ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

আমাৰ চৌপাশৰ বজাৰ- সমাজ বিজ্ঞান -সপ্তম শ্ৰেণী - পাঠ ১৮ -Markets Arund Us - Social Science- Class 7- Chapter -18

Admin
0
পৃষ্ঠা নং ১৬০
ক্ৰিয়াকলাপ-

👉 দৈনিক বজাৰবোৰক কিয় স্থায়ী বজাৰ বুলি কোৱা হয় ?

উত্তৰঃ দৈনিক বজাৰবোৰ সাধাৰণতে স্থায়ী ঘৰত বহে, সেইবাবে ইয়াক স্থায়ী বজাৰ বুলি কোৱা হয় ৷ 

👉 দৈনিক বজাৰৰ বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰঃ দৈনিক বজাৰৰ বৈশিষ্ট্যসমূহ হ'ল - 

i) দৈনিক বজাৰ সপ্তাহটোৰ প্ৰায়ভাগ দিনতে খোলা থাকে ৷

(ii) গ্ৰাহকে দৈনিক প্ৰয়োজনীয় সামগ্ৰী সদায় কিনিবলৈ সুবিধা পায় ৷

(iii) নিজৰ পছন্দ মতে গ্ৰাহকে দোকান পছন্দ কৰে ৷

👉 তোমালোকৰ অঞ্চলৰ এখন স্থায়ী বজাৰৰ নাম কোৱা ৷

উত্তৰঃ দেওবৰীয়া বজাৰ ৷ 

👉 তোমালোকৰৰ ঘৰৰ আশে-পাশে দৈনিক বজাৰ আছেনে ? যদি আছে, কেইখনমান দোকানৰ নাম লিখি তাত সাধাৰণতে কি কি সামগ্ৰী পোৱা যায় তাৰ একোখনকৈ তালিকা প্ৰস্তুত কৰা ৷ 

উত্তৰঃ আমাৰ ঘৰৰ আশে-পাশে দৈনিক বজাৰ আছে ৷ ( নিজৰ নিজৰ ওচৰত পোৱা দোকানবোৰৰ নাম লিখা আৰু তাত যিবোৰ সামগ্ৰী পোৱা যায় সেইবোৰৰ নামসমূহ লিখা ) 

পৃষ্ঠা নং ১৬১
ক্ৰিয়াকলাপ-

👉 সাপ্তাহিক বজাৰ মানে কি ? 

উত্তৰঃ সপ্তাহৰ এটা বা দুটা নিৰ্দিষ্ট বাৰত কোনো নিৰ্দিষ্ট বাৰত কোনো নিৰ্দিষ্ট ঠাইত অস্থায়ীভাৱে বহা বজাৰক সাপ্তাহিক বজাৰ বোলে ৷ 

👉 সাপ্তাহিক বজাৰৰ প্ৰধান সুবিধাসমূহ কি কি ? 

উত্তৰঃ সাপ্তাহিক বজাৰৰ প্ৰধান সুবিধাসমূহ হ'ল - 

(ক) সাপ্তাহিক বজাৰত স্থায়ী ঘৰৰ প্ৰয়োজন নাই ৷ সামগ্ৰীসমূহ বিক্ৰেতাই নিজৰ ঘৰতেই মজুত কৰি ৰাখে ৷ সেইবাবে অতিৰিক্ত খৰচ কমি আহে ৷ 

(খ) সাপ্তাহিক বজাৰত বস্তুৰ দাম দৈনিক বজাৰতকৈ কম ৷ 

(গ) সাপ্তাহিক বজাৰত একে ঠাইতে সকলোবোৰ সামগ্ৰী কিনিবলৈ সুবিধা হয় ৷ 

👉 সাপ্তাহিক বজাৰত সামগ্ৰীৰ দাম তুলনামূলকভাৱে কিছু কম হয় - তাৰ কাৰণ ব্যাখ্যা কৰা  ৷ 

উত্তৰঃ সাপ্তাহিক বজাৰত সামগ্ৰীৰ দাম তুলনামূলকভাৱে কিছু কম হয় - তাৰ কাৰণ হ'ল - 

 সাপ্তাহিক বজাৰত স্থায়ী ঘৰৰ প্ৰয়োজন নাই ৷ সামগ্ৰীসমূহ বিক্ৰেতাই নিজৰ ঘৰতেই মজুত কৰি ৰাখে ৷ সেইবাবে অতিৰিক্ত খৰচ কমি আহে ৷ কাৰণ স্থায়ী দোকান বা দৈনিক বজাৰৰ ক্ষেত্ৰত ঘৰ-ভাৰা, বিজুলী শক্তি৷ কৰ্মচাৰী ইত্যাদিৰ বাবদ কিছু ব্যয় কৰিব লগা আৰু সেইবাবে বিক্ৰীকৰিবলগীয়া সামগ্ৰীসমূহৰ দাম দৈনিক বজাৰৰ তুলনাত কম হয় ৷ 

পৃষ্ঠা নং ১৬২
এতিয়া তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া 

👉 চম্চেৰে মনসিং টেৰণক বিক্ৰী কৰা গেঞ্জিটোৰ পাইকাৰী দাম কিমান আছিল ?

উত্তৰঃ  যিহেতু, ডজনে প্ৰতি পাইকাৰী মূল্য ৬০০ টকা ৷ 

আমি জানো যে , এক ডজনত 20 টা থাকে ৷ 

গতিকে এটা গেঞ্জিৰ দাম হ'ব  ৬০০ টকা ➗ 20 টা = ৩০ টকা ৷ 

👉 গেঞ্জিটোৰ খুচুৰা দাম কিমান আছিল ?

উত্তৰঃ ৬০ টকা 

👉 মনসিং টেৰণক গেঞ্জিটো বিক্ৰি কৰি চম্চেৰে কিমান টকা লাভ কৰিলে বা কিমান টকা লোকচান ভৰিলে ?

উত্তৰঃ লাভ = খুচৰা দাম - পাইকাৰী দাম 

                 = ৬০ টকা - ৩০ টকা 

                 = ৩০ টকা ৷

👉 চম্চেৰে  অৰুণ ষ্টোৰৰ পৰা কিনি অনা আটাইকেইটা গেঞ্জি খুচুৰা বজাৰত বিক্ৰী কৰিলে মুঠতে কিমান  লাভ কৰিব পাৰিব ?

উত্তৰঃ যিহেতু, ডজনে প্ৰতি পাইকাৰী মূল্য ৬০০ টকা ৷ 

আমি জানো যে , এক ডজনত 20 টা থাকে ৷ 

গতিকে এটা গেঞ্জিৰ দাম হ'ব  ৬০০ টকা ➗ 20 টা = ৩০ টকা ৷ 

আৰু ৫ ডজনত মুঠ গেঞ্জি হ'ব = ৫ x ২০ টা = ১০০ টা 

মুঠ গেঞ্জিৰ পাইকাৰী মূল্য = ১০০ টা x ৩০ টকা = ৩,০০০ টকা ৷

যিহেতু প্ৰতিটো গেঞ্জিৰ খুচুৰা মূল্য = ৬০ টকা ৷

মুঠ গেঞ্জিৰ খুচুৰা মূল্য = ১০০ টা x ৬০ টকা = ৬,০০০ টকা ৷

এতেকে চম্চেৰে লাভ কৰিব = ৬,০০০ টকা - ৩,০০০ টকা = ৩,০০০ টকা ৷ 

👉 অৰুণ ষ্টোৰৰ মালিকে একোটা গেঞ্জিত কিমান টকাকৈ লাভ কৰিছে ?

উত্তৰঃ ৩০ টকাকৈ ৷ 




১৷ চমু উত্তৰ লিখা - 

(ক) বিনিময় প্ৰথা কাক বোলে ?

উত্তৰঃ সামগ্ৰীৰ সলনি সামগ্ৰী বিনিময় কৰা প্ৰাচীন প্ৰথাটোক বিনিময় প্ৰথা বোলা হয় ৷

(খ) বজাৰ মানে কি ?

উত্তৰঃ বজাৰ বুলিলে মুদ্ৰাৰ মাধ্যমত সামগ্ৰী আৰু সেৱাৰ কিনা-বেচা কৰা ব্যৱস্থাটোকে বুজোঁ ৷

(গ) দৈনিক বজাৰৰ সুবিধাসমূহ কি কি ?

উত্তৰঃ দৈনিক বজাৰৰ সুবিধাসমূহ হ'ল - 

(i) দৈনিক বজাৰ সপ্তাহটোৰ প্ৰায়ভাগ দিনতে খোলা থাকে ৷

(ii) গ্ৰাহকে দৈনিক প্ৰয়োজনীয় সামগ্ৰী সদায় কিনিবলৈ সুবিধা পায় ৷

(iii) নিজৰ পছন্দ মতে গ্ৰাহকে দোকান পছন্দ কৰে ৷

(ঘ) বস্তুৰ দাম বা দৰ মানে কি ?

উত্তৰঃ বস্তু এটা ক্ৰয় কৰাৰ বাবে মুদ্ৰাৰ মাধ্যমত যি মূল্য প্ৰদান কৰোঁ তাকে বস্তুটোৰ দাম বা দৰ বুলি কোৱা হয় ৷ 

(ঙ) সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয় ?

উত্তৰঃ সাধাৰণতে  সাপ্তাহিক বজাৰত স্থায়ী ঘৰৰ প্ৰয়োজন নাথাকে ৷ সামগ্ৰীসমূহ বিক্ৰেতাই নিজৰ ঘৰতেই মজুত কৰি ৰাখে ৷ আনহাতে স্থায়ী দোকান বা দৈনিক বজাৰৰ ক্ষেত্ৰত ঘৰ-ভাৰা, বিজুলী শক্তি, কৰ্মচাৰী ইত্যাদিৰ বাবদ কিছু ব্যয় কৰিব লাগে ৷ সেইবাবে সাপ্তাহিক বজাৰত বস্তুৰ দাম  কম হয় ৷ 

(চ) জোন-বিল মেলা কিহৰ বাবে বিখ্যাত ?

উত্তৰঃ জোন-বিল মেলা বিনিময় প্ৰথাৰ বাবে বিখ্যাত ৷ 

২৷ উত্তৰ লিখা - 

(ক) দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি কি পাৰ্থক্য আছে ?

উত্তৰঃ 

দৈনিক বজাৰ

সাপ্তাহিক বজাৰ

(ক)দৈনিক বজাৰসমূহ নিতৌ খোলা থাকে ৷

 

 

 

(খ)দৈনিক বজাৰত বস্তুৰ দাম বেছি ৷

 

 

(গ)একে ঠাইতে সকলোবোৰ সামগ্ৰী উপলদ্ধ নহয় ৷

(ক)সাপ্তাহিক বজাৰসমূহ যিকোনো এটা বা দুটা দিন বা বাৰত খোলা থাকে ৷

 

(খ) সাপ্তাহিক বজাৰত বস্তুৰ দাম দৈনিক বজাৰতকৈ কম ৷

 

(গ) একে ঠাইতে সকলোবোৰ সামগ্ৰী উপলদ্ধ হয় ৷


(খ) বিভিন্ন প্ৰকাৰৰ বজাৰবোৰে আমাৰ সামাজিক প্ৰয়োজনবোৰ কি দৰে পূৰ কৰে ?

উত্তৰঃ স্থায়ী বজাৰঃ স্থায়ী বজাৰে  নিতৌ প্ৰয়োজনীয় সামগ্ৰীসমূহৰ যোগান ধৰে ৷ 

সাপ্তাহিক বজাৰঃ সাপ্তাহিক বজাৰত স্থায়ী বজাৰৰ উপলদ্ধ হোৱা সামগ্ৰীসমূহ কিছু কম দামত পোৱা যায় আৰু একে ঠাইত বহুত সামগ্ৰী ক্ৰয়ৰ সুবিধা পায় ৷

পাইকাৰী বজাৰঃ উৎপাদনকাৰীৰ পৰা বহু সামগ্ৰী একেলগে পুনৰ বিক্ৰীৰ বাবে পাইকাৰীয়ে কম মূল্যত ক্ৰয় কৰে যাতে তেওঁলোকৰ সুবিধা হয় ৷

খুচুৰা বজাৰঃ খুচুৰা বজাৰৰ জৰিয়তে গ্ৰাহকে নিতৌ প্ৰয়োজনীয় সামগ্ৰীসমূহ কম কম পৰিমাণত কিনিবলৈ সুবিধা উপভোগ কৰে ৷

হকাৰে চলোৱা বজাৰঃ হকাৰে চলোৱা বজাৰৰ জৰিয়তে গ্ৰাহকে প্ৰয়োজনীয় সামগ্ৰীসমূহ ঘৰতে কিনিবলৈ সুবিধা পায় ৷

শ্বপিং মল ঃ গ্ৰাহকে বিভিন্ন বস্তুৰ বাবে দোকান বিচাৰি ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰিব নালাগে ৷ 

শ্বপিং কমপ্লেক্সঃ শ্বপিং কমপ্লেক্স হ'ল এটা ডাঙৰ ঘৰত থকা কিছুমান দোকানৰ সমষ্টি য'ত দোকান ভেদে বিভিন্ন সামগ্ৰী বেচা-কিনা কৰা হয় ৷ 

(গ) পাইকাৰী বিক্ৰেতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা ৷

উত্তৰঃ (ক) পাইকাৰী বিক্ৰেতাই বিভিন্ন সা-সামগ্ৰীসমূহ চহৰ নগৰ আনকি গাওঁতো খুচুৰা ব্যৱসায়ীসকলৰ জৰিয়তে বিতৰণ কৰে যাতে সকলো মানুহে নিজৰ প্ৰয়োজনীয় সা-সামগ্ৰীসমূহ অতি সহজে কিনিবলৈ সুবিধা পায় ৷ 
(খ) উৎপাদনকাৰীসকলৰ লগত  দৰ-দাম কৰি পাইকাৰী বিক্ৰেতাই খুচুৰা ব্যৱসায়ীসকলক ব্যৱসায়ৰ সুযোগ প্ৰদান কৰে ৷ 

(গ) খুচুৰা বিক্ৰেতাই কম মূল্যত সামগ্ৰীসমূহ ক্ৰয় কৰি অধিক মূল্যত গ্ৰাহকক বিক্ৰি কৰি লাভ অৰ্জন কৰে ৷ 

(ঘ) বজাৰ শৃংখল মানে কি ?

উত্তৰঃ উৎপাদনকাৰীসকলৰ পৰা গ্ৰাহকলৈ এক শৃংখলৰ জৰিয়তে সামগ্ৰীসমূহ বিতৰণ হয় তেনে শৃংখলক বজাৰ শৃংখল বোলে ৷ প্ৰথমতে উৎপাদনকাৰীসকলৰ পৰা পাইকাৰী ব্যৱসায়ী সামগ্ৰীটো ক্ৰয় কৰি খুচুৰা ব্যৱসায়ীসকলক দিয়ে আৰু খুচুৰা ব্যৱসায়ীসকলে গ্ৰাহকক দিয়ে ৷ এই শৃংখলকে বজাৰ শৃংখল বোলে ৷ 

৩৷ শুদ্ধ উত্তৰটো বাছি উলিওৱা - 

(ক) গ্ৰাহকে বস্তু ক্ৰয় কৰে - 

(i) পাইকাৰী বিক্ৰেতাৰ পৰা 

(ii) খুচুৰা বিক্ৰেতাৰ পৰা 

(iii) উৎপাদনকাৰীৰ পৰা 

উত্তৰঃ (ii) খুচুৰা বিক্ৰেতাৰ পৰা  ৷

(খ) বস্তু এটাৰ কিনা দামতকৈ বিক্ৰী দাম বেছি হ'লে ব্যৱসায়ীজনৰ -

(i) লাভ হয়

(ii) লোকচান হয় 

(iii) একো নহয় 

উত্তৰঃ (i) লাভ হয় ৷

(গ) ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্ৰেতাসকলক -

(i) পাইকাৰী বিক্ৰেতা 

(ii) খুচুৰা বিক্ৰেতা 

(iii) হকাৰ বাড ফেৰীৱালা বোলে 

উত্তৰঃ (iii) হকাৰ বাড ফেৰীৱালা বোলে ৷ 

(ঘ) সকলো ব্যৱসায়ীয়ে বস্তু ক্ৰয়-বিক্ৰয় কৰাৰ মূল লক্ষ্য হৈছে -

(i) বিক্ৰী বৃদ্ধি কৰা 

(ii) লাভ অৰ্জন কৰা 

(iii) লোকচান কৰা 

উত্তৰঃ (ii) লাভ অৰ্জন কৰা ৷

৪৷ খালী ঠাই পূৰ কৰা -

(ক) _______ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনো ৷

(খ) বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম ______ হয় ৷

(গ) _______ বজাৰৰ পুৰণি ব্যৱস্থা ৷

(ঘ) উৎপাদনকাৰীৰ পৰা _______ বিক্ৰেতাই সৰহ পৰিমাণৰ বস্তু ক্ৰয় কৰে ৷

(চ) _____ হৈছে বস্তু কিনা-বেচাৰ মাধ্যম ৷

(ছ) ক্ৰয় দামতকৈ বিক্ৰী দাম কম হ'লে _______ হয় ৷ 

উত্তৰঃ 

(ক) মুদ্ৰাৰ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনো ৷

(খ) বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম বেছি হয় ৷

(গ) বিনিময় প্ৰথা বজাৰৰ পুৰণি ব্যৱস্থা ৷

(ঘ) উৎপাদনকাৰীৰ পৰা পাইকাৰী বিক্ৰেতাই সৰহ পৰিমাণৰ বস্তু ক্ৰয় কৰে ৷

(চ) মুদ্ৰা হৈছে বস্তু কিনা-বেচাৰ মাধ্যম ৷

(ছ) ক্ৰয় দামতকৈ বিক্ৰী দাম কম হ'লে লোকচান হয় ৷ 


Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)