ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

FIRST CHAPTER: INTRODUCTION-CLASS IX-BOOK KEEPING & ACCOUNTANCY- হিচাপৰক্ষণ আৰু হিচাপবিদ্যা- প্ৰথম অধ্যায়ঃ পৰিচয় - নৱম শ্ৰেণী- বাণিজ্য

Admin
0

 প্ৰশ্নাৱলীঃ

(ক) চমু উত্তৰৰ বাবে প্ৰশ্নাৱলীঃ

১/ হিচাপৰক্ষণ মানে কি ?

উত্তৰঃ হিচাপৰক্ষণ হৈছে ব্যৱসায়ৰ এক পদ্ধতিগত প্ৰণালী, যাৰ দ্বাৰা এটা ব্যৱসায়ত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত সংঘটিত হোৱা সকলোবোৰ বিত্তীয় লেন-দেন পদ্ধতিগতভাৱে লিপিবদ্ধ কৰা ৷ 

২/ হিচাপৰক্ষণৰ পৰিসৰ সমূহ কি কি ?

উত্তৰঃ হিচাপৰক্ষণৰ পৰিসৰ সমূহ হ'লঃ 

(ক) ব্যৱসায়ৰ হিচাপৰ বহীসমূহ নিয়াৰিকৈ প্ৰতিপালন কৰা ৷

(খ) হিচাপৰ বহীত লিপিবদ্ধ কৰিবলগীয়া সকলো প্ৰকাৰৰ ঘটনা আৰু লেন-দেন চিনাক্ত কৰা ৷

(গ) এই সকলোবোৰ লেন-দেন ধনৰ মাধ্যমত প্ৰকাশ কৰা ৷

(ঘ) এই সকলোবোৰ লেন-দেন হিচাপৰ বহীত শৃংখলাবদ্ধভাৱে লিপিবদ্ধ কৰা ৷

(ঙ) বিত্তীয় তথ্যবিলাক খতিয়নৰ হিচাপলৈ স্থানান্তৰ কৰা ৷

(চ) বিত্তীয় তথ্যবিলাক মিলনপত্ৰলৈ স্থানান্তৰ কৰা ৷

৩/ হিচাপবিদ্যা বুলিলে কি বুজা ?

উত্তৰঃ হিচাপবিদ্যা হৈছে এক প্ৰণালীবদ্ধ প্ৰক্ৰিয়া যাৰ সহায়ত এটা ব্যৱসায়ৰ বিত্তীয় তথ্যসমূহ সংগ্ৰহ, লিপিবদ্ধকৰণ, সংক্ষিপ্তকৰণ, শ্ৰেণীবিভাজন আৰু উপপসংস্থাপন কৰা হয় ৷ 

৪/ হিচাপবিদ্যাৰ উদ্দেশ্য সমূহ উল্লেখ কৰা ৷

উত্তৰঃ হিচাপবিদ্যাৰ উদ্দেশ্য সমূহ তলত উল্লেখ কৰা হ'লঃ

(ক) ব্যৱসায়ৰ সৈতে জড়িত থকা সকলো প্ৰকাৰৰ হিচাপ লিপিবদ্ধ কৰা আৰু হিচাপৰ বহী চোৱাচিতা কৰা ৷

(খ) এক নিৰ্দিষ্ট সময়ৰ ভিতৰত ব্যৱসায়ত হোৱা লাভ-লোকচানৰ পৰিমাণ নিৰ্ণয় কৰা ৷

(গ) ব্যৱসায়ৰ বিত্তীয় অৱস্থা নিৰূপন কৰা ৷

(ঘ) হিচাপবিদ্যাৰ তথ্যসমূহ ব্যৱহাৰ কৰা পক্ষসমূহ যোগান ধৰা ৷

৫/ হিচাপবিদ্যাৰ কাৰ্যাৱলী সমূহ উল্লেখ কৰা ৷

উত্তৰঃ হিচাপবিদ্যাৰ কাৰ্যাৱলী সমূহ তলত উল্লেখ কৰা হ'ল - 

(ক) ব্যৱসায়ৰ সকলোবোৰ লেন-দেন পদ্ধতিগত আৰু বিজ্ঞানসন্মতভাৱে লিপিবদ্ধ কৰা ৷

(খ) ব্যৱসায়ৰ লাভ-লোকচানৰ পৰিমাণ সঠিকভাৱে গণনা কৰা ৷

(গ) ব্যৱসায়ৰ সম্পত্তিসমূহ ৰক্ষণা-বেক্ষণ দিয়া আৰু নিয়ন্ত্ৰণ কৰা ৷

(ঘ) হিচাপবিদ্যাই ব্যৱসায়ক যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে ৷

(চ) ব্যৱসায়, বিনিয়োগকাৰী, ঋণদাতা আদিক সিদ্ধান্ত গ্ৰহনত সহায় কৰা ৷

৬/ হিচাপশাস্ত্ৰ বুলিলে কি বুজা ?

উত্তৰঃ হিচাপৰক্ষকসকলে ব্যৱহাৰ কৰা সমগ্ৰ হিচাপবিদ্যা প্ৰক্ৰিয়াটোক হিচাপশাস্ত্ৰ বোলা হয় ৷ 

(খ) দীঘল উত্তৰৰ বাবে প্ৰশ্নাৱলীঃ

১/ হিচাপৰক্ষণৰ বৈশিষ্ট্য উল্লেখ কৰা ৷

উত্তৰঃ হিচাপৰক্ষণৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰাঃ

(ক) হিচাপৰক্ষণ এক প্ৰণালীবদ্ধ পদ্ধতি যাৰ দ্বাৰ ব্যৱসায়ত সংঘটিত হোৱা বিত্তীয় লেন-দেনসমূহ বিজ্ঞানসন্মতভাৱে লিপিবদ্ধ কৰা হয় ৷

(খ) হিচাপৰক্ষণে ব্যৱসায়ত সংঘটিত হোৱা লেন-দেনসমূহ সঠিকভাৱে হিচাপৰ বহীত অন্তৰ্ভূক্ত কৰা প্ৰণালীটোক সূচায় ৷

(গ) ইয়াৰ উদ্দেশ্য হৈছে ব্যৱসায়টোৰ  বিত্তীয় অৱস্থাৰ ওপৰত বিত্তীয় লেন-দেসমূহৰ প্ৰভাৱ দৰ্শোৱা ৷

(ঘ) হিচাপৰক্ষণ হৈছে এক প্ৰাথমিক পৰ্যায়ৰ কাম, ইয়াক ব্যৱসায়ৰ নিম্ন পৰ্যায়ৰ কৰ্মচাৰীসকলে সম্পাদন কৰে ৷ 

(ঙ) হিচাপৰক্ষণক প্ৰাথমিক হিচাপৰ বহী হিচাপে গণ্য কৰা হয় ৷ হিচাপৰক্ষণক কলা তথা বিজ্ঞান হিচাপে অভিহিত কৰা হয় ৷ 

২/ হিচাপবিদ্যাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ৷

উত্তৰঃ হিচাপবিদ্যাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'লঃ

(ক) হিচাপবিদ্যাই সেইবিলাক তথ্য বা ঘটনা লিপিবদ্ধ কৰে, যিবিলাক বিত্তীয় প্ৰকৃতিৰ হয় ৷

(খ) হিচাপবিদ্যা লিপিবদ্ধকৰন, শ্ৰেণীবিভাজন, সংঘিপ্তকৰণ আৰু বিত্তীয় প্ৰতিবেদন প্ৰস্তুতকৰণৰ সৈতে জড়িত হৈ থাকে ৷

(গ) হিচাপবিদ্যাই এটা ব্যৱসায়ৰ বিত্তীয় অৱস্থা নিৰ্ধাৰণ কৰাত সহায় কৰে তথা এই তথ্যসমূহ বহিৰাগত পক্ষক অৱগত কৰে ৷

(ঘ) হিচাপবিদ্যা ব্যক্তিৰ দ্বাৰা সম্পাদন হয়, সেয়েহ ব্যক্তিগত ভুলৰ বাবে হিচাপবিদ্যাৰ ফলাফল কেতিয়াবা ভুল হ'ব পাৰে ৷ 

(ঙ) হিচাপবিদ্যাত একমাত্ৰ টকাৰ হিচাপত জুখিব পৰা লেন-দেন সমূহকহে গণ্য কৰা হয় ৷ 

৩/ হিচাপবিদ্যাৰ বিভিন্ন স্তৰ সমূহ কি কি ?

উত্তৰঃ 

FIRST CHAPTER: INTRODUCTION-CLASS IX-BOOK KEEPING & ACCOUNTANCY- হিচাপৰক্ষণ আৰু হিচাপবিদ্যা- প্ৰথম অধ্যায়ঃ পৰিচয় - নৱম শ্ৰেণী- বাণিজ্য

৪/ হিচাপবিদ্যা আৰু হিচাপৰক্ষণৰ মাজৰ পাৰ্থক্য সমূহ উল্লেখ কৰা ৷

উত্তৰঃ 



FIRST CHAPTER: INTRODUCTION-CLASS IX-BOOK KEEPING & ACCOUNTANCY- হিচাপৰক্ষণ আৰু হিচাপবিদ্যা- প্ৰথম অধ্যায়ঃ পৰিচয় - নৱম শ্ৰেণী- বাণিজ্য
FIRST CHAPTER: INTRODUCTION-CLASS IX-BOOK KEEPING & ACCOUNTANCY- হিচাপৰক্ষণ আৰু হিচাপবিদ্যা- প্ৰথম অধ্যায়ঃ পৰিচয় - নৱম শ্ৰেণী- বাণিজ্য



৫/ বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত হিচাপবিদ্যাৰ উপকাৰীতা সমূহ উল্লেখ কৰা ৷

উত্তৰঃ বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত হিচাপবিদ্যাৰ উপকাৰীতা সমূহ তলত উল্লেখ কৰা হ'লঃ

(ক) হিচাপবিদ্যাই ব্যৱসায়ৰ বিত্তীয় তথ্যসমূহ আগ্ৰহী গোটসমূহক অৱগত কৰে ৷

(খ) হিচাপবিদ্যাই দুটা পৃথক বিত্তীয় বৰ্ষ বা দুটা পৃথক কোম্পানীৰ মাজৰ বিত্তীয় প্ৰতিবেদন সমূহ তুলনা কৰাত সহায় কৰে ৷

(গ) যিকোনো ন্যায়িক ক্ষেত্ৰত বা কৰ সম্পৰ্কীয় কাৰ্যত হিচাপবিদ্যাৰ তথ্যসমূহ সাক্ষীৰূপে ব্যৱহাৰ কৰা হয় ৷

(ঘ) হিচাপবিদ্যাই ব্যৱসায়ৰ মূল্য নিৰূপন কৰাত আৰু বিত্তীয় সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে ৷

৬/ হিচাপবিদ্যাৰ সীমাবদ্ধতা সমূহ উল্লেখ কৰা ৷

উত্তৰঃ হিচাপবিদ্যাৰ সীমাবদ্ধতা সমূহ তলত  উল্লেখ কৰা হ'লঃ

(ক) হিচাপবিদ্যাই অনা-অৰ্থনৈতিক লেন-দেনসমূহ গণ্য নকৰে অৰ্থাৎ যিবোৰ লেন-দেন টকাৰ মাধ্যমত প্ৰকাশ কৰিব নোৱাৰি,তেনে লেন-দেনসমূহ হিচাপৰ বহীত লিপিবদ্ধ কৰা নহয় ৷ 

(খ) কেতিয়াবা হিচাপবিদ্যাৰ তথ্যসমূহ প্ৰাককলনৰ ওপৰত নিৰ্ভৰ কৰে ৷

(গ) হিচাপবিদ্যা যিহেতু কোনো ব্যক্তি বিশেষৰ দ্বাৰা সম্পাদন হয়, তেওঁ কৰা ব্যক্তিগত ভুলৰ বাবে ইয়াৰ ফলাফল সমূহ ভুল হ'ব পাৰে ৷

(ঘ) হিচাপবিদ্যাই পৰিৱৰ্তিত মূল্যস্তৰক সম্পূৰ্ণ অগ্ৰাহ্য কৰে ৷ 

৭/ হিচাপবিদ্যা চক্ৰ কি ?

উত্তৰঃ হিচাপবিদ্যা চক্ৰ হৈছে এটা প্ৰক্ৰিয়া যি ব্যৱসায়ৰ এটা বিত্তীয় লেনদেন লিপিবদ্ধ কৰাৰ পৰা আৰম্ভ কৰি বিত্তীয় প্ৰতিবেদন প্ৰস্তুত কৰালৈকে সকলোবোৰ পৰ্যায় বা স্তৰ সামৰি লয় ৷ হিচাপৰক্ষকৰ েটা প্ৰধান কাম হৈছে আৰম্ভণিৰ পৰা শেষলৈকে হিচাপবিদ্যা চক্ৰ শুদ্ধকৈ আৰু নিয়াৰিকৈ পালন কৰা ৷ এটা কোম্পানী জীয়াই থকা দিনলৈকে এই চক্ৰ প্ৰত্যেক বিত্তিয় বৰ্ষত পুনৰাবৃত্তি হয় ৷ হিচাপবিদ্যা চক্ৰই হিচাপৰক্ষণ, জাবেদা, খতিয়ান, ডেবিট, ক্ৰেডিট আৰু সংযোজিত প্ৰৱিষ্টি আদিক সামৰি লয় ৷  

৮/ হিচাপবিদ্যা চক্ৰৰ বিভিন্ন স্তৰ সমূহ বৰ্ণনা কৰা ৷

উত্তৰঃ হিচাপবিদ্যা চক্ৰৰ বিভিন্ন স্তৰ সমূহ তলত বৰ্ণনা কৰা হ'ল - 

(ক) লেন-দেন লিপিবদ্ধকৰণঃ

এটা লেনদেন সংঘটিত হোৱাৰ লগে লগে প্ৰথমে তাক হিচাপৰ বহীত লিখা হয় ৷ 

(খ) জাবেদাঃ

লিপিবদ্ধ কৰা এই লেন-দেন সমূহৰ পৰা ক্ৰম অনুসাৰে জাবেদা প্ৰস্তুত কৰা হয় ৷ 

(গ) খতিয়নঃ

এই জাবেদা সমূহ শ্ৰেণী বিভাজন কৰি ক্ৰম অনুসাৰে আৰু শ্ৰেণীবদ্ধভাৱে খতিয়ন প্ৰস্তুত কৰা হয় ৷

(ঘ) উদ্ধৃত মিলনপত্ৰঃ

ইয়াৰ পিছত সকলোবোৰ খতিয়নৰ চূড়ান্ত স্তিতি সমূহ লৈ বিত্তীয় বৰ্ষৰ অন্তত উদ্ধৃত মিলনপত্ৰ প্ৰস্তুত কৰা হয় ৷

(ঙ) সংযোজিত প্ৰৱিষ্টিঃ

সকলোবোৰ সংযোজিত প্ৰৱিষ্টি হিচাপৰ বহীত নিয়াৰীকৈ লীকা হয় াৰু বিত্তীয় প্ৰতিবেদন প্ৰস্তুত কৰা আগেয়ে সংযোজন কৰা হয় ৷

(চ) সংযোজিত উদ্ধৃত মিলন পত্ৰঃ

ইয়াৰ পিছত প্ৰয়োজন অনুসাৰে সংযোজিত উদ্ধৃত মিলনপত্ৰ প্ৰস্তুত কৰিবলগীয়া হ'ব পাৰে ৷

(ছ) চুড়ান্ত প্ৰৱিষ্টিঃ

সকলো ধৰণৰ অৱাস্তৱ হিচাপ সম্পৰ্ণ কৰা হয় আৰু ইয়াৰ চুড়ান্ত স্তিতিসমূহ ক্ৰয়-বিক্ৰয় হিচাপ আৰু লাভ-লোকচান হিচাপলৈ স্থানান্তৰ কৰা হয় ৷

(জ) বিত্তীয় প্ৰতিবেদনঃ

হিচাপবিদ্যা চক্ৰৰ অন্তিম পৰ্যায়ত ব্যৱসায়ৰ বিত্তীয় প্ৰতিবেদন সমূহ প্ৰস্তুত কৰা হয় ৷ বিত্তীয় প্ৰতিবেদনে ব্যৱসায়ৰ বিত্তীয় ফলাফল আৰু বিত্তীয় অৱস্থাৰ প্ৰকৃত প্ৰতিচ্ছবি দাঙি ধৰে ৷  

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)