কাৰ্বন আৰু তাৰ যৌগ (Carbon and its Compound)
প্ৰশ্নাৱলী (পৃষ্ঠা নং 61)
1.
কাৰ্বন ডাই অক্সাইডৰ (CO2) ৰ ইলেক্ট্ৰন বিন্দু গঠন কি হ’ব ?
উত্তৰঃ কাৰ্বন ডাই-অক্সাইড(CO2)ৰ ইলেক্ট্ৰ’ন বিন্দুৰ গঠন হ’লঃ
|
2.
আঠোটা ছালফাৰ পৰমাণুৰে গঠিত
এটা ছালফাৰ অণুৰ ইলেক্ট্ৰন বিন্দু গঠন কি হব ? (ইঙ্গিত – আঠটাকৈ ছালফাৰ পৰমাণু এটা
বলয় আকৃতি আছে ৷)
উত্তৰঃ ছালফাৰ (S8) অণুৰ ইলেক্ট্ৰন বিন্দু গঠনঃ
প্ৰশ্নাৱলী (পৃষ্ঠা নং 68)
1.
পেন্টেনৰ বাবে কেইটা গঠন
সমযোগী আঁকিব পাৰিবা ?
উত্তৰঃ পেন্টেন(C5H12)ৰ বাবে তিনিটা গঠন সমযোগী
আঁকিব পৰা যায় ৷
2.
কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে
আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন – যৌগ পাওঁ ?
উত্তৰঃ কাৰ্বনৰ দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন
যৌগ দেখা পাও ৷
(i)
কেটিনেচনঃ কাৰ্বন পৰমাণু
এটাই অন্যান্য(কেটিনেচন)ৰ বাবে আন কাৰ্বন পৰমাণুৰ সৈতে বান্ধনি সৃষ্টি কৰি শৃংখলৰ
আকৰত বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে ৷
(ii)
চতুৰ্সযোজ্যতাঃ কাৰ্বনৰ
যোজ্যতা(4)হোৱা বাবে ই আন চাৰিটা কাৰ্বন পৰমাণু অথবা হাইড্ৰ’জেন, অক্সিজেন,
নাইট্ৰ’জেন, ছালফাৰ, ক্ল’ৰিণ আদি একযোজী মৌলৰ লগত সহযোজী বান্ধনি গঠন কৰিব পাৰে ৷
3.
চাইক্ল’পেন্টেনৰ সংকেট আৰু
ইলেক্ট্ৰনীয় বিন্দু গঠন লিখা ৷
উত্তৰঃ চাইক্ল’পেন্টেনৰ সংকেত হ’ল C5H10
চাইক্ল’পেন্টেনৰ গঠন সংকেত হ’লঃ
H H
H H
4.
তলৰ যৌগবোৰৰ গঠন আঁকি
দেখুওৱা –
(i) ইথান’য়িক এছিড (ii) ব্ৰ’ম’পেন্টেন*
(iii) বিউটান’ন (iv) হেক্সানেল
* ব্ৰ’ম’পেন্টেনৰ সমযোগী সম্ভৱনে ?
5.
তলৰ যৌগবোৰৰ নাম লিখা –
(i)
(ii) H
H H H H
৷
৷ ৷
৷ ৷ H-C=O
(iii)
H – C – C – C – C – C = C - H
৷ ৷ ৷ ৷
H
H H H
প্ৰশ্নাৱলী (পৃষ্ঠা নং 71)
1.
ইথানলক ইথায়নিক এচিডলৈ
ৰুপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া ?
উত্তৰঃ ইথানলক ক্ষাৰকীয় পটেছিয়াম পাৰমেংগানেট বা আম্লিক পটেছিয়াম
ড্ৰাইক্ৰ’মেটৰ সৈতে উত্তপ্ত কৰি ইথায়নিক এছিড প্ৰস্তত কৰা হয় ৷ ইয়াত পটেছিয়াম
পাৰমেংগানেট আৰু পটেছিয়াম ড্ৰাইক্ৰ’নেটে জাৰক
পদাৰ্থৰ দৰে কাম কৰে ৷
তলত দিয়া ধৰণে বিক্ৰিয়াটো
সংঘটিত হয় ৷
CH3CH2OH ক্ষাকীয় KMnO4+তাপ CH3COOH
+ ক্ষাৰকীয়
ইথানল বা আম্লিক K2Cr2O7+তাপ ইথায়নিক
এছিড
(এলক’হল) (এচেটিক এছিড)
ইয়াত ইথানলৰ পৰা ইথায়নিক
এছিডলৈ ৰুপান্তৰণ এক জাৰণ বিক্ৰিয়া কৰণঃ
(i)
ইথায়নিক এছিডৰ ইথানলতকৈ এটা
বেছি অক্সিজেন পৰমাণু থাকে,অৰ্থাৎ ইয়াত অক্সিজেন আহৰণ কৰা হয় ৷
(ii)
ইথায়নিক এছিডৰ ইথানলতকৈ
দুটা বেছি হাইড্ৰ’জেন পৰমাণু কম থাকে, অৰ্থাৎ বিক্ৰিয়াটোত হাইড্ৰ’জেনৰ অপসাৰণ ঘটে
৷
2.
লোহা জোৰা দিয়া সময়ত (welding) অক্সিজেন আৰু ইথাইন দহন কৰা হয় ৷ ইথাইনৰ লগত বায়ু কিয়
ব্যৱহাৰ কৰা নহয় ?
উত্তৰঃ অসংপৃক্ত হাইড্ৰ’কাৰ্বন ইথাইন আৰু বায়ুৰ মিশ্ৰণ এটা দহন
কৰিলে অসম্পূৰ্ণ দহন ঘটি ক’লা ধোৱা আৰু এলান্ধু নিৰ্গত হয় ৷ গতিকে লোহা জোৰা দিয়াৰ
বাবে আৱশ্যক হোৱা সঠিক উষ্ণতা প্ৰাপ্ত নহয় ৷ কিন্ত্ত যেতিয়া ইথাইন আৰু অক্সিজেন মিশ্ৰণ
এটাৰ দহন ঘটে তেতিয়া সম্পূৰ্ণ দহন হোৱাৰ ফলত পৰিষ্কাৰ নীলা শীখা নিৰ্গত হয় আৰু
লোহা জোৰা দিয়াৰ বাবে প্ৰয়োজন হোৱা উষ্ণতা প্ৰাপ্ত হয় ৷
প্ৰশ্নাৱলী (পৃষ্ঠা নং 74)
1.
পৰীক্ষাৰ সহায়ত এলক’হল আৰু
কাৰ্বক্সিলিকএছিডৰ মাজত প্ৰভেদ কিদৰে দেখুৱাব পাৰি ?
উত্তৰঃ ছ’ডিয়াম হাইড্ৰ’কাৰ্বনেট
পৰীক্ষাৰ দ্বাৰা এলকহ’ল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ দেখুৱাব পৰা যায় ৷
দুটা পৃথক পৰীক্ষানলীত এলকহ’ল আৰু কাৰ্বক্সিলিক এছিড লৈ দুয়োটাতে ছ’ডিয়াম
হাইড্ৰ’জেন কাৰ্বনেটৰ এক জুলীয়া দ্ৰৱ মিহলোৱা হ’ল ৷ এলকহ’লে ছ’ডিয়াম হাইড্ৰ’জেন
কাৰ্বনেটৰ(NaHCO3)সৈতে কোনো বিক্ৰিয়া নকৰিলে কিন্ত্ত কাৰ্বক্সিলিক এছিড থকা
পৰীক্ষানলীটোত কাৰ্বন ডাই-অক্সাইডৰ নিৰ্গমনৰ বাবে বুৰবুৰণি দেখিবলৈ পোৱা যাব ৷
CH3CH2OH
+ NaHCO3 No(এলকহ’ল)-কোনো বিক্ৰিয়া সংঘটিত হোৱা নাই
এলকহ’ল আৰু কোনো বুৰবুৰণি
উঠা নাই ৷
CH3COOH + NaHCO3
CH2COONa
+ H2O +
CO2
ইথায়নিক এছিড
কাৰ্বন ডাই-অক্সাইড
(ক্ষিপ্ৰ বুৰবুৰণি উঠিছে)
2.
জাৰক দ্ৰব্য কি ?
উত্তৰঃ যিবোৰ দ্ৰব্যই আন যৌগক
অক্সিজেন দিবলৈ সক্ষম তাকে জাৰক দ্ৰব্য বুলি কোৱা হয় ৷ উদাহৰণস্বৰূপেঃ হাৰকীয়
পটাছিয়াম পাৰমেংগানেট(KMnO4),বা আম্লিক পটেছিয়াম ডাইক্ৰ’মেটে(K2Cr2O7) এলকহ’লৰ(CH3CH2OH)লগত অক্সিজেন যোগ কৰি
কাৰ্বক্সিলিক এছিড[CH3COOH
– ইথায়নিক(এচেটিক এছিড)লৈ জাৰিত কৰে]৷
প্ৰশ্নাৱলী (পৃষ্ঠা নং 76)
1.
অপমাৰ্জক ব্যৱহাৰ কৰি পানী
কঠিন হয় নে নহয় কব পাৰিবানে ?
উত্তৰঃ অপমাৰ্জক ব্যৱহাৰৰ দ্বাৰা পানীৰ কঠিনতা পৰীক্ষা কৰিব পৰা
নাযায় ৷ অপমাৰ্জকে কঠিন আৰু কোমল দুয়োবিদ পানীতে ফেন উৎপন্ন কৰে আৰু কাৰ্যক্ষম হয়
৷ অপমাৰ্জকৰ আৰ্হিত মেৰুবোৰে কঠিন পানীত থকা কেলছিয়াম আৰু মেগনেছিয়াম আয়নৰ লগত
অদ্ৰৱণীয় অধঃক্ষেপ সৃষ্টি নকৰে ৷ যিহেতু চাবোন এটুকুৰাই কেৱল কোমল পানীতহে ফেন
উৎপন্ন কৰে,সেয়ে অপমাৰ্জকৰ তুলনাত পানীৰ কঠিনতা পৰীক্ষা কৰিবলৈ চাবোন এটুকুৰাহে
ব্যৱহাৰ কৰাটো বাঞ্ছনীয় ৷
2.
কাপোৰ ধোবলৈ মানুহে বিভিন্ন
পদ্ধতি অৱলম্বন কৰে ৷ সাধাৰণতে চাবোন ঘঁহি কাপোৰখন শিল এচলাত থুকুছে বা ভৰিৰে
গছকে, ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰত (washing machine) ভৰাই জোকাৰি দিয়ে ৷
কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে ?
উত্তৰঃ চাবোনে কণাপুঞ্জ বা মাইছেল বুলি কোৱা অণুৰ থূপ বা পুঞ্জ
সৃষ্টি কৰে যিবোৰে তেলেতীয়া মলিবোৰ কেন্দ্ৰত জমা কৰে ৷ এই কণাপুঞ্জবোৰ কাপোৰৰ ওপৰ
ভাগত ওলমি থাকে যিয়ে পানীত অবদ্ৰৱ বা ইমালচন সৃষ্টি কৰে ৷ কণাপুঞ্জবোৰ দ্ৰৱটোত
অৱদ্ৰৱ হিচাপে থাকে আৰু আয়ন বিকৰ্ষণৰ বাবে অধঃক্ষিপ্ত নহয়, সেয়ে চাবোনৰ দ্ৰৱত কাপোৰবোৰ
বুৰাই থুকুচি, ঘঁহি বা জোকাৰি কণাপুঞ্জত থকা মলিবোৰ সহজে ধুই আঁতৰ কৰিব পৰা যায় ৷
জোকাৰণিয়ে চাবোনৰ কণাপুঞ্জবোৰক মলিবোৰ পানীত দ্ৰৱীভূত কৰাত তথা কাপোৰ ধুই
পৰিষ্কাৰ কৰাত সহায় কৰে ৷
অনুশীলণী
1.
ইথেন (C2H6)অণু এটাত
(a)
6 টা সহযোজী
বান্ধনি আছে ৷
(b) 7টা সহযোজী বান্ধনি আছে ৷
(c) 8 টা সহযোজী বান্ধনি আছে ৷
(d) 9 টা সহযোজী বান্ধনি আছে ৷
উত্তৰ : (b) 7টা সহযোজী বান্ধনি
আছে ৷
2.
চাৰিটা কাৰ্বনৰ যৌগ
বিউটান’নত থকা কাৰ্যকৰী মূলক হ’ল—
(a)
কাৰ্বক্সিলিক এছিড
(b)
এলডিহাইড
(c)
কিট’ন
(d)
এলকহল
উত্তৰ : (c) কিট’ন
3.
ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ
তলফালে (বাহিৰত) ক’লা পৰে কিয়নো—
(a) খাদ্য ভালদৰে নিসিজিল ৷
(b) ইন্ধন সম্পূৰ্ণৰুপে দহন নহয় ৷
(c) ইন্ধনটো সিক্ত ৷
(d) ইন্ধনটো সম্পূৰ্ণকৈ দহন নহয় ৷
উত্তৰ : (b) ইন্ধন সম্পূৰ্ণৰুপে
দহন নহয় ৷
4.
CH3CI
ৰ উদাহৰণ লৈ সহযোজী বান্ধনীৰ স্বৰুপ(nature)ব্যাখ্যা কৰা ৷
উত্তৰঃ সহযোজী বান্ধনি হ’ল দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰ’নৰ
ভাগ-বতৰাৰ দ্বাৰা গঠন হোৱা এক ৰাসায়নিক বান্ধনী য’ত দুয়োটা পৰমাণুৱে এনেদৰে ইলেক্ট্ৰ’নৰ ভাগ-বতৰা যাতে পৰমাণু দুটাই সিহঁতৰ নিকটৱৰ্তী সম্ভ্ৰান্ত গেছৰ স্হিৰ
ইলেক্ট্ৰ’নীয় বিন্যাস লা কৰে ৷
CH3Cl ৰ বান্ধনি গঠনত ব্যৱহৃত
সহযোজী বান্ধনিৰ প্ৰকৃতি তলত দেখুওৱা হ’লঃ
(i)
কাৰ্বনৰ পাৰমাণৱিক সংখ্যা 6
হয় ৷ ইয়াৰ যোজক কক্ষত চাৰিটা ইলেক্ট্ৰ’ন থাকে ৷ ই অষ্টক সম্পূৰ্ণ কৰিবলৈ চাৰিটা
ইলেক্ট্ৰ’ন গ্ৰহণো কৰিব নোৱাৰে বা চাৰিটা ইলেক্ট্ৰ’ন ত্যাগ কৰি ডুপলেটত উপনীত হ’বও
নোৱাৰে যিহেতু উভয়কে যথেষ্ট শক্তিৰ প্ৰয়োজন হয় ৷
(ii)
হাইড্ৰ’জেনৰ পাৰমাণৱিক
সংখ্যা হ’ল এক(1)৷ ইয়াৰ যোজক কক্ষত মাত্ৰ ইলেক্ট্ৰ’ন থাকে ৷ ইয়াক নিজৰ কক্ষ
সম্পূৰ্ণ কৰিবলৈ এটা ইলেক্ট্ৰ’নৰ প্ৰয়োজন হয় ৷
5.
তলত দিয়া বিলাকৰ ইলেক্ট্ৰন
বিন্দু গঠন লিখা—
(a)
ইথায়নিক এছিড
(b)
H2S
(c)
প্ৰপান’ন
(d)
F2
6.
সমগণীয় শ্ৰেণী কাক বোলে ?
উদাহৰণ দি বুজাই লিখা ৷
উত্তৰঃ সমগণীয় শ্ৰেণী হ’ল কাৰ্বন যৌগসমূহৰ এটা গোট য’ত কাৰ্বন
শৃংখল এটাত হাইড্ৰ’জেন পৰমাণুবোৰ একে কাৰ্যকৰীমূলকৰ দ্বাৰা প্ৰতিস্হাপিত হয় ৷
এইবোৰৰ কাৰ্বনপৰমাণুৰ সংখ্যা বেলেগ বেলেগ হয় কিন্ত্ত কাৰ্যকৰীমূলকবোৰ একে হয় ৷সমগণীয়
শ্ৰেণীৰ যৌগবোৰৰ বৈশিষ্ট্য হ’লঃ
(i)
একে সমগণীয় শ্ৰেণীযুক্ত
যৌগবোৰক একেটা সাধাৰণ সংকেতৰ দ্বাৰা উপস্হাপন কৰিব পৰা যায় ৷
(ii)
এইবোৰ একে কাৰ্যকৰীমূলকৰ
অন্তৰ্ভূক্ত ৷
(iii)
এইবোৰৰ ৰাসায়নিক
ধৰ্মসমূহ(কেৱল কাৰ্যকৰীমূলকৰ দ্বাৰা নিৰ্দ্ধাৰিত)একে হয় কিন্ত্ত ভৌতিক ধৰ্মৰ
ক্ষেত্ৰত প্ৰভেদ থাকে ৷
(iv)
একে সমগণীয় শ্ৰেণীভূক্ত
যৌগবোৰ এটা কাৰ্বন পৰমাণু আৰু দুটা হাইড্ৰ’জেন পৰমাণুৰ দ্বাৰা সিহঁতৰ পৰৱৰ্তী
যৌগটোৰ পৰা পৃথক হয়, অৰ্থাৎ CH2ৰ দ্বাৰা ৷
(v)
দুটা পশ্চাদ্বৰ্তী সমগণৰ
পাৰমাণৱিক ভৰ পৃথক হয় ৷
উদাহৰণস্বৰুপেঃ
মিথেন, ইথেন, প্ৰ’পেন,
বিউটেন, পেন্টেন, হেক্সেন আদি এলকেনবোৰ একে সমগণীয় শ্ৰেণীৰ অন্তৰ্ভূক্তঃ
একে সমগণীয় শ্ৰেণী
|
|||
ক্ৰমিক নং
|
এলকেন
|
পাৰমাণৱিক সংকেত
|
পাৰ্থক্য
|
(i)
|
মিথেন
|
CH4
|
__
|
(ii)
|
C2H6
|
CH2
|
|
(iii)
|
C3H8
|
CH2
|
|
(iv)
|
C4H10
|
CH2
|
|
(v)
|
C5H12
|
CH2
|
|
(vi)
|
C6H14
|
CH2
|
7.
ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ
ওপৰত ভিত্তি কৰি ইথানল আৰু ইথায়নিক এচিডৰ পাৰ্থক্য লিখা ৷
উত্তৰঃ ইথানল আৰু ইথায়নিক এছিডৰ মাজৰ পাৰ্থক্যনোৰ হ’ল এনে ধৰণৰঃ
ভৌতিক ধৰ্মৰ প্তৰত ভিত্তি
কৰিঃ
ইথানল
|
ইথায়নিক এছিড
|
উত্তেজনাকাৰী গোন্ধবিশিষ্ট ৷
|
ভিনেগাৰৰ বৈশিষ্ট্যগত এক উগ্ৰ গোন্ধযুক্ত ৷
|
শীতকালত গোট নামাৰে ৷
|
শীতকালত
|
সাধাৰণ উষ্ণতাত ই বাষ্পীভূত হয় ৷
|
সাধৰণ উষ্ণতাত বাষ্পীভূত
নহয় ৷
|
ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি
কৰিঃ
ইথানল
|
ইথায়নিক এছিড
|
ধাতৱ কাৰ্বনেট বা ধাতৱ হাইড্ৰ’জেন কাৰ্বনেটৰ সৈতে
বিক্ৰিয়া নকৰে ৷
|
ধাতৱ কাৰ্বনেট বা ধাতৱ হাইড্ৰ’জেন কাৰ্বনেটৰ সৈতে
বিক্ৰিয়া কৰি কাৰ্বন ডাই-অক্সাইড উতপন্ন কৰে ৷
এছিড কাৰ্ববেট লৱণ ডাই-অক্সাইড
|
8.
পানীত চাবোন দিলে কিয় ফেন
উঠে ? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে ?
উত্তৰঃ চাবোনৰ অণুবোৰ ৰাসায়নিকভাৱে পৃথক বা স্বকীয় বৈশিষ্ট্যপূৰ্ণ
দুটা অংশৰে তৈয়াৰী, এটা জলাকৰ্ষি মূৰ আনটো জলবিকৰ্ষি ৷ জলাকৰ্ষি অংশটো হ’ল ধ্ৰুৱীয়
মেৰু আৰু ইয়াত এটা আয়নীয় অংশ থাকে, আনহাতে জলবিকৰ্ষি অংশটো হ’ল এক দীঘল
হাইড্ৰ’কাৰ্বন শৃংখল থকা অনাধ্ৰুৱীয় মেৰু৷জলকৰ্ষী অংশটো পানীত
দ্ৰৱণীয় কিন্ত্ত তেলত অদ্ৰৱণীয় ৷ আনহাতে জলবিকৰ্ষী অংশটো পানীত অদ্ৰৱণীয় কিন্ত্ত
তেলত দ্ৰৱণীয় ৷ যেতিয়া এখন মলিন কাপোৰ চাবোন পানীত জুবুৰিওৱা হয় তেতিয়া মলিত থকা
তেলসমূহ জলবিকৰ্ষী অংশৰ অনাধ্ৰুৱীয় মেৰুৰ সৈতে সংলগ্ন হৈ পৰে ৷ ইয়াৰ ফলস্বৰূপে
মলিৰ কণিকাসমূহৰ চাৰিওফালে অণুসমূহৰ অটা পুঞ্জ গঠন কৰে য’ত জলবিকৰ্ষী পুচ্ছসমূহ
পুঞ্জটোৰ ভিতৰৰ মূৰ কৰি আৰু আয়নীয় মূৰবোৰৰ পুঞ্জটোৰ বাহিৰৰ ফালে থাকে ৷এনেদৰেই
কণাপুঞ্জ বা ফেনৰ সৃষ্টি হয় ৷
চাবোন কেৱল পানীতহে
কণাপুঞ্জ বা ফেন সৃষ্টি কৰে ৷ ইথানলৰ দৰে আন দ্ৰাৱকত এনেধৰণৰ কণাপুঞ্জৰ সৃষ্টি নহয়
৷ এই কাৰণতে মলিন কাপোৰ ধুবলৈ কেৱল পানীৰ ব্যৱহাৰ কৰা হয় ৷
9.
প্ৰায় সকলো ক্ষেত্ৰতে
কাৰ্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয় ৷ কিয় ?
উত্তৰঃ কাৰ্বন আৰু ইয়াৰ যৌগবোৰক প্ৰায় সকলো ক্ষেত্ৰতে ইন্ধন হিচাপে
ব্যৱহাৰ কৰা হয় কাৰণ অক্সিজেনৰ উপস্হিতিত কাৰ্বন দহন কৰিলে কাৰ্বন ডাই-অক্সাইডৰ
লগতে অধিক পৰিমাণৰ তাপ আৰু পোহৰ উৎপন্ন হয়;
অৰ্থাৎ কাৰ্বন আৰু ইয়াৰ যৌগসমূহৰ কেলৰি মান অতি উচ্চ হয় ৷
10.
কঠিন পানীত চাবোন ব্যৱহাৰ
কৰিলে গেদ (Scum)কিদৰে সৃস্টি হয় ব্যাখ্যা কৰা ৷
উত্তৰঃ কঠিন পানীত কেলছিয়াম আৰু মেগনেছিয়ামৰ দ্ৰৱণীয় লৱণ থাকে ৷
যেতিয়া কঠিন পানীৰ লগত চাবোন ব্যৱহাৰ কৰা হয় ৷ কঠিন পানীত থকা কেলছিয়াম আৰু
মেগনেছিয়ামৰ আয়নে চাবোনত থকা দীৰ্ঘ শৃংখলযুক্ত কাৰ্বক্সিলিক এছিড মূলকৰ লগত
বিক্ৰিয়া কৰি দৈৰ দৰে বগা অদ্ৰৱণীয় অক্ষেঃপক সৃষ্টি কৰে ৷ ইয়াকে চাবোনৰ গেদ বুলি
কোৱা হয় ৷
11.
নীলা আৰু ৰঙা লিটমাছ
কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা ?
উত্তৰঃ যিহেতু চাবোন ক্ষাৰকীয় প্ৰকৃতিৰ সেয়ে ই ৰঙা লিটামাছ কাগজৰ
ৰং নীলালৈ সলনি কৰিব, কিন্ত্ত লিটামাছ কাগজখনৰ ৰংটো অপৰিৱৰ্তিত হৈ থাকিব; অৰ্থাত ই
নীলা হৈয়ে থাকিব ৷
12.
হাইড্ৰ’জেনেচন মানে কি ?
ইয়াৰ ঔদ্যোগিক প্ৰয়োগ লিখা ৷
উত্তৰঃ পেলাডিয়াম বা নিকেলৰ দৰে অনুঘটকৰ উপস্হিতিত অসংপৃক্ত
হাইড্ৰ’কাৰ্বনৰ লগত হাইড্ৰ’জেন যোগ হৈ সংপৃক্ত হাইড্ৰ’কাৰ্বন উৎপন্ন হোৱা
প্ৰক্ৰিয়াকে হাইড্ৰ’জেনচন বুলি কোৱা হয় ৷
H H
ইথিন ইথেন
(অসংপৃক্ত হাইড্ৰ’কা্বন) (অসংপৃক্ত হাইড্ৰ’কাৰ্বন)
হাইড্ৰ’জেনচনৰ ঔদ্যোগিক
প্ৰয়োগঃ
সাধৰণতে ৰন্ধনৰ বাবে
ব্যৱহৃত উদ্ভিদজাত তেলবোৰ দীঘল অসংপৃক্ত কাৰ্বন শৃংখলযুক্ত ৷ যতিয়া নিকেল অনুঘটকৰ
উপস্হিতিত এই উদ্ভিদজাত তেলবোৰৰ মাজেৰে হাইড্ৰ’জেন গেছ পাৰ হৈ যায় তেতিয়া অসংপৃক্ত
তেলবোৰ সৃপৃক্ত গোটা চাবিলৈ সলনি হয় ৷
H H
R R
H H
উদ্ভিদজাত তেল বনস্পতি ঘি
(অসংপৃক্ত ফেটি এছিড) (সংপৃক্ত ফেটি এছিড)
এনেদৰে প্ৰাকৃতিকভাৱে
উপলব্ধ হোৱা উদ্ভিদজাত তেলৰ হাইড্ৰ’জেনেচন সম্পন্ন কৰি বনস্পতি ঘিৰ পণ্য উৎপাদন
কৰা হয় ৷
13.
তলৰ কোনবিলাকৰ
হাইড্ৰ’কাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায় ?
C2H6, C3H8, C3H6, C2H2 আৰু CH4
উত্তৰঃ কেৱল অসংপৃক্ত হাইড্ৰ’কাৰ্বনে যোগা্ত্মক বিক্ৰিয়া দেখুওৱায়
৷ ইয়াৰে C3H6(প্ৰ’পিন) আৰু C2H2(ইথাইন) হ’ল অসংপৃক্ত
হাইড্ৰ’কাৰ্বন ৷ সেয়েহে এই দুটা হাইড্ৰ’কাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱাব ৷
14.
মাখন(butter)আৰু খোৱাতেলৰ(cooking
oil)মাজত পাৰ্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বৰ্ণনা কৰা৷
উত্তৰঃ মাখন আৰু খোৱা তেলৰ মাজত ৰাসায়নিকভাৱে পাৰ্থক্য দেখুৱাবলৈ
ব্ৰ’মিনৰ পানীৰ পৰীক্ষাটো ব্যৱহাৰ কৰিব পাৰি ৷ মাখন হ’ল এবিধ সংপৃক্ত কাৰ্বন আৰু
খোৱা তেল হ’ল এবিধ অসংপৃক্ত কাৰ্বন যৌগ ৷ ব্ৰ’মিনৰ মোগা ৰং অদৃশ্য হৈ পৰে যেতিয়া
তাক অসংপৃক্ত হাইড্ৰ’কাৰ্বনৰ সৈতে যোগ কৰা হয়, ইয়াৰ বিপৰীতে সংপৃক্ত হাইড্ৰ’কাৰ্বন
আৰু ব্ৰ’মিনৰ মাজত কোনো বিধিয়া সংঘটিত হোৱা পৰিলক্ষিত নহয় ৷ যিটো পৰীক্ষানলীত
ব্ৰ’মিন পানীৰ ৰং নাইকীয়া হৈ পৰে ৷ সেই পৰীক্ষানলটোত খোৱাতেল আছে, আনহাতে যিটো
পৰীক্ষানলীত ব্ৰ’মিন পানীৰ মুগা ৰং আপৰিৱৰ্তিত হৈ থাকে, সেই পৰীক্ষানলটোত মাখন আছে
৷
চাবোনৰ মলি আঁতৰোৱাৰ
প্ৰক্ৰিয়া(cleaning action)ব্যাখ্যা কৰা ৷
উত্তৰঃ চাবোনৰ অণু এটা ৰাসায়নিকভাৱে পৃথক দুটা অংশৰে তৈয়াৰী৷
(i)
জলাকৰ্ষী বা জলস্নেহী
পুচ্ছঃ এই অংশটো ধ্ৰুৱীয় মেৰু আৰু ই হাইড্ৰ’কাৰ্বনত দ্ৰৱীভূত হয়, কিন্ত্ত ই পানীত
অদ্ৰৱণীয় ৷
(ii)
জলঘৃণী পুচ্ছঃ এই অংশটো হ’ল
আয়নীয় মূৰ থকা অনাধ্ৰুৱীয় মেৰু ৷ ই পানীত দ্ৰৱণীয় কিন্ত্ত তেলত অদ্ৰৱণীয় ৷
যেতিয়া এখন মলিন
কাপোৰ চাবিন পানীত ডুবাই দিয়া হয় মলিত থকা তেলবোৰ নিজেই জলঘৃণী অংশটোৰ সৈতে সংলগ্ন
হৈ পৰে ৷ ইয়াৰ ফলত অণুসমূহৰ এটা পুঞ্জৰ সৃষ্টি হয় য’ত জলঘৃণী পুচ্ছ পুঞ্জটোৰ ভিতৰৰ
মূৰ কৰি আৰু আয়নীয় মেৰুবোৰ পুঞ্জটোৰ বাহিৰত থাকে ৷ এনেধৰণে পঞ্জীভুত হোৱা গঠনক
মাইছেল বা কণাপুঞ্জ বুলি কোৱা যিয়ে তেল আৰু পানীৰ মাজত এক সেঁতুৰ দৰে ক্ৰিয়া কৰি
এক সুস্হিৰ অবদ্ৰৱৰ সৃষ্টিত সহায় কৰে আৰু তেলেতীয়া মলিবোৰ মাইছেলৰ কেন্দ্ৰত আহি জমা
হয় ৷ মাইছেলবোৰ অৱদ্ৰৱ হিচাপে থাকে আৰু আয়ন-আয়ন বিকৰ্ষণৰ বাবে অধঃক্ষিপ্ত নহয় ৷
তেলেতীয়া মলিসমূহ জমা হৈ থকা মাইছেলবোৰ কাপোৰৰ ওপৰত ৰৈ যায়, আৰু কাপোৰৰ চাবোন
পানীত ডুবাই থুকুচি বা জোকাৰি দি কাপোৰৰ ওপৰৰ পৰা চাবোনৰ মাইছেলবোৰ আঁতৰ কৰা হয়৷
এনেদৰে মলিন কাপোৰৰ পৰা চাবোনৰ মলিবোৰ আঁতৰ হয় আৰু আমি মলি বা ধূলিমুক্ত পৰিষ্কাৰ
কাপোৰ পাওঁ ৷
মই আগতে সুধা প্ৰশ্নৰ উত্তৰ এতিয়ালৈ পোৱা নাই .....কিয় ????????
ReplyDelete