ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

SECOND CHAPTER: BUSINESS ORGANIZATION - COMMERCE ELECTIVE SUBJECT - CLASS IX -দ্ৱিতীয় অধ্যায়ঃ ব্যৱসায়িক সংগঠন -নৱম শ্ৰেণী -বাণিজ্য

Admin
0

 প্ৰশ্নাৱলীঃ

১/ বিভিন্ন প্ৰকাৰৰ ব্যৱসায়িক সংগঠন সমূহ কি কি ?

উত্তৰঃ 

business organization. ব্যৱসায়িক সংগঠন, বাণিজ্য -নৱম শ্ৰেণী

২/ একক মালিকীস্বত্ব ব্যৱসায় বুলিলে কি বুজা ?

উত্তৰঃ যি ব্যৱসায় এজন ব্যক্তিৰ একক প্ৰচেষ্টাৰ দ্ৱাৰা আৰম্ভ, পৰিচালিত, নিয়ন্ত্ৰিত হয় তেনে ব্যৱসায়ক একক মালিকীস্বত্ব ব্যৱসায় বোলা হয় ৷ 

৩/ একক মালিকীস্বত্ব ব্যৱসায়ৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ৷

উত্তৰঃ একক মালিকীস্বত্ব ব্যৱসায়ৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল -

(ক) ব্যক্তিগত মালিকীস্বত্বঃ

একক মালিকীস্বত্ব ব্যৱসায়ৰ প্ৰধান বৈশিষ্ট্য হৈছে, এনে ব্যৱসায় এজন ব্যক্তিয়ে গঠন, পৰিচালিত আৰু নিয়ন্ত্ৰণ কৰে ৷ ব্যৱসায়ৰ সমস্ত সম্পত্তি আৰু সম্পদৰ তেওঁৱেই একমাত্ৰ গৰাকী ৷

(খ) একক ব্যৱস্থাপনাঃ

একক মালিকীস্বত্ব ব্যৱসায়ত মালিকে ব্যৱস্থাপনাৰ সকলো কাম কাজ অকলে সম্পাদন কৰে ৷ এনে ব্যৱসায়ৰ আকাৰ বা পৰিসৰ বৃদ্ধি পালে, মালিকে কোনো ব্যক্তিক ব্যৱস্থাপক হিচাপবে ৰাখিব পাৰে ৷ 

(গ) অসীমিত দেনাঃ 

ইয়াত মালিকৰ দেনাৰ পৰিমাণ বিনিয়োগ কৰা মূলধনতকৈ অধিক হয় ৷ যদি ব্যৱসায়ত লোকচান হয়, তেতিয়া মালিকে ব্যৱসায়ৰ সম্পত্তি বিক্ৰী কৰি দিবলগীয়া ধন পৰিশোদ কৰে আৰু তেতিয়াওঁ যদি অপৰ্যাপ্ত হয়, তেন্তে মালিকে ব্যক্তিগতভাৱে দায়ী হয় আৰু মালিকৰ ব্যক্তিগত সম্পত্তি বিক্ৰী কৰি হলেও তেনে দেনা পৰিশোধ কৰিব লাগে ৷

(ঘ) ব্যৱসায়ৰ নিৰ্বাচনত স্বাধীনতাঃ

ইয়াত  এজন ব্যক্তিয়ে নিজস্ব ইচ্ছা অনুযায়ী যিকোনো ধৰণৰ ব্যৱসায় কৰিব পাৰে ৷ এনে ক্ষেত্ৰত তেওঁ বিভীন্ন মানুহৰ পৰা দিহা পৰামৰ্শ লয় আৰু সুবিধা সামৰ্থ অনুসৰি এটা নিৰ্দিষ্ট ব্যৱসায় বাছনি কৰে ৷ 

৪/ যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায় বুলিলে কি বুজা ?

উত্তৰঃ  যি ব্যৱসায় সংগঠনত পৰিয়ালৰ সদস্যসকল কোনো এক ব্যৱসায়ী কাৰ্যত লিপ্ত থাকে আৰু পৰিয়ালৰ মুৰব্বীজন হৈছে ব্যৱসায়টোৰ মুখ্য ব্যক্তি তেনে ব্যৱসায়ক যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায় বোলা হয় ৷ 

৫/ যৌথ হিন্দুু পৰিয়ালৰ ব্যৱসায়ৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ৷

উত্তৰঃ যৌথ হিন্দুু পৰিয়ালৰ ব্যৱসায়ৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'লঃ

(i) যৌথ হিন্দু আইন অনুসৰি ব্যৱস্থাপনাঃ

যৌথ হিন্দু পৰিয়াল ব্যৱসায়ৰ কাৰ্যকলাপসমূহ হিন্দু আইনমতে ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণ কৰা হয় ৷

(ii) ব্যৱস্থাপনাঃ

এনে ব্যৱসায় সাধাৰণতে পৰিয়ালৰ জ্যেষ্ঠ  সদস্যজনৰ দ্বাৰা ব্যৱস্থাপিত হয় ৷ তেওঁক ব্যৱস্থাপক বা মুৰব্বী বা কৰ্তা বোলা হয় ৷ 

(iii) একমাত্ৰ পুৰুষ সদস্যঃ

এই ব্যৱসায়ত পৰিয়ালৰ একমাত্ৰ পুৰুষ সদস্যসকলহে সম অংশিদাৰ হ'ব পাৰে ৷

(iv) পঞ্জীয়নঃ

এনে ব্যৱসায়ত পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই ৷ 

৬/ অংশীদাৰী ব্যৱসায় মানে কি ?

উত্তৰঃ যি ব্যৱসায় দুজন বা ততোধিক ব্যক্তিৰ মাজত হোৱা চুক্তিৰ আধাৰত হঠন হয় আৰু ব্যৱসায়ৰ বিভিন্ন কাম-কাজসমূহ একেলগে আগবঢ়াই নিবলৈ ৰাজী হয় তথা লাভ-লোকচান চুক্তিৰ আধাৰত ভাগ হয়, তেনে ব্যৱসায়ক অংশীদাৰী ব্যৱসায় বোলা হয় ৷ 

৭/ অংশীদাৰী ব্যৱসায়ৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ৷

উত্তৰঃ অংশীদাৰী ব্যৱসায়ৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'লঃ

(ক) এজনতকৈ অধিক ব্যক্তিঃ

এই ব্যৱসায়ত নিম্নতম সদস্যৰ সংখ্যা দুজন ৷ এনে ব্যৱসায় কোনো এজন বিশেষ ব্যক্তিৰ দ্বাৰা গঠন হ'ব নোৱাৰে ৷

(খ) ব্যৱসায়ৰ অস্তিত্বঃ

দুজন বা ততোধিক ব্যক্তিৰ সমষ্টিক অংশীদাৰী ব্যৱসায় বোলা হয় ৷ তেওঁলোকে এটা ব্যৱসায় একেলগে চলাই নিয়াৰ বাবে সন্মত হয় আৰু তাৰ বাবে সমূহীয়াকৈ কাম কৰে ৷

(গ) চুক্তিগত সম্পৰ্কঃ

অংশীদাৰী ব্যৱসায়ৰ সূত্ৰপাত হয় অংশীদাৰসকলৰ মাজত হোৱা চুক্তিৰ আধাৰত ৷ সেয়েহ ইয়াত অংশীদাৰসকলৰ মাজত এক লিখিত চুক্তি থকাটো প্ৰয়োজন ৷

(ঘ) লাভৰ উদ্দেশ্যঃ 

অংশীদাৰী  ব্যৱসায়ৰ মূল উদ্দেশ্য হৈছে লাভ অৰ্জন কৰা ৷ ইয়াত, ব্যৱসায়টোৰ পৰা হোৱা লাভ অংশীদাৰ সকলৰ মাজত হোৱা চুক্তি অনুযায়ী বিভাজন কৰা হয় ৷ 

৮/ ক্ষুদ্ৰ খণ্ডৰ উদ্যোগ বুলিলে কি বুজা ? ক্ষুদ্ৰ খণ্ডৰ উদ্যোগৰ অন্তৰ্গত বিভিন্ন প্ৰকাৰৰ ব্যৱসায়সমূহ কি কি ?

উত্তৰঃ ক্ষুদ্ৰ খণ্ডৰ উদ্যোগ হৈছে সেইবিলাক উদ্যোগ যিবোৰে সামগ্ৰীৰ বা সেৱাৰ উৎপাদন, বিতৰণ ইত্যাদি ক্ষুদ্ৰ পৰিসৰত কৰে ৷

 ক্ষুদ্ৰ খণ্ডৰ উদ্যোগৰ অন্তৰ্গত বিভিন্ন প্ৰকাৰৰ ব্যৱসায়সমূহ হ'লঃ 

(i) ক্ষুদ্ৰ আকাৰৰ উদ্যোগ

(ii) ক্ষুদ্ৰ উদ্যোগ গোটৰ সহায়ক

(iii) ৰপ্তানিমুখী গোট

(iv) মহিলা উদ্যোগীৰ মালিকানা আৰু ব্যৱস্থাপনাৰ ক্ষুদ্ৰ উদ্যোগ 

(v) ক্ষুদ্ৰতম বিভাগ 

(vi) ক্ষুদ্ৰ পৰিসৰৰ সেৱা আৰু ব্যৱসায় প্ৰতিষ্ঠান 

(vii) অতি ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান

(viii) কুটীৰ আৰু গ্ৰাম্য উদ্যোগ 

৯/ গ্ৰাম্য অঞ্চলত ক্ষুদ্ৰ ব্যৱসায়ৰ ভূমিকাৰ বিষয়ে লিখা ৷

উত্তৰঃ  গ্ৰাম্য অঞ্চলত ক্ষুদ্ৰ ব্যৱসায়ৰ ভূমিকাৰ বিষয়ে  তলত দিয়া হ'লঃ

(ক) অধিক সংস্থাপনঃ

সাধাৰণতে ক্ষুদ্ৰ ব্যৱসায়সমূহে শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে ৷ এই খণ্ডত সৰ্বাধিক সংখ্যক শ্ৰমিকৰ প্ৰয়োজন হয় ৷ ভাৰতৰ গ্ৰাম্য অঞ্চলসমূহত পৰ্যাপ্ত পৰিমাণৰ শ্ৰম কৰিব পৰা লোক বিয়পি আছে ৷ এই সকল লোকৰ কিছুমানে  হয়তো খেতি-বাতি কৰে আৰু অন্য কিছুমানে নিবনুৱা হিচাপে আছে ৷ ক্ষুদ্ৰ উদ্যোগসমূহে এনে লোকসকলক সু-সংস্থাপন প্ৰদান কৰে ৷

(খ) অৰ্থনৈতিক ভেটিঃ

ক্ষুদ্ৰ উদ্যোগসমূহে গ্ৰাম্য অঞ্চলৰ অৰ্থনৈতিক ভেটি দুই ধৰণে শক্তিশালী কৰে ৷ প্ৰথমে, এনে ব্যৱসায় আৰম্ভ কৰিবলৈ সীমিত পৰিমাণৰ পুঁজি বা মূলধনৰ প্ৰয়োজন হয়, সেয়েহে কম পৰিমাণৰ পুঁজিৰ যিকোনো ব্যক্তিয়ে এটা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ দ্বিতীয়তে, ক্ষুদ্ৰ উদ্যোগে নিবনুৱাসকলক সংস্থাপন প্ৰদান কৰে ৷ 

(গ) দক্ষ ব্যক্তিৰ সুবিধাঃ

ভাৰতৰ গাঁও সমূহত এনে বহতো লোক আছে যি সকল বিভিন্ন ক্ষেত্ৰত দক্ষ, বিশেষ জ্ঞানসম্পন্ন বা কৌশলসম্পন্ন ৷ এনে লোকসকল সুযোগ আৰু সুবিধাৰ অভাৱত তেওঁলোকৰ মাজত থকা দক্ষতা ঘটা নাই বা পোহৰলৈ অহা নাই ৷ ক্ষুদ্ৰ ব্যৱসায়ে েনে লোকসকলৰ সুপ্ত প্ৰতিবা আৰু দক্ষতা বিকাশ ঘটাত সহায় কৰে ৷ 

(ঘ) থলুৱা উন্নয়ণঃ

ক্ষুদ্ৰ ব্যৱসায়সমূহে সাধাৰণতে উৎপাদনৰ বাবে থলুৱা উৎসৰ ওপৰত নিৰ্ভৰশীল হয় , সেয়েহে  এনে ব্যৱসায় যিকোনো স্থানতে চলাই নিব পৰা যায় ৷ আনকি ভিতৰুৱা অঞ্চলসমূহতো  এনে ব্যৱসায়ে আঞ্চলিক উন্নয়ণৰ ভাৰসাম্যতা ৰক্ষা কৰাত সহায় কৰে ৷

(ঙ) জীৱন নিৰ্বাহৰ মানদণ্ড উন্নীতকৰণঃ

ক্ষুদ্ৰ ব্যৱসায় সমূহে প্ৰতিষ্ঠা হোৱাৰ লগে লগে গ্ৰাম্য অঞ্চলসমূহত বহুতো সা-সুবিধা উপলদ্ধ হয় ৷ যেনে - সংস্থাপন, বিদ্যুৎ, বাট-পথ, শিক্ষা, বেংক সেৱা, যাতায়ত ব্যৱস্থা ইত্যাদি ৷  এনে সা-সুবিধাসমূহে গ্ৰাম্য অঞ্চলত  বসবাস কৰা লোকসকলৰ  জীৱন নিৰ্বাহৰ মানদণ্ড উন্নীত কৰে ৷

(চ) থলুৱা সম্পদৰ সদব্যৱহাৰঃ 

গ্ৰাম্য অঞ্চলত কেঁচা সামগ্ৰী, ভূমি, শ্ৰমিক আদি বিভিন্ন ধৰণৰ সম্পদ পোৱা যায় যিবিলাকৰ সৎ ব্যৱহাৰ হোৱা নাই ৷ ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠা হোৱাৰ লগে লগে েনে অৱহেলিত সম্পদ সমূহ সঠিকৰূপে ব্যৱহাৰ কৰা হয় ৷ 

১০/ ভাৰতৰ ক্ষুদ্ৰ ব্যৱসায় সমূহে সন্মুখীন হোৱা বিভিন্ন প্ৰকাৰৰ অসুবিধা আৰু প্ৰত্যাহ্বান সমূহৰ বিষয়ে উল্লেখ কৰা ৷ 

উত্তৰঃ ভাৰতৰ ক্ষুদ্ৰ ব্যৱসায় সমূহে সন্মুখীন হোৱা বিভিন্ন প্ৰকাৰৰ অসুবিধা আৰু প্ৰত্যাহ্বান সমূহৰ বিষয়ে উল্লেখ তলত উল্লেখ কৰা হ'লঃ

(ক) কেঁচা সামগ্ৰীৰ অভাৱঃ

ক্ষুদ্ৰ ব্যৱসায় সমূহে সন্মুখীন হোৱা এটা ডাঙৰ সমস্যা হ'ল কেঁচা সামগ্ৰীৰ অভাৱ ৷ ক্ষুদ্ৰ ব্যৱসায় সমূহ পৰ্যাপ্ত পৰিমাণৰ কেঁচা সামগ্ৰীৰ অভাৱত ভোগা দেখা যায় ৷ তাৰোপৰি ইয়াত ব্যৱহাৰ কৰা কেঁচা সামগ্ৰীসমূহ সাধাৰণতে নিন্ম মানদণ্ডৰ অথবা অধিক মূল্যৰ হোৱা দেখা যায় ৷

(খ) পুঁজিৰ অভাৱঃ

ক্ষুদ্ৰ ব্যৱসায় বা উদ্যোগসমূহে সন্মুখীন হোৱা এটা প্ৰধান সমস্যা হৈছে, ব্যৱসায়ৰ বাবে প্ৰয়োজন হোৱা পুঁজিৰ অভাৱ ৷ ক্ষুদ্ৰ ব্যৱসায় সমূহৰ বিনিয়োগৰ বাবে প্ৰয়োজন হোৱা পুঁজিৰ মূল উৎস হৈছে বেংকৰ ঋণ ৷ দেখা পোৱা যায়,এনে ব্যৱসায়ীসকলক যি পৰিমাণৰ পুঁজিৰ প্ৰযোজন হয়, সেই পৰিমাণৰ পুঁজিৰ ঋণ বেংকৰ পৰা লাভ নকৰে ৷ ইযাৰ ফলত তেওঁলোকে ব্যৱসায়ক যথোচিত আৰ্থিক নিৰাপত্তা প্ৰদান কৰাত ব্যৰ্থ হয় ৷ 

(গ) পৰম্পৰাগত উৎপাদন পদ্ধতিঃ

ক্ষুদ্ৰ ব্যৱসায় সমূহত এতিয়াও বহু আগৰে পৰা চলি অহা উৎপাদন পদ্ধতি ব্যৱহাৰ কৰা  দেখা যায় ৷ ই হৈছে ক্ষুদ্ৰ ব্যৱসায়ৰ এটা প্ৰধান অন্তৰায় ৷ দেখা যায় বহু ক্ষেত্ৰত যন্ত্ৰ-পাতিৰ দ্বাৰা চালিত কৰা পদ্ধতিক বেছিকৈ ব্যৱহাৰ কৰা হয় ৷ বহু ক্ষেত্ৰত এতিয়াও নিত্য-নতুন আৰু উন্নত মানদণ্ডৰ যন্ত্ৰ-পাতি ব্যৱহাৰ হোৱা নাই ৷ ইয়াৰ ফলত, উৎপাদনৰ পৰিমাণ আৰু মানদণ্ড দুয়োটা নিন্মগামী হয় ৷ 

(ঘ) বজাৰকৰণৰ সুবিধাৰ অভাৱঃ ক্ষুদ্ৰ ব্যৱসায়সমূহে বজাৰকৰণৰ  ক্ষেত্ৰত সন্মূখীন হোৱা বিভিন্ন অসুবিধাসমূহ হৈছে এনেধৰণৰ -

(i) কেঁচা  সামগ্ৰীৰ মূল্য বেছি হোৱা বাবে উৎপাদিত সামগ্ৰীৰ বজাৰ মূল্য বৃদ্ধি পায় ৷

(ii) পৰ্যাপ্ত পৰিমাণৰ কেঁচা সামগ্ৰী আৰু আধুনিক উৎপাদন পদ্ধতিৰ অভাৱ ৷

(iii) গ্ৰাহকৰ পৰিৱৰ্তনশীল ৰুচিৰ সৈতে খোজ মিলোৱাত অসুবিধা ৷

(iv) এনে ব্যৱসায়সমূহে বিজ্ঞাপন আৰু প্ৰচাৰ কাৰ্য সমূহত বেছি ধন খৰচ কৰিব নোৱাৰে ৷


Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)