ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয়া স্ব-শিকন সমল- ( সমল নং ২) পাঠ নং ১- অংকুৰণ - বিষয় - অসমীয়া, পঞ্চম শ্ৰেণী
১) 'অসম আমাৰ ৰূপহী' গীতটি শুদ্ধ উচ্চাৰণেৰে পঢ়া / গাবলৈ চেষ্টা কৰা আৰু তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া -
(ক) ' অসম আমাৰ ৰূপহী ' গীতটীত ড° ভূপেন হাজৰিকাই 'সূৰ্য্য উঠা দেশ ' বুলি কোনখন দেশৰ কথা কৈছে ?
-----------------------------------------------------------------------------------------------------------------------------
(খ) ' লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ '- লৌহিত্য মানে কবিয়ে কি বুজাইছে ?
-----------------------------------------------------------------------------------------------------------------------------
(গ) 'বহাগতে আমাৰে আই
মহুৰা হৈ ঘূৰে, ''
ইয়াত 'আই' বুলি কবিয়ে কাক কৈছে ?
-----------------------------------------------------------------------------------------------------------------------------
(ঘ) পাহাৰ-ভৈয়াম মিলন সেতু কিহে গঢ়ে ?
-----------------------------------------------------------------------------------------------------------------------------
(ঙ) শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায় ?
-----------------------------------------------------------------------------------------------------------------------------
উত্তৰঃ
(ক) অসমক কৈছে ৷
(খ) ব্ৰহ্মপুত্ৰ তথা লোহিতক কৈছে ৷
(গ) নিজৰ জন্মভূমি অসমক কৈছে ৷
(ঘ) ৰামধেনুৰ দৰে ভাষাৰ মৰমবোৰে ৷
(ঙ) তৰাৰে সজায় ৷
২) তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা -
বিনন্দীয় -
সেতু -
লৌহিত্য -
প্ৰণিপাত -
সমাৱেশ -
লখিমী -
উত্তৰঃ
বিনন্দীয় - আনন্দময় ৷
সেতু - দলং
লৌহিত্য - ব্ৰহ্মপুত্ৰৰ আন এটা নাম ৷
প্ৰণিপাত - সেৱা
সমাবেশ - সমাগম
লক্ষিমী - ধান
৩) সমাৰ্থক শব্দ লিখা -
সূৰ্য - বেলি, ৰবি, ভাস্কৰ
পদুম - ---------------------------------------------------------------------------------------------------------------
ঘৰ - ---------------------------------------------------------------------------------------------------------------
আকাশ - ---------------------------------------------------------------------------------------------------------------
বায়ু - ---------------------------------------------------------------------------------------------------------------
পৃথিৱী - ---------------------------------------------------------------------------------------------------------------
উত্তৰঃ
পদুম - কমল
ঘৰ - নিলয়
আকাশ - স্বৰ্গ
বায়ু - বতাহ
পৃথিৱী- ধৰা
৪) উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা -
(ক) উদাহৰণ - ৰূপহ - ৰূপহী, কাঁহ - কাঁহী
কপাহ -
চেনেহ -
বাঁহ -
উত্তৰঃ
কপাহ - কপাহী
চেনেহ - চেনেহী
বাঁহ - বাঁহী
(খ) উদাহৰণ - ৰস - ৰসাল , নোম - নোমাল
জীপ -
কোব -
উত্তৰঃ
জীপ - জীপাল
তেজ - তেজাল
কোব - কোবাল
(গ) উদাহৰণ - সোণ - সোণালী , ৰং - ৰঙালী
ৰূপ -
জোন -
ভোগ -
উত্তৰঃ
ৰূপ - ৰূপালী
জোন - জোনালী
ভোগ - ভোগালী
(ঘ) উদাহৰণ - বিনন্দ - বিনন্দীয়া , চহৰ - চহৰীয়া
দুখ -
নিয়ম -
নগৰ -
উত্তৰঃ
দুখ - দুখীয়া
নিয়ম - নিয়মীয়া
নগৰ - নগৰীয়া
৫) তলত দিয়া শব্দবোৰৰ একোটাকৈ বাক্য ৰচনা কৰা -
ৰূপহী, জয়াল, লক্ষিমী, ৰামধেনু
-----------------------------------------------------------------------------------------------------------------------------
-----------------------------------------------------------------------------------------------------------------------------
-----------------------------------------------------------------------------------------------------------------------------
-----------------------------------------------------------------------------------------------------------------------------
উত্তৰঃ
ৰূপহীঃ ৰূপহী ৰঙটো মোক ভাল লাগে ৷
জয়ালঃ জয়াল হাবিখনত যাবলৈ মোক বহুত ভয় লাগে ৷
লখিমী 'ধান'ক লখিমী বুলিও কোৱা হয় ৷
ৰামধেনুঃ ৰামধেনুৰ সাতটা ৰঙ থাকে ৷
৬) ব'হাগ আৰু মাঘ বিহুত তোমালোকে কি কি কৰা সেই সম্পৰ্কে চাৰিটাকৈ বাক্য লিখা -
ব'হাগ বিহু |
মাঘ বিহু |
(ক) |
(ক) |
(খ) |
(খ) |
(গ) |
(গ) |
(ঘ) |
(ঘ) |
উত্তৰঃ
ব'হাগ বিহু | মাঘ বিহু |
(ক) ব'হাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু হিচাপে পালন কৰো ৷ | (ক) মাঘ বিহুত পিঠা-পনা প্ৰস্তুত কৰোঁ ৷ |
(খ) ব'হাগ বিহু উপলক্ষে গাঁৱৰ ৰাইজে মিলি হুঁচৰি গোৱা হয় ৷ | (খ) ডেকাসকলৰ লগত মিলি ভেলাঘৰ সাজো ৷ |
(গ) ডেকা-গাভৰুৰ লগত মিলি বিহুনাম গোৱা হয় ৷ | (গ) মাঘবিহুৰ দিনা অগ্নিক সেৱা কৰোঁ ৷ |
(ঘ) বহাগ বিহুত নামঘৰলৈ যাওঁ ৷ | (ঘ) মাঘবিহুৰ উৰুকাত মেজিঘৰত গোটেই নিশাটো কটাও ৷ |
৭) পাঠত থকাৰ বাহিৰেও তোমালোকৰ অঞ্চলত প্ৰচলিত যিকোনো এটা উৎসৱৰ বিষয়ে পাঁচ শাৰী বাক্য লিখা ৷ (অভিভাৱকৰ সহায় ল'বা )
-----------------------------------------------------------------------------------------------------------------------------
-----------------------------------------------------------------------------------------------------------------------------
-----------------------------------------------------------------------------------------------------------------------------
-----------------------------------------------------------------------------------------------------------------------------
-----------------------------------------------------------------------------------------------------------------------------
উত্তৰঃ
১/ বিশ্বত বাস কৰা খ্ৰীষ্টধৰ্মী লোকসকলৰ অতি পৱিত্ৰ আৰু আনন্দৰ উৎসৱ হ'ল বৰদিন বা খ্ৰীষ্টমাচ ৷
২/ বৰদিনৰ শুভাৰম্ভ ডিচেম্বৰ মাহৰ ১৬ তাৰিখৰ পৰা হয় ৷
৩/ বৰদিনৰ সময়ত কোনো গছৰ ডাল কাটি ঘৰৰ সন্মুখত ৰুই তাত মম, বিজুলী-বন্তি জ্বলাই আলোড়িত কৰি থয় ৷
৪/ বৰদিনত বিভিন্ন ধৰণৰ মিঠাই বনোৱা হয় আৰু আলহীক আপ্যায়ণ কৰা হয় ৷
৫/ বৰদিনৰ সময়ত শুভেচ্ছামূলক খ্ৰীষ্টমাচ কাৰ্ড বিনিময় কৰা হয় ৷
Please don't use spam link in the comment box.