ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

First Chapter -Foundation Of Business -প্ৰথম অধ্যায় ব্যৱসায়ৰ বুনিয়াদ - ব্যৱসায় অধ্যয়ন -পাঠ ১ - নৱম শ্ৰেণী

Admin
0
প্ৰশ্নাৱলীঃ

১/ মানুহৰ  কাৰ্যকলাপসমূহৰ  শ্ৰেণীবিভাজন কৰা  ৷ 

উত্তৰঃ 
CLASS IX COMMERCE ELECTIVE


২/ অৰ্থনৈতিক কাৰ্যকলাপ  আৰু  অনা অৰ্থনৈতিক  কাৰ্যকলাপ  বুলিলে  কি বুজা ?  উদাহৰণ দিয়া ৷ 

উত্তৰঃ জীৱন নিৰ্বাহৰ উদ্দেশ্যে  আৰু অৰ্থ উপাৰ্জনৰ কাৰণে মানুহে যিবিলাক কাৰ্য সম্পাদন কৰে, সেইবিলাক কাৰ্যক অৰ্থনৈতিক কাৰ্যকলাপ বোলে ৷ উদাহৰণঃ ব্যৱসায় কৰা, চাকৰি কৰা, সা-সামগ্ৰি বিক্ৰি কৰা ইত্যাদি ৷
যিবিলাক কাৰ্যকলাপ মানুহে জীয়াই থাকিবলে বা উপাৰ্জন কৰিবলে সম্পাদন নকৰে, যবিলাক কাৰ্যকলাপৰদ্বাৰা মানুহৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন হয় তথা ব্যক্তিগত সন্তুষ্টি লাভ কৰে, তেনে কাৰ্যকলাপ সমূহক অনা-অৰ্থনৈতিক কাৰ্যকলাপ বোলা হয় ৷ যেনেঃ ধ্যান, প্ৰেম, আনন্দ ইত্যাদি ৷

৩/ ব্যৱসায়  মানে কি ? ব্যৱসায়ৰ  বৈশিষ্টাৱলীসমূহ লিখা  ৷

উত্তৰঃ লাভ অৰ্জনৰ বাবে কোনো সামগ্ৰী কিনা-বেচা কৰা বা উপাৰ্জন কৰা, বিনিময় কৰা, বিতৰণ কৰা, স্থানান্তৰ কৰা আৰু সেৱা যোগান ধৰা কাৰ্যকলাপক ব্যৱসায় বুলি কোৱা হয় ৷ 
ব্যৱসায়ৰ বৈশিষ্ট্যসমূহ হ'লঃ
(ক) এক অৰ্থনৈতিক কাৰ্যকলাপঃ 
ব্যৱসায়ে বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাৰ্যকলাপ সামৰি লয় ৷ ইয়াত অৰ্থনৈতিক কাৰ্যকলাপ  বুলিলে উপাৰ্জন আৰু লাভ কৰাৰ উদ্দেশ্যে সামগ্ৰী আৰু সেৱা কিনা-বেচা কৰা কাৰ্যকলাপসমূহক বুজায় ৷ উদাহৰনস্বৰূপে, এজন দোকানীয়ে গ্ৰাহকক সামগ্ৰী বিক্ৰি কৰা কৰা কাৰ্য ৷ 

(খ) সামগ্ৰী আৰু সেৱা বিনিময়ঃ
এটা ব্যৱসায়ৰ বাবে সা-সামগ্ৰী আৰু সেৱাৰ আদান-প্ৰদান কৰাটো আৱশ্যক ৷ যদি কোনোবা এজন ব্যক্তিয়ে ব্যৱহাৰৰ বাবে সা-সামগ্ৰী কিনে তেন্তে এনে কাৰ্যক ব্যৱসায় বোলা নহয় ৷ যিহেতু ই এক ব্যক্তিগত খৰচ ৷ কিন্তু সেই একে কাৰ্য যদি ব্যৱসায়ৰ বাবে সম্পাদন কৰে, তেন্তে এনে কাৰ্যক ব্যৱসায়ৰ হিচাপত ধৰা হয় ৷

(গ) নিয়মীয়া লেনদেনঃ
ব্যৱসায় হৈছে এক প্ৰকাৰৰ নিয়মীয়া লেনদেন ৷ অৰ্থাৎ এটা ব্যৱসায়ত কিন-বেচা কাৰ্যকলাপসমূহ দৈনন্দিন ৰূপত সংঘটিত হয় ৷ উদাহৰণস্বৰূপে, যদি এজন ব্যক্তিয়ে এটা পুৰণি ৰেফ্ৰিজেৰেটৰ বিক্ৰী কৰি এটা নতুন ৰেফ্ৰিজেৰেটৰ ক্ৰয় কৰে, তেন্তে ই এক কিনা-বেচা কৰা কাৰ্য কিন্তু এনে কাৰ্য যদি নিয়মিত ভাৱে নহয়, তেন্তে ইয়াক ব্যৱসায় বোলা নহয় ৷ 

(ঘ) লাভৰ মনোবৃত্তিঃ
যিকোনো ব্যৱসায়ৰ মূল উদ্দেশ্য হৈছে লাভ অৰ্জন কৰা ৷ এটা ব্যৱসায়ত  সংঘটিত হোৱা প্ৰতিটো কিনা-বেচা কৰা কাৰ্যৰ উদ্দেশ্য লাভ অৰ্জন কৰাটো বাঞ্ছনীয় ৷ এটা ব্যৱসায়ত লাভ অৰ্জন কৰিব যাওঁতে লোকচানৰো সন্মুখীন হয় ৷ তথাপি লোকচানৰ সময়তো এটা ব্যৱসায়ীয়ে লাভ অৰ্জন কৰাৰ উদ্দেশ্য কেতিয়াও বাদ নিদিয়ে ৷ 

(ঙ) বিপদাংশঃ
বিপদাংশ হৈছে এটা ব্যৱসায়ৰ ফলাফলৰ লগত জড়িত থকা অনিশ্চয়তাসমূহ ৷ কম-বেছি পৰিমাণে সকলো ব্যৱসায়ত বিপদশংকা বা অনিশ্চয়তা জড়িত হৈ থাকে ৷ ইয়াৰ অৰ্থ এয়া , সকলো ব্যৱসায়তে কিছুমান আসোঁৱাহ বা প্ৰত্যাহ্বান থাকে, যি ব্যৱসায়ৰ লোকচানৰ উৎস হ'ব পাৰে ৷ ব্যৱসায় বুলিলে সকলো সময়তে লাভ অৰ্জন কৰা নুবুজায় ৷ এটা ব্যৱসায়ত লাভৰ দৰে লোকচানকো সমান্তৰালভাৱে গণ্য কৰা হয় ৷ 

৪/ বৃত্তি মানে কি বুজা ? বৃত্তিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ৷

উত্তৰঃ বৃত্তি বুলিলে  এক অৰ্থনৈতিক সেৱাক বুজায় যাক সম্পাদন কৰাৰ উদ্দেশ্যে এজন ব্যক্তিৰ বিশেষ জ্ঞান, কৌশল, দক্ষতা বা নিপুনতা থকাটো প্ৰয়োজন ৷ 
বৃত্তিৰ বৈশিষ্ট্যসমূহ হ'লঃ

(ক) বিশেস জ্ঞান আৰু কৌশলঃ 
এটা বৃত্তিৰ সকলোতকৈ ডাঙৰ বৈশিষ্ট্যটো হৈছে যে এজন বৃত্তিধাৰী কোনো বিসয়ত বা যিকোনো ক্ষেত্ৰত বিশেষ জ্ঞান আৰু কাৰিকৰী কৌশলৰ অধিকাৰী হ'ব লাগিব ৷ 

(খ) প্ৰশিক্ষণ আৰু অভিজ্ঞতাঃ যিকোনো বৃ্ত্তিধাৰী প্ৰশিক্ষণ আৰু অভিজ্ঞতা থকাটো নিতান্ত প্ৰয়োজন ৷  এই কাৰ্য কোনো ব্যক্তিয়ে তেওঁ অৰ্জন কৰা বিশেষ জ্ঞান আৰু কৌশলৰ বিনিময়ত সম্পাদন কৰে ৷

(গ) প্ৰতিনিধিত্বমূলক বৃত্তিমুখী সংঘ স্থাপনঃ
ইয়াৰ তৃতীয় বৈশিষ্ট্য হৈছে কিছুমান বিশেষ ব্যক্তি, সংস্থা বা সংঘ থাকে, যিবিলাকে তলত উল্লেখ কৰা কাৰ্যসমূহ সম্পাদন কৰে - 
(i) ইয়াৰ সদস্যসমূহৰ আচৰণ নিয়ন্ত্ৰণ কৰা ৷

(ii) বৃত্তিধাৰীসকলৰ কাৰ্যসমূহক গতিফল দেখুওৱাৰ বাবে এক আচৰণ বিধি প্ৰস্তুত কৰা ৷

(iii) ইয়াৰ বৃত্তিধাৰীসকলৰ  ভাৱমূৰ্তি গট দিয়া আৰু উত্তৰণ ঘটোৱা 

(iv) ইয়াৰ সদস্যসকলৰ নূন্যতম অৰ্হতা নিৰ্ধাৰণ কৰা ৷

(v) বৃত্তিধাৰী সকলৰ প্ৰৱেশপথ মুকলি কৰা ৷

(ঘ) আচৰণ বিধিঃ 
বৃত্তিধাৰী সদস্য সকলে নিৰ্ধাৰিত আচৰণ বিধিসমূহ পালন কৰিবলৈ বাধ্য ৷ এই আচৰণ বিধিসমূহ নিৰ্দ্ধাৰিত নীতি-নিয়মসমূহৰ লগতে সাধুতা, সমন্বয়, নৈতিকতা, ইত্যাদিৰে সৈতে জড়িত  হৈ থাকে ৷ 

(ঙ) সেৱা কাৰ্যৰ প্ৰাধান্যঃ
অন্যান্য ব্যৱসায়ৰ দৰে যিকোনো বৃত্তি নিৰ্বাচন কৰাৰ মূল উদ্দেশ্য হৈছে আয় বা লাভ াৰ্জন কৰা ৷ ইয়াত এজন বৃত্তিধাৰীয়ে তেওঁ অৰ্জন কৰা বিশেষ জ্ঞান বা  কৌশলেৰে সেৱা আগবটোৱাৰ বিনিময়ত ধন উপাৰ্জন কৰিবলৈ সমৰ্থ হয় ৷ সেয়েহ এজন বৃত্তিধাৰীক সমাজত সন্মানৰ দৃষ্টিৰে চোৱা হয় ৷ 

৫/ নিয়োগ  বা  নিয়োজন মানে কি বুজা ? ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা  ৷

উত্তৰঃ নিয়োগ বা নিয়োজন হৈছে এক প্ৰকাৰৰ অৰ্থনেথিক কাৰ্যকলাপ য'ত এচাম মানুহে কোনো  বিশেষ ব্যক্তি বা প্ৰতিষ্ঠানৰ বাবে কাম কৰে আৰু তাৰ বিনিময়ত আৰ্থিকভাৱে উপাৰ্জন কৰে ৷
ইয়াৰ বৈশিষ্টসমূহ হ'লঃ 

(ক) আনৰ বাবে সেৱা বা কাম অগবঢ়োৱা হয় ৷

(খ) ব্যক্তিগত সেৱাৰ ক্ষেত্ৰত তেওঁ যাৰ অধীনত কাম কৰে ,তাৰ প্ৰতি সেৱা আগবঢ়োৱা হয় ৷

(গ) চুক্তিৰ ক্ষেত্ৰত দুজন মানহৰ মাজত  চুক্তি হয় আৰু এজনে আনজনৰ বাবে কাম কৰে আৰু চুক্তি  অনুসৰি এজনে আনজনক সেৱাৰ বাবে দৰমহা প্ৰদান কৰে ৷ 

(ঘ) এজন কৰ্মচাৰীয়ে নিযুক্তৰ ওচৰত এজন সেৱকৰ দৰে সেৱা আগবঢ়ায় ৷ অৰ্থাৎ তেওঁক প্ৰতিটো ক্ষেত্ৰত নিযুক্তকৰ আদেশ আৰু নিৰ্দেশৱালীৰ মতে কাম কৰিবলৈ বাধ্য হয় ৷ 

(ঙ) নিযুক্তিত ব্যৱসায়ৰ দৰে কোনো মূলধনৰ প্ৰয়োজন নহয় ৷ অৰ্থাৎ ইয়াত যি মূলধনৰ প্ৰয়োজন হয়, সেয়া গৰাকীয়ে আগবঢ়ায়, কৰ্মচাৰীয়ে মূলধন যোগান ধৰিব নালাগে ৷ 

৬/ উদ্যোগ মানে কি বুজা ?

উত্তৰঃ উদ্যোগ  হৈছে এক অৰ্থনৈতিক কাৰ্যকলাপ, য'ত বিভিন্ন প্ৰকাৰৰ কেঁচামাল সংগ্ৰহ কৰি সেইবিলাক বিভিন্ন প্ৰক্ৰিয়াৰ মাজেদি আকৃতিৰ পৰিৱৰ্তন ঘটাই মানুহৰ ব্যৱহাৰৰ বাবে উপযোগী কৰি তোলা হয় ৷ 

৭/ উদ্যেগৰ  বিভিন্ন  প্ৰকাৰসমূহ বৰ্ণনা কৰা ৷

উত্তৰঃ (ক) প্ৰাথমিক উদ্যেগঃ 
প্ৰাকৃতিক সম্পদ আহৰণ কৰি মানুহৰ ব্যৱহাৰৰ উপযোগী কৰা বা পুনঃ উৎপাদনৰ বাবে  সক্ষম কৰা জৈৱ পদাৰ্থ উন্নয়ণ কৰি পুনঃ উৎপাদন কৰা বা প্ৰাণীৰ প্ৰজনন ঘটাই কাৰ্য সম্পাদন কৰা উদ্যেগসমূহক  প্ৰাথমিক উদ্যোগ বোলে ৷ প্ৰাথমিক উদ্যোগ সমূহক দুটা ভাগত ভাগ কৰিব পাৰিঃ

(i) সৃষ্টিমূলক উদ্যোগঃ
কৃত্ৰিম  প্ৰণালীৰে  জীৱ-জন্তু, গছ-গছনিৰ বংশ বৃদ্ধি  কৰা আৰু কোনো  উৎপাদনৰ  উপযোগিতা সৃষ্টি কৰা কাৰ্যত লিপ্ত থকা উদ্যেগক, সৃষ্টিমূলক উদ্যোগ বোলা হয় ৷ উদাহৰণস্বৰূপে- দুগ্ধ পাম, নাৰ্চাৰী, হাঁহ-কুকুৰা পালন ইত্যাদি ৷ 

(ii) উৎঘাটনমূলক উদ্যোগঃ 
যিবিলাক উদ্যোগ প্ৰাকৃতিক সম্পদ আহৰণ বা উৎঘাটন কৰে, সেইবিলাক উদ্যোগক উৎঘাটনমূলক উদ্যোগ বোলা হয় ৷ যেনে- ভূ-গৰ্ভৰ পৰা কুলা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ আহৰণ কৰা, শিলৰ কোৱাৰিৰ পৰা শিল আহৰণ কৰা বা কৃষিৰ পৰা নানা শস্য আহৰণ কৰা ইত্যাদি ৷ 

(খ) গৌণ উদ্যোগঃ
যিবিলাক উদ্যোগ প্ৰাথমিক উদ্যোগৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ পুনঃআকৃতিৰ পৰিৱৰ্তন ঘটাই অন্যান্য সামগ্ৰী প্ৰস্তুত কৰা কাৰ্যত লিপ্ত থাকে, তেনে উদ্যোগক গৌণ উদ্যোগ বোলা হয় ৷ উদাহৰণস্বৰূপে- গছৰ পৰা কপাহ উৎপাদন কৰাটো প্ৰাথমিক উদ্যোগ আৰু সেই কপাহৰ পৰা কাপোৰ তৈয়াৰ কৰাটো গৌণ উদ্যেগ ৷ গৌণ উদ্যোগসমূহ দুটা ভাগত বাগ কৰিব পাৰি ৷

(i) উৎপাদনমূলক উদ্যোগঃ
যিবিলাক উদ্যেগত কেঁচামাল বা অৰ্ধোৎপাদিত সামগ্ৰী, যন্ত্ৰ আৰু মানুহৰ দ্বাৰা  ব্যৱহাৰৰ উপযোগী কৰি তোলা হয়, তেনে উদ্যেগক উৎপাদনমূলক উদ্যোগ বোলা হয় ৷ উদাহৰণস্বৰূপে - বাঁহৰ পৰা কাগজ প্ৰস্তুত কৰা, কুঁহিয়াৰৰ পৰা চেনি প্ৰস্তুত কৰা ইত্যাদি ৷ 

(ii) নিৰ্মাণমূলক উদ্যোগঃ
যিবিলাক উদ্যোগে আন উদ্যোগে প্ৰস্তুত কৰা সামগ্ৰীৰ সহায়ত বিভিন্ন ধৰণৰ নিৰ্মাণমূলক কাৰ্যকলাপ সম্পাদন কৰে, তেনে উদ্যোগক নিৰ্মাণমূলক উদ্যোগ বোলা হয় ৷ এনে উদ্যোগৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ স্থায়ী প্ৰকৃতিৰ হয় আৰু জনসাধাৰণৰ সেৱাৰ উদ্দেশ্যে কৰা হয় ৷ যেনে- ৰাস্তা, দলং, নদীবান্ধ নিৰ্মাণ ইত্যাদি ৷ 

৮/ বাণিজ্য  মানে কি ?

উত্তৰঃ উৎপাদনকাৰী  আৰু উপভোক্তাসকলৰ মাজত সমন্বয়  স্থাপন কৰিবলৈ  যি প্ৰক্ৰিয়া অৱলম্বন কৰা হয়, তাক বাণিজ্য বোলা হয় ৷ 

৯/ বাণিজ্যৰ  বিভিন্ন   অংশসমূহ  বৰ্ণনা  কৰা ৷

উত্তৰঃ বাণিজ্যৰ অংশসমূহ দুটা ভাগত ভগাব পাৰি - 
(ক) আভ্যন্তৰিণ বা দেশীয় বেহা-বেপাৰঃ 
সামগ্ৰী কিনা-বেচা কাৰ্যসমূহ দেশৰ চাৰিসীমা ভিতৰত সীমাবদ্ধ থাকিলে, ইয়াক আভ্যন্তৰীণ বা দেশিয় বেহা-বেপাৰ বোলে ৷ আভ্যন্তৰীণ বেহা-বেপাৰ সমূহ এনে ধৰণৰ হয় - 

(i) স্থানীয় বেহা-বেপাৰ

(ii) ৰাজ্যিক বেহা-বেপাৰ 

(iii) আন্তঃৰাজ্যিক বা ৰাষ্ট্ৰীয় বেহা-বেপাৰ 

(খ) বৈদেশিক বেহা-বেপাৰঃ
যিবিলাক বেহা-বেপাৰ দুখন দেশৰ মাজত সংঘটিত হয় বা যিবোৰ বেহা-বেপাৰ দেশীয় চাৰিসীমা অতিক্ৰম কৰি পৃথিৱীৰ বিভিন্ন ঠাইত বিৰাজমান, তাক বৈদেশিক বে-বেপাৰ বোলে ৷ ইয়াৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাইছে ৷ ইয়াৰ মূল কাৰণ হৈছে, যিকোনো এখন দেশে ইয়াৰ প্ৰয়োজনীয় সকলোবোৰ সা-সামগ্ৰী অকলে উৎপাদন কৰিব নোৱৰে ৷ যাৰ ফলত ইয়াৰ বাবে আন এখন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় ৷ বৈদেশিক বেপাৰ বাণিজ্যসমূহ তিনিটা ভাগত ভগাব পাৰিঃ

(i) আমদানি বেহা-বেপাৰ

(ii) ৰপ্তানি বেহা-বেপাৰ

(iii) পুনঃ ৰপ্তানি বেহা-বেপাৰ 

১০/ বেহা-বেপাৰৰ  সহায়ক কাৰ্যসমূহ  মানে কি বুজা ?  ইয়াৰ প্ৰকাৰসমূহ উল্লেখ কৰা ৷ 

উত্তৰঃ বাণিজ্য বুলিলে একমাত্ৰ বেহা-বেপাৰক নুবুজায়, বৰঞ্চ ই নানা ধৰণৰ সহায়ক কাৰ্যকলাপক সামৰি লয় ৷ সামগ্ৰী উৎপাদন বা সংগ্ৰহ, যোগান, বিতৰণ আৰু ক্ৰয়-বিক্ৰয় কাৰ্যবিলাক যাতে ব্যাঘাত নজন্মাকৈ চলি থাকে, সেই উদ্দেশ্যে যিবোৰ প্ৰতিষ্ঠানে  সামান্য মূল্যৰ বিনিময়ত বিভিন্ন প্ৰকাৰে সহায় কৰে, তাকে বেহা-বেপাৰৰ সহায়ক কাৰ্যসমূহ বুলি কোৱা হয় ৷
ইয়াৰ প্ৰকাৰসমূহ তলত উল্লেখ কৰা হ'লঃ
(ক) মধ্যস্থতাকাৰী
(খ) পৰিৱহন আৰু যোগাযোগ
(গ) পণ্যাগাৰ
(ঘ) বীমা
(ঙ) বেংকিং
(চ) বিজ্ঞাপন 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)