ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

বৰষুণৰ পানী কেনেকৈ সংৰক্ষণ কৰিব পাৰি ? ( Project / Assignment )

Admin
0
বৰষুণৰ পানী সংৰক্ষণ : 

পৰিচয় :
বৰষুণৰ পানী সংৰক্ষণ কৰাটো হ’ল পানী সঞ্চয় কৰাৰ এক পদ্ধতি যি পানীক ঘৰৰ বিভিন্ন কাম-কাজ আৰু কৃষি কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰি ৷ বৰষুণৰ পানী এনেয়ে যাবলৈ নিদি এই পানীক সহজ পদ্ধতিৰে সংৰক্ষণ কৰি পানীৰ অভাৱ হোৱা সময়ত ইয়াক ব্যৱহাৰ কৰিব পাৰি ৷
        এই প্ৰকল্পটোৰ জৰিয়তে বৰষুণৰ পানী কেনেকৈ সংৰক্ষণ কৰিব পাৰি ,ইয়াৰ গুৰত্ব আৰু সংৰক্ষণৰ পদ্ধতিসমূহ আমাৰ ভাৰতবৰ্ষত কেনেকৈ পৰম্পৰাগতভাবে সংৰক্ষণ কৰা হৈছে সেয়াই অৱগত কৰা হৈছে ৷

বৰষুণৰ পানী সংৰক্ষণ কৰাৰ পদ্ধতিসমূহ :
(ক)বৰষুণৰ পানী মাটিত পৰাৰ পাছত সংৰক্ষণ কৰা :

            সাধাৰণতে বৰষুণৰ পানী মাটিত পৰাৰ পাছত পৰিৱেশৰ লগত মিহলি হৈ যায় ৷ আমি মাটিত পৰাৰ লগে লগে ইয়াক পুখুৰী নাইবা টেংকলৈ লৈ যাব পাৰো আৰু ভৱিষ্যতে এই পানীবোৰ আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰো ৷বিভিন্ন কৌশলেৰে বৰষুণৰ পানী আমি গোটাব পাৰো যেনে –ৰাস্তাৰ পৰা , পাৰ্কৰ পৰা , বাগিছাৰ পৰা ইত্যাদিৰ পৰা আমি এই পানী সহজতে গোটাব পাৰো কিন্তু এই পানী বিশুদ্ধিকৰণ কৰিহে ব্যৱহাৰ কৰিব পাৰি ৷

(খ)ঘৰৰ ছালৰ ওপৰত পানী সংৰক্ষণ :

     ঘৰৰ চালক এনেদৰে তৈয়াৰ কৰিব লাগে যাতে ঘৰৰ চালত পৰা পানীবোৰ পাইপৰে টেংকলৈ নিব পাৰি ৷ আৰু ই এটা বৰষুণৰ পানী সংৰক্ষণ কৰাৰ সহজ পদ্ধতি ৷ অৰ্থনৈতিক ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰিব পাৰি ৷
     
বৰষুণৰ পানী সংৰক্ষণ কৰাৰ ভাৰতবৰ্ষৰ কেইখনমান ঠাই হ’ল :

(1)                কৰ্ণাটক আৰু কেৰেলা : মাদাকাছ পদ্ধতিৰে বৰষুণৰ পানী সংৰক্ষণ কৰে ৷
(2)                দক্ষিণ কেৰেলা : চুৰাংগাছ পদ্ধতি ৷
(3)                গুজৰাট : টানকাচ্ পদ্ধতি ৷

বৰষুণৰ পানী সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা :

পানীৰ অভাৱৰ সময়ত সংৰক্ষণ কৰা বৰষুণৰ পানীয়ে দৰৱৰ দৰে কাম কৰে য’ত পানীৰ অভাৱ হৈ থাকে সেই ঠাইত বৰষুণৰ পানীয়ে বহুত সহায় কৰে ৷ কিছুমান কিছুমান চহৰত পানীৰ দাম বহুত তেনে ক্ষেত্ৰত ইয়াক বিকল্প পানী হিচাপে ব্যৱাহৰ কৰা হয় ৷ এই বৰষুণৰ পানী বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি ৷
দুৰ্ভিক্ষ , খৰাং বতৰত আদি সৃষ্টি হোৱা ঠাইত বৰষুণৰ পানী আৰ্শীবাদ স্বৰূপে কাম কৰে ৷

সামৰণি :

আমাৰ পৃথিৱীত থকা সকলোবোৰ জীৱৰ বাবে পানী হ’ল অতি মূল্যৱান আৰু প্ৰয়োজনীয় সম্পদ ৷ আমি পানী অবাবতে খৰচ কৰিব নালাগে আৰু বিশুদ্ধ পানীৰ ডাঙৰ উৎস হ’ল বৰষুণৰ পানী ৷ কেৱল আমি কৌশলেৰে ব্যৱহাৰ কৰা উচিত ৷ প্ৰতিবছৰে আমি হাজাৰ হাজাৰ লিটাৰ বৰষুণৰ পানী হেৰাই দিও আৰু সেয়াই কেৱল জ্ঞানহীনতাৰ বাবে ৷    

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)