ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

(২) খাদ্যৰ উপাদানসমূহ

Admin
0
(২) খাদ্যৰ উপাদানসমূহ

অনুশীলনী  :
১/ আমাৰ  খাদ্যৰ প্ৰধান পৰিপোষকসমূহৰ নাম উল্লেখ কৰা ৷
উত্তৰ : আমাৰ  খাদ্যৰ  প্ৰধান  পৰিপোষকসমূহৰ  নাম  হ’ল  :
(ক) কাৰ্ব’হাইড্ৰেট
(খ) প্ৰ’টিন
(গ) স্নেহপদাৰ্থ
(ঘ) ভিটামিন
(ঙ) খনিজ  লৱণ
ইয়াৰ  উপৰিও  আঁহজাতীয়  খাদ্য  আৰু  পানী  ৷
২/ তলত  দিয়াবোৰৰ  নাম  উল্লেখ  কৰা  : 
(ক) আমাৰ  শৰীৰত  শক্তি  যোগান  ধৰা  প্ৰধান  পৰিপোষকসমূহ  ৷
উত্তৰ  :  স্নেহপদাৰ্থ  আৰু  কাৰ্ব’হাইড্ৰেট
(খ)  আমাৰ  শৰীৰৰ  বৃদ্ধি    আৰু  ইয়াৰ  পুনৰ  গঠনৰ  বাবে  প্ৰয়োজন  হোৱা  পৰিপোষকসমূহ  ৷
উত্তৰ  :  প্ৰ’টিন  আৰু  খনিজ  লৱণ
(গ)  দৃষ্টিশক্তি  ভালে  ৰাখিবলৈ  প্ৰয়োজন  হোৱা  ভিটামিনবিধ  ৷
উত্তৰ  :  ভিটামিন  A
(ঘ)  হাড়  সুস্হ  ৰাখিবলৈ  প্ৰয়োজন  হোৱা  খনিজ  পদাৰ্থবিধ  ৷
উত্তৰ  :   কেলছিয়াম
৩/  তলত  দিয়া  উপাদান  সমৃদ্ধ  খাদ্যবোৰৰ  প্ৰতিটোৰে  দুটাকৈ  নাম  উল্লেখ  কৰা  ৷
(ক) স্নেহপদাৰ্থ
(খ) শ্বেতসাৰ
(গ) আঁহজাতীয়  খাদ্য 
(ঘ) প্ৰ’টিন
উত্তৰ  :  (ক) স্নেহপদাৰ্থ  :    বাদাম ,  তিল
(খ) শ্বেতসাৰ  :  ভাত  ,  আম
(গ) আঁহজাতীয়  খাদ্য  :  দাইল  ,  আলু
(ঘ) প্ৰ’টিন  :  বুট  ,  মটৰ  মাহ 

৪/ শুদ্ধ  বাক্যটোত  চিন  ( P)  দিয়া  ৷
(ক) কেৱল  ভাত  খালেই  আমাৰ  দেহৰ  প্ৰয়োজনীয়  পৰিপুষ্টি  পূৰণ  হয়  ৷
(খ) সুষম  আহাৰে  অভাৱজনিত  ৰোগবোৰক  বাধা  দিব  পাৰে  ৷
(গ) শৰীৰৰ  বাবে  লগা  সুষম  আহাৰত  বিভিন্ন  ধৰণৰ  খাদ্যবস্তু  থাকিব  লাগে ৷
(ঘ) কেৱল  মাংসই  শৰীৰৰ  বাবে  লগা  সকলো  প্ৰয়োজনীয়  পৰিপোষক  যোগান  ধৰিবলৈ  যথেষ্ট  ৷
উত্তৰ  :  (ক) কেৱল  ভাত  খালেই  আমাৰ  দেহৰ  প্ৰয়োজনীয়  পৰিপুষ্টি  পূৰণ  হয়  ৷ Q
(খ) সুষম  আহাৰে  অভাৱজনিত  ৰোগবোৰক  বাধা  দিব  পাৰে  ৷  ( P )
(গ) শৰীৰৰ  বাবে  লগা  সুষম  আহাৰত  বিভিন্ন  ধৰণৰ  খাদ্যবস্তু  থাকিব  লাগে ৷  (P )
(ঘ) কেৱল  মাংসই  শৰীৰৰ  বাবে  লগা  সকলো  প্ৰয়োজনীয়  পৰিপোষক  যোগান  ধৰিবলৈ  যথেষ্ট  ৷ (Q 

৫/ খালী  ঠাই  পূৰণ  কৰা  :
(ক) ভিটামিন  ৰ  অভাৱত-------বেমাৰ  হয়  ৷
(খ) ------ৰ  অভাৱত  বেৰিবেৰি  নামৰ  এবিধ  বেমাৰ  হয়  ৷
(গ)ভিটামিন  C  ৰ  অভাৱত  এটা  বেমাৰ  হয়  যাক  -------বুলি  কোৱা  হয়  ৷
(ঘ) আমাৰ  খাদ্যত  ------ৰ  অভাৱৰ  বাবে  কুকুৰীকণা  ৰোগ  হয়  ৷
উত্তৰ  :   (ক) ভিটামিন  ৰ  অভাৱত  ৰিকেট  বেমাৰ  হয়  ৷
(খ) ভিটামিন  B1  ৰ  অভাৱত  বেৰিবেৰি  নামৰ  এবিধ  বেমাৰ  হয়  ৷
(গ)ভিটামিন  C  ৰ  অভাৱত  এটা  বেমাৰ  হয় যাক  স্কাৰ্ভি  বুলি  কোৱা  হয়  ৷
(ঘ) আমাৰ  খাদ্যত  ভিটামিন  A  ৰ  অভাৱৰ  বাবে  কুকুৰীকণা  ৰোগ  হয়  ৷  

অতিৰিক্ত  প্ৰশ্ন-উত্তৰ  : 

১/ পৰিপোষক  কি  ?
উত্তৰ  :   আমাৰ  খাদ্যত  এবিধ  বা  বহুবিধ  উপকৰণ  থাকে  আৰু  সেইবোৰ  উপকৰণত  কিছুমান  উপাদান  থাকে  যিবিলাক  আমাৰ  শৰীৰৰ  বাবে  প্ৰয়োজন  তেনে  উপাদানসমূহকে  পৰিপোষক  বোলে  ৷  
২/ আমাৰ  আহাৰত  কাৰ্ব’হাইড্ৰেট  কি  ৰূপত  পোৱা  যায়  ?
উতৰ  :  আমাৰ  আহাৰত  কাৰ্ব’হাইড্ৰেট  শ্বেতসাৰ  বা  ষ্টাৰ্চ    আৰু  শৰ্কৰাৰ  ৰূপত  পোৱা  যায় ৷
৩/ আমাৰ  খাদ্যবস্তুত  যে  শ্বেতসাৰ  আছে  বুলি  তুমি  কেনেকৈ  প্ৰমাণ  কৰিবা  ৷
উত্তৰ  : অলপ  পৰিমাণৰ  খাদ্যবস্তু  লৈ  তাত  ২  বা  ৩  টোপাল  লঘু  আয়’ডিন  দ্ৰৱ  যোগ  কৰি  লব  লাগে  ৷ যদি  খাদ্যবস্তুৰ  ৰং  নীলা-কলা  হৈছে  তেন্তে  তাত  শ্বেতসাৰ  থকাটো  বুজাব ৷
৪/  আমাৰ  খাদ্যবস্তুত  যে প্ৰ’টিন   আছে  বুলি  তুমি  কেনেকৈ  প্ৰমাণ  কৰিবা  ৷
উত্তৰ : অলপ  পৰিমাণৰ  গুড়ি  খাদ্যবস্তু  পৰীক্ষানলীত  লৈ  ১০  টোপালমান  পানী  দি  পৰীক্ষানলীটো  জোকাৰি  ল’ব  লাগে  ৷  তাৰ  পাছত  ড্ৰপাৰৰ  সহায়ত  ২  টোপাল  কপাৰ  ছালফেট  দ্ৰৱ  আৰু  ১০  টোপাল  কষ্টিক  ছ’ডাৰ  দ্ৰৱ  পৰীক্ষানলীত  মিহলাই  দিব  লাগে  ৷ পৰীক্ষা  নলীটো  জোকাৰি  কিছুসময়ৰ  বাবে  স্থিৰ  কৰি  ৰাখিব  লাগে  ৷  যদি  খাদ্যবস্তুটোৰ  ৰং  বেঙুনীয়া হয়  তেন্তে  খাদ্যবস্তুত  প্ৰ’টিন  থকাটো  বুজাব  ৷
৫/ আমাৰ  খাদ্যবস্তুত  যে  স্নেহপদাৰ্থ  আছে  বুলি  তুমি  কেনেকৈ  প্ৰমাণ  কৰিবা  ৷
উত্তৰ  : অলপ  পৰিমাণৰ  গুড়ি  খাদ্যবস্তু  লৈ  তাক  ভালদৰে  কাগজ  এখনত  মেৰিয়াই  ল’ব  লাগে  যাতে  কাগজখন  ফালি  নাযায়  ৷  কাগজখন  ভালদৰে  পোহৰৰ  বিপৰীতে  ধৰি  পৰ্যবেক্ষন  কৰিব  লাগে ৷  কাগজত  যদিহে  তেলতীয়া  দাগ  লাগিছে   তেন্তে  খাদ্যবস্তুটোত  স্নেহপদাৰ্থ  থকাটো   সূচাব  ৷    
৬/ শক্তিদায়ক  খাদ্য  কাক  বোলে  ?  উদাহৰণ  দিয়া 
উত্তৰ  :  স্নেহপদাৰ্থ  আৰু  কাৰ্বহাইড্ৰেট  থকা  খাদ্যসমূহক  শক্তিদায়ক  খাদ্য  বুলি  কোৱা  হয়  ৷  যেনে  :  চাউল,  মাকৈ,  তিল,  বাদাম,  আম  ইত্যাদি ৷
৭/ কাৰ্ব’হাইড্ৰেট  আৰু  স্নেহপদাৰ্থৰ  ভিতৰত  কোনে  বেছি  পৰিমানৰ  শক্তি  যোগায়  ?
উত্তৰ :  স্নেহপদাৰ্থই  বেছি  পৰিমাণৰ  শক্তি  যোগায়  ৷
৮/ কাৰ্ব’হাইড্ৰেটৰ  কিছুমান  উৎসৰ  নাম  লিখা  ৷
উত্তৰ  : কাৰ্ব’হাইড্ৰেটৰ  কিছুমান  উৎসৰ  নাম   হ’ল  :  আলু,  মিঠা  আলু,  গম,  আম  ইত্যাদি  ৷
৯/ স্নেহপদাৰ্থৰ  কিছুমান  উৎসৰ  নাম  লিখা  :  (ক)  উদ্ভিদজাত  (খ)  প্ৰাণীজাত 
উত্তৰ  :  স্নেহপদাৰ্থৰ  কিছুমান  উৎসৰ  নাম  হ’ল  :
(ক)  উদ্ভিদজাত  :  বাদাম,  তিল,  সঁৰিয়হ
(খ)  প্ৰাণীজাত  :  মাংস  ,  গাখীৰ, 
১০/ শৰীৰবৰ্দ্ধক  খাদ্য  কাক  বোলে  ?  উদাহৰণ  দিয়া  ৷
উত্তৰ  : প্ৰ,টিন  থকা  খাদ্যবস্তুবোৰক  সাধাৰণতে  শৰীৰ  বৰ্দ্ধক  খাদ্য  বোলা  হয়  ৷  উদাহৰণ  :  মটৰমাহ  ,  বুট,  মাছ ,  পনীৰ  ,  কণী  ইত্যাদি  ৷
১১/ ভিটামিন  কাক  বোলে  ?  ই  কেই  প্ৰকাৰৰ  আৰু  কি  কি  ?  ইয়াৰ  উৎসসমূহ  লিখিবা  ৷
উত্তৰ  :  খাদ্যৰ  যি  পৰিপোষকে  আমাৰ  শৰীৰক  বিভিন্ন  ৰোগৰ  পৰা  ৰক্ষা  কৰে  তেনে  পৰিপোষকক  ভিটামিন  বোলা  হয়  ৷ 
ই  প্ৰধানকৈ  ছয়  প্ৰকাৰৰ  :

ভিটামিনৰ  নাম

 উৎসসমূহ

A
গাখীৰ  ,  অমিতা
B
যকৃত,  বাদাম
C
কমলা,  বিলাহী
D
গাখীৰ,  মাছ
E
মাছ,  বাদাম
K
কণী,  মাংস

১২/ আঁহযুক্ত  খাদ্য  কাক  বোলে  ?  আঁহৰ  মূল  উৎসসমূক  কি  কি  ?
উত্তৰ  :  যি  খাদ্যৰ  উপাদানে  খাদ্যৰ  আয়তন  বঢ়ায়  লগতে  খাদ্যৰ  হজম  নোহোৱা  অংশ  ওলাই  যোৱাত  সহায়  কৰে  তেনে  খা্দ্যক  আঁহযুক্ত  খাদ্য  বোলে  ৷
      আঁহৰ  মূল  উৎসসমূহ  হ’ল  :  গোটা  শস্য  ,  মাহজাতীয়  শস্য,  আলু,  সতেজ  ফল-মূল  আৰু  শাক-পাচলি ৷
১3/ সুষম  আহাৰ  কাক  বোলে  ?  উদাহৰণ  দিয়া  ৷
উত্তৰ  :  যি  আহাৰত  আমাৰ  শৰীৰৰ  বৃদ্ধি  আৰু  সুস্বাস্থ্যৰ  বাবে  সকলো  পৰিপোষক  থকাৰ  উপৰিও  যথেষ্ট  পৰিমাণে  পানী  আৰু  আঁহ  থাকে  তেনে  আহাৰক  সুষম  আহাৰ  বোলা  হয়  ৷  যেনে  :  মাহজাতীয়  শস্য,  বাদাম,  ছয়াবিন,  কল,  পালেং  শাক ইত্যাদি  ৷ 
১৪/ অভাৱজনিত  ৰোগ  কি  ?  কেইবিধমান  অভাৱজনিত  ৰোগৰ  নাম  লিখা  ৷
উত্তৰ : আমাৰ  শৰীৰত  খাদ্যৰ  পৰিপোষকৰ( কাৰ্ব’হাইড্ৰেট,  প্ৰ’টিন,  স্নেহপদাৰ্থ, ভিটামিন  আৰু  খনিজ  লৱণ )  অভাৱত  দেখা  দিয়া  ৰোগসমূহক  অভাৱজনিত  ৰোগ  বোলা  হয়  ৷  কেইবিধমান  অভাৱজনিত  ৰোগৰ  নাম  হ’ল  :
(ক) দৃষ্টি  কমি  যোৱা 
(খ) বেৰিবেৰি
(গ) স্কাৰ্ভি
(ঘ) ৰিকেট
(ঙ) হাড়  আৰু  দাঁত  ক্ষয়  হোৱা
(চ) গৰল
(ছ) ৰক্তহীনতা
১৫/ মানুহৰ  দেহত  কোনটো  পৰিপোষক  বেছি  হ’লে  মেদবহুলতা ৰোগে  দেখা  দিয়ে  ?
উত্তৰ :  মানুহৰ  দেহত  স্নেহপদাৰ্থ  বা  চৰ্বি  পৰিপোষকটো  বেছি  হ’লে  মেদবহুলতা  ৰোগে  দেখা  দিয়ে  ৷ 
১৬/ ভিটামিন  আৰু  খনিজ  লৱণৰ  অভাৱত  হ’ব  পৰা  কিছুমান  ৰোগ/অসুস্থতাৰ  তালিকা  এখন  প্ৰস্তুত  কৰা  ৷ 
উত্তৰ  :  ভিটামিন  আৰু  খনিজ  লৱণৰ  অভাৱত  হ’ব  পৰা  কিছুমান  ৰোগ/অসুস্থতাৰ  তালিকা  এখন  প্ৰস্তুত  কৰা  হ’ল-

ভিটামিন/খনিজ  লৱণ

অভাৱজনিত  ৰোগ/অসুস্থতা

লক্ষণ

ভিটামিন-A
দৃষ্টি  কমি  যোৱা
দুৰ্বল  দৃষ্টি,  কুকুৰীকণা,  কেতিয়াবা  সম্পূৰ্ণ  দৃষ্টিহীনতাত  ভোগা
ভিটামিন-B1
বেৰিবেৰি
দুৰ্বল  মাংসপেশী  আৰু  কাম  কৰিবলৈ  শক্তিৰ  অভাৱ  হোৱা
ভিটামিন-C
স্কাৰ্ভি
দাঁতৰ  আলুৰ  পৰা  তেজ  ওলোৱা  আৰু  ঘাঁ শুকাবলৈ  বহুত  সময়  লগা
ভিটামিন-D
ৰিকেট
হাড়  ঠুনুকা  হোৱা  আৰু  বেঁকা  হোৱা
কেলছিয়াম
হাড়  আৰু  দাঁত  ক্ষয়  হোৱা
দুৰ্বল  হাড়  আৰু  দাঁতৰ  ক্ষয়  হোৱা 
আয়’ডিন
গৰল
ডিঙিত  থকা  গ্ৰন্তি  ফুলা  আৰু  ল’ৰা-ছোৱালীৰ  মানসিক  প্ৰতিবন্ধকতা
লো
ৰক্তহীনতা
দুৰ্বলতা


Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)