ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

গোলকীয় উত্তাপন নিয়ন্ত্ৰণত উদ্ভিদৰ ভূমিকা কি ? (Project/ Assignment)

Admin
1
গোলকীয় উত্তাপন নিয়ন্ত্ৰণত উদ্ভিদৰ ভূমিকা
বিষয়বস্তঃ ১৷ গোলকীয় উত্তাপন কি ?
       ২৷ উত্তাপনৰ কাৰণ
       ৩৷ উত্তাপনৰ প্ৰভাৱ
       ৪৷ নিয়ন্ত্ৰণত উদ্ভিদৰ ভূমিকা

গোলকীয় উত্তাপন কি?

            সাধাৰণতে পৃথিৱীত স্বাভাৱিক CO2 ৰ পৰিমাণতকৈ যদি অতিৰিক্ত CO2ৰ পৰিমাণ বাঢ়ি গৈ থাকে তেন্তে পৃথিৱীৰ উত্তাপ বাঢ়ি যায়, পৃথিৱীৰ এই উত্তাপকে গোলকীয় উত্তাপণ(Global Warming)বুলি কোৱা হয় ৷ বায়ুমণ্ডলত CO2 গেছৰ শতকৰা পৰিমাণ দিনক দিনে বাঢ়ি গৈছে ৷ যাৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি হৈছে ৷ এই ঘটনাটোকে সেউজগৃহ প্ৰভাৱ(The Greenhouse Effect)বোলা হয়৷

উত্তাপনৰ কাৰণঃ

           গোলকীয় উত্তাপন বৃদ্ধি হোৱাৰ একমাত্ৰ কাৰণ হৈছে সেউজগৃহ গেছ কাৰ্বন ডাই-অক্সাইড(CO2)ৰ পৰিমাণ দিনক দিনে বাঢ়ি যোৱা ৷ পৃথিৱীৰ সাধাৰণ উত্তাপনৰ পৰা অতিৰিক্ত উত্তাপ বাঢ়ি যায় ৷ 
            এই কাৰ্বন ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি যোৱাৰ কাৰণ সমূহ হ’ল—
(i)                 গাড়ী-মটৰ, যান-বাহনৰ পৰিমাণ বাঢ়ি যোৱা ৷
(ii)               বিভিন্ন উদ্যোগ বা কল-কাৰখানাৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত ৷
(iii)             জীৱাষ্ম ইন্ধনৰ দহনৰ ফলত ৷
(iv)              ঘৰুৱা কাৰ্যত আৰু ঔদ্যোগিক ক্ৰিয়াকলাপত কাঠ আৰু কয়লাৰ দহন ৷
(v)                নিৰ্বনানীকৰণ যিয়ে সালোক সংশ্লেষণৰ সময়ছোৱাত উদ্ভিদৰ দ্বাৰা CO2­ ৰ ব্যৱহাৰ হ্ৰাস কৰে ৷

উত্তাপনৰ প্ৰভাৱঃ

          গোলকীয় উত্তাপনৰ বৃদ্ধিৰ প্ৰভাৱ পৃথিৱীৰ সকলো জীৱ-জন্ত্তৰ তথা উদ্ভিদৰ ওপৰত গুৰুতৰভাৱে পৰিব ৷ এই জীৱ-জন্ত্ত তথা উদ্ভিদ মাটি বা পানী বা বায়ুত নাথাকক কিয়, এই উত্তাপৰ প্ৰভাৱ সকলোতে পৰিব ৷ বায়ুমণ্ডলৰ প্ৰতিটো স্তৰৰ উত্তাপৰ পৰিমাণ যথেষ্ট পৰিমাণ বাঢ়ি যাব ৷ এই উত্তাপৰ পৰিমাণ যদি ক্ৰমাগতভাৱে বৃদ্ধি হয় তেন্তে পৃথিৱীৰ জীৱমণ্ডলত থকাটো অনুপযোগী হৈ যাব ৷

ইয়াৰ নিয়ন্ৰণত উদ্ভিদৰ ভূমিকা :
             আমি জানো যে উদ্ভিদৰ খাদ্য প্ৰস্তুতকৰণত CO2 ৰ বৃহৎ ভূমিকা আছে ৷ CO2  ৰ অবিহনে উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে ৷ গতিকে CO2 হ’ল উদ্ভিদৰ এক প্ৰযোজনীয় উপাদান বা যৌগ ৷
              গতিকে CO2 ক প্ৰথমে নিয়ন্ত্ৰণ কৰিবলৈ উদ্ভিদৰ প্ৰযোজন হয় ৷ গছ-গছনিৰ পৰিমান যিমানেই বাঢ়িব সিমানেই  CO2 ৰ পৰিমান বায়ুমণ্ডলত ভাৰসাম্যতাত ৰাখিব পৰা যাব ৷ কল-কাৰখনাৰ সংখ্যা তথা উদ্যোগৰ সংখ্যা বঢ়াৰ লগে লগে CO2 ৰ পৰিমানো বাঢ়ি গৈছে , কিন্ত ইয়াৰ অনুসৰি গছ-গছনিৰ সংখ্যা বৃদ্ধি হোৱা নাই বৰঞ্চ কমিছেহে ৷ নগৰ-চহৰ সমূহত গছ-গছনিৰ পৰিমান অতি কম , কিন্তু সেই ঠাইসমূহত যান-বাহনৰ পৰিমান াতি বেছি ৷ গতিকে যান-বাহন বা কাৰাখানসমূহ থকা অঞ্চলত গছ-গছনি ৰোপন কৰিব লাগে ৷ 

             গছ-গছনিৰ ৰোপনৰ সংখ্যা বৃদ্ধি কৰিবৰ কাৰণে চৰকাৰে তলৰ পদ্ধতিসমূহ অৱলম্বন কৰিব পাৰে :

(ক) যান-বাহন থকা ব্যক্তিসকলক গছ-গছনি ৰোপন কৰিবলৈ বাধ্য কৰোৱা ৷
(খ) ফিলিপাইনৰ অনুসৰি  গছ-গছনিৰ ৰোপন কৰাৰ সাক্ষ্য দিব পাৰিলেহে স্কুল/কলেজৰ মূখ্য Certificate প্ৰদান কৰা ৷
(গ) শেহতীয়াকৈ চৰকাৰে বিনামূল্য ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ ক্ষেত্ৰত , গছ গছনিৰ ৰোপন কৰিলেহে ছাত্ৰ-ছাত্ৰীসকলক বিনামূল্য নাম ভৰ্তি দিয়া ৷
ওপৰত উল্লেখ কৰা আৰু বহুত পদ্ধতি আছ যাৰ দ্ধাৰা গছ-গছনিৰ পৰিমাণ বঢ়াই দিব পাৰি ৷ CO2 ৰ পৰিমাণ ভাৰসাম্যতাত ৰাখিব পাৰি ৷  

Post a Comment

1Comments

Please don't use spam link in the comment box.

Post a Comment