The results of HSLC and AHM will be announced tomorrow after a long wait-বহু অপেক্ষাৰ অন্তত কাইলৈ ঘোষণা হ'ব মেট্ৰিক আৰু হাইমাদ্ৰাছৰ ফলঃ
বিদ্যালয় মূল্যায়ন কমিটী আৰু জিলাভিত্তিক পুনৰীক্ষণ কমিটীয়ে যুটীয়াভাৱে কৰা মূল্যায়নৰ ভিত্তিত ছেবাই ৩০ জুলাইৰ দিনৰ ১১ বজাত মেট্ৰিক আৰু হাইমাদ্ৰাছৰ ফল ঘোষণা কৰিব ৷ ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে এই কথা আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৷ এই ফলসমূহ মুঠ ১৪ ৱেবছাইটত আৰু এপৰ উপলদ্ধ হ'ব ৷ ছাত্ৰ-ছাত্ৰীসকলে ডিজিটেল ফৰমেটত নিজৰ নিজৰ মাৰ্কশ্বীটসমূহ ৱেৱছাইট আৰু ম'বাইল এপৰ পৰা ডাউনল'ড কৰিব পাৰিব ৷
এই বছৰৰ মুঠ পৰীক্ষাৰ্থী হ'ল ৪,৩৮,৮২৮ জন আৰু ইয়াৰে হাইস্কুল শিক্ষান্তৰ মুঠ পৰীক্ষাৰ্থী হ'ল ৪,২৬,৫৫৩ জন আৰু হাইমাদ্ৰাছৰ মুঠ পৰীক্ষাৰ্থী হ'ল ১২,২৭৫ জন ৷ বিগত বৰ্ষৰ দৰে এইবছৰো ডিজিটেল মাৰ্কশ্বীটৰ যোগেদি উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তি কৰিব পাৰিব। অৰিজিনেল মাৰ্কশ্বীট আৰু বিতৰণৰ পূৰ্বে ছেবাই জাননী জাৰি কৰিব। ইফালে প্রতিখন জিলাত অতিৰিক্ত উপায়ুক্ত (শিক্ষা)ৰ নেতৃত্বত ছাত্ৰ ছাত্ৰীসকলৰ অভিযোগসমূহ নিৰাময়ৰ বাবে একোখন কমিটী গঠন কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে সংশ্লিষ্ট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে তেওঁলোকৰ অভিযোগসমূহ দাখিল কৰিব পাৰিব।
বিদ্যালয় মূল্যায়ন কমিটীয়ে যুগুত কৰা পদ্ধতিৰ ফলক লৈ যদি কোনো ছাত্ৰ- ছাত্ৰী সন্তুষ্ট নহয়, তেতিয়াহ’লে তেওঁলোকে বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। ছেবাই জনোৱা অনুসৰি, এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে সৰ্বমুঠ ৬ খন পৰীক্ষা (থিয়ৰী)ত অৱতীৰ্ণ হ’ব লাগিব। যাৱতীয় অভ্যন্তৰীণ মূল্যায়ন আৰু ব্যাৱহাৰিক পৰীক্ষাৰ নম্বৰ ইতিমধ্যে ছেবাৰ হাতত মজুত থকা তালিকাৰ পৰা সংযোগ কৰা হ’ব।
বিশেষ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত ইতিমধ্যে তেওঁলোকৰ হাতত উপলদ্ধি হোৱা বিদ্যালয় মূল্যায়ন কমিটীয়ে যুগুত কৰা ডিজিটেল মাৰ্কস্বীটসমূহৰ বৈধতা বাতিল কৰা হ’ব। তেওঁলোকক বিশেষ পৰীক্ষাত অৰ্জন কৰা বিষয়ভিত্তিক মাৰ্কশ্বীট আৰু উত্তীৰ্ণৰ প্রমাণপত্ৰ নতুনকৈ প্রদান কৰিব ছেবাই। বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা ছাত্ৰ ছাত্ৰীয়ে ছেবাৰ ৱেবছাইটত নিজ বিদ্যালয়ৰ যোগেদি অনলাইন প্র-পত্ৰ পূৰাব লাগিব।
ৱেৱছাইটসমূহ হ'লঃ
https://sebaonline.org/
http://www.sebaresults.in/