অতি চমু প্ৰশ্নৱলীঃ ১ নম্বৰৰ
1) এটা পাশা এবাৰ মাৰি পঠিয়ালে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ল -
(a) 1/6
(b) 5/6
(c) 1/2
(d) 1/3
উত্তৰঃ (c) 1/2
2) প্ৰথম 100 টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল ৷ সংখ্যাটো 7 ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা হ'ল -
(a) 7/50
(b) 11/100
(c) 1/7
(d) 13/100
উত্তৰঃ (d) 13/100
3) তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে ?
(a) 2/3
(b) -1.5
(c) 1.001
(d) 3/2
উত্তৰঃ (b) -1.5
4) ঘটনা 'E' ৰ সম্ভাৱিতা + ঘটনা 'E' নহয়' ৰ সম্ভাৱিতা হ'ব -
(a) 2
(b) 1
(c) 0
(d) 0.1
উত্তৰঃ (b) 1
5) এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ল -
(a) 0
(b) 0.25
(c) 0.5
(d) 1
উত্তৰঃ (a) 0
6) এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতা সমষ্টি হ'ল ঃ
(a) 1
(b) 1.25
(c) 1.5
(d) 2
উত্তৰঃ (a) 1
চমু প্ৰশ্নঃ 2/3 নম্বৰৰ
1) এটা বাকচত 3 টা নীলা, 2 টা বগা আৰু 4 টা ৰঙা মাৰ্বল আছে ৷ যদি এটা মাৰ্বল যাদৃচ্ছিকভাবে অনা হয়, তেন্তে সেইটো বগা হোৱাৰ সম্ভাৱিতা কি ?
2) 144 টা বলপেন থকা এক মুঠা বলপেনত 20 টা বলপেন বেয়া আছে আৰু বাকীবোৰ ভাল ৷ নীলাই এটা কলম কিনব যদিহে ই ভাল হয় আৰু বেয়া হ'লে নিকিনে ৷ দোকানীয়ে যাদৃচ্ছিক ভাবে এটা কলম আনিলে আৰু তাইক দিলে ৷ সম্ভাৱিতা কি যাতে -
(i) তাই এইটো কিনে ?
(ii) তাই এইটো নিকিনে ?
3) এটা লুডুগুটি এবাৰ মাৰি পঠিওৱা হৈছে
(i) এটা মৌলিক সংখ্যা
(ii) 2 আৰু 6 ৰ মাজৰ এটা সংখ্যা পোৱা সম্ভাৱিতা নিৰ্ণয় কৰা ৷
সমাধানঃ
4) ভালদৰে মিহলোৱা 52 খন তাচপাত থকা এযোৰ তাচপাতৰ পৰা এখন তাচপাত টানি লোৱা হ'ল ৷ তাচপাতখন ইস্খাপন হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা ৷
5) এখন মোনাত েটা ৰঙা আৰু 5 টা ক'লা ৰঙৰ বল আছে ৷ মোনাখনৰ পৰা এটা বল যাদৃচ্ছিকভাবে টনা হ'ল ৷ টনা বলটো -
(a) ৰঙা ৰঙ হোৱাৰ আৰু
(b) ৰঙা ৰঙ নোহোৱাৰ সম্ভাৱিতা কিমান ?
সমাধানঃ
6) ভালদৰে মিহলোৱা 52 খিলা এযোৰ তাছপাতৰ পৰা এখিলা টানি উলিওৱা হ'ল ঃ
(i) এটা ৰঙা ৰঙৰ ৰজা ,
(ii) এটা ইস্কাপন পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা ৷
সমাধানঃ
Please don't use spam link in the comment box.