ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

1st Unit Test -2021 -Subject: Social Science - Class IX - Time: 2 Hours -Marks -45 ( Assamese and English medium both)

Admin
1
1. কেৱল উত্তৰ লিখা ৷

(ক) ''ৰামকৃষ্ণ মিছন '' কোনে প্ৰতিষ্ঠা কৰিছিল ? 

উত্তৰঃ স্বামী বিবেকানন্দ ৷ 

(খ) ভাৰতৰ ভূমিত কোনজন ইংৰাজী নাৱিকে প্ৰথমে প্ৰৱেশ কৰিছিল ?

উত্তৰঃ জন মিলডেন হল ৷ 

(গ) ইনচেলবাৰ্গ কি ?

উত্তৰঃ মৰুভূমিত  সাধাৰণতে চকুত  পৰা  বিশেষ  আকৃতিৰ ক্ষয়প্ৰাপ্ত চাপৰ পাহাৰ পাহাৰবোৰেই ইনছেলবাৰ্গ ৷ জাৰ্মান শব্দ 'ইনছেলবাৰ্গ'ৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত ৷ 

(ঘ) নদীৰ 'খনন কাৰ্য ' কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ? 

উত্তৰঃ নদীৰ খনন কাৰ্য অৱবাহিকাটোৰ উপৰিভাগৰ গঠন, অন্তৰভাগৰ গঠন, অন্তৰভাগৰ শিলাস্তৰৰ কঠিনতা, উদ্ভিদৰ আৱৰণ, প্ৰৱাহিত পানীৰ পৰিমাণ আদি অনেক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ৷ ইায়ৰ ভিতৰত নদীৰ গতিপথৰ ভূতাত্ত্বিক গঠন আৰু পানীৰ খনন শক্তিয়েই প্ৰধান ৷ 




                                                         ভাগ- ক 

2. '' ইষ্ট ইণ্ডিয়া কোম্পানী'' ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা ৷

উত্তৰঃ (ক) বেহা -বেপাৰ কৰিবলৈ (খ) ভাৰত শাসন কৰিবলৈ 

3. '' ভাৰতত চৰকাৰৰ আইন, ১৮৫৮ ৰ বিষয়ে চমুকৈ টোকা লিখা ৷ 

উত্তৰঃ ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে 'ভাৰত চৰকাৰৰ আইন ' প্ৰণয়ন কৰিছিল ৷ এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল ৷                                                     ভাৰত শাসনৰ সকলো দায়িত্ব ইংলেণ্ড চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰূপে কোম্পানীৰ আমোলত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়নন্ত্ৰণ পৰিষদ আৰু সঞ্চালক সভাৰ কৰ্তৃত্বৰ অৱসান ঘটাইছিল ৷ এই আইন অনুসৰি ভাৰত শাসন সম্বন্ধীয় সকলো দায়িত্ব আৰু ক্ষমতা ব্ৰিটিছ মন্ত্ৰীসভাৰ এজনৰ হাতত অৰ্পণ কৰা হয় ৷ ভাৰত শাসনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা মন্ত্ৰীজনক 'ভাৰত সচিব' বোলা হয় ৷ ভাৰত সচিবক সহায় কৰিবৰ বাবে ১৫ জনীয়া সদস্যৰে এখন পৰিষদ গঠন কৰা হয় ৷ পৰিষদখনৰ মুঠ সদস্যৰ ৮ জন ইংৰাজ চৰকাৰৰ আৰু বাকী ৭ জন সদস্য কোম্পানীৰ ফালৰ পৰা নিৰ্বাচন কৰাৰ ব্যৱস্থা কৰা হ'ল ৷ 
                এই আইনে ভাইচৰয় আৰু প্ৰাদেশিক মুৰব্বীজনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানীৰ সামৰিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰিছিল ৷ ভাৰ সচিব আৰু ভাৰত-ব্ৰিটিছ চৰকাৰৰ সকলো আমোলা-কৰ্মচাৰীৰ বেতন, ভাট্ৰা আদি ভাৰতৰ পৰা সংগৃহীত ৰাজহৰ যোগেদি দিয়াৰ ব্যৱস্থাটো এই আইনখনত এটা বিশেষ উল্লেখযোগ্য দফা আছে ৷ 
             'ভাৰত চৰাকৰ আইন' অনুসৰি ভাৰতবৰ্ষৰ সৰ্ব্বচ্চ শাসনকৰ্তা হিচাপে গৱৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰয় অৰ্থাৎ ৰাজপ্ৰতিনিধিৰ খিতাপ প্ৰদান কৰা হয় ৷  

4. '' ব্ৰাহ্ম সমাজ '' আৰু '' আৰ্য সমাজৰ '' মাজত থকা তিনিটা সাদৃশ্য লিখা ৷

উত্তৰঃ (১) ব্ৰহ্মসমাজৰ দৰে আৰ্য সমাজেও এক ঈশ্বৰক বিশ্বাস কৰিছিল৷

(২) দেৱ-দেৱীৰ উপাসনা তথা পূজা অপ্ৰয়োজন

(৩) মূৰ্তিপূজাৰ অসাৰতা ৷

5. '' চিপাহী বিদ্ৰোহৰ'' কাৰণসমূহ বিশ্লেষণ কৰা ৷ 

উত্তৰঃ (ক) ৰাজনৈতিক কাৰণঃ
ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ইয়াৰ চৰকাৰে ৰাজ্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰি দিছিল ৷ সেই ৰাজ্য বিস্তাৰ নীতি ভাৰতীয় ৰজাসকলে ভাল পোৱা নাছিল  আৰু সেই কাৰণে কিছুমান ভাৰতীয় শক্তিয়ে কোম্পানীৰ বিৰুদ্ধে থিয় দিছিল ৷ লৰ্ড ডেলহাউছিৰ স্বত্ব বিলোপ নীতিক ভাৰতীয়সকলে ভাল পোৱা নাছিল ৷

(খ) সামাজিক কাৰণঃ 

লৰ্ড ডলহাউছিৰ ৰাজ্য গ্ৰাসৰ নীতিৰ ফলত ভাৰতীয় সমাজত এটা নতুন সংকটে দেখা দিলে ৷ ৰজা-মহাৰজা আৰু তেওঁলোকৰ বিষয়াবৰ্গৰ ওপৰতে নিৰ্ভৰ কৰি ভাৰতীয় সমাজৰ বিভিন্ন স্তৰৰ মানুহে জীৱন নিৰ্বাহ কৰিছিল ৷ ৰাজ্য, ধন, পদ-মৰ্যাদা আদি সকলো হেৰুৱাই সকলো পৰ্যায়ৰ মানুহ একাকৰ হৈ পৰিল ৷ সমাজত উচ্চ-নীচৰ পাৰ্থক্য নোহোৱা হ'ল আৰু সাধাৰণ মানুহৰ দৰে জীৱন কটাব লগা হোৱাত তেওঁলোক ব্ৰিটিছ শাসনৰ ওপৰত  ৰুষ্ট হৈ পৰিল ৷ আকৌ কৃষক আৰু কুটিৰ শিল্পত কাম কৰা লোকসকলৰো বৃহৎ ক্ষতিগ্ৰস্ত হ'ল ৷ 

(গ) ধৰ্মীয় কাৰণঃ

ব্ৰিটিছৰ শাসনকালত ধৰ্মৰ ক্ষেত্ৰতো এক ব্যাপক পৰিৱৰ্তন আহি পৰে ৷ ধৰ্ম হৈছে এক স্পৰ্শকাতৰ বিষয় আৰু ইয়াৰ ওপৰত আনৰ হস্তক্ষেপ মানুহে সহ্য কৰিবলৈ টান পাইছিল ৷ সেই সময়ত ভাৰতীয় সমাজ কু-সংস্কাৰৰ পৰিপূৰ্ণ আছিল আৰু ধৰ্মৰ নামত সতীদাহ, শিশুবধ, নৰবলি আদি কিছুমান অমানৱীয় কাৰ্যৰ প্ৰচলন আছিল ৷  পাশ্চাত্য সভ্যতাৰ পোহৰত কিছু সংখ্যাক প্ৰগতিশীল ভাৰতীয়ই তেনে কাৰ্যকলাপৰ বিৰোধিতা কৰাত লৰ্ড বেন্টিংকৰ নিচিনা গৱৰ্ণৰ জেনেৰেলসকলে সেই প্ৰথাবোৰ তুলি দিয়ে ৷ ব্ৰিটিছ চৰকাৰৰ  এনে নীতিত ভাৰতীয়সকল বেয়া পাইছিল ৷

(ঘ) অৰ্থনৈতিক কাৰণঃ

ভাৰতত ব্ৰিটিছ শাসন ক্ৰমাগতভাৱে বাঢ়ি যোৱাৰ লগে লগে দেশৰ বহুসংখ্যক লোক কৰ্মহীন হৈ পৰিছিল , বেপাৰ বাণিজ্যও বিদেশীৰ হাতলৈ গ'ল আৰু বিদেশী পণ্যদ্ৰব্যৰ প্ৰতিযোগিতাত ভাৰতীয় শিল্পবোৰৰ মৃত্য ঘটিল ৷ ভাৰতীয় জনসাধাৰণৰ উপাৰ্জনৰ পথ নোহোৱা হ'ল ৷ 

6. বাতৰিকাকতে কিদৰে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল ?

উত্তৰঃ ইংৰাজী ভাষাৰ মাধ্যমত প্রকাশিত বাতৰি কাকতৰ যােগেদি ভাৰতবৰ্ষত সংবাদ-
পত্র ইতিহাসৰ পাতনি মেলা হৈছিল। ভাৰতীয় সংবাদ-পত্ৰৰ ইতিহাসত জেমছ আগষ্টাচ
হিকিৰ দ্বাৰা প্ৰথমখন ইংৰাজী ভাষাত সংবাদপত্র ‘বেংগল গেজেট (১৭৮০ খ্রীষ্টাব্দ)
প্রকাশ হােৱাৰ পৰা তিনিটা দশক জুৰি ইংৰাজসকলৰ দ্বাৰা প্রকাশিত ইংৰাজী ভাষাৰ
সংবাদ-পত্ৰৰ প্রাধান্য মন কৰিবলগীয়া। এই সংবাদ-পত্ৰসমূহে জনসংযােগত ইংৰাজী
সমাজখনৰহে মুখপত্র হিচাপে কাম কৰিছিল। ভাৰতীয় জনমতৰ প্রতিনিধিত্ব ইয়াত মুঠেই
ফুটি উঠা নাছিল। আধুনিক শিক্ষাৰে শিক্ষিত ভাৰতীয়ই সংবাদ-পত্ৰৰ গুৰুত্ব উপলব্ধি
কৰাৰ ফলস্বৰূপে ঊনবিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা আঞ্চলিক ভাষাত বহুত কেইখন
কাকত প্রকাশ পাইছিল। আঞ্চলিক ভাষাত প্রকাশিত সংবাদ-পত্ৰৰ জনপ্রিয়তা দ্রুতগতিৰে
প্ৰসাৰিত হােৱাৰ পটভূমিত সংবাদ-পত্ৰৰ স্বাধীনতা আৰু সমাজত গঢ়ি উঠা ইয়াৰ ভূমিকা
সম্বন্ধে ইংৰাজ শাসকবর্গ সজাগ হৈ উঠিছিল। বিদেশী শাসকে ভালদৰে উপলব্ধি কৰিব
পাৰিছিল যে ভাৰতৰ মুক্ত আৰু অনিয়ন্ত্রিত বাতৰি কাকতে ইংৰাজ কর্তৃত্বৰ প্রতি বিপদ
মাতি আনিব।
         আঞ্চলিক ভাষাৰ সংবাদপত্রই ভাৰতৰ নৱজাগৰণ তথা জাতীয়তাবাদ গঢ়ি
তােলাত বিশেষ অৰিহণা যােগােৱাটো চৰকাৰে মানি লৈছিল। সেই কাৰণেই চৰকাৰে
আঞ্চলিক ভাষাৰ সংবাদ-পত্ৰৰ ওপৰত নিয়ন্ত্রণ ব্যৱস্থা প্রবর্তন কৰিছিল। ১৭৯৯ খ্রীষ্টাব্দত
প্ৰেছ ৰেগুলেচন' (Press Regulation) প্রয়ােগৰ যােগেদি লর্ড ৱেলেছলিয়ে (১৭৯৮-
১৮০৪) ভাৰতীয় বাতৰি কাকতৰ ওপৰত বাধা-নিষেধ প্রয়ােগ কৰি বাতৰি কাকতৰ
স্বাধীনতা হৰণ কৰিছিল। ১৮১৭ খ্রীষ্টাব্দত লর্ড হেষ্টিংছে (১৮১৩-২৩) ভাৰতীয় সংবাদ-
পত্রৰ ওপৰত থকা বাধা-নিষেধ কিছু পৰিমাণে উঠাই দি বিশেষ কেইটিমান বিষয়তহে
কাকতৰ সম্পাদকক মত প্রকাশৰ স্বাধীনতা দিয়ে। ১৮২৩ খ্রীষ্টাব্দত ভাৰতৰ অস্থায়ী গৱৰ্ণৰ
জেনেৰেল ছাৰ জন আদামে পুনৰ ভাৰতীয় ভাষাৰ কাকতৰ ওপৰত বাধা-নিষেধ আৰােপ
কৰিছিল। ৰাজা ৰামমােহন ৰায়ে (১৭৭২-১৮৩৩) ইয়াৰ তীব্র বিৰােধিতা কৰিছিল। ইয়াৰ
প্রতিবাদ হিচাপে তেওঁৰ সাপ্তাহিক বাতৰি কাকত ‘মিট ইল আখবাৰৰ প্ৰকাশ বন্ধ
ৰাখিছিল। দেশীয় কাকতৰ প্ৰতি কৰা এনে অবিচাৰ বন্ধ কৰিবলৈ তেওঁ কলিকতা হাইকোর্ট
আৰু বংগৰ গৱৰ্ণৰ জেনেৰেলৰ ওচৰত আবেদন দাখিল কৰিছিল। তাৎক্ষণিকভাৱে ইয়াৰ
কোনাে ফল পােৱা নগ'ল যদিও ১৮৩৫ খ্রীষ্টাব্দত অস্থায়ী গৱৰ্ণৰ জেনেৰেল ছাৰ চাৰ্লছ
মেটকাফে (১৮৩৫-৩৬) দেশীয় কাকতৰ ওপৰত আৰােপ কৰা বাধা-নিষেধ উঠাই
লৈছিল। বাধা-নিষেধ তুলি লােৱাৰ পিছত প্রান্তীয় ভাষাত ভালেসংখ্যক কাকত প্রকাশ
পাইছিল। দেশীয় ভাষাৰ কাকতসমূহে সাম্রাজ্যবাদী শাসকৰ কাম-কাজবােৰৰ ওপৰত কটু
সমালােচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল।
এইক্ষেত্ৰত বংগদেশৰ পৰা প্রকাশিত কাকতসমূহৰ অৱদান সকলােতকৈ বেছি। উনবিংশ
শতিকাৰ দ্বিতীয় ভাগত বংগদেশত বহুল প্রচাৰিত কাকত ‘বংগ দর্শন’, ‘সঞ্জীৱনী’, ‘আৰ্য্য
দর্শন’, ‘অমৃত বাজাৰ পত্রিকা আদি কাকতে ভাৰতীয়ৰ মাজত জাতীয় সত্তা বিকাশত
গুৰুত্বপূর্ণ ভূমিকা লৈছিল। এই কাকতসমূহে ইংৰাজ শাসনে ভাৰতীয়ক শােষণ কৰি অহাৰ
স্বৰূপটো উদঙাই দিছিল। শিক্ষিত সমাজখনত গঢ়ি উঠা আত্মসচেতনতাই ব্রিটিছ
শাসকসকলক চিন্তিত কৰি তুলিছিল। ১৮৬১ খ্রীষ্টাব্দৰ পৰা ভাৰতবৰ্ষত বহু ঠাইত খাদ্যৰ
অভাৱে দেখা দিছিল। দুর্ভিক্ষৰ কবলত বহুতাে ভাৰতীয়ই মৃত্যুক সাৱটি ল'বলগা হৈছিল।
চৰকাৰে খাদ্যৰ অভাৱ দূৰ কৰাৰ কোনাে ব্যৱস্থা নােলােৱাত দেশীয় ভাষাৰ কাকতসমূহে
লর্ড লিটন (১৮৭৬-৮০) আৰু তেওঁৰ তলতীয়া প্রাদেশিক শাসকসকলক চোকা
সমালােচনা কৰিছিল। লিটনে ইয়াৰ বাৰে খঙত টিঙিৰি তুলা হৈ ভাৰতীয় আঞ্চলিক
ভাষাৰ কাকতৰ ওপৰত পুনৰ বাধা নিষেধ প্রয়ােগ কৰিবলৈ ১৮৭৮ খ্রীষ্টাব্দত কুখ্যাত
‘প্ৰেছ আইন’ জাৰি কৰিছিল। ভাৰতীয় কাকতৰ ওপৰত কৰা হস্তক্ষেপৰ ফলশ্ৰুতিত
বহুকেইখন কাকতৰ প্ৰকাশ বন্ধ হােৱাৰ উপক্ৰম হৈছিল।
   এইদৰেই বাতৰিকাকতে  ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল  ৷

7. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়তৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল চমুকৈ আলোচনা কৰা ৷ 

উত্তৰঃ কোম্পানিৰ শাসন আৰম্ভ হােৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াত ব্যৱস্থাৰ
আমূল পৰিৱৰ্তন সাধন হয়। ভাৰতবৰ্ষৰ কেঁচা সামগ্রী ক্রয় কৰিবলৈ আৰু ইংলেণ্ডত
প্রস্তুত কৰা শিল্পজাত সামগ্রী ভাৰতবৰ্ষত বিক্ৰী কৰিবলৈ ভাৰতবৰ্ষৰ যাতায়াত ব্যৱস্থা
উন্নত কৰাৰ প্ৰয়ােজন হৈছিল। ১৮৩৯ খ্রীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্রাঙ্ক
ৰােড নির্মাণ কৰিছিল। দুটা বছৰৰ ভিতৰতে এই পথছােৱাৰ নির্মাণ সম্পূর্ণ হােৱাৰ লগে
লগে ভাৰতৰ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হয়। লর্ড ডেলহাউচৰ কাৰ্যকালত
(১৮৪৮-৫৬) এই পথ পেচোৱাৰলৈকে সম্প্রসাৰিত হৈছিল। প্রধান চহৰ, বন্দৰ,
বজাৰসমূহ এই পথছােৱাৰ সৈতে সংযােগ ঘটোৱা হৈছিল। ইংলেণ্ডৰ আৰ্হিত ভাৰতবৰ্ষতে
১৮৩২ খ্রীষ্টাব্দত ভাপ কলেৰে ৰেল যােগাযােগ আৰম্ভ কৰাৰ প্ৰস্তাৱ লােৱা হৈছিল।
(১৮৫৩ খ্রীষ্টাব্দত বােম্বাই আৰু থানেৰ মাজত ২১ কিলােমিটাৰ পথত ৰেল চলাচলেৰে
ভাৰতবৰ্ষত প্রথম ৰেল যাতায়াত ব্যৱস্থাৰ সূচনা হয়। ১৮৫৪ খ্রীষ্টাব্দত মাদ্রাজত ৰেলপথ
নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। দুয়ােখন প্রধান ঠাইক কেন্দ্রবিন্দু হিচাপে লৈ ৰেল
যােগাযােগৰ সম্প্ৰসাৰণ ঘটোৱা হয়। ১৮৮৩ খ্রীষ্টাব্দত অসমতাে শদিয়াৰ পৰা
ডিব্ৰুগড়লৈকে ৰেল যােগাযােগ আৰম্ভ হয়। অসমত চাহপাত উৎপন্ন আৰু ব্যৱসায়
সম্প্ৰসাৰণৰ দিশটোৰ চিন্তা কৰিয়েই এই ৰেল যােগাযােগৰ সূচনা হয়।
১৮৩৯ খ্রীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত বেচৰকাৰী খণ্ডত প্রথম
টেলিগ্রাফ ব্যৱস্থাৰ প্রৱর্তন হয়। লর্ড ডেলহাউচীয়ে ১৮৫১ খ্রীষ্টাব্দত টেলিগ্রাফ ব্যবস্থাটো
চৰকাৰী নিয়ন্ত্রণলৈ আনি কলিকতা আৰু আগ্ৰাৰ মাজত টেলিগ্রাফ ব্যবস্থা সম্প্রসারণ
ঘটাইছিল। আধুনিক যােগাযােগ ব্যবস্থাই শিক্ষিত ভাৰতীয়ৰ মনৰ দিগন্ত প্রসাৰ কৰিছিল।
     এইদৰেই ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়তৰ উন্নতিয়ে  প্ৰভাৱ পেলাইছিল ৷ 

8. ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰাম মোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা ৷ 

উত্তৰঃ ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথম ব্যক্তি হ'ল ৰাজা ৰাম মোহন ৰায় ৷ তেওঁ ধৰ্ম, সমাজ সংস্কাৰ, শিক্ষা বিস্তাৰ, ৰাজনীতি আদি সকলো দিশতে নৱজাগৰণৰ ভাব কঢ়িয়াই অনাৰ লগতে আধুনিক ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা পালন কৰিছিল ৷ খ্ৰীষ্টান মিছনেৰীসকলে হিন্দু ধৰ্মৰ প্ৰতি তেওঁলোকৰ আলোচনীৰ জৰিয়তে নিন্দাসূচক মন্তব্য প্ৰচাৰ কৰিছিল ৷
                  ১৭৯৭ খ্রীষ্টাব্দত ইউৰােপীয় মিছনেৰীসকলে খ্রীষ্টান ধর্ম প্রচাৰ কৰাৰ উদ্দেশ্যে
শ্ৰীৰামপুৰত প্ৰথমটো ছপাখানা স্থাপন কৰিছিল। শ্ৰীৰামপুৰ মিছা ছপাখানাই বঙলা ভাষাত
প্রকাশ কৰা ‘দিগদর্শন' আৰু সমাচাৰ দর্পণ' নামৰ বার্তালােচনী দুখনে খ্রীষ্টান ধর্ম এটা
মহান ধর্ম হিচাপে প্রতিপন্ন কৰি হিন্দু ধর্মৰ প্রতি কিছুমান নিন্দাসূচক মন্তব্য প্রচাৰ কৰিছিল।
হিন্দু ধৰ্মৰ প্ৰতি কৰা নিন্দাসূচক মনােভাবৰ বিৰুদ্ধে বামমােহন রায়ে তীব্র প্রতিবাদ কৰিছিল।
খ্রীষ্টান ধৰ্মৰ প্ৰচাৰক মিছনেৰীসকলক উপযুক্ত প্রত্যুত্তৰ দিয়াৰ উদ্দেশ্যে তেওঁ ব্রাহ্মণ সেবধি
আৰু ব্রাহ্মণ* মিছনেৰ সংবাদ নামৰ দুখন হাতেলিখা পুস্তিকা প্রকাশ কৰিছিল। এই দুখন
পুস্তিকাৰ যােগেদি তেওঁ ভাৰতীয় হিন্দু ধৰ্মৰ ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত কেইবাটাও
প্রবন্ধ লিখি দুয়ােটা ধৰ্মৰ মাজত কোনাে আদর্শগত পার্থক্য নাই বুলি প্ৰমাণ কৰিছিল। হিন্দু
ধৰ্মত দেখা পােৱা দোষ-ত্রুটিসমূহ পৰবৰ্তী যুগৰ ধর্মীয় নেতাসকলে নিজাকৈ তৈয়াৰ কৰা
ভুল আচাৰ বুলিহে তেওঁ জনমানসত প্ৰচাৰ কৰিছিল। আত্মৰক্ষাৰ মনােবৃত্তিৰে হিন্দু ধর্ম
সজীব কৰি তােলাৰ উদ্দেশ্যে ধর্মীয় সংস্কাৰৰ প্ৰতি তেওঁ মনােযােগ দিছিল। হিন্দু ধর্ম
নিকা ভাবমূর্তি প্রকাশৰ উদ্দেশ্যে তেওঁ ১৮১৫ খ্রীষ্টাব্দত কলিকতাত ‘আত্মীয় সভা' নামৰ
এটা অনুষ্ঠান স্থাপন কৰিছিল। ১৮২৮ খ্রীষ্টাব্দত ব্রাহ্ম সভা' নামৰ আন এটা অনুষ্ঠান স্থাপন
কৰিছিল। ব্রাহ্ম সভাই পিছলৈ ব্রাহ্ম সমাজ নামেৰে বিখ্যাত হৈ পৰে।
হিন্দু ধর্মক সজীৱ আৰু নিকা ৰূপ দিয়াৰ উদ্দেশ্যে তেওঁ প্রাচীন ধর্মীয় গ্রন্থসমূহ
গভীৰভাৱে অধ্যয়ন কৰিছিল। ভাৰতীয় প্রাচীন উপনিষদসমূহ মাতৃভাষালৈ অনুবাদ কৰি
হিন্দু ধৰ্মৰ সহজ-সৰল বিশ্লেষণ জনসাধাৰণৰ মাজত দাঙি ধৰিছিল। এই কামৰ যােগেদি
তেওঁ বঙলা ভাষা-সাহিত্যৰ উন্নতি সাধন কৰাৰ লগতে গােড়া-ক্ষণশীল হিন্দু পুৰােহিত
শ্রেণীয়ে ধৰ্মৰ নামত চলাই অহা কু-সংস্কাৰবিলাক প্ৰকাশ কৰি জনমানসত প্রবল
আলােড়ন সৃষ্টি কৰিছিল। হিন্দু ধর্মৰ মূল গ্রন্থ বেদ আৰু উপনিষদৰ ওপৰত গভীৰ
বিশ্লেষণ আগবঢ়াই তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল যে প্রাচীন হিন্দুসকলেও
একেশ্বৰবাদ বিশ্বাস কৰিছিল। তেওঁ বহু দেৱ-দেৱীৰ পূজা অপ্রয়ােজন বুলি কোৱাৰ লগতে
মূর্তিপূজাৰ অসাৰতাৰ বিষয়ে হিন্দু সমাজক বুজাইছিল। ৰামমােহন রায়ৰ মতে ঈশ্বৰ
এজন আৰু ঈশ্বৰৰ কোনাে ৰূপ বা আকাৰ নাই। ঈশ্বৰ পূজাৰ নামত আড় ‘ৰতা অর্থহীন।
ৰাজা ৰামমােহন ৰায় আছিল এজন বহুমুখী প্রতিভাসম্পন্ন ব্যক্তি। হিন্দু ধর্ম
সংস্কাৰৰ মাজতে আবদ্ধ নাথাকি সমাজ সংস্কাৰ আৰু শিক্ষা বিস্তাৰতাে সমানেই গুৰুত্ব
দিছিল। তেওঁ বাল্য বিবাহ, পর্দা প্রথা, বহু বিবাহ আদিৰ তীব্ৰ বিৰােধিত কৰিছিল। বিধবা
বিবাহ আৰু অসবর্ণ বিবাহক সামাজিকভাবে স্বীকৃতি দিয়াইছিল। অবিবাহিত ডেকাসকলৰ
মাজত বিধবা বিবাহক এটা মর্যদাসূচক কাম বুলি প্ৰচাৰ কৰিছিল। ভাৰতবৰ্ষত প্রচলিত
সতীদাহ প্রথা সম্পূর্ণ বন্ধ কৰাৰ ক্ষেত্ৰত ৰায়ৰ বলিষ্ঠ ভূমিকা সামাজিক বুৰঞ্জীৰ এটা
উল্লেখযােগ্য ঘটনা হৈ ৰ'ব। একমাত্র ৰায়ৰ সহযােগ লাভ কৰিয়েই গৱৰ্ণৰ জেনেৰেল
উইলিয়াম বেন্টিংকে (১৮২৮-৩৫) এই কু-প্রথা আইনী প্রক্রিয়াৰে বিলুপ্তি ঘটাবলৈ সক্ষম

                                                             ভাগ - খ 

9. বালিয়াৰিৰ সৃষ্টি কেনেকৈ হয় ? 

উত্তৰঃ অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি-বালিবোৰ যি ঠাইত জমা হয়, তাত মৰু পৃষ্ঠ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ ল'য় ৷ এনেদৰেই বালিয়াৰিৰ সৃষ্টি হয় ৷ বতাহৰ ধৰ্ম, গতিপথ, শক্তি আৰু উদ্ভিদৰ আৱৰণৰ ওপৰত নিৰ্ভৰ কৰি বালিয়াৰিৰৰ আকাৰ আকৃতি বেলেগ বেলেগ হয় ৷ 

10. প্লাৱন ভূমি কি ? ইয়াৰ সৃষ্টি কেনেকৈ হয় ? 

উত্তৰঃ  ডাঙৰ ডাঙৰ নদীৰ বুকুৰ চৰ-চাপৰি অঞ্চলটোক প্লাৱনভূমি বুলি কোৱা হয় ৷ যেনেঃ ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি অঞ্চলক ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি বোলা হয় ৷ 
        বানপানীৰ সময়ত বানপানীয়ে কটিয়াই অনা পলস, বালি তথা বোকাৰ দ্বাৰা প্লাৱনভূমিৰ সৃষ্টি হয় ৷ 


11. উত্তৰ ভাৰতৰ নদী আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ মাজত থকা তিনিটা পাৰ্থক্য লিখা ৷ 

উত্তৰঃ (১) উত্তৰ ভাৰতৰ নদীবোৰ বৰফেৰে আবৃত ওখ পৰ্বতৰ পৰা ওলাই অহাৰ বাবে এইবিলাকত গোটেই বছৰ জুৰি পানীৰ সোঁত থাকে ৷ কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰ ভাৰতৰ নদীবোৰ তুলনামূলকভাৱে চাপৰ পৰ্বত  অথবা মালভূমিৰ পৰা বৈ অহাৰ কাৰণে এইবিলাক খৰালি কালত প্ৰায়েই শুকাই যায় ৷
(২) উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চগতি, মধ্যগতি আৰু নিম্নগতি - এই তিনিটা গতি স্পষ্টকৈ চকুত পৰে, কিন্তু দক্ষিণ বাৰতৰ নদীবোৰৰ ক্ষেত্ৰত এই তিনটা গতি স্পষ্টকৈ দেখা নেযায় ৷
(৩) উত্তৰ ভাৰতৰ নদীবিলাকৰ দৈৰ্ঘ্য বেছি আৰু ইহঁতৰ মোহনাত বিস্তৃত ব-দ্বীপ অঞ্চলৰ সৃষ্টি হৈছে ৷ কিন্তু দক্ষিণ ভাৰতৰ নদীবিলাক তুলনামূলকভাৱে চুটি আৰু ইহঁতৰ কিছুমানৰ মোহনা অঞ্চলত সৰু সৰু ব-দ্বীপ গঠিত হৈছে ৷ 

12.উপনদী কি ? ব্ৰহ্মপুত্ৰৰ দুখন উপনদীৰ নাম লিখা ৷

উত্তৰঃ ডাঙৰ ডাঙৰ নদীৰ লগত সংযাোগ হৈ থকা সৰু সৰু নৈসমূহক উপনদী বোলা হয় ৷ 

 ব্ৰহ্মপুত্ৰৰ দুখন উপনদীৰ নাম হ'ল - (ক) ভোগদৈ  (খ) জাঁজী 

13. হিমবাহ কেই প্ৰকাৰৰ আৰু কি কি ? 

উত্তৰঃ হিমাবাহ দুই প্ৰকাৰৰঃ
(ক) মহাদেশীয় হিমবাহ 

(খ) পাৰ্বত্য বা উপত্যকা হিমবাহ 

14. গ্ৰাৱ কি ? চিত্ৰ আঁকি বিভিন্ন শ্ৰেণীৰ গ্ৰাৱবোৰ দেখুওৱা ৷ 

উত্তৰঃ হিমবাহে বৰফৰ উপৰি অন্য বহুতো পদাৰ্থ কঢ়িয়াই আনে ৷ এনেদৰে কঢ়িয়াই অনা বৰফৰ বাহিৰে অন্য পদাৰ্থবোৰকে সামগ্ৰিকভাৱে গ্ৰাৱ বোলা হয় ৷ 
গ্ৰাৱ চাৰিপ্ৰকাৰৰঃ

(ক) পাৰ্শ্বগ্ৰাৱ 

(খ) ভূমিগ্ৰাব 

(গ) মধ্যগ্ৰাব 

(ঘ) প্ৰান্তগ্ৰাব 




1st Unit Test-2021
Subject: Social Science
Class: IX
Time 2Hours
Marks-45

1. Answer the following questions    1x4-4
(a) Who established "Ramkrishna Mission"?

Ans: Swami  Vivekananda.

(b) Who was the English sailor who entered India for the
first time?

Ans: John Mildenhall.

(c) What is Inselberg?

Ans: Generally features like inselberg and yardang are formed due to abrasion of the highlands. The low erosional hills generally seen in the deserts are inselbergs. The German term 'inselberg' means isolated island mountain.

(d) Which factors causes "river erosion?

Ans: The erosive power of a river depends on the structure of the basin surface, hardness of the underlying rocks, amount of water flow and so on. The geological structure of the channel and the erosive capacity of water are the majore factors.


                                                         PART - 1

2. Write two aims of the "East India Company" for settling  down in India.

Ans: (a) To trade (b) To establish English rule in India.

3. .Write short notes on "Government of India Act, 1858". 

Ans: The British Parliament passed the Government of India Act, 1858 on 2nd August, 1858. This Act entrusted the British government with the power of ruling India directly.
       Directors, which were linked with India during the Company's rule, lost their authority. All the responsibilities and powers relating to the administration of India were conferred upon a member of British ministry by this new act. 
       This act conferred upon the British Government the power to appoint the Viceroy and Provincial Heads and also brought the army of the company under its control. Another important aspect of this Act was that the provision for the payment of salaries and allowances of the Secretary of State for India and all officers and servants of British Indian Government was to be made from the revenues collected in India. 
      By the 'Government of India Act' although the Governor General was retained as the supreme head of Indian administration, he was given the title Viceroy, means representative of the Crown. 

4. Find out the three similarities between "Brahama Samaj" and "Arya Samaj".

Ans: (a) They believed in the unity of God .

(b) Encouraged monotheism.

(c) Discouraged polytheism and idol worship. 

5. Analyse the causes of the "Sepoy Mutiny'".

Ans: (a)  Political reasons:
The East India Company and its government started expanding the state. The indian kings did not like the policy of expanding that state and that is why some Indian powers stood up against the company. Indians did not like Lord Delhousie's policy of abolition of rights.

 (b) Social Reasons: 
Lord Dolhouse's state grass policy has led to a new crisis in Indian society. People from different walks of life in Indian society depending on the King and their officers. The state, People at all levels became lonely after losing money, status, etc. The differences between the highs and the lows in the society disappeared and they became angry with British rule as they had to spend their lives like ordinary people. Again, farmers and people working in the cottage industry were also badly affected.

(c)  Religious Reasons:

Religion also under the British rule undertook a drastic change. Religion is a touching issue and people found it difficult to tolerate the interference of others on it. At that time Indian society was full of bad reforms and Satidah in the name of religion, Some inhuman actions like child slaughter, etc. Were prevalent. In the light of Western civilization, some progressive Indians opposed such activities. Governor Generals like Lord Bentink adopted those practices. Indians were offended by such policies of the British government.

(d) Economic Reasons:

As British rule in India gradually increased, many people in the country became jobless, trade  also went into the hands of foreigners and Indian industries died in the competition for foreign goods. The income of the Indian people was lost. 


6. How did the Printing Press in India lead to the growth of
6.
Indian nationalism? Discuss.
7. Discuss briefly how did the development of transport
and communication lead to the growth of nationalism
of India.
8. Write about the contributions made by Raja Rammohan
Roy the growth of Indian Nationalism?
Part -2
2
9. How are the Sand Dunes formed?
9.
1+1-2
10. What is flood Plain? Write how it is?
I1. Write three differences between North Indian rivers
and South Indian rivers.

11. Write three differences between North Indian rivers and South Indian rivers.

Ans: 

Post a Comment

1Comments

Please don't use spam link in the comment box.

Post a Comment