ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয় স্ব-শিকন সমল ( সমাজ বিজ্ঞান, সপ্তম শ্ৰেণী)

Admin
0
বিষয়ঃ সমাজ বিজ্ঞান 

পাঠ নং-৭ঃ অসমৰ সম্পদ

( সপ্তম  শ্ৰেণীৰ পুনৰালোচনা )

টোকাঃ 

অসমৰ প্ৰাকৃতিক সম্পদৰ বিষয়ে ছাত্ৰ-ছাত্ৰীয়ে সম্যক জ্ঞান লাভ কৰাটো প্ৰয়োজন ৷ সেয়েহ সপ্তম শ্ৰেণীৰ এই পাঠটি ছাত্ৰ-ছাত্ৰীয়ে যোৱা বছৰ সম্পূৰ্ণ কৰিব নোৱোৰা বাবে পুনৰালোচনাৰ বাবে দিয়া হ'ল ৷

কাৰ্য নং ১ ঃ তলৰ দফাটো ভালকৈ পঢ়ি  লোৱা 

   " অতি সম্প্ৰতি ক'ভিড মহামাৰিয়ে সমগ্ৰ দেশ ছানি ধৰিছে ৷ নিতৌ হেজাৰজনৰ মৃত্যুৰ বাতৰীয়ে মানুহক আতংকিত কৰি তুলিছে ৷ শৰীৰত অক্সিজেনৰ মাত্ৰা কমি গৈ আক্াৰন্ত ৰোগীয়ে চট্ফটাই থকাটো আমি সকলোৱে প্ৰত্যক্ষ কৰিছো ৷ আমাৰ দেশত এতিয়া অক্সিজেনৰ অভাৱ ৷ অক্সিজেন মানুহৰ জীৱন দায়িনী শক্তি ৷ প্ৰকৃতিয়ে মানুহক অফুৰন্তভাৱে বিনামূলীয়া অক্সিজেন যোগান ধৰে ৷ অথচ ভাৰতৰ কথা বাদেই দিলো প্ৰাকৃতিকভাৱে অপৰ্যাপ্ত গছ-গছনি, হাবি-জংঘলৰে পৰিপূৰ্ণ আমাৰ ৰাজ্যখনতো এতিয়া অক্সিজেনৰ সংকট  

            অক্সিজেন অবিহনে আমি জীয়াই থাকিমনে ?''

ওপৰৰ কথাংশৰ আধাৰত নিম্নলিখিত প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰা - 

ক) কি কি কাৰণত আমাৰ দেশত অক্সিজেনৰ মাত্ৰা হ্ৰাস পাই আহিছে  ?

উত্তৰঃ (ক) গছ -গছনি কটাৰ ফলত  (খ) কল-কাৰখানাৰ পৰিমাণ বৃদ্ধি হোৱাত (গ) গাড়ী-মটৰৰ পৰিমাণ বৃদ্ধি হোৱাত 

(খ) পৰ্যাপ্ত অক্সিজেন লাভ কৰিবলৈ আমি কি উপায় অৱলম্বন কৰাটো সমীচিন ?

উত্তৰঃ (ক) গছ-গছনি  আৰু হাবি-জংঘলৰ পৰিমাণ বৃদ্ধি কৰা উচিত (খ) কল-কাৰখানাৰ ক'লা ধোৱা নাইকিয়া কৰা উচিত (গ) গাড়ী-মটৰত বিকল্প ইন্ধন ব্যৱহাৰ কৰা যাতে পৰিৱেশ প্ৰদূষণ নহয় ৷ 

(গ) '' মানুহ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল'' - বাক্যশাৰীৰ আধাৰত নিজৰ মন্তব্য লিখা ৷

উত্তৰঃ গছ-গছনি, হাবি-জংঘল থাকিলেহে মানুহ থাকিব ৷ গছ-গছনিৰ ফলত অক্সিজেনৰ পৰিমাণ অব্যাহত থাকিব ৷ আকৌ প্ৰকৃতিৰ বিভিন্ন উপাদান তথা সম্পদ আহৰণ কৰি মানুহে ব্যক্তিগত আৰু সামূহিক উন্নয়নৰ কামত ব্যৱহাৰ কৰি আহিছে ৷ প্ৰকৃতিৰ অবিহনে আমি জীয়াই থকাটো সম্ভৱ নহয় ৷ আমি প্ৰাকৃতিক সম্পদ যেনেঃ- বনজ সম্পদ, খনিজ সম্পদ, জলসম্পদ আদিৰ ওপৰত নিৰ্ভৰশীল ৷ মানুহ প্ৰকৃতিৰ ওপৰত সম্পূৰ্ণভাৱে নিৰ্ভৰশীল ৷ 

কাৰ্য নং-২ঃ 

নিজৰ অভিজ্ঞতা আৰু পাঠৰ আলমত বনজ, জলজ আৰু খনিজ সম্পদসমূহক ভিত্তি কৰি অসমত কেনেধৰণৰ উদ্যােগে স্থাপন কৰিব পাৰি তাৰ এখন তালিকা প্ৰস্তুত কৰি উলিওৱা ৷

বনজ সম্পদ      জলজ সম্পদ      খনিজ সম্পদ





উত্তৰঃ


বনজ সম্পদ জলজ সম্পদ খনিজ সম্পদ
পৰ্যটন উদ্যােগ, কাগজ কল, প্লাইউড কাৰখানা জলবিদ্যুৎ উৎপাদন উদ্যেগ, বিলসমূহৰ পৰ্য্যটন কেন্দ্ৰ খাৰুৱা তেলৰ উদ্যােগ, প্ৰাকৃতিক গেছৰ উদ্যোগ


কাৰ্য নং-৩ঃ

অসমৰ  এখন নক্সা অংকণ কৰি তলত উল্লেখ কৰাবোৰৰ সঠিক স্থান নিৰ্ণয় কৰা ( ভু-চিত্ৰাৱলী আৰু পাঠৰ আলম ল'বা )- 

∷ দুটা তেল শোধনাগৰ

∷ দুটা কয়লাখনি 

∷ এটা নদী বন্দৰ 

∷ চাহখেতি থকা উজনি অসমৰ দুখন জিলা 

∷ দুখন ৰাষ্ট্ৰীয় উদ্যান 

উত্তৰঃ

∷ দুটা তেল শোধনাগৰঃ ডিলাই, গেলেকি 

∷ দুটা কয়লাখনিঃ লিডু, মাকুম

∷ এটা নদী বন্দৰঃ জিৰি

∷ চাহখেতি থকা উজনি অসমৰ দুখন জিলাঃ যোৰহাট , শিৱসাগৰ

∷ দুখন ৰাষ্ট্ৰীয় উদ্যানঃ কাজিৰঙা , মানাহ 

অসমৰ সম্পদ, সপ্তম শ্ৰেণীৰ পুনৰালোচনা



কাৰ্য নং-৪ঃ

উত্তৰ লিখাঃ

(ক) অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম - _________

উত্তৰঃ নগাওঁ 

(খ) অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম ________ 

উত্তৰঃ কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান 

(গ) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দুখন উপনৈৰ নাম _____

উত্তৰঃ সোৱনশিৰি , মানাহ

(ঘ) দুবিধ চিৰ সেউজীয়া গছৰ নাম ______

উত্তৰঃ নাহৰ  আৰু তিতাছপা 

(ঙ)খাৰুৱা তেলৰ পুং থকা অসমৰ দুখন ঠাইৰ নাম _____

উত্তৰঃ বৰহোলা , মৰাণ

কাৰ্য নং-৫ঃ

শুদ্ধ  উত্তৰটো বাছি উলিওৱা -

* ব্যঘ্ৰ  প্ৰকল্প থকা অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যান হ'ল -

(ক) ওৰাং

(খ) মানাহ 

(গ) পানী দিহিং

(ঘ) কাজিৰঙা 

উত্তৰঃ (খ) মানাহ 

* অসমৰ গেছ ক্ৰেকাৰ প্ৰকল্প থকা ঠাইখন হ'ল -

(ক) নুনমাটি 

(খ) চন্দ্ৰপুৰ 

(গ) লেপেটকটা 

(ঘ) বোকাজান 

উত্তৰঃ (গ) লেপেটকটা 

* বৰাক নৈৰ এখন উপনৈ হ'ল -

(ক) সোনাই 

(খ) সোৱণশিৰি 

(গ) পুঠিমাৰি 

(ঘ) কপিলী

উত্তৰঃ  (খ) সোৱণশিৰি 

* ৰবৰ আৰু কফি খেতিৰ পাম থকা অসমৰ জিলাখন হ'ল -

(ক) শোণিতপুৰ 

(খ) কামৰূপ 

(গ) ধুবুৰী

(ঘ) কাৰ্বি আংলং 

উত্তৰঃ (ঘ) কাৰ্বি আংলং 




Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)