ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

Kosh-Rajbonkhihokol - Boisitramai Axom - Class IX [ কোচ ৰাজবংশীসকল( কোচ -ৰাজবংশীসকল সাহিত্য সভা )- বৈচিত্ৰ্য়ময় অসম -নৱম শ্ৰেণী ]

Admin
0
    কোচ-ৰাজবংশীসকল( কোচ -ৰাজবংশীসকল সাহিত্য সভা )

Kosh-Rajbonkhihokol - Boisitramai Axom - Class IX [ কোচ ৰাজবংশীসকল( কোচ -ৰাজবংশীসকল সাহিত্য সভা )- বৈচিত্ৰ্য়ময় অসম -নৱম শ্ৰেণী ]
কোচ ৰাজবংশীসকল-নৱম শ্ৰেণী 

উনৈশ শতিকাৰ প্ৰথম দশকৰপৰা কুৰি শতিকাৰ শেষৰ দশকলৈ যিসকল নৃবিজ্ঞানী, গৱেষক, চৰকাৰী
পিয়লৰ কাম কৰোঁতা আয়ুক্ত, ডাক্তৰ বা চিকিৎসক, সমাজবিজ্ঞানী আদিয়ে কোচৰাজবংশীসকলৰ বিষয়ে গৱেষণা কৰিছিল, সেইসকলৰ বেছিভাগেই একমত আছিল যে অসম, উত্তৰবংগ, নেপাল, ভুটান, বিহাৰ, মেঘালয় আৰু বাংলাদেশত যিসকল ৰাজবংশী লোক আছে তেওঁলোকৰ মূল হ’ল কোচ। অসমত সেই কাৰণে তেওঁলোকক কোৱা হয় কোচ-ৰাজবংশী। এওঁলোক হিন্দু ধর্মীয় লোক। 
বহুতে কোচ আৰুৰাজবংশীসকলক পৃথক পৃথকভাৱে প্রতিষ্ঠা কৰিব বিচাৰে। এটা সময়ত এনে প্রচেষ্টা কৰা হৈছিল যদি সেইটো সঠিক আছিল বুলি ক'ব নোৱাৰি। বহুত ঠাইত অকল কোচ আৰু অকল ৰাজবংশী বুলি লিখে যদিও ৰাজবংশীৰ মূল যে কোচ সেইটো অস্বীকাৰ কৰা নাযায়। মেঘালয় আৰু মেঘালয়ৰ অসম সীমান্ত অঞ্চলত কিছুমান কোচ লোকে সুপ্রাচীন কোচ-ভাষা আৰু সংস্কৃতি প্রতিপালন কৰি আছে— তেওঁলোকৰ ধাৰাটো হ'ল আর্যেতৰ ধাৰা। আনফালে পশ্চিম অসম, উত্তৰবংগ, নেপাল, বিহাৰ ইত্যাদি অঞ্চলৰ ৰাজবংশী লোকসকলৰ ভাষা-সংস্কৃতি হ’ল আর্য ভাষা সংস্কৃতি। তেওঁলোকক অকল ৰাজবংশী বুলি কোৱা হয়। তেওঁলোকে হিন্দু ধর্ম গ্রহণ কৰি ৰাজবংশী বুলি পৰিচয় দিয়ে। বহুতে অকল কোচ হিচাপে আর্য ভাষা-সংস্কৃতি প্রতিপালন কৰে। দুটা পৃথক ধৰণৰ ভাষা-সংস্কৃতি প্রতিপালন কৰিলেও নৃতাত্ত্বিকভাৱে সকলো কোচ-ৰাজবংশী লোক মূল একেটাই, সেয়া হ’ল কোচ। ঠাই বিশেষে এওঁলোক কোচ, কোচ-ৰাজবংশী, ক্ষত্রিয় ৰাজবংশী বা ৰাজবংশী, কোনো ঠাইত অকল ক্ষত্রিয় বুলিও জনা যায়। এওঁলোকে ক্ষত্রিয় বুলি পৰিচিত হলেও আর্য ক্ষত্রিয় নহয়। সকলোৰে সংস্কৃতিত জনজাতীয় ছাপ স্পষ্ট। অসম, বংগ, বিহাৰ, নেপাল আৰু বাংলাদেশ আদি ঠাইত এওঁলোকে ৰাজবংশী বুলি পৰিচিত। পৰৱৰ্তী সময়ত মদাহী ও মদাহী জনগোষ্ঠী মদক’ নামৰ জনগোষ্ঠী এটাৰ পৰা অহা বুলি তেওঁলোকে কব খোজে। তেওঁলোকে ‘কোচ’ৰ পৰা অহা বুলি নাভাবে। তেওঁলােক এটা সুকীয়া জনগোষ্ঠী হিচাপে পৰিচয় দি আহিছে। হাজং, জলধা, ধিমাল, ঝলো, মালো, বৰুৱা মগ, আদি অনেক সৰু সৰু জনগোষ্ঠীৰ লোকসকলে ৰাজবংশী বুলি পৰিচয় দি ধন্য হলেও এওঁলোকৰ বহুতৰে মূল হ'ল কোচ। এই বিষয়ে কেইগৰাকীমান বিশিষ্ট পণ্ডিতৰ উক্তি উল্লেখ কৰিব পাৰি। বুকানন হেমিলটনে কয় ‘মোৰ কোনো সন্দেহ নাই যে কোচ-জনজাতিৰ সকলোলোকৰ উৎপত্তি হৈছে এক উৎসৰ পৰা আৰু অধিকাংশ ৰাজবংশীয়ে হ’ল কোচ।' (B. Hamilton : 1809)।


১৮৮৯ চনৰ আদম সুমাৰি প্রতিবেদনত হান্টাৰে উল্লেখ কৰিছে যে অর্ধ হিন্দু জনজাতি হিচাপে উল্লিখিত
কোচ, পালিয়া আৰু ৰাজবংশী জনগোষ্ঠীৰ লোকসকল, যিসকল কোচবিহাৰ ৰাজ্য আৰু সংলগ্ন জনজাতি তেওঁলােক মূলতঃ একে বংশজাত উপজাতি। (W. W. Hunter : 1877)। গ্রিয়াৰছনৰ মতেও যিসকল কোচ বর্তমানেও হিন্দু ধর্মাবলম্বী তেওঁলোকে প্রধানভাৱে ৰাজবংশী হিচাপে পৰিচয় দিয়ে (Grierson : 1903)।


বিজলীয়েও কোচ, পালিয়া আৰু ৰাজবংশীসকলক নৃতাত্ত্বিকভাবে একে বংশাদ্ভৱ বুলি উল্লেখ কৰে
(Risely : 1981)। এনেকৈ জে. এ. ভাসৰ তথ্যইও সমর্থন কৰে যে ৰংপুৰৰ (বর্তমান বাংলাদেশ)
ৰাজবংশীসকল কোচ জাতিৰ পৰা উদ্ভূত আৰু মংগোলীয় গোষ্ঠীভুক্ত। তেওঁলোকৰ লগত দ্রাবিড়ী তেজৰ মিহলি হৈছে বুলি তেওঁ ধাৰণা কৰে। কিন্তু আর্য তেজ তেওঁলোকৰ শিৰাত প্রায় নাই বুলি ক'ব পাৰি (J. A. Vass : 1911)। উল্লিখিত পণ্ডিতসকলৰ নৃতাত্ত্বিক মতামত সাপেক্ষে কোচৰ পৰা যে ৰাজবংশীসকলৰ উৎপত্তি হৈছে তাত কোনাে সন্দেহ নাই। আনফালে তেওঁলোক যে মংগোলীয় গোষ্ঠীৰ লোক এই কথা সর্বজন স্বীকৃত।


ভাষাতত্ত্ব অনুসন্ধানকাৰী দেশী-বিদেশী প্রাচীন পণ্ডিতসকলৰ মন্তব্যৰপৰা আধুনিক কালৰ পণ্ডিতসকলে
সিদ্ধান্ত কৰিছে যে কোচসকল আছিল বৃহত্তৰ তিব্বতবর্মী ভাষাগোষ্ঠীৰ লোক। পৰৱৰ্তী সময়ত এওঁলােক
নিজৰ সুপ্রাচীন ভাষা-সংস্কৃতি এৰি আর্যভাষা সংস্কৃতি গ্রহণ কৰে। ঐতিহাসিক পণ্ডিতসকলৰ লিখিত ইতিহাসৰ পৰাও জানিব পৰা যায় যে ষোল্ল শতিকাৰ মধ্যভাগত কোচ ৰজা বিশ্বসিংহৰ নেতৃত্বত কোচসকলে সম্পূর্ণভাৱে তেওঁলোকৰ আপুৰণি ভাষা আৰু ধর্ম এৰি হিন্দু ধর্ম গ্রহণ কৰি ৰাজবংশী হয় আৰু পুৰামাত্রাই বর্ণ হিন্দুৰ নিচিনা ভাষা ব্যৱহাৰ কৰিবলৈ ধৰে। (A. Biswas : 2005)।


এই পৰিঘটনা ঘটিছিল বিশেষকৈ পশ্চিম অসম আৰু উত্তৰ বংগ অঞ্চলত। সেইবাবে বর্তমান সময়ৰ
পশ্চিম অসমত অর্থাৎ ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং আদি জিলাত উত্তৰবংগ, বিহাৰৰ উত্তৰাঞ্চলত, নেপালৰ ঝাপা, মোৰং, আদি জিলাত আৰু বাংলাদেশ প্রাচীন ৰংপুৰ জিলাত ৰাজবংশী বুলি পৰিচয় দিয়া কোচসকলৰ সংখ্যাই বেছি। এওঁলোকৰ ভাষা-সংস্কৃতি জাতিতত্ত্ব আদি ৰাজবংশী বুলি পৰিচিত।


ভাষা আৰু সংস্কৃতিঃ

কোচ ৰাজবংশীসকলৰ ভাষাৰ বিষয়ে দেশী-বিদেশী অনেক পণ্ডিতে আলোচনা কৰিছে। তাৰ ভিতৰত
বিখ্যাত হ’ল জর্জ এব্রাহাম গ্রিয়াছ। তেওঁক ভাৰতীয় ভাষাসমূহৰ জনক বুলি কোৱা হয়। ভাৰতৰ ভাষা
পিয়ল গ্রন্থ (Linguistic Survey of India)-ত তেওঁ ৰাজবংশী ভাষাৰ কথা উল্লেখ কৰিছে। কোচ
ৰাজবংশীসকলৰ মাতৃভাষা ৰাজবংশী ভাষাৰ নিজস্ব শব্দ সম্ভাৰ, সর্বনাম, নিজস্ব ক্রিয়াৰূপ, শব্দৰূপ, মৌখিক আৰু লিখিত সাহিত্য, উচ্চাৰণ ভঙ্গী, নিজস্ব বাক্য গঠন পদ্ধতি আদি আছে। সেয়ে এই ভাষা অন্যান্য আধুনিক ভাৰতীয় আর্য ভাষাসমূহৰ পৰা পৃথক আৰু স্বতন্ত্র বৈশিষ্ট্যসম্পন্ন এটি ভাষা।


কোচ ৰাজবংশীসকলৰ সুপ্রাচীন এটি ভিন্নধর্মী উজ্জ্বল চমকপ্রদ সংস্কৃতি পাওঁ। ভাৰতবৰ্ষত আৰ্যসকলে
সৃষ্টি কৰা বর্ণ ভিত্তিক সমাজ ব্যৱস্থাৰ পৰা কোচ ৰাজবংশীসকল সম্পূর্ণ পৃথক। সময়ৰ সোঁতত তেওঁলোকে এই ব্যৱস্থাৰ আওতালৈ আহিলেও আক্ষত্রিয় হিন্দুসকলৰ সংস্কৃতিৰ লগত এওঁলোকৰ কোনো মিল নাই। বর্ণ হিন্দুৰ আচাৰ-নীতি গ্রহণ কৰিলেও কোচ-ৰাজবংশীসকলৰ নিজস্ব আচাৰ-সংস্কাৰ, পূজা-পার্বণ, ধর্মীয় বিশ্বাস, খাদ্য-সন্তাৰ, পোছাক-পৰিচ্ছদ, আ-অলংকাৰ, গীত-মাত আদি বিদ্যমান। এই সকলোবোৰ স্বকীয় মহিমাৰে সমুজ্জ্বল।

কোচ ৰাজবংশীসকলৰ জন্ম-মৃত্যু, বিয়াৰ নিজস্ব আচাৰ-নীতি, মৰাৰ পিছত আত্মাৰ অস্তিত্বৰ বিশ্বাস,
মৃতকৰ প্রতি শ্রদ্ধা, নানা ঐন্দ্রজালিক ক্রিয়া, তন্ত্র-মন্ত্রাদি বিশ্বাস, প্রকৃতিৰ সৃষ্টি কৰোঁতাক মাতৃ হিচাপে পূজা, বট গছক পূজা, টোটেমৰ প্রতি শ্রদ্ধা, জীৱ-জন্তুৰ পূজা, মানুহৰ ৰোগ-ব্যাধি আৰু বেয়া ঘটনাবোৰ অপশক্তি বা ভূত-প্রেতৰ দ্বাৰাই ঘটে বুলি বিশ্বাস। নানা ধৰণৰ বাধা-নিষেধ বা অনুশাসন, খোৱা, বেমা বা বিষুৱা, পুষুণা, কাতিগজা, হােলি, চড়ক পূজা, গাজন, মনসা, বিষহৰি, শীতলা, মাসান, কালী আদি পূজাবোৰত অর্ধ হিন্দু বা জনজাতীয় বৈশিষ্ট্য বিদ্যমান। ৰাজহুৱা কামত চাউল, কল, কলৰ গছ, নাৰিকল, তামোল-পাণ, পিঠাগুৰি আদিৰ ব্যৱহাৰ লক্ষণীয়। ধর্ম পালনৰ বেলিকা বর্ণ হিন্দুৰ দেৱ-দেৱীক পূজা-অর্চনা, ভক্তি শ্রদ্ধা কৰাৰ লগতে তেওঁলোকৰ নিজস্ব বিধিৰে, বুঢ়াবুঢ়ী, তিস্তাবুঢ়ী, হুদুম পূজা, গ্রাম পূজা, ধামপূজা, মাশান, যখা, , কাতি, ষাইটল আদি পূজা কৰে। ধর্মীয় সংস্কাৰৰ ভিতৰত আমাতি, যাত্রাপূজা, চড়ক পূজা, সত্য নাৰায়ণ, ত্রিনাথ পূজা আদি আছে।


খাদ্য-সম্ভাৰৰ ভিতৰত—তেওঁলোকৰ ছেকা, পেক্কা, ভেল্কা, সিদল, সুকা, টোপলাভাতৰ স্বকীয় বৈশিষ্ট্য
সম্পন্ন। পোছাক-পৰিচ্ছদৰ ভিতৰত—মহিলাসকলৰ পাটানী, বুকুনী, ফোতা, ছেউটা; আ-অলংকাৰৰ ভিতৰত হাতৰ মুঠাখাৰু, চুৰি, শাখা, বাজু; গলৰ সূর্যহাৰ, চন্দ্ৰহাৰ, সিক্কাহাৰ; কাণত মাকিৰি, অন্তি; নাকত নোলোকে, ফুল; ভৰিত তোলা খাৰু, ফেলা খাৰু আদি বিখ্যাত।


গীত-মাতৰ ভিতৰত কোচ ৰাজবংশীসকলৰ ভাওয়াইয়া গান, বিভিন্ন পূজাৰ গান, বাণ গান, কুশান গান,
দোতোৰা গান, বিষহৰি পূজাৰ গান, মাৰৈ পূজাৰ গান, তুকখা গান, লাহাংকাৰী গান, নটুয়া, শাঙী ঢাকৰ গান, ডাকনাম, জাগ গান আদি স্বতন্ত্র বৈশিষ্ট্যসম্পন্ন। এইদৰে সামগ্ৰিকভাৱে বিচাৰ কৰিলে দেখা যায় এওঁলোকৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ ক্ষেত্ৰত নিজস্ব সংস্কৃতিৰ লগতে বৌদ্ধ, শৈৱ, শাক্ত, প্ৰভাৱৰ উপৰি বৰ্ণ হিন্দুৰ প্রতি আকৃষ্ট হোৱাৰ ফলত পৌৰাণিক প্রভাৱ, শঙ্কৰী বৈষ্ণৱ আৰু গৌড়ীয় প্রভাৱাে পৰিছে। তথাপি এওঁলোকৰ সংস্কৃতিত প্রাচীন জনজাতীয় বৈশিষ্ট্য উজ্জ্বলভাৱে জিলিকি থকা দেখা যায়।


কোচ-ৰাজবংশীৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল—

জননেতা শচন্দ্র সিংহ। —এক ব্যতিক্রমী ব্যক্তিত্বঃ 

শৰৎচন্দ্র সিংহৰ জন্ম হৈছিল ১৯১৪ চনৰ ১ জানুৱাৰীত। পিতৃৰ নাম লালসিং সিংহ আৰু মাতৃৰ নাম
আছিল আয়াচিনি সিংহ। শৰৎচন্দ্র সিংহদেৱ স্বাধীনতাৰ উত্তৰকালৰ অসমৰ ৰাজনীতিত এজন শ্রেষ্ঠ ব্যক্তি আছিল। তেওঁ আছিল প্রকৃত জনতাৰ নেতা। সেয়ে তেওঁক জননেতা বিশেষণেৰে বিভূষিত কৰা হয়। তেওঁ হাড়ে-হিমজুৱে গান্ধীৰ আদৰ্শত চলা এগৰাকী ব্যক্তি আছিল। তেওঁ বহুমুখী প্রতিভাসম্পন্ন এগৰাকী ব্যক্তি আছিল। জনসাধাৰণক সেৱা কৰাটোৱে তেওঁৰ জীৱনৰ সংকল্প আছিল। দুর্নীতিমুক্ত ৰাজ্য হিচাপে অসম গঢ়াৰ যি সপোন দেখিছিল তাক বাস্তৱ ৰূপ দিবলৈ জীৱনৰ অন্তিম সময়লৈকে তেওঁ চেষ্টা কৰিছিল। তেওঁ ১৯৭২ চনৰ ৩১ জানুৱাৰীৰ পৰা ১৯৭৮ চনলৈ অসমৰ মুখ্যমন্ত্রী হিচাপে কার্য নির্বাহ কৰিছিল। তেওঁ ১৯৪৬ চনৰ পৰা ১৯৫২ চনলৈ, ১৯৬২ চনৰ ১২ পৰা ১৯৬৭ চনৰ মাৰ্চলৈ, ১৯৭২ চনৰ পৰা ১৯৭৮ চনলৈ আৰু ১৯৭৮ চনৰ পৰা ১৯৮২ চনলৈ অসম বিধান সভাৰ বিধায়ক হিচাপে নির্বাচিত হৈছিল। তেওঁ অসমৰ মুখ্যমন্ত্রী থকা কালত বহুতো উন্নয়নমূলক কাম কৰিছিল। তেওঁ কৃষি উৎপাদন বৃদ্ধি, কৃষক উন্নয়ন, দৰিদ্রতা আৰু দুর্নীতি দূৰীকৰণ, গ্রাম্য অর্থনীতিৰ উন্নতি আৰু সম্প্ৰসাৰণৰ আদৰ্শ আগত ৰাখি কিছুমান উল্লেখযোগ্য আঁচনি হাতত লৈছিল। তেওঁৰ উল্লেখযোগ্য আঁচনিসমূহ আছিল এনে ধৰণৰ– (১) জৰুৰীকালীন ৰবিশস্য আঁচনি, (২) গাঁও পঞ্চায়ত সমবায় সমিতি (3) কৃষি নিগম (৪) আকলন পত্ৰ আঁচনি (৫) তদাৰক কোষ আঁচনি (৬) পঞ্চায়তীৰাজ (৭) চিলঙৰ পৰা দিছপুৰলৈ অস্থায়ী ৰাজধানী স্থানান্তৰকৰণ (৮) খাদ্যশস্যৰ চৰকাৰী ব্যৱসায় আৰু (৯) শিক্ষানুষ্ঠান সংস্কাৰ আঁচনি।
              জননেতাগৰাকীয়ে ২০০৫ চনৰ ২৪ ডিচেম্বৰৰ মাজ নিশা ৯৩ বছৰ বয়সত স্বর্গগামী হয়।


অম্বিকাচৰণ চৌধুৰীঃ

১৯৩০ চনৰ ১৬ আগষ্টৰ দিনা বঙাইগাঁও জিলাৰ অন্তৰ্গত, বৰপাৰা নামৰ গাঁৱত অম্বিকাচৰণ
চৌধুৰীদেৱৰ জন্ম হৈছিল। তেওঁৰ পিতাকৰ নাম আছিল নৰেশ্বৰ চৌধুৰী আৰু মাকৰ নাম আছিল কাশীশ্বৰী চৌধুৰী। মেধাবী চৌধুৰীদেৱে সৰু কালৰ পৰাই আর্থিক অনাটনৰ মাজেদি বঙাইগাঁৱৰ পৰা প্ৰাথমিক আৰু উচ্চ বিদ্যালয়ৰ শিক্ষা লাভ কৰি গুৱাহাটীৰ কটন কলেজৰ পৰা ১৯৫৫ চনত দর্শন বিভাগত অনাৰ্চসহ স্নাতক ডিগ্রী লয়। পৰৱৰ্তী কালত চিলঙত চাকৰি কৰি থকা অৱস্থাত তেওঁ বি. টি. পাছ কৰে । এম. এ. আৰু বি. এল. (বর্তমান এল. এল. বি) পঢ়াৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ত নাম লগালেও আর্থিক অনাটনৰ কাৰণে চাকৰি কৰিবলগীয়া হোৱাত উক্ত ডিগ্রী পাঠ্যক্রম তেওঁ সম্পূর্ণ কৰিব পৰা নাছিল।


ছাত্ৰ অৱস্থাৰ পৰাই অম্বিকাচৰণ চৌধুৰীদেৱ বিভিন্ন সামাজিক কামৰ লগত জড়িত আছিল। ১৯৫৩-
৫৪ চনত কটন কলেজৰ সমাজসেবা বিভাগৰ সক্রিয় সদস্য হৈ থাকোতে পলাশবাৰী, মির্জা অঞ্চলৰ বানপানী আৰু গঢ়াখহনীয়াত ক্ষতিগ্রস্তসকলক সহায়ৰ হাত আগবঢ়োৱাত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰুৰ পৰা প্রশংসা লাভ কৰিছিল।


অম্বিকাচৰণ চৌধুৰীদেৱে মৃত্যুৰ আগলৈকে সৰু-ডাঙৰ প্রায় ৩২-খন ইতিহাস, সংস্কৃতি, সমালোচনা আদি
বিষয়ক গ্রন্থ লিখিছিল। ইংৰাজী, অসমীয়া আৰু ৰাজবংশী— তিনিওটা ভাষাতেই তেওঁৰ সমান দখল আছিল। ইংৰাজী আৰু অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ প্রায় শতাধিক প্রবন্ধও লিখিছিল।

১৯৬১ চনত অসম সাহিত্য সভাৰ গোৱালপাৰা অধিৱেশনত অম্বিকাচৰণ চৌধুৰীদেৱ ৰত্নপীঠৰ ৰত্ন’
উপাধিৰে বিভূষিত হৈছিল। ১৯৯২ চনত উত্তৰ বংগৰ সাংস্কৃতিক সংস্থাৰ তৰফৰ পৰা কামতাৰত্ন’ উপাধি
লাভ কৰে। ১৯৯৪ চনৰ পৰা তেওঁ সাহিত্যিক পেন্সন পাইছিল। ২০০৩ চনত তেওঁ নতুন দিল্লীৰ প্ৰেণ্ডি
সংঘৰ তৰফৰপৰা মহেন্দ্র নাথ বৰা পুৰস্কাৰ লাভ কৰে। প্রাথমিক শিক্ষক সংস্থাৰ তৰফৰ পৰা তেওঁ “
শিক্ষাবান্ধৱ’ উপাধিও পাইছিল। তদুপৰি তেওঁ জীৱনকালত বঙাইগাঁও জিলা সাহিত্য সভা, বৰপেটা সাহিত্য সভা, বিভিন্ন শাখা সাহিত্য সভা, অসম প্ৰকাশন পৰিষদ, ভাৰত বিকাশ পৰিষদ, বঙাইগাঁও জিলা প্রশাসন, বঙাইগাঁও নর্মালস্কুল কর্তৃপক্ষ আদি অনুষ্ঠানৰ দ্বাৰা বিশেষভাৱে সম্বর্ধনা লাভ কৰিছিল।


অৰুণ কুমাৰ ৰায়ঃ 
অৰুণ কুমাৰ ৰায়ৰ জন্ম হয় ১৯২৫ চনৰ ৮ অক্টোবৰত। তেওঁৰ বাসস্থান আছিল বঙাইগাঁৱৰ ছিপন ছিলা
গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল প্রকাশ চন্দ্ৰ ৰায় আৰু মাকৰ নাম আছিল অভয়েশ্বৰী ৰায়। চিৰাং জিলাৰ বেংতল প্রাথমিক বিদ্যালয়ত প্রাথমিক শিক্ষা লাভ কৰি বহলপুৰৰ উচ্চ মাধ্যমিক স্কুলত নাম লগায়। তাৰ পৰা আকৌ বঙাইগাঁও বীৰঝৰা উচ্চ মাধ্যমিক স্কুলত এণ্টেন্সলৈকে পঢ়ি তাৰ পিছত কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ সান্নিধ্যলৈ আহি আৰ চি পি আইত যোগদান কৰে। বামপন্থী মতাদর্শ প্রচাৰৰ বাবে তেওঁ কাৰাবৰণ খাতিবলগীয়া হয়। ১৯৬৪ চনত তেওঁ কৃষক আন্দোলনৰ লগত সক্রিয়ভাবে জড়িত হৈ পৰে। গৃহৰক্ষী বিভাগত কিছুদিন কাম কৰি পিছত তেওঁ কিছুদিন বেংতল এম. ভি. স্কুলত শিক্ষকতা কৰিছিল। ১৯৭৪-৭৫ চনত তেওঁ কোকৰাঝাৰ মহকুমা পৰিষদৰ সভাপতিৰ দায়িত্ব লয়। ১৯৮৩ চনত তেওঁ উত্তৰ শালমাৰা মহকুমা পৰিষদৰ সভাপতিও আছিল। কিছুদিন প্রতিক্ষা সংস্থাৰ নামনি অসমৰ সমন্বয়কৰ দায়িত্ব বহন কৰি ১৯৯৩ চনত কোচ-ৰাজবংশী সাহিত্য সভা গঠনত অগ্রণী ভূমিকা পালন কৰে। ১৯৯৯ চনৰ পৰা ২০১৫ চনলৈকে কোচ ৰাজবংশীসকলৰ ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতিৰ কাৰণে অহােপুৰুষাৰ্থ কৰিছিল। তেওঁ ৰাজবংশী ভাষাত কোচ-ৰাজবংশীসকলৰ সংস্কৃতিমূলক কেবাখনাে গ্রন্থ লিখাৰ উপৰিও নাটক, কবিতা আৰু শব্দকোষ প্রণয়ন কৰে। তেওঁ সৰ্বমুঠ ১০-খন গ্রন্থ ৰচনা কৰিছিল। ২০০৪ চনত তেওঁ অসম চৰকাৰৰ পৰা এককালীন সাহিত্যিক অনুদান লাভ কৰে। ২০১৩ চনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত গুৰুশিষ্য পৰম্পৰা আঁচনিৰ অধীনত ‘লোক-সংস্কৃতিৰ গুৰু ৰূপে স্বীকৃতি আৰু সন্মান লাভ কৰে। ২০১৩ চনত তেও বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা কামতা ৰত্ন অম্বিকাচৰণ চৌধুৰী স্মাৰক বঁটা লাভ কৰে। কোচ-ৰাজবংশী জনগোষ্ঠী তথা তেওঁলোকৰ ভাষা-সাহিত্যৰ বাবে আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে কোচ-ৰাজংবশী সাহিত্য সভাই মৰণোত্তৰভাৱে ২০১৬ চনত তেওঁক সাহিত্য ৰত্ন’ সন্মান প্রদান কৰে।


ৰুক্মিণী কান্ত ৰায়ঃ

কোচ-ৰাজবংশী সম্প্রদায়ৰ পশ্চিম অসমৰ এজন খ্যাতনামা বুদ্ধিজীৱী, শিক্ষাবিদ, ৰাজনীতিবিদ,
সমাজসেৱী আৰু হাস্যৰসিক ব্যক্তি হিচাপে ৰুক্মিণী কান্ত ৰায়ৰ নাম প্রসিদ্ধ। তেওঁ সাধাৰণ নিম্নবিত্ত পৰিয়ালত জন্ম গ্রহণ কৰি, বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষা লাভ কৰি জীৱনত সফলতা অর্জন কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ শৈক্ষিক, সামাজিক-সাংস্কৃতিক, ৰাজনৈতিক, ধর্মীয় আদি জীৱনৰ কেওটা ভাগেই সমাজৰ বাবে আদর্শ স্বৰূপ। সাধাৰণ ছাত্ৰৰ দৰে গাঁৱৰ এখনি স্কুলত জীৱন আৰম্ভ কৰি নিজৰ মেধাৰ বলত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শ্ৰেণীত অর্থনীতি বিভাগত প্রথম শ্রেণীৰ দ্বিতীয় স্থান লাভ কৰি অসমৰ এজন মেধাবী ছাত্র বুলি সকলোৰে চকুত পৰিছিল। নিজ সম্প্রদায়ৰ আৰু পশ্চিম অসমৰ এজন মেধাবী বুদ্ধিমান ব্যক্তি হিচাপে ৰুক্মিণী কান্ত ৰায় বিখ্যাত আছিল। সামাজিক আৰু সাংস্কৃতিক জীৱনত তেখেতে তেওঁৰ মাতৃভাষা ৰাজবংশী ভাষাক ব্যৱহাৰ কৰি ভাল পাইছিল। তেওঁ বেছিভাগ বক্তৃতাই মাতৃভাষাত দি সকলোৰে মন জয় কৰিছিল।


তেওঁ সমাজৰ উন্নতিৰ কাৰণে অসংখ্য স্কুল, কলেজ, মঠ-মন্দিৰ আদি প্রতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লৈছিল। ৰাজনৈতিক জীৱনৰ ক্ষেত্ৰত তেওঁ জিলা পর্যায়ৰ পৰা ৰাজ্যিক পর্যায়লৈ উন্নতি লাভ কৰি কেন্দ্রীয় পর্যায়ৰ নেতাৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল। সাধাৰণ কেৰাণীৰ চাকৰিৰপৰা কলেজৰ অধ্যাপক, অধ্যক্ষ, তথা বিধায়ক পর্যায়লৈকে উন্নীত হৈছিল। ভাল এজন ফুটবল খেলুৱৈ হিচাপে প্রশংসা লাভ কৰাৰ উপৰিও জীৱনৰ শেষ বয়সত এজন সুদক্ষ ধর্মীয় বক্তা হিচাপে প্রতিষ্ঠা লাভ কৰিছিল। কৃষ্ণানন্দ ব্রহ্মচাৰীৰ লগত দীর্ঘদিন অতিবাহিত কৰি তেওঁ কিছুমান ধর্ম বিষয়ক তত্ত্বগধুৰ নিৱন্ধ লিখিছিল।


পানীৰাম দাসঃ

আজীৱন শুভ্র খদ্দৰৰ ধুতী কুর্তা পৰিধান কৰা, সময়ৰ বালিত হেৰাই নোযোৱা খো্জবোৰৰ অধিকাৰী-
ত্যাগ, দেশ প্রেমৰ আদৰ্শৰে আপোচহীন অবিৰত সংগ্রাম চলাই যোৱা, সমাজকর্মী, মুক্তিযুঁজাৰু পানীৰাম
দাসৰ জন্ম হয় ১৯১৭ চনৰ ৭ এপ্রিল তাৰিখে মঙ্গলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত জলজলী গাঁৱৰ এটি সাধাৰণ
কৃষক পৰিয়ালত। ১৯৩৪ চনত পাথৰিঘাট এম. ই. স্কুলৰ পৰা সুখ্যাতিৰে সপ্তম শ্রেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈমঙ্গলদৈ হাইস্কুলত নাম লগায়। পৰৱৰ্তী সময়ত ১৯৩৭ চনত কলিকতাৰ পৰা কৃতিত্বৰে প্রথম বিভাগত
মেট্রিক পৰীক্ষাত উত্তীৰ্ণ হৈ মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি চলা স্বাধীনতা সংগ্ৰামত যোগ দিয়ে। ১৯৩৮ চনত কংগ্ৰেছত যোগদান কৰি ১৯৪১ চনত মহাত্মা গান্ধীৰ সত্যাগ্রহত জড়িত হৈকাৰাবাস খাটে। তেওঁ নিজৰ দেশৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। ২০০৫ চনত ভাৰতৰ মহামান্য ৰাষ্ট্রপতি ড° এ. পি. জে. আব্দুল কালাম ডাঙৰীয়াই এইগৰাকী স্বাধীনতা সংগ্রামীক ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত কৰিছিল। উক্ত চনতে ভাৰতীয় সেনাবাহিনীত ঐতিহাসিক পথৰুঘাটত আয়োজন কৰা কৃষক শ্বহীদ দিৱসত তেওঁক খাদী পৰিহিত সেনাধ্যক্ষ (The General in Khadi) উপাধিৰে বিভূষিত কৰিছিল।


২০১০ চনৰ ৩০ নবেম্বৰত এইজনা স্পষ্টবাদী দুৰন্ত তৰুণ স্বাধীনতা সংগ্রামীজনৰ মৃত্যু হয়। দেশলৈ
আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে ভাৰতীয় সেনাৰ ৬৫ নং ফিল্ড ৰেজিমেন্টে সম্পূর্ণ সামৰিক মর্যাদাৰে
তেওঁলৈ শেষ সন্মান যচাৰ লগতে অসম আৰক্ষীয়েও টোপধ্বনিসহ ৰাষ্ট্রীয় মর্যাদাৰে শেষ সন্মান যাচিছিল।

প্রশ্নাবলী :
১। কোচ-ৰাজবংশীসকল কোন ধৰ্মৰ লোক?

উত্তৰঃ হিন্দু ধৰ্মীয় লোক ৷ 

২। কোচ-ৰাজবংশীসকলৰ ভাষা আৰু সংস্কৃতিৰ বিষয়ে লিখা।

উত্তৰঃ কোচ ৰাজবংশীসকলৰ ভাষাৰ বিষয়ে দেশী-বিদেশী অনেক পণ্ডিতে আলোচনা কৰিছে। তাৰ ভিতৰত
বিখ্যাত হ’ল জর্জ এব্রাহাম গ্রিয়াছ। তেওঁক ভাৰতীয় ভাষাসমূহৰ জনক বুলি কোৱা হয়। ভাৰতৰ ভাষা
পিয়ল গ্রন্থ (Linguistic Survey of India)-ত তেওঁ ৰাজবংশী ভাষাৰ কথা উল্লেখ কৰিছে। কোচ
ৰাজবংশীসকলৰ মাতৃভাষা ৰাজবংশী ভাষাৰ নিজস্ব শব্দ সম্ভাৰ, সর্বনাম, নিজস্ব ক্রিয়াৰূপ, শব্দৰূপ, মৌখিক আৰু লিখিত সাহিত্য, উচ্চাৰণ ভঙ্গী, নিজস্ব বাক্য গঠন পদ্ধতি আদি আছে। সেয়ে এই ভাষা অন্যান্য আধুনিক ভাৰতীয় আর্য ভাষাসমূহৰ পৰা পৃথক আৰু স্বতন্ত্র বৈশিষ্ট্যসম্পন্ন এটি ভাষা।


কোচ ৰাজবংশীসকলৰ সুপ্রাচীন এটি ভিন্নধর্মী উজ্জ্বল চমকপ্রদ সংস্কৃতি পাওঁ। ভাৰতবৰ্ষত আৰ্যসকলে
সৃষ্টি কৰা বর্ণ ভিত্তিক সমাজ ব্যৱস্থাৰ পৰা কোচ ৰাজবংশীসকল সম্পূর্ণ পৃথক। সময়ৰ সোঁতত তেওঁলোকে এই ব্যৱস্থাৰ আওতালৈ আহিলেও আক্ষত্রিয় হিন্দুসকলৰ সংস্কৃতিৰ লগত এওঁলোকৰ কোনো মিল নাই। বর্ণ হিন্দুৰ আচাৰ-নীতি গ্রহণ কৰিলেও কোচ-ৰাজবংশীসকলৰ নিজস্ব আচাৰ-সংস্কাৰ, পূজা-পার্বণ, ধর্মীয় বিশ্বাস, খাদ্য-সন্তাৰ, পােছাক-পৰিচ্ছদ, আ-অলংকাৰ, গীত-মাত আদি বিদ্যমান। এই সকলোবোৰ স্বকীয় মহিমাৰে সমুজ্জ্বল।

কোচ ৰাজবংশীসকলৰ জন্ম-মৃত্যু, বিয়াৰ নিজস্ব আচাৰ-নীতি, মৰাৰ পিছত আত্মাৰ অস্তিত্বৰ বিশ্বাস,
মৃতকৰ প্রতি শ্রদ্ধা, নানা ঐন্দ্রজালিক ক্রিয়া, তন্ত্র-মন্ত্রাদি বিশ্বাস, প্রকৃতিৰ সৃষ্টি কৰোঁতাক মাতৃ হিচাপে পূজা, বট গছক পূজা, টোটেমৰ প্রতি শ্রদ্ধা, জীৱ-জন্তুৰ পূজা, মানুহৰ ৰোগ-ব্যাধি আৰু বেয়া ঘটনাবোৰ অপশক্তি বা ভূত-প্রেতৰ দ্বাৰাই ঘটে বুলি বিশ্বাস। নানা ধৰণৰ বাধা-নিষেধ বা অনুশাসন, খোৱা, বেমা বা বিষুৱা, পুষুণা, কাতিগজা, হোলি, চড়ক পূজা, গাজন, মনসা, বিষহৰি, শীতলা, মাসান, কালী আদি পূজাবোৰত অর্ধ হিন্দু বা জনজাতীয় বৈশিষ্ট্য বিদ্যমান। ৰাজহুৱা কামত চাউল, কল, কলৰ গছ, নাৰিকল, তামোল-পাণ, পিঠাগুৰি আদিৰ ব্যৱহাৰ লক্ষণীয়। ধর্ম পালনৰ বেলিকা বর্ণ হিন্দুৰ দেৱ-দেৱীক পূজা-অর্চনা, ভক্তি শ্রদ্ধা কৰাৰ লগতে তেওঁলোকৰ নিজস্ব বিধিৰে, বুঢ়াবুঢ়ী, তিস্তাবুঢ়ী, হুদুম পূজা, গ্রাম পূজা, ধামপূজা, মাশান, যখা, সোণাৰায়, কাতি, ষাইটল আদি পূজা কৰে। ধর্মীয় সংস্কাৰৰ ভিতৰত আমাতি, যাত্রাপূজা, চড়ক পূজা, সত্য নাৰায়ণ, ত্রিনাথ পূজা আদি আছে।


খাদ্য-সম্ভাৰৰ ভিতৰত—তেওঁলোকৰ ছেকা, পেক্কা, ভেল্কা, সিদল, সুকা, টোপলাভাতৰ স্বকীয় বৈশিষ্ট্য
সম্পন্ন। পোছাক-পৰিচ্ছদৰ ভিতৰত—মহিলাসকলৰ পাটানী, বুকুনী, ফোতা, ছেউটা; আ-অলংকাৰৰ ভিতৰত হাতৰ মুঠাখাৰু, চুৰি, শাখা, বাজু; গলৰ সূর্যহাৰ, চন্দ্ৰহাৰ, সিক্কাহাৰ; কাণত মাকিৰি, অন্তি; নাকত নোলোক, ফুল; ভৰিত তোলা খাৰু, ফেলা খাৰু আদি বিখ্যাত।


গীত-মাতৰ ভিতৰত কোচ ৰাজবংশীসকলৰ ভাওয়াইয়া গান, বিভিন্ন পূজাৰ গান, বাণ গান, কুশান গান,
দোতোৰা গান, বিষহৰি পূজাৰ গান, মাৰৈ পূজাৰ গান, তুকখা গান, লাহাংকাৰী গান, নটুয়া, শাঙী ঢাকৰ গান, ডাকনাম, জাগ গান আদি স্বতন্ত্র বৈশিষ্ট্যসম্পন্ন। এইদৰে সামগ্ৰিকভাৱে বিচাৰ কৰিলে দেখা যায় এওঁলোকৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ ক্ষেত্ৰত নিজস্ব সংস্কৃতিৰ লগতে বৌদ্ধ, শৈৱ, শাক্ত, প্ৰভাৱৰ উপৰি বৰ্ণ হিন্দুৰ প্রতি আকৃষ্ট হোৱাৰ ফলত পৌৰাণিক প্রভাৱ, শঙ্কৰী বৈষ্ণৱ আৰু গৌড়ীয় প্রভাৱো পৰিছে। তথাপি এওঁলোকৰ সংস্কৃতিত প্রাচীন জনজাতীয় বৈশিষ্ট্য উজ্জ্বলভাৱে জিলিকি থকা দেখা যায়।


৩। কোচ-ৰাজবংশীসকলৰ খাদ্য আৰু সাজ-পোচাকৰ বিষয়ে লিখা।

উত্তৰঃ খাদ্য-সম্ভাৰৰ ভিতৰত—তেওঁলোকৰ ছেকা, পেক্কা, ভেল্কা, সিদল, সুকা, টোপলাভাতৰ স্বকীয় বৈশিষ্ট্যসম্পন্ন। পোছাক-পৰিচ্ছদৰ ভিতৰত—মহিলাসকলৰ পাটানী, বুকুনী, ফোতা, ছেউটা; আ-অলংকাৰৰ ভিতৰত হাতৰ মুঠাখাৰু, চুৰি, শাখা, বাজু; গলৰ সূর্যহাৰ, চন্দ্ৰহাৰ, সিক্কাহাৰ; কাণত মাকিৰি, অন্তি; নাকত নোলোক, ফুল; ভৰিত তোলা খাৰু, ফেলা খাৰু আদি বিখ্যাত।

৪। কোচ-ৰাজবংশীসকলৰ গীত-মাত সমূহ কি কি?

উত্তৰঃ গীত-মাতৰ ভিতৰত কোচ ৰাজবংশীসকলৰ ভাওয়াইয়া গান, বিভিন্ন পূজাৰ গান, বাণ গান, কুশান গান, দোতোৰা গান, বিষহৰি পূজাৰ গান, মাৰৈ পূজাৰ গান, তুকখা গান, লাহাংকাৰী গান, নটুয়া, শাঙী ঢাকৰ গান, ডাকনাম, জাগ গান আদি স্বতন্ত্র বৈশিষ্ট্যসম্পন্ন। এইদৰে সামগ্ৰিকভাৱে বিচাৰ কৰিলে দেখা যায় এওঁলোকৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ ক্ষেত্ৰত নিজস্ব সংস্কৃতিৰ লগতে বৌদ্ধ, শৈৱ, শাক্ত, প্ৰভাৱৰ উপৰি বৰ্ণ হিন্দুৰ প্রতি আকৃষ্ট হোৱাৰ ফলত পৌৰাণিক প্রভাৱ, শঙ্কৰী বৈষ্ণৱ আৰু গৌড়ীয় প্রভাৱো পৰিছে। তথাপি এওঁলোকৰ সংস্কৃতিত প্রাচীন জনজাতীয় বৈশিষ্ট্য উজ্জ্বলভাৱে জিলিকি থকা দেখা যায়।

৫। চমুটোকা লিখাঃ

(ক) জননেতা শৰৎচন্দ্র সিংহ
(খ) অম্বিকাচৰণ চৌধুৰী
(গ) অৰুণ কুমাৰ ৰায়
(ঘ) ৰুক্মিণী কান্ত ৰায়
(ঙ) দুৰন্ত তৰুণ’ পানীৰাম দাস

উত্তৰঃ 

(ক) জননেতা শৰৎচন্দ্র সিংহঃ

 শৰৎচন্দ্র সিংহৰ জন্ম হৈছিল ১৯১৪ চনৰ ১ জানুৱাৰীত। পিতৃৰ নাম লালসিং সিংহ আৰু মাতৃৰ নাম
আছিল আয়াচিনি সিংহ। শৰৎচন্দ্র সিংহদেৱ স্বাধীনতাৰ উত্তৰকালৰ অসমৰ ৰাজনীতিত এজন শ্রেষ্ঠ ব্যক্তি আছিল। তেওঁ আছিল প্রকৃত জনতাৰ নেতা। সেয়ে তেওঁক জননেতা বিশেষণেৰে বিভূষিত কৰা হয়। তেওঁ হাড়ে-হিমজুৱে গান্ধীৰ আদৰ্শত চলা এগৰাকী ব্যক্তি আছিল। তেওঁ বহুমুখী প্রতিভাসম্পন্ন এগৰাকী ব্যক্তি আছিল। জনসাধাৰণক সেৱা কৰাটোৱে তেওঁৰ জীৱনৰ সংকল্প আছিল। দুর্নীতিমুক্ত ৰাজ্য হিচাপে অসম গঢ়াৰ যি সপোন দেখিছিল তাক বাস্তৱ ৰূপ দিবলৈ জীৱনৰ অন্তিম সময়লৈকে তেওঁ চেষ্টা কৰিছিল। তেওঁ ১৯৭২ চনৰ ৩১ জানুৱাৰীৰ পৰা ১৯৭৮ চনলৈ অসমৰ মুখ্যমন্ত্রী হিচাপে কার্য নির্বাহ কৰিছিল। তেওঁ ১৯৪৬ চনৰ পৰা ১৯৫২ চনলৈ, ১৯৬২ চনৰ ১২ পৰা ১৯৬৭ চনৰ মাৰ্চলৈ, ১৯৭২ চনৰ পৰা ১৯৭৮ চনলৈ আৰু ১৯৭৮ চনৰ পৰা ১৯৮২ চনলৈ অসম বিধান সভাৰ বিধায়ক হিচাপে নির্বাচিত হৈছিল। তেওঁ অসমৰ মুখ্যমন্ত্রী থকা কালত বহুতাে উন্নয়নমূলক কাম কৰিছিল। তেওঁ কৃষি উৎপাদন বৃদ্ধি, কৃষক উন্নয়ন, দৰিদ্রতা আৰু দুর্নীতি দূৰীকৰণ, গ্রাম্য অর্থনীতিৰ উন্নতি আৰু সম্প্ৰসাৰণৰ আদৰ্শ আগত ৰাখি কিছুমান উল্লেখযোগ্য আঁচনি হাতত লৈছিল। তেওঁৰ উল্লেখযোগ্য আঁচনিসমূহ আছিল এনে ধৰণৰ– (১) জৰুৰীকালীন ৰবিশস্য আঁচনি, (২) গাঁও পঞ্চায়ত সমবায় সমিতি (3) কৃষি নিগম (৪) আকলন পত্ৰ আঁচনি (৫) তদাৰক কোষ আঁচনি (৬) পঞ্চায়তীৰাজ (৭) চিলঙৰ পৰা দিছপুৰলৈ অস্থায়ী ৰাজধানী স্থানান্তৰকৰণ (৮) খাদ্যশস্যৰ চৰকাৰী ব্যৱসায় আৰু (৯) শিক্ষানুষ্ঠান সংস্কাৰ আঁচনি।
               জননেতাগৰাকীয়ে ২০০৫ চনৰ ২৪ ডিচেম্বৰৰ মাজ নিশা ৯৩ বছৰ বয়সত স্বর্গগামী হয়।



(খ) অম্বিকাচৰণ চৌধুৰীঃ

১৯৩০ চনৰ ১৬ আগষ্টৰ দিনা বঙাইগাঁও জিলাৰ অন্তৰ্গত, বৰপাৰা নামৰ গাঁৱত অম্বিকাচৰণ
চৌধুৰীদেৱৰ জন্ম হৈছিল। তেওঁৰ পিতাকৰ নাম আছিল নৰেশ্বৰ চৌধুৰী আৰু মাকৰ নাম আছিল কাশীশ্বৰী চৌধুৰী। মেধাবী চৌধুৰীদেৱে সৰু কালৰ পৰাই আর্থিক অনাটনৰ মাজেদি বঙাইগাঁৱৰ পৰা প্ৰাথমিক আৰু উচ্চ বিদ্যালয়ৰ শিক্ষা লাভ কৰি গুৱাহাটীৰ কটন কলেজৰ পৰা ১৯৫৫ চনত দর্শন বিভাগত অনাৰ্চসহ স্নাতক ডিগ্রী লয়। পৰৱৰ্তী কালত চিলঙত চাকৰি কৰি থকা অৱস্থাত তেওঁ বি. টি. পাছ কৰে । এম. এ. আৰু বি. এল. (বর্তমান এল. এল. বি) পঢ়াৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ত নাম লগালেও আর্থিক অনাটনৰ কাৰণে চাকৰি কৰিবলগীয়া হোৱাত উক্ত ডিগ্রী পাঠ্যক্রম তেওঁ সম্পূর্ণ কৰিব পৰা নাছিল।


       ছাত্ৰ অৱস্থাৰ পৰাই অম্বিকাচৰণ চৌধুৰীদেৱ বিভিন্ন সামাজিক কামৰ লগত জড়িত আছিল। ১৯৫৩-
৫৪ চনত কটন কলেজৰ সমাজসেবা বিভাগৰ সক্রিয় সদস্য হৈ থাকোতে পলাশবাৰী, মির্জা অঞ্চলৰ বানপানী আৰু গৰাখহনীয়া সহায়ৰ হাত আগবঢ়োৱাত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰুৰ পৰা প্রশংসা লাভ কৰিছিল।


   অম্বিকাচৰণ চৌধুৰীদেৱে মৃত্যুৰ আগলৈকে সৰু-ডাঙৰ প্রায় ৩২-খন ইতিহাস, সংস্কৃতি, সমালোচনা আদি বিষয়ক গ্রন্থ লিখিছিল। ইংৰাজী, অসমীয়া আৰু ৰাজবংশী— তিনিওটা ভাষাতেই তেওঁৰ সমান দখল আছিল। ইংৰাজী আৰু অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ প্রায় শতাধিক প্রবন্ধও লিখিছিল।


১৯৬১ চনত অসম সাহিত্য সভাৰ গোৱালপাৰা অধিৱেশনত অম্বিকাচৰণ চৌধুৰীদেৱ ৰত্নপীঠৰ ৰত্ন’
উপাধিৰে বিভূষিত হৈছিল। ১৯৯২ চনত উত্তৰ বংগৰ সাংস্কৃতিক সংস্থাৰ তৰফৰ পৰা কামতাৰত্ন’ উপাধি
লাভ কৰে। ১৯৯৪ চনৰ পৰা তেওঁ সাহিত্যিক পেন্সন পাইছিল। ২০০৩ চনত তেওঁ নতুন দিল্লীৰ প্ৰেণ্ডি
সংঘৰ তৰফৰপৰা মহেন্দ্র নাথ বৰা পুৰস্কাৰ লাভ কৰে। প্রাথমিক শিক্ষক সংস্থাৰ তৰফৰ পৰা তেওঁ “
শিক্ষাবান্ধৱ’ উপাধিও পাইছিল। তদুপৰি তেওঁ জীৱনকালত বঙাইগাঁও জিলা সাহিত্য সভা, বৰপেটা সাহিত্য সভা, বিভিন্ন শাখা সাহিত্য সভা, অসম প্ৰকাশন পৰিষদ, ভাৰত বিকাশ পৰিষদ, বঙাইগাঁও জিলা প্রশাসন, বঙাইগাঁও নর্মালস্কুল কর্তৃপক্ষ আদি অনুষ্ঠানৰ দ্বাৰা বিশেষভাৱে সম্বর্ধনা লাভ কৰিছিল।


(গ) অৰুণ কুমাৰ ৰায়ঃ

অৰুণ কুমাৰ ৰায়ৰ জন্ম হয় ১৯২৫ চনৰ ৮ অক্টোবৰত। তেওঁৰ বাসস্থান আছিল বঙাইগাঁৱৰ ছিপন ছিলা
গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল প্রকাশ চন্দ্ৰ ৰায় আৰু মাকৰ নাম আছিল অভয়েশ্বৰী ৰায়। চিৰাং জিলাৰ বেংতল প্রাথমিক বিদ্যালয়ত প্রাথমিক শিক্ষা লাভ কৰি বহলপুৰৰ উচ্চ মাধ্যমিক স্কুলত নাম লগায়। তাৰ পৰা আকৌ বঙাইগাঁও বীৰঝৰা উচ্চ মাধ্যমিক স্কুলত এণ্টেন্সলৈকে পঢ়ি তাৰ পিছত কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ সান্নিধ্যলৈ আহি আৰ চি পি আইত যােগদান কৰে। বামপন্থী মতাদর্শ প্রচাৰৰ বাবে তেওঁ কাৰাবৰণ খাতিবলগীয়া হয়। ১৯৬৪ চনত তেওঁ কৃষক আন্দোলনৰ লগত সক্রিয়ভাবে জড়িত হৈ পৰে। গৃহৰক্ষী বিভাগত কিছুদিন কাম কৰি পিছত তেওঁ কিছুদিন বেংতল এম. ভি. স্কুলত শিক্ষকতা কৰিছিল। ১৯৭৪-৭৫ চনত তেওঁ কোকৰাঝাৰ মহকুমা পৰিষদৰ সভাপতিৰ দায়িত্ব লয়। ১৯৮৩ চনত তেওঁ উত্তৰ শালমাৰা মহকুমা পৰিষদৰ সভাপতিও আছিল। কিছুদিন প্রতিক্ষা সংস্থাৰ নামনি অসমৰ সমন্বয়কৰ দায়িত্ব বহন কৰি ১৯৯৩ চনত কোচ-ৰাজবংশী সাহিত্য সভা গঠনত অগ্রণী ভূমিকা পালন কৰে। ১৯৯৯ চনৰ পৰা ২০১৫ চনলৈকে কোচ ৰাজবংশীসকলৰ ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতিৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল। তেওঁ ৰাজবংশী ভাষাত কোচ-ৰাজবংশীসকলৰ সংস্কৃতিমূলক কেবাখনো গ্রন্থ লিখাৰ উপৰিও নাটক, কবিতা আৰু শব্দকোষ প্রণয়ন কৰে। তেওঁ সৰ্বমুঠ ১০-খন গ্রন্থ ৰচনা কৰিছিল। ২০০৪ চনত তেওঁ অসম চৰকাৰৰ পৰা এককালীন সাহিত্যিক অনুদান লাভ কৰে। ২০১৩ চনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত গুৰুশিষ্য পৰম্পৰা আঁচনিৰ অধীনত ‘লোক-সংস্কৃতিৰ গুৰু ৰূপে স্বীকৃতি আৰু সন্মান লাভ কৰে। ২০১৩ চনত তেও বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা কামতা ৰত্ন অম্বিকাচৰণ চৌধুৰী স্মাৰক বঁটা লাভ কৰে। কোচ-ৰাজবংশী জনগোষ্ঠী তথা তেওঁলোকৰ ভাষা-সাহিত্যৰ বাবে আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে কোচ-ৰাজংবশী সাহিত্য সভাই মৰণোত্তৰভাৱে ২০১৬ চনত তেওঁক সাহিত্য ৰত্ন’ সন্মান প্রদান কৰে।



(ঘ) ৰুক্মিণী কান্ত ৰায়ঃ

 কোচ-ৰাজবংশী সম্প্রদায়ৰ পশ্চিম অসমৰ এজন খ্যাতনামা বুদ্ধিজীৱী, শিক্ষাবিদ, ৰাজনীতিবিদ,
সমাজসেৱী আৰু হাস্যৰসিক ব্যক্তি হিচাপে ৰুক্মিণী কান্ত ৰায়ৰ নাম প্রসিদ্ধ। তেওঁ সাধাৰণ নিম্নবিত্ত পৰিয়ালত জন্ম গ্রহণ কৰি, বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষা লাভ কৰি জীৱনত সফলতা অর্জন কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ শৈক্ষিক, সামাজিক-সাংস্কৃতিক, ৰাজনৈতিক, ধর্মীয় আদি জীৱনৰ কেওটা ভাগেই সমাজৰ বাবে আদর্শ স্বৰূপ।

         সাধাৰণ ছাত্ৰৰ দৰে গাঁৱৰ এখনি স্কুলত জীৱন আৰম্ভ কৰি নিজৰ মেধাৰ বলত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শ্ৰেণীত অর্থনীতি বিভাগত প্রথম শ্রেণীৰ দ্বিতীয় স্থান লাভ কৰি অসমৰ এজন মেধাবী ছাত্র বুলি সকলোৰে চকুত পৰিছিল। নিজ সম্প্রদায়ৰ আৰু পশ্চিম অসমৰ এজন মেধাবী বুদ্ধিমান ব্যক্তি হিচাপে ৰুক্মিণী কান্ত ৰায় বিখ্যাত আছিল। সামাজিক আৰু সাংস্কৃতিক জীৱনত তেখেতে তেওঁৰ মাতৃভাষা ৰাজবংশী ভাষাক ব্যৱহাৰ কৰি ভাল পাইছিল। তেওঁ বেছিভাগ বক্তৃতাই মাতৃভাষাত দি সকলোৰে মন জয় কৰিছিল।

          তেওঁ সমাজৰ উন্নতিৰ কাৰণে অসংখ্য স্কুল, কলেজ, মঠ-মন্দিৰ আদি প্রতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লৈছিল। ৰাজনৈতিক জীৱনৰ ক্ষেত্ৰত তেওঁ জিলা পর্যায়ৰ পৰা ৰাজ্যিক পর্যায়লৈ উন্নতি লাভ কৰি কেন্দ্রীয় পর্যায়ৰ নেতাৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল। সাধাৰণ কেৰাণীৰ চাকৰিৰপৰা কলেজৰ অধ্যাপক, অধ্যক্ষ, তথা বিধায়ক পর্যায়লৈকে উন্নীত হৈছিল। ভাল এজন ফুটবল খেলুৱৈ হিচাপে প্রশংসা লাভ কৰাৰ উপৰিও জীৱনৰ শেষ বয়সত এজন সুদক্ষ ধর্মীয় বক্তা হিচাপে প্রতিষ্ঠা লাভ কৰিছিল। কৃষ্ণানন্দ ব্রহ্মচাৰীৰ লগত দীর্ঘদিন অতিবাহিত কৰি তেওঁ কিছুমান ধর্ম বিষয়ক তত্ত্বগধুৰ নিৱন্ধ লিখিছিল।

(ঙ) দুৰন্ত তৰুণ’ পানীৰাম দাসঃ

আজীৱন শুভ্র খদ্দৰৰ ধুতী কুর্তা পৰিধান কৰা, সময়ৰ বালিত হেৰাই নোযোৱা খোজবোৰৰ অধিকাৰী-
ত্যাগ, দেশ প্রেমৰ আদৰ্শৰে আপোচহীন অবিৰত সংগ্রাম চলাই যোৱা, সমাজকর্মী, মুক্তিযুঁজাৰু পানীৰাম
দাসৰ জন্ম হয় ১৯১৭ চনৰ ৭ এপ্রিল তাৰিখে মঙ্গলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত জলজলী গাঁৱৰ এটি সাধাৰণ
কৃষক পৰিয়ালত। ১৯৩৪ চনত পাথৰিঘাট এম. ই. স্কুলৰ পৰা সুখ্যাতিৰে সপ্তম শ্রেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ মঙ্গলদৈ হাইস্কুলত নাম লগায়। পৰৱৰ্তী সময়ত ১৯৩৭ চনত কলিকতাৰ পৰা কৃতিত্বৰে প্রথম বিভাগত মেট্রিক পৰীক্ষাত উত্তীৰ্ণ হৈ মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি চলা স্বাধীনতা সংগ্ৰামত যােগ দিয়ে। ১৯৩৮ চনত কংগ্ৰেছত যোগদান কৰি ১৯৪১ চনত মহাত্মা গান্ধীৰ সত্যাগ্রহত জড়িত হৈকাৰাবাস খাটে। তেওঁ নিজৰ দেশৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। ২০০৫ চনত ভাৰতৰ মহামান্য ৰাষ্ট্রপতি ড° এ. পি. জে. আব্দুল কালাম ডাঙৰীয়াই এইগৰাকী স্বাধীনতা সংগ্রামীক ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত কৰিছিল। উক্ত চনতে ভাৰতীয় সেনাবাহিনীত ঐতিহাসিক পথৰুঘাটত আয়োজন কৰা কৃষক শ্বহীদ দিৱসত তেওঁক খাদী পৰিহিত সেনাধ্যক্ষ (The General in Khadi) উপাধিৰে বিভূষিত কৰিছিল।

২০১০ চনৰ ৩০ নবেম্বৰত এইজনা স্পষ্টবাদী দুৰন্ত তৰুণ স্বাধীনতা সংগ্রামীজনৰ মৃত্যু হয়। দেশলৈ
আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে ভাৰতীয় সেনাৰ ৬৫ নং ফিল্ড ৰেজিমেন্টে সম্পূর্ণ সামৰিক মর্যাদাৰে
তেওঁলৈ শেষ সন্মান যচাৰ লগতে অসম আৰক্ষীয়েও টোপধ্বনিসহ ৰাষ্ট্রীয় মর্যাদাৰে শেষ সন্মান যাচিছিল।

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)