ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

(৫) দ্ৰব্যৰ পৃথকীকৰণ

Admin
0
(৫) দ্ৰব্যৰ  পৃথকীকৰণ  

অনুশীলনী :
১/ মিশ্ৰণত  থকা  উপাদানসমূহ  পৃথক  কৰা  কিয়  প্ৰয়োজন  ?  উদাহৰণ  দিয়া  ৷
উত্তৰ : মিশ্ৰণত  থকা  বিভিন্ন  উপাদানসমূহক  পৃথক  কৰাৰ  প্ৰয়োজন  আছে  : 
(ক) মিশ্ৰণত  মিহলি  হৈ  থকা  বিভিন্ন  অদৰকাৰী  আৰু  ক্ষতিকাৰক  পদাৰ্থসমূহ  আঁতৰ  কৰিবলৈ  প্ৰয়োজন  আছে  ৷
(খ) মিশ্ৰণত  মিহলি  হৈ  থকা  দুয়ো  দৰকাৰী  পদাৰ্থক  পৃথক  কৰিব  পাৰি  ৷
উদাহৰণ  : দৈ  বা  গাখীৰৰ  পৰা  মাখন  পৃথকীকৰণ  , ছেকনিৰে  চাহপাত  পৃথকীকৰণ  ইত্যাদি ৷
২/ জৰা  প্ৰক্ৰিয়া  কি ?  এই  প্ৰক্ৰিয়াটো  কিহত  প্ৰয়োগ  হয়  ?
উত্তৰ  : জৰা  প্ৰক্ৰিয়া  হ’ল  এক  গাঁৱলীয়  বিশেষ  প্ৰক্ৰিয়া  যাৰদ্বাৰা  গধুল  আৰু  পাতল  উপাদানসমুহক  বলি থকা  বতাহৰ  দ্বাৰা  পৃথক  কৰা  হয়  ৷  পটান  ধানক  ণ্ডটি  থকা  ধানৰ  পৰা  পৃথক  কৰা  হয়  ৷ গুটিৰ  পৰা  বাকলিসমূহক  আঁতৰ  কৰিবলৈ  জৰা  প্ৰক্ৰিয়া  ব্যৱহাৰ  কৰা  হয়  ৷ 
৩/ দোকানৰ  পৰা  কিনি  অনা  দাইলত  থকা  বাকলি  নাইবা  মলিৰ  কণিকাবোৰ  ৰন্ধাৰ  আগতে  তোমালোকে  কেনেকৈ  পৃথক  কৰিবা  ?
উত্তৰ  : দোকানৰ  পৰা  কিনি  অনা  দাইলত  থকা  বাকলি  নাইবা  মলিৰ  কণিকাবোৰ  ৰন্ধাৰ  আগতে  আমি  আস্ৰাৱণ  প্ৰক্ৰিয়াৰে  পৃথক  কৰিম  ৷ এই  প্ৰক্ৰিয়াত  দাইলবোৰ  পানীৰ  লগত  মিহলি  কৰা  হয়  ৷ পানীত  অশুদ্ধিবোৰ  দাইলতকৈ  পাতল  হোৱাৰ  বাবে  ওপঙি  যায়  আৰু  দাইলখিনি  তলত  থাকি  যায়  ৷  
৪/ চালনীৰে  চলা  প্ৰক্ৰিয়া  কি ?  ইয়াক  কিহত  প্ৰয়োগ  কৰা  হয়  ?
উত্তৰ  : চালনীৰে  চলা  এক  প্ৰক্ৰিয়া  যাৰদ্বাৰা  ঘেঁহু  বা  আটাৰ  মিহি  গুড়িবোৰ  ডাঙৰ  আকাৰৰ  অশুদ্ধি  যেনে  : ঘেঁহুৰ  বাকলি  আৰু  শিল-বালি  আঁতৰ  কৰিব  পাৰি ৷ ইয়াক  ঘৰত  শিলগুটিৰ  পৰা  বালি  , ঘেঁহুৰ  বাকলি  আঁতৰ  কৰিবলৈ  ব্যৱহাৰ  কৰা  হয়  ৷
৫/  বালি  আৰু  পানীক  ইহঁতৰ  মিশ্ৰণৰ  পৰা  কেনেকৈ  পৃথক  কৰিবা  ?
উত্তৰ : বালি  আৰু  পানীক  ইহঁতৰ  মিশ্ৰণৰ  পৰা  তলত  দিয়া  ধৰণে পৃথক  কৰিব  পাৰি  :
(ক) অৱক্ষেপন  আৰু  আস্ৰাৱণ :  বালি  পানীতকৈ  গধুৰ  আৰু  পানীৰ  লগত  দ্ৰৱীভূত  নোহোৱাৰ  বাবে  ই  পানীৰ  তলত  একগোট  হৈ  থাকি  যায়  ৷ ইয়াৰদ্বাৰা  বালি  আৰু  পানীক  সহজে  পৃথক  কৰিব  পাৰি ৷
(খ) পৰিস্ৰাৱণ : বালি  আৰু  পানীৰ  মিশ্ৰণক এখন  কাপোৰৰ  টুকুৰাত  ঢালি  দিয়া  হয় ৷ পানী  বালি আৰু  কাপোৰৰ  টুকুৰাৰ  মাজেদি  পাৰ  হৈ  বিশুদ্ধ  হৈ  যায় ৷
৬/ আটা  গুড়িৰ  লগত  মিহলি  হৈ  থকা  চেনি  পৃথক  কৰা  সম্ভৱনে  ? যদি  সম্ভৱ , তেনেহ’লে  কেনেকৈ  পৃথক  কৰিবা  ?
উত্তৰ  :  আটা  গুড়িৰ  লগত  মিহলি  হৈ  থকা  চেনি  পৃথক  কৰা  সম্ভৱ   হয় ৷
এয়া  চালনীৰ  চলা  প্ৰক্ৰিয়াৰে  পৃথক  কৰিব  লাগিব  ৷ চালনীৰে  চালিলে  চেনিখিনি  ওপৰত  থাকি  যাব  আৰু  আটাৰ  ণ্ডড়ি  তললৈ  পৰি  যাব  ৷
৭/ বোকাময়  পানীৰ  নমুনা  এটাৰ  পৰা  পৰিস্কাৰ  পানী  কেনেকৈ  পাবা  ?
উত্তৰ  : পৰিস্ৰাৱণ  প্ৰক্ৰিয়াৰে  বোকাময়  পানীৰ  নমুনা  এটাৰ  পৰা  পৰিস্কাৰ  পানী  পাব  পাৰো ৷  বোকাময়  পানী  পৰিস্ৰাৱণ  যতনেৰে  পাৰ  হৈ  পৰিস্কাৰ  হয়  আৰু  বোকাখিনি  ছেকনৰ  ওপৰত  থাকি  যায় ৷
৮/  খালী  ঠাই  পূৰ  কৰা  -
(ক) ধান  গছৰ  ঠাৰিৰ  পৰা  ইয়াৰ  গুটি  পৃথক  কৰা  পদ্ধতিটোক ------বোলা  হয়  ৷
(খ) গাখীৰ  উতলাই  , ঠাণ্ডা  কৰি  যেতিয়া  এখন  কাপোৰৰ  ওপৰত  ঢালি  দিয়া  হয় , তেতিয়া  সৰহখিনি  ইয়াৰ  ওপৰত  ৰৈ  যায়  ৷ গাখীৰৰ  পৰা  সৰ  পৃথক  কৰাটো  ------এটাৰ  উদাহৰণ ৷
(গ) সাগৰৰ  পানীৰ  পৰা  নিমখ -------প্ৰক্ৰিয়াৰে  আহৰণ  কৰা  হয়  ৷
(ঘ) বোকাময়  পানী  গোটেই  ৰাতি  এটা  বাল্টিত  থৈ  দিয়াত  অশুদ্ধিবোৰ  তলিত  গোট  খালে  ৷  ওপৰৰ  পৰিস্কাৰ  পানীখিনি  পাছত  বাকি  দিয়া  হ’ল  ৷ এইক্ষেত্ৰত  প্ৰয়োগ  হোৱা  পৃথকীকৰণৰ  প্ৰক্ৰিয়াটোক----------বোলা  হয় ৷
উত্তৰ  :  (ক) ধান  গছৰ  ঠাৰিৰ  পৰা  ইয়াৰ  গুটি  পৃথক  কৰা  পদ্ধতিটোক  মৰণা  মৰা  বোলা  হয়  ৷
(খ) গাখীৰ  উতলাই  , ঠাণ্ডা  কৰি  যেতিয়া  এখন  কাপোৰৰ  ওপৰত  ঢালি  দিয়া  হয় , তেতিয়া  সৰহখিনি  ইয়াৰ  ওপৰত  ৰৈ  যায়  ৷ গাখীৰৰ  পৰা  সৰ  পৃথক  কৰাটো  পৰিস্ৰাৱণ   এটাৰ  উদাহৰণ ৷
(গ) সাগৰৰ  পানীৰ  পৰা  নিমখ বাষ্পীভৱন প্ৰক্ৰিয়াৰে  আহৰণ  কৰা  হয়  ৷
(ঘ) বোকাময়  পানী  গোটেই  ৰাতি  এটা  বাল্টিত  থৈ  দিয়াত  অশুদ্ধিবোৰ  তলিত  গোট  খালে  ৷  ওপৰৰ  পৰিস্কাৰ  পানীখিনি  পাছত  বাকি  দিয়া  হ’ল  ৷ এইক্ষেত্ৰত  প্ৰয়োগ  হোৱা  পৃথকীকৰণৰ  প্ৰক্ৰিয়াটোক  অৱক্ষেপন  আৰু আস্ৰাৱণ বোলা  হয় ৷

৯/ শুদ্ধ  নে  অশুদ্ধ  -
(ক) গাখীৰ  আৰু  পানীৰ  মিশ্ৰণ  পৰিস্ৰাৱণৰ  দ্বাৰা  পৃথক  কৰিব  পাৰি ৷
(খ) নিমখ  আৰু  চেনিৰ  ণ্ডড়িৰ  মিশ্ৰণ  জৰা  প্ৰক্ৰিয়াৰ  দ্বাৰা  পৃথক  কৰিব  পাৰি  ৷
(গ) চাহৰ  পৰা চেনিৰ  পৰিস্ৰাৱণ  প্ৰক্ৰিয়াৰ  দ্বাৰা  পৃথক  কৰিব  পাৰি  ৷
(ঘ) শস্য  আৰু  ইয়াৰ  বাকলি  আস্ৰা্ৱণ  প্ৰক্ৰিয়াৰ  দ্বাৰা  পৃথক  কৰিব  পাৰি  ৷
উত্তৰ  :  (ক) অশুদ্ধ
(খ) অশুদ্ধ
(গ) অশুদ্ধ
(ঘ) অশুদ্ধ
১০/ পানীত  নেমুৰ  ৰস  আৰু  চেনি  মিহলি  কৰি  নেমুৰ  চৰবত  প্ৰস্তুত  কৰা  হয়  ৷  তোমালোকে  এই  চৰবত  ঠাণ্ডা  কৰিবলৈ  ইয়াত  বৰফ  মিহলাবলৈ  বিচাৰিছা  ৷  চেনিখিনি  দ্ৰৱীভূত  কৰাৰ  আগত  নে  পাছত  বৰফখিনি  দিয়া  উচিত  ?  কোনটো  ক্ষেত্ৰত  পানীত  বেচি  চেনি  দ্ৰৱীভূত  কৰাব  সম্ভৱ  হ’ব  ?
উত্তৰ  :  চেনিখিনি  দ্ৰৱীভূত  কৰাৰ  পাছতহে  বৰফখিনি  দিয়া  উচিত  কাৰণ পানীৰ  দ্ৰৱীভূত  ক্ষমতা  উষ্ণতা  কমাৰ  লগে  লগে  কমি  যায়  ৷ আমি  যদি  চেনিখিনি  দ্ৰৱীভূত  কৰাৰ  আগত  বৰফ  যোগ কৰোঁ  তেতিয়াহ’লে  বহুত  কম  পৰিমাণহে  চেনি  দ্ৰৱীভূত  হব  ৷

অতিৰিক্ত  প্ৰশ্ন-উত্তৰ  : 

১/ সংজ্ঞা  লিখা :  মৰণা  মৰা  ,  অ্ৱক্ষেপন,  আস্ৰাৱন,  পৰিস্ৰাৱন,  বাষ্পীভৱন,  ঘনীভৱণ,  সংপৃক্ত  দ্ৰৱ
উত্তৰ  :  মৰণা  মৰা  : ঠাৰিৰ  পৰা  শস্যৰ  পৃথক  কৰা  পক্ৰিয়াটোৱেই  হৈছে  মৰণা  মৰা  ৷ এই  প্ৰক্ৰিয়াত  ঠাৰিবোৰ  কোবাই  ঠাৰিৰ  পৰা  শস্যৰ  গুটি  পৃথক  কৰা  হয়  ৷  কেতিয়াবা  বলধ  গৰু  বা  মেচিনো   ব্যৱহাৰ  কৰা  হয়  ৷
 অ্ৱক্ষেপন  :  যি  প্ৰক্ৰিয়াৰদ্বাৰা  মিশ্ৰণৰ  গধুৰ  উপাদানবোৰ  পানীৰ  সহায়ত  পৃথক  কৰা  হয়  তেনে  প্ৰক্ৰিয়াক  অৱক্ষেপন  বোলা  হয়  ৷
 আস্ৰাৱন :  যি  প্ৰক্ৰিয়াৰদ্বাৰা  মিশ্ৰণত  পানীখিনি  ধূলিৰ  সৈতে  আঁতৰোৱা  হয়  তেনে  প্ৰক্ৰিয়াক  আস্ৰাৱণ  বোলা  হয়  ৷     
পৰিস্ৰাৱন  : এটা  জুলীয়া  পদাৰ্থ  আৰু  ইয়াত  থকা  অদ্ৰৱণীয়  গোটা  পদাৰ্থৰ  মিশ্ৰণৰ  ক্ষেত্ৰত  উপাদানসমূহক  পৃথক  কৰিবলৈ  যি  প্ৰক্ৰিয়া  প্ৰয়োগ  কৰা  হয়  তাকে  পৰিস্ৰাৱণ  বোলা  হয়  ৷
 বাষ্পীভৱন  :  পানী  ভাপলৈ  পৰিৱৰ্তন  হোৱাকে  বাষ্পীভৱন  বোলা  হয়  ৷
 ঘনীভৱন :  পানীৰ  ভাপ  জুলীয়া  পদাৰ্থলৈ  পৰিৱৰ্তন  হোৱাকে  ঘনীভৱন  বোলা  হয়  ৷
 সংপৃক্ত  দ্ৰৱ : যি  দ্ৰৱত  অধিক  দ্ৰব্য  দ্ৰৱীভূত  কৰিব  নোৱাৰি  তেনে  দ্ৰৱক  সংপৃক্ত  দ্ৰব্য  বোলা  হয় ৷
২/ তলৰ  প্ৰতিটো  শব্দৰ  ইংৰাজী  প্ৰতিশব্দ  লিখা ;
মথন,  ঘনীভৱন,  আস্ৰাৱণ,  বাষ্পীভৱন,  পৰিস্ৰাৱণ,  হাতেৰে  বাছি  উলিওৱা ,  সংপৃক্ত  দ্ৰৱ,  অৱক্ষেপণ,  চালনীৰে  চলা,  দ্ৰৱ,  মৰণা  মৰা,  জৰা  প্ৰক্ৰিয়া
উত্তৰ  : মথন   : Churning  
  ঘনীভৱন  : Condensation
  আস্ৰাৱণ : Decantation
  বাষ্পীভৱন  : Evaporation
  পৰিস্ৰাৱণ : Filtration
  হাতেৰে  বাছি  উলিওৱা  : Hand   Picking
  সংপৃক্ত  দ্ৰৱ : Saturated   Solution
  অৱক্ষেপণ :  Sedimentation
  চালনীৰে  চলা  : Sieving
  দ্ৰৱ  : Solution
  মৰণা  মৰা  : Threshing
  জৰা  প্ৰক্ৰিয়া  : Winnowing

-------------------------o-------------------------

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)