১/ তলৰ
বাক্যবোৰত থকা ভুল
তথ্য শুদ্ধ কৰা
আৰু পুনৰ তোমাৰ
টোকা বহীত লিখা :
(ক) কাণ্ডই মাটিৰ
পৰা পানী আৰু
খনিজ পদাৰ্থ শোষণ
কৰে ৷
(খ) পাতে গছক
থিয় কৰি ৰাখে ৷
(গ) শিপাই পাতলৈ
পানী পৰিৱহণ কৰে ৷
(ঘ) এপাহ ফুলত
সদায় সমান সংখ্যক
বেটুপাত আৰু পাহি
থাকে ৷
(ঙ) যদিহে এপাহ
ফুলৰ বেটুপাত সংলগ্ন
তেতিয়া হ’লে পাহিবোৰ লগত
সংলগ্ন হৈ থাকে ৷
(চ) যদি এপাহ
ফুলৰ পাহিবোৰ সংলগ্ন
তেতিয়াহ’লে গৰ্ভকেশৰ পাহিৰ
লগত সংলগ্ন হৈ
থাকে ৷
উত্তৰ :(ক) অশুদ্ধ ৷
শিপাই মাটিৰ পৰা
পানী আৰু খনিজ
পদাৰ্থ শোষণ কৰে ৷
(খ) অশুদ্ধ ৷
কাণ্ডই গছক থিয়
কৰি ৰাখে ৷
(গ) অশুদ্ধ ৷
কাণ্ডই পাতলৈ পানী
পৰিৱহণ কৰে ৷
(ঘ) অশুদ্ধ ৷
এপাহ ফুলত সমান
বা অসমান সংখ্যক
বেটুপাত আৰু পাহি
থাকিব পাৰে ৷
(চ) অশুদ্ধ ৷
যদিহে এপাহ ফুলৰ
বেটুপাত সলংগ্ন তেতিয়াহ’লে
পাহিবোৰ লগত সংলগ্ন
হৈ থাকিবও পাৰে
বা নাথাকিবও পাৰে ৷
(ছ) অশুদ্ধ ৷
যদি এপাহ
ফুলৰ পাহিবোৰ সংলগ্ন
তেতিয়াহ’লে গৰ্ভকেশৰ পাহিৰ
লগত সংলগ্ন হৈ
থাকিবও পাৰে বা নাথাকিবও
পাৰে ৷
২/ তালিকা ৭ . ৩ ত অধ্যয়ন
কৰা অনুসৰি অংকন
কৰা ---
(ক) এখিলা পাত (খ)
এথোপা মুখ্যমূল আৰু
(গ) এপাহ ফুল
৩/তোমালোকে ঘৰত
বা ঘৰৰ ওচৰে-পাজৰে
দীঘল কিন্তু দুৰ্বল
কাণ্ড থকা উদ্ভিদ
দেখা পাইছানে ? ইয়াৰ
নাম লিখা ৷
তোমালোকে ইয়াক কোন
শ্ৰেনীত অন্তৰ্ভুক্ত কৰিবা
?
উত্তৰ : আমি
ঘৰত বা ঘৰৰ
ওচৰে-পাজৰে দীঘল কিন্তু
দুৰ্বল কাণ্ড থকা
উদ্ভিদ দেখা পাইছো
৷ ইয়াৰে কিছুমান হ’ল – তিঁয়হ , কচু লতা, মটৰমাহ ইত্যাদি ৷ আমি ইয়াক
আৰোহী লতাৰ শ্ৰেনীত
অন্তৰ্ভুক্ত কৰিম ৷
৪/ উদ্ভিদৰ কাণ্ডৰ
কাম কি ?
উত্তৰ :
উদ্ভিদৰ কাণ্ডৰ কাম
হ’ল –
(ক) ই উদ্ভিদৰ
ডালক সহায় কৰে ৷
(খ) ই উদ্ভিদৰ
কলি , ফুল-ফল, পাত ওলোৱাত
সহায় কৰে ৷
(গ) ই পানী
আৰু খনিজ পদাৰ্থ
গছৰ বিভিন্ন অংশলৈ
পৰিৱহণত সহায় কৰে ৷
(ঘ) উদ্ভিদৰ বিভিন্ন
অংশলৈ খাদ্য পৰিৱহণত
সহায় কৰে ৷
৫/ তলৰ কোনবোৰ
পাতত জাল সিৰাবিন্যাস
দেখিবলৈ পোৱা যায় ?
ঘেঁহু, তুলসী,
গোমধান, ঘাঁহ, ধনীয়া,
জৱাফুল
উত্তৰ : তুলসী
, ধনীয়া আৰু
জৱাফুল
৬/ যদি এজোপা
উদ্ভিদৰ শিপাবোৰ গুচ্ছমূলযুক্ত
হয়, তেতিয়াহ’লে তুমি
এই উদ্ভিদজোপাৰ পাতত কেনেকুৱা সিৰাবিন্যাস
দেখিবলৈ পাবা ?
উত্তৰ : যদি
এজোপা উদ্ভিদৰ শিপাবোৰ
গুচ্ছমূলযুক্ত হয়, তেতিয়াহ’লে
আমি এই উদ্ভিদজোপাৰ
পাতত সমান্তৰাল সিৰাবিন্যাস
দেখিবলৈ পাম ৷
৭/ যদি এজোপা
উদ্ভিদৰ পাত জালসিৰাবিন্যাসযুক্ত হয়
তেতিয়াহ’লে ইয়াৰ শিপা কোন প্ৰকাৰৰ
হ’ব ?
উত্তৰ : যদি এজোপা
উদ্ভিদৰ পাত জালসিৰাবিন্যাসযুক্ত হয়
তেতিয়াহ’লে ইয়াৰ শিপা
মুখ্যমূল প্ৰকাৰৰ হ’ব
৷
৮/ এখিলা
কাগজত থকা পাতৰ
সাঁচ চাই গছজোপাত
মুখ্যমূল আছেনে গুচ্ছমূল
আছে কোৱাটো তোমাৰ
পক্ষে সম্ভ্ৱপৰ হ’বনে
?
উত্তৰ : এখিলা
কাগজত থকা পাতৰ
সাঁচ চাই গছজোপাত
মুখ্যমূল আছেনে গুচ্ছমূল
আছে কোৱাটো আমাৰ পক্ষে
সম্ভ্ৱপৰ হ’ব ৷
৯/ ফুলৰ বিভিন্ন
অংশৰ নাম লিখা ৷
উত্তৰ :
ফুলৰ বিভিন্ন অংশৰ
নাম হ’ল - পাহি, বেটুপাত , গৰ্ভকেশৰ, পুংকেশৰ,
ঠাৰি
১০/ তলত দিয়া
কোনবোৰ উদ্ভিদ তোমালোকে
দেখিছা ? তাৰ
ভিতৰত কোনবোৰত ফুল
আছে ?
ঘাঁহ, গোমধান,
ঘেঁহু, জলকীয়া, বিলাহী, তুলসী, বট,
শিশু, আঁহত, আম,
জামু, মধুৰিআম, ডালিম,
অমিতা, কল, নেমুটেঙা,
কঁহিয়াৰ, আলু, বাদাম
৷
উত্তৰ :
ফুল থকা উদ্ভিদবোৰ
হ’ল - ঘাঁহ, গোমধান,
ঘেঁহু, জলকীয়া, বিলাহী, তুলসী, বট,
শিশু, আঁহত, আম,
জামু, মধুৰিআম, ডালিম,
অমিতা, কল, নেমুটেঙা,
কঁহিয়াৰ, আলু, বাদাম
১১/ উদ্ভিদৰ কোন
অংশই খাদ্য প্ৰস্তুত
কৰে ? পক্ৰিয়াটোৰ
নাম লিখা ৷
উত্তৰ :
উদ্ভিদৰ পাতে খাদ্য
প্ৰস্তুত কৰে ৷ পক্ৰিয়াটোৰ
নাম হ’ল সালোক
সংশ্লেষণ ৷
১২/ ফুলৰ কোন
অংশত তোমালোকে গৰ্ভাশয়
দেখা পোৱা ?
উত্তৰ :
ফুলৰ গৰ্ভকেশৰৰ অংশত
আমি গৰ্ভাশয় দেখা
পাঁও ৷
১৩/ বেটুপাত সংলগ্ন
আৰু পৃথককৈ থকা
দুবিধ ফুলৰ নাম
লিখা ৷
উত্তৰ : বেটুপাত সংলগ্ন
আৰু পৃথককৈ থকা
দুবিধ ফুলৰ নাম হ’ল -
গোলাপ ফুল আৰু
কপাহ ৷
Please don't use spam link in the comment box.