ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয় স্ব-শিকন সমল ( গণিত, সপ্তম শ্ৰেণী)- গোটা আকৃতিৰ দৃশ্যায়ন ( সপ্তম শ্ৰেণীৰ পুনৰালোচনা)

Admin
0
দ্বি-মাত্ৰিক বা 2-D চিত্ৰঃ

দ্বি-মাত্ৰিক চিত্ৰবোৰ কেৱল দীঘ আৰু প্ৰস্থহে থাকে ৷ ইহঁত চেপেটা আকৃতিৰ ৷ উচ্চতা প্ৰায় নাই ৷






ত্ৰি-মাত্ৰিক বা 3 -D চিত্ৰঃ

ত্ৰি-মাত্ৰিক চিত্ৰবোৰৰ দীঘ, প্ৰস্থ আৰু উচ্চতা থাকে ৷ গোটা বস্তবোৰৰ ত্ৰিমাত্ৰিক ৷







প্ৰশ্নঃ তলৰ বস্তুবোৰৰ দ্বি-মাত্ৰিক হিচাপে শ্ৰেণী বিভাগ কৰা -

গোলক,  বৃত্ত, আয়ত, পিৰামিড, পেঞ্চিল বাকচ, মাৰ্বল৷, ঘনক, চতুৰ্ভুজ, জুইশলা বাকচ, সামান্তৰিক, চিলা , শংকু,


ত্ৰিভুজ, বৰ্গ  ৷

দ্বি-মাত্ৰিক              ত্ৰি-মাত্ৰিক 









উত্তৰঃ 

দ্বি-মাত্ৰিকঃ 

বৃত্ত , আয়ত , চতুৰ্ভুজ , সামান্তৰিক, চিলা, বৰ্গ         


ত্ৰি-মাত্ৰিকঃ

গোলক, পিৰামিড, পেঞ্চিল, বাকচ, মাৰ্বল, ঘনক, জুইশলা বাকচ,   শংকু, 

প্ৰশ্নঃ এইটো এটা ঘনক ৷ ইয়াৰ দীঘ, প্ৰস্থ আৰু উচ্চতা আছে ৷ ইয়াৰ তল, চুক আৰু কাষও আছে ৷ চিত্ৰটোৰ পৰা তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া ৷






(a) ঘনক এটা 2-D/3-D আকৃতিৰ _______

(b) ইয়াৰ তলৰ সংখ্যা _______

(c) ইয়াৰ চুকৰ সংখ্যা _______

(d) ইয়াৰ কাষৰ সংখ্যা _______

(e) ইয়াৰ তলবোৰ 2-D/ 3- D আকৃতিৰ ______

(f) ঘনকটো গোটা আকৃতিৰ হয়/নহয় ________

(g) গোটা আকৃতিৰ বস্তুয়ে ঠাই আগুৰি থাকে/নাথাকে_______ 

(h) গোটা আকৃতিৰ বস্তুৰ মাত্ৰাৰ সংখ্যা ________

উত্তৰঃ 

(a) ঘনক এটা 2-D/3-D আকৃতিৰ = 3-D

(b) ইয়াৰ তলৰ সংখ্যা = 6 

(c) ইয়াৰ চুকৰ সংখ্যা = 8

(d) ইয়াৰ কাষৰ সংখ্যা = 12

(e) ইয়াৰ তলবোৰ 2-D/ 3- D আকৃতিৰ = 2-D

(f) ঘনকটো গোটা আকৃতিৰ হয়/নহয়  = হয় 

(g) গোটা আকৃতিৰ বস্তুয়ে ঠাই আগুৰি থাকে/নাথাকে  = থাকে  

(h) গোটা আকৃতিৰ বস্তুৰ মাত্ৰাৰ সংখ্যা = 3 টা 


প্ৰশ্ন: তলত কিছুমান গোটা বস্তুৰ চিত্ৰ দিয়া হৈছে - 




চিত্ৰকেইটা ভালদৰে লক্ষ্য কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা:

(a) এটা শংকুত থকা শীৰ্ষবিন্দুৰ সংখ্যা ______

(b) এটা গোলকত থকা শীৰ্ষবিন্দুৰ সংখ্যা _______

(c) এটা গোলকত থকা কাষৰ সংখ্যা _______

(d) কাষ আৰু শীৰ্ষবিন্দু নথকা দুটা গোটা বস্তুৰ নাম হ'ল ______ আৰু _______

(e) চুঙাৰ কাষৰ সংখ্যা ____ আৰু শীৰ্ষবিন্দুৰ সংখ্যা _________


উত্তৰঃ

(a) এটা শংকুত থকা শীৰ্ষবিন্দুৰ সংখ্যা  1 টা ৷

(b) এটা গোলকত থকা শীৰ্ষবিন্দুৰ সংখ্যা  0 টা ৷

(c) এটা গোলকত থকা কাষৰ সংখ্যা  0 টা ৷

(d) কাষ আৰু শীৰ্ষবিন্দু নথকা দুটা গোটা বস্তুৰ নাম হ'ল গোলক আৰু ফুটবল ৷

(e) চুঙাৰ কাষৰ সংখ্যা 2 আৰু শীৰ্ষবিন্দুৰ সংখ্যা 0  


পিৰামিডঃ

এই পিৰামিডটোৰ ভূমি ত্ৰিভুজ আকৃতিৰঃ


 

এই পিৰামিডটোৰ ভূমি বৰ্গাকৃতিৰঃ




প্ৰশ্নঃ ওপৰৰ চিত্ৰ দুটা লক্ষ্য কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া 

(a) বৰ্গাকৃতিৰ ভূমিৰ পিৰামিডৰ শীৰ্ষবিন্দুৰ সংখ্যা ____ তলৰ সংখ্যা ____ আৰু কাষৰ সংখ্যা _____

(b) ত্ৰিভুজাকৃতিৰ ভূমিৰ পিৰামিডৰ শীৰ্ষবিন্দুৰ সংখ্যা ______ তলৰ সংখ্যা _____ আৰু কাষৰ সংখ্যা _______৷

উত্তৰঃ 

(a) বৰ্গাকৃতিৰ ভূমিৰ পিৰামিডৰ শীৰ্ষবিন্দুৰ সংখ্যা 5 টা, তলৰ সংখ্যা 5 টা  আৰু কাষৰ সংখ্যা 8 টা ৷

(b) ত্ৰিভুজাকৃতিৰ ভূমিৰ পিৰামিডৰ শীৰ্ষবিন্দুৰ সংখ্যা 4 টা, তলৰ সংখ্যা 4 টা আৰু কাষৰ সংখ্যা 6 টা ৷

প্ৰশ্নঃ তলৰ তালিকাখন পূৰ কৰা 

বস্তুৰ নাম             শীৰ্ষবিন্দুৰ  সংখ্যা         তলৰ  সংখ্যা        কাষৰ  সংখ্যা 

ঘনক 

আয়তীয়  ঘনক

শংকু

বেলন

গোলক

উত্তৰঃ 

বস্তুৰ নাম             শীৰ্ষবিন্দুৰ  সংখ্যা         তলৰ  সংখ্যা        কাষৰ  সংখ্যা 

ঘনক                                 8 টা                          6 টা                       12 টা 

আয়তীয়  ঘনক                  8 টা                          6 টা                       12 টা

শংকু                                 1 টা                          2 টা                         1 টা

বেলন                                0 টা                         3 টা                          2 টা

গোলক                              0 টা                          1 টা                          0 টা

প্ৰশ্নঃ বাওঁফালৰ  আকৃতিৰ  লগত সোঁফালৰ আকৃতি মিলোৱাঃ






উত্তৰঃ

(i) ----->  (ii)

(ii) ----->  (iv)

(iii) ----->  (i)

(iv) ----->  (iii)


গোটা বস্তুক  বিভিন্ন দিশৰ পৰা লক্ষ্য 

গোটা বস্তু এটা বিভিন্ন দিশৰ পৰা লক্ষ্য কৰিলে বস্তুটোৰ বেলেগ বেলেগ অংশ দৃশ্যমান হয় 


ওপৰৰ চিত্ৰটো লক্ষ্য কৰা আৰু উল্লেখ কৰা মতে অংকন কৰা ৷

ওপৰৰ পৰা চালে __________

সন্মুখৰ পৰা  চালে __________

কাষৰ পৰা চালে _________

উত্তৰঃ



ওপৰৰ পৰা চালে আয়ত 






সন্মুখৰ পৰা  চালে আয়ত 





কাষৰ পৰা চালে বৰ্গ 






Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)