ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

THIRD CHAPTER- PRESENT MODES OF BUSINESS- CLASS IX- তৃতীয় অধ্যায়ঃ ব্যৱসায়ৰ সাম্প্ৰতিক প্ৰকাৰ বা ধৰণসমূহ-নৱম শ্ৰেণী-ব্যৱসায় অধ্যয়ন(BUSINESS STUDIES)

Admin
0

 প্ৰশ্নাৱলীঃ

১/ ই-বাণিজ্য মানে কি ?

উত্তৰঃ ই-বাণিজ্য হৈছে এক ইলেকট্ৰ'নিক পদ্ধতি যাৰ দ্বাৰা বিভিন্ন ধৰণৰ বাণিজ্যিক কাৰ্যকলাপ সমূহ ইন্টাৰনেটৰ মাধ্যমেৰে সম্পাদন কৰা হয় ৷ 

২/ ই-ব্যৱসায়ৰ অৰ্থ লিখা ৷ ই-বাণিজ্য আৰু ই-ব্যৱসায়ৰ সম্পৰ্ক উল্লেখ কৰা ৷

উত্তৰঃ ই-ব্যৱসায় হৈছে ব্যৱসায়ৰ উদ্যোগিক আৰু বাণিজ্যিক কাৰ্যকলাপ সমূহ কম্পিউটাৰ নেটৱৰ্ক বা ইন্টাৰনেটৰ যোগেদি সম্পন্ন কৰা ৷ 

ই-বাণিজ্য আৰু ই-ব্যৱসায়ৰ সম্পৰ্কঃ

যিহেতু বাণিজ্য হৈছে ব্যৱসায়ৰ এটা অংশ সেয়েহ এই কথা নিশ্চিত ভাৱে ক'ব পাৰি যে ই-ব্যৱসায়ৰ পৰিসৰ ই-বাণিজ্যিৰ পৰিসৰতকৈ বহু বেছি ৷ তাৰ উপৰিও উৎপাদন,মজুত পন্য ব্যৱস্থাপনা, সামগ্ৰি উন্নয়ন, হিচাপবিদ্যা, পুঁজি , মানৱ সম্পদ, ব্যৱস্থাপনা, ইন্টাৰনেট আদিৰ যোগেদি সামগ্ৰী কিনা-বেচা কৰা এই সকলোবোৰ ই-বাণিজ্যৰ অন্তৰ্গত ৷ 

৩/ ই-ব্যৱসায়ৰ পৰিসৰসমূহ কি কি ?

উত্তৰঃ ই-ব্যৱসায়ৰ পৰিসৰসমূহ হ'লঃ

(ক) ব্যৱসায়ৰ পৰা ব্যৱসায়লৈ বাণিজ্য

(খ) ব্যৱসায়ৰ পৰা গ্ৰাহকলৈ বাণিজ্য 

(গ) আন্তঃব্যৱসায় বাণিজ্য

(ঘ) গ্ৰাহকৰ পৰা গ্ৰাহকলৈ বাণিজ্য 

৪/ পৰম্পৰাগত  ব্যৱসায় আৰু ই-ব্যৱসায়ৰ মাজৰ পাৰ্থক্য দেখুওৱা ৷

উত্তৰঃ 

THIRD CHAPTER- PRESENT MODES OF BUSINESS- CLASS IX- তৃতীয় অধ্যায়ঃ ব্যৱসায়ৰ সাম্প্ৰতিক প্ৰকাৰ বা ধৰণসমূহ-নৱম শ্ৰেণী-ব্যৱসায় অধ্যয়ন(BUSINESS STUDIES)

৫/ সাম্প্ৰতিক সময়ত ই-ব্যৱসায়ৰ সুবিধাসমূহ উল্লেখ কৰা ৷

উত্তৰঃ সাম্প্ৰতিক সময়ত ই-ব্যৱসায়ৰ সুবিধাসমূহ তলত উল্লেখ কৰা হ'লঃ

(ক) বিশ্বব্যাপিঃ

ই-ব্যৱসায়ৰ যোগেদি পৃথিৱীৰ যিকোনো প্ৰান্তৰ যিকোনো ব্যৱসায়ৰ সৈতে লেন-দেন কৰিব পৰা যায় তথা গ্ৰাহকে সৃষ্টি কৰিব পৰা যায় ৷ যিহেতু ইন্টাৰনেট সমগ্ৰ বিশ্বজুৰি বিয়পি আছে, সেয়েহ ই-বানিজ্য পৃথিৱীৰ যিকোনো প্ৰান্তৰ পৰা সম্পাদন কৰিব পাৰি বা ইয়াৰ পৰিসৰ যিকোনো এক স্থানলৈ বিস্তাৰ কৰিব পাৰি ৷ 

(খ) মধ্যস্ততাকাৰী বিলুপ্তিকৰণঃ

এবিধ সামগ্ৰী উৎপাদনস্থলীৰ পৰা গ্ৰাহকৰ কাষ পোৱালৈকে কেইবাটাও স্তৰ অতিক্ৰম কৰিব লগা হয় আৰু এই প্ৰত্যেকটো স্তৰতে বিভিন্ন মধ্যস্থতাকাৰী জড়িত হৈ থাকে ৷ এই ব্যৱসায়ত ইন্টাৰনেটৰ যোগেদি এটা অৰ্ডাৰ দিয়া হয় আৰু এনে স্থলত মধ্যস্থতাকাৰীৰ প্ৰয়োজনীয়তা নোহোৱা হয় ৷

(গ) সহজ বিতৰণঃ

ইন্টাৰনেটৰ যোগেদি বহু তথ্য সহজে লাভ কৰিব পাৰি বা বিভিন্ন সেৱাৰ বিষয়ে জানিব পাৰি ৷ ই ব্যৱসায় যিহেতু ইন্টাৰনেটৰ যোগেদিহে সম্পাদন কৰে, সেয়েহ ই বিতৰণ পদ্ধতি সহজসাধ্য কৰি তোলে তথা মূল্যৰ পৰিমাণ হ্ৰাস কৰে ৷ 

(ঘ) ক্ষিপ্ৰ সমাধানঃ

ইন্টাৰনেট হৈছে ই ব্যৱসায়ৰ মূল আধাৰ ৷ ইন্টাৰনেটৰ জৰিয়তে গ্ৰাহক আৰু ব্যৱসায়ীসকলৰ মাজত এক সুমধুৰ সম্পৰ্ক গঢ় লয়, যাৰ ফলত যিকোনো লেনদেনৰ ক্ষেত্ৰত উদয় হোৱা কোনো ধৰণৰ অসুবিদা বা সমস্যাৰ ক্ষিপ্ৰ সমাধান কৰিব পৰা যায় ৷ 

(ঙ) নতুন সামগ্ৰী উন্মোচনঃ

ই-ব্যৱসায়ৰ জৰিয়তে এটা ব্যৱসায়ে উৎপাদন কৰা এবিধ নতুন সামগ্ৰী উন্মোচন কৰিব পাৰে আৰু ইয়াৰ সবিশেষ তথ্য গ্ৰাহকক আগবঢ়াব পাৰে ৷ 

(চ) ব্যক্তিগত খৰচ হ্ৰাসঃ

সাধাৰণতে এটা ব্যৱসায়ত কেইবাজনো কৰ্মচাৰী জড়িত হৈ থাকে, কিন্তু এটা ই-ব্যৱসায়ত এটা কম্পিউটাৰৰ জৰিয়তে সেইখিনি কাম কৰিব পৰা হয় ৷ বৰঞ্চ তেনে কাম আৰু অধিক খৰতকীয়া বা শুদ্ধকৈ কৰা সম্ভৱ হয় ৷ সেয়েহ ই-ব্যৱসায়ৰ ফলত ব্যৱসায়ৰ কৰ্মচাৰীসকলৰ লগত হোৱা খৰচ নোহোৱা হয় বা ব্যৱসায়ৰ খৰছসমূহ কমি যায় ৷ 

৬/ অন্লাইন ধন পৰিশোধ সেৱাৰ বিভিন্ন পদ্ধতিসমূহ লিখা ৷

উত্তৰঃ অন্লাইন ধন পৰিশোধ সেৱাৰ বিভিন্ন পদ্ধতিসমূহ তলত উল্লেখ কৰা হ'ল - 

(ক) কেচ্ অন ডেলিভাৰিঃ

এয়া হৈছে ই-ব্যৱসায়ৰ এক জনপ্ৰিয় ধন পৰিশোধ পদ্ধতি ৷ ইয়াত এজন গ্ৰাহকে অনলাইনযোগে ধন হস্তান্তৰ নকৰাকৈ যিকোনো সামগ্ৰী ইন্টাৰনেটত অৰ্ডাৰ কৰিব পাৰে আৰু তেওঁ সেই সামগ্ৰীবিধ হাতত আহি পোৱাৰ সময়ত নগদ ধন প্ৰদান কৰে ৷ ই গ্ৰাহকৰ বাবে েটা অতি সহজ আৰু সুবিধাজনক পৰিশোধ সেৱা ৷ 

(খ) চে্কঃ

চে্ক হৈছে এক জনপ্ৰিয় বিত্তীয় আহিলা ৷ নগদ ধনৰ বিকল্প হিচাপে এঠাইৰ পৰা আন ঠাইলৈ বা এজন ব্যক্তিৰ পৰা অন এজন ব্যক্তিলৈ চে্ক যোগে ধন সহজে হস্তান্তৰ কৰিব পাৰি ৷

(গ) নেট্-বেংকিং হস্তান্তৰঃ

এই সুবিধাৰ সহায়ত এজন গ্ৰাহকে তেওঁ দিবলগীয়া ধন তেওঁৰ বেংক একাউন্টাৰ পৰা দিবলগীয়া ব্যক্তিৰ বেংক একাউন্টলৈ ইন্টাৰনেটৰ মাধ্যমেদি অতি সহজে হস্তান্তৰ কৰিব পাৰে ৷ যি কাৰ্য এজন ব্যক্তিয়ে শাৰীৰিকভাৱে বেংকলৈ গৈ কৰে, সেই কাম তেওঁ বেংকলৈ নোযোৱাকৈ বিশেষকৈ পৰিশোধৰ ক্ষেত্ৰত মোবাইল বা কম্পিউটাৰৰ সহায়েৰে সম্পাদন কৰিব পাৰে ৷ সাধাৰণতে এই সুবিধা বেংকে ইয়াৰ গ্ৰাহকসকলক প্ৰদান কৰে আৰু তাৰ বাবে User ID আৰু Password দিয়ে ৷ 

(ঘ) ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডঃ

বৰ্তমানৰ আধুনিক জনজীৱনত ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড হেছে অত্যন্ত জনপ্ৰিয় বিত্তীয় আহিলা ৷ ইয়াক প্লাষ্টিক মানি বুলিও কোৱা হয় আৰু সমগ্ৰ বিশ্বতে ই বহুলভাৱে ব্যৱহূত আৰু সামদৃত ৷ বৰ্তমান সমগ্ৰ বিশ্বতে হোৱা মূঠ অন্লাইন লেদেনৰ প্ৰায় ৯৫% ইয়াৰ যোগেদি সম্পন্ন হয় ৷ 

৭/ ই-ব্যৱসায় সম্বন্ধীয় বিভিন্ন প্ৰকাৰৰ সুৰুক্ষা আৰু নিৰাপত্তা ব্যৱস্থা সমূহ উল্লেখ কৰা ৷

উত্তৰঃ ই-ব্যৱসায় সম্বন্ধীয় বিভিন্ন প্ৰকাৰৰ সুৰুক্ষা আৰু নিৰাপত্তা ব্যৱস্থা সমূহ তলত উল্লেখ কৰা হ'ল -

(ক) লেনদেনৰ বিপদশংকা 

(খ) তথ্য মজুত কৰণৰ বিপদশংকা 

(গ) তথ্য প্ৰেৰণৰ বিপদশংকা 

(ঘ) বুদ্ধিবৃত্তি সংক্ৰান্ত আৰু গোপনীয়তা ৰক্ষাৰ বিপদশংকা 

৮/ ই-ব্যৱসায়ৰ বাবে প্ৰয়োজন হোৱা সম্পদসমূহৰ বিষয়ে বৰ্ণনা কৰা ৷ 

উত্তৰঃ ই-ব্যৱসায়ৰ বাবে প্ৰয়োজন হোৱা সম্পদসমূহৰ বিষয়ে তলত বৰ্ণনা কৰা হ'লঃ

(ক) কম্পিউটাৰ হাৰ্ডৱেৰঃ

এটা ই-ব্যৱসায় সূচাৰুৰূপে চলাবলৈ হ'লে কম্পিউটাৰ আৰু কম্পিউটাৰ সম্বন্ধীয় কিছুমান যন্ত্ৰ-পাতি বা হাৰ্ডৱেৰৰ প্ৰয়োজন হয় ৷ যেনেঃ কম্পিউটাৰ কি-বৰ্ড, ইউ.পি.এছ. প্ৰিন্টাৰ ইত্যাদি ৷ ইয়াৰ লগতে েটা ভাল ছফ্টৱেৰো প্ৰয়োজন হয় ৷ 

(খ) কাৰিকৰী অৰ্হতা সম্পন্ন কৰ্মচাৰীঃ

এটা ই-ব্যৱসায় ভালকৈ পৰিচালনা কৰিবলৈ হ'লে এনে কিছুমান কৰ্মচাৰীৰ প্ৰয়োজন হয়, যিসকলে কাৰিকৰী দিশত পাৰ্গত, অৰ্হতাসম্পন্ন, দক্ষ আৰু নিপুন তথা কম্পিউটাৰ জগতৰ বিষয়ে বিশেষ জ্ঞান থকা বিধৰ হয় ৷ ইয়াৰ বাবে কাৰিকৰী দিশত ডিগ্ৰী বা ডিপ্লমা থকা বা অভিজ্ঞতা সম্পন্ন কৰ্মচাৰী নিয়োগ কৰা হয় ৷ 

(গ) সু-সজ্জিত ৱেবচাইটঃ 

কোম্পানীসমূহে এটা সুন্দৰ আৰু সু-সজ্জিত ৱেবচাইট  বনাব লগা হয় ৷ যিটো শাধাৰণতে কাৰিকৰী দিশত অভিজ্ঞ বা দক্ষ ব্যক্তিয়ে প্ৰস্তুত কৰে ৷ ৱেবচাইটত কোম্পানী সমূহে সামগ্ৰী সম্পৰ্কে বা লেন-দেনৰ সবিশেষ  উল্লেখ কৰা প্ৰয়োজন ৷ এজন গ্ৰাহকৰ বাবে প্ৰয়োজন হোৱা বা তেওঁ আশাকৰা সকলো তথ্য ৱেবচাইটত সন্নিৱিষ্ট থকা উচিত ৷ তাৰোপৰি ইয়াত কোম্পানীৰ লক্ষ্য, উদ্দেশ্য, বুৰঞ্জী, ই-মেইল আই ডি, সামগ্ৰী সবিশেষ তথ্য, বিত্তীয় তথ্য, জাননী, অডিঅ', ভিডিঅ' প্ৰেজেনটেশ্যন ইত্যাদি থকা উচিত যাতে যিকোনো ব্যক্তিয়ে বিচৰা তথ্য সহজে লাভ কৰিব পাৰে ৷ 

(ঘ) ইন্টাৰনেট কানেকচনঃ

ৱেৱচাইটৰ যোগেদি সমগ্ৰ পৃথিৱীৰ লগত সংযোগ স্থাপন কৰিবলৈ হ'লে েক ভাল আৰু উন্নত মানদণ্ডৰ

ইন্টাৰনেট কানেকচন থকাটো অত্যন্ত প্ৰয়োজনীয় ৷ ইন্টাৰনেট সেৱাই সমগ্ৰ পৃথিৱীখনকে সকলো সময়তে সংযোগ কৰি ৰাখে ৷ এটা ভাল ইন্টাৰনেট কানেকচন বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে যেনেঃ ব্ৰডবেণ্ড কানেকচন, ৱায়াৰলেচ কানেকচন, ডাটা কানেকচন ইত্যাদি ৷ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)