প্ৰশ্নাৱলীঃ
১/ বেংক কি ? বেংকিং সেৱা বুলিলে কি বুজা ?
উত্তৰঃ বেংক হৈছে বিত্তীয় প্ৰতিষ্ঠান৷ যি জনসাধাৰণৰ সঞ্চয় গ্ৰহণ কৰে আৰু এই সঞ্চয়ক সুৰক্ষা প্ৰদান কৰে তথা জনসাধাৰণক ঋণ প্ৰদান কৰাৰ ব্যৱস্থা কৰে ৷ তদুপৰি গ্ৰাহকৰ সুবিধাৰ্থে বেংকে বিভিন্ন ধৰণৰ সুবিধা অগবঢ়ায় ৷
বেংকিং সেৱা এক বিত্তীয় সেৱা, যাৰ জৰিয়তে জনসাধাৰণক ঋণ প্ৰদান কৰাৰ উদ্দেশ্যে জনসাধাৰণৰ সঞ্চিত ধন গ্ৰহণ কৰে আৰু তাৰ সুৰক্ষা প্ৰদান কৰে ৷ ঋণ-দান বা বিনিয়োগৰ উদ্দেশ্যে জনসাধাৰণৰ পৰা আমানত গ্ৰহন কৰা, সেই অমানত গ্ৰাহকৰ তাগিতামতে বা অন্য প্ৰকাৰে পৰিশোধ কৰা আৰু গ্ৰাহকে ধনাদেশ, আজ্ঞাপত্ৰ দি অন্য উপায়ে তাক উলিয়াই নিব পৰা ইত্যাদি সেৱা বেংকে আগবঢ়ায় থাকে ৷
২/ বেংকৰ বৈশিষ্টাৱলীসমূহ উল্লেখ কৰা ৷
উত্তৰঃ বেংকৰ বৈশিষ্টাৱলীসমূহ তলত উল্লেখ কৰা হ'ল -
(ক) বেংকে কোনো ব্যক্তিবিশেষ বা প্ৰতিষ্ঠান বা কোম্পানী হ'ব পাৰে ৷
(খ) বেংকে লাভ অৰ্জন আৰু বেংকিং সেৱা প্ৰদান কৰাৰ উদ্দেশ্যেৰে গঠন হোৱা এক প্ৰতিষ্ঠান ৷
(গ) বেংকে ঋণদাতাৰ আৰু ঋণ গ্ৰহীতাৰ মাজত এক সংযোগস্থলী হিচাবে কাম কৰে ৷
(ঘ) বেংক ধনৰ আদান-প্ৰদান তথা বিত্তীয় লেনদেনৰ সৈতে জড়িত ৷
(ঙ) বেংকে জনসাধাৰণৰ সঞ্চিত ধন হিচাপে আৰু আমানত গ্ৰহণ কৰে ৷
(চ) বেংকে গ্ৰাহকক অগধন, ঋণ আৰু বাকী সেৱা প্ৰদান কৰে ৷
(ছ) বেংকে গ্ৰাহকৰ সুবিধাৰ্থে যিকোনো সময়তে ধন উলিয়াই নিয়াৰ আৰু গ্ৰাহকৰ নিমিত্তে ধন পৰিশোধ কৰাৰ সুবিধা প্ৰদান কৰে ৷
(জ) বেংকে বিভিন্ন ধৰণৰ প্ৰতিনিধিত্বমূলক কাৰ্য আৰু গ্ৰাহকৰ সুবিধাৰ্থে জনোপযোগী সেৱা আগবঢ়ায় ৷
৩/ বেংকৰ মূখ্য কাৰ্যাৱলীসমূহ কি কি ?
উত্তৰঃ বেংকৰ মূখ্য কাৰ্যাৱলীসমূহ তলত উল্লেখ কৰা হ'ল-
(ক) বেংকে গ্ৰাহকৰ পৰা অমানত সংগ্ৰহ কৰে আৰু এই আমানত বেংকে চাৰি ধৰণে গ্ৰহণ কৰিব পাৰে -
(i) সঞ্চয়ী জমা হিচাপ
(ii) স্থায়ী জমা হিচাপ
(iii) চলিত জমা হিচাপ
(iv) পৌনঃপুনিক জমা হিচাপ
এই আমানতৰ ধন বেংকে পুঁজি হিচাপে সুৰক্ষা কৰি ৰাখে আৰু গ্ৰাহকৰ প্ৰয়োজন অনুসৰি প্ৰদান কৰে ৷
(খ) বেংকে সুতৰ বাবদ গ্ৰাহকক ঋণ প্ৰদান কৰে ৷ বেংকে তলত উল্লেখ কৰা ধৰণে ঋণ প্ৰদান কৰিব পাৰেঃ
(i) বেংকে এটা নিৰ্দিষ্ট পৰিমাণৰ ধন এক নিৰ্দিষ্ট সময়ৰ বাবে আগধন হিচাপে গ্ৰাহকক প্ৰদান কৰে যাক ঋণ বুলি কোৱা হয় ৷
(ii) বেংক আৰু গ্ৰাহকৰ মাজত হোৱা বন্দবস্তৰ জৰিয়তে এক নিৰ্দিষ্ট পৰিমাণৰ ধন বেংকৰ পৰা উলিয়াব পাৰে যাক নগদ ঋণ বোলা হয় ৷
(iii) বেংক আৰু গ্ৰাহকৰ মাজত হোৱা ব্যৱস্থা যাৰ জৰিয়তে চলিত হিচাপৰ গ্ৰাহকজনে তেওঁৰ হিচাপত জমা থকা ধনৰ পৰিমানতকৈ অধিক ধন উঠাই নিব পাৰে যাক অধিবিকৰ্ষ বোলা হয় ৷
(iv) বেংকে গ্ৰাহকক বিল বাট্ৰাকৰণ কৰি আগধন অগবঢ়ায় ৷ যেতিয়া বেংকে দেয় দিনৰ আগতে বিলৰ ধন প্ৰদান কৰে তেতিয়া ঋণ মঞ্জৰী হোৱা দিনৰ পৰা দেয় দিনলৈ হোৱা সুতৰ পৰিমাণ বাদ দিয়া হয় ৷ ইয়াক বাট্ৰাকৰণ বুলি কোৱা হয় ৷
৪/ ই-বেংকিং বুলিলে কি বুজা ?
উত্তৰঃ ই-বেংকিং হৈছে এনে এক ব্যৱস্থা য'ত ইণ্টাৰনেটৰ যোগেদি ৱেৱচাইটৰ সহায়ত গ্ৰাহকে বেংকৰ লগত বিভিন্ন প্ৰকাৰৰ বিত্তীয় লেন-দেন সম্পাদন কৰিব পাৰে ৷
৫/ বৰ্তমান যুগত গ্ৰাহকে উপভোগ কৰা ই-বেংকিংৰ সুবিধাসমূহ উল্লেখ কৰা ৷
উত্তৰঃ বৰ্তমান যুগত গ্ৰাহকে উপভোগ কৰা ই-বেংকিংৰ সুবিধাসমূহ তলত উল্লেখ কৰা হ'লঃ
(ক) গ্ৰাহকে বেংকৰ লগত বিভিন্ন প্ৰকাৰৰ বিত্তীয় লেন-দেন সম্পাদন কৰিব পাৰি ৷
(খ) ইয়াৰ সহায়ত গ্ৰাহকে কম্পিউটাৰ বা মোবাইলৰ সহায়ত বেংকলৈ নোযোৱাকৈ তেওঁ একাউন্টৰ পৰা বিভিন্ন লেন-দেন কৰিব পাৰে ৷
(গ) ২৪ ঘণ্টাৰ যিকোনো সময়তে গ্ৰাহকে লেন-দেন কৰিব পাৰে
৬/ বেংকৰ বিভিন্ন প্ৰকাৰসমূহ কি কি ?
উত্তৰঃ বেংকৰ বিভিন্ন প্ৰকাৰসমূহ হ'লঃ
(ক) কেন্দ্ৰীয় বেংক
(খ) বাণিজ্যিক বেংক
(গ) উন্নয়ন বেংক
(ঘ) বিনিয়োগ বেংক বা উদ্যোগিক বেংক
(ঙ) সমবায় বেংক
(চ) আঞ্চলিক গ্ৰাম্য বেংক
(ছ) অনা-বেংকিং বিত্তীয় কোম্পানী
(জ) বিনিময় বেংক
৭/ বিভিন্ন প্ৰকাৰৰ বেংকসমূহৰ বিষয়ে চমুটোকা লিখা ৷
উত্তৰঃ তলত বিভিন্ন প্ৰকাৰৰ বেংকসমূহৰ বিষয়ে চমুটোকা লিখা হ'লঃ
(ক) কেন্দ্ৰীয় বেংকঃ
দেশৰ বেংকিং পদ্ধতি তথা বিত্তীয় ব্যৱস্থাৰ শীৰ্ষ স্থানীয় বেংক হৈছে কেন্দ্ৰীয় বেংক ৷ ই দেশৰ মুদ্ৰা বজাৰখন নিয়ন্ত্ৰণ কৰে ৷ ৰিজাৰ্ভ বেংক হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংক ৷ কেন্দ্ৰীয় বেংকৰ মুখ্য কাৰ্যাৱলীসমূহ হৈছে- মুদ্ৰাৰ প্ৰচলন৷ চৰকাৰৰ বেংক হিচাবে দায়িত্ব পালন কৰা, অন্যান্য বেংকসমূহক বেংকিং সেৱা আগবঢ়োৱা ইত্যাদি ৷
(খ) বাণিজ্যিক বেংকঃ
বাণিজ্যিক বেংক হৈছে দেশৰ অৰ্থ ব্যৱস্থাৰ এক অপৰিহাৰ্য অংগ ৷ এই বেংক বিভিন্ন ধৰণৰ ব্যৱসায়িক কাৰ্যৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত ৷ বাণিজ্যিক বেংক বুলি ক'লে ৰাজহুৱা খণ্ডৰ বেংক, বৈদেশিক বেংক সকলোকে সামৰি যি লাভ অৰ্জন কৰিবৰ বাবে গ্ৰাহকৰ সঞ্চয় গ্ৰহণ কৰে, ঋণ প্ৰদান কৰে আৰু গ্ৰাহকৰ সুবিধাৰ্থে বিভিন্ন ধৰণৰ সেৱা আগবঢ়ায় ৷
(গ) উন্নয়ন বেংকঃ
এই বেংকে বিভিন্ন ব্যৱসায়িক গোটলৈ নানা ধৰণৰ উন্নয়নমূলক সেৱা আগবঢ়োৱা ৷ এই বেংকে উদ্যোগ খণ্ডৰ বাবে প্ৰয়োজনীয় পুঁজি যোগান ধৰে তথা বাণিজ্যিক দিশতকৈ উন্নয়নমূলক কাম কাজত অধিক লিপ্ত হয় ৷ ইয়াৰ মূল উদ্দেশ্যে হৈছে দেশৰ উদ্যোগিক আৰু অৰ্থনৈতিক বিকাশ সাধন কৰা ৷ উদাহৰণস্বৰূপে ভাৰতীয় ঔদ্যোগিক বিত্ত নিগম, ভাৰতীয় ঔদ্যোগিক উন্নয়নী বেংক ৷
(ঘ) বিনিয়োগ বেংক বা উদ্যেগিক বেংকঃ
ই হৈছে এক প্ৰকাৰৰ অৰ্থনৈতিৰ সংযোগস্থলী যি জনসাধাৰণৰ সঞ্চয় একত্ৰিত কৰি প্ৰয়োজন হোৱা বা অভাৱত থকা খণ্ডলৈ পুঁজিৰ যোগান ধৰে ৷ উদাহৰণস্বৰূপে অসম সমবায় এপেক্স বেংক লিমিটেড, ঔদ্যোগিক সমবায় বেংক লিমিটেড ৷
(ঙ) সমবায় বেংকঃ
কৃষি খণ্ডৰ হ্ৰস্বকালীন ঋণৰ অভাৱ পূৰণাৰ্থে আৰু কৃষক সকলৰ ক্ষুদ্ৰ সঞ্চয় কৰাৰ উদ্দেশ্যে সমবায় বেংক প্ৰতিষ্ঠা কৰা হয় ৷ ইয়াক তিনিটা ভাগত ভগাব পাৰিঃ
(1) ৰাজ্যিক সমবায় বেংকঃ যেনে- অসম সমবায় এপেক্স বেংক লিমিটেড
(2) কেন্দ্ৰীয় সমবায় বেংকঃ যেনে- অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক সমবায় বেংক লিমিটেড
(3) প্ৰাথমিক ঋণ সমিতিঃ যেনে- অসম শাক-পাচলি উৎপাদক সমবায় সমিতি
(চ) আঞ্চলিক গ্ৰাম্য বেংকঃ
ভাৰতৰ দুৰ্বল, পিছপৰা আৰু গ্ৰাম্য অঞ্চলৰ লোক সকলৰ অৰ্থনৈতিক উন্নয়নৰ উদ্দেশ্যে এই বেংক প্ৰতিষ্ঠা কৰা হয় ৷ এই বেংকে ক্ষুদ্ৰ কৃষক, শ্ৰমিক, কাৰিকৰী, ক্ষুদ্ৰ উদ্যোক্তা আদি সকলোকে বেংকিং সেৱাৰ দ্বাৰা সামৰি লয় ৷ যেনে- অসম গ্ৰামীণ বিকাশ বেংক, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক ৷
(ছ) অনা-বেংকিং বিত্তীয় কোম্পানীঃ
ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ নীতি অনুসৰি ই হৈছে এক প্ৰকাৰৰ বিত্তীয় প্ৰতিষ্ঠান, যি প্ৰকৃতাৰ্থত বেংক নহয়, বৰঞ্চ এটা কোম্পানী, যাৰ মুখ্য কাৰ্য হৈছে বিভিন্ন আঁচনিৰ অন্তৰ্গত জনসাধাৰণৰ সঞ্চয় গ্ৰহণ কৰা তথা বিভিন্ন ৰূপত ঋণ প্ৰদান কৰা ইত্যাদি ৷ যেনেঃ বাণিজ্যিক বেংক, খিলিঞ্জীয়া বেংক, সদাগৰী বেংক ৷
(জ) বিনিময় বেংকঃ
এই বেংক মূলত বৈদেশিক মুদ্ৰা কিনা-বেচা কৰা কাৰ্য তথা বৈদেশিক বিনিময় পত্ৰ আদান-প্ৰদান কৰা কাৰ্যৰ সৈতে জড়িত হৈ থাকে ৷ যেনে- বেংক অফ ইণ্ডিয়া, বেংক অৱ বৰোদা ৷