ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

সংখ্যাংকন পদ্ধতি -অনুশীলনী 1.1 - উচ্চ গণিত - নৱম শ্ৰেণী -System Of Numeration - EXERCISE 1.1 - Advanced Mathematics - Class 9

Admin
0
                                                             EXERCISE 1.1 ( অনুশীলনী  1.1)

1. পুৰণি কালত মানুহৰ গণনা পদ্ধতিৰ চাৰিটামান উদাহৰণ দিয়া ৷

(Give at least four examples of counting systems of people in old days.)

সমাধানঃ(Solution): (ক) বস্তুৰ হিচাপ ৰাখিবলৈ তেওঁলোক থিয় আঁচ ব্যৱহাৰ কৰিছিল ৷ তেওঁলোক প্ৰতিটো বস্তুৰ বাবে একোটা আঁচ ব্যৱহাৰ কৰি বস্তুৰ হিচাব ৰাখিছিল ৷
(খ) কিছুমানে প্ৰতিটো বস্তুৰ বাবে একোটা শিলগুটি ৰাখি বস্তুবোৰ হিচাব ৰাখিছিল ৷
(গ) কিছুমানে প্ৰতিটো বস্তুৰ বাবে একোটা শিলগুটি ৰাখি বস্তুবোৰ হিচাব ৰাখিছিল ৷
(ঘ) কিছুমান লোকে দণ্ড বা কাঠিৰ সহায়ত বস্তুবোৰৰ গণনা কৰিছিল ৷ 

( The ancient people could either compare a larger group of things to a smaller one by means of the one-to-one relation or they could make the idea of numbers. Even without the names of numbers they could make ideas of the amount of their things at hand by means of tally marks, stretched fingers, rope-knots, pebbles or stones or different other marks etc.)

2. সংখ্যাৰ আধাৰ বা ভূমি বুলিলে কি বুজা ৷ 

(What do you mean by the 'base' of numbers?)

সমাধানঃ(Solution): যিহেতু  আমাৰ আটাইবোৰ সংখ্যাক বেলেগ বেলেগ প্ৰতীকেৰে প্ৰকাশ কৰাটো সম্ভৱ নহয় কাৰণ সংখ্যাবোৰৰ সীমা নাই ৷ সেইবাবে সংখ্যাকন পদ্ধতিত ডাঙৰ ডাঙৰ সংখ্যাবোৰক প্ৰকাশ কৰিবলৈ একোটা নিৰ্দিষ্ট সংখ্যক গোট হিচাপ লোৱা হয় ৷ এই সংখ্যাৰ গোটক ভেটি হিচাবে লৈ ডাঙৰ ডাঙৰ সংখ্যাবোৰক লিখা হয় ৷ এই গোটবোৰক উক্ত সংখ্যাকন পদ্ধতিৰ আধাৰ বা ভূমি বোলা হয় ৷ 
সংখ্যাংকন পদ্ধতি -অনুশীলনী 1.1 - উচ্চ গণিত - নৱম শ্ৰেণী -System Of Numeration - EXERCISE 1.1 - Advanced Mathematics - Class 9



3. গণনা আৰু সংখ্যাকন পদ্ধতি একেই নে বেলেগ ?

(Are the systems 'Counting' and 'numeration' same or different?)

সমাধানঃ(Solution): গণনা আৰু সংখ্যাকন পদ্ধতি একেই নহয় ৷ 

(The systems 'Counting' and 'numeration' are not same.)

4. গণিতৰ ইতিহাসৰ পৰা বিভিন্ন ঠাইত ব্যৱহাৰ কৰা শব্দ-সংখ্যাক কিছুমানৰ উদাহৰণ দিয়া ৷

(Give some examples of word numerals that were used in different parts of the world from History of Mathematics.)

সমাধানঃ(Solution): বৈদিক যুগত ভাৰতবৰ্ষত শব্দ-সংখ্যাংক ব্যৱহাৰ কৰা হৈছিল ৷ যেনেঃ

এক = একা , এশ = শতম , অযুত = অযুতং , দহ = দশা , এক হাজাৰ = সহস্ৰং 

আমাৰ অসমতো সংখ্যা বুজাবলৈ তলত দিয়া ধৰণৰ শব্দ সংখ্যাক ব্যৱহাৰ কৰিছিল ৷

এক = চন্দ্ৰ ,শশী 

দুই = নেত্ৰ , ভুজ , পাখা 

তিনি = ৰাম , বহ্নি , গুণ 

চাৰি = বেদ , যুগ 

(In Vedic age people of India used the following word numerals

Eka = 1, dasa = 10, satam = 100, sahasram = 1000 , ajutam = 10000 etc.

In our ancient Assam the following were in use, such as:

one - chandra, 

two - netra, bhuj, pakha

three - Ram, bahni, guna

four - veda , yuga  )

অতিৰিক্ত প্ৰশ্নঃ

১/ অংক কি ?

উত্তৰঃ ্সংখ্যা লিখাৰ বাবে  যিবোৰ  প্ৰতীক ব্যৱহাৰ কৰা হয়, সেইবোৰক অংক বোলা হয় ৷ 

যেনেঃ 0, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ এই আটাইবোৰেই অংক ৷ 




Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)