ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

Half Yearly Examination 2022 , Class - X , Subject Commerce (E) , SEBA 2022 Question paper

Admin
0

                                                        Half Yearly Examination, 2022

  Class : X

                                                              Sub : Commerce (E)

Time : 3 Hrs.                                                                                                                        Full Marks : 70


SEBA Class x, Half Yearly Question Paper 2022
1. Answer the following questions as directed.     1x10=10

তলত দিয়া প্ৰশ্নসমূহৰ  উত্তৰ নিৰ্দেশ অনুসৰি দিয়া ৷

(a) A company is governed by the regulation of the Companies Act  ___ (Fill in the blank)

এটা কোম্পানী ______ চনৰ কোম্পানী আইনৰ নিন্ত্ৰণৰ অধীনত পৰিচালিত হয় ৷(খালী ঠাই পূৰ কৰা)

উত্তৰঃ 2013 

(b) An entrepreneur does not provide employments to others . (write true or false)

এগৰাকী উদ্যমীয়ে আনক নিযুক্তিৰ ব্যৱস্থা নকৰে ৷ (শুদ্ধ নে অশুদ্ধ লিখা)

উত্তৰঃ অশুদ্ধ ৷

(c) Management is considered  as both art and science. (write true or false)

ব্যৱস্থাপনাক কলা আৰু বিজ্ঞান দুয়োটা বিষয় হিচাপে ধৰা হয় ৷ (শুদ্ধ নে অশুদ্ধ লিখা)

উত্তৰঃ শুদ্ধ ৷ 

(d) A good insurance agent must be a talkative person. (write true or false)

এগৰাকী বীমা প্ৰতিনিধী কথাচহকী ব্যক্তি হ'ব লাগিব ৷ (শুদ্ধ নে অশুদ্ধ লিখা)

উত্তৰঃ শুদ্ধ ৷

(e) Which of the following is not a long term sources of finance.

তলত উল্লিখিত কোনটো দীৰ্ঘকালীন বিত্তীয় উৎস নহয় ?

(i) Equity shares                                 (ii) Retained Earning 

সাধাৰণ অংশপত্ৰ                                 সঞ্চিত আয় 

(iii) Trade credit                                  (iv) Debentures 

বাণিজ্যিক ঋণ                                     ঋণ পত্ৰ

উত্তৰঃ (iii) 

(f) There are ____ types of negotiable instrument under the Negotiable Instrument Act, 1881. (Fill in the blank)

1881 চনৰ হস্তান্তৰযোগ্য দলিল আইনৰ অধীনত ___ প্ৰকাৰৰ হস্তান্তৰযোগ্য দলিল আছে ৷ (খালী ঠাই পূৰ কৰা)

উত্তৰঃ তিনি ৷

(g) Which of the following is not primary nature of a company?

তলৰ কোনটো কোম্পানীৰ প্ৰাথমিক প্ৰকৃতি নহয়?

(i) Artificial person      (ii) Separate legal entity 

কৃত্ৰিম ব্যক্তি                    সকীয়া আইনী পৰিচয় 

(iii) Unlimited liability   (iv) Common social 

অসীমিত দেনা                 উমৈহতীয়া মোহৰ 

উত্তৰঃ (iii)

(h) The English word "Entrepreneur" originated from - word "Entrepreneur".

উদম্যী বা ইংৰাজী Entrepreneur শব্দটো------ শব্দ entreprendre ৰ পৰা লোৱা হৈছে ৷

(i) Italy             (ii) France 

ইটালী                 ফৰাছী

(iii) Garman      (iv) European

  জৰ্মানী              ইউৰোপীয়

উত্তৰঃ (ii)

(i) Debenture holders are paid a fixed rate of interest . (write true or false)

   ঋণ পত্ৰধাৰক সকলক এটা স্থিৰ হাৰত সুদ প্ৰদান কৰা হয় ৷  (শুদ্ধ নে অশুদ্ধ লিখা)

উত্তৰঃ শুদ্ধ ৷

(j) Fixed Capital is required for establishment of business.  (write true or false)

ব্যৱসায় স্থাপন কৰাৰ বাবে স্থায়ী মূলধনৰ অৱশ্যক হয় ৷   (শুদ্ধ নে অশুদ্ধ লিখা)

উত্তৰঃ শুদ্ধ ৷

2. Answer the questions in brief.     2 x 10 = 10 

তলত উল্লিখিত প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া ৷

(a) Write two difference between management and administration.

ব্যৱস্থাপনা আৰু প্ৰশাসনৰ মাজত দুটা পাৰ্থক্য লিখা ৷

উত্তৰঃ (১) ব্যৱস্থাপনাত সংগঠনটোৰ কাম কাজ সমূহ পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰা হয় ৷ আনহাতে, প্ৰশাসন ব্যৱস্থাত সম্পূৰ্ণ সংগঠনটো শাসন বা পৰিপালন কৰা হয় ৷ 

(২) ব্যৱস্থা মধ্যম স্তৰৰ ব্যৱস্থাপনা আৰু নিম্ন স্তৰৰ ব্যৱস্থাপনাৰ এক অংশ য'ত উচ্চ স্তৰৰ এই ব্যৱস্থাপনাৰ দ্বাৰা প্ৰস্তুত কৰা আঁচনিসমূহৰ মধ্যমস্তৰৰ ব্যৱস্থাপনা আৰু নিম্নস্তৰৰ ব্যৱস্থাপনাৰ যোগেদি ৰূপায়ন কৰা হয় ৷ আনহাতে,প্ৰশাসন উচ্চ স্তৰৰ ব্যৱস্থাপনাৰ এক অংশ য'ত সংগঠনটোৰ বাবে পৰিকল্পনা আৰু আঁচনিসমূহ প্ৰস্তুত কৰা হয়; যিবোৰ পৰিকল্পনা আৰু আঁচনি মধ্যম স্তৰৰ ব্যৱস্থাপনাৰ যোগেদি ৰূপায়ন কৰা হয় ৷

(b) Write two characteristics of a cheque 

চেকৰ দুটা লক্ষণৰ বিষয়ে লিখা ৷

উত্তৰঃ ১/ চেক লিখিত হয় আৰু ইয়াত জমাকাৰী বা Drawee য়ে হস্তাক্ষৰ কৰিব লাগে ৷ 

          ২/ ইয়াত এক চৰ্তবিহীন নিৰ্দেশ থাকে ৷

(c) Write two short term sources of funds.


পুজিৰ দুটা হ্ৰস্বকালীন উৎসৰ বিষয়ে লিখা 

উত্তৰঃ (ক) কিস্তি ঋণঃ

      কিস্তি  ঋণৰ জৰিয়তে বিভিন্ন সা-সম্পত্তি ক্ৰয় কৰা হয় আৰু সা-সম্পত্তি সমূহ লগে লগেই অধিকৃত কৰা হয়, কিন্তু সা-সম্পত্তিৰ মূল্য কিস্তি হিচাবত এক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰদান কৰা হয় ৷ ইয়াৰদ্বাৰা কিছু সময়ৰ বাবে পুঁজি গঠন কৰিব পাৰি যি পুঁজি ব্যৱসায়টোৰ হ্ৰস্বকালীন কাৰ্যকৰী মূলধন হিচাবে ব্যৱহাৰ কৰিব পাৰি ৷ 

(খ) অগ্ৰিম ধন বা বায়নাঃ

      কিছুমান ব্যৱসায়িক প্ৰতিষ্ঠানে তেওঁলোকৰ গ্ৰাহকসকল আৰু এজেন্টসকলৰ পৰা ফৰমাচ অনুযায়ী কিছু ধন অগ্ৰিম ধন বা বায়না হিচাবে গ্ৰহণ কৰে; যি অগ্ৰিম ধন ব্যৱসায়টোৰ বাবে এক হ্ৰস্বকালীন বিত্তীয় উৎস হিচাবে বিবেচিত হয় ৷ এনেধৰণৰ উৎসসমূহ যথেষ্ট মিতব্যয়ী হয় ৷ 

(d) Describe two functions of insurance agent.

বীমা প্ৰতিনিধিৰ দুটা কা্ৰ্য্য বাখ্যা কৰা ৷

উত্তৰঃ (ক) এজন বীমা এজেন্টে সঠিক বীমা পৰিধি বাচনি কৰাত মক্কেলজনক সহায় কৰে ৷ 

(খ) বীমা পলিচি আবেদনৰ সমস্ত পক্ৰিয়াত তেওঁ সহায় কৰে ৷ আবেদন পত্ৰৰ লগত কি কি সংলগ্ন নথিপত্ৰ দিব লাগে  এইবোৰৰ সমস্ত জ্ঞান বীমা এজেন্টজনৰ থাকে ৷ 

(e) Define entrepreneurship.

উদ্যমীতাৰ সংজ্ঞা দিয়া ৷ 

উত্তৰঃ জে এ চুমপেটাৰ মতে উদ্যমী হৈছে সেইসকল ব্যক্তি যিসকলে প্ৰযুক্তিগত অথবা সাংগঠনিক নতুনত্বৰ যোগেদি বজাৰ সম্ভাৱনাৰ চিনাক্ত কৰা ৷ উদ্যমী বা ইংৰাজী Entrepreneur শব্দটো ফৰাছী entreprendre ৰ পৰা লোৱা হৈছে যাৰ অৰ্থ হৈছে কাৰ্যভাৰ গ্ৰহণ কৰা ৷ 

(f) Explain two functions of two level management.

শীৰ্ষস্তৰৰ ব্যৱস্থাপনাৰ দুটা কাৰ্য্য বাখ্যা কৰা ৷

উত্তৰঃ (১) ব্যৱস্থাপনাৰ কাৰ্য্যাৱলীৰ স্তৰসমূহৰ শীৰ্ষ স্তৰৰ ব্যৱস্থাপনাত ব্যৱসায়িক সংগঠনটোৰ প্ৰশাসনিক কাম কাজসমূহ সমাপন হয় ৷ (২) উচ্চ স্তৰৰ ব্যৱস্থাপকসকলৰ কাৰ্যাৱলীসমূহৰ মূলতঃ ব্যৱসায়িক সংগঠনটোৰ উদ্দেশ্যসমূহ প্ৰস্তুত কৰা, পৰিকল্পনা আৰু আঁচনি প্ৰস্তুত কৰা, সিদ্ধান্ত গ্ৰহণ কৰা , কৰ্মচাৰীসকলৰ কাৰ্যসমূহৰ বাবে নীতি নিৰ্দেশনা প্ৰস্তুত কৰা আৰু ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্দাৰণ কৰা আদি কামসমূহ অন্তৰ্গত হয় ৷ 

(g) Write two difference between Equity shares and debentures.

সাধাৰণ অংশপত্ৰ  আৰু ঋণপ্ৰত্ৰৰ মাজত দুটা পাৰ্থক্য লিখা ৷     

উত্তৰঃ (১)  সাধাৰণ অংশপত্ৰ ধাৰণাকাৰীসকলে কোম্পানী বা নিগমটোৱে আহ্বান কৰা লাভ অথবা সন্মুখীন হোৱা লোকচান দুয়োটাৰ অংশ লাভ কৰে ৷  আনহাতে ঋণপত্ৰ হৈছে কোম্পানীৰ সাধাৰণ মোহৰৰ দ্বাৰা স্বাক্ষৰিত এখন দলিল, যি দলিলত কোম্পানীৰ দ্বাৰা গ্ৰহণ কৰা ঋণৰ স্বীকৃতি দিয়া হয় তথা ঋণ গ্ৰহণ আৰু ঋণ ফিৰৎ প্ৰক্ৰিয়াৰ বিভিন্ন নীতি নিয়মসমূহ লিপিবদ্ধ কৰা হয় ৷ (2)  

(h) Explain two qualities of a good insurance agent.

 এগৰাকী উত্তম  বীমা প্ৰতিনিধিৰ দুটা গুণ বাখ্যা কৰা ৷

উত্তৰঃ এগৰাকী উত্তম  বীমা প্ৰতিনিধিৰ দুটা গুণ তলত ব্যাখ্যা কৰা হ'ল - 

(i) Describe ordinary Non-Resident Rupee Account (NRO Accounts)

সাধাৰণ প্ৰবাসী টকা হিচাবৰ ব্যাখ্যা দিয়া ৷

(j) What is budgeting ?

বাজেট প্ৰস্তুতকৰণ কি ?

3. Answer the following questions: (any five)     3 x 5 = 15 

তলত প্ৰশ্নসমূহৰ উত্তৰ দিয়া ৷ (যিকোনো পাচটা) 

(a) What are the three parties involved in a cheque?

চেক বা ধনাদেশৰ সৈতে জড়িত তিনিটা পক্ষ কি কি ?

উত্তৰঃ চেক বা ধনাদেশৰ সৈতে জড়িত তিনিটা পক্ষ হ'লঃ

(ক) চেক লিখোঁতা (Drawer) অৰ্থাৎ বেংকত হিচাপ থকা ব্যক্তি ৷

(খ) বেংক অৰ্থাৎ যাৰ ওপৰত চেকখন লিখা হয় (Drawee)

(গ) প্ৰাপক (Payee) অৰ্থাৎ যিজনক টকা দিবলৈ বেংকক আদেশ দিয়া হয় ৷ 

(b) Write three characteristics of a company business.

কোম্পানী ব্যৱসায়ৰ তিনিটা লক্ষণ  বা বৈশিষ্ট্যৰ বিষয়ে লিখা ৷

উত্তৰঃ কোম্পানী ব্যৱসায়ৰ তিনিটা লক্ষণ  বা বৈশিষ্ট্যৰ বিষয়ে তলত লিখা হ'ল - 

(ক) কৃত্রিম ব্যক্তিঃ (Antificial Person) কোম্পানী হৈছে আইনৰ দ্বাৰা সৃষ্ট এক কৃত্রিম ব্যক্তি। ই এজন

প্রাকৃতিক ব্যক্তিৰ দৰে কিছুমান কাম কাজ সমাপন কৰিব পাৰে, উদাহৰণস্বৰূপে সম্পত্তিৰ গৰামী হোৱা, ঋণ সংগ্ৰহ কৰা, চুক্তি চহী কৰা আৰু নাগৰিকত্ব গ্ৰহণ কৰা। অন্যহাতে, এজন প্রাকৃতিক ব্যক্তিৰ দৰে কোম্পানীৰ পঞ্চইন্দ্ৰিয় কাৰ্য্যক্ষম নহয়; গতিকে কোম্পানী হৈছে এক কৃত্রিম ব্যক্তি।

(খ) সুকীয়া আইনী পৰিচয়ঃ (Seperate legal Entity) আইনৰ দ্বাৰা এটা কোম্পানী গঠন হোৱাৰ পিছত ই ইয়াৰ গঠনত জড়িত সদস্যসকলৰ পৰা এক পৃথক বা সুকীয়া আইনী পৰিচয় লাভ কৰে। কোম্পানী এটাৰ সম্পত্তিসমূহ আৰু ঋণসমূহ কোম্পানীযোৰ মালিকানাধীন হয় আৰু ইয়াৰ ওপৰত সদস্যসকলৰ স্বত্বাধিকাৰ নাথাকে।

(গ)স্থায়ী অস্তিত্বঃ (Perpetual Succession) কোম্পানী আইনৰ দ্বাৰা গঠিত হয় আৰু আইনৰ দ্বাৰা সমাপ্ত বা বন্ধ হয়, কোম্পানী এটাই বিৰামহীনভাবে চলি থাকে যেতিয়ালৈকে ই আইনৰদ্বাৰা সমাপ্ত বা বন্ধ হৈ নাযায়। কোম্পানী এটাৰ সদস্য বা সদস্যসকলৰ মৃত্যু অথবা সদস্যপদ ইস্তিফাই কোম্পানীৰ অস্তিত্বক প্ৰভাৱ নেপেলায়। অর্থাৎ, কোম্পানীত সদস্যৰ আগমন-প্রত্যাগমন চলি থাকে; কিন্তু কোম্পানীয়ে স্থায়ী অস্তিত্ব অক্ষুন্ন থাকে।

(c) Describe the role of manager.

এগৰাকী ব্যৱস্থাপকৰ  ভূমিকা আলোচনা কৰা ৷  

উত্তৰঃ এগৰাকী ব্যৱস্থাপকৰ  ভূমিকাৰ বিষয়ে তলত আলোচনা কৰা ক'ৰা হ'ল -

(ক) সিদ্ধান্ত গ্ৰহণ কৰোতা:

(d) Write down the features of fixed Deposit Account.

ম্যাদী বা স্থায়ী জমা হিচাবৰ প্ৰকৃতিসমূহ লিখা ৷

উত্তৰঃ ম্যাদী বা স্থায়ী জমা হিচাবৰ প্ৰকৃতিসমূহ তলত উল্লেখ কৰা হ'ল - 

(ক) এই একাউন্টৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণক নিৰ্ধাৰিত সময়ৰ বাবে ৰাহি ধন জমা কৰাৰ

সুবিধা প্ৰদান কৰি উচ্চ হাৰত সুদ আয়ৰ সুবিধা প্ৰদান কৰা ৷

(খ) নিৰ্ধাৰিত সময়সীমাৰ পূৰ্বে জমা ধনমোকলাব নোৱাৰি।) কিন্তু জৰুৰীকালীন অৱস্থাত নিৰ্ধাৰিত

সময়সীমাৰ পূৰ্বে বেংকে গ্রাহক সকলক জৰিমনাৰ বাবদ অথবা লাভৰ হাৰ কৰ্তনৰ বাবদ একাউন্ট

বন্ধ কৰি ধন মোকলোৱা বা অপসৃত কৰা সুবিধা প্ৰদান কৰে।

(গ) জমা ৰখা ধনৰ বিনিময়ত প্ৰদান কৰা সুদৰ হাৰ জমা ধনৰ পৰিমান অনুযায়ী, সময়সীমা অনুযায়ী

আৰু বেংক অনুযায়ী ভিন্ন হয়। সাধাৰণতে অন্যান্য বেংক একাউন্টতকৈ এই একাউন্টত প্রদান

কৰা সুদৰ হাৰ অধিক।

(ঘ) এই একাউন্টত ধন জমা এক নিৰ্দিষ্ট সময়সীমাৰ বাবে কৰা হয়; নুন্যতম মাহৰ পৰা সৰ্বাধিক ১০

বছৰ পর্যন্ত ধন জমা কৰিব পাৰি।

(ঙ) ধন জমাকাৰীক এখন ৰছিদ প্ৰদান কৰা হয়। 

(e) Write down the features of Bill of Exchange.

বিনিময় বিল এখনৰ প্ৰকৃতিসমূহ লিখা ৷

উত্তৰঃ বিনিময় বিল এখনৰ প্ৰকৃতিসমূহ হ'ল - 

(ক) ই সদায় লিখিত হ'ব লাগিব ৷

(খ) অৰ্থ প্ৰদান কৰিবলৈ দিয়া আদেশ চৰ্তবিহীন হ'ব লাগিব ৷ 

(গ) বিনিময় পত্ৰত প্ৰস্তুতকাৰকৰ চহী থাকিব লাগিব ৷ 

(ঘ) প্ৰদান কৰিবলগীয়া টকাৰ পৰিমান নিৰ্দিষ্ট হ'ব লাগিব ৷ 

(ঙ) প্ৰদান কৰিবলগীয়া ব্যক্তিৰ নাম বিলত নিৰ্দিষ্টভাবে ব্যক্ত কৰিব লাগিব ৷ 

(চ) বিল গ্ৰহীতা, বিলকাৰক আৰু প্ৰাপকজন নিৰ্দিষ্ট ব্যক্তি হ'ব লাগিব ৷ 

(ছ) বিনিময়পত্ৰৰ টকা ভৱিষ্যতে এটা নিৰ্দিষ্ট তাৰিখত পৰিশোধ কৰিব লাগিব ৷ 

4. Answer the following questions elaborately     3 x 5 = 15

তলত উল্লিখিত প্ৰশ্নসমূহৰ বহলাই উত্তৰ দিয়া ৷

(a) Discuss the role and importance of entrepreneurship.

উদ্যমীতাৰ ভূমিকা লিখা আৰু গুৰুত্ব আলোচনা কৰা ৷

উত্তৰঃ  উদ্যমীতাৰ ভূমিকা  আৰু গুৰুত্বৰ বিষয়ে তলত আলোচনা কৰা হ'ল - 

সংস্থাপনৰ সৃষ্টি (Employment generation): 

এজন উদ্যমীয়ে তেওঁৰ নিজৰ ব্যৱসায়িক অনুষ্ঠান স্থাপন কৰে যি অনুষ্ঠানে অন্য লোকক সংস্থাপন

প্ৰদান কৰে। এজন উদ্যমীৰ ব্যৱসায়িক কাৰ্য্যাৱলীৰ লগত সংলগ্ন একাধিক অন্যান্য কাৰ্য্যাৱলীয়ে দেশ

এখনৰ বহুতো অন্য ব্যক্তিক সংস্থাপন আৰু ধন অৰ্জনৰ সুবিধা প্ৰদান কৰে। গতিকে দেশ এখনৰ

নিবনুৱাসকলৰ সংস্থাপনৰ সুবিধা হিচাবে উদ্যমীতাই কাম কৰে।

সামগ্ৰীক অর্থনৈতিক বিকাশত অৰিহনা (Contribution to overall economic development): 

যিহেতু উদ্যমী সকলে দেশৰ সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰ কৰে, গতিকে অর্থনীতিত

উৎপাদনশীলতা বৃদ্ধি হয়৷ বজাৰত নতুন নতুন সামগ্ৰী বা সেৱাৰ যোগানে বজাৰখনৰ বেচা কিনা কাৰ্য্যৰ

বিকাশ ঘটায়। ফলস্বৰূপে উদ্যমীতাই অর্থনৈতিক বিকাশত অৰিহনা যোগায়।

ভাৰসাম্যজনিত আঞ্চলিক বিকাশ (Balanced regional development):

দেশ এখনৰ বিভিন্ন অঞ্চলত সম্পদসমূহৰ যথাৰ্থ বিতৰণৰ যোগেদি উদ্যমীতাই ভাৰসাম্যজনিত

আঞ্চলিক বিকাশ ঘটায়। যদি দেশ এখনৰ সকলোবোৰ অঞ্চল বা ক্ষেত্ৰতে উদ্যমীসকলৰ ব্যৱসায়িক

সংগঠন স্থাপিত হয় তেতিয়া দেশখনৰ সকলোবোৰ অঞ্চলৰ লোকে সমভাবে তেনেধৰণৰ ব্যৱসায়িক

সংগঠনৰ পৰা উপকাৰ লাভ কৰিব। ফলস্বৰূপে দেশখনৰ সকলোবোৰ অঞ্চলৰ সমভাবে বিকাশ সাধন

হ'ব।

আৱিষ্কাৰ (Innovation):

উদ্যমীতাই বজাৰ এখন নতু সামগ্ৰী বা সেৱাৰ উদ্ভাৱন ঘটায়। গতিকে দেশখনত নতুন নতুন

আৱিস্কাৰৰ প্ৰসাৰ ঘটে আৰু গ্ৰাহক বা উপভোক্তাসকলে নতুন নতুন সামগ্রী বা সেৱাৰ উপভোগ কৰিব

পাৰে।

আমদানি ৰপ্তানিৰ বৃদ্ধি (Increased exports and imports):

উদ্যমীসকলে অন্যান্য দেশৰ বা বিদেশৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ উৎপাদন আৰু ৰপ্তানি কৰি

দেশৰ আন্তৰাষ্টীয় বানিজ্যত অৰিহণা যোগায়। ইয়াৰোপৰি, তেওঁলোকে তেওঁলোকৰ ব্যৱসায়ৰ উৎপাদনৰ বাবে প্রয়োজনীয় কেঁচামাল বিদেশৰ পৰা আমদানি কৰি প্ৰয়োজনীয় দ্রব্যৰ উৎপাদন কৰে।

(b) Explain the nature of Companies.

কোম্পানীৰ প্ৰকৃতিসমূহ বাখ্যা কৰা ৷

উত্তৰঃ কোম্পানীৰ প্ৰকৃতিসমূহ বাখ্যা তলত কৰা হ'ল - 

(ক) কোম্পানীসমূহৰ আইনৰ অধীনত পঞ্জীয়ন হোৱাৰ পিছতহে কোম্পানী বিদ্যমান হয়।

(খ) ই সভ্য সকলৰ পৰা সম্পূর্ণ পৃথক আৰু আইনতঃ স্বতন্ত্র ব্যক্তি। ইয়াৰ নিজস্ব সত্বা (entity) আৰু নিজস্ব পৰিচয় প্রতীক (seal) আছে।

(গ)  ইয়াৰ সভ্য সকলৰ দেনাদায়িত্ব সীমিত। তেওঁলোকে লোৱা অংশ পত্ৰৰ বাবদ দিবলগীয়া ধনলৈকেহে তেওঁলোকৰ দেনা দায়িত্ব থাকে।

(ঘ) ইয়াৰ চিৰন্তন অনুক্রম (Perpetual succession) আছে; অর্থাৎ সভ্যসকল মাজে মাজে সলনি হৈ থাকিলেও কোম্পানীৰ অস্তিত্ব আৰু ধাৰাবাহিকতাত কোনো প্রভাৱ নপৰে।

(ঙ) প্রাইভেট কোম্পানীৰ বাহিৰে আন কোম্পানীৰ অংশপত্ৰসমূহ হস্তান্তরযোগ্য।

(চ) কোম্পানী এটা আইনগত ব্যক্তি। ই নিজস্ব নামত কোনো সম্পত্তি ৰাখিব বা কিনিব বা বেচিব পাবে।

(ছ) কোম্পানীয়ে নিজৰ নামত মোকৰ্দমা তৰিব বা আনেও কোম্পানীৰ ওপৰত মোকদমা তৰিব পাৰে।

(জ) যদিও কোম্পানী এটা কৃত্ৰিম ব্যক্তি, ইয়াৰ পৰিচালনা সভ্যসকলৰ মাজৰ পৰা বাছি দিয়া সঞ্চালক মণ্ডলীৰ দ্বাৰা কৰা হয়। সভ্যসকলে প্রত্যক্ষভাবে কোম্পানীৰ কামকাজত অংশগ্ৰহণ কৰিব নোৱাৰে।

(ঝ) কোম্পানী গঠনৰ বাবে পাব্লিক কোম্পানীৰ ক্ষেত্ৰত সৰ্বনিম্ন 7 জন আৰু প্ৰাইভেট কোম্পানীৰ ক্ষেত্ৰত সৰ্বনিম্ন 2 জন সভ্যৰ প্ৰয়োজন হয়। সর্বাধিক সদস্য সংখ্যা পালিক কোম্পানীৰ মূলধনৰ পৰিমাণৰ দ্বাৰা নির্ণীত হয় আৰু প্রাইভেট কোম্পানীৰ ক্ষেত্ৰত 200 জন।

(ট) কোম্পানী সাধাৰণতে লাভ অৰ্জনৰ বাবে সভ্যসকলৰ দ্বাৰা গঠিত এটা স্বেচ্ছাধীন সংস্থা।

(ঠ) এটা কোম্পানীৰ পঞ্জীয়ন অফিচ থাকিব লাগে।

(c) State the type of Cheque --

চেকৰ প্ৰকাৰ সমূহ উল্লেখ কৰা ----

(i) Anti dated cheque (অগ্ৰিম দিনাংক চেক)

(ii) Post dated cheque (পৰৱৰ্তী দিনাংক চেক)

উত্তৰঃ 

(i) Anti dated cheque (অগ্ৰিম দিনাংক চেক)

যদি এখন চেক চেক প্ৰদানকাৰীজনে প্ৰস্তুত কৰা দিনাংকৰ পূৰ্বৰ কোনো দিনাংক চেকখনত অন্তৰ্ঘত কৰে তেনেক্ষেত্ৰত চেকখনক অগ্ৰিম দিনাংক চেক বোলা হয় ৷ উদাহৰণস্বৰূপে 21 জানুৱাৰী 2020 দিনাংকত প্ৰস্তুত কৰা চেকখনত যদি 1 জানুৱাৰী 2020 - ৰ দিনাংক লিখা হয় ৷ 

(ii) Post dated cheque (পৰৱৰ্তী দিনাংক চেক)

যদি চেক প্ৰস্তুতকাৰীগণে চেকখন প্ৰস্তুত কৰা দিনাংকৰ পৰৱৰ্তী কোনো দিনাংক চেকখনত উল্লেখ কৰে ; তেনেক্ষেত্ৰত চেকখনক পৰৱৰ্তী দিনাংক চেক বোলা হয় ৷ এনেক্ষেত্ৰত বেংকে ভৱিষ্যতে উল্লেখিত দিনাংকত চেকখনৰ ধন প্ৰদান কৰে ৷ 

5. Differentiate the following.     2 x 5 = 10

তলত উল্লিখিত সমূহৰ পাৰ্থক্য লিখা ৷

(a)Fixed capital and working capital

স্থায়ী মূলধন আৰু কা্ৰ্য্যকৰী মূলধন 

(b) Saving Account and Current Account 

সঞ্চয়ী হিচাব আৰু চলিত হিচাব ৷ 

উত্তৰঃ 

(a) 

 ভিত্তি

স্থায়ী মূলধন 

কাৰ্যকৰী মূলধন 

 

সংজ্ঞা



প্ৰয়োজনীয়তা





বিত্তৰ উৎস 






ৰূপান্তৰ/পৰিবৰ্তন 




প্ৰকৃতি 





স্থিতিকাল 

 স্থায়ী মূলধন হৈছে দীৰ্ঘম্যাদী সম্পত্তিৰ ওপৰত বিনিয়োগ কৰা মূলধন


ব্যৱসায়ৰ প্ৰতিষ্ঠাপনৰ বাবে স্থায়ী মূলধনৰ আৱশ্যক হয় ৷




ব্যৱসায় এটাই স্থায়ী মূলধন বিভিন্ন ধৰণৰ দীৰ্ঘকালীন বিত্তীয় উৎস যেনে - অংশপত্ৰ, ঋণপত্ৰ, বেংক আদিৰ পৰা সংগ্ৰহ কৰে ৷



স্থায়ী সম্পত্তিৰ বাবে ব্যৱহৃত স্থায়ী মূলধন সহজেই নগদ ধনলৈ ৰূপান্তৰ নহয় 


স্থায়ী মূলধন ব্যৱসায়ৰ প্ৰাম্ভনিৰ বাবে আৰু ব্যৱসায়ৰ সম্প্ৰসাৰণৰ উদ্দেশ্য এবাৰতে সম্পত্তি ক্ৰয় কৰিবলৈ বিনিয়োগ কৰা হয় ৷

স্থায়ী মূলধনৰ দ্বাৰা দীৰ্ঘম্যাদী বিনিয়োগ হয় 

 কাৰ্যকৰী মূলধন হৈছে প্ৰবাহমান সম্পত্তিৰ ওপৰত বিনিয়োগ কৰা মূলধন


কাৰ্যকৰী মূলধনৰ ব্যৱসায়ৰ স্থায়ী সম্পত্তিসমূহ ব্যৱহাৰ কৰিবলৈ তথা দৈনন্দিন কাম-কাজৰ বাবে ব্যৱহৃত হয় 


ব্যৱসায় এটাই কাৰ্যকৰী মূলধনৰ বিনিয়োগ মূলধন বানিজ্যিক বেংকৰ ঋণ, ব্যৱসায়ৰ লাভ আহৰণ আদি উৎসৰ পৰা সংগ্ৰহ কৰে



কাৰ্যকৰী মূলধনৰ বিনিয়োগসমূহ তৰল পৰ্যায়ৰ হয় আৰু সহজেই নগদ ধনলৈ ৰূপান্তৰ হয়  


কাৰ্যকৰী মূলধন ব্যৱসায় সংগঠনটোৰ দৈনন্দিন কামকাজ সমূহৰ বাবে প্ৰয়োজন হয় 


কাৰ্যকৰী মূলধনৰ দ্বাৰা হ্ৰস্বম্যাদী বিনিয়োগ হয় ; যাৰদ্বাৰা ব্যৱসায়ীটোৰ দৈনন্দিন কাম-কাজ সমাপন হয় ৷ 

 

(b)

 ভিত্তি

সঞ্চয়ী হিচাব

চলিত হিচাব

 

সংজ্ঞা




সুত 




উপযোগী






 যি হিচাব ব্যক্তিগত সঞ্চয় বা বিনিয়োগ সঞ্চয়ৰ বাবে বেংকত একাউণ্ট খোলা হয় তাকে সঞ্চয়ী হিচাব বোলা হয় ৷


 সঞ্চয়ী হিচাবত জমাকাৰীক বেংকে নিজৰ জমা থোৱা ধনৰ ওপৰত সুত প্ৰদান কৰে 


সাধাৰণত জনতা , সৰু সৰু ব্যৱসায় কৰা লগতে চাকৰি কৰা মানুহৰ বাবে সঞ্চয় হিচাব টো অতি উপযোগী 

 যি হিচাব ব্যৱসায়ীসকলে দৈনন্দিন একাধিক লেনদেন সুবিধা পাবৰ কাৰণে খোলা হয় তাকে চলিত হিচাব বোলা হয় ৷ 


চলিত হিচাবত বেংকে জমাকাৰীৰ পৰা সুত লয় ৷



ডাঙৰ ডাঙৰ ব্যৱসায়ী তথা উদ্যোগীসকলৰ বাবে চলিত হিচাপ খোলাটো অতি উপযোগী ৷  

 



***







Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)