বিষয়ঃ বিজ্ঞান
তালিকা নং ২ঃ
উত্তৰঃ
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এতিয়া তলৰ প্ৰশ্নকেইটাৰ নিৰ্দেশনামতে উত্তৰ কৰা -
পাঠ নংঃ অৰণ্য আমাৰ জীৱন ৰেখা
(সপ্তম শ্ৰেণীৰ পুনৰালোচনা )
প্ৰাৰম্ভিক চমু বৰ্ণনা আৰু নিৰ্দেশনাঃ
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ষষ্ঠ শ্ৰেণীতেই খাদ্যৰ বিষয়ে বহু কথা শিকিলা ৷ কথাখিনি আকৌ এবাৰ ভালদৰে মনত পেলাওঁ আহা -
‣ গৰু, ম'হ , ছাগলী আদি জীৱ-জন্তুৱে ঘাঁহ, খেৰ, শস্য ইত্যাদি খায় ৷ এনেধৰণৰ উদ্ভিদজাত খাদ্য খাই জীৱন নিৰ্বাহ কৰা জীৱসমূহক তৃণভোজী জীৱ বোলে ৷
‣ বাঘ, সিংহ প্ৰভৃতি কিছুমান জন্তুৱে আন জীৱ-জন্তুৰ মাংস আহাৰ হিচাপে খায় ৷ এনেধৰণে খাদ্যৰ বাবে মাংসৰ ওপৰত নিৰ্ভৰশীল জীৱসমূহক মাংসহাৰী জীৱ বুলি কোৱা হয় ৷
‣ মেকুৰী, কুকুৰ আদি কিছুমান জীৱ-জন্তুৱে উদ্ভিদজাত খাদ্যৰ লগতে আহাৰ হিচাপে মাছ-মাংসও খায় ৷ এনেধৰণৰ প্ৰানীসমূহক সৰ্বভোজী জীৱ বুলি কোৱা হয় ৷
‣ খাদ্যৰ প্ৰধান পৰিপোষকসমূহ হৈছে কাৰ্ব'হাইড্ৰেট, প্ৰ'টিন, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ ৷
‣ সেউজীয়া উদ্ভিদে সালোক সংশ্লেষণৰ জৰিয়তে কাৰ্ব'হাইড্ৰেট প্ৰস্তুত কৰে ৷ েই প্ৰক্ৰিয়াত বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইড ব্যৱহূত হয় আৰু কাৰ্ব'হাইড্ৰেটৰ লগত অক্সিজেন উৎপন্ন হয় ৷
‣ পৰবৰ্তী সময়ত এই কাৰ্ব'হাইড্ৰেট আন আন উপাদানলৈ সংশ্লেষিত হয় ৷
ছাত্ৰ -ছাত্ৰীসকল, আমিও বিভিন্ন ধৰণৰ খাদ্য খাওঁ, নহয় জানো ? এই ভিন্নতা দিনটোৰ বিভিন্ন সময়তো হয় অথবা বতৰৰ বিভিন্ন ঋতুটো হয়, অৰ্থাৎ গৰমৰ দিনত খোৱা পাছলি, ফল-মূল জাৰৰ দিনত খাবলৈ নাপাওঁ ৷ ভৌগলিক অৱস্থানৰ ভিন্নতাৰ বাবেও খাদ্যৰ ভিন্নতা দেখা যায় ৷ এই খাদ্য বস্তুসমূহৰ উপকৰণ আৰু উৎসৰ তালিকা প্ৰস্তুত কৰিছিলা নহয় ৷ এতিয়া তোমালোকে সপ্তম শ্ৰেণীৰ পাঠ নং ১৭ '' অৰণ্যঃ আমাৰ জীৱন ৰেখা'' পাঠটি পুনৰ অধ্যয়ন কৰা আৰু তাৰ পাছত তলৰ তালিকা দুখন পূৰ কৰা ৷
প্ৰথম তালিকাখনত চাৰিটা স্তম্ভ আছে ৷ প্ৰথম স্তম্ভত আমি ব্যৱহাৰ কৰা কিছুমান বস্তুৰ সাধাৰণ নাম দিয়া আছে ৷ তোমালোকে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্তম্ভকেইটা উপযুক্ত শব্দৰে সম্পূৰ্ণ কৰা ৷ প্ৰথম শাৰীটো উদাহৰণ হিচাপে দেখুওৱা হৈছে ৷
দ্বিতীয় তালিকাখনত চাৰিটা স্তম্ভ আছে ৷ প্ৰথম স্তম্ভত আমি ব্যৱহাৰ কৰা কিচুমান বস্তুৰ সাধাৰণ নাম দিয়া আছে ৷ তোমালোকে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্তম্ভকেইটা উপযুক্ত শব্দৰে সম্পূৰ্ণ কৰা ৷ প্ৰথম শাৰীটো উদাহৰণ হিচাপে দেখুওৱা হৈছে ৷
তালিকা নং ১ঃ
ব্যৱহাৰ কৰা বস্তুৰ নাম | বস্তুটো তৈয়াৰ কৰা সামগ্ৰীৰ নাম | বস্তুটো তৈয়াৰ কৰা সামগ্ৰী আহৰণৰ উৎস | বস্তটো ব্যৱহাৰৰ উদ্দেশ্য |
---|---|---|---|
চকী | কাঠ | অৰণ্য | আচবাব |
মেজ অথবা টেবুল | |||
ঢাৰি | |||
খৰি | |||
জুইশলা কাঠি | |||
কাগজ |
উত্তৰঃ
ব্যৱহাৰ কৰা বস্তুৰ নাম | বস্তুটো তৈয়াৰ কৰা সামগ্ৰীৰ নাম | বস্তুটো তৈয়াৰ কৰা সামগ্ৰী আহৰণৰ উৎস | বস্তুটো ব্যৱহাৰৰ উদ্দেশ্য |
---|---|---|---|
চকী | কাঠ | অৰণ্য | আচবাব |
মেজ অথবা টেবুল | কাঠ | অৰণ্য | আচবাব |
ঢাৰি | পাত | অৰণ্য | আচবাব |
খৰি | ডাল,কাঠ | অৰণ্য | ইন্ধন |
জুইশলা কাঠি | কাঠ | অৰণ্য | ইন্ধন |
কাগজ | বাঁহ গছ | অৰণ্য | লেখা-মেলা , চিত্ৰ অংকণ |
বস্তুৰ নাম | বস্তুটো আহৰণৰ উৎস | বস্তুটো ব্যৱহাৰৰ উদ্দেশ্য |
---|---|---|
আম | অৰণ্য | আমাৰ খাদ্য |
ঘাঁহ | ||
কল | ||
মৌ-ৰস | ||
কঠাল |
বস্তুৰ নাম | বস্তুটো আহৰণৰ উৎস | বস্তুটো ব্যৱহাৰৰ উদ্দেশ্য |
---|---|---|
আম | অৰণ্য | আমাৰ খাদ্য |
ঘাঁহ | ঘাঁহনি পথাৰ | প্ৰাণীৰ খাদ্য |
কল | কল খেতি | আমাৰ খাদ্য |
মৌ-ৰস | অৰণ্য/মৌ- পালক | আমাৰ খাদ্য |
কঠাল | অৰণ্য | আমাৰ খাদ্য |
খালী ঠাইত উপযুক্ত শব্দ বহুৱাই সম্পূৰ্ণ কৰাঃ-
১৷ আমাৰ গৃহ নিৰ্মাণৰ বাবে ব্যৱহূত কাঠ এবিধ _________সামগ্ৰী ৷
উত্তৰঃ আমাৰ গৃহ নিৰ্মাণৰ বাবে ব্যৱহূত কাঠ এবিধ অৰণ্যৰ সামগ্ৰী
তলৰ প্ৰশ্নসমূহৰ লগত দিয়া বিকল্পবিলাকৰ ভিতৰত ব্যৱহাৰ কৰা ৰেণু আহৰণ কৰে -
(ক) উদ্ভিদৰ ফুলৰ পৰা
(খ) নদীৰ পানীৰ পৰা
উত্তৰঃ (ক) উদ্ভিদৰ ফুলৰ পৰা
২৷ তলৰ কোনটো অৰণ্যৰ উৎপাদিত সামগ্ৰী নহয় -
(ক) লো
(খ) লা
(গ) প্লাইউড
(ঘ) আঠা
উত্তৰঃ (ক) লো
৩৷ গৰু বা মহৰ খাদ্যৰ বাবে আমি -
(ক) নদীৰ জলজীৱৰ ওপৰত নিৰ্ভৰ কৰো
(খ) অৰণ্যৰ ঘাঁহবনৰ ওপৰত নিৰ্ভৰ কৰো
(গ) অৰণ্যৰ পোক পৰুৱাৰ ওপৰত নিৰ্ভৰ কৰো
উত্তৰঃ (খ) অৰণ্যৰ ঘাঁহবনৰ ওপৰত নিৰ্ভৰ কৰো