ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

Some Common Question For General Science Class X -HSLC -2022 SEBA Board( Given By Students For Solving)

Admin
0
Updating চলি আছেঃ ( page টো refresh কৰি থাকিবা)

1) তলৰ বিক্ৰিয়াটোৰ বাবে অৱস্থা চিহ্ন সহ এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখাঃ

(A) বেৰিয়াম ক্ল'ৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাৱ্য বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ প্ৰস্তুত হয় ৷ 

উত্তৰঃ  BaClշ(aq)  + NaշSO₄(aq) ⟶ BaSO₄(s) + 2NaCl(aq)

(2) ধাতু এটাৰ উদাহৰণ দিয়া যিটো সাধাৰণ উষ্ণতাত জুলীয়া ৷

উত্তৰঃ পাৰা  ৷

(3) ইথায়নিক এছিডৰ গঠন আঁকা ৷

উত্তৰঃ 


(4) প্ৰজাতি কি ? বা বিৱৰ্তন কি ?

উত্তৰঃ যৌন -প্ৰজনন বা ডি এন এৰ পৰিৱৰ্তনৰ ফলত ভালেকেইটাৰ  প্ৰজন্মৰ যোগেদি যি চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিৱৰ্তন হয় তাকে প্ৰজাতি বা বিৱৰ্তন বোলে ৷ 

(5) চকুৰ উপযোজন ক্ষমতা মানে কি ?

উত্তৰঃ বেলেগ বেলেগ দূৰত্বত থকা লক্ষ্যবস্তু অনুযায়ী চকুৰ লেনছে তাৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰি ল'ব পৰা সামৰ্থ্যকে চকুৰ উপযোজন ক্ষমতা বোলা হয় ৷ 

(6) কি ঘটে যেতিয়া লঘু হাইড্ৰ'ক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ৷ সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখা ৷

উত্তৰঃ  যেতিয়া লঘু হাইড্ৰ'ক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়, তেতিয়া আইৰণ ক্ল'ৰাইড আৰু হাইড্ৰ'জেন গেছ উৎপন্ন হয় ৷ সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ল -

Fe + 2HCL ⟶ FeClշ  + Hշ

(7) pH - ৰ সংজ্ঞা লিখা ৷ দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+(aq) আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে ?

উত্তৰঃ দ্ৰৱত হাইড্ৰ'জেন আয়নৰ গাঢ়তা পৰিমাপৰ বাবে উদ্ভাৱন কৰা স্কেলক pH স্কেল বোলা হয় ৷

যিহেতু এছিডৰ তীব্ৰতা H+(aq) আয়নৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে , গতিকে H+(aq) আয়নৰ গাঢ়তা বৃদ্ধি হ'লে দ্ৰৱটো অধিক আম্লিক হয় আৰু H+(aq) আয়নৰ গাঢ়তা কম হ'লে দ্ৰৱটো কম পৰিমাণে আম্লিক আৰু অধিক মাত্ৰাত ক্ষাৰকীয় হয় ৷

(8) যি অংগৰ দ্বাৰা উদ্ভিদে শ্বাস -প্ৰশ্বাসত গেছৰ সা-সলনি কৰে তাৰ নাম লিখা ৷ উদ্ভিদৰ ক্ষেত্ৰত COշ আৰু Oշ গেছৰ সা-সলনি প্ৰয়োগ হোৱা প্ৰক্ৰিয়াটোৰ নাম লিখা ৷

বা 

আমাৰ তেজৰ তৰল অংশটোক কি বোলা হয় ? ইয়াৰ কাৰ্য্য ব্যক্ত কৰা ৷

উত্তৰঃ পত্ৰৰন্ধ্ৰৰ দ্বাৰা উদ্ভিদে শ্বাস -প্ৰশ্বাসত গেছৰ সা-সলনি কৰে ৷ উদ্ভিদৰ ক্ষেত্ৰত COշ আৰু Oշ গেছৰ সা-সলনি প্ৰয়োগ হোৱা প্ৰক্ৰিয়াটোৰ নাম হ'ল ব্যাপন ৷

বা 
     আমাৰ তেজৰ তৰল অংশটোক প্লাজমা বোলা হয় ৷ 
কাৰ্য্যঃ দ্ৰৱীভূত অৱস্থাত খাদ্যবস্তু, কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰ'জেন জাতীয় বৰ্জিত পদাৰ্থবোৰ তেজৰ প্লাজমা অংশই পৰিবহন কৰে ৷ 

(9) এক্সন আৰু ডেনড্ৰাইটৰ মাজৰ পাৰ্থক্যসমূহ দৰ্শোৱা ৷

বা

প্ৰতীপ ক্ৰিয়া কি ? এই ক্ৰিয়াৰ সময়ত মগজুৱে কি ভূমিকা গ্ৰহণ কৰে ?

উত্তৰঃ ((ক)) ডেনড্ৰাইটবোৰ দেহকোষৰ পৰা ওলোৱা চুটি, শাখাযুক্ত কোষপ্ৰৰসীয় প্ৰবৰ্ধ যিয়ে ওচৰৰ নিউৰণৰ পৰা স্নায়ু প্ৰেৰণা গ্ৰহণ কৰে ৷ 
আনহাতে স্নায়ুকোষৰ আটাইতকৈ দীঘল কোষপ্ৰৰসীয় প্ৰবৰ্ধ যিয়ে অন্য স্নায়ুকোষলৈ স্নায়ু প্ৰেৰণা বহন কৰে ৷
(খ) এক্সন স্নায়ুকোষত এটা থাকে , কিন্তু এটা স্নায়ুকোষত একাধিক ডেনড্ৰাইট থাকে ৷

 
বা 
প্ৰতীপ ক্ৰিয়া হ’ল একোটা উদ্দীপনাৰ প্ৰতি এক দ্ৰুত আচম্বিত আৰু অনৈচ্ছিক সঁহাৰি৷ উদাহৰণস্বৰূপে হাঁচি মৰা, চকু টিপিওৱা ইত্যাদি ৷
 প্ৰতীপ ক্ৰিয়াত মগজুৱে ভূমিকা পালন নকৰে কিয়নো কাৰ্যকৰী পেশীয়ে ক্ৰিয়াৰ বাৰ্তা স্নায়ুৰজ্জুৰ পৰা পোনপটীয়াকৈ লাভ কৰে ৷ অৱশ্যে এই তথ্য মগজুতো উপনীত হয় য’ত এয়া ভৱিষ্যতলৈ স্মৃতি হিচাপে সঞ্চিত হৈ থাকে ৷

(10) স্ব-পোষীয় আৰু পৰপোষিত পৰিপুষ্টিৰ মাজৰ পাৰ্থক্যসমূহ লিখা ৷ 

বা 

বায়ূকূপ কি ? এইবোৰৰ বৈশিষ্ট্য কি ? 

উত্তৰঃ 
স্বপোষিত পুষ্টি আৰু পৰিপোষিত পুষ্টিৰ মাজত পাৰ্থক্য হ’ল:
ক্ৰমিক নং
স্বপোষিত পুষ্টি
পৰপোষিত পুষ্টি
1
স্বপোষিত পুষ্টিত জীৱসমূহে সালোক সংশ্লেষণৰ দ্বাৰা নিজৰ আহাৰ নিজে প্ৰস্তত কৰি লয়৷
পৰপোষিত পুষ্টিত জীৱসমূহে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিজৰ আহাৰৰ বাবে স্ব-পোষী জীৱসমূহৰ ওপৰতৰ নিৰ্ভৰ কৰে৷
2
স্বপোষিত পুষ্টিত খা্দ্যৰ উৎস হ’ল কাৰ্বন ডাই-অক্সাইড আৰু পানীৰ দৰে সৰল অজৈৱিক পদাৰ্থসমূহ৷
পৰপোষিত পুষ্টিত খাদ্যৰ উৎস হ’ল জটিল জৈৱ খাদ্য পদাৰ্থসমূহ৷
3
স্বপোষিত পুষ্টিত পত্ৰহৰিৎ নামৰ সেউজীয়া ৰণ্জক পদাৰ্থৰ উপস্হিতি অপৰিহাৰ্য৷
পৰপোষিত পুষ্টিত এনে কোনো ৰণ্জক পদাৰ্থৰ প্ৰয়োজন নাই৷
4
স্বপোষিত পুষ্টিৰ উদাহৰণ হ’ল সেউজীযা উদ্ভিদসমূহ, নীলা-সেউজিয়া শেলাই আৰু নিৰ্দিষ্ট কিছুমান বেক্টেৰীয়া ৷
পৰপোষিত পুষ্টিৰ উদাহৰণ হ’ল মানুহ আৰু অন্যান্য প্ৰাণী, ভেঁকুৰ আদি ৷


বা

হাঁওফাঁওৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগৰ সৃষ্টি হয় ৷  এই বেলুন সদৃশ অংগবোৰক বায়ুকূপ বুলি কোৱা হয় ৷ 
বৈশিষ্ট্যঃ (ক) আকৃতি মোনাৰ দৰে থাকে ৷ (খ) বায়ুকোষৰ বেৰসমূহ ডাঠ হয় ৷ (গ) ই ৰক্তজালিকাৰে গঠিত ৷

(11) গোলাকৰ দাপোণ এখনৰ ফ'কাছ দৈৰ্ঘ্য 10 চেমি , ইয়াৰ ভাঁজ ব্যাসাৰ্ধ কিমান ?

সমাধানঃ 

ইয়াত  f = 10 cm 

যিহেতু , R = 2f 

=> R = 2 x 10 cm = 20 cm 

(12) এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে ১৬ মিনিট সময়ত 0.5  এম্পিয়াৰ  প্ৰবাহ লয় ৷ বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানাৰ পৰিমান উলিওৱা ৷

সমাধানঃ 

ইয়াত , t = 16 minute 
             = (60 x 16) seconds
          I = 0.5 A
          Q = ?
এতিয়া ,

       Q = It 
           = 60 x 16 x 0.5 
           = 60 x 16 x 5/10 
           =480 C //
(13) বৈদ্যুতিক মটৰৰ মূলনীতিটো কি ?

উত্তৰঃ বৈদ্যুতিক মটৰ হ’ল বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰুপান্তৰ কৰা এটা সঁজুলি ৷ ইয়াৰ মূলনীতি এয়ে যে চৌম্বক ক্ষেত্ৰ এখনত বিদ্যুৎ প্ৰবাহী কুণ্ডলী বা পৰিবাহী এটা সংস্থাপন কৰিলে এটা বল ক্ৰিয়াশীল হয় আৰু ঘূৰিবলৈ ধৰে ৷

(14) পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি ব্যাখ্যা কৰা ৷

উত্তৰঃ (ক) মৃত  উদ্ভিদ  আৰু প্ৰাণী  তথা বৰ্জিত  পদাৰ্থসমূহৰ  পচন  আৰু  বিয়োজনত  সহায়  কৰি  পৰিৱেশক  নিকা  কৰি  ৰাখে ৷ 
                   (খ) মাটিৰ  প্ৰাকৃতিক  উৰ্বৰতা  পুনৰায় ঘূৰাই আনে  ৷ মৃত  বৰ্জিত  পাদৰ্তবোৰৰ  বিয়োজনৰ  দ্বাৰা  উৎপন্ন  হোৱা  পোষক  দ্ৰব্যবোৰ  মাটিয়ে  ধৰি  ৰাখে  যিটোৱে  মাটিৰ  উৰ্বৰতা  বৃদ্ধি  কৰে ৷
                            (গ)  পৰিৱেশক  এক  উপযুক্ত  ভাৰসাম্যতা  সৃষ্টি কৰে ৷  


(15) কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক ধবংস কৰিলে কি ঘটিব ?

উত্তৰঃ যদি এটা পৌষ্টিক স্তৰৰ সকলোবোৰ জীৱকে ধ্বংস কৰি পেলোৱা হয়, তেতিয়া—
       (i)পূৰ্বৱৰ্তী নিম্ন পৌষ্টিক স্তৰৰ জীৱবোৰৰ সংখ্যা অধিকভাবে বৃদ্ধি হ’ব যিহেতু সেইবোৰ ভক্ষণ কৰা 
         নহব৷
       (ii) পৰৱৰ্তী উচ্চতৰ পৌষ্টিক স্তৰৰ জীৱবিলাক অনাহাৰে থকাৰ ফলত ইহঁতৰ সংখ্যা হ্ৰাস পাব ৷
  (iii) খাদ্য শৃংখলৰ শক্তিৰ প্ৰবাহত ব্যাঘাত জন্মিব আৰু পৰিস্হিতি তন্ত্ৰৰ ভাৰসম্যহীনতাৰ কাৰণ হৈ পৰিব পাৰে ৷                                   



  
  ধৰা হ’ল সকলোবোৰ ভেকুলী মাৰি পেলোৱা হ’ল তেতিয়া পৰৱৰ্তী উচ্চতৰ ক্ৰমিক পৌষ্টিক স্তৰৰ জীৱসমূহ, অৰ্থাৎ সাপ আৰু শগুণবোৰৰ অনাহাৰে থকাৰ ফলত মৃত্যু হ’ব ৷ তদুপৰি পূৰ্বৱৰ্তী নিম্ন স্তৰৰ জীৱসমূহ, অৰ্থাৎ কীট-পতংগবোৰৰ সংখ্যা অধিকভাৱে বৃদ্ধি হ’ব যিহেতু সেইবোৰ ভক্ষণ কৰিবলৈ কোনো নাথাকিব ৷

(16) বগা ছিলভাৰ ক্ল'ৰাইড সূৰ্য্যৰ পোহৰত ৰাখিলে কি ঘটিব ?

ওপৰৰ পৰিৱৰ্তনটোৰ ৰাসায়নিক সমীকৰণ লিখা ৷ এই ৰাসায়নিক বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা ৷

বা 

এটা উত্তলন নলীত 2g মান লেড নাইট্ৰেট পাউদাৰ লোৱা আৰু ইয়াক শিখাৰ ওপৰত ধৰি গৰম কৰা ৷ তোমাৰ নিৰীক্ষণ সন্ত্তলিত ৰাসায়নিক সমীকৰণেৰে সৈতে ব্যাখা কৰা ৷ এই বিক্ৰিয়াটো কি প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়াৰ অন্তৰ্গত ৷

উত্তৰঃ বগা ছিলভাৰ ক্ল'ৰাইড সূৰ্য্যৰ পোহৰত ৰাখিলে ই মটীয়া ৰঙৰ হৈ পৰিব ৷ পোহৰে ছিলভাৰ ক্ল'ৰাইডক ছিলভাৰ আৰু ক্ল'ৰিনলৈ বিযোজিত কৰি দিয়ে ৷ ৰাসায়নিক সমীকৰণটো হ'ল - 

          সূৰ্য্যৰ পোহৰ
2AgCl     ⟶       2Ag  + Clշ

এই ৰাসায়নিক বিক্ৰিয়াটোৰ প্ৰকাৰ  হ'ল বিযোজন বিক্ৰিয়া ৷ 

বা 

নলীটোৰ পৰা মুগা বৰণীয়া ধোৱা নিৰ্গত হোৱা দেখিম ৷ এই ধোঁৱাবোৰ নাইট্ৰ'জেন ডাই অক্সাইডৰ ৷ আৰু ই এটা বিযোজন বিক্ৰিয়া ৷ ইয়াৰ ৰাসায়নিক সমীকৰণটো হ'ল -

2Pb(NOვ)շ ⟶   2PbO  + 4NOշ + Oշ 

(17) (a)মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো কি ? 

উত্তৰঃ মৌলবোৰৰ ধৰ্মবোৰ  সিঁহতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় ৷ 

(b) মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ দুটা সফলতা আৰু দুটা সীমাবদ্ধতা লিখা ৷ 

উত্তৰঃ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ 

দুটা সফলতাঃ (ক) মেণ্ডেলিভে তেওঁৰ তালিকাখনত কিছুমান ঠাই এৰি গৈছিল ৷ এই খালী ঠাইবোৰত সেই সময়ত আৱিস্কাৰ নোহোৱা কিছুমান মৌলৰ অৱস্থিতিৰ বিষয়ে মেণ্ডেলিভে ভৱিষ্যতবাণী কৰিছিল যিবোৰ সঁচা হৈছিল ৷ 

(খ) হিলিয়াম, নিয়ন, আৰ্গনৰ দৰে সম্ভ্ৰান্ত গেছবোৰ অতিশয় নিষ্ক্ৰীয় আৰু আমাৰ বায়ুমণ্ডলত এইবোৰ নিচেই কম মাত্ৰাত থাকে বাবে এইবোৰ আৱিষ্কৃত হওঁতে বহু পলম হৈছিল ৷ যেতিয়া আৱিষ্কৃত হ'ল তেতিয়া ইহঁতক তালিকাখনত ইতিপূৰ্বে খালী হৈ থকা ঘৰসমূহ পূৰ্ণ হৈছিল ৷

দুটা সীমাবদ্ধতাঃ 

(ক) মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখনে হাইড্ৰ'জেনৰ সঠিক স্থান কৰিব পৰা নাছিল ৷

(খ) এটা মৌলৰ পৰা পাছৰটো মৌললৈ যাওঁতে পাৰমাণৱিক ভৰৰ বৃদ্ধি সুসমভাৱে নঘটিছিল ৷

বা  

(a) উদাহৰণেৰে সৈতে ড'বাৰেইনাৰ ট্ৰায়াড ব্যাখ্যা কৰা ৷

উত্তৰঃ ড'বাৰেইনাৰে একে ধৰ্মবিশিষ্ট মৌলবোৰক একো একোটা গোটত সজাবলৈ যত্ন কৰিছিল ৷ তেওঁ তিনিটা তিনিটা মৌল থকা কেইটামান গোট চিনাক্ত কৰিছিল ৷ এইবোৰক তেওঁ ট্ৰায়াড বা ত্ৰিক বুলিছিল ৷তেওঁ দেখুৱাইছিল যে ট্ৰায়াড এটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্দ্ধিত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান হয় ৷ 
    উদাহৰণস্বৰূপে লিথিয়াম, ছডিয়াম আৰু পটেছিয়ামেৰে গঠিত ট্ৰায়াডটো লোৱা হওক ৷ ইহঁতৰ পাৰমাণৱিক ভৰ ক্ৰমে 6.9 , 23.0 আৰু 39.0 . আমি গড় মান উলিয়ালে ছডিয়ামৰ পাৰমাণৱিক ভৰৰ প্ৰায় সমান হয় ৷ 

(b) নিউলেণ্ডছৰ অষ্টকৰ স্তম্ভবোৰৰ ড'বাৰেইনাৰ ট্ৰায়াড আছিলনে ? 

উত্তৰঃ আছিল ৷

18) নিউলেণ্ডছৰ সময়ত কিমান সংখ্যক মৌল থকা বুলি জনা গৈছিল ? নিউলেণ্ডছে মৌলবোৰৰ শ্ৰেণীবিভাজন আৰম্ভ কৰা প্ৰথম আৰু শেষৰ মৌলদুটাৰ নাম কি ? কোনটো মৌল পৰ্যন্ত নিউলেণ্ডছৰ অষ্টক সূত্ৰটো প্ৰযোজ্য হোৱা পোৱা গৈছিল ? 

উত্তৰঃ 56 টা মৌল থকা বুলি জনা গৈছিল ৷ নিউলেণ্ডছে মৌলবোৰৰ শ্ৰেণীবিভাজন আৰম্ভ কৰা প্ৰথম মৌলটোৰ নাম হ'ল হাইড্ৰ'জেন আৰু শেষৰটো থ'ৰিয়াম ৷ কেলছিয়াম পৰ্যন্ত নিউলেণ্ডছৰ অষ্টক সূত্ৰটো প্ৰযোজ্য হোৱা পোৱা গৈছিল ৷

17) উদ্ভিদৰ ক্ষেত্ৰত ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয় ? 

উত্তৰঃ অন্ত:স্ৰাৱী গ্ৰন্থিয়ে নি:সৰণ কৰা হৰম’ন বুলি কোৱা ৰাসায়নিক পদাৰ্থৰ জৰিয়তে প্ৰাণীদেহত ৰাসায়নিক সম্বন্বয় সংঘটিত হয় ৷ এই হৰম’ন বিলাক তেজে সংশ্লিষ্ট কলা বা অংগলৈ প্ৰেৰণ কৰি দেহকোষৰ বিভিন্ন ক্ৰিয়াকলাপৰ নিয়ন্ত্ৰণ আৰু সমন্বয় সাধনৰ লগতে ইয়াৰ বৃদ্ধিও ঘটায় ৷
উদাহৰণস্বৰূপে : থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন হৰম’ন নি:সৰণ কৰে যিয়ে দেহৰ কাৰ্বহাইড্ৰেট, প্ৰ’টিন আৰু চৰ্বীৰ বিপাকীয়া ক্ৰিয়া নিয়ন্ত্ৰণ কৰে ৷

(18) পুনৰ জীৱন কি ? পুনৰ জীৱন আৰু মুকুলোদগমৰ মাজৰ পাৰ্থক্য লিখা ৷

উত্তৰঃ ভিন্ন অংগবিশিষ্ট জীৱই দেহৰ বিচ্ছিন্ন অংশৰ পৰা নতুন জীৱ উৎপত্তি কৰা প্ৰক্ৰিয়াক পুনৰ জীৱন বোলা হয় ৷ 

   ভিন্ন অংগবিশিষ্ট জীৱই দেহৰ বিচ্ছিন্ন অংশৰ পৰা নতুন জীৱ উৎপত্তি কৰা প্ৰক্ৰিয়াক পুনৰ জীৱন বোলা হয় ৷  আনহাতে ,যি প্ৰজনন প্ৰক্ৰিয়াত সংশ্লিষ্ট জীৱদেহৰ নিৰ্দিষ্ট স্থানত পুনৰাবৃত্তভাৱে কোষৰ বিভাজন ঘটি টেমুনাৰ সৃষ্টি হয় ৷ তাকে মুকুলোদ্গম বোলে ৷ 

(19) এপাহ ফুলৰ দৈৰ্ঘ্যচ্ছেদৰ এটি পৰিষ্কাৰ চিহ্নিত চিত্ৰ আঁকা ৷ ইয়াৰ প্ৰজনন অংগসমূহ উল্লেখ কৰা আৰু সেইবোৰৰ কাৰ্য ব্যক্ত কৰা ৷

উত্তৰঃ 

(20) চাৰিত্ৰিক বৈশিষ্ট্য কি ? মেণ্ডেলৰ যি কোনো এটা পৰীক্ষাৰ সহায়ত দেখুওৱা যে চাৰিত্ৰিক বৈশিষ্ট্যসমূহ প্ৰভাৱী বা অপ্ৰভাৱী হ'ব পাৰে ৷ 

উত্তৰঃ  চাৰিত্ৰিক বৈশিষ্ট্য হ'ল বাহ্যিক ৰূপ যিয়ে এটা প্ৰজাতিক আনটোৰ পৰা পৃথক কৰে ৷ 

মেণ্ডেলে মটৰ মাহৰ বিশুদ্ধ ওখ গছ আৰু চাপৰ গছৰ মাজত সংকৰণ ঘটাই এটা পৰীক্ষা চলাইছিল ৷ দেখা গৈছিল যে প্ৰথম অপত্য জনু অৰ্থাৎ F1 ৰ আটাইবোৰ উদ্ভিদেই ওখ আছিল ৷ এই জনুৰ মাজত সংকৰণত দ্বিতীয় অপত্য জনু অৰ্থাৎ F2 ৰ আটাইবোৰ ওখ নহৈ এক-চতুৰ্থাংশৰ চাপৰ উদ্ভিদ সৃষ্টি হৈছিল ৷ ইয়ে প্ৰমাণ কৰে যে ওখ আৰু চাপৰ গুণ F1 জনুই অৰ্জন কৰিছিল যদিও সেই জনুত কেৱল ওখ গুণটোহে প্ৰকাশ পাইছিল ৷ চাপৰ গুণটো তাত আছিল যদিও দ্বিতীয় অপত্য জনু F2 তহে সেয়া প্ৰকাশ পাইছিল ৷ গতিকে জনুত প্ৰকাশ পোৱা ওখ গুণটো প্ৰভাৱী চৰিত্ৰ হোৱাৰ বিপৰীতে চাপৰ গুণটো অপ্ৰভাৱী চৰিত্ৰ ৷

(21) বৈসাদৃশ্য বা প্ৰকাৰণ কি ? এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যসমূহে কেনেদৰে জীৱবোৰক জীয়াই থকাৰ পৃষ্ঠপোষকতা কৰে ? 

উত্তৰঃ এক বিশেষ সময়ৰ ভিতৰত এটা প্ৰজাতিৰ চাৰিত্ৰিক আৰু বৈশিষ্ট্যগত ভিন্নতাক প্ৰকাৰণ বোলা হয় ৷ 
দ্ৰুত পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ ফলত এটা প্ৰজাতি সামগ্ৰিকভাৱে ক্ষতিগ্ৰস্থ হ’ব পাৰে যদিহে তাৰে মাজৰ কিছুমানে পৰিৱৰ্তিত পৰিৱেশৰ লগত নিজকে খাপ খুৱাই নলয় ৷ উষ্ণতা বা জলস্তৰৰ হ্ৰাস-বৃদ্ধি আদি দ্ৰুত পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ সৈতে প্ৰজাতিটোক খাপ খুৱাই ৰখাৰ বাবে প্ৰকাৰণে সহায় কৰে আৰু এনেদৰে প্ৰজাতিটোক বচাই ৰাখে ৷
উদাহৰণস্বৰূপেঃ এটা বেক্টেৰিয়াই যদি সাধাৰণ উষ্ণতাত জীয়াই থাকিব পাৰে আৰু গোলকীয় উত্তাপৰ বাবে উষ্ণতা বৃদ্ধি পায়, তেন্তে বেক্টেৰিয়াবিধ বিলুপ্ত হৈ যাব ৷ কিন্ত্ত উষ্ণতা সহিব পৰা বৈসাদৃশ্য চৰিত্ৰই বেক্টেৰিয়াবিধৰ প্ৰজাতিটোক তিষ্ঠি থকাত সহায় কৰিব ৷

(22) 4Ω , 8Ω, 12Ω আৰু 24Ω ৰোধৰ চাৰিটা কুণ্ডলী লগলগাই পাব পৰা  (a) সৰ্বোচ্চ আৰু  (b) সৰ্বনিম্ন মুঠ ৰোধৰ মান কিমান হ'ব ?

উত্তৰঃ 

(23) বিদ্যুৎ চুম্বকীয় আৱেশ কি ? ব্যাখ্যা কৰা ৷ 

উত্তৰঃ এডাল পৰিবাহীত হোৱা চৌম্বক ক্ষেত্ৰৰ পৰিবৰ্তনে আন এডাল পৰিবাহীত প্ৰবাহ আৱিষ্ট কৰা প্ৰক্ৰিয়াটোক বিদ্যুৎ চুম্বকীয় আৱেশ বোলে ৷ 

(24) সাধাৰণ চকুৱে 25 চেমিতকৈ ওচৰত ৰখা বস্তু স্পষ্টকৈ কিয় দেখা নাপায় ?

উত্তৰঃ চিলিয়াৰী পেশীয়ে চকুৰ লেনছৰ দৈৰ্ঘ্য আৰু বক্ৰতা পৰিৱৰ্তনত সহায় কৰে ৷ যেতিয়া বস্তু এটা ওচৰৰ দূৰত্বত থাকে চিলিয়াৰী পেশীবোৰৰ সংকোচন ঘটে আৰু চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্য হ্ৰাস হয়, সেয়েহে ওচৰত থকা বস্তুটো স্পষ্টভাৱে দেখা যায় ৷ তথাপি উপযোজন ক্ষমতাৰ সীমাবদ্ধতাৰ বাবে চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্যৰ মান এটা ন্যূনতম মানতকৈ কমাব নোৱাৰি ৷ যেতিয়চ এটা বস্তু প্ৰায় 25 ছেঃমিঃ দূৰত্বত থাকে সুস্থ চকুৰ চিলিয়াৰী পেশীৰ ক্ৰিয়া বন্ধ হৈ পৰে ৷  এই নিম্নতম দূৰত্ব অধিক হৈ পৰিলে ইয়াৰ আগলৈ চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্য হ্ৰাস কৰিব নোৱাৰি, সেয়েহে সাধাৰণ বা সুস্থ চকুৱে 25 ছেঃমিঃ তকৈ ওচৰত ৰখা বস্তু স্পষ্টভাৱে দেখা নাপায় ৷ 

(25) জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি ? 

উত্তৰঃ জীৱাষ্ম ইন্ধন অসুবিধাবোৰ হ’ল:
(i)                  নবীকৰণ-অযোগ্য শক্তিৰ উৎস (Non-renewable source of energy): জীৱাষ্ম ইন্ধন নৱীকৰণযোগ্য নহয় ৷ এইবোৰ দীঘলীয়া সময়ৰ প্ৰক্ৰিয়াত প্ৰকৃতিৰ বুকুত জমা হৈছিল ৷ এবাৰ এই উৎস শেষ হৈ গ’লে তাক পুনৰায় পোৱাটো সম্ভৱ নহয় ৷
(ii)                বায়ু প্ৰদূষণ (Air pollution): জীৱাষ্ম ইন্ধন দহন কৰিলে উৎপন্ন হোৱা নাইট্ৰ’জেন, ছালফাৰ আৰু কাৰ্বনৰ আম্লিক অক্সাইডে বায়ু প্ৰদূষণ ঘটায় ৷
(iii)               এছিড বৰষুণ (Acid rain): জী্ৱাষ্ম ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা আম্লিক অক্সাইডে এছিড বৰষুণৰ সৃষ্টি কৰে যিয়ে ভূমি আৰু জলসম্পদত বিৰুপ প্ৰভাৱ পেলায় ৷
(iv)              সেউজগৃহ প্ৰভাৱ (Green-house effect): জীৱাষ্ম ইন্ধন দহনৰ ফলত কাৰ্বন ডাই-অক্সাইড উৎপন্ন হয়, বায়ুমণ্ডলত যাৰ মাত্ৰাধিক উপস্থিতিত সেউজগৃহ প্ৰভাৱ সৃষ্টি কৰি গোলকীয় উষ্ণতা বৃদ্ধি কৰে ৷

(26) (a) ছডিয়াম আৰু অক্সিজেনৰ ইলেক্ট্ৰণ বিন্দুৰ গঠন লিখা ৷

উত্তৰঃ 

(i)ছ’ডিয়াম আৰু অক্সিজেনৰ  ইলেক্ট্ৰন বিন্দু গঠন তলত দিয়া হৈছে :
      
মৌল
চিহ্ন
মৌলৰ প্ৰকাৰ
পাৰমাণৱিক সংখ্যা
কক্ষত থকা ইলেক্ট্ৰ’নৰ সংখ্যা
         L      
যোজক কক্ষত থকা ইলেক্ট্ৰ’নৰ সংখ্যা গঠন
ইলেক্ট্ৰ’ন বিন্দু
ছ’ডিয়াম
Na
ধাতু
11
2       8       1
1
Na .


মেগনেছিয়াম
Mg
ধাতু
12
2       8       2
2
Mg:


(b) ইলেকট্ৰণ স্থানান্তৰৰ জৰিয়তে MgO ৰ গঠন লিখা ৷ 

উত্তৰঃ 

ইলেক্ট্ৰ’নৰ স্হানান্তৰণৰ দ্বাৰা(MgO)মেগনেছিয়াম অক্সাইডৰ গঠন হয়
          Mg:                                             Mg2+                   +                  2e-                           
           মেগনেছিয়াম পৰমাণু         মেগনেছিয়াম কেটায়ন        ইলেক্ট্ৰ’ন
           (2,8,2)                                                   (2,8)                                         ..
                        : :                             +                            2e-                                 [:    O :]2-
                                                                                                                                         ..
       অক্সিজেন পৰমাণু                 ইলেক্ট্ৰে’ন          অক্সাইড এনায়ন
                   (2,6)                                                                                                        (2,8)
              ইলেক্ট্ৰ’নৰ স্হানান্তৰণ                                                                 ..
Mg:                +                : :                                      Mg2+ [:  O  :]2-             বা              MgO
               ইলেক্ট্ৰ’নৰ স্হানান্তৰণ                                                               ..                                 মেগনেছিয়াম অক্সাইড

(c) তাপজাৰণ কাক বোলে ? যিংকৰ আকৰৰ তাপজাৰণ প্ৰক্ৰিয়াত সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা ৷


উত্তৰঃ অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি ছালফাইড আকৰৰ, ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰা হয় ৷ এই পদ্ধতিক তাপজাৰণ বোলা হয় ৷ 

2ZnS + 3Oշ ⟶ 2ZnO + 2SOշ

বা 

(a) ছডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয় ? 

উত্তৰঃ তলত দিয়া কাৰণত ছ’ডিয়াম ধাতু কেৰাচিনত ডুবাই ৰখা হয় :
(i)                  বায়ু (অক্সিজেন)ৰ সৈতে প্ৰচণ্ডভাৱে বিক্ৰিয়া কৰে : ছ’ডিয়াম (Na) অত্যন্ত সক্ৰিয় ধাতু যিয়ে বায়ু (অক্সিজেন,O2)ৰ সৈতে বিক্ৰিয়া সংঘটিত কৰি ছ’ডিয়াম অক্সাইিড(Na2O)উৎপন্ন কৰে আৰু ই সাধাৰণ উষ্ণতাতে জ্বলি উঠে ৷
4Na(s)                 +                O(g)                                                    2Na2O(s)
ছ’ডিয়াম ধাতু            অক্সিজেন                   ছ’ডিয়াম অক্সইড
                      পৰমাণু
(ii)                জলীয় বাষ্প(পানী)ৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰে ছ’ডিয়াম(Na)-এ জলীয় বাষ্প(পানী,H2O)ৰ সৈতে সাধাৰণ উষ্ণতাত তীব্ৰ বিক্ৰিয়া কৰি পানীৰ বিয়োজন ঘটাই ছ’ডিয়াম হাইড্ৰ’ক্সাইড(NaOH)আৰু হাইড্ৰ’জেন(H2)উৎপন্ন কৰে ৷ এই বিক্ৰিয়া ইমানেই বিষ্ফোৰক যে উৎপন্ন হোৱা হাইড্ৰ’জেন গেছখিনি ক্ৰিয়াৰ সময়তে জ্বলি যায় ৷
2Na(s)           +             2H2O(l)                          2NaOH(aq)                  +             H2(g)
ছ’ডিয়াম         পানী            ছ’ডিয়াম হাইড্ৰ’ক্সাইড      হাইড্ৰ’জেন
           (জলীয় বাষ্প)
(iii)               কেৰাচিন তেলত সুৰক্ষিত অৱস্থাত থাকে ছ’ডিয়াম(Na)ধাতু কেৰাচিন তেলত সুৰক্ষিত অৱস্হাত থাকে, কিয়নো ই কেৰাচিনৰ সৈতে বিক্ৰিয়া নকৰে নতুবা ইয়াত দ্ৰৱীভূত নহয় ৷ ইয়াৰ ফলত দুৰ্ঘটনামূলক অগ্নিকাণ্ড সংঘটিত নহয় ৷ 

(b) চিনাবাৰ কি ? বতাহৰ উপস্থিতিত ইয়াক উত্তপ্ত কৰিলে সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা ৷

উত্তৰঃ চিনাবাৰ হ'ল মাৰকিউৰৰ এটা আকৰিক ৷ বতাহৰ উপস্থিতিত ইয়াক উত্তপ্ত কৰিলে প্ৰথমতে মাৰকিউৰিক অক্সাইড(HgO) উৎপন্ন হয় ৷ পিছত আৰু অধিক উত্তপ্ত কৰিলে মাৰকিউৰিক অক্সাইড মাৰকিউৰলৈ বিজাৰিত হয় ৷ 

                   তাপ
2HշS + 3Oշ → 2HgO + 2SOշ

         তাপ
2HgO → 2Hg + Oշ 

(c) উপযুক্ত উদাহৰণেৰে সৈতে থাৰ্মিট বিক্ৰিয়াটো ব্যাখ্যা কৰা ৷

উত্তৰঃ যদি মেংগানিজ অক্সাইডক এলুমিনিয়াম গুড়িৰ লগত উত্তপ্ত কৰিলে তলৰ বিক্ৰিয়াটো সংঘটিত হয় -

3MnOշ + 4Al  ⟶ 3Mn + 2AlշOვ  + তাপ 

এই প্ৰতিস্থাপন বিক্ৰিয়াটো যথেষ্ট তাপবৰ্জী ৷ উদ্ভৱ হোৱা তাপৰ পৰিমাণ ইমান বেছি যে বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা ধাতুটো গলিত অৱস্থাতহে পোৱা যায় ৷ দৰাচলতে আইৰণ(III) অক্সাইডৰ (FeշOვ) লগত এলুমিনিয়াম বিক্ৰিয়াটোকে ৰেল লাইন জোৰা দিবলৈ বা যন্ত্ৰপাতিৰ ভগা অংশ জোৰা লগাবলৈ ব্যৱহাৰ কৰা হয় ৷ ইয়াকে থাৰ্মিট বিক্ৰিয়া বোলা হয় ৷ 


FeշOვ + 2Al ⟶ 2Fe + AlշOვ + তাপ 













Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)