহৰ উল্লেখ আছে?

উত্তৰঃ ১৪ নং অনুচ্ছেদত ৷ 

ঘ) ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলােপ কৰা হয় ?

উত্তৰঃ ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো  চনত বিলােপ কৰা হয় ৷

(ঙ) কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্রণয়ন কৰা হয় ?

উত্তৰঃ ২00৯ চনত ৷ 

২। খালী ঠাই পূৰ কৰা
ক) অস্পৃশ্যতা এক সামাজিক _______ ৷

খ) ভাৰতবৰ্ষ এখন ধর্ম_____  ৰাষ্ট্র।

(গ) মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য ________ ৷

ঘ) মৌলিক অধিকাৰ নাগৰিকৰ _______ বিকাশত সহায় কৰে।

উত্তৰঃ 

ক) অস্পৃশ্যতা এক সামাজিক ব্যাধি

খ) ভাৰতবৰ্ষ এখন ধর্ম  নিৰপেক্ষ  ৰাষ্ট্র।

(গ) মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য অংগ

ঘ) মৌলিক অধিকাৰ নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে।

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা—
ক) দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলাে মৌলিক অধিকাৰ উপভােগ কৰিব পাৰে
খ) মৌলিক অধিকাৰৰ পৰা নাগৰিকসকল বঞ্চিত হলে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে
গ) আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনুৱালৈকে সকলাে সমান হয়
(ঘ)চৰকাৰী সাহায্যপ্রাপ্ত শিক্ষানুষ্ঠানত সকলাে ছাত্র-ছাত্রীয়ে শিক্ষা গ্রহণ কৰিব পাৰে
(ঙ)সকলাে ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা-সংস্কৃতি ৰক্ষা কৰিব পাৰে

উত্তৰঃ 

ক) দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলাে মৌলিক অধিকাৰ উপভােগ কৰিব পাৰে/ নােৱাৰে।
খ) মৌলিক অধিকাৰৰ পৰা নাগৰিকসকল বঞ্চিত হলে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে/নােৱাৰে।
গ) আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনুৱালৈকে সকলাে সমান হয়/নহয়।
(ঘ)চৰকাৰী সাহায্যপ্রাপ্ত শিক্ষানুষ্ঠানত সকলাে ছাত্র-ছাত্রীয়ে শিক্ষা গ্রহণ কৰিব পাৰে/নােৱাৰে।
(ঙ)সকলাে ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা-সংস্কৃতি ৰক্ষা কৰিব পাৰে/ নােৱাৰে।

৪। সংবিধানত মৌলিক অধিকাৰসমূহ অন্তর্ভুক্ত কৰাৰ কাৰণ কি লিখা।

উত্তৰঃ সংবিধানত মৌলিক অধিকাৰসমূহ অন্তর্ভুক্ত কৰাৰ কাৰণসমূহ হ'লঃ

(ক) মৌলিক অধিকাৰসমূহৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশত বাধাৰ সৃষ্টি হয়  ৷

(খ) মৌলিক অধিকাৰৰ মাজেদি এখন ৰাষ্ট্ৰৰ পৰিচয় পোৱা যায় ৷ 

(গ) মৌলিক অধিকাৰসমূহ উপভোগ কৰাৰ ক্ষেত্ৰত কোনো বৈষম্য নথকাৰ বাবে জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে নাৰী-পুৰুষ উভয়ে এই অধিকাৰসমূহ সমানে উপভোগ কৰিব পাৰে ৷ 

৫। শিক্ষকৰ সহায়ত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ এই বিষয়টোৰ ওপৰত এখন তর্ক প্রতিযােগিতা অনুষ্ঠিত কৰা—
“মৌলিক অধিকাৰ জনসাধাৰণৰ ৰক্ষা কৱচ”।
৬। “শিশু শ্রমিক নিষিদ্ধকৰণ, মহিলাক সম অধিকাৰ প্ৰদান কৰা আৰু সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰা’– এনেধৰণৰ
সমস্যাসমূহৰ ওপৰত একোখন চুটি বাটৰ নাট লিখি ঠায়ে ঠায়ে অনুষ্ঠিত কৰিবা।

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)