ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

(১) খাদ্য : আমি ক’ৰ পৰা পাওঁ

Admin
0
 (১) খাদ্য :  আমি  ক’ৰ  পৰা  পাওঁ  

অনুশীলনী  : 
১/ সকলো  জীৱৰ  বাবেই  একে  ধৰণৰ  খাদ্যৰ  প্ৰয়োজন  বুলি  তুমি  ভাবানে  ? 
উত্তৰ :  সকলো  জীৱৰ  বাবে  একে  ধৰণৰ  খাদ্যৰ  প্ৰয়োজন  হয়  বুলি  আমি  নাভাবো  ৷  সকলো  জীৱৰ  বাবে  খাদ্যৰ  ধৰণ  বেলেগ  বেলেগ  হয় ৷  খাদ্যৰ  ধৰণৰ  ওপৰত  নিৰ্ভৰ  কৰি  জীৱসমূহক  তিনি  ধৰণেৰে  ভাগ  কৰিব  পাৰি  ৷  সেইবোৰ  হ’ল- 
(ক) তৃণভোজী  প্ৰাণী  : যিবোৰ  প্ৰাণীয়ে  কেৱল  উদ্ভিদ  আৰু  উদ্ভিদজাত  সামগ্ৰী  খায়  তেনেবোৰ  প্ৰাণীক  তৃণভোজী  প্ৰাণী  বোলে  ৷  যেনে  :  গৰু,  হাতী  ,  ছাগলী  ইত্যাদি  ৷
(খ) মাংসভোজী  প্ৰাণী  :  যিবোৰ  প্ৰাণীয়ে  অন্য  জীৱ-জন্তুৰ  মাংস  খায়  জীয়াই  থাকে  তেনে  প্ৰাণীক  মাংসভোজী  প্ৰাণী  বোলে  ৷  যেনে  :  সিংহ,  বাঘ  ইত্যাদি  ৷
(গ) সৰ্বভোজী বা  সৰ্বভোক্ষী  প্ৰাণী : যিবোৰ  প্ৰাণীয়ে  উদ্ভিদ  আৰু  প্ৰাণী  দুয়োটা  ভক্ষণ  কৰে  তেনেবোৰ  প্ৰাণীক  সৰ্বভোজী  প্ৰাণী  বোলে  ৷  যেনে  :  মানুহ৷  কুকুৰ, মেকুৰী  ইত্যাদি  ৷    
2/ আমি  খোৱা  ৫  বিধ  উদ্ভিদ  আৰু  সিহঁতৰ  অংশবোৰৰ  নাম  উল্লেখ  কৰা  ৷
উত্তৰ :  আমি  খোৱা  ৫  বিধ  উদ্ভিদ  আৰু  সিহঁতৰ  অংশবোৰ  তলত  উল্লেক  কৰা  হ’ল :
উদ্ভিদ  :  খাব  পৰা  অংশসমূহ
গাজৰ  :  শিপা 
আপেল  : আপেলৰ  ফল
বন্ধাকবি :  পাত
আম  :  আমৰ  ফল
৩/  ‘ক’ স্তম্ভৰ  লগত  ‘খ’  স্তম্ভ  মিলোৱা  ৷
ক’  স্তম্ভ
‘খ’  স্তম্ভ
গাখীৰ, দৈ , গাখীৰৰ  ছানা  ,  ঘিউ 
আন  প্ৰাণী  খায়
পালেং  শাক,  ফুলকবি  ,  গাজৰ
উদ্ভিদ  আৰু  উদ্ভিদজাত  সামগ্ৰী
সিংহ  আৰু  বাঘ
শাক-পাচলি
তৃণভোজী  প্ৰাণীয়ে 
প্ৰাণীজাত  সামগ্ৰী

উত্তৰ  : 
ক’  স্তম্ভ
‘খ’  স্তম্ভ
গাখীৰ, দৈ , গাখীৰৰ  ছানা  ,  ঘিউ 
প্ৰাণীজাত  সামগ্ৰী
পালেং  শাক,  ফুলকবি  ,  গাজৰ
শাক-পাচলি
সিংহ  আৰু  বাঘ
আন  প্ৰাণী  খায়
তৃণভোজী  প্ৰাণীয়ে 
উদ্ভিদ  আৰু  উদ্ভিদজাত  সামগ্ৰী  খায়

৪/ তলত  দিয়া  শব্দবোৰেৰে  খালী  ঠাই  পূৰণ  কৰা  :
তৃণভোজী,  উদ্ভিদজাত,  গাখীৰ ,  কুঁহিয়াৰ,  মাংসভোজী
(ক) বাঘ  এবিধ ------- প্ৰাণী  কাৰণ,  ই  কেৱল  মাংস  খায়  ৷
(খ)  হৰিণ  কেৱল  উদ্ভিদজাত  সামগ্ৰী  খায়  আৰু  সেয়েহ  ইয়াক------বুলি  কোৱা  হয় ৷
(গ)  ভাটৌৱে  কেৱল ------সামগ্ৰী  খায় ৷
(ঘ) -------এবিধ  পানীয়,  যি  গৰু  ,  ম’হ  আৰু  ছাগলীৰ  পৰা  পোৱা  এবিধ  প্ৰাণিজাত  সামগ্ৰী  ৷
(ঙ) -------ৰ  পৰা  আমি  চেনি  পাওঁ  ৷
উত্তৰ  :  (ক) বাঘ  এবিধ  মাংসভোজী প্ৰাণী  কাৰণ,  ই  কেৱল  মাংস  খায়  ৷
(খ)  হৰিণ  কেৱল  উদ্ভিদজাত  সামগ্ৰী  খায়  আৰু  সেয়েহ  ইয়াক   উদ্ভিদজাত  বুলি  কোৱা হয় ৷
(গ)  ভাটৌৱে  কেৱল  তৃণভোজী   সামগ্ৰী  খায়
(ঘ) গাখীৰ  এবিধ  পানীয়,  যি  গৰু  ,  ম’হ  আৰু  ছাগলীৰ  পৰা  পোৱা  এবিধ  প্ৰাণিজাত  সামগ্ৰী  ৷
(ঙ) কুঁহিয়াৰ  ৰ  পৰা  আমি  চেনি  পাওঁ  ৷

অতিৰিক্ত  প্ৰশ্ন-উত্তৰ  : 

১/  খাদ্যৰ  উপকৰণ  কি  ?  উদাহৰণ  দিয়া ৷
উত্তৰ  :  মানুহৰ  খোৱাৰ  উপযোগীৰ  বাবে  খাদ্যবস্তুসমূহক  যিধৰণৰ  উপাদান  দৰকাৰ  হয়  তেনে  উপাদনক  উপকৰণ  বোলে  ৷  যেনে  :  ভাত  ৰান্ধিবলৈ  আমাক  চাউল  আৰু  পানীৰ  দৰকাৰ  হয়  ৷ ইয়াত  চাউল  আৰু  পানী  হৈছে  ভাতৰ  উপকৰণ  ৷
২/ খাদ্যবস্তু  প্ৰস্তুতকৰণত  প্ৰয়োগ  হোৱা  উপকৰণ  আৰু  সিহঁতৰ  উৎসমূহৰ  তালিকা  এখন  প্ৰস্তুত  কৰা  ৷ 
উত্তৰ  :
খাদ্যবস্তু
উপকৰণবোৰ
উৎসসমূহ
ইদলি
চাউল,  মাটিমাহৰ  দাইল,  নিমখ,  পানী
উদ্ভিদ
কুকুৰাৰ  মাংসৰ  আঞ্জা
কুকুৰাৰ  মাংস, 
প্ৰাণী
মছলা

তেল/ঘিউ 
প্ৰাণী/ উদ্ভিদ
পানী

পায়স
গাখীৰ
প্ৰাণী

চাউল
উদ্ভিদ

চেনি

চাহ
গাখীৰ
প্ৰণী

চেনি
উদ্ভিদ

চাহপাত
উদ্ভিদ

পানী


৩/ আমি  উদ্ভিদৰ  কি  কি  অংশ  খাব  পাৰো  ?
উত্তৰ  :  আমি  উদ্ভিদৰ  তলত  দিয়া  অংশবোৰ  খাব  পাৰো  :
(ক) কলি
(খ) ফুল
(গ) ডাল
(ঘ) পাত
(ঙ) শিপা
৪/ গাখীৰৰ  পৰা  তৈয়াৰ  কৰা  বস্তুসমূহ  কি  কি  ?
উত্তৰ  :  গাখীৰৰ  পৰা  প্ৰস্তুত  কৰা  বস্তুসমূহ  হ’ল  :
(ক)  মাখন
(খ)  ক্ৰীম
(গ)  ছানা
(ঘ)  দৈ

কিছু  ভাবিবলগীয়া  দিশ  :     

১/ তোমাৰ  চাৰিওফালে  থকা  সকলো  জীৱই  পৰ্যাপ্ত  পৰিমাণৰ  খাদ্য  খাবলৈ  পায়নে  ?  যদি  নাপায়  কিয়  ?
উত্তৰ  :  আমাৰ  চাৰিওফালে  থকা  সকলো  জীৱই  পৰ্যাপ্ত  পৰিমাণৰ  খাদ্য  খাবলৈ  নাপায় ৷
ইয়াৰ  কাৰণ  দুটা  হ’ল  : 
(ক)  খাদ্যদ্ৰব্যৰ  যোগান  সীমিত  আৰু  সেইহেতুকে  ইয়াৰ  দাম  বাঢ়ি  যায়  যাৰ  ফলত  সকলোয়ে  খাদ্যদ্ৰব্য  জমা  কৰিব  নোৱাৰে  ৷
(খ)  বহুতো  খাদ্যদ্ৰব্যৰ  অপচয়  হয় ৷
2/  খাদ্যৰ  অপচয়  আঁতৰাবলৈ  আমি  কি  কি  উপায়  চিন্তা  কৰিব  পাৰোঁ  ?
উত্তৰ  :  খাদ্যৰ  অপচয়  আঁতৰাবলৈ  আমি  তলত  উল্লেখ  কৰা  উপায়সমূহ  চিন্তা  কৰিব  পাৰো  : 
(ক)  নিজৰ  খাব  পৰা  সমৰ্থ  অনুসৰিহে  আমি  প্লেটত  খাদ্য  লোৱা  উচিত  ৷ 
(খ)  আমি  পৰিয়ালত  খায়  শেষ  কৰিব  পৰা  অনুসৰিহে  খাদ্য  বনোৱা  উচিত  ৷
(গ)  হোটেল  বা  দোকান-বজাৰত  খাব  পৰা  সমৰ্থ  অনুসৰিহে  আমি  খাদ্যৰ  অৰ্ডাৰ  দিয়া  উচিত ৷
(ঘ)  ভোক  লাগিলেহে  খাদ্য  গ্ৰহণ  কৰা  উচিত  ৷
(ঙ) বাচি  যোৱা  খাদ্য  খাবলৈ  নোপোৱাসকলক  প্ৰদান  কৰা  উচিত  ৷ 

নিজকে  পৰীক্ষা  কৰা  : 

সঁচা  নে  মিছা  কোৱা  :
১/ ভাৰতৰ  বিভিন্ন  অঞ্চলত  খোৱা  খাদ্যৰ  ভিন্নতা  দেখা  যায়  ৷
২/ আমাৰ  খাদ্যৰ  প্ৰধান  উৎসবোৰ  হ’ল  উদ্ভিদ  আৰু  প্ৰাণী  ৷
৩/  যিবোৰ  প্ৰাণীয়ে  কেৱল  উদ্ভিদকে  খাদ্য  হিচাপে  গ্ৰহণ  কৰে  সিহঁতক  মাংসভোজী  প্ৰাণী  বোলে  ৷

৪/ যিবোৰ  প্ৰাণীয়ে  উদ্ভিদে  আৰু  প্ৰাণী  দুয়োবিধকে  খাদ্য  হিচাপে  গ্ৰহণ  কৰে  সিহঁতক  তৃণভোজী  প্ৰাণী  বোলে  ৷

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)