ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

(৩) আঁহৰ পৰা কাপোৰলৈ

Admin
0
(৩) আঁহৰ  পৰা  কাপোৰলৈ 
১/ তলত  দিয়া  আঁহবোৰ  প্ৰাকৃতিক  নে  সাংশ্লেষিক  শ্ৰেণীবিভাগ  কৰা  ৷
নাইলন,  ঊল,  কপাহী,  পাট,  পলিয়েষ্টাৰ,  মৰাপাট 
উত্তৰ :
প্ৰাকৃতিক  আঁহ
সাংশ্লেষিক  আঁহ
ঊল,  কপাহী,  পাট,  মৰাপাট
নাইলন,  পলিয়েষ্টাৰ

২/ তলত  দিয়া  উক্তিবোৰ  শুদ্ধ  নে  অশুদ্ধ  উল্লেখ  কৰা  ৷
(ক) আঁহৰ  পৰা  সূতা  তৈয়াৰ  কৰা  হয়  ৷
(খ) সূতাকটা  হৈছে  আঁহ  প্ৰস্তুত  কৰাৰ  এটা  প্ৰক্ৰিয়া  ৷
(গ) মৰাপাট  হৈছে  নাৰিকলৰ  ওপৰত  থকা  বাকলি  ৷
(ঘ) কপাৰৰ  পৰা  গুটি  গুচোৱা  প্ৰক্ৰিয়াটোক  নেওঠনি  বুলি  কোৱা  হয়  ৷
(ঙ) সূতা  বৈ  এটুকুৰা  কাপোৰ  তৈয়াৰ  কৰা  হয়  ৷
(চ) পাটৰ  আঁহ  এবিধ  গছৰ  কাণ্ডৰ  পৰা  আহৰণ  কৰা  হয়  ৷
(ছ) পলিয়েষ্টাৰ  হৈছে  প্ৰাকৃতিক  আঁহ  ৷
উত্তৰ : (ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) অশুদ্ধ
(ঘ) শুদ্ধ
(ঙ) শুদ্ধ
(চ) অশুদ্ধ
(ছ) শুদ্ধ
৩/ খালী  ঠাই  পূৰণ  কৰা  :
(ক) উদ্ভিদজাত  আঁহ-------আৰু-----ৰ  পৰা  আহৰণ  কৰা  হয়  ৷
(খ) প্ৰাণীজাত  আঁহ  হ’ল------আৰু------
উত্তৰ  :  (ক) উদ্ভিদজাত  আঁহ     ফল   আৰু  কাণ্ড ৰ  পৰা  আহৰণ  কৰা  হয়  ৷
(খ) প্ৰাণীজাত  আঁহ  হ’ল  ঊল  আৰু  পাট
৪/ কপাহ  আৰু  মৰাপাটৰ  আঁহ  উদ্ভিদৰ  কোন  কোন  অংশৰ  পৰা  আহৰণ  কৰা  হয়  ?
উত্তৰ  : কপাহৰ  আঁহ  কপাহ গছৰ  ফলৰ  পৰা  আৰু  মৰাপাটৰ  আঁহ  মৰাপাট  গছৰ  কাণ্ডৰ  পৰা  আহৰণ  কৰা  হয়  ৷
৫/ নাৰিকলৰ  আঁহেৰে  তৈয়াৰী  ২  টা  সামগ্ৰীৰ  নাম  উল্লখ  কৰা  ৷
উত্তৰ  :  নাৰিকলৰ  আঁহেৰে  তৈয়াৰী  ২  টা  সামগ্ৰীৰ  নাম  তলত  উল্লখ  কৰা  হ’ল :
(ক) ৰছী
(খ) পাপোছ/দলিচা
৬/ আঁহৰ  পৰা  সূতা  তৈয়াৰ  কৰা  প্ৰক্ৰিয়াটো  ব্যাখ্যা  কৰা  ৷
উত্তৰ  :   এখন  হাতত  অলপ  কপাহ  লৈ  আনখন  হাতৰ  বুঢ়া  আঙুলি  আৰু  তৰ্জনি  আঙুলিৰে  কপাহখিনিৰ  এটা  অংশ  চেপা  মাৰি  ধৰা  হ’ল  ৷ এতিয়া  সাৱধানেৰে  কপাহখিনি  টানি  লগে  লগে  আঁহখিনি  পকাই  গলে  সূতা  ওলাব  ৷
        আঁহৰ  পৰা  সূতা  তৈয়াৰ  কৰা  পদ্ধতিটোক  সূতাকটা  বুলি  কোৱা  হয় ৷ এই  পদ্ধতিটোত  এটা  কপাহৰ  জোলৰ  পৰা  আঁহবোৰ  টানি  পকাই  দিয়া  হয়  ৷ ইয়ে  আঁহবোৰ  একেলগে  কৰি  শূতালৈ  পৰিণত  কৰে ৷

অতিৰিক্ত  প্ৰশ্ন-উত্তৰ  :   

১/ পোছাক  তৈয়াৰ  কৰা  বিভিন্ন  কাপোৰসমূহ  কি  কি  ?
উত্তৰ  :  পোছাক  তৈয়াৰ  কৰা  বিভিন্ন  কাপোৰসমূহ  হ’ল :  কপাহী,  পাট,  ঊণী, পলিয়েষ্টাৰ  ইত্যাদি  ৷ 
২/ আঁহ  কাক  বোলে  ?  ই  কেই  প্ৰকাৰৰ  আৰু  কি  কি  ?  সংজ্ঞা  লিখি  উদাহৰণ  দিয়া  ৷  
উত্তৰ  :  সূতাৰ  মিহি  গুণবোৰক  আঁহ  বোলা  হয়  ৷ ই  দুই  প্ৰকাৰৰ  :
(ক) প্ৰাকৃতিক  আঁহ :  উদ্ভিদ  আৰু  প্ৰাণীৰ  পৰা  পোৱা  আঁহবোৰক  প্ৰাকৃতিক  আঁহ  বোলে  ৷ যেনে  :  কপাহী  সূতা  ,  ৰেচমী  ,  ঊণ  সূতা
(খ) সাংশ্লষিক  আঁহ  :  যিবোৰ  আঁহ  উদ্ভিদ  আৰু  প্ৰাণীৰ  পৰা  আহৰণ  নকৰি  ৰাসায়নিক  দ্ৰব্যৰ  পৰা  আহৰণ  কৰা  হয়  তেনে  আঁহক  সাংশ্লেষিক  আঁহ  বোলে  ৷ যেনে  :  পলিয়েষ্টাৰ  ,  নাইলন  আৰু  এক্ৰাইলিক ৷ 
৩/ কপাহৰ  পৰা  তৈয়াৰী  দুবিধ  বস্তুৰ  নাম  লিখা ৷
উত্তৰ : লেপ , তুলী ৷
৪/ কপাহ  খেতিৰ  বাবে  কেনে  ধৰণৰ  জলবায়ু  প্ৰয়োজন  হয় ?
উত্তৰ : কপাহ  খেতিৰ  বাবে  সাধাৰণতে  ক’লা  মাটি  আৰু  গৰম  জলবায়ুৰ  প্ৰয়োজন ৷
৫/ আমাৰ  দেশ  ভাৰতত  কপাহ  খেতি  কৰা  কিছুমান  ৰাজ্যৰ  নাম  লিখা ৷
উত্তৰ : আমাৰ  দেশ  ভাৰতত  কপাহ  খেতি  কৰা  কিছুমান  ৰাজ্যৰ  নাম   হ’ল  :
গুজৰাট  , হাৰিয়ানা,  মহাৰাষ্ট্ৰ  ,  পাঞ্জাব,  তামিলনাডু
৬/ কপাহ  নেওঠনি  কাক  বোলে  ?
উত্তৰ :  কপাহৰ ফলবোৰৰ  পৰা  সাধাৰণতে  কপাহবোৰ  হাতেৰে  ছিঙা  হয় ৷  আঁহবোৰ  তাৰপিছত  ফণিয়াই  গুটিবোৰৰ  পৰা  পৃথক  কৰা  হয় ৷ এই  প্ৰক্ৰিয়াটোক  কপাহ  নেওঠনি  বোলা  হয় ৷
৭/ মৰাপাটৰ  খেতি  কি  কালত  কৰা  হয়  ?
উত্তৰ  :  মৰাপাটৰ  খেতি  বাৰিষা  কালত  হয়  ৷
৮/ ভাৰতবৰ্ষৰ  প্ৰধানকৈ  ক’ত  ক’ত  মৰাপাটৰ  খেতি  কৰা  হয়  ?
উত্তৰ :  ভাৰতৰ্ষৰ  প্ৰধানকৈ  পশ্চিমবংগ,  বিহাৰ  আৰু  অসমত  মৰাপাটৰ  খেতি  কৰা  হয় ৷
৯/ সূতাকটা  কি ? 
উত্তৰ  :  আঁহৰ  পৰা  সূতা  তৈয়াৰ  কৰা  পদ্ধতিটোক  সূতাকটা  বোলা  হয় ৷
১০/ সূতাৰ  পৰা  কাপোৰ  তৈয়াৰ  কৰা  পদ্ধতি  দুটা  কি  কি  ?
উত্তৰ  :  সূতাৰ  পৰা  কাপোৰ  তৈয়াৰ  কৰা  পদ্ধতি  দুটা   হ’ল :
(ক) তাঁত  বোৱা  বা  বয়ন 
(খ) গুঁঠা  কাৰ্য্য 
১১/  প্ৰাচীন  কালত  কাপোৰ  হিচাপে  মানুহে  কি  কি  ব্যৱহাৰ  কৰিছিল  ?
উত্তৰ  :  প্ৰাচীন  কালত  মানুহে  কাপোৰ  হিচাপে  গছৰ  বাকলি  , গছৰ  পাত  , প্ৰাণীৰ  ছাল  আৰু  নোম  ব্যৱহাৰ  কৰিছিল  ৷
১২/ প্ৰাচীন  ইজিপ্তৰ  নীল  নদীৰ  পাৰত  কাপোৰৰ  বাবে  কি কি খেতি  কৰিছিল  ?
উত্তৰ :  প্ৰাচীন  ইজিপ্তৰ  নীল  নদীৰ  পাৰত  কাপোৰৰ  বাবে   কপাহ  আৰু  শনগছৰ  খেতি  কৰা  হৈছিল  ৷
১৩/ বয়ন  কাক  বোলে  ?
উত্তৰ  :  দীঘ  আৰু  বাণি  হিচাপে  সূতা  একেলগে  কৰি  কাপোৰ  প্ৰস্তুত  কৰা  পদ্ধতিটোক  বয়ন  বোলা  হয়  ৷
১৪/ ইংৰাজী  প্ৰতিশব্দ  লিখা  :  কপাহৰ  জোলা  ,  কাপোৰ  ,  আঁহ,  গুঁঠা,  সূতাকটা,  বোৱা/বয়ন,  পকোৱা  সূতা 
উত্তৰ  : কপাহৰ  জোলা :  Cotton  Wool
   কাপোৰ :  Fabric
    আঁহ  :   Fibre
        গুঁঠা  :  Knitting
  সূতাকটা    :  Spinning
  বোৱা/বয়ন   :  Weaving
  পকোৱা  সূতা  :  Yarn


----------  o------------

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)