ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

(৪) পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ

Admin
0
(৪) পদাৰ্থসমূহৰ  শ্ৰেণী  বিভক্তকৰণ
অনুশীলনী :
১/ কাঠেৰে  তৈয়াৰী  পাঁচবিধ  বস্তুৰ  নাম  লিখা ৷
উত্তৰ  :  কাঠেৰে  তৈয়াৰী  পাঁচবিধ  বস্তুৰ  নাম   হ’ল :  টেবুল,  চকী  , পালেং,  দৰ্জা,  বাকচ
২/ তলত  দিয়া  বস্তুবোৰৰ  কোনবোৰৰ  উজ্জ্বলতা  আছে  বাছি  উলিওৱা –
কাচৰ  বাটি,  প্লাষ্টিকৰ পুতলা,  ষ্টীলৰ  চামুচ,  কপাহী  চোলা
উত্তৰ :  কাচৰ  বাটি,  ষ্টিলৰ  চামুচ 
৩/ তলত  দিয়া  বস্তুবোৰৰ  লগত  পদাৰ্থবোৰ  মিলোৱা,  যিবোৰৰ  পৰা  বস্তুটো  তৈয়াৰ  কৰা  হয়  ৷  মনত  ৰাখিবা  যে  বস্তু  এটা  এবিধতকৈ  বেছি  পদাৰ্থৰে  গঠন  হ’ব  পাৰে  আৰু  এটা  পদাৰ্থত  বহুত  বস্তু  গঢ়িবলৈ  ব্যৱহাৰ  হ’ব  পাৰে ৷
বস্তু
পদাৰ্থ
কিতাপ
কাচ
গিলাচ
কাঠ
চকী
কাগজ
পুতলা
চামৰা
জোতা
প্লাষ্টিক

উত্তৰ :
বস্তু
পদাৰ্থ
কিতাপ
কাগজ
গিলাচ
কাচ,  প্লাষ্টিক
চকী
কাঠ, প্লাষ্টিক
পুতলা
কাঠ,  কাগজ,  প্লাষ্টিক
জোতা
চামৰা


৪/ তলত  দিয়া  উক্তিবোৰ  শুদ্ধ  নে  অশুদ্ধ  বিচাৰ  কৰা  :
(ক) শিল  স্বচ্ছ,  কিন্তু  কাচ  অস্বচ্ছ  ৷
(খ) টোকাবহীৰ  উজ্জ্বলতা  ( চিকমিকনি) আছে  কিন্তু  ৰবৰৰ  নাই ৷
(গ) চকমাটি  পানীত  দ্ৰৱীভূত  হয় ৷
(ঘ) কাঠৰ  টুকুৰা  এটা  পানীত  ওপঙে  ৷
(ঙ) পানীত  চেনি  দ্ৰৱীভূত  নহয় ৷
(চ) পানীত  তেল  মিহলি  হয় ৷
(ছ) বালি  পানীত  তললৈ  যায় ৷
(জ) পানীত  ভিনেগাৰ  দ্ৰৱীভূত  হয় ৷
উত্তৰ  :  (ক) অশুদ্ধ
(খ) অশুদ্ধ
(গ) অশুদ্ধ
(ঘ) শুদ্ধ
(ঙ) অশুদ্ধ
(চ) অশুদ্ধ
(ছ) শুদ্ধ
(জ) শুদ্ধ
৫/ তলত  কিছুমান  বস্তু  আৰু  পদাৰ্থৰ  নাম  দিয়া  আছে  -
পানী,  বাচকেট  বল,  কমলা,  চেনি ,  গ্লোব , আপেল  আৰু  মাটিৰ  কলহ ৷
নিৰ্দেশনা  মতে  সেইবোৰ  ভাগ  কৰা –
(ক) গোলাকৃতি  আৰু  অন্য  আকৃতি  ৷
(খ) খোৱাৰ  উপযোগী  বস্তু  আৰু  খোৱাৰ  অনুপযোগী  বস্তু  ৷
উত্তৰ :
গোলাকৃতি
অন্য  আকৃতি
খোৱাৰ  উপযোগী
খোৱাৰ অনুপযোগী
বাচকেট  বল, কমলা,  গ্লোব,  আপেল,  মাটিৰ  কলহ
পানী , চেনি
পানী,  কমলা,  চেনি,  আপেল, 
বাচকেট  বল,  গ্লোব, মাটিৰ  কলহ

৬/ তুমি  জনা  পানীত  ওপঙা  বস্তুবোৰৰ  নাম  লিখা ৷  এইবোৰ  তেল  বা  কেৰাচিন  তেলত  ওপঙেনে  পৰীক্ষা  কৰা ৷
উত্তৰ  :  মই  জনা  পানীত  ওপঙা  কেইবিধ বস্তু  হ’ল- প্লাষ্টিক বটল , পাতল কাঠ, প্লাষ্টিক বল , কৰ্ক ,শুকান পাত  ইত্যাদি ৷ এইবোৰ  তেল  বা  কেৰাচিন  তেলত  ওপঙি  নাথাকে ৷
৭/ তলত  দিয়াবোৰৰ  মাজৰ  পৰা  অমিলটো  বাছি  উলিওৱা  :
(ক) চকী,  বিছনা,  টেবুল,  কেচুৱা,  আলমাৰি
(খ) গোলাপ,  খৰিকাজাঁই,  নাও , নাৰ্জী, পদুম
(গ) এলুমিনিয়াম, লো, তাম, ৰূপ,  বালি
(ঘ) চেনি, নিমখ, বালি , কপাৰ  ছালফেট (তুতিয়া)
উত্তৰ : (ক) কেচুৱা কাৰণ ই  জীৱ  হয়  বাকী  আনবোৰ  জড় ৷
(খ) নাও  যাতায়তৰ  বাবে  ব্যৱহাৰ  হয়  , আনহাতে  বাকীবোৰ  ফুল হয় ৷
(গ) বালি  অধাতু  হয় , আনহাতে  বাকীবোৰ  ধাতু হয় ৷
(ঘ) বালি  পানীত  দ্ৰৱীভূত  নহয়  , আনহাতে  বাকীবোৰ  পানীত  দ্ৰৱীভূত  হয় ৷

অতিৰিক্ত  প্ৰশ্ন-উত্তৰ  :   

১/ ধাতু  কাক  বোলে  ?  উদাহৰণ  দিয়া  ৷
উত্তৰ : যিবিলাক  পদাৰ্থৰ  চিকমিকনি  আছে  সেইবোৰক  ধাতু  বোলা  হয় ৷  যেনে : লো  ,  তাম  ,  এলুমিনিয়াম 
২/ কোমল  পদাৰ্থ  আৰু  কঠিন  পদাৰ্থ  কাক  বোলে  ?  উদাহৰণ  দিয়া  ৷
উত্তৰ  :  যিবোৰ  পদাৰ্থ  সহজে  চেপেটা  কৰিব  পাৰি  বা  আঁচোৰ  মাৰিব  পাৰি  সেইবোৰক  কোমল  পদাৰ্থ  বোলা  হয়  ৷  যেনে  :  কপাহ,  মমবাতি  ,  চকপেঞ্চিল,  ইত্যাদি  ৷
       যিবোৰ  পদাৰ্থক  সহজে  চেপেটা  কৰিবলৈ  টান  হয়  সেইবোৰক  কঠিন  পদাৰ্থ  বোলা  হয়  ৷  যেনে  :  লো, হীৰা ,  কঠিন  শিল  ইত্যাদি  ৷
৩/ বাহ্যিক  ৰূপত  পদাৰ্থৰ  কি কি  গুণাগুণ  থাকিব  পাৰে  ?
উত্তৰ  :  বাহ্যিক  ৰূপত  পদাৰ্থৰ  দ্যুতি , কঠিনতা,  খহটা  বা  মিহি  গুণাগুণ  থাকিব  পাৰে  ৷ 
৪/ দ্ৰ্ৱণীয়  আৰু  অদ্ৰৱণীয়  দ্ৰব্য  কাক  বোলে  ?  উদাহৰণ  দিয়া
উত্তৰ  :  যিবোৰ  পদাৰ্থ  পানীত  মিহলালে  সৰ্ম্পূণভাৱে  দ্ৰৱীভূত  হয়  তাক  দ্ৰৱণীয়  পদাৰ্থ  বোলে  ৷  যেনে  :  ভিনেগাৰ,  নেমু  ৰস 
  যিবোৰ  পদাৰ্থ  পানীত  মিহলালে  সৰ্ম্পূণভাৱে  দ্ৰৱীভূত  নহয়  তাক  অদ্ৰৱণীয়  পদাৰ্থ  বোলা  হয়  ৷  যেনে  :  নাৰিকল  তেল  ,  কেৰাচিন  তেল    
৫/ স্বচ্ছ ,  অস্বচ্ছ  আৰু  ঈষৎ  স্বচ্ছ  পদাৰ্থ  কাক  বোলে  ?  উদাহৰণ দিয়া ৷
উত্তৰ  :  যিবোৰ  পদাৰ্থ  বা  দ্ৰব্যৰ  মাজেৰে  চালে  বস্তু  দেখা  পোৱা  যায়  , সেই  পদাৰ্থবোৰক  স্বচ্ছ  পদাৰ্থ  বোলা  হয়  ৷ যেনে  :  কাচ,  পানী , বায়ু
      যিবোৰ  পদাৰ্থ  বা  দ্ৰব্যৰ  মাজেৰে  চালে  বস্তু  দেখা  পোৱা  নাযায়  , সেই  পদাথবোৰক  অস্বচছ  পদাৰ্থ  বোলা  হয়  ৷  যেনে  : কাঠ , ডাঠ  কাগজ  , ডাঠ  লো 
      যিবোৰ  পদাৰ্থ  বা দ্ৰব্যৰ  মাজেৰে  চালে  বস্তুবোৰ  দেখি  যদিও  স্পষ্ট  নহয়  ,  তেনে  পদাৰ্থক  ঈষৎ  স্বচ্ছ  বোলা  হয়  ৷  যেনে :  ঘিউ  কাগজ ,  প্লাষ্টিকৰ  পাতল  টুকুৰা ৷ 
6/ তলৰ  প্ৰতিটো  শব্দৰ  ইংৰাজী  প্ৰতিশব্দ  লিখা :
কঠিন,  অদ্ৰৱণীয়,  চিকমিকনি,  পদাৰ্থ,  ধাতু,  অস্বচ্ছ,  খহতা,   দ্ৰৱণীয়,  ঈষৎ স্বচ্ছ,  স্বচ্ছ
উত্তৰ  : প্ৰদত্ত  প্ৰতিটো  শব্দৰ  ইংৰাজী  প্ৰতিশব্দ  তলত লিখা  হ’ল - 
 কঠিন  :  Hard
  অদ্ৰৱণীয়   : Insoluble
  চিকমিকনি  :  Lustre
  পদাৰ্থ  : Material
  ধাতু  :  Metals
  অস্বচ্ছ  : Opaque
  খহতা  : Rough
   দ্ৰৱণীয়  :  Soluble
  ঈষৎ স্বচ্ছ  :  Translucent
  স্বচ্ছ  : Transparent
৭/ পদাৰ্থৰ  বিভিন্ন  ধৰ্মবোৰ  উল্লেখ  কৰা  ৷
উত্তৰ  :  পদাৰ্থৰ  বিভিন্ন  ধৰ্মবোৰ  তলত  উল্লেখ  কৰা  হ’ল –
(ক) বাহ্যিকতাৰ  ওপৰত  নিৰ্ভৰ  কৰি  পদাৰ্থৰ  দ্যুতি,  কঠিনতা , খহটা বা মিহি  গুণাগুণ  থাকিব  পাৰে  ৷
(খ) পদাৰ্থবোৰ পানীত দ্ৰৱণীয়  বা  অদ্ৰৱণীয়  হ’ব  পাৰে  ৷
(গ) কিছুমান  পদাৰ্থ  পানীত ডুবিব  পাৰে  আৰু  কিছুমান  পানীত  ওপঙিব  পাৰে ৷
(ঘ) পদাৰ্থবোৰ  স্বচ্ছ,  অস্বচ্ছ  বা ঈষৎ  স্বচ্ছ  হ’ব  পাৰে  ৷


------- 0------------  

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)