ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

আমাৰ মৌলিক কৰ্তব্য - পাঠ ২৪ - সমাজ বিজ্ঞান - অষ্টম শ্ৰেণী -Our Basic Duties- Lesson 24 - Social Science - Class VIII -

Admin
0
অনুশীলনীঃ

১৷  চমু উত্তৰ লিখাঃ

(ক) নাগৰিকৰ কৰ্তব্য  বুলিলে কি বুজা  ?

উত্তৰঃ ভাৰতবৰ্ষৰ নাগৰিকসকলৰ ব্যক্তিত্ব বিকাশ আৰু সাধাৰণ জীৱন-যাপনৰ বাবে সংবিধানে কিছুমান সা-সুবিধা বা অধিকাৰ প্ৰদান কৰিছে ৷ এই সা-সুবিধা বা অধিকাৰসমূহ উপভোগ কৰাৰ লগে লগে নাগৰিকসকলৰ ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্বও আহি পৰে ৷ নাগৰিকসকলৰ এই দায়িত্বকেই কৰ্তব্য বুলি কোৱা হয় ৷ 

(খ) ২০০২ চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো কি ?

উত্তৰঃ  শিশুৰ প্ৰাথমিক শিক্ষাৰ প্ৰতি পিতৃ-মাতৃ আৰু অভিভাৱকৰ কৰ্তব্য ৷ 

(গ) জাতীয় পতাকাক  আমি কিয় সন্মান জনাব লাগে ?

উত্তৰঃ আমাৰ ৰাষ্ট্ৰীয়  পতাকাখন  দেশৰ সন্মানৰ  ধ্বজা  আৰু জাতীয় পতাকাখনক সন্মান জনোৱাটো আমাৰ মৌলিক কৰ্তব্য ৷ সেইবাবে জাতীয় পতাকাখনক আমি সন্মান জনাব লাগে ৷ 

(ঘ) বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে তোমাৰ কৰ্তব্য কি ?

উত্তৰঃ বিদ্যালয়ত সকলোৱে মিলি-জুলি থকাটো আমাৰ কৰ্তব্য য'ত আমাৰ মৌলিক কৰ্তব্য - ঐক্য আৰু সংহতি ৰক্ষা হৈ থাকিব ৷ 

আমাৰ  মৌলিক কৰ্তব্য - পাঠ ২৪ - সমাজ বিজ্ঞান - অষ্টম শ্ৰেণী -Our Basic Duties- Lesson 24 - Social Science - Class VIII -



২৷ সংবিধানত উল্লেখিত যিকোনো পাঁচটা কৰ্তব্যৰ বিষয়ে লিখা ৷

উত্তৰঃ সংবিধানত উল্লেখিত যিকোনো পাঁচটা কৰ্তব্যৰ বিষয়ে তলত লিখা হ'ল - 

(ক) সংবিধান মানি চলা, ৰাষ্ট্ৰীয় পতাকা, ৰাষ্ট্ৰীয় প্রতীক প্রতি শ্রদ্ধা জনােৱাঃ
    দেশৰ ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীত দেশৰ সন্মানৰ ধ্বজা। জাতীয় পতাকা উত্তোলন আৰু জাতীয় সংগীত পৰিৱেশনৰ সময়ত আমি সকলােৱে থিয় হৈ সন্মান জনােৱাটো আমাৰ কৰ্তব্য। ৰাষ্ট্রীয় সংগীত পৰিৱেশন কৰােতে ৫২ ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে। 

(খ) স্বাধীনতা আস্ফোলনত ভাৰত বাসীক অনুপ্রাণিত কৰা মহান আদর্শসমূহক সম্মান জনােৱা আৰু অনুসৰণ কৰাঃ
      আমাৰ দেশৰ স্বাধীনতাৰ হকে বহুতাে বীৰ-বীৰাঙ্গনাই অশেষ কষ্ট স্বীকাৰ কৰি আত্মবলিদান দিলে। তেনে বীৰ-বীৰাঙ্গনাসকলৰ প্রতি আমি শ্রদ্ধা নিৱেদন কৰা আৰু তেওঁলােকৰ মহান আদর্শসমূহক সম্মান জনাই অনুসৰণ কৰাতাে আমাৰ এক মহান কর্তব্য।

(গ) ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাত্মক কার্য পৰিহাৰ কৰাঃ 
      এজন সু-নাগৰিক হিচাপে ৰাজহুৱা সম্পত্তিবােৰ, যেনে- কার্যালয়, বেংক, চিকিৎসালয় আদি ৰক্ষা কৰাটো আমাৰ অতি আৱশ্যকীয় কর্তব্য। মহাত্মা গান্ধীয়ে অহিংসা মন্ত্ৰেৰে জগত জিনিছিল। এনে অহিংসা নীতিৰ দ্বাৰা পৰস্পৰে পৰস্পৰৰ মাজত মৰম, স্নেহ, দয়া, সহানুভূতি আৰু সহনশীল গুণসমূহৰ বিকাশ সাধন কৰিব পাৰি। এনে কৰিলেহে হিংসাৰ পৰিৱর্তে শান্তিৰ প্রকৃতিৰ সৈতে একাত্মতা গঢ়ি তােলা
বাতাৱৰণ সৃষ্টি হ’ব। 

(ঘ) ব্যক্তিগত আৰু ৰাইজৰ উন্নতি সাধন কৰি ৰাষ্ট্ৰৰ উন্নতি সাধন কৰাঃ 
   এজন ব্যক্তি বা এটি পৰিয়ালৰ উন্নতিয়ে পৰিয়ালটোক এক উন্নত জীৱন ধাৰণৰ মানদণ্ড প্রদান কৰিব পাৰে ব্যক্তিগত উন্নতিৰ লগতে ৰাইজৰ কাম-কাজৰ উৎকর্ষ সাধন কৰি দেশৰ উন্নতি কৰাটো অত্যন্ত প্রয়ােজনীয় কর্তব্য সেয়ে সকলাে উন্নয়নমূলক ক্ষেত্ৰত, যেনে— প্রযুক্তি বিদ্যা, বিজ্ঞানৰ ন ন আবিস্কাৰ, অর্থনৈতিক, ৰাজনৈতিক, যাতায়াত, পৰিবহণ আৰু সাংস্কৃতিক উন্নয়ন সাধনত নাগৰিকে অৱদান আগবঢ়াব পাৰিলেহে ৰাষ্ট্ৰৰ সর্বাঙ্গীন বিকাশ হ'ব।

(ঙ) ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰাঃ

    ভাৰতবৰ্ষ বিভিন্ন ধৰ্ম, বিভিন্ন ভাষা-ভাষী আৰু সংস্কৃতিৰ পয়োভৰেৰে েক অপূৰ্ব সমন্বয়ৰ থলী ৷ অমি এই ঐক্য আৰু সংহতি ধৰি ৰাখিবলৈ প্ৰত্যেক ধৰ্মৰ প্ৰতি সহনশীল আৰু সকলো সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাৱান হোৱাটো আমাৰ মৌলিক কৰ্তব্য ৷ 

৩৷ এন চি চি আৰু স্কাউট গাইডৰ দ্বাৰা কি কি গুণ বিকশিত হ'ব পাৰে লিখা ৷

উত্তৰঃ এন চি চি আৰু স্কাউট গাইডৰ দ্বাৰা তলত উল্লেখ কৰা গুণসমূহ বিকশিত হ'ব পাৰেঃ

(ক) দেশপ্ৰেমৰ ভাব জাগ্ৰত হোৱা 

(খ) শৃংখলাবদ্ধ হোৱা 

(গ) ধৈৰ্য আৰু সহনুভূতিৰ দৰে মহান গুণবিলাক বিকশিত হোৱা ৷ 

৪৷ প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কি কৰা উচিত ?

উত্তৰঃ  প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি তলত উল্লেখ কৰা দায়িত্বসমূহ পালন কৰিব লাগিবঃ

(ক) পৰ্যাপ্ত পৰিমাণে গছ-গছনি ৰোৱা আৰু এইবিলাকক সুৰক্ষা দিয়া ৷

(খ) জীৱত প্ৰাণীৰ প্ৰতিপালন আৰু সুৰক্ষা দিয়া ৷ 

(গ) পাহাৰত গছ-গছনি কটাৰ পৰিমাণটো কমাই দিয়া ৷ 

(ঘ) প্ৰাকৃতিক সম্পদ যেনে- বন,হ্ৰদ, নদী আদিৰ ৰক্ষণাৱেক্ষণ দিয়া ৷


৫৷ খালী ঠাই পূৰ কৰা - 

(ক) আমাৰ দেশৰ  ৰাষ্ট্ৰীয়  সংগীত _______ ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে ৷ 

(খ) ৰাষ্ট্ৰীয়  পতাকা উত্তোলন কৰোঁতে আমি _____ গাব লাগে ৷

(গ) ৬ - ১৪ বছৰৰ সকলো শিশুক ______ লাভৰ সুবিধা দিব লাগে ৷

(ঘ) ভাৰতীয় সংবিধানত মুঠ ______কৰ্তব্যৰ কথা উল্লেখ আছে ৷

উত্তৰঃ 

(ক) আমাৰ দেশৰ  ৰাষ্ট্ৰীয়  সংগীত ৫২ ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে ৷ 

(খ) ৰাষ্ট্ৰীয়  পতাকা উত্তোলন কৰোঁতে আমি জাতীয় সংগীত গাব লাগে ৷

(গ) ৬ - ১৪ বছৰৰ সকলো শিশুক শিক্ষা লাভৰ সুবিধা দিব লাগে ৷

(ঘ) ভাৰতীয় সংবিধানত মুঠ দহবিধ কৰ্তব্যৰ কথা উল্লেখ আছে ৷ 

৬৷ শুদ্ধটো বাছি উলিওৱাঃ

(ক) ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব নালাগে/লাগে ৷

(খ) নলা-নৰ্দমাত প্লাষ্টিকৰ বেগ, জাঁবৰ-জোথৰ পেলাব লাগে/নালগে ৷

(গ) বামপানী  ৰোধৰ বাবে গছপুলি ৰুব লাগে/নালাগে ৷

(ঘ) শান্তি স্থাপনৰ বাবে হিংসাত্মক কাৰ্য পৰিহাৰ কৰিব নালাগে/লাগে ৷

(ঙ) দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে/নালাগে ৷

উত্তৰঃ 

(ক) ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব লাগে

(খ) নলা-নৰ্দমাত প্লাষ্টিকৰ বেগ, জাঁবৰ-জোথৰ পেলাব নালগে

(গ) বামপানী  ৰোধৰ বাবে গছপুলি ৰুব লাগে  ৷

(ঘ) শান্তি স্থাপনৰ বাবে হিংসাত্মক কাৰ্য পৰিহাৰ কৰিব লাগে

(ঙ) দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে

৭৷ জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্য্যৰ বিষয়ে বৰ্ণনা কৰা ৷

উত্তৰঃ জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্য্যৰ বিষয়ে তলত বৰ্ণনা কৰা  হ'লঃ 
(ক) শিক্ষাৰ জৰিয়তে সমাজৰ কুসংস্কাৰসমূহ দূৰ কৰি বিজ্ঞানসন্মত দৃষ্টিভংগী গটি তোলাটো নাগৰিকৰ এক গুৰুত্বপূৰ্ণ কৰ্তব্য ৷ মানৱ জাতিৰ উন্নতিৰ মাপ কাঠি হৈছে শিক্ষা ৷ এই শিক্ষাই অমাৰ কুসংস্কাৰ আৰু অন্ধবিশ্বাসসমূহ দূৰীকৰণ কৰি সমাজত এক বৈজ্ঞানিক দৃষ্টিভংগীৰ বুনিয়াদ গঢ়ি তুলিব পাৰে ৷ তদুপৰি ঘৰখনেই  যিহেতু শিশুৰ শিক্ষাৰ মূল ভেটি, গতিকে ঘৰৰ পৰিৱেশ নৈতিক শিক্ষাৰ সুস্থ কৰি শিশুসকলৰ মাজত মানৱীয় প্ৰমূল্যবোধ জগাই তোলাটো আমাৰ কৰ্তব্য ৷
(খ) আমাৰ সমাজত আজিৰ এই বিজ্ঞানৰ যুগতো অন্ধবিশ্বাসৰ বলি হৈ বহুতো লোকে প্ৰাণ হেৰুৱাইছে ৷ আমি সমাজত এই অন্ধবিশ্বাস আঁতৰাই বৈজ্ঞানিক দৃষ্টিভংগী সকলোৰে মাজত গটি তুলিবলৈ যত্ন কৰিব লাগে ৷ 

৮৷ অসমৰ যিকোনো পাঁচগৰাকী স্বাধীনতা যুঁজাৰুৰ ফটোসহ জীৱনী সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰা ৷

উত্তৰঃ তুমি নিজে কৰাঃ তলৰ লিংকবোৰ সহায়ৰ বাবে দিয়া হৈছেঃ





Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)