Gorajan Goodluck Tutor Centre

শিক্ষাই মানুহক মুক্তি দিয়ে

YOUR QUESTIONS OUR ANSWERS( আপোনাৰ প্ৰশ্ন আমাৰ উত্তৰ- তলৰ লিংকটোত ক্লিক কৰক )

HOT QUESTION-ANSWERS ( EMERGENCY)

HOT QUESTION
তোমাৰ উত্তৰসমূহ ( YOUR ANSWERS)

আমাক প্ৰশ্ন সুধিবলৈ তলৰ Whatsapp ত ক্লিক কৰা

আমাক প্ৰশ্ন সুধিবলৈ তলৰ Whatsapp ত ক্লিক কৰা
Ask Question

HS result

HS Result 2021
HS Result ৰ বাবে ক্লিক কৰা

LINK-1

HSLC আৰু AHM RESULTS -link 2
নিজৰ RESULTS চাবলৈ ইয়াত ক্লিক কৰা (LINK 2)
ইংৰাজী ভয় লাগে নেকি?
ইংৰাজীত দুৰ্বল নেকি ? আহক ইংৰাজীত কথা পাতিবলৈ শিকো মাত্ৰ ৪৯৯ টকাত
ALL ANSWERS
CHOOSE YOUR CLASS [উত্তৰ পাবলৈ নিজৰ শ্ৰেণীটো বাছনি কৰক ]

Your Questions( আপোনাৰ প্ৰশ্ন )

প্ৰশ্ন সুধিব পাৰা
টান লগা বিষয়টোত আমি সহায় কৰিম

Your Answers (আপোনাৰ উত্তৰ)

YOUR ANSWERS
আপুনি আগতে আমাক পঠিওৱা প্ৰশ্নৰ উত্তৰসমূহ ইয়াত পাব
HSLC 2021
NOW YOU CAN BUY YOUR IMPORTANT EBOOK HERE

SECOND CHAPTER: ACCOUNTING PRINCIPLES & CONCEPTS -CLASS IX-BOOK KEEPING & ACCOUNTANCY- হিচাপবিদ্যাৰ নীতি আৰু ধাৰণাসমূহ- দ্বিতীয় অধ্যায় - নৱম শ্ৰেণী- বাণিজ্য

প্ৰশ্নাৱলীঃ

১/ হিচাপবিদ্যাৰ ধাৰণা বুলিলে কি বুজা ? 

উত্তৰঃ হিচাপবিদ্যাৰ নথিসমূহৰ মাজত সামঞ্জস্যতা আৰু একতা বজাই ৰাখিবলৈ কিছুমান নিয়ম বা নীতি পালন কৰা হয় ৷ এই নীতি সমূহ হৈছে সাৰ্বজনীন আৰু এই নীতিৰ আধাৰত হিচাপবিদ্যাৰ বিত্তীয় প্ৰতিবেদন সমূহ প্ৰস্তুত কৰা হয় ৷ ইয়াক হিচাপবিদ্যাৰ ধাৰণা বুলি কোৱা হয় ৷ 

২/ হিচাপবিদ্যাৰ ধাৰণাসমূহৰ নাম লিখা ৷

উত্তৰঃ হিচাপবিদ্যাৰ ধাৰণাসমূহ হ'লঃ

(ক) ব্যৱসায়ৰ অস্তিত্বৰ ধাৰণা 

(খ) চলন্ত ব্যৱসায়ৰ ধাৰণা 

(গ) মুদ্ৰা পৰিমাপক ধাৰণা 

(ঘ) ব্যয়মূল্যৰ  ধাৰণা 

(ঙ) দ্বৈত দিশৰ ধাৰণা 

(চ) হিচাপ গণনাকালৰ  ধাৰণা 

(ছ) আয় স্বীকৃতিৰ  ধাৰণা 

(জ) উদ্ভুত  ধাৰণা 

(চ) সমতুল্য  ধাৰণা 
SECOND CHAPTER: ACCOUNTING PRINCIPLES & CONCEPTS -CLASS IX-BOOK KEEPING & ACCOUNTANCY- হিচাপবিদ্যাৰ নীতি আৰু ধাৰণাসমূহ- দ্বিতীয় অধ্যায় - নৱম শ্ৰেণী- বাণিজ্য



৩/ ব্যৱসায়ৰ অস্তিত্বৰ  ধাৰণা মানে কি বুজা ?

উত্তৰঃ ব্যৱসায়ৰ  অস্তিত্বৰ  ধাৰণা অনুসৰি ব্যৱসায় হৈছে এক স্বতন্ত্ৰ অস্তিত্ব ৷ অৰ্থাৎ এটা ব্যৱসায় আৰু ইয়াৰ মালিক বা মালিকীস্বত্ব হৈছে দুটা সম্পৰ্ণ সুকীয়া অস্তিত্ব ৷ 

৪/ চলন্ত  ব্যৱসায়ৰ ধাৰণা মানে কি বুজা ? 

উত্তৰঃ চলন্ত ব্যৱসায়ৰ ধাৰণা অনুসৰি, ব্যৱসায় হৈছে এটা চলন্ত গোট আৰু ই অনিৰ্দিষ্ট কালৰ বাবে চলি থাকিব ৷

৫/ মুদ্ৰা পৰিমাপক ধাৰণা মানে কি বুজা ?

উত্তৰঃ মুদ্ৰা পৰিমাপক ধাৰণা হৈছে একমাত্ৰ সেইবিলাক লে-দেন হিচাপৰ বহীত লিপিবদ্ধ কৰা হয় যিবিলাক লেন-দেন টকাৰ মাধ্যমত প্ৰকাশ কৰিব পাৰি বা যিবিলাক লেন-দেন মুদ্ৰা মানেৰে জুখিব পাৰি ৷

৬/ দ্বৈত দিশৰ ধাৰণা বুলিলে কি বুজা ?

উত্তৰঃ দ্বৈত্ব দিশৰ ধাৰণা হৈছে হিচাপ বিদ্যাৰ মূল ভেটি ৷  এই ধাৰণা অনুসৰি প্ৰতিটো লেন-দেন হিচাপৰ বহীত নথিভুক্ত কৰাৰ সময়ত দুটা দিশত প্ৰকাশ কৰা হয় - ডেবিট আৰু ক্ৰেডিট ৷

৭/ ব্যয়মূল্যৰ  ধাৰণা মানে কি বুজা ?

উত্তৰঃ ব্যয়মূল্যৰ  ধাৰণা  হৈছে যিকোনো সামগ্ৰী বা সম্পত্তি  হিচাপৰ বহীত সেই দামত লিপিবদ্ধ কৰা হয়, যি মূল্য সেই সামগ্ৰী বা সম্পত্তিসমূহ ক্ৰয় কৰাৰ সময়ত প্ৰদান কৰা হয় ৷ 

৮/ হিচাপ গণনাকালৰ  ধাৰণা মানে কি বুজা ? 

উত্তৰঃ এটা ব্যৱসায়ৰ জীৱন কালছোৱা েকোটা একোটা ক্ষুদ্ৰ ভাগ কৰা হয়, ইয়াক হিচাপ গণনাকাল বুলি কোৱা হয় ৷ এই গণনা কাল সাধাৰণতে এবছৰীয়া হয় ৷ 

৯/ আয় স্বীকৃতিৰ ধাৰণা মানে কি বুজা ?

উত্তৰঃ আয় স্বীকৃতিৰ ধাৰণা অনুসৰি ব্যৱসায়ত লেন-দেনৰ পৰা হোৱা আয় তেতিয়া স্বীকৃতি দিয়া হয়, যেতিয়া বিক্ৰী কাৰ্য সম্পাদন হয় ৷ বিক্ৰীৰ ধন পোৱাৰ ওপৰত বিত্তি কৰি আয় স্বীকৃতি দিয়া নহয় ৷ উদাহৰণস্বৰূপেঃ যদি বিক্ৰীৰ তাৰিখ আৰু বিক্ৰীৰ ধন আদায় পোৱাৰ তাৰিখ দুটা সুকীয়া হয়, তেতিয়া যিদিনা ব্যৱসায়ত বিক্ৰী কাৰ্য সম্পাদন হয়, সেইদিনা আয় হৈছে বুলি ধৰা হয় ৷ 

১০/ উদ্ভুত ধাৰণা মানে কি বুজা ?

উত্তৰঃ উদ্ভুত ধাৰণা অনুসৰি এটা লেন-দেন যেতিয়া সংক্ঘটিত হয়, তেতিয়া তাক হিচাপৰ বহীত লিপিবদ্ধ কৰা হয় ৷ ধন দিয়া বা ধন পোৱাৰ ওপৰত বিত্তি কৰি লেন-দেন এটা লিপিবদ্ধ কৰা নহয় ৷ 

১১/ সমতুল্য  ধাৰণা মানে কি বুজা ? 

উত্তৰঃ সমতুল্য ধাৰণা অনুসৰি এক নিৰ্দিষ্ট সময়ৰ ভিতৰত সংঘটিত হোৱা আয়ক সেই সময়ৰ ব্যয়ৰ সৈতে তুলনা কৰা হয় ৷ 

No comments:

Post a Comment

Please don't use spam link in the comment box.

Popular Posts

Featured post

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয়া স্ব -শিকন সমল ( সমল নং - ২) - ষষ্ঠ শ্ৰেণীৰ বাবে

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয়া স্ব -শিকন সমল ( সমল নং - ২) - ষষ্ঠ শ্ৰেণীৰ বাবে  বিষয় - বিজ্ঞান   অধ্যায় -2ঃ খাদ্যৰ উপাদান  পূৰ্বজ্ঞান আমি বিভি...