গৰিয়া, মৰিয়া আৰু দেশীসকল ( সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ )
গৰিয়া, মৰিয়া আৰু দেশীসকল |
অসম বিভিন্ন জাতি-উপজাতিৰে পৰিৱেষ্টিত। বিভিন্ন জাতি-উপজাতিক লৈয়ে বৃহত্তৰ অসমীয়া জাতি
গঠিত হৈছে। আন আন খিলঞ্জীয়া জনগোষ্ঠীৰ দৰে অসমীয়া জাতি গঠন প্রক্রিয়াত অংশগ্রহণ কৰা
গৰিয়া, মৰিয়া, দেশী বুলি বুৰঞ্জীখ্যাত ইছলামধর্মী খিলঞ্জীয়াসকল অসমৰ প্রাচীন জনগোষ্ঠীসমূহৰ
অংশবিশেষ। অসমত এই জনগোষ্ঠীটোৰ উদ্ভৱ এটা উল্লেখযোগ্য পৰিঘটনা। ১২০৫-০৬ খ্রীষ্টাব্দত
তিব্বত-চীন জয় কৰাৰ মানসেৰে বংগৰ তুর্কী সেনাপতি বখতিয়াৰ খিলিজিৰ নেতৃত্বত কামৰূপত প্ৰৱেশ
কৰা মুছলমান সৈন্যসকল কামৰূপৰ ৰজা পৃথুৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈ তাৰে কিছু সৈন্য
অসমতে ৰৈ যোৱা বুলি কোৱা হয়। উল্লেখযোগ্য যে বখতিয়াৰ খিলিঞ্জীয়াক বাট দেখুৱাই লৈ আহিছিল
‘আলি মেচ’ নামৰ এজন ইছলাম ধৰ্মলৈ ধর্মান্তৰিত জনজাতীয় ৰজাই। বুৰঞ্জীত তেওঁকেই প্রথম ইছলাম
ধৰ্মলৈ ধর্মান্তৰিত জনজাতীয় ৰজা বুলি জনা যায়। গতিকে ৰজাৰ লগত প্রজাৰ বহুতে ইছলাম ধর্ম
গ্ৰহণ কৰাটো স্বাভাৱিক কথা। কোনো কোনো ইতিহাসবিদৰ মতে আকৌ সপ্তদশ শতিকাতে হেনো
অসমত ইছলাম ধৰ্মৰ সূচনা তুৰস্কৰ ৰজা সৌষ্টৱ হাছানে চীন জয় কৰি ওভতাৰ পথত ৰৈ যোৱা
কিছু সৈনিকৰ পৰা হয়। (প্রসংগ : ইছলামীয় ঐতিহ্য আৰু অসমৰফিউল হুছেইন বৰুৱা)। সি
যি কি নহওক, সপ্তম শতিকাতে হওক বা ত্রয়োদশ শতিকাতেই হওক, অসমত এনেদৰে বিভিন্ন সময়ত
আহি ৰৈ যোৱা যুদ্ধবন্দীৰ সৈতে বৈবাহিক সম্পর্ককে ধৰি হোৱা সান্নিধ্য তথা বিভিন্ন সময়ত অহা
ধর্মপ্রচাৰক পী-সাধকসকলৰ মহান বাণীৰ প্ৰভাৱত বিভিন্ন ধর্মাৱলম্বী তথা হিন্দু ধর্মাৱলম্বী খিলঞ্জীয়া
লোকসকলৰ মনত ইছলাম ধৰ্মৰ প্ৰভাৱ দকৈ শিপাবলৈ আৰম্ভ কৰিলে। গতিকে স্বেচ্ছাই হওক বা
বিশেষ পৰিস্থিতিত পৰিয়েই হওক খিলঞ্জীয়া লোকসকলে ইছলাম ধর্ম গ্রহণ কৰিবলৈ আৰম্ভ কৰিলে।
কিন্তু ইছলাম ধর্ম গ্রহণ কৰিলেও এইসকল লোকে নিজৰ খিলঞ্জীয়া লােক-সংস্কৃতি পৰিত্যাগ নকৰিলে।
ফলস্বৰূপে কালক্ৰমত এই ধর্মান্তৰিত খিলঞ্জীয়া লোকৰ মাজত যুদ্ধবন্দী বুলি খ্যাত মুষ্টিমেয় লোকসকলে
নিজৰ সম্পূর্ণ স্বকীয়তা পৰিত্যাগ কৰি অসমৰ খিলঞ্জীয়া ভাষা, পৰম্পৰা, সংস্কৃতিৰ সৈতে চিৰদিনৰ
বাবে জাহ যাবলৈ বাধ্য হ’ল। আনকি ধর্ম প্রচাৰৰ বাবে অহা মুছলমান পী-সাধকসকলেও খিলঞ্জীয়া
লোকৰ মানসিকতা বুজি উঠি ধর্মীয় বাণীসমূহ খিলঞ্জীয়া ভাষা-সংস্কৃতি তথা হিন্দু ধর্মীয় শব্দৰ সৈতে
সংগতি ৰাখি প্রচাৰ কৰিবলৈ বাধ্য হ'ল। অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰা মহান পীৰ হজৰত
আজান ফকিৰৰ দ্বাৰা ৰচিত জিকিৰসমূহ তাৰেই জীৱন্ত উদাহৰণ। উল্লেখ্য যে এনেদৰে ধর্মান্তৰিত হােৱা
খিলঞ্জীয়া লোকসকল আৰম্ভণিতে মূল সমাজখনৰ পৰা বাদ পৰি ৰােৱা সমাজখনৰ অন্তর্ভুক্ত হৈ ইছলাম
ধর্ম গ্রহণ কৰিলে। এই লোকসকলেই গৰিয়া বুলি পৰিচিত হল। অৱশ্যে গৰিয়া শব্দৰ উৎপত্তি সম্পর্কে
আৰু কেইবাটাও মতবাদ আছে যদিও গৰিয়াসকলৰ দৈহিক গঠন, লোক-সংস্কৃতি, পৰম্পৰা আৰু
জনগাঁথনি আদি দিশসমূহৰ ফালৰ পৰা ওপৰত উল্লেখিত মতবাদটোতেই যথার্থতা থকা বুলি অনুমান
কৰা হয়। আনহাতে, আহোম ৰাজত্বকালত কাঁহ-পিতলৰ স’তে জড়িত ইছলাম ধৰ্মাৱলম্বী লোকসকলক
মৰিয়া বুলি জনা যায়। মৰিয়া লোকসকলৰ অৱস্থিতি উজনি অসমৰ কিছু অঞ্চল, নগাঁও জিলা, নামনিৰ
গুৱাহাটীৰ উজান বজাৰ আৰু হাজোত পোৱা যায়। দেশীসকল মূলতঃ অবিভক্ত গোৱালপাৰা জিলাৰ
বাসিন্দা। অবিভক্ত গোৱালপাৰাৰ কোচ-ৰাজবংশী ভাষা-সংস্কৃতিসম্পন্ন ইছলাম ধৰ্মী খিলঞ্জীয়া
লোকসকলক দেশী বা দেশী মুছলমান বুলি জনা যায়। দেশীসকল মূলতঃ কোচ-ৰাজবংশী, মেচ- কছাৰী আদি খিলঞ্জীয়া জনগোষ্ঠীৰ পৰা ধর্মান্তৰিত হোৱা লোক।
অসমৰ জাতীয় স্বার্থতগৰিয়া-মৰিয়া-দেশীৰ অৱদানঃ
অসমত ইছলাম ধৰ্মৰ সূচনা হৈছিল ১২০৬ খ্রীষ্টাব্দত আৰু আহোম ৰাজত্বকালৰ সূচনা হৈছিল
১২২৮ খ্রীষ্টাব্দত। এই আহোম ৰাজত্বকালতেই মোমাই তামুলী বৰবৰুৱাদেৱে কোচ ২ ঘৰ, ব্রাহ্মণ
২ ঘৰ, কলিতা ২ ঘৰ আদিৰ স'তে ২ ঘৰ গৰিয়া, ২ ঘৰ মৰিয়াকো সন্নিৱিষ্ট কৰি মহান অসমীয়া
সমাজ গঠনৰ চানেকি ৰচনা কৰিছিল (প্রসংগ : ড° সূর্যকুমাৰ ভূঞাৰ দ্বাৰা সম্পাদিত ‘দেওধাই অসম
বুৰঞ্জী, পৃঃ ৯৫)। গতিকে এই কথা সহজে অনুমেয় যে সাতামপুৰুষীয়া ধৰ্মনিৰপেক্ষ সমাজ-সংস্কৃতিৰে
পৰিপুষ্ট অসমীয়া জাতি গঠন প্রক্রিয়াৰ লগত গৰিয়া, মৰিয়া, দেশীসকল স্বদেশৰ স্বাৰ্থত আত্মবলিদান
দিয়াৰ উপৰি অসমৰ শিল্প, কলা, সাহিত্য, সংস্কৃতি আদি সকলো দিশতে আহোম যুগৰে পৰা আজিলৈ
অনৱদ্য অৱদান যোগাই আহিছে। তেওঁলোকৰ মাজৰ মাথোঁ কেইজনমানৰ চানেকি আমি তলত দাঙি
ধৰিবলৈ চেষ্টা কৰিছো
বাঘ হাজৰিকাঃ প্রকৃত নাম ইছমাইল ছিদ্দিকী। বাঘৰ সৈতে যুদ্ধ কৰি পৰাভূত কৰা শক্তিৰ বাবে
বাঘ নাম অর্জন কৰিছিল। অদম্য সাহস আৰু কর্মদক্ষতাৰ বাবে আহোম ৰাজত্বকালত হাজৰিকা পদবী
লাভ কৰিছিল। শৰাইঘাট ৰণত লাচিত বৰফুকনৰ সহযোগী পালি সেনাপতিৰূপে প্ৰৱল পৰাক্ৰমেৰে
মোগলৰ বিৰুদ্ধে যুঁজিছিল।
আজান ফকিৰে চাহাবঃ যিসকল মুছলমান ধর্মগুৰুৱে পৱিত্ৰ ইছলাম ধৰ্মৰ বাণীসমূহ সহজ-সৰল
ভাষাত জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল, তাৰ ভিতৰত আজান ফকীৰ অন্যতম। আজান ফকিৰৰ
অন্য নাম শাহ মিলান। আজান ফকিৰ চাহাব সুদূৰ বাগদাদৰ পৰা ইছলাম ধর্ম প্রচাৰ কৰিবলৈ ভ্ৰমি
অসমত থাকিবলৈ লৈছিল বুলি কোৱা হয়। কিন্তু তেওঁৰে ৰচিত দুই-এটা জিকিৰত থকা ‘ভিখাৰী
আজানে কয় আহো পৰদেশ, ভাটিৰ পৰা আহিল চাহাব দাড়ি পৰ্কা', এই বাক্যটোত পৰদেশ আৰু
ভাটি শব্দই তেওঁক পশ্চিম অসমৰ কামৰূপ, গোৱালপাৰা আদি ঠাইৰ পৰা অহাও বুজাব পাৰে। আজান
পীৰ বা শাহ মিলানৰ নামত প্রচলিত আঠকুৰি জিকিৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ। জিকিৰসমূহৰ
ৰচনা কাল কোনো কোনোৰ মতে ১৬৩৪ খ্রীষ্টাব্দ আৰু কোনো কোনোৰ মতে ১৭৩৪ খ্রীষ্টাব্দ। ৰজা
গদাধৰ সিংহৰ দিনত ৰূপাই গৰীয়া দা-ধৰা নামৰ এজন (ইছলামধর্মী) বিষয়াৰ চক্ৰান্তত পৰি ৰজাই
তেওঁৰ চকু কঢ়াইছিল যদিও ৰজাই পিছত নিজৰ ভুল উপলব্ধি কৰিব পাৰি তেওঁক সৰাগুৰি চাপৰিত
মাটি-বৃত্তি দি স্থায়ীভাৱে থাকিবলৈ দিয়ে। তাতেই তেওঁৰ মৃত্যু হয়। তেওঁ নিতৌ পুৱা-গধূলি মছজিদত
আজান দিয়াৰ বাবে মানুহে তেওঁক আজান ফকিৰ বুলি কৈছিল।
বাহাদুৰ গাঁওবুঢ়াঃ বাহাদুৰ গাঁওবুঢ়াক এগৰাকী স্বাধীনতা সংগ্রামী হিচাপে জনা যায়। তেওঁ বুকতাৰ
পৰা উঠি গৈ যোৰহাটত বসতি স্থাপন কৰিছিল।
১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ জৰিয়তে আৰম্ভ হোৱা ভাৰতৰ স্বাধীনতা সংগ্রামত মণিৰাম দেৱান,
পিয়লি বৰুৱা আদিৰ লগতে বাহাদুৰ (বাহদিল)- ৰ ভূমিকা আছিল উল্লেখযোগ্য। ইংৰাজৰ বিৰুদ্ধে
বিদ্ৰোহৰ অপৰাধত কমিছৰ চি হলৰইডৰ বিচাৰ অনুযায়ী বাহাদুৰ গাঁওবুঢ়াক কলীয়াপানীলৈ
যাৱজ্জীৱন দ্বীপান্তৰ কৰা হয়।
চৈয়দ আব্দুল মালিকঃ গোলাঘাট জিলাৰ নাহৰণি গাঁৱত চৈয়দ পৰিয়ালত ১৯১৯ চনৰ ১৬ মে’
তাৰিখে আব্দুল মালিকৰ জন্ম হয়। পিতৃৰ নাম চৈয়দ ৰহম্মত আলী। তেওঁ এগৰাকী স্বনামধন্য সাহিত্যিক
আছিল। ১৯৩৫ চনত ‘বন্ধ কোঠা' নামৰ গল্প এটা প্রথম প্রকাশ পোৱাৰ পিছৰে পৰা তেওঁ মৃত্যুৰ
আগমুহূৰ্তলৈকে লিখি যোৱা গল্প, উপন্যাস, নাটক, কবিতা-পুথিৰে অসমীয়া সাহিত্য চহকী কৰি থৈ
গৈছে। তেওঁ ১৯৫৪ চনৰ পৰা ১৯৫৬ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগৰ গৱেষণা
আঁচনিৰ অধীনত অসমীয়া জিকিৰ আৰু জাৰী বিষয়ক গৱেষণা কৰে।
১৯৫৬-৫৭ চনত এছিয়ান ৰাইটাৰ্ছ কনফাৰেন্সত তেওঁ ভাৰতৰ হৈ প্রতিনিধিত্ব কৰিছিল। ১৯৭৭
চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনত সভাপতি পদত অধিষ্ঠিত হৈছিল। ১৯৫২-৫৫
চনত তেওঁ ভাৰতীয় গণনাট্য সংঘৰ উপ-সভাপতি পদত কার্যনির্বাহ কৰিছিল। অঘৰী আত্মাৰ কাহিনী’
নামৰ উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিছিল। ১৯৯৭ চনত অসম সাহিত্য
সভাই তেওঁক সাহিত্যাচার্য উপাধি প্রদান কৰে। ১৯৯২ চনত অসম উপত্যকা বঁটা, ১৯৯৩ চনত
আজান ফকিৰ বঁটা, ১৯৮৮ চনত হার্মনী বঁটা, ১৯৯৫ চনত মহাপুৰুষ শংকৰদেৱৰ জীৱনকৰ্মৰ আধাৰত
লখা ‘ধন্য নৰ তনু ভাল’ নামৰ উপন্যাসখনৰ বাবে শংকৰদেৱ বঁটা লাভ কৰে। ১৯৯৯ চনত লাভ
কৰে সাহিত্য অকাডেমীৰ ফেল’শ্বিপ। ভাৰত চৰকাৰে ১৯৮৪ চনত পদ্মশ্ৰী আৰু ১৯৯২ চনত
পদ্মভূষণ উপাধিৰে বিভূষিত কৰে। বহু প্রতিভাৰ গৰাকী এইগৰাকী সাহিত্যিকে ২০০২ চনৰ ১৯
ডিচেম্বৰত ইহলীলা সম্বৰণ কৰে।
নবাব ছেহিদুৰ ৰহমানঃ সুভাষ চন্দ্র বসুৰ নেতৃত্বত গঠন হোৱা ‘আজাদ হিন্দ ফৌজ’ৰ এগৰাকী
অন্যতম নেতা আছিল। ভাৰতৰ স্বাধীনতা যুদ্ধত ‘আজাদ হিন্দ ফৌজৰ এইগৰাকী অসমীয়াই আছিল
আজাদ হিন্দ ফৌজৰ প্ৰথম অসমীয়া শহীদ। দ্বিতীয় মহাযুদ্ধৰ সময়ত মিত্র বাহিনীৰ বোমা বর্ষণত
তেওঁৰ ১৯৪৫ চনৰ ৩১ মার্চত মৃত্যু হয়।
ফখৰুদ্দিন আলী আহমেদঃ ফখৰুদ্দিন আলী আহমেদে ১৯০৫ চনৰ মে’ মাহৰ ১৩ তাৰিখে দিল্লীত
জন্ম গ্রহণ কৰে। তেওঁ ১৯২৭ চনত কেমব্রিজৰ ছেন্ট কোৰিন কলেজৰ পৰা বুৰঞ্জীৰ স্নাতক আৰু
লণ্ডনৰ ইনাৰ টেম্পলৰ পৰা বাৰ-এট-ল উপাধি লাভ কৰি ১৯৩১ চনত অসমলৈ আহি ওকালতি
কৰাৰ লগতে ভাৰতীয় কংগ্ৰেছত যোগদানেৰে ৰাজনীতিতে অংশ গ্রহণ কৰে। ১৯৫২ চনত ৰাজ্যসভালৈ
নির্বাচিত হয়। ১৯৬৬ চনত লোকসভাৰ সদস্য নির্বাচিত হৈ কেন্দ্রীয় মন্ত্রী পদ লাভ কৰে। ১৯৭৪
চনৰ ২৪ আগষ্টত তেওঁ ভাৰতৰ ৰাষ্ট্রপতি নির্বাচিত হয়। ৰাষ্ট্ৰপতিৰূপে কার্যনির্বাহ কৰি থকা অৱস্থাতে
১৯৭৭ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে হৃদৰোগত আক্ৰান্ত হৈ তেওঁ স্বর্গগামী হয়।
প্রশ্নাৱলীঃ
১। বখতিয়াৰ খিলিজিয়ে কেতিয়া অসমত প্ৰৱেশ কৰিছিল ?
উত্তৰঃ - ১২০৫ - ০৬ খ্ৰীষ্টাব্দত ৷
২। বখতিয়াৰ খিলিজি কিহৰ বাবে অসম প্ৰৱেশ কৰিছিল ?
উত্তৰঃ তিব্বত-চীন জয় কৰাৰ মানসেৰে ৷
৩। বখতিয়াৰ খিলিজিয়ে কাৰ হাতত পৰাস্ত হৈছিল ?
উত্তৰঃ কামৰূপৰ ৰজা পৃথুৰ হাতত ৷
৪। ইছলাম ধৰ্মলৈ ধর্মান্তৰিত হোৱা প্রথম জনজাতীয় ৰজাজনৰ নাম কি?
উত্তৰঃ আলি মেচ ৷
৫। অসমত কাক গৰিয়া বুলি কোৱা হয় ?
উত্তৰঃ ধর্মান্তৰিত হোৱা খিলঞ্জীয়া লোকসকল আৰম্ভণিতে মূল সমাজখনৰ পৰা বাদ পৰি ৰোৱা সমাজখনৰ অন্তর্ভুক্ত হৈ ইছলাম ধর্ম গ্রহণ কৰিলে। এই লোকসকলেই গৰিয়া বুলি পৰিচিত হল।
৬। আহোম ৰাজত্বকাললৈকে অসমত একাংশ খিলঞ্জীয়া লোক ইছলাম ধর্ম গ্রহণ কৰাৰ কাৰণ দুটা বর্ণনা ৷
উত্তৰঃ (ক) ধৰ্মপ্ৰচাৰক পীৰ-সাধকসকলৰ মহান বাণীৰ প্ৰভাৱত ৷
(খ) বিভিন্ন সময়ত যুদ্ধবন্দীৰ সৈতে বৈবাহিক সম্পৰ্কৰ ফলত ৷
৭| মৰিয়া আৰু দেশী জনগোষ্ঠীৰ বিষয়ে বর্ণনা কৰা।
উত্তৰঃ অসমত ইছলাম ধৰ্মৰ সূচনা হৈছিল ১২০৬ খ্রীষ্টাব্দত আৰু আহোম ৰাজত্বকালৰ সূচনা হৈছিল
১২২৮ খ্রীষ্টাব্দত। এই আহোম ৰাজত্বকালতেই মোমাই তামুলী বৰবৰুৱাদেৱে কোচ ২ ঘৰ, ব্রাহ্মণ
২ ঘৰ, কলিতা ২ ঘৰ আদিৰ স'তে ২ ঘৰ গৰিয়া, ২ ঘৰ মৰিয়াকো সন্নিৱিষ্ট কৰি মহান অসমীয়া
সমাজ গঠনৰ চানেকি ৰচনা কৰিছিল (প্রসংগ : ড° সূর্যকুমাৰ ভূঞাৰ দ্বাৰা সম্পাদিত ‘দেওধাই অসম
বুৰঞ্জী, পৃঃ ৯৫)। গতিকে এই কথা সহজে অনুমেয় যে সাতামপুৰুষীয়া ধৰ্মনিৰপেক্ষ সমাজ-সংস্কৃতিৰে
পৰিপুষ্ট অসমীয়া জাতি গঠন প্রক্রিয়াৰ লগত গৰিয়া, মৰিয়া, দেশীসকল স্বদেশৰ স্বাৰ্থত আত্মবলিদান
দিয়াৰ উপৰি অসমৰ শিল্প, কলা, সাহিত্য, সংস্কৃতি আদি সকলো দিশতে আহোম যুগৰে পৰা আজিলৈ
অনৱদ্য অৱদান যোগাই আহিছে। তেওঁলোকৰ মাজৰ মাথোঁ কেইজনমানৰ চানেকি আমি তলত দাঙি
ধৰিবলৈ চেষ্টা কৰিছো
৮| চমুটোকা লিখাঃ
(ক) বাঘ হাজৰিকা
(খ) আজান ফকীৰ চাহাব
(গ) ছৈয়দ আব্দুল মালিক
(ঘ) নবাব ছেহিদুৰ ৰহমান।
উত্তৰঃ
(ক) বাঘ হাজৰিকাঃ
বাঘ হাজৰিকাৰ প্রকৃত নাম ইছমাইল ছিদ্দিকী। বাঘৰ সৈতে যুদ্ধ কৰি পৰাভূত কৰা শক্তিৰ বাবে বাঘ নাম অর্জন কৰিছিল। অদম্য সাহস আৰু কর্মদক্ষতাৰ বাবে আহোম ৰাজত্বকালত হাজৰিকা পদবী লাভ কৰিছিল। শৰাইঘাট ৰণত লাচিত বৰফুকনৰ সহযোগী পালি সেনাপতিৰূপে প্ৰৱল পৰাক্ৰমেৰে মোগলৰ বিৰুদ্ধে যুঁজিছিল।
(খ) আজান ফকীৰ চাহাবঃ
যিসকল মুছলমান ধর্মগুৰুৱে পৱিত্ৰ ইছলাম ধৰ্মৰ বাণীসমূহ সহজ-সৰল
ভাষাত জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল, তাৰ ভিতৰত আজান ফকীৰ অন্যতম। আজান ফকিৰৰ
অন্য নাম শাহ মিলান। আজান ফকিৰ চাহাব সুদূৰ বাগদাদৰ পৰা ইছলাম ধর্ম প্রচাৰ কৰিবলৈ
অসমত থাকিবলৈ লৈছিল বুলি কোৱা হয়। কিন্তু তেওঁৰে ৰচিত দুই-এটা জিকিৰত থকা ‘ভিখাৰী
আজানে কয় আহো পৰদেশ, ভাটিৰ পৰা আহিল চাহাব দাড়ি পৰ্কা', এই বাক্যটোত পৰদেশ আৰু
ভাটি শব্দই তেওঁক পশ্চিম অসমৰ কামৰূপ, গোৱালপাৰা আদি ঠাইৰ পৰা অহাও বুজাব পাৰে। আজান
পীৰ বা শাহ মিলানৰ নামত প্রচলিত আঠকুৰি জিকিৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ। জিকিৰসমূহৰ
ৰচনা কাল কোনো কোনোৰ মতে ১৬৩৪ খ্রীষ্টাব্দ আৰু কোনো কোনোৰ মতে ১৭৩৪ খ্রীষ্টাব্দ। ৰজা
গদাধৰ সিংহৰ দিনত ৰূপাই গৰীয়া দা-ধৰা নামৰ এজন (ইছলামধর্মী) বিষয়াৰ চক্ৰান্তত পৰি ৰজাই
তেওঁৰ চকু কঢ়াইছিল যদিও ৰজাই পিছত নিজৰ ভুল উপলব্ধি কৰিব পাৰি তেওঁক সৰাগুৰি চাপৰিত
মাটি-বৃত্তি দি স্থায়ীভাৱে থাকিবলৈ দিয়ে। তাতেই তেওঁৰ মৃত্যু হয়। তেওঁ নিতৌ পুৱা-গধূলি মছজিদত
আজান দিয়াৰ বাবে মানুহে তেওঁক আজান ফকিৰ বুলি কৈছিল।
(গ) ছৈয়দ আব্দুল মালিকঃ গোলাঘাট জিলাৰ নাহৰণি গাঁৱত চৈয়দ পৰিয়ালত ১৯১৯ চনৰ ১৬ মে’
তাৰিখে আব্দুল মালিকৰ জন্ম হয়। পিতৃৰ নাম চৈয়দ মহম্মদ আলী। তেওঁ এগৰাকী স্বনামধন্য সাহিত্যিক
আছিল। ১৯৩৫ চনত ‘বন্ধ কোঠা' নামৰ গল্প এটা প্রথম প্রকাশ পোৱাৰ পিছৰে পৰা তেওঁ মৃত্যুৰ
আগমুহূৰ্তলৈকে লিখি যোৱা গল্প, উপন্যাস, নাটক, কবিতা-পুথিৰে অসমীয়া সাহিত্য চহকী কৰি থৈ
গৈছে। তেওঁ ১৯৫৪ চনৰ পৰা ১৯৫৬ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগৰ গৱেষণা
আঁচনিৰ অধীনত অসমীয়া জিকিৰ আৰু জাৰী বিষয়ক গৱেষণা কৰে।
১৯৫৬-৫৭ চনত এছিয়ান ৰাইটাৰ্ছ কনফাৰেন্সত তেওঁ ভাৰতৰ হৈ প্রতিনিধিত্ব কৰিছিল। ১৯৭৭
চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনত সভাপতি পদত অধিষ্ঠিত হৈছিল। ১৯৫২-৫৫
চনত তেওঁ ভাৰতীয় গণনাট্য সংঘৰ উপ-সভাপতি পদত কার্যনির্বাহ কৰিছিল। অঘৰী আত্মাৰ কাহিনী’
নামৰ উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিছিল। ১৯৯৭ চনত অসম সাহিত্য
সভাই তেওঁক সাহিত্যাচার্য উপাধি প্রদান কৰে। ১৯৯২ চনত অসম উপত্যকা বঁটা, ১৯৯৩ চনত
আজান ফকিৰ বঁটা, ১৯৮৮ চনত হার্মনী বঁটা, ১৯৯৫ চনত মহাপুৰুষ শংকৰদেৱৰ জীৱনকৰ্মৰ আধাৰত
লখা ‘ধন্য নৰ তনু ভাল’ নামৰ উপন্যাসখনৰ বাবে শংকৰদেৱ বঁটা লাভ কৰে। ১৯৯৯ চনত লাভ
কৰে সাহিত্য অকাডেমীৰ ফেল’শ্বিপ। ভাৰত চৰকাৰে ১৯৮৪ চনত পদ্মশ্ৰী আৰু ১৯৯২ চনত
পদ্মভূষণ উপাধিৰে বিভূষিত কৰে। বহু প্রতিভাৰ গৰাকী এইগৰাকী সাহিত্যিকে ২০০২ চনৰ ১৯
ডিচেম্বৰত ইহলীলা সম্বৰণ কৰে।
(ঘ) নবাব ছেহিদুৰ ৰহমানঃ সুভাষ চন্দ্র বসুৰ নেতৃত্বত গঠন হোৱা ‘আজাদ হিন্দ ফৌজ’ৰ এগৰাকী
অন্যতম নেতা আছিল। ভাৰতৰ স্বাধীনতা যুদ্ধত ‘আজাদ হিন্দ ফৌজৰ এইগৰাকী অসমীয়াই আছিল
আজাদ হিন্দ ফৌজৰ প্ৰথম অসমীয়া শহীদ। দ্বিতীয় মহাযুদ্ধৰ সময়ত মিত্র বাহিনীৰ বোমা বর্ষণত
তেওঁৰ ১৯৪৫ চনৰ ৩১ মার্চত মৃত্যু হয়।
Please don't use spam link in the comment box.