Gorajan Goodluck Tutor Centre

শিক্ষাই মানুহক মুক্তি দিয়ে

YOUR QUESTIONS OUR ANSWERS( আপোনাৰ প্ৰশ্ন আমাৰ উত্তৰ- তলৰ লিংকটোত ক্লিক কৰক )

HOT QUESTION-ANSWERS ( EMERGENCY)

HOT QUESTION
তোমাৰ উত্তৰসমূহ ( YOUR ANSWERS)

আমাক প্ৰশ্ন সুধিবলৈ তলৰ Whatsapp ত ক্লিক কৰা

আমাক প্ৰশ্ন সুধিবলৈ তলৰ Whatsapp ত ক্লিক কৰা
Ask Question

HS result

HS Result 2021
HS Result ৰ বাবে ক্লিক কৰা

LINK-1

HSLC আৰু AHM RESULTS -link 2
নিজৰ RESULTS চাবলৈ ইয়াত ক্লিক কৰা (LINK 2)
ইংৰাজী ভয় লাগে নেকি?
ইংৰাজীত দুৰ্বল নেকি ? আহক ইংৰাজীত কথা পাতিবলৈ শিকো মাত্ৰ ৪৯৯ টকাত
ALL ANSWERS
CHOOSE YOUR CLASS [উত্তৰ পাবলৈ নিজৰ শ্ৰেণীটো বাছনি কৰক ]

Your Questions( আপোনাৰ প্ৰশ্ন )

প্ৰশ্ন সুধিব পাৰা
টান লগা বিষয়টোত আমি সহায় কৰিম

Your Answers (আপোনাৰ উত্তৰ)

YOUR ANSWERS
আপুনি আগতে আমাক পঠিওৱা প্ৰশ্নৰ উত্তৰসমূহ ইয়াত পাব
HSLC 2021
NOW YOU CAN BUY YOUR IMPORTANT EBOOK HERE

Kalitahokol - Boisitramai Axom - Class IX [ কলিতাসকল ( কলিতা জনগোষ্ঠী সন্মিলন )- বৈচিত্ৰ্য়ময় অসম -নৱম শ্ৰেণী ]

                কলিতাসকল ( কলিতা জনগোষ্ঠী সন্মিলন )
Kalitahokol - Boisitramai Axom - Class IX [ কলিতাসকল ( কলিতা জনগোষ্ঠী সন্মিলন )- বৈচিত্ৰ্য়ময় অসম -নৱম শ্ৰেণী ]
কলিতাসকল


   কলিতা জনগােষ্ঠী ব্রহ্মপুত্র উপত্যকাৰ সমভূমি অঞ্চলৰ প্রাচীনতম অধিবাসী আৰু বৰ্তমানৰ অসম
ৰাজ্যৰ সংখ্যাগতভাৱে বৃহত্তম খিলঞ্জীয়া জনগােষ্ঠী। পূৱে তিনিচুকীয়া জিলাৰ পৰা পশ্চিমে ধুবুৰী জিলালৈকে ব্রহ্মপুত্র উপত্যকাৰ প্ৰতিখন জিলাতে কলিতা জনগােষ্ঠীয় লােকৰ বসতি আছে। স্বাধীন ভাৰতৰ লােকপিয়লত অনা-অনুসূচিত জনগােষ্ঠীসমূহৰ জনগােষ্ঠীভিত্তিক লােকপিয়ল বাদ দিয়া বাবে বর্তমান কলিতা জনগােষ্ঠীয় লােকৰ জনসংখ্যাৰ শুদ্ধ তথ্য লাভ কৰা সম্ভৱ নহয়। ১৮৭১-৭২ চনত বৃটিছ ভাৰতত হােৱা প্ৰথমটো লােকপিয়লৰ তথ্যমতে পিয়লত সুকীয়াকৈ দেখুওৱা বৃত্তিয়াল গােটসমূহকে ধৰি মুঠ কলিতা জনসংখ্যা আছিল ৩,৩৯,৯৭১। সেইসময়ৰ বৰ অসমৰ ভৌগােলিক স্থিতি, জনগাঁথনি, পৰৱৰ্তী কালৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আদি কাৰক বিশ্লেষণ কৰি বৰ্তমান অসমত কলিতা জনগােষ্ঠীয় লােকৰ মুঠ সংখ্যা ৫০,০০,০০০ (পঞ্চাশ লাখ)ৰ কম হ'ব নালাগে বুলি থাৱৰ কৰিব পাৰি।


  অসম তথা উত্ত-পূর্বাঞ্চলত কোনাে আদিম মানৱৰ অৱশেষ পােৱা হােৱা নাই হেতুকে নৃতাত্ত্বিকভাৱে
এই অঞ্চলত আদিম মানৱৰ বসতি নাছিল বুলি সিদ্ধান্তলৈ আহিছে। গতিকে এই অঞ্চলৰ বর্তমান অধিবাসী প্রতিটো জনগােষ্ঠীয়েইক’ৰবাৰ পৰা নহয় কৰবাৰ পৰা প্ৰব্ৰজন কৰি আহিছে। পশ্চিম দিশৰ হিমালয়ৰ পাদদেশৰ সমতল অঞ্চলেৰে কলিতা জনগােষ্ঠীৰ পূৰ্বপুৰুষ আলপাইনসকল বিভিন্ন কাৰণত প্ৰব্ৰজন কৰি আহি ব্রহ্মপুত্র উপত্যকা অঞ্চলত প্ৰৱেশ কৰে। পূৱলৈ আগবাঢ়ি গৈ গৈ পাটকাই পর্বতলানি পােৱাৰ পিছত আলপাইনসকলৰ অগ্রগতি স্তব্ধ হয়, কিয়নাে সমতলৰ জনগােষ্ঠী হিচাপে সদলবলে পর্বত বগাই পাটকাই অতিক্রম কৰাটো এওঁলােকৰ বাবে সম্ভৱ নাছিল। এই কাৰণতে পাটকাইৰ পূৱত কলিতা বা অইন কোনাে আলপাইন মূলৰ জনগােষ্ঠী অৱস্থিতি শূন্য। আলপাইনসকলৰ প্ৰথমটো দল যিসময়ত ব্রহ্মপুত্র উপত্যকা অঞ্চলত প্ৰৱেশ কৰে, সেইসময়ত এই অঞ্চল আছিল জলবসতি শূন্য। গতিকে কলিতা জনগােষ্ঠী ব্রহ্মপুত্র উপত্যকাৰ সমতল অঞ্চলৰ প্ৰথম অধিবাসী।


              আজিৰ পৰা সাত হাজাৰ বছৰ পূর্বে খ্রীষ্টপূর্ব ৫,০০০ৰ পৰা খ্রীষ্টপূর্ব ৪,৫০০ৰ ভিতৰত কলিতা পূর্বপুৰুষসকলৰ প্ৰথমটো দল ব্রহ্মপুত্র উপত্যকাত ভৰি দিয়েহি বুলি আৰু খ্রীষ্টপূর্ব ৪,০০০ৰ পৰা খ্রীষ্টপূর্ব
৩,৫০০-ৰ ভিতৰত ব্যাপক মাত্ৰাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি অঞ্চলত থিতাপি লয়হি বুলি অনুমান কৰিব পাৰি। পশ্চিম দিশৰ পৰা এই প্রব্রজন চতুর্দশ শতিকা মানলৈ চেগা-চোৰৰকাকৈ হৈ আছিল। কলিতা জনগােষ্ঠীৰ পূর্বপুৰুষসকল যি সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল (প্রায় সাত হাজাৰৰ পৰা চাৰে পাঁচ হাজাৰ বছৰ পূর্বে), সেই সময়ত ইয়াৰ সমতলভূমিৰ আশে-পাশে থকা পাহাৰ-পর্বতসমূহত কিছুমান মংগােলীয় মূলৰ জনগােষ্ঠী আছিল যদিও সমতল ভূমিক লৈ তেওঁলোেক আগ্রহী নাছিল বাবে কলিতাসকলে কোনাে মানৱ সৃষ্ট বাধা, প্রতিযােগিতা বা আক্রমণৰ সন্মুখীন নােহােৱাকৈ ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত প্রথম উপনিৱেশ স্থাপন কৰিছিল। নদীৰ পাৰে পাৰে উৰ্বৰ ভূমিত সৰু সৰু উপনিৱেশ পাতি ক্রমশঃ পূৱলৈ আগবাঢ়ি গৈ একেবাৰে পূৱ প্ৰান্তত পাটকাই পর্বত অতিক্রম কৰিব নােৱাৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূৱ প্ৰান্তত তেওঁলােকে দ্বিতীয়খন উপনিৱেশ পাতে। এই দুই উপনিৱেশৰ অভিকেন্দ্ৰৰ আনুমানিক দূৰত্ব প্রায় ছয় শ কিলােমিটাৰ।


      বর্তমান অসমৰ জনসংখ্যাগতভাৱে বৃহত্তম থলুৱা জনগােষ্ঠী কলিতাসকলৰ প্রায় কুৰিটামান ভাগ,
উপভাগ বা সম্প্রদায় আছে। ইয়াৰে গৰিষ্ঠসংখ্যকেই ভাৰতীয় সাংবিধানিকভাৱে সাধাৰণ শ্রেণীভূক্ত (বৰকলিতা, সৰুকলিতা, কায়স্থ, হালৈ কেওট, সাউদ, আৰ্য্যবৈশ্য আদি) যদিও কেইটামান সম্প্রদায় বা ভাগ অন্যান্য পিছপৰা শ্রেণীভুক্ত (শালৈ, নাপিত, নট, মালী, কুমাৰ, কমাৰ, কঁহাৰ আদি) তথা অইন কেইটিমান অনুসূচিত জাতিভুক্ত (ধুবী, হীৰা, জালৈ আদি)। এতিয়া সম্প্রদায় লৈ পৰ্য্যবসিত হােৱা এই গােটবােৰ আদিতে একোটা ‘বৃত্তিয়াল গােট’হে আছিল। সাংবিধানিকভাৱে বহুকালজুৰি বিভক্ত কৰি থােৱা বাবে বহুতেই এতিয়া জনগােষ্ঠীয় (Ethnic) পৰিচয় পাহৰি বা পৰিহাৰ কৰি সম্প্রদায়গত পৰিচয়কে মনত ৰাখিছে। নাথ-যােগী, গণক আৰু বহুসংখ্যক থলুৱা ইছলামধর্মীও মূলগতভাৱে কলিতা জনগােষ্ঠীয়। জিনীয়-বিশ্লেষণ (Genetic Analysis) পদ্ধতিৰে সন্দেহাতীতভাৱে ইয়াৰ সত্যাসত্য গম লােৱাটো সম্ভৱ। কলিতাসকলে প্রায় বিন্নব্বৈ (৯২)-টা বিভিন্ন উপাধি ব্যৱহাৰ কৰি আহিছে। উদাহৰণস্বৰূপে - কলিতা, বর্মন, বর্মা, কাকতি, বৰুৱা, বৰা, চৌধুৰী, চৌধাৰী, তালুকদাৰ, ডেকা, হালৈ, দাস, তহবিলদাৰ, খাটনিয়াৰ, দত্ত, সেনাপতি, পাগবন্ধা, ডিহিদাৰ, সৰকাৰ, শালৈ, হুজুৰী, দেউৰী, উজীৰ, পাল দাস, সাধনিকাৰ, নেওগ, মৰল, ভৰালী, মেধী, শইকীয়া, হাজৰিকা, ভূঞা, হীৰা, মালী, মালাকৰ, বেজবৰুৱা, বৈশ্য, সাউদ, বৰবৰুৱা, ৰায়বৰুৱা, ৰায়চৌধুৰী, ঠাকুৰীয়া, পাটগিৰি, পাটোৱাৰী, নায়ক, সূত্ৰধাৰ, লহকৰ, হিলৈদাৰী, খাৰঘৰীয়া, লেখাৰু, ফুকন, মজুমদাৰ, পাঠক, চহৰীয়া, খাউণ্ড, দুৱৰা ইত্যাদি। কলিতাৰ বাদেও অইন জনগােষ্ঠী কিছুমানেও ইয়াৰে বেছিভাগ উপাধি ব্যৱহাৰ কৰি আহিছে।


  এতিয়া অসমীয়া বুলি পৰিচিত ভাষাটি মূলতঃ কলিতাসকলৰ জনগােষ্ঠীয় ভাষা। অৱশ্যে ইয়াত ককেচীয়
আৰু মংগােলীয় অইন কেবাটিও থলুৱা জনগােষ্ঠীৰ উপাদান লৈহে এতিয়াৰ আধুনিক, পৰিপক্ক ‘অসমীয়া ৰূপটি হৈছে।

      কলিতাসকলে পৰম্পৰাগতভাৱে কপাহ, এৰি পলু, পাত পলু আৰু মুগা পলুৰ আঁহৰ পৰা তৈী সূতাৰে
প্রস্তুত কপাহী, এৰি, পাত আৰু মুগা কাপােৰ ব্যৱহাৰ কৰে। ইয়াৰে প্রথম দুবিধেৰে নিত্য ব্যৱহার্য কাপােৰ আৰু পিছৰ দুবিধ আনুষ্ঠানিক (Ceremonial) পােচাক প্রস্তুত কৰাত ব্যৱহাৰ হয়। এৰি সূতাৰ ৰং ধূসৰ বগা আৰু ইয়াৰে শীতকালত উৰাৰ বাবে এৰি-চাদৰ (এণ্ডি) বৈ লােৱা হয়। পাত সূতাৰ ৰং ৰূপালী আৰু মুগা সূতাৰ বৰণ সােণালী, ইয়াৰে বিয়া-সবাহ, উৎসৱ-পার্বণ আদিত ব্যৱহাৰৰ কাৰণে চাদৰ, মেখেলা, ধূতি, চোলা আদি প্ৰস্তুত কৰা হয়। কলিতা সমাজত এই দুবিধ কাপােৰ আভিজাত্যৰ প্রতীক ৰূপে পৰিগণিত হৈ আহিছে। নিজৰ প্ৰয়ােজনীয় সাজ-পােচাক কলিতাসকলে তাঁত শাল ব্যৱহাৰ কৰি নিজেই উৎপাদন কৰি লয়। যুৱতী- মহিলাসকলে তাঁতৰ কাম জনাটো বাধ্যতামুলক আৰু কিছু বছৰ আগলৈকে কাপােৰ ব’ব নজনা কলিতা যুৱতীৰ বিয়াই নহৈছিল। বিবাহিতা মহিলাই (বিশেষকৈ জ্যেষ্ঠসকলৰ সমুখত) মূৰত ওৰণি লয়। কলিতা জনগােষ্ঠীয় সাজ-পােচাকত বগা আৰু ৰঙা ৰঙৰ প্রাধান্য দেখা যায়।


সমাজৰ বাবে অতিৰিক্তভাৱে প্রয়ােজন হােৱা বস্ত্ৰখিনি অতীতত শালৈ (যাৰ নিজাকৈ শাল আছিল) আৰু
তাঁতী (কাপােৰ বব জনা মানুহ, নিজাকৈ শাল থাকিবও পাৰে, নাথাকিবও পাৰে) নামৰ বৃত্তিয়াল গােট দুটিয়ে উৎপাদন কৰিছিল। মেখেলা-চাদৰ কলিতা মহিলাৰ জাতীয় সাজ, লগতে আগুৰণ, টেলচ, ৰিহা আদি পৰিধান কৰে। পুৰুষসকলে গামােচা, শালত বৈ লােৱা চুৰিয়া, চোলা পৰিধান কৰে। ৰঙা পাৰিৰ ফুলাম গামােচাৰে ডাঙৰক সন্মান আৰু সৰুক মৰম যাঁচে।


       সােণ, ৰূপ আৰু পিতলেৰে ৰৈী বিভিন্ন অলংকাৰ কলিতাসকলে (মূলতঃ মহিলাসকলে) ব্যৱহাৰ
কৰে। মহিলাসকলে কপাল উকা কৰি নাৰাখে আৰু কপালত ফোঁট লয়। বিয়াৰ পিছত সেন্দুৰৰ ফোঁট লয়
আৰু স্বামী জীৱিত অৱস্থাত সেন্দুৰৰ ফোঁট নােলােৱাকৈ বাজ ওলালে দেৱতাৰ কোপদৃষ্টি ঘৰ-সংসাৰত
পৰে বুলি জনবিশ্বাস আছে। কাণত অলংকাৰ পৰিধান কৰাৰ বাবে ছােৱালী কালত কান-ফুটোৱা উৎসৱেৰে কাণত ফুটা কৰি লােৱা হয়। এই কাণ-ফুটোৱা পর্ব সচৰাচৰ কাতি মাহৰ পূৰ্ণিমাৰ দিনাখন (লক্ষ্মী পূর্ণিমা) বা কিছুমানে বহাগ মাহৰ পূর্ণিমা (বুদ্ধ পূর্ণিমা) অথবা আহিন মাহৰ শুক্লা দশমী (বিজয়া দশমী)ৰ দিনাখনাে কৰে।


কলিতাসকল মূলতঃ কৃষিজীৱী। সময়ৰ পৰিৱর্তনৰ লগে লগে বিভিন্ন বৃত্তি অৱলম্বন কৰিবলৈ লৈছে
যদিও এতিয়াও প্রায় ৯০% কলিতাই প্রত্যক্ষ বা পৰােক্ষভাৱে কৃষি আৰু পশুপালনৰ জৰিয়তে জীৱন নির্বাহ কৰে। কলিতাসকলে দুটা (এহাল) গৰু বা মহেৰে নাঙল’ নামৰ বিশেষ সঁজুলিৰে মাটি চহাই খেতি কৰে। গৰু আৰু নাঙল ‘হাল’ৰ গৰাকীক ‘হালৈ’ বােলা হৈছিল।


            কলিতা জনগােষ্ঠী মূলতঃ অন্তঃ-প্রজননী (Endogamous), ই এক জনজাতি চৰিত্র (Triba
Character)। পৃথিৱীৰ বিভিন্ন জনজাতিৰ দৰে স্বগােষ্ঠীয় জিনীয় পুখুৰী (Gene Pool)ৰ ৰক্ষার্থে তথা
কৃষ্টি, আচাৰ, পৰম্পৰা ৰক্ষার্থে কলিতাসকলে বিয়া বাৰু আদি নতুন সম্পর্ক স্বগােষ্ঠীৰ ভিতৰতে হােৱাটো
অগ্রাধিকাৰ দিয়ে। অন্তঃ-প্রজননী যদিও কলিতা সমাজত ওচৰ ৰক্ত-সম্পর্কিত (Consanguinous) পুৰুষ
নাৰীৰ মাজত বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ। সম্বন্ধীয় ভাই-ভনী, মামা-ভাগিনী, খুৰা-ভতিজী আদি ৰক্ত
সম্পর্কিতৰ মাজৰ বিবাহ বাৰণ কৰা হয় কিন্তু ৰক্ত-সম্পর্কহীন বৈবাহিক সম্পর্কযুক্তৰ মাজৰ বিবাহক আদৰি  লােৱা হয় (যেনে দেওৰৰ সৈতে ভনীয়েকৰ বা ভায়েকৰ সৈতে খুলশালীৰ বিবাহ)। কলিতা সমাজ কিছুপৰিমানে ৰক্ষণশীল। সামাজিকভাৱে বিয়া নােহােৱাকৈ এহাল পুৰুষ-মহিলাক একেলগে থকাটো সমাজে অনুমােদন নজনায়। পলুৱাই আনি বিবাহ কৰাটো আদৰণীয় নহয়। এনেবােৰ ক্ষেত্ৰত সংশ্লিষ্ট ব্যক্তিসকল ‘মেল’ৰ সন্মুখীন হ’ব লাগে আৰু ‘মেল'ত হােৱা সিদ্ধান্ত অনুসৰি দণ্ড (জৰিমনা) ভৰি, নামঘৰত আঁঠু লৈ ৰাইজৰ অনুমােদন লৈহে সংসাৰ আৰম্ভ কৰিব পাৰে।


       চাউল সিজাই প্রস্তুত কৰা ‘ভাত’ কলিতাসকলৰ মূল আহাৰ। ভাতৰ সৈতে বিভিন্ন শাক, পাচলি
আদিৰে প্ৰস্তুত কৰা ব্যঞ্জন থাকে। নিমখ অহাৰ পুর্বে কলাখাৰেৰে (কল-গছৰ গা অংশ শুকুৱাই পুৰি তাৰ ছাইখিনি) ব্যঞ্জন প্রস্তুত কৰা হৈছিল। কিছুমান পৰম্পৰাগত কলিতা জনগােষ্ঠীয় খাদ্য বা ব্যঞ্জন এনেধৰণৰ- আলু পােৰা, আলু পিটিকা, বেঙেনা পিটিকা, কঁঠাল গুটি পােৰা, মাছ পােৰা, ঔ-টেঙাৰে মাছ ৰন্ধা, পচলা, কচু সিজোৱা, কোমােৰাৰে ৰন্ধা হাঁহৰ মাংস, অমিতাৰে ৰন্ধা পাৰৰ মাংস, বিভিন্ন বতা’ যেনে পদিনা বতা, দালি বতা আদি, শাকৰ বিভিন্ন ব্যঞ্জন ইত্যাদি। কুঁহিয়াৰৰ ৰস উলিয়াই তাক পগাই গুৰ মিঠৈ প্রস্তুত কৰে। ৰাতিপুৱা জলপানত কোমল চাউল (ব’কা চাউল), চিৰা বা সান্দহ-গুৰি কল, গুৰ মিঠৈ আৰু গাখীৰেৰে গ্রহণ কৰে। ধান উহাই একেটা ৰ’দতে শুকুৱাই এক বিশেষ প্রক্রিয়াৰে কোমল (ব’কা) চাউল প্রস্তুত কৰা হয়। আনহাতে তিয়াই থােৱা চাউল উৰাল বা সেঁকীত খুন্দি চিৰা প্ৰস্তুত কৰা হয়। তেল নিদিয়াকৈ ভঁজা চাউল উৰাল বা সেঁকীত খুন্দি সান্দহ-গুৰি প্ৰস্তুত কৰা হয়। ভাতত পানী দি এদিন বা এৰাতি থৈ পঁইতা (পন্যা) ভাত প্রস্তুত কৰে আৰু সচৰাচৰ খেতিৰ বতৰত দুপৰীয়া খেতিপথাৰৰ পৰা অহাৰ পিছত আলু পােৰা, মাছ পােৰা আদিৰে পন্তা ভাত খায়। আলহী-অতিথিক বিভিন্ন লাৰু (তিলৰ লাৰু, নাৰিকলৰ লাৰু আদি), পিঠা (তিল পিঠা, ঘিলা পিঠা, চুঙা পিঠা, কল পিঠা, খােলা-চাপ্রি পিঠা আদি) আদিৰে আপ্যায়ন কৰা হয়। সৰিয়হ পেৰি উলিওৱা তেল বিভিন্ন ব্যঞ্জন প্রস্তুতিত ব্যৱহাৰ কৰা হয়। গাখীৰ আৰু গাখীৰেৰে তৈী দৈ আদি খাদ্য কলিতা জনজীৱনৰ এক অবিচ্ছেদ্য অংগ। কোনাে ধৰণৰ সুৰা কলিতাসকলে প্রস্তুত নকৰে আৰু সেয়ে কলিতা জনজীৱনত সুৰাৰ কোনাে স্থান নাই। আহাৰ গ্ৰহণৰ পিছত তামােল-পাণ মুখত লােৱা নিয়ম। কলিতা জনজীৱনত তামােল-পাণৰ এক সুকীয়া আসন আছে।


     কলিতা জনগােষ্ঠীয় লােকে পালন কৰা পর্ব বা উৎসৱসমূহৰ ভিতৰত গৰু বিহু, শাকতি বা শাকেতি,
বাঁহ পূজা, ভথেলি, বহাগৰ সাত বিহু, মহােহাে বা ম'হ খেদা, ঢুলীয়া, ভূই ৰােৱা বা গজ দিয়া উৎসৱ, ধানৰ
আগ অনা (লখিমী আদৰা) উৎসৱ, পাচতি, কাতি বিহু বা কঙালী বিহু, ধান তােলা উৎসৱ, ন-খােৱা, ভােগালী বিহু, ছােৱালী ডাঙৰ হােৱা পর্ব (পুষ্পিতা বা ধুৱেনী) ওজা পালি, নাগাৰা নাম আদি অসমীয়া
বুলি যিটো সাংস্কৃতিক ধাৰণাৰ সৃষ্টি হৈছে, তাৰ মূল বা মেৰুদণ্ডডাল হ’ল কলিতা জনগােষ্ঠীয় লােকসংস্কৃতি। ‘অসমীয়া’নামৰ সাংস্কৃতিক ধাৰণাটোৰ সৃষ্টিত কলিতা জনগােষ্ঠীৰ ইমানেই বেছি অৱদান আছে যে “অসমীয়া লােকসংস্কৃতি” ৰ সতে “কলিতা লােকসংস্কৃতি যেন অভিন্ন ৰূপত একাকাৰ হৈ গৈছে। সেইবাবে অসমৰ সভ্যতা মূলতঃ কলিতা সভ্যতা বুলি কোৱাহৈছে (Assam is the Homeland of the Kalitas and it's civilization is predominantly Kalita civilization. The other sub-castes follow the Kalita social
laws and customs in their entirety.”- Dr Kaliram Medhi)। এক বৃহত্তৰ অসমীয়া জাতি’ গঠন।
প্রক্রিয়াত একান্তভাৱে বহুকাল ব্যস্ত হৈ থাকি কলিতাসকলে নিজৰ জনগােষ্ঠীয় লােকাচাৰ আৰু লােকসংস্কৃতি সমূহক নিজৰ জনগােষ্ঠীয় বুলি চিহ্নিত নকৰি সামূহিক পৰিচয়েৰে চিহ্নিত কৰি আহিছিল।


কলিতাসকল ভৈয়ামৰ এটা কৃষিভিত্তিক আৰু নদীমাতৃক জনগােষ্ঠী। সেইবাবে কলিতাসকলৰ লােকসংস্কৃতিৰ বেছিভাগেই খেতি আৰু নদীৰ সতে জড়িত।

কলিতাসকলৰ কেইগৰাকীমান উল্লেখযােগ্য ব্যক্তিঃ

কুমাৰ ভাস্কৰ বৰ্মাঃ প্রাচীন কামৰূপ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা। ৰজা সুপ্রতিষ্ঠ বৰ্মাৰ মৃত্যুৰ পিছত ৫৯৩
চনত কামৰূপৰ ৰজা হয়। কুমাৰ ভাস্কৰ বৰ্মা সিংহাসনত আৰােহণ কৰা দিনৰ পৰাই অসমীয়া জাতীয় অব্দ (ভাস্কৰাব্দ) গণনা কৰা হয়। উত্তৰ ভাৰতৰ ৰজা হর্ষবর্ধনৰ সতে বন্ধুত্ব আছিল। ভাস্কৰ বৰ্মাই হর্ষবর্ধনেৰে লগ হৈ গৌঢ়ৰ ৰজা শশাংকক পৰাস্ত কৰিছিল আৰু গৌড় আৰু কর্ণসুৱৰ্ণ কামৰূপৰ অধীন কৰিছিল আৰু কামৰূপৰ সীমাই পশ্চিমে বিহাৰ আৰু দক্ষিণে উৰিষ্যা ৰাজ্য পাইছিলগৈ। ইআছিল ভৌগােলিকভাৱে বিশালতম কামৰুপ ৰাজ্য। চীনা পৰিব্রাজক হিউ ৱেন চাঙৰ টোকা মতে কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত কামৰূপ ৰাজ্যৰ সীমা ১৬৭৫ মাইল আৰু ৰাজধানী প্রাগজ্যোতিষপুৰৰ সীমা ৬ মাইল আছিল। ভাস্কৰ বৰ্মাৰ ডুবি তাম্রলিপি, নিধানপুৰ তাম্রলিপি, নালন্দাৰ মােহৰ আদি কলিতা জনগােষ্ঠী তথা অসমৰ অমূল্য ঐতিহাসিক সমল। আনুমানিক ৬৫০ চনত কুমাৰ ভাস্কৰ বৰ্মাৰ মৃত্যু হয়।


আনন্দৰাম বৰুৱাঃ  প্রথম অসমীয়া স্নাতক তথা প্রথম অসমীয়া (পঞ্চম ভাৰতীয়) অসামৰিক সেৱাৰ
বিষয়া (আই চি এছ)। জন্ম ১৮৫০ চনৰ ২১ মে’ তাৰিখে উত্তৰ গুৱাহাটীত। পিতৃ গৰ্গৰাম বৰুৱা আৰু মাতৃ
দুর্লভেশ্বৰী বৰুৱা। জিলা দণ্ডাধীশৰ পদত অধিষ্ঠিত প্রথম অসমীয়া তথা দ্বিতীয় ভাৰতীয়। সংস্কৃত ভাষাৰ
এজন বিদগ্ধ পণ্ডিত। মৃত্যু ১৮৮৯ চনৰ ১৯ জানুৱাৰী তাৰিখে। অসম চৰকাৰে ২০০৫ চনৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীর্ণ শিক্ষার্থীসকলৰ বাবে ‘আনন্দৰাম বৰুৱা বঁটা’ৰ প্ৰৱৰ্তন কৰিছে।


ছহিদ মণিৰাম দেৱানঃ  প্রকৃত নাম মণিৰাম দত্তবৰুৱা, কলিতা ৰজা’ বুলি অভিহিত কৰা হৈছিল। জন্ম
১৭ এপ্রিল, ১৮৫৬ চনত শিৱসাগৰ জিলাৰ চাৰিঙত। শিক্ষাগ্রহণৰ পিছত তেতিয়াৰ ইংৰাজ শাসকৰ কৰতলীয়া ৰজা পুৰন্দৰ সিংহৰ বৰভাণ্ডাৰ বৰুৱা’ বাব । পুৰন্দৰ সিংহ কতলীয়া ৰজাৰ পৰা অপসাৰিত হােৱাৰ পিছত ১৮৩৭-১৮৩৯ কালছােৱাত ইংৰাজ শাসকৰ প্রত্যক্ষ অধীনত ঢেৰেকাপাৰ, কোঁৱৰপুৰ আৰু মেটেকা মৌজাৰ মৌজাদাৰ হিচাবে দায়িত্ব চলােৱাৰ পিছত ১৮৩৯ চনত ইংৰাজৰ ‘আচাম টী কোম্পানীৰ দেৱান পদত যােগদান কৰে। ১৮৪৫ চনত চেনীমৰা (যােৰহাট) আৰু চিংলৌ (শিৱসাগৰ)-ত নিজাকৈ দুখন চাহ বাগিচা খুলি প্রথম অসমীয়া তথা প্রথম ভাৰতীয় চাহ-খেতিয়ক হিচাপে পৰিগণিত হয়। অসমত ইংৰাজৰ বিৰূদ্ধে স্বাধীনতা আন্দোলনৰ বাটকটীয়া মণিৰাম দেৱান। ৰাজনৈতিক স্বাধীনতাৰ লগে লগে অর্থনৈতিক স্বাধীনতা প্রতিষ্ঠাৰ বাবে লাে গলােৱা উদ্যোগ, সােণ উদ্যোগ, লােন ব্যৱসায়, নাও বনােৱা উদ্যোগ, ইটা উদ্যোগ আদি স্থাপন আৰু মূদ্রা প্রচলনেৰে আধুনিক অর্থনীতিৰ ভেটি স্থাপন কৰিছিল। উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে  ব্রহ্মপুত্র উপত্যকাৰ পাঁচখন ঠাইত পাঁচখন হাট’ প্রতিষ্ঠা কৰিছিল, - ডিব্ৰুগড় জিলাত বৰহাট, শিৱসাগৰ জিলাত নগাহাট, কামৰূপ জিলাত গাৰােহাট, লখীমপুৰ জিলাত চিচিহাট আৰু দৰং জিলাত দৰঙীয়া হাট। ‘বুৰঞ্জী বিবেক ৰত্ন’ নামেৰে গ্ৰন্থ ৰচনা কৰিছিল। অসমত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সূচনা কৰা বাবে দোষী সাব্যস্ত কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে ইংৰাজ শাসকে মণিৰামক যােৰহাটত ৰাজহুৱাকৈ ফাঁচী দিয়ে।


ডঃ বাণীকান্ত কাকতিঃ জন্ম ১৫ নৱেম্বৰ, ১৮৯৪ চনত এতিয়াৰ বৰপেটা জিলাৰ বাটিকুৰিহা গাঁৱত।
পিতৃ ললিতৰাম কাকতি আৰু মাতৃ লতােবালা কাকতি। ১৯১১ চনত অসম উপত্যকাৰ ভিতৰত প্রথম স্থানেৰে বৰপেটা হাইস্কুলৰ পৰা প্ৰৱেশিকা আৰু ১৯১৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰত প্রথম স্থানেৰে আই, এ পৰীক্ষাত উত্তীর্ণ। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি, এ আৰু এম, এ পৰীক্ষাত উত্তীর্ণ হােৱাৰ পিছত ১৯১৮ চনত কটন কলেজ, গুৱাহাটীত অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি ১৯৪৭ চনত অধ্যক্ষ হয়। পৰৱর্তীসময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে যােগদান কৰে। ১৯১৬ চনত বৰপেটাৰ কনকলতা (দাস) কাকতিৰ সতে বিবাহপাশত আৱদ্ধ। কলিতা জাতিৰ ইতিবৃত্ত’ আদি কেবাখনাে গ্রন্থ ৰচনা কৰে। মূলতঃ কলিতা জনগগাষ্ঠীয় ভাষাটিৰ আধাৰত অইন জনগােষ্ঠীসমূহৰ অৱদানেৰে সমৃদ্ধ হৈ হােৱা অসমীয়া ভাষাটোক এটা স্বতন্তৰীয়া আধুনিক ভাষা বুলি ডঃ কাকতিদেৱে প্রতিষ্ঠা কৰিছিল। Assamese-It's Formation and Developement গ্রন্থখনিৰ বাবে কলিকতা বিশ্ববিদ্যালয়ে তেখেতক ডক্তৰেট’ উপাধি প্রদান কৰিছিল। ১৫ নৱেম্বৰ, ১৯৫২ চনত তেখেতে ইহলীলা সম্বৰণ কৰে ।


প্রশ্নাৱলীঃ

১। কলিতা জনগােষ্ঠীৰ খাদ্য-পৰম্পৰাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ    চাউল সিজাই প্রস্তুত কৰা ‘ভাত’ কলিতাসকলৰ মূল আহাৰ। ভাতৰ সৈতে বিভিন্ন শাক, পাচলি
আদিৰে প্ৰস্তুত কৰা ব্যঞ্জন থাকে। নিমখ অহাৰ পুর্বে কলাখাৰেৰে (কল-গছৰ গা অংশ শুকুৱাই পুৰি তাৰ ছাইখিনি) ব্যঞ্জন প্রস্তুত কৰা হৈছিল। কিছুমান পৰম্পৰাগত কলিতা জনগােষ্ঠীয় খাদ্য বা ব্যঞ্জন এনেধৰণৰ- আলু পােৰা, আলু পিটিকা, বেঙেনা পিটিকা, কঁঠাল গুটি পােৰা, মাছ পােৰা, ঔ-টেঙাৰে মাছ ৰন্ধা, পচলা, কচু সিজোৱা, কোমােৰাৰে ৰন্ধা হাঁহৰ মাংস, অমিতাৰে ৰন্ধা পাৰৰ মাংস, বিভিন্ন বতা’ যেনে পদিনা বতা, দালি বতা আদি, শাকৰ বিভিন্ন ব্যঞ্জন ইত্যাদি। কুঁহিয়াৰৰ ৰস উলিয়াই তাক পগাই গুৰ মিঠৈ প্রস্তুত কৰে। ৰাতিপুৱা জলপানত কোমল চাউল (ব’কা চাউল), চিৰা বা সান্দহ-গুৰি কল, গুৰ মিঠৈ আৰু গাখীৰেৰে গ্রহণ কৰে। ধান উহাই একেটা ৰ’দতে শুকুৱাই এক বিশেষ প্রক্রিয়াৰে কোমল (ব’কা) চাউল প্রস্তুত কৰা হয়। আনহাতে তিয়াই থােৱা চাউল উৰাল বা সেঁকীত খুন্দি চিৰা প্ৰস্তুত কৰা হয়। তেল নিদিয়াকৈ ভঁজা চাউল উৰাল বা সেঁকীত খুন্দি সান্দহ-গুৰি প্ৰস্তুত কৰা হয়। ভাতত পানী দি এদিন বা এৰাতি থৈ পঁইতা (পন্যা) ভাত প্রস্তুত কৰে আৰু সচৰাচৰ খেতিৰ বতৰত দুপৰীয়া খেতিপথাৰৰ পৰা অহাৰ পিছত আলু পােৰা, মাছ পােৰা আদিৰে পন্তা ভাত খায়। আলহী-অতিথিক বিভিন্ন লাৰু (তিলৰ লাৰু, নাৰিকলৰ লাৰু আদি), পিঠা (তিল পিঠা, ঘিলা পিঠা, চুঙা পিঠা, কল পিঠা, খােলা-চাপ্রি পিঠা আদি) আদিৰে আপ্যায়ন কৰা হয়। সৰিয়হ পেৰি উলিওৱা তেল বিভিন্ন ব্যঞ্জন প্রস্তুতিত ব্যৱহাৰ কৰা হয়। গাখীৰ আৰু গাখীৰেৰে তৈী দৈ আদি খাদ্য কলিতা জনজীৱনৰ এক অবিচ্ছেদ্য অংগ। কোনাে ধৰণৰ সুৰা কলিতাসকলে প্রস্তুত নকৰে আৰু সেয়ে কলিতা জনজীৱনত সুৰাৰ কোনাে স্থান নাই। আহাৰ গ্ৰহণৰ পিছত তামােল-পাণ মুখত লােৱা নিয়ম। কলিতা জনজীৱনত তামােল-পাণৰ এক সুকীয়া আসন আছে।


২। কলিতা জনগােষ্ঠীৰ আ-অলংকাৰ আৰু সাজ-পাৰৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ   কলিতাসকলে পৰম্পৰাগতভাৱে কপাহ, এৰি পলু, পাত পলু আৰু মুগা পলুৰ আঁহৰ পৰা তৈী সূতাৰে প্রস্তুত কপাহী, এৰি, পাত আৰু মুগা কাপােৰ ব্যৱহাৰ কৰে। ইয়াৰে প্রথম দুবিধেৰে নিত্য ব্যৱহার্য কাপােৰ আৰু পিছৰ দুবিধ আনুষ্ঠানিক (Ceremonial) পােচাক প্রস্তুত কৰাত ব্যৱহাৰ হয়। এৰি সূতাৰ ৰং ধূসৰ বগা আৰু ইয়াৰে শীতকালত উৰাৰ বাবে এৰি-চাদৰ (এণ্ডি) বৈ লােৱা হয়। পাত সূতাৰ ৰং ৰূপালী আৰু মুগা সূতাৰ বৰণ সােণালী, ইয়াৰে বিয়া-সবাহ, উৎসৱ-পার্বণ আদিত ব্যৱহাৰৰ কাৰণে চাদৰ, মেখেলা, ধূতি, চোলা আদি প্ৰস্তুত কৰা হয়। কলিতা সমাজত এই দুবিধ কাপােৰ আভিজাত্যৰ প্রতীক ৰূপে পৰিগণিত হৈ আহিছে। নিজৰ প্ৰয়ােজনীয় সাজ-পােচাক কলিতাসকলে তাঁত শাল ব্যৱহাৰ কৰি নিজেই উৎপাদন কৰি লয়। যুৱতী- মহিলাসকলে তাঁতৰ কাম জনাটো বাধ্যতামুলক আৰু কিছু বছৰ আগলৈকে কাপােৰ ব’ব নজনা কলিতা যুৱতীৰ বিয়াই নহৈছিল। বিবাহিতা মহিলাই (বিশেষকৈ জ্যেষ্ঠসকলৰ সমুখত) মূৰত ওৰণি লয়। কলিতা জনগােষ্ঠীয় সাজ-পােচাকত বগা আৰু ৰঙা ৰঙৰ প্রাধান্য দেখা যায়।
 সােণ, ৰূপ আৰু পিতলেৰে ৰৈী বিভিন্ন অলংকাৰ কলিতাসকলে (মূলতঃ মহিলাসকলে) ব্যৱহাৰ
কৰে। মহিলাসকলে কপাল উকা কৰি নাৰাখে আৰু কপালত ফোঁট লয়। বিয়াৰ পিছত সেন্দুৰৰ ফোঁট লয়
আৰু স্বামী জীৱিত অৱস্থাত সেন্দুৰৰ ফোঁট নােলােৱাকৈ বাজ ওলালে দেৱতাৰ কোপদৃষ্টি ঘৰ-সংসাৰত
পৰে বুলি জনবিশ্বাস আছে। কাণত অলংকাৰ পৰিধান কৰাৰ বাবে ছােৱালী কালত কান-ফুটোৱা উৎসৱেৰে কাণত ফুটা কৰি লােৱা হয়। এই কাণ-ফুটোৱা পর্ব সচৰাচৰ কাতি মাহৰ পূৰ্ণিমাৰ দিনাখন (লক্ষ্মী পূর্ণিমা) বা কিছুমানে বহাগ মাহৰ পূর্ণিমা (বুদ্ধ পূর্ণিমা) অথবা আহিন মাহৰ শুক্লা দশমী (বিজয়া দশমী)ৰ দিনাখনাে কৰে।

৩। কলিতা জনগােষ্ঠীৰ উৎসৱ-পাৰ্বনৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ  কলিতা জনগােষ্ঠীয় লােকে পালন কৰা পর্ব বা উৎসৱসমূহৰ ভিতৰত গৰু বিহু, শাকতি বা শাকেতি, বাঁহ পূজা, ভথেলি, বহাগৰ সাত বিহু, মহােহাে বা ম'হ খেদা, ঢুলীয়া, ভূই ৰােৱা বা গজ দিয়া উৎসৱ, ধানৰ আগ অনা (লখিমী আদৰা) উৎসৱ, পাচতি, কাতি বিহু বা কঙালী বিহু, ধান তােলা উৎসৱ, ন-খােৱা, ভােগালী বিহু, ছােৱালী ডাঙৰ হােৱা পর্ব (পুষ্পিতা বা ধুৱেনী) ওজা পালি, নাগাৰা নাম আদি। অসমীয়া বুলি যিটো সাংস্কৃতিক ধাৰণাৰ সৃষ্টি হৈছে, তাৰ মূল বা মেৰুদণ্ডডাল হ’ল কলিতা জনগােষ্ঠীয় লােকসংস্কৃতি। 

৪। চমুটোকা লিখাঃ
(ক) আনন্দৰাম বৰুৱা
(খ) কুমাৰ ভাস্কৰ বৰ্মা 
(গ) মণিৰাম দেৱান
(ঘ) ড° বাণীকান্ত কাকতি

উত্তৰঃ   

(ক) আনন্দৰাম বৰুৱাঃ

প্রথম অসমীয়া স্নাতক তথা প্রথম অসমীয়া (পঞ্চম ভাৰতীয়) অসামৰিক সেৱাৰ বিষয়া (আই চি এছ)। জন্ম ১৮৫০ চনৰ ২১ মে’ তাৰিখে উত্তৰ গুৱাহাটীত। পিতৃ গৰ্গৰাম বৰুৱা আৰু মাতৃ দুর্লভেশ্বৰী বৰুৱা। জিলা দণ্ডাধীশৰ পদত অধিষ্ঠিত প্রথম অসমীয়া তথা দ্বিতীয় ভাৰতীয়। সংস্কৃত ভাষাৰ এজন বিদগ্ধ পণ্ডিত। মৃত্যু ১৮৮৯ চনৰ ১৯ জানুৱাৰী তাৰিখে। অসম চৰকাৰে ২০০৫ চনৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীর্ণ শিক্ষার্থীসকলৰ বাবে ‘আনন্দৰাম বৰুৱা বঁটা’ৰ প্ৰৱৰ্তন কৰিছে।

(খ) কুমাৰ ভাস্কৰ বৰ্মাঃ

প্রাচীন কামৰূপ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা। ৰজা সুপ্রতিষ্ঠ বৰ্মাৰ মৃত্যুৰ পিছত ৫৯৩
চনত কামৰূপৰ ৰজা হয়। কুমাৰ ভাস্কৰ বৰ্মা সিংহাসনত আৰােহণ কৰা দিনৰ পৰাই অসমীয়া জাতীয় অব্দ (ভাস্কৰাব্দ) গণনা কৰা হয়। উত্তৰ ভাৰতৰ ৰজা হর্ষবর্ধনৰ সতে বন্ধুত্ব আছিল। ভাস্কৰ বৰ্মাই হর্ষবর্ধনেৰে লগ হৈ গৌঢ়ৰ ৰজা শশাংকক পৰাস্ত কৰিছিল আৰু গৌড় আৰু কর্ণসুৱৰ্ণ কামৰূপৰ অধীন কৰিছিল আৰু কামৰূপৰ সীমাই পশ্চিমে বিহাৰ আৰু দক্ষিণে উৰিষ্যা ৰাজ্য পাইছিলগৈ। ইআছিল ভৌগােলিকভাৱে বিশালতম কামৰুপ ৰাজ্য। চীনা পৰিব্রাজক হিউ ৱেন চাঙৰ টোকা মতে কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত কামৰূপ ৰাজ্যৰ সীমা ১৬৭৫ মাইল আৰু ৰাজধানী প্রাগজ্যোতিষপুৰৰ সীমা ৬ মাইল আছিল। ভাস্কৰ বৰ্মাৰ ডুবি তাম্রলিপি, নিধানপুৰ তাম্রলিপি, নালন্দাৰ মােহৰ আদি কলিতা জনগােষ্ঠী তথা অসমৰ অমূল্য ঐতিহাসিক সমল। আনুমানিক ৬৫০ চনত কুমাৰ ভাস্কৰ বৰ্মাৰ মৃত্যু হয়।

(গ) মণিৰাম দেৱানঃ

প্রকৃত নাম মণিৰাম দত্তবৰুৱা, কলিতা ৰজা’ বুলি অভিহিত কৰা হৈছিল। জন্ম
১৭ এপ্রিল, ১৮৫৬ চনত শিৱসাগৰ জিলাৰ চাৰিঙত। শিক্ষাগ্রহণৰ পিছত তেতিয়াৰ ইংৰাজ শাসকৰ কৰতলীয়া ৰজা পুৰন্দৰ সিংহৰ বৰভাণ্ডাৰ বৰুৱা’ বাব । পুৰন্দৰ সিংহ কতলীয়া ৰজাৰ পৰা অপসাৰিত হােৱাৰ পিছত ১৮৩৭-১৮৩৯ কালছােৱাত ইংৰাজ শাসকৰ প্রত্যক্ষ অধীনত ঢেৰেকাপাৰ, কোঁৱৰপুৰ আৰু মেটেকা মৌজাৰ মৌজাদাৰ হিচাবে দায়িত্ব চলােৱাৰ পিছত ১৮৩৯ চনত ইংৰাজৰ ‘আচাম টী কোম্পানীৰ দেৱান পদত যােগদান কৰে। ১৮৪৫ চনত চেনীমৰা (যােৰহাট) আৰু চিংলৌ (শিৱসাগৰ)-ত নিজাকৈ দুখন চাহ বাগিচা খুলি প্রথম অসমীয়া তথা প্রথম ভাৰতীয় চাহ-খেতিয়ক হিচাপে পৰিগণিত হয়। অসমত ইংৰাজৰ বিৰূদ্ধে স্বাধীনতা আন্দোলনৰ বাটকটীয়া মণিৰাম দেৱান। ৰাজনৈতিক স্বাধীনতাৰ লগে লগে অর্থনৈতিক স্বাধীনতা প্রতিষ্ঠাৰ বাবে লাে গলােৱা উদ্যোগ, সােণ উদ্যোগ, লােন ব্যৱসায়, নাও বনােৱা উদ্যোগ, ইটা উদ্যোগ আদি স্থাপন আৰু মূদ্রা প্রচলনেৰে আধুনিক অর্থনীতিৰ ভেটি স্থাপন কৰিছিল। উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে  ব্রহ্মপুত্র উপত্যকাৰ পাঁচখন ঠাইত পাঁচখন হাট’ প্রতিষ্ঠা কৰিছিল, - ডিব্ৰুগড় জিলাত বৰহাট, শিৱসাগৰ জিলাত নগাহাট, কামৰূপ জিলাত গাৰােহাট, লখীমপুৰ জিলাত চিচিহাট আৰু দৰং জিলাত দৰঙীয়া হাট। ‘বুৰঞ্জী বিবেক ৰত্ন’ নামেৰে গ্ৰন্থ ৰচনা কৰিছিল। অসমত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সূচনা কৰা বাবে দোষী সাব্যস্ত কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে ইংৰাজ শাসকে মণিৰামক যােৰহাটত ৰাজহুৱাকৈ ফাঁচী দিয়ে।

(ঘ) ড° বাণীকান্ত কাকতিঃ

 জন্ম ১৫ নৱেম্বৰ, ১৮৯৪ চনত এতিয়াৰ বৰপেটা জিলাৰ বাটিকুৰিহা গাঁৱত।
পিতৃ ললিতৰাম কাকতি আৰু মাতৃ লতােবালা কাকতি। ১৯১১ চনত অসম উপত্যকাৰ ভিতৰত প্রথম স্থানেৰে বৰপেটা হাইস্কুলৰ পৰা প্ৰৱেশিকা আৰু ১৯১৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰত প্রথম স্থানেৰে আই, এ পৰীক্ষাত উত্তীর্ণ। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি, এ আৰু এম, এ পৰীক্ষাত উত্তীর্ণ হােৱাৰ পিছত ১৯১৮ চনত কটন কলেজ, গুৱাহাটীত অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি ১৯৪৭ চনত অধ্যক্ষ হয়। পৰৱর্তীসময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে যােগদান কৰে। ১৯১৬ চনত বৰপেটাৰ কনকলতা (দাস) কাকতিৰ সতে বিবাহপাশত আৱদ্ধ। কলিতা জাতিৰ ইতিবৃত্ত’ আদি কেবাখনাে গ্রন্থ ৰচনা কৰে। মূলতঃ কলিতা জনগগাষ্ঠীয় ভাষাটিৰ আধাৰত অইন জনগােষ্ঠীসমূহৰ অৱদানেৰে সমৃদ্ধ হৈ হােৱা অসমীয়া ভাষাটোক এটা স্বতন্তৰীয়া আধুনিক ভাষা বুলি ডঃ কাকতিদেৱে প্রতিষ্ঠা কৰিছিল। Assamese-It's Formation and Developement গ্রন্থখনিৰ বাবে কলিকতা বিশ্ববিদ্যালয়ে তেখেতক ডক্তৰেট’ উপাধি প্রদান কৰিছিল। ১৫ নৱেম্বৰ, ১৯৫২ চনত তেখেতে ইহলীলা সম্বৰণ কৰে ।

No comments:

Post a Comment

Please don't use spam link in the comment box.

Popular Posts

Featured post

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয়া স্ব -শিকন সমল ( সমল নং - ২) - ষষ্ঠ শ্ৰেণীৰ বাবে

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয়া স্ব -শিকন সমল ( সমল নং - ২) - ষষ্ঠ শ্ৰেণীৰ বাবে  বিষয় - বিজ্ঞান   অধ্যায় -2ঃ খাদ্যৰ উপাদান  পূৰ্বজ্ঞান আমি বিভি...