ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

অধ্যায় ২ঃ অনুজীৱ মিত্ৰ আৰু শক্ৰু - বিজ্ঞান - অষ্টম শ্ৰেণী - Chapter 2 - Microorganisms: Friend and Foe - Science - Class 8

Admin
0

 অনুশীলনীঃ

১/ খালী ঠাই পূৰ কৰা ৷ 

ক) অনুজীৱবোৰ _____ সহায়ত দেখা পোৱা যায় ৷ 

খ) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ _____ গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তিৰ বৃদ্ধি কৰে ৷

গ) _______ ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয় ৷

ঘ) _______ ৰ দ্বাৰা কলেৰা হয় ৷ 

উত্তৰঃ

ক) অনুজীৱবোৰ অনুবীক্ষণৰ সহায়ত দেখা পোৱা যায় ৷ 

খ) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰ'জেন  গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তিৰ বৃদ্ধি কৰে ৷

গ) ইষ্ট ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয় ৷

ঘ) বেক্টেৰিয়া ৰ দ্বাৰা কলেৰা হয় ৷ 

অধ্যায় ২ঃ অনুজীৱ মিত্ৰ আৰু শক্ৰু - বিজ্ঞান - অষ্টম শ্ৰেণী - Chapter 2 - Microorganisms: Friend and Foe - Science - Class 8


২/ শুদ্ধ উত্তৰত '✔ ' চিন দিয়া ৷

ক) চেনি / সুৰা / হাইড্ৰ'ক্লৰিক এছিড/ অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয় ৷

খ) ছ'ডিয়াম বাইকাৰ্বনেট৷ ষ্ট্ৰেপ্ট'মাইছিন/ সুৰা / ইষ্ট এবিধ এন্ঠিবায়'টিক ৷

গ) মাইকী এন'ফিলিছ মহ/ পঁইতাচোৰা / মাখি / পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট'জ'ৱাৰ বাহক ৷

ঘ) পৰুৱা/ মাখি/ জিঞা/ মকৰা / সংক্ৰামক ৰোগৰ বাহক ৷ 

ঙ) তাপ/ গুড়ি কৰা / ইষ্টকোষৰ বৃদ্ধি / ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে ৷ 

চ) শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰ'জেন যৌগীকৰণ/ সাঁচ/ কিম্বন/ সংক্ৰমণ বোলা হয় ৷

উত্তৰঃ 

ক) চেনি / সুৰা / হাইড্ৰ'ক্লৰিক এছিড/ অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয় ৷

খ) ছ'ডিয়াম বাইকাৰ্বনেট / ষ্ট্ৰেপ্ট'মাইছিন/ সুৰা / ইষ্ট এবিধ এণ্টিবায়'টিক ৷

গ) মাইকী এন'ফিলিছ মহ/ পঁইতাচোৰা / মাখি / পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট'জ'ৱাৰ বাহক ৷

ঘ) পৰুৱা/ মাখি/ জিঞা/ মকৰা / সংক্ৰামক ৰোগৰ বাহক ৷ 

ঙ) তাপ/ গুড়ি কৰা / ইষ্টকোষৰ বৃদ্ধি / ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে ৷ 

চ) শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰ'জেন যৌগীকৰণ/ সাঁচ/ কিম্বন/ সংক্ৰমণ বোলা হয় ৷

৩/  ' A '  অংশৰ লগত থকা অনুজীৱবোৰক ' B ' অংশৰ ক্ৰিয়াৰ লগত মিলোৱা ৷

A                                               B

i) বেক্টেৰিয়া                   a) নাইট্ৰ'জেন যৌগীকৰণ 

ii) ৰাইজ'বিয়াম              b) দৈ প্ৰস্তুত কৰাত 

iii) লেক্ট'বেছিলাছ          c) পাউৰুটিৰ প্ৰস্তুত কৰণত 

iv) ইষ্ট                            d) মেলেৰিয়া ৰোগ সৃষ্টিত 

v) প্ৰ'ট'জ'ৱা                   e) কলেৰা ৰোগ সৃষ্টিত 

vi) ভাইৰাছ                     f) এইডছ ৰোগ সৃষ্টিত 

                                       g) এণ্টিবডি প্ৰস্তুত কৰাত 

উত্তৰঃ 

i) বেক্টেৰিয়া                     e) কলেৰা ৰোগ সৃষ্টিত

ii) ৰাইজ'বিয়াম               a) নাইট্ৰ'জেন যৌগীকৰণ 

iii) লেক্ট'বেছিলাছ            b) দৈ প্ৰস্তুত কৰাত 

iv) ইষ্ট                             c) পাউৰুটিৰ প্ৰস্তুত কৰণত 

v) প্ৰ'ট'জ'ৱা                    d) মেলেৰিয়া ৰোগ সৃষ্টিত 

vi) ভাইৰাছ                     g) এণ্টিবডি প্ৰস্তুত কৰাত 

                                      

৪/ অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে ? সিঁহতক কেনেকৈ দেখা পাব পাৰি ?

উত্তৰঃ অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা নাযায় ৷ সিঁহতক আতছী-কাচ আৰু অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে দেখা পাব পাৰি ৷ 

৫/ অনুজীৱৰ ডাঙৰ ভাগবোৰ কি কি ?

উত্তৰঃ অনুজীৱৰ ডাঙৰ ভাগবোৰ হ'ল - 

           (ক) বেক্টেৰিয়া 

           (খ) ভেঁকুৰ

           (গ) প্ৰট'যৱা 

           (ঘ) শেলাই 

৬/ মাটিত বায়ুমণ্ডলীয় নাইট্ৰ'জেন যৌগীকৰণ কৰিব পৰা অনুজীৱসমূহৰ নাম কোৱা ৷

উত্তৰঃ মাটিত বায়ুমণ্ডলীয় নাইট্ৰ'জেন যৌগীকৰণ কৰিব পৰা অনুজীৱসমূহৰ নাম হ'ল -

          (ক) ৰাইজ'বিয়াম ( বেক্টেৰিয়া )

          (গ) নীল সেউজ শেলাই 

৭/ আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে ১০ শাৰী লিখা ৷

উত্তৰঃ আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে ১০ শাৰী তলত লিখা হ'ল - 

          (ক) বিভিন্ন খাদ্য যেনে- দৈ, পাউৰুটি আৰু কেক্ প্ৰসত্তুতকৰণত অণুজীৱই আমাক সহায় কৰে ৷

চিজ, আচাৰ আৰু বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুতকৰণতো বেক্টেৰিয়া ব্যৱহাৰ কৰা হয় ৷

          (খ) পৰিৱেশ চাফা কৰিবলৈ অনুজীৱক ব্যৱহাৰ কৰা হয় ৷ অনুজীৱবোৰে মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহত থকা জৈৱিক পদাৰ্থসমূহ পচন ঘটাই সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰে ৷ এই পদাৰ্থসমূহ পুনঃ আন উদ্ভিদ বা প্ৰাণীয়ে ব্যৱহাৰ কৰে ৷ এইদৰে অনুজীৱবোৰক অনিষ্টকাৰী আৰু দুৰ্গন্ধযুক্ত পদাৰ্থবোৰ বচাবলৈ ব্যৱহাৰ কৰিব পাৰি, যাৰ ফলত বাতাৱৰণ নিৰ্মল হয় ৷ 

          (গ) ঔষধ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয় ৷ বেমাৰ সৃষ্টিকাৰী অনুজীৱবোৰক ধ্বংস কৰিবলৈ বা সিহঁতৰ বংশ বৃদ্ধিত বাধা দিবলৈ এণ্টিবায়'টিক ব্যৱহাৰ কৰা হয় আৰু এই এণ্টিবায়'টিক অনুজীৱক বিকশিত কৰি প্ৰস্তুত কৰা হয় ৷ 

          (ঘ) নাইট্ৰ'জেন যৌগীকৰণ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত খেতিয়কক সহায় কৰে ৷

 ৮/ অণুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা ৷

উত্তৰঃ অণুজীৱসমূহে বিভিন্ন ধৰণে অপকাৰী ৷ কিছুমান অনুজীৱই মানুহ, উদ্ভিদ আৰু প্ৰাণীৰ ৰোগ সৃষ্টি কৰে ৷ এনে ৰোগকাৰী অণুজীৱসমূহক ৰোগকাৰক বুলি কোৱা হয় ৷ ৰোগকাৰী অণুজীৱসমূহ উশাহৰ লগত, খোৱা পানীৰ লগত বা খোৱা আহাৰৰ লগত আমাৰ দেহৰ ভিতৰলৈ সোমায় ৷ ই বিভিন্ন সংক্ৰামক ৰোগৰ সৃষ্টি কৰে যেনেঃ কলেৰা, চৰ্দি, মাজু আই , যুক্ষ্মা ইত্যাদি ৷ 

          কিছুমান অণুজীৱই খাদ্যবস্তু, বস্ত্ৰ আৰু চামৰা নষ্ট কৰে ৷ খোৱা বস্তুত কিছুমান অণুজীৱই খ্ৰিয়া কৰাৰ বাবেই খাদ্য বিষাক্ত হৈ পৰিব পাৰে ৷ অণুজীৱই আমাৰ খাদ্যত কেতিয়াবা বিষাক্ত পদাৰ্থ উৎপন্ন কৰে ৷ এই পদাৰ্থই খাদ্য বিষাক্ত কৰি মানুহৰ গুৰুত্বৰ অৱস্তাৰ সৃষ্টি কৰে আৰু ইয়াৰ ফলত মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে ৷ 

৯/ এণ্টিবায়'টিক কি ? এণ্টিবায়'টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ?

উত্তৰঃ বেমাৰ সৃষ্টিকাৰী অনুজীৱবোৰক ধ্বংস কৰিবলৈ বা সিহঁতৰ বংশ বৃদ্ধিত বাধা দিবলৈ যি  ঔষধ  ব্যৱহাৰ কৰা হয়, তাকে এণ্টিবায়'টিক  বোলে ৷

           এণ্টিবায়'টিক গ্ৰহণ কৰোঁতে তলত উল্লেখ কৰা সাৱধানতাসমূহ অৱলম্বন কৰিব লাগে- 

     (ক) এণ্টিবায়'টিক কেৱল এজন অৰ্হতাসম্পন্ন ডাক্তৰৰ পৰামৰ্শতহে গ্ৰহণ কৰিব লাগে ৷

     (খ) ডাক্তৰে দিয়া নিদান অনুসৰি দৰৱৰ ক'ৰ্ছ শেষ কৰিব লাগে ৷ 

     (গ) অপ্ৰয়োজনীয়ভাৱে এণ্টিবায়'টিক খাব নালাগে কাৰণ ই শৰীৰত থকা উপকাৰী অনুজীৱবোৰক মৃত্যু ঘটাব পাৰে ৷ 








Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)