1st Unit Test -2021 -Subject- Assamese - Class IX - Time: 2 Hours -Marks -45 ( Assamese and English medium both)
তলৰ প্রশ্নসমূহৰ অতি চমু উত্তৰ লিখা। (যিকোনাে তিনিটা)
(ক) শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি?
উত্তৰঃ কীৰ্তনঘোষা ৷
(খ) দধি মাথােতে যশােদাই কি গীত গাইছিল ?
উত্তৰঃ কৃষ্ণগীত ৷
(গ) প্রতিমাৰ খনিকৰজন কোন ?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা ৷
(ঘ) পৰাৎপৰ মানে কি ?
উত্তৰঃ পৰাৎপৰ মানে শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ বা পৰম সত্য ৷
২. চমু উত্তৰ লিখা। (যিকোনাে দুটা)
(ক) শংকৰদেৱ ৰচিত দুখন অঙ্কীয়া নাটৰ নাম লিখা।
উত্তৰঃ ৰামবিজয় আৰু কালিদমন ৷
(খ) যশােদাই কৃষ্ণক কোলাৰ পৰা নমাই থৈ ক'লৈ গৈছিল ?
উত্তৰঃ যশােদাই কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ গৈছিল ৷
(গ) মানৱ বন্দনা কবিতাটি কি ভাব ফুটি উঠিছে?
উত্তৰঃ মানৱ বন্দনা কবিতাটিত মানৱ সেৱাৰ মনোভাৱ ফুটি উঠিছে ৷ মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে যে এই মৰ্ত্যতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰি এই কথাও কবিতাটিত পৰিস্ফূত হৈছে ৷
৩. তাৎপর্য ব্যাখ্যা কৰা (যিকোনাে এচোৱা)
(ক) যাক যােগী নপাৱে ধ্যানত
হেন হৰি পলান্ত ভয়ত।।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ''অসমীয়া সাহিত্য চয়নিকা ''ৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদৱে ৰচিত '' শিশুলীলা'' পাঠটিৰ পৰা তুলি অনা হৈছে ৷
ইয়াৰ দ্বাৰা কবিয়ে ইয়াকে প্ৰকাশ কৰিব বিচাৰিছে যে যোগীসকলে বছৰ বছৰ ধৰি কৃষ্ণক ধ্যান কৰাৰ পাছতো তেওঁক লগ নাপাই অথচ শিশু কৃষ্ণ মাকৰ ভয়ত ইফালে সিফালে পলাই থাকে ৷
মাক যশোদাই শ্ৰীকৃষ্ণক আহাৰ খুৱাই থাকোতেই হঠাৎ চৌকাত বহাই থোৱা গাখীৰ উতলি থকা দেখি মাকে তেওঁক এৰি গাখীৰ নমাবলৈ গৈছিল ৷ কিন্তু কৃষ্ণই সেয়া খং কৰি শিকিয়াত ওলোমাই থোৱা দৈৰ কলহবোৰগুটিৰে ভাঙি লৱণুবোৰ খাইছিল আৰু যিবোৰ খাব নোৱাৰিছিল সেইবোৰ বান্দৰক দি দিছিল ৷ মাক যশোদাই এইবোৰ কাণ্ড দেখি এছাৰি লৈ শিশুকৃষ্ণক খেদি গৈছিল ৷ তেওঁ মাকৰ ভয়ত দৌৰ মাৰিছিল ৷ এইখিনিতে কবিয়ে ক'ব বিচাৰিছে যে যোগীসকলে বছৰ বছৰ ধৰি কৃষ্ণক ধ্যান তথা তপস্ব্যা কৰাৰ পাছতো তেওঁক লগ নাপাই অথচ শিশু কৃষ্ণ মাকৰ ভয়ত ইফালে সিফালে পলাই গৈছে ৷ কৃষ্ণক খেদি খেদি মাক যশোদা ভাগৰি পৰিছে আৰু এই কষ্টৰ দৃশ্য চাই শ্ৰীকৃষ্ণই ভয় দেখুৱাই নজেই ধৰিব দিছিল ৷ ইয়াৰ পৰাই কবিয়ে ক'ব বিচাৰিছে যে ভগৱানক বলেৰে পাব নোৱাৰি ৷ তেওঁক পাবলৈ হ'লে ভক্তিৰ কৰিব লাগিব ৷ যশোদাৰ ভক্তিত সন্তুষ্ট হৈ শ্ৰীকৃষ্ণই যশোদাৰ ইচ্ছা পূৰণ কৰিছিল ৷
(খ) মানৱী জনম
দিয়া উটুৱাই
মানৱী কৰম সোঁতে,
মানুহৰ মৰম
বুজিবা মানুহে
ধৰম যে মৰততে।
উত্তৰঃ
৪৷ তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ লিখা (যিকোনাে তিনিটা)
(ক) সত্যনাথ বৰা ৰচিত অসমীয়া ভাষাৰ ব্যাকৰণখনৰ নাম কি?
উত্তৰঃ বহল ব্যাকৰণ ৷
(খ) সময়ক কিহৰ লগত তুলনা কৰা হয় ?
উত্তৰঃ নৈৰ সোঁতৰ লগত ৷
(গ) ‘অন্ধ বিশ্বাস, কু-সংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বােজা’ -
কথাষাৰ কোনে কৈছিল ?
উত্তৰঃ
(ঘ) সময় কি গতিত ঘূৰে ?
উত্তৰঃ বৃত্তাকাৰ গতিত ৷
৫৷ তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া (যিকোনো তিনিটা)
(ক) কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ?
উত্তৰ ঃ অবাবত কেটেৰা মাত মাতি মানুহৰ মনত বেজাৰ দিয়া অযুগুত , কিন্তু নিৰ্বোধ খিংখিঙীয়া মানুহে ভৱিষ্যৎ নুগুণি কেটেৰা মাৰিহে মানুহৰ লগত কথা পাতে ৷ তেনে শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ৷
(খ) প্রাকৃতিক জগতৰ দুটা গতি বিধি উল্লেখ কৰা।
উত্তৰঃ (১) বেলিফুল সূৰ্য্যৰ লগে লগে ফুলে ৷
(২) পদুম ফুলপাহ ৰাতিপুৱা মুকলি হৈ আৰু সন্ধিয়া জাপ গৈ সূৰ্য্য উদয় হোৱা আৰু অস্ত যোৱা সময়ছোৱা দেখুৱাই দিয়ে ৷
(গ) সময়ৰ ডাঙৰ ভাগবিলাক কি কি ?
উত্তৰঃ যুগ, কল্প আৰু শতাব্দী ৷
(ঘ) কুসংস্কাৰ বুলিলে কি বুজা?
(ঙ) অনুপান কি ?
৬. তাৎপর্য ব্যাখ্যা কৰা (যিকোনাে এটা)
(ক) নম্রতা সজ ব্যৱহাৰৰ অনুপান।
উত্তৰঃ নম্রতা সজ ব্যৱহাৰৰ অনুপান। উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে। সেইদৰে
সজ ব্যৱহাৰত নম্রতা মিহলালে তাৰে উপকাৰ সৰহ হয়। দম্ভালি কথা মানুহৰ কাণত কাঁড় ফুটা দিয়ে,
সেই দেখি আনৰ লগত আলাপ-আচৰণ কৰোঁতে দম্ভালি এবি নম্র হােৱা উচিত। বহুতে ভাবে যে
লােকৰ আগত নম্ৰ হ'লে নিজক সৰু বা লঘু কৰা হয়। এই বিশ্বাস ভুল। নম্রতা ডাঙৰ আশয়ৰ চিন;
তাৰ পৰা আশয়ৰ উচ্চতাহে প্রকাশ পায়। নম্রতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল। মনত নম্রতাৰ
ভাব থাকিলে মুখেৰে আপােনা-আপুনি মিঠা মাত ওলায়। মনত অহঙ্কাৰ ৰাখি মুখে নম্র হলে মানুহক ছল কৰা হয় ৷ তেনেকুৱা আচৰণ অনুচিত। ব্যৱহাৰত মনে-মুখে একে হ’বলৈ সততে চেষ্টা কৰা যুগুত।
কৰা হয়।
(গ) সংস্কাৰ এক জীবন পদ্ধতি।
৭. তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা (যিকোনাে চাৰিটা)
(ক) বিপৰীত শব্দ লিখা - ইতিবাচক, অভিশাপ
উত্তৰঃ
ইতিবাচক - নীতিবাচক
অভিশাপ - আশীৰ্বাদ
(খ) বিপৰীত লিংগ বাচক শব্দ লিখা - ধােবা, তাল।
(গ) সমার্থক শব্দ লিখা - নীৰৱতা, বিষাদ
উত্তৰঃ নীৰৱতা - মৌনতা
বিষাদ - দুখ
(ঘ) ণত্ব বিধিৰ এটা নিয়ম লিখ।
উত্তৰঃ (১) ঋ, ৰ , ষ-ৰ পাছত ণ হয় ৷ যেনে ঃ ঋ + ণ = ঋণ
(ঙ) ষত্ব বিধিৰ এটা নিয়ম লিখা।
(চ) বাক্য ৰচনা কৰা - উজাগৰ, বাধ্য।
উত্তৰঃ (ক) ৰাতি উজাগৰে থকাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক ৷
(খ) বাধ্যত পৰিহে তেওঁ নিজৰ কামটো কৰিছে ৷
৮, তলৰ প্রশ্নসমূহৰ অতি চমু উত্তৰ লিখা (যিকোনাে তিনিটা)
(ক) আহােমসকল মূলতঃ কি জাতিৰ মানুহ ?
উত্তৰঃ টাই জাতিৰ মানুহ ৷
(খ) আহােমসকলৰ আদি বাসস্থান ক’ত আছিল ?
উত্তৰঃ চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চল আৰু বৰ্তমানৰ ইউনান প্ৰদেশৰ মুংমাও ৰাজ্যত ৷
(গ) আহােমসকলৰ বর্তমান জনসংখ্যা কিমান ?
উত্তৰঃ প্ৰায় ২৫ লাখ ৷
(ঘ) আহােমসকলৰ এটা বিবাহ পদ্ধতিৰ নাম লিখ।
(ঙ) শৰাইঘাটৰ যুদ্ধত মূল নেতৃত্ব কোনে লৈছিল ?
৯, তলৰ যিকোনাে এটা প্ৰশ্নৰ উত্তৰ লিখা।
(ক) আহােমসকলৰ দুবিধ পৰম্পৰাগত পূজাৰ নাম লিখা।
উত্তৰঃ মে-ডাম মে-ফী আৰু চাইফা
(খ) দুজন অসমীয়া স্বনামধন্য সাহিত্যিকৰ নাম লিখা।
‘খ’ অংশ
১০. তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া (যিকোনাে চাৰিটা)
(ক) প্রাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবিজন কোন?
উত্তৰঃ মাধৱ কন্দলী ৷
(খ) হনুমন্ত লঙ্কাদর্শন’ কাব্যাংশ ক'ৰ পৰা লােৱা হৈছে?
উত্তৰঃ মাধৱ কন্দলীৰ সুন্দৰাকাণ্ড ৰামায়ণৰ পৰা ৷
(গ) পৱন নন্দন কোন?
(ঘ) কাৰ আদি আৰু অন্ত নাই।
(ঙ) সন্মান নামৰ পাঠটি কোনখন পুথিৰ পৰা লােৱা হৈছে?
উত্তৰঃ পাঠমালাৰ পৰা লোৱা হৈছে ৷
(চ) হেমকোষৰ প্রণেতা কোন?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱা ৷
১১, তলৰ যিকোনাে দুটা প্রশ্নৰ চমু উত্তৰ লিখা।
(ক) হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্রৱেশ কৰিছিল ?
উত্তৰঃ মেকুৰীৰ অৰ্থাৎ বিৰালৰ ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল ৷
(খ) যিকোনাে এটাৰ চমুটোকা লিখা - হনুমন্ত, বিশ্বকর্মা।
উত্তৰঃ বিশ্বকৰ্মাঃ বিশ্বকৰ্মা দেৱতাসকলৰ বিমান আৰু অলংকাৰ নিৰ্মাণ কৰা দেৱতা হিচাপে জনা যায় ৷ শিল্পীগণৰ ভিতৰত তেওঁক শ্ৰেষ্ঠ বুলি জনা যায় ৷
১২, তলৰ যিকোনাে এটা প্ৰশ্নৰ উত্তৰ লিখা।
(ক) হনুমন্তই গধূলিসময়ত দেখা লংকা নগৰীৰ এটি বর্ণনা দিয়া।
(খ) সুবেল শৃংগত বহি হনুমন্তই কি ভাৱিছিল ?
(গ) আমি কাক কাক সন্মান কৰিব লাগে ?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱাই লিখা পাঠটোৰ পৰা আমি বহুতো নজনা কথা জানিব পাৰিলো ৷ ঈশ্বৰ , পিতৃ-মাতৃ , শিক্ষক , দেশৰ অধিকাৰ আৰু বঢ়া লোকসকল কিয় আমাৰ সন্মানৰ পাত্ৰ হয় তাৰ বিষয়ে লেখকে অতি সুন্দৰভাবে ব্যাখ্যা কৰিছে ৷ আমি ঈশ্বৰক কিয় শ্ৰদ্ধা আৰু ভক্তি কৰিব লাগে , ঈশ্বৰৰ পাছত আমাৰ সন্মানীয় বৃদ্ধা পিতৃ -মাতৃক কিয় সেৱা তথা পোহ-পাল কৰিব লাগে সেই বিষয়ে আমি শিকিলো ৷ ইয়াৰ উপৰিও শিক্ষক-শিক্ষয়িত্ৰীসকলক আমাক শিকোৱা জ্ঞানৰ বাবে আমি তেওঁলোকৰ প্ৰতি মান সৎকাৰ কৰিব লাগে ইয়াৰ বিষয়ে আমি জানিলো ৷ ঠিক একেদৰে আমাৰ দেশৰ শাসনকৰ্তাসকলে কেনেকৈ দুখ-কষ্ট সহ্য কৰি আমাৰ দেখখনক চোৰ-ডকাইত তথা অন্যায়ৰ পৰা ৰক্ষা কৰিছে , সেইবাবে তেওঁলোককো আমি শলাগ ল'ব লাগে তথা সন্মান কৰিব লাগে , এই বিষয়ে শিকিলো ৷ আমাতকৈ শ্ৰেষ্ঠ তথা মান্য বৃদ্ধা মানুহবিলাককো আমি সমুচিত সন্মান কৰিব লাগে কাৰণ তেওঁবিলাক আমাতকৈ বয়সীয়া আৰু বহুদৰ্শী ৷
' ঈশ্বৰৰ পাছতে পিতৃ-মাতৃ আমাৰ মাননীয় ' কাৰণ তেওঁবিলাকেই আমাক জন্ম দিছে আৰু তেওঁলোকৰ পৰাই আমি এই বিচিত্ৰ সংসাৰ দেখিবলৈ পাইছোঁহক ৷ আমি কেঁচুৱা থকা অৱস্থাত যেতিয়া আমি খোজ কাঢ়িব নোৱাৰিছিলো তেতিয়া তেওঁবিলাকে আমাক অত দুখ সহি তেওঁলোকৰ কোলাত আমাক তুলিছিল ৷ আমি নাখালে তেওঁবিলাকে তেওঁবিলাকৰ আহাৰত ৰুচি নহৈছিল ৷ আমি গাত দুখ পালে বা নৰিয়া পৰিলে শোকত তেওঁবিলাকে আমাৰ বেমাৰ ভাল হবৰ নিমিত্তে যত্ন কৰিছিল আনকি আমাৰ কুশলৰ কাৰণে প্ৰাণকে উচৰ্গিছিল ৷ আমি অলপ ডাঙৰ হলে সিবিলাকে আমাক প্ৰাথমিক জ্ঞান-বিদ্যা দি ভাল মানুহ হবৰ বাবে নেৰা নেপেৰা চেষ্টা অব্যাহত ৰাখিছিল ৷ এতিয়াও আমি ধনী , মানী ,যশস্বী হ'লে সিবিলাকৰ আনন্দৰ সীমা নাথাকে আৰু সেই পিতৃ-মাতৃৰ মুখ মলিন আৰু চকু লোতকেৰে পূৰ হয় যেতিয়া দুৰ্যশ বা দুৰ্ভাগ্যৰ কথা শুনে ৷ গতিকে আমি সদায় তেওঁলোকৰ আজ্ঞা মানিব আৰু সিবিলাকৰ সন্মান কৰিব লাগে ৷ তেওঁবিলাকৰ বুঢ়া কালত আমাৰ শক্তি অনুসাৰে সেৱা কৰা আৰু পোহ্পাল দি তেওঁবিলাকক সুখেৰে ৰখাটোও আমাৰ কৰ্তব্য ৷
১৪ তেলৰ যিকোনাে দুটা শব্দৰ আধুনিক অসমীয়া ৰূপ লিখা।
কলেৱৰ, গুৱা, তহিতে, দুতী।
উত্তৰঃ কলেৱৰ - শৰীৰ , তহিতে - তাত