অনুশীলনী 14.1
1.উদ্ভিদজগতত দেখিবলৈ পোৱা
সমমিতিৰ পাঁচটা উদাহৰণ দিয়া ৷
উত্তৰঃ কচুপাত, আঁহতৰ পাত, বেঙেনাৰ পাত, লাওপাত, শেৱালি ফুলৰ পাত
2. তোমাৰ ঘৰত থকা সামগ্ৰীসমূহৰ
পাঁচবিধৰ নাম উল্লেখ কৰা য’ত সমমিতি দেখা যায় ৷
উত্তৰঃ কাহী, বাতি, কাঁচৰ গিলাচ, প্লেট, কেৰাহী
3.এটা সামন্তৰিকৰ সমমিতি ৰেখা
আঁকি দেখুওৱা ৷
উত্তৰঃ
4. এটা জ্যামিতিক আকৃতিৰ
উদাহৰণ দিয়া যাৰ সমমিতি ৰেখা নাই ৷
উত্তৰঃ বিষমবাহু ত্ৰিভুজ ৷
5.এটা সুষম ষড়ভুজ সমমিতি
ৰেখাৰ সংখ্যা কিমান? ষড়ভুজ আঁকি সমমিতিৰ ৰেখা কেইটামান দেখুওৱা ৷
উত্তৰঃ 6 ডাল ৷
6.বৃত্ত এটাৰ সমমিতি ৰেখাৰ
সংখ্যা কিমান ?
উত্তৰঃ অসংখ্য ৷
7.চিত্ৰটোৰ সমমিতি ৰেখা
কেইডাল হ’ব ?
উত্তৰঃ দুডাল ৷
8. তলত দিয়া চিত্ৰসমূহৰ পৰা
সমমিতি আৰু অসমমিতি চিত্ৰবোৰ বাছি উলিওৱা –
উত্তৰঃ সমমিতি আকৃতিকেইটা – (ii), (iii), (iv), (vii), (viii)
অসমমিতি আকৃতিকেইটা – (i), (v), (vi), (ix)
অনুশীলনী 14.2
1. নিম্নোক্ত আকৃতিসমূহৰ পৰা
চিহ্নিত ঘূৰণ কেন্দ্ৰ সাপেক্ষে একাধিক ক্ৰমৰ ঘূৰ্ণন সমমিতি থকা আকৃতিবোৰ বাছি
উলিওৱা আৰু ঘূৰ্ণন সমমিতিৰ ক্ৰমবোৰ উল্লেখ কৰা ৷
উত্তৰঃ ঘূৰ্ণন সমমিতি ক্ৰমঃ (i) 1 , (ii) 2 ,
(iii) 2, (iv) 4 (v) 3, (vi) 8, (vii)
1, (viii) 2, (ix) 1 , (x) 5, (xi) 6, (xii) 3
2. তলৰ আকৃতিবোৰৰ ঘূৰ্ণন
সমমিতি পৰীক্ষা কৰা ৷ লগতে ঘূৰ্ণন কেন্দ্ৰ, ঘূৰ্ণন সমমিতিৰ কোণ আৰু ক্ৰমবোৰ উল্লেখ
কৰা ৷
উত্তৰঃ (i)ঘূৰ্ণন কেন্দ্ৰ
চিত্ৰটোৰ ওপৰ আৰু তলৰ অংশ দুটাৰ সোঁমাজৰ বিন্দুটো, ঘূৰ্ণন কোণ 180, সমমিতিৰ ক্ৰম 2
(ii)
ঘূৰ্ণন কেন্দ্ৰ অংশ তিনিটাৰ
সোঁমাজৰ বিন্দুটো, ঘূৰ্ণন কোণ 120, সমমিতিৰ ক্ৰম 3
(iii) ঘূৰ্ণন কেন্দ্ৰৰ সোঁমাজৰ
বিন্দুটো ঘূৰ্ণন কোণ 45, সমমিতিৰ ক্ৰম 8
অনুশীলনী 14.3
1. দুটা আকৃতিৰ উল্লেখ কৰা যাৰ
ৰৈখিক আৰু ঘূৰ্ণন উভয় প্ৰকাৰৰ সমমিতি আছে ৷
উত্তৰঃ ৰম্বাছ আৰু আয়ত ৷
2. ৰৈখিকভাৱে সমমিতি এনে এটি
ত্ৰিভুজ আঁকা যাৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম 1 তকৈ অধিক ৷
উত্তৰঃ সমবাহু ত্ৰিভুজ ৷
3. ৰৈখিকভাৱে সমমিতি নোহোৱা
এনে এটি চতুৰ্ভুজ আঁকা যাৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম ১ তকৈ বেছি ৷
উত্তৰঃ সামান্তৰিক ৷
4. এটা চুতুৰ্ভুজ আঁকা যাৰ
সমমিতি ৰেখা এডাল আৰু ঘূৰ্ণন সমমিতিৰ ক্ৰম 1
উত্তৰঃ চিলা ৷
5. এনে ত্ৰিভুজ আছেনে যাৰ
ঘূৰ্ণন সমমিতিৰ ক্ৰম 2
উত্তৰঃ এনে কোনো ত্ৰিভুজ
নাই ৷
6. ইংৰাজী বৰ্ণমালা S বৰ্ণটোৰ ঘূৰ্ণন সমমিতিৰ
ক্ৰম কি ? ইয়াৰ ৰৈখিক সমমিতি আছেনে ?
উত্তৰঃ ইংৰাজী বৰ্ণমালা S বৰ্ণটোৰ ঘূৰ্ণন সমমিতিৰ
ক্ৰম 2 আৰু ইয়াৰ ৰৈখিক সমমিতি নাই ৷
7. 3 সাংখ্যিক চিনটোৰ ঘূৰ্ণন
সমমিতিৰ ক্ৰম কিমান ? ইয়াৰ সমমিতি ৰেখা আছেনে ?
উত্তৰঃ 3 সাংখ্যিক চিনটোৰ
ঘূৰ্ণন সমমিতিৰ ক্ৰম 1 আৰু ইয়াৰ সমমিতি ৰেখা এডাল ৷
8. কাগজত 6969 লিখি লোৱা ৷ ইয়াক
এটা জ্যামিতিকভাৱে আকৃতি হিচাপে গণ্য কৰি আকৃতিটোৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম উলিওৱা ৷
আকৃতিটোৰ ৰৈখিক সমমিতি আছেনে ?
উত্তৰঃ 6969ৰ ঘূৰ্ণন
চমমিতিৰ ক্ৰম 2 আৰু ৰৈখিক সমমিতি নাই ৷
9. কোনো ঘূৰ্ণন কেন্দ্ৰ
সাপেক্ষে চিত্ৰ এটাক 120 ঘড়ীৰ কাঁটাৰ দিশত ঘূৰালে চিত্ৰটোক আৰম্ভণিৰ অৱস্থানত থকাৰ দৰে একে দেখি ৷ আন কি কি কোণৰ বাবে চিত্ৰটোক পূৰ্বৰ দৰে একে দেখা
যাব ? চিত্ৰটোৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম কিমান ?
উত্তৰঃ চিত্ৰটোত 120, 240 আৰু 360 গূৰ্নন কোণত একে দেখা যাব ৷ গতিকে ঘূৰ্নন
সমমিতিৰ ক্ৰম 3
10.
ঘূৰ্ণন কোণ 72 হোৱাকৈ 1 তকৈ বেছি ক্ৰমৰ ঘূৰ্ণন সমমিতি থকা
আকৃতি পোৱা যাবনে ?
উত্তৰঃ 72 ঘূৰ্ণন কোণ হোৱাকৈ 1 তকৈ বেছি ক্ৰমৰ ঘূৰ্ণন
সমমিতি থকা আকৃতি সুসম পঞ্চভুজ ৷
11.
ঘূৰ্ণন কোণ 17 হোৱাকৈ 1 তকৈ বেছি ঘূৰ্ণন সমমিতি থকা আকৃতি
আছেনে ?
উত্তৰঃ ঘূৰ্ণন কোণ 17 হোৱাকৈ 1 তকৈ বেছি ঘূৰ্ণন সমমিতি থকা আকৃতি পোৱা
নাযাব ৷
12.
নিম্নোক্ত তালিকাখন সম্পূৰ্ণ কৰা –
আকৃতি |
ঘূৰ্ণন কেন্দ্ৰৰ অৱস্থান |
ঘূৰ্ণন কোণবোৰ |
ঘূৰ্ণন সমমিতিৰ ক্ৰম |
আয়ত |
|
|
|
বৰ্গ |
|
|
|
ৰম্বাছ |
|
|
|
সামান্তৰিক |
|
|
|
ট্ৰেপিজিয়াম |
|
|
|
সুষম পঞ্চভুজ |
|
|
|
সমবাহু |
|
|
|
সমদ্বিবাহু ত্ৰিভুজ |
|
|
|
বিষমবাহু ত্ৰিভুজ |
|
|
|
বৃত্ত |
|
|
|
অৰ্দ্ধবৃত্ত |
|
|
|
উত্তৰঃ
আকৃতি |
ঘূৰ্ণন কেন্দ্ৰৰ অৱস্থান |
ঘূৰ্ণন কোণবোৰ |
ঘূৰ্ণন সমমিতিৰ ক্ৰম |
আয়ত |
দুই কৰ্ণৰ ছেদবিন্দু |
180, 360 |
2 |
বৰ্গ |
দুই কৰ্ণৰ ছেদবিন্দু |
90,180, 270,360 |
4 |
ৰম্বাছ |
দুই কৰ্ণৰ ছেদবিন্দু |
180,360 |
2 |
সামান্তৰিক |
সামন্তৰিক দুই কৰ্ণৰ ছেদবিন্দু |
180,360 |
2 |
ট্ৰেপিজিয়াম |
দুই কৰ্ণৰ ছেদবিন্দু (অন্য বিন্দুও ল’ব পাৰি) |
360 |
1 |
সুষম পঞ্চভুজ |
কৰ্ণৰ ছেদবিন্দু |
72,144, 216,288 360 |
5 |
সমবাহু |
বাহুৰ লম্ব দ্বিখণ্ডকবোৰৰ ছেদবিন্দু |
120, 240 360 |
3 |
সমদ্বিবাহু ত্ৰিভুজ |
ত্ৰিভুজটোৰ যিকোনো বিন্দু |
360 |
1 |
বিষমবাহু ত্ৰিভুজ |
ত্ৰিভুজটোৰ যিকোনো বিন্দু |
360 |
1 |
বৃত্ত |
বৃত্তৰ কেন্দ্ৰ |
অসীম সংখ্যক |
অসীম |
অৰ্দ্ধবৃত্ত |
অৰ্ধবৃত্তটোৰ যিকোনো বিন্দু |
360 |
1 |
Please don't use spam link in the comment box.