ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

THIRD CHAPTER: BASIC ACCOUNTING TERMINOLOGIES -CLASS IX-BOOK KEEPING & ACCOUNTANCY- হিচাপবিদ্যাৰ বুনিয়াদী পদসমূহ- তৃতীয় অধ্যায় - নৱম শ্ৰেণী- বাণিজ্য

Admin
0
প্ৰশ্নাৱলীঃ

১/ লেন-দেন বুলি ক'লে কি বুজা ? দুটা ব্যৱসায়িক লেন-দেনৰ উদাহৰণ দিয়া ?

উত্তৰঃ এটা ব্যৱসায়ত পণ্য-সামগ্ৰী বা সেৱা কিনা-বেচা কৰা কাৰ্যক লেন-দেন বুলি কোৱা হয় ৷ 

দুটা ব্যৱসায়িক লেন-দেনৰ উদাহৰণঃ

(ক) ০১/০১/২০২১ঃ ব্যৱসায়ৰ বাবে ৩০,০০০ টকা নগদ খৰছ কৰি এটা কম্পিউটাৰ ক্ৰয় কৰা হয় ৷

(খ) ১৪/০১/২০২১ঃ ব্যৱসায়ত ১২,০০০ টকাৰ পণ্য সামগ্ৰী অংকিতাক বাকীত বিক্ৰী কৰা হয় ৷

THIRD CHAPTER: BASIC ACCOUNTING TERMINOLOGIES -CLASS IX-BOOK KEEPING & ACCOUNTANCY- হিচাপবিদ্যাৰ বুনিয়াদী পদসমূহ- তৃতীয় অধ্যায় - নৱম শ্ৰেণী- বাণিজ্য



২/ পণ্য সামগ্ৰী মানে কি বুজা ? পণ্য সামগ্ৰীৰ দুটা উদাহৰণ দিয়া ৷

উত্তৰঃ এটা ব্যৱসায়ে গ্ৰাহকক বিক্ৰী কৰাৰ উদ্দেশ্যে যিবোৰ সা-সামগ্ৰী ক্ৰয় কৰি আে,তাক পণ্য বুলি কোৱা হয় ৷
পণ্য সামগ্ৰীৰ দুটা উদাহৰণঃ
চকলেট , আইচক্ৰীম ইত্যাদি ৷ 

৩/ এটা ব্যৱসায়ৰ বাবে পণ্য সামগ্ৰী গুৰুত্বপূৰ্ণ কিয় ?

উত্তৰঃ এটা ব্যৱসায়ৰ বাবে পণ্য সামগ্ৰী বৰ গুৰুত্বপূৰ্ণ কাৰণ ইয়াক ব্যৱসায়িক ভিত্তিত কিনা-বেচা কৰিব পাৰি আৰু যাৰ এক নিৰ্দিষ্ট আকাৰ আছে ৷ ইয়াৰ দ্বাৰা লাভ অৰ্জন কৰিব পাৰি ৷ 

৪/ সেৱা মানে কি বুজা ?

উত্তৰঃ সেৱা বুলি ক'লে এটা অৰ্থনীতিৰ সেইবিলাক উপাদানক বুজায় যাৰ কোনো শাৰীৰিক আকাৰ নাথাকে বা অদৃশ্যমান হয়, কিন্তু ইয়াক যোগান ধৰা হয় বা উপভোগ কৰা হয় ৷ যেনেঃ বেংকিং সেৱা , শিক্ষা ইত্যাদি ৷ 

৫/ পণ্য সামগ্ৰী আৰু সেৱাৰ মাজৰ পাৰ্থক্য দেখুওৱা ৷

উত্তৰঃ পণ্যৰ নিজৰ আকাৰ আছে কিন্তু সেৱাৰ কোনো আকাৰ নাই ৷ 

৬/ হিচাপৰক্ষণ মানে কি ?

উত্তৰঃ হিচাপৰক্ষণ হৈছে এক প্ৰণালীবদ্ধ পদ্ধতি, যাৰ সহায়ত এটা ব্যৱসায়ত সংঘটিত হোৱা সকলোবোৰ লেন-দেন পদ্ধতিগতভাৱে হিচাপৰ বহীত লিপিবদ্ধ কৰা হয় ৷ 

৭/ জাবেদা মানে কি ? 

উত্তৰঃ এটা ব্যৱসায়ত এটা লেন-দেন সংঘটিত হোৱাৰ লগে লগে যি হিচাপৰ বহীত তাক পদ্ধতিগতভাৱে লিখা হয়, তাকে  জাবেদা বোলা হয় ৷ 

৮/ খতিয়ন মানে কি ? 

উত্তৰঃ বিত্তীয় লেন-দেন সমূহ জাবেদাত প্ৰৱিষ্টি কৰাৰ পাছত এইবোৰ সংশ্লষ্টি হিচাপলৈ স্থানান্তৰ কৰা হয় ৷ এই হিচাপসমূহ যি বহীত ৰখা হয়, তাক খতিয়ন বোলা হয় ৷ 

৯/ মূলধন মানে কি বুজা ? উদাহৰণ সৈতে বৰ্ণনা কৰা ৷

উত্তৰঃ এটা ব্যৱসায় আঢৰম্ভ কৰিবলে যি ধনৰাশিৰ প্ৰয়োজন হয়, তাক মূলধন বুলি কোৱা হয় ৷ 
উদাহৰণস্বৰূপে, অজয়ে ২ লাখ ৫০ হাজাৰ টকা বিনিয়োগ কৰি ব্যৱসায় আৰম্ভ কৰে ৷ ইয়াত ২ লাখ ৫০ হাজাৰ টকা ব্যৱসায়ৰ বাবে হৈছে মূলধন ৷ 

১০/ আহৰণ মানে কি বুজা ? দুটা উদাহৰণ দিয়া ৷

উত্তৰঃ এটা ব্যৱসায়ত ইয়াৰ মালিকে নিজৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে যি পৰিমাণৰ ধন বা পণ্য সামগ্ৰী ব্যৱসায়ৰ পৰা উঠাই নিয়ে, তাক আহৰন বোলা হয় ৷ 
উদাহৰণস্বৰূপে, (১)অনিলে এটা ব্যৱসায়ৰ মালিক ৷ তেওঁ ব্যৱসায়ৰ পৰা ৩০,০০০ টকাৰ নগদ ধন উলিয়াই নিজ পৰিয়ালৰ শেতে ফুৰিবলৈ যায় ৷ ইয়াত মালিকে ব্যৱসায়ৰ পৰা খৰচ কৰা ৩০,০০০ টাক কোনো ধৰণৰ ভ্যৱসায়িক খৰছ নহয়, বৰঞ্চ ই এক ব্যক্তিগত খৰছ ৷ সেয়েহ ৩০,০০০ টকাক হিচাপৰ বহীত আহৰন বুলি অভিহিত কৰা হ'ব ৷ 
(২) ৰামে তেওঁৰ ব্যৱসায়ৰ পৰা ২০,০০০ টকা নিজৰ বেমাৰ ঠিক কৰিবৰ বাবে নিলে, ই  এটা আহৰণ হিচাপ ৷ 

১১/ আহৰণক কিয় ব্যৱসায়িক খৰচ হিচাপে গণ্য কৰা নহয় ?

উত্তৰঃ আহৰণক এটা ব্যক্তিগত হিচাপ হোৱাৰ বাবে ইয়াক ব্যৱসায়ৰ আহৰণ হিচাপ বুলি গণ্য কৰা নহয় ৷ 

১২/ সম্পত্তি মানে কি ? সম্পত্তিৰ দুটা উদাহৰণ দিয়া ৷

উত্তৰঃ এটা ব্যৱসায়িক প্ৰতিষ্ঠানে ভৱিষ্যতে ব্যৱসায়ত ব্যৱহাৰ কৰিবৰ বাবে যিবোৰ সম্পদ ক্ৰয় কৰে, তাক সম্পত্তি বোলা হয় ৷ 
সম্পত্তিৰ দুটা উদাহৰণঃ
ভুমি আৰু ভৱন 

১৩/ এটা ব্যৱসায়ত সম্পত্তিৰ গুৰুত্ব কি ?

উত্তৰঃ এটা ব্যৱসায়িক প্ৰতিষ্ঠানে ভৱিষ্যতে ব্যৱসায়ত ব্যৱহাৰ কৰিবৰ বাবে যিবোৰ সম্পদ ক্ৰয় কৰে, তাক সম্পত্তি বোলা হয় ৷ সম্পত্তি ব্যৱহাৰ কৰিয়ে লাভ অৰ্জন কৰা ৷ সম্পত্তিৰ অবিহনে বাকী লাগতিয়াল সম্পদসমূহৰ কথা ভাবিবই নোৱাৰি ৷ 

১৪/ দেনা মানে কি বুজা ? দেনাৰ দুটা উদাহৰণ দিয়া ৷

উত্তৰঃ এটা ব্যৱসায়ে মালিকৰ বাহিৰে আন পক্ষৰ পৰা যি ধন গ্ৰহণ কৰে বা তৃতীয় পক্ষক যি ধনৰ পৰিমাণ দিবলগীয়া তাকে, তাক দেনা বোলা হয় ৷ 
দেনাৰ দুটা উদাহৰণঃ
(১)এটা ব্যৱসায়ে বেংকৰ পৰা ব্যৱসায়টোৰ বাবে ৫০,০০০ টকা ঋণ লয় ৷ বেংকৰ পৰা লোৱা ৫০,০০০ টকাৰ পৰিমাণক হিচাপৰ বহীত দেনা হিচাপে গণ্য কৰা হয়  ৷
(২) এটা ব্যৱসায়ে বীমা নিগমৰ পৰা ১০,০০০টকা ঋণ লয় ৷ 

১৫/ দেনাদাৰ মানে কি বুজা ? উদাহৰণ দিয়া ৷

উত্তৰঃ দেনাদাৰ বুলি ক'লে সেইসকল গ্ৰাহকক বুজায়, যিসকল গ্ৰাহকক ব্যৱসায়ে সা-সামগ্ৰী বাকীত বিক্ৰী কৰে আৰু সেইসকল গ্ৰাহকৰ পৰা ভৱিষ্যত সময়ত ব্যৱসায়টোৱে ধন পাবলগীয়া হৈ থাকে ৷ 
উদাহৰণস্বৰূপে, ৰাজ নামৰ প্ৰতিষ্ঠানে ১০,০০০ টকাৰ টিভি কমল নামৰ গ্ৰাহকক বাকীত বিক্ৰী কৰিলে ৷ ইয়াত কমলে ১০,০০০ টকা ৰাজ নামৰ প্ৰতিষ্ঠানক দিবলগীয়া আছে ৷ গতিকে ইয়াত কমল দেনাদাৰ হ'ব ৷ 

১৬/ পাওনাদাৰ মানে কি ? উদাহৰণ দিয়া ৷

উত্তৰঃ পাওনাদাৰ বুলি ক'লে সেইবিলাক উৎস বা পক্ষক বুজায়, যাৰ পৰা ব্যৱসায়ে সা-সামগ্ৰী বাকীত ক্ৰয় কৰে ৷  উদাহৰণস্বৰূপে, ৰাজ নামৰ প্ৰতিষ্ঠানে ১০,০০০ টকাৰ টিভি কমল নামৰ গ্ৰাহকৰ পৰা বাকীত ক্ৰয় কৰিলে ৷ ইয়াত কমলে ১০,০০০ টকা ৰাজ নামৰ প্ৰতিষ্ঠানৰ পৰা পাবলগীয়া আছে ৷ গতিকে ইয়াত ৰাজ নামৰ প্ৰতিষ্ঠানখন পাওনাদাৰ হ'ব ৷ 

১৭/ বিনিয়োগ মানে কি বুজা ?

উত্তৰঃ ভৱিষ্যতে সময়ত আয় অৰ্জন কৰিবলৈ বৰ্তমানৰ মূল্য ত্যাগ কৰা কাৰ্যক বিনিয়োগ বুলি কোৱা হয় ৷ 

১৮/ ৰাজহ মানে কি বুজা ?

উত্তৰঃ এটা ব্যৱসায়ত সা-সামগ্ৰী বা সেৱা বিক্ৰী কৰাৰ ফলত ব্যৱসায়টোলৈ যি আয়ৰ আগমন হয়, তাক ৰাজহ বুলি কোৱা হয় ৷ 

১৯/ খৰছ মানে কি বুজা ? 

উত্তৰঃ এটা ব্যৱসায়ত ৰাজহ আহৰণৰ উদ্দেশ্য সা-সামগ্ৰী বা সেৱা ক্ৰয় কৰা সময়ত যি পৰিমাণৰ ধন পৰিশোদ কৰা হয়, তাক খৰছ বোলা হয় ৷ 

২০/ লাভ মানে কি ? এটা ব্যৱসায়ত লাভ কিদৰে গণনা কৰা হয় ?

উত্তৰঃ এক নিৰ্দিষ্ট সময়ৰ ভিতৰত এটা ব্যৱসায়ত ব্যয়তকৈ বেছি হোৱা অতিৰিক্ত আয়ৰ পৰিমানক লাভ বুলি কোৱা হয় ৷ 
এটা ব্যৱসায়ত লাভ তলত দিয়াৰ দৰে  গণনা কৰা হয়ঃ
ধৰাহ'ল, ৪০,০০০ টকা কাপোৰ-কানি ক্ৰয় কৰি ৫৫,০০০ মূল্যত গ্ৰাহকক বিক্ৰী কৰা হয় ৷ ইয়াত লাভৰ পৰিমাণ হৈছে-
৫৫,০০০ টকা - ৪০,০০০ টকা = ১৫,০০০ টকা ৷ 
( লাভ = বিক্ৰীমূল্য - ক্ৰয়মূল্য ) 

২১/ লোকচান মানে কি ? এটা ব্যৱসায়ত লোকচান কিদৰে গণনা কৰা হয় ৷

উত্তৰঃ এক নিৰ্দিষ্ট সময়ৰ ভিতৰত এটা ব্যৱসায়ত আয়তকৈ বেছি হোৱা ব্যয়ৰ পৰিমাণক লোকচান বুলি কোৱা হয় ৷ 
এটা ব্যৱসায়ত লোকচান তলত দিয়াৰ দৰে  গণনা কৰা হয়ঃ
ধৰাহ'ল, এটা মেচিন ৪০,০০০ টকাত ক্ৰয় কৰা হয় আৰু তাক ৩০,০০০ টাকত বিক্ৰী কৰা হয় ৷ ইয়াত হোৱা লোকচানৰ পৰিমাণ হৈছে-
৪০,০০০ টকা - ৩০,০০০ টকা = ১০,০০০ টকা 
(লোকচান = ক্ৰয়মূল্য - বিক্ৰীমূল্য )

২২/ মজুত পণ্য মানে কি বুজা ?

উত্তৰঃ এটা ব্যৱসায়ে যিবিলাক পণ্য সামগ্ৰী বিক্ৰী কৰিবৰ বাবে আনি মজুত কৰে, তাক মজুত পণ্য বোলা হয় ৷ 

২৩/ বাট্ৰা মানে কি ? বাট্ৰা কেই প্ৰকাৰৰ আৰু কি কি ? 

উত্তৰঃ যিকোনো সামগ্ৰী বা সেৱাৰ লিখিত মূল্যৰ ওপৰত যি ৰেহাই দিয়া হয়, তাক বাট্ৰা বুলি কোৱা হয় ৷
বাট্ৰা দুই ধৰণৰ আছে - বাট্ৰা দিয়া আৰু বাট্ৰা পোৱা ৷ 

২৪/ ব্যয়মূল্য মানে কি ? উদাহৰণ দিয়া ৷ 

উত্তৰঃ কিনা-বেচা প্ৰতিষ্ঠানৰ বাবে ব্যয় মূল্য হৈছে ক্ৰয় মূল্য বা এটা সামগ্ৰী যি দামত ব্যৱসায়ত ক্ৰয় কৰা হয়  ৷ 
উদাহৰণস্বৰূপে, এটা কোম্পানীয়ে এবিধ সামগ্ৰী ইয়াৰ কাৰখানত প্ৰস্তুত কৰোতে খৰচ হয় মুঠ ২০০ টকা আৰু তাক বজাৰত বিক্ৰী কৰে ৩০০ টাক দামত ৷ ইয়াত কোম্পানীটোৰ বাবে ব্যয়মূল্য হৈছে ২০০ টকা 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)