-->

অধ্যায় ১ঃ শস্য উৎপাদন আৰু ব্যৱস্থাপনা -বিজ্ঞান- অষ্টম শ্ৰেণী- Chapter 1: Crop Production and Management - Science - Class VIII

 অনুশীলনীঃ

১/ তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা ৷ 

ওপঙি, পানী, শস্য, পোষক দ্ৰব্য, চহোৱা 

(ক) একে বিধ  উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ___ বুলি কোৱা হয় ৷

(খ) শস্য সিঁচাৰ আগতে মাটি ডৰা _____ হয় ৷ 

(গ) নষ্ট হোৱা বীজবোৰ পানীত ______ থাকে ৷

(ঘ) শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্য্যৰ পোহৰ আৰু মাটিৰ পৰা ______ আৰু ____ প্ৰয়োজন হয় ৷ 

উত্তৰঃ  

(ক) একে বিধ  উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শস্য বুলি কোৱা হয় ৷

(খ) শস্য সিঁচাৰ আগতে মাটি ডৰা চহোৱা হয় ৷ 

(গ) নষ্ট হোৱা বীজবোৰ পানীত ওপঙি থাকে ৷

(ঘ) শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্য্যৰ পোহৰ আৰু মাটিৰ পৰা পোষক দ্ৰব্য আৰু পানীৰ প্ৰয়োজন হয় ৷

অধ্যায় ১ঃ শস্য উৎপাদন আৰু ব্যৱস্থাপনা -বিজ্ঞান- অষ্টম শ্ৰেণী- Chapter 1: Crop Production and Management - Science - Class VIII



২/ ' ক ' স্তম্ভৰ লগত ' খ ' স্তম্ভ মিলোৱা ৷

ক                                        খ 

(i) খাৰিফ শস্য                    (ক) গৰুৰ খাদ্য 

(ii) ৰবি শস্য                        (খ) ইউৰিয়া আৰু ছুপাৰ ফছফেট 

(iii) ৰাসায়নিক সাৰ              (গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ, গো-মূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য

(iv) জৈৱিক সাৰ                  (ঘ) ঘেঁহু, বুট, মটৰ মাহ 

                                          (ঙ) ধান আৰু যৱ 

উত্তৰঃ 

 (i) খাৰিফ শস্য                    (ঙ) ধান আৰু যৱ 

(ii) ৰবি শস্য                         (ঘ) ঘেঁহু, বুট, মটৰ মাহ 

(iii) ৰাসায়নিক সাৰ               (খ) ইউৰিয়া আৰু ছুপাৰ ফছফেট 

(iv) জৈৱিক সাৰ                  (গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ, গো-মূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য

৩/ প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া ৷

(ক) খাৰিফ শস্য 

(খ) ৰবি শস্য 

উত্তৰঃ

(ক) খাৰিফ শস্যঃ ধান আৰু যৱ 

(খ) ৰবি শস্যঃ ঘেঁহু আৰু বুট 

৪/ তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা ৷

(ক) মাটি চহোৱা 

(খ) বীজ সিঁচা 

(গ) বনবাত নিৰোৱা 

(ঘ) মৰণা মৰা 

উত্তৰঃ 

(ক) মাটি চহোৱাঃ

       মাটি চহোৱা হৈছে শস্য উৎপাদনৰ প্ৰথম কাম ৷ কৃষি কাৰ্য্যৰ প্ৰথম আৰু আৰু অতি প্ৰয়োজনীয় কাম হ'ল মাটিডৰা ঢিলা কৰা ৷ মাটি চহ কৰা বা ঢিলা কৰা পদ্ধতিটোক মাটি চহোৱা বা হাল বোৱা বোলে ৷ নাঙলৰ দ্বাৰা এই কাম কৰা হয় ৷ নাঙল সাধাৰণতে কাঠ আৰু লোৰ সহায়ত সজা হয় ৷ যদি হাল বোৱাৰ সময়ত মাটি যথেষ্ট শুকান হৈ থাকে তেতিয়া মাটিডৰাত পানী দিয়া প্ৰয়োজন হ'ব পাৰে ৷ হাল বোৱা পথাৰত ডাঙৰ ডাঙৰ মাটিৰ চপৰা থাকে ৷ ইয়াকে দলি চপৰা বোলে ৷ দলিমাৰিৰ সহায়ত এই দলি চপৰাবোৰ ভঙাটো অতি প্ৰয়োজন ৷ এইদৰে মাটি ভাঙি সমান কৰি বীজ সিঁচিব লাগে আৰু পানী যোগানৰ ব্যৱস্তাও কৰিব লাগে ৷ মৈৰ সহায়ত মাটি সমান কৰা হয় ৷ 

(খ) বীজ সিঁচাঃ

      বীজ সিঁচাটো হ'ল শস্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাম ৷ বীজ সিঁচাৰ আগতে, উন্নত জাতৰ বীজ বাছি ল'ব লাগে ৷ উন্নত জাতৰ বীজ সাধাৰণতে চাফাকৈ ৰখা তথা নিৰোগী ভাল সঁচৰ পৰা গোটোৱা হয় ৷ খেতিয়কে সাধাৰণতে অধিক উৎপাদনক্ষম বীজহে নিৰ্বাচন কৰে ৷

(গ) বনবাত নিৰোৱাঃ

      খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিৰেও স্বাভাৱিকভাৱেই কিছুমান অপ্ৰয়োজনীয় উদ্ভিদো গজে ৷ এই অনাৱশ্যকীয় উদ্ভিদসমূহকে অপতৃণ বোলে ৷ অপতৃণ আঁতৰোৱাকে বনবাত নিৰোৱা বোলে ৷ যিহেতু অপতৃণৰো শস্যৰ সমানে পানী, পোষক দ্ৰব্য, ঠাই আৰু পোহৰৰ আৱশ্যক হয় সেইবাবে অপতৃণ নিৰোৱা অতি প্ৰয়োজন ৷ নহ'লে অপতৃণে শস্য চপোৱাৰ সময়ত বাধাৰ সৃষ্টি কৰে আৰু তাৰে কিছুমান প্ৰাণী আৰু মানুহৰ বাবে বিষাক্ত হব পাৰে ৷ 

(ঘ) মৰণা মৰাঃ

      শস্য চপোৱা এটি অতি দৰকাৰী কাম ৷ পৈণত শস্য কাটি, উঘালি অনকে শস্য চপোৱা বোলে ৷ আমাৰ দেশত মানুহে কাচিৰ দ্বাৰা বা শস্য চপোৱা যন্ত্ৰৰ সহায়ত শস্য চপায় ৷ চপোৱা শস্যৰ বীজবোৰ শীহ আৰু গা-গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াক মৰণা মৰা বোলে ৷ গৰু,ম'হ, ট্ৰেক্টৰৰ দ্বাৰা মৰণা মৰা হয় ৷ আধুনিক পদ্ধতিত অৱশ্যে শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম ' কম্বাইন' মেচিনৰ দ্বাৰা কৰা হয় ৷ 

৫/ জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি ? বৰ্ণনা কৰা ৷

উত্তৰঃ

ক্ৰঃ নংৰাসায়নিক সাৰজৈৱিক সাৰ
1ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ ৷জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য ৷ গৰু-ম'হ ছাগলীৰ গোবৰ, মানৱ বৰ্জিত দ্ৰব্য আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্যৰ পচন ঘটি জৈৱিক সাৰ প্ৰস্তুত হয় ৷
2ৰাসায়নিক সাৰ কাৰখানত প্ৰস্তুত কৰা হয় ৷জৈৱিক সাৰ পথাৰত প্ৰস্তুত কৰিব পাৰি ৷
3ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে ৷জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছৰ যোগান ধৰিব পাৰে ৷
4ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰ'জেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে ৷জৈৱিক সাৰত উদ্ভিদৰ প্ৰয়োজনীয় পোষক দ্ৰব্য তুলনামূলকভাৱে কম থাকে ৷

৬/ জলসিঞ্চন  কি ? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা ৷ 

উত্তৰঃ সময়ত বিভিন্ন ব্যৱধানত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে ৷ পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি তলত বৰ্ণনা কৰা হ'ল -

         (ক) পানী ছটিওৱা ব্যৱস্থাঃ

                 পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই ব্যৱস্থা অতি উপযোগী ৷ পানী অহা মূল নলীডালত এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমূৰত ঘূৰ্ণনশীল বিন্ধা থকা নলী লম্বভাৱে লগোৱা হয় ৷ পাম্পৰ চাপযুক্ত পানী যেতিয়া মূল নলীডালেদি প্ৰবাহিত হয় তেতিয়া ঘূৰ্ণনশীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায় ৷ বৰষুণৰ পানীৰ দৰেই শস্যৰ ওপৰত পানীৰ ছিটিকনি পৰে ৷ পানী ছটিওৱা পদ্ধতি বালীয়া মাটিৰ বাবে অতি উপযোগী ৷ 

        (খ) পানী নিগৰোৱা ব্যৱস্থাঃ

               এই ব্যৱস্থাত পানী নিগৰাই টোপ টোপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয় ৷ সেয়ে এই ব্যৱস্থাক পানী নিগৰোৱা ব্যৱস্থা বোলে ৷ ফলৰ গছ, বাগিচা আৰু ডাঙৰ গছত পানী যোগানৰ ই এক উত্তম ব্যৱস্থা ৷ এই ব্যৱস্থাই উদ্ভিদক টোপ-টোপকৈ পানীৰ যোগান ধৰে ৷ সেয়ে, পানীৰ মুঠেই অপচয় নহয় ৷ পানীৰ অভাৱ থকা ঠাইৰ বাবে এই ব্যৱস্থা আশীৰ্বাদ স্বৰূপ ৷ 

৭/ বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয়, তেতিয়া কি হ'ব ? আলোচনা কৰা ৷

উত্তৰঃ ভাৰতবৰ্ষ এখন বিশাল দেশ ৷ উষ্ণতা, আৰ্দ্ৰতা আৰু বৰষুণৰ পৰিমাণৰ ওপৰত বিত্তি কৰি ইয়াৰ জলবায়ু অঞ্চল ভেদে বেলেগ বেলেগ ৷ জলবায়ু অনুযায়ী দেশৰ বিভিন্ন অঞ্চলত ভিন ভিন শস্য উৎপাদন হয় ৷ খাৰিফ শস্যসমূহ বাৰিষাকালতহে হয় আৰু এই বাৰিষাকাল জুনৰ পৰা ছেপ্তেম্বৰ মাহলৈ থাকে ৷ বৰ্ষা ঋতুত ধান, মাকৈ, ছয়াবিন ইত্যাদি শস্যবোৰ হয় ৷ বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয় তেন্তে যিমান ঘেঁহু উৎপাদন হ'ব লাগে ,সিমান উৎপাদন পোৱা নাযাব ৷ ই শীতকালত হোৱা ৰবি শস্য হয় ৷ ৰবি শস্যৰ সময় অক্টোবৰৰ পৰা মাৰ্চ মাহলে থাকে ৷ 

৮/ একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে, বৰ্ণনা কৰা ৷ 

উত্তৰঃ একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত পোষক দ্ৰব্য কমি যায় ৷ তাৰ বাবে খেতিয়কে মাটিডৰাত জৈৱিক সাৰ প্ৰয়োগ কৰি পুনৰাই উৰ্বৰতা ঘূৰাই আনিব পাৰে ৷ এয়ে মাটি সাৰুৱা কৰা প্ৰক্ৰিয়া ৷ মাটিৰ উৰ্বৰতা শক্তি কমি আহে যদিহে একেডৰাতে লেথাৰি নিছিগাকৈ খেতি কৰা হয় আৰু সেইবাবে শস্যৰ উৎপাদনৰ পৰিমাণো ক্ৰমাগতভাৱে কমি আহে ৷ 

৯/ অপতৃণ কি ? সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ? 

উত্তৰঃ খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিৰেও স্বাভাৱিকভাৱেই কিছুমান অপ্ৰয়োজনীয় উদ্ভিদো গজে ৷ এই অনাৱশ্যকীয় উদ্ভিদসমূহকে অপতৃণ বোলে ৷

           সিহঁতক  তলত উল্লেখ কৰা ধৰণে নিয়ন্ত্ৰণ কৰিব পাৰি -

          (ক) বীজ সিঁচাৰ আগতে অপতৃণবোৰ উঘালি মাৰি পেলোৱা উচিত ৷ অপতৃণবোৰ সময়ে সময়ে উঘালি বা গুৰিতে কাটি অপতৃণবোৰ খেতিৰ পৰা আঁতৰাব পাৰি ৷ এই কাম খন্তিৰ সহায়ত কৰা হয় ৷ বীজ সিঁচা যন্ত্ৰও অপতৃণ উঘালিবলৈ ব্যৱহাৰ কৰা হয় ৷ 

          (খ) অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অপতৃণনাশক বা বননাশক ৰাসায়নিক দ্ৰব্য যেনে 2 , 4-D ব্যৱহাৰ কৰা হয় ৷ অপতৃণ ধ্বংস কৰিবলৈ এইবোৰ পথাৰত ছটিওৱা হয় ৷ ইহঁতে শস্য ধ্বংস নকৰে ৷ পনীয়া কৰি স্প্ৰে মেচিনৰ সহায়ত পথাৰত ছটিয়াই দিয়া হয় ৷ 

১০/ তলত দিয়া বাকচসমূহ এনেদৰে  সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায় ৷

অধ্যায় ১ঃ শস্য উৎপাদন আৰু ব্যৱস্থাপনা


উত্তৰঃ ৬) পথাৰত হাল বোৱা   ৫) মাটি চহোৱা  ৪) বীজ সিঁচা/ ৰোৱা ৭) সাৰ প্ৰয়োগ ২) জলসিঞ্চন

 ৩) খেতি চপোৱা  ১) চেনিৰ কাৰখানালৈ শস্য পঠোৱা 

১১/ তলত দিয়া সংকেতৰ সহায়ত শব্দশৃংখল সমূহ সম্পূৰ্ণ কৰা  ৷

পথালিকৈ - 

          ১) গুটি 

          ৪) মাহ জাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া 

তললৈ - 

          ২) পথাৰত পানী যোগান ধৰা ব্যৱস্থা 

          ৩) শীতকালত  খেতি কৰা শস্য 

          ৫) এবিধ  ৰাসায়নিক সাৰ 

          ৬) চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কাম 

অধ্যায় ১ঃ শস্য উৎপাদন আৰু ব্যৱস্থাপনা



উত্তৰঃ  

                       

অধ্যায় ১ঃ শস্য উৎপাদন আৰু ব্যৱস্থাপনা


                  

LookTutupComment