Karobihokol - Boisitramai Axom - Class IX [ কাৰবিসকল( কাৰবি সাহিত্য সভা )- বৈচিত্ৰ্য়ময় অসম -নৱম শ্ৰেণী ]

                                   কাৰবিসকল( কাৰবি সাহিত্য সভা )

কাৰবিসকল অসমৰ এটি প্রধান জনজাতি। বিষ্ণুপ্ৰসাদ ৰাভাই আমেৰিকাৰ আৱিষ্কাৰক কলম্বাছৰ সৈতে
তুলনা কৰি কাবিসকলক অসমৰ কলম্বাছ বুলি আখ্যা দিছিল। এই উক্তি যুক্তিসহকাৰে সমর্থন কৰিছিল
কলিকতাৰ বিখ্যাত ইতিহাসবিদ সুনীতি কুমাৰ চট্টোপাধ্যায়ে।
নৱম শ্ৰেণী - বৈচিত্ৰ্যময় অসম - কাৰবিসকল



বসতি অঞ্চলঃ অসমৰ সোঁমাজতে থকা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙেই হ’ল কাবিসকলৰ
প্রধান বসতি অঞ্চল।
দুয়ােখন ঠাই সামৰি কাৰ্বি আংলং স্বায়ত্ব পৰিষদ গঠন হৈছে। ইয়াত ২৬-জন নির্বাচিত সদস্য আৰু
চাৰিজনকৈ মনােনীত সদস্য আছে। সৰ্বমুঠ আসন ৩০-খন। ইয়াৰ মাটি কালি ১০,৩৪৩ বর্গ কিলােমিটাৰ।

     ইয়াৰ বাহিৰেও শশাণিতপুৰ, বিশ্বনাথ, লক্ষিমপুৰ, কামৰূপ সােণাপুৰ আদি ঠাইতাে কাবিসকল বসতি
কৰা দেখা যায়। মণিপুৰ, নাগালেণ্ড, মেঘালয়, অৰুণাচল আদি ৰাজ্যতাে কম বেছি পৰিমাণে কাৰ্বিংসকলৰ বসতি আছে।

সাঁজ-পাৰঃ পুৰুষ আৰু নাৰীৰ পােচাক পৃথক। পুৰুষৰ আঁঠুমূৰীয়া পে ছেলেং, চই হংথৰ, চই ই, চই
লক্ (কাবি জেকেট) পহ’ আদিয়েই প্রধান। চই হংথৰ আজিকালি কাবি জেকেট বুলি পৰিচিত। পহ’
(কাবি মাফ্লাৰ) ৪ আৰু ৫ ইঞ্চি বহল আৰু প্রায় পাঁচৰ পৰা ছয় ফুটলৈ দীঘল। ইয়াৰ দুয়ােমুৰে বিভিন্ন ৰঙৰ
ফুল তুলি দিয়া হয়।

চেপান আবুঃ প্রায় ৩ ইঞ্চি বহল আৰু দীঘলে প্রায় ৬ ফুট। দুয়ােমূৰে কড়িৰে সম্বলিত বিশেষ চকচকীয়া।
ক’লা কাপােৰ। ইয়াক ডেকাল’ৰাসকলে ব্যৱহাৰ কৰা দেখা যায়।
নাৰীৰ সাজপাৰ হ’ল পিনি, পেকক আৰু ৱানকক –  তদুপৰি পে ছেলেং, পে খনজাৰি, পে ছাৰপি
আদিয়ে প্রধান।

পিবাঃ ডেৰ ফুট ( ১ 1/2), ফুটৰ পৰা ২ ফুট বহল আৰু ৬ ফুট দীঘল। দুয়াে মুৰে বিভিন্ন ৰঙৰ ফুল তুলি কড়িৰে সম্বলিত বিশেষ চকচকীয়া কলা কাপােৰ। ইয়াক মহিলাসকলে নিজৰ কেঁচুৱাটিক বােকোচাত ল'বৰ বাবে ব্যৱহাৰ কৰে।

আ-অলংকাৰঃ লেক হিকি, নথেংপী, ন’লাংপং, ন'জাংছাই, লেক ৰূৱে, লেক পাংখাৰা, লাং আৱ’,ৰই
পাংখাৰা, ৰই পাহু আদিয়েই প্রধান।

উৎসৱ-পাৰ্বণঃ পেং হেমফু, ৰংকেৰ, চজুন আদিয়েই প্রধান। পেং হেমফু হ’ল ঘৰুৱা উৎসৱ। এই
উৎসৱত সাধাৰণতে তিনিটাকৈ পূজা থাকে। ৰিৎ আংলং, বুইচম আৰু পেং। এই তিনিটা পূজা বছৰৰ আৰম্ভণিতে কৰা হয় যাতে বছৰৰ অপায়-অমংগল নহয়। ইয়াক কোৱা হয় ঘৰুৱা উৎসৱ।

চজুন উৎসৱ (Family festival) : এই উৎসৱ প্ৰতিবছৰে উদ্যাপন নহয়। ৪, ৫ বা ৯ বছৰৰ মূৰে মূৰে কৰা হয়।

ৰংকেৰ উৎসৱ (Community Festival): ইয়াক গাঁৱৰ উৎসৱ বুলি কোৱা হয়। এই উৎসৱ বছৰৰ
আৰম্ভণিতে উদ্যাপন কৰা হয়। পূজাৰ মূল বেদীত চৰাই, ছাগলী, কণী আদি উছা কৰি উপাস্য দেৱতাৰ
সন্তুষ্টিৰ বাবে পূজা কৰা হয়।

ফৈদঃ কাৰবিসকলৰ পাঁচটাকৈ ফৈদ আছে। এয়া হ’ল –
১) টিমুং, ২) টেন ৩) তেৰাং ৪) ইংহি ৫) ইংতি
এই প্রতিটো ফৈদত একাধিক উপফৈদ থাকে।

কাৰবি যুৱ মহােৎসৱঃ প্রতিটো বছৰত ১৫-১৯ ফেব্ৰুৱাৰীত, এই মহােৎসৱ তাৰালাংছ’, ডিফু চহৰত
অনুষ্ঠিত কৰা হয়।
কাবিসকলৰ মাজৰ অসমীয়া জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই আজিও স্মৰণীয়
হৈ ৰােৱা কেইগৰাকীমান ব্যক্তিৰ বিষয়ে তলত চমুকৈ আলােচনা কৰা হ'ল—

ছেমছছিং ইংতি
তেওঁ হ'ল কাবি আংলঙৰ স্বপ্নদ্রষ্টা আৰু ৰূপকাৰ। ১৯১০ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে পশ্চিম কাৰ্বি
আংলঙৰ টিকা পাহাৰত জন্ম গ্রহণ কৰিছিল। পিতাকৰ নাম থেংকুৰছিং ইংতি আৰু মাকৰ নাম ৰুথ মাধৱী (কাজিৰ তিমুংপী)। ১৯১৬ চনত গােলাঘাট মিছ স্কুলত শিক্ষাৰ পাতনি মেলে আৰু ১৯২৮ চনত গােলাঘাট বেজবৰুৱা হাইস্কুলৰ পৰা প্রথম বিভাগত মেট্রিক পৰীক্ষাত উত্তীর্ণ হয়। উচ্চ শিক্ষাৰ বাবে গুৱাহাটী কটন কলেজত অধ্যয়ন কৰে যদিও সেই সময়ত স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত অধ্যয়ন আধৰুৱা হয়। পিছত ১৯৩৩ চনত চিলেটৰ মুৰাৰী চান্দ কলেজৰ পৰা সুখ্যাতিৰে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কাবি জাতিৰ প্ৰথম স্নাতক ৰূপে সুখ্যাতি অর্জন কৰে। তেওঁ স্নাতক ডিগ্রী গ্রহণ কৰাৰ পাছত গােলাঘাট বেজবৰুৱা হাইস্কুল শিক্ষকতা কৰিছিল। ১৯৩৩ চনত মিকিৰ হিলচ ট্রেক গঠন হােৱাত ইংৰাজ চৰকাৰে তেওঁক মাতি আলি ১৯৩৪ চনত নগাঁও জিলাৰ শিক্ষা বিভাগত উপ-পৰিদৰ্শক পদত নিযুক্তি দিয়ে। তেওঁ নিজেই কেইবাখনাে কাবি ভাষাৰ পাঠ্যপুথি লিখি অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত অতিৰিক্ত পাঠ্যপুথি হিচাপে পাঠদান কৰায় তেওঁ লিখা পুথিকেইখন হ'ল ‘বিতুছ আকিতাপ’, ‘কালাখা আকিতাপ’, ‘তেমপুৰু আৰু ৱপী’ ৷

ছামছিং হাঞ্চেঃ
ছামছিং হাঞ্চে এজন লেখক, কবি, গীতিকাৰ, ঔপন্যাসিক, কথাছবি প্রযােজক, ৰাজনীতিক, সাহিত্যপ্রেমী
ব্যক্তি। নগাঁও জিলাৰ সৰুবাট মৌজাৰ অন্তৰ্গত পণ্ডিতঘাট বা আহিকেলক গাঁৱত ১৯৪৮ চনৰ এপ্রিল মাহৰ ১৮ তাৰিখে তেওঁৰ জন্ম হয়। পিতৃৰ নাম জয়সিং হাঞ্চে আৰু মাতৃৰ নাম কাৎ টেণপী। বাল্যকালতে
পৰিয়ালটোৱে পুৰণি স্থান পৰিত্যাগ কৰি হংক্রাম নামৰ ঠাইলৈ স্থানান্তৰিত হয় আৰু তাতে স্থায়ীভাৱে বসতি কৰে। হংক্রাম প্রাথমিক বিদ্যালয়তে শিক্ষা জীৱন আৰম্ভ হয়। পাছলৈ টীকা মধ্য ইংৰাজী বিদ্যালয়ত আৰু কামপুৰ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা গ্রহণ কৰে। ডিফু চৰকাৰী বালক বিদ্যালয়ত ভর্তি হয় যদিও প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হ'ব নােৱৰাত সেনাবাহিনীৰ চাকৰি কৰে। তিনি বছৰৰ পিছত চাকৰি ইস্তফা দি ১৯৬৭ চনত বৈঠালাংছ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীর্ণ হয়। ১৯৭৩ চনত স্নাতক ডিগ্রী লাভ কৰে।


ভাষা-সাহিত্যৰ বিকাশ আৰু উন্নয়নৰ বাবে তেওঁ কেইবাখনাে পুথি কাবি আৰু অসমীয়া ভাষাত প্রণয়ন
কৰি প্ৰকাশ কৰিছিল। সেইবােৰৰ ভিতৰত নাম তাই হাঈমু’, ‘কাবি প্রণয়ী গীত’, ‘ছাবিন আলুন’ (কাৰি
ৰামায়ণ) কুমলীন’, ‘ৰােমীৰ এমুঠি কাবি কবিতা’ (অনুবাদ) আৰু ‘ছে হজেং’ নামৰ গ্ৰন্থ উল্লেখযােগ্য।
১৯৮৩-৮৪ চনত কাবি লামেত আমেইৰ (কাবি সাহিত্য সভা) সাধাৰণ সম্পাদক ১৯৮৪-৮৫ চনত
সভাপতিৰ আসন অলংকৃত কৰে।

১৯৮৫ চনত বিধান সভাৰ সাধাৰণ নিৰ্বাচনত ডিফু সমষ্টিৰ পৰা নির্বাচিত হৈ অসম মন্ত্রীসভাত কেবিনেট
মন্ত্রিত্ব লাভ কৰিবলৈ সক্ষম হয়। ১৯৯৮ চনৰ জানুৱাৰী মাহৰ ১৩ তাৰিখে সকলােকে স্রিয়মান কৰি ইহ
সংসাৰৰ পৰা চিৰকালৰ বাবে বিদায় ললে। কাবি ভাষা-সাহিত্যৰ সাধক আৰু এজন পথপ্রদর্শক হিচাপে
তেওঁৰ নাম আমাৰ মাজত সদায় অমৰ হৈ থাকিব।


বংলং তেৰাংঃ

কাৰবি সাহিত্যৰ পুৰােধা ব্যক্তি বংলং তেৰাঙৰ জন্ম হয় ১৯০৯ চনৰ অক্টোবৰ মাহৰ ১০ তাৰিখে ডিলাই
নদীৰ কাষৰ নিহাংলাংছ নামৰ ঠাইত। তেৱেঁই কাবি সাহিত্যৰ প্রথম লিখিত ৰূপ প্রদান কৰে। দেউতাকৰ নাম ছাৰ তেৰাং আৰু মাকৰ নাম কাৰেং তিচ্ছপী। তেওঁ ১৩ বছৰ বয়সৰ পৰা সাহিত্য ৰচনা আৰম্ভ কৰিছিল। তেওঁ লিখা বিভিন্ন কিতাপসমূহ হ’ল— ‘Word Book ‘আদাম আছাৰ’ (বিবাহ নিয়ম) ৰূকাছে’, ‘হাঈমু’, ‘ছে হংথম’, কাবি কপুছ’, ‘কাবি চ ৰংজে’, ‘আৰণ আতেং’, ৰংলিন’, ‘ছাৰ আলুন’ আৰু ‘ছাৰ লামছাম।

১৯৭৩ চনত কবি সাহিত্য সভাৰ তৰফৰ পৰা কাবি সাহিত্যৰ পুৰােধা ব্যক্তি পুৰস্কাৰ প্ৰদান কৰা হয়।
অসম চৰকাৰৰ তৰফৰ পৰা এককালীন মাননী প্ৰদান কৰাৰ লগতে সাহিত্যিক পেঞ্চন প্রদান কৰে। এইজনা পুৰােধা ব্যক্তিয়ে সকলােকে এৰি ২০০১ চনৰ জুলাই মাহৰ ১৭ তাৰিখে ইহলীলা সম্বৰণ কৰে।

লংকাম তেৰণঃ
সু-সাহিত্যিক লংকাম তেৰণৰ জন্ম হয় ১৯৩২ চনত। তেওঁৰ দেউতাকৰ নাম ডিপ্ল তেৰণ আৰু মাকৰ
নাম কাচাই হাঞ্চেপী। ১৯৫৭ চনত কাচে ৰংহাংপীৰ লগত বিবাহ হয়। ১৯৬৪ চনত মিকিৰ পাহাৰ জিলা
পৰিষদৰ জন সম্পৰ্কৰক্ষী বিষয়া পদত মনােনীত হয়। তেওঁ কাবি আদৰবাৰৰ সাধাৰণ সম্পাদক আৰু
সভাপতি পদকো অলংকৃত হৈছিল। কাবি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু ১৯৮৬ চনৰ কামপুৰ অধিবেশনত অসম সাহিত্য সভাৰ উপ-সভাপতি পদততা কার্যনির্বাহ কৰিছিল। ৰচিত, সংকলিত আৰু অনুদিত গ্রন্থ মুঠ ৪১-খন। তেওঁৰ দ্বাৰা ৰচিত গ্রন্থসমূহ হ'ল ৰং কেছেং’, ‘টামাহিদি’, ‘কিতাপ কিমি’, কাৰ্বিলামকুৰু’, ‘কাৰবি জনগােষ্ঠী’, ‘কাৰবি লামকুৰু-লামছেং’, ‘কাবি ভাষা পৰিচয়’, ‘কাৰবি লামতাদ্যম’ আদি।

প্রশ্নাৱলীঃ

১। কাৰবিসকলক অসমৰ কলম্বাচ বুলি কোনে কৈছিল?

উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভাই ৷ 

২।  কাৰবিসকলক পৰম্পৰাগত সাজ পাৰৰ বিষয়ে লিখা।

উত্তৰঃ পুৰুষ আৰু নাৰীৰ পােচাক পৃথক। পুৰুষৰ আঁঠুমূৰীয়া পে ছেলেং, চই হংথৰ, চই ই, চই লক্ (কাবি জেকেট) পহ’ আদিয়েই প্রধান। চই হংথৰ আজিকালি কাবি জেকেট বুলি পৰিচিত। পহ’
(কাবি মাফ্লাৰ) ৪ আৰু ৫ ইঞ্চি বহল আৰু প্রায় পাঁচৰ পৰা ছয় ফুটলৈ দীঘল। ইয়াৰ দুয়ােমুৰে বিভিন্ন ৰঙৰ
ফুল তুলি দিয়া হয়। 

৩।  কাৰবিসকলক উৎসৱ-পার্বণ সম্পর্কে লিখা।

উত্তৰঃ পেং হেমফু, ৰংকেৰ, চজুন আদিয়েই প্রধান। পেং হেমফু হ’ল ঘৰুৱা উৎসৱ। এই উৎসৱত সাধাৰণতে তিনিটাকৈ পূজা থাকে। ৰিৎ আংলং, বুইচম আৰু পেং। এই তিনিটা পূজা বছৰৰ আৰম্ভণিতে কৰা হয় যাতে বছৰৰ অপায়-অমংগল নহয়। ইয়াক কোৱা হয় ঘৰুৱা উৎসৱ।

৪। কাৰবিসকলৰ মূল ফৈদকেইটা কি কি?

উত্তৰঃ কাৰবিসকলৰ পাঁচটাকৈ ফৈদ আছে। এয়া হ’ল – ১) টিমুং, ২) টেন ৩) তেৰাং ৪) ইংহি ৫) ইংতি

৫। কাবি সমাজৰ নাৰীসকলে পৰিধান কৰা কেইবিধমান সাজ-পাৰ তথা আ-অলংকাৰৰ নাম লিখা।

উত্তৰঃ পুৰুষ আৰু নাৰীৰ পােচাক পৃথক। পুৰুষৰ আঁঠুমূৰীয়া পে ছেলেং, চই হংথৰ, চই ই, চই
লক্ (কাবি জেকেট) পহ’ আদিয়েই প্রধান। চই হংথৰ আজিকালি কাবি জেকেট বুলি পৰিচিত। পহ’
(কাবি মাফ্লাৰ) ৪ আৰু ৫ ইঞ্চি বহল আৰু প্রায় পাঁচৰ পৰা ছয় ফুটলৈ দীঘল। ইয়াৰ দুয়ােমুৰে বিভিন্ন ৰঙৰ
ফুল তুলি দিয়া হয়।
     আ-অলংকাৰঃ লেক হিকি, নথেংপী, ন’লাংপং, ন'জাংছাই, লেক ৰূৱে, লেক পাংখাৰা, লাং আৱ’,ৰই
পাংখাৰা, ৰই পাহু আদিয়েই প্রধান।

৬। চমুটোকা লিখাঃ 
(ক) ছেমছছিং ইংতি
(খ) ছামছিং হাঞ্চে
(গ) বংলং তেৰাং
(ঘ) লংকাম তেৰণ

উত্তৰঃ

(ক) ছেমছছিং ইংতিঃ

তেওঁ হ'ল কাবি আংলঙৰ স্বপ্নদ্রষ্টা আৰু ৰূপকাৰ। ১৯১০ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে পশ্চিম কাৰ্বি
আংলঙৰ টিকা পাহাৰত জন্ম গ্রহণ কৰিছিল। পিতাকৰ নাম থেংকুৰছিং ইংতি আৰু মাকৰ নাম ৰুথ মাধৱী (কাজিৰ তিমুংপী)। ১৯১৬ চনত গােলাঘাট মিছ স্কুলত শিক্ষাৰ পাতনি মেলে আৰু ১৯২৮ চনত গােলাঘাট বেজবৰুৱা হাইস্কুলৰ পৰা প্রথম বিভাগত মেট্রিক পৰীক্ষাত উত্তীর্ণ হয়। উচ্চ শিক্ষাৰ বাবে গুৱাহাটী কটন কলেজত অধ্যয়ন কৰে যদিও সেই সময়ত স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত অধ্যয়ন আধৰুৱা হয়। পিছত ১৯৩৩ চনত চিলেটৰ মুৰাৰী চান্দ কলেজৰ পৰা সুখ্যাতিৰে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কাবি জাতিৰ প্ৰথম স্নাতক ৰূপে সুখ্যাতি অর্জন কৰে। তেওঁ স্নাতক ডিগ্রী গ্রহণ কৰাৰ পাছত গােলাঘাট বেজবৰুৱা হাইস্কুল শিক্ষকতা কৰিছিল। ১৯৩৩ চনত মিকিৰ হিলচ ট্রেক গঠন হােৱাত ইংৰাজ চৰকাৰে তেওঁক মাতি আলি ১৯৩৪ চনত নগাঁও জিলাৰ শিক্ষা বিভাগত উপ-পৰিদৰ্শক পদত নিযুক্তি দিয়ে। তেওঁ নিজেই কেইবাখনাে কাবি ভাষাৰ পাঠ্যপুথি লিখি অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত অতিৰিক্ত পাঠ্যপুথি হিচাপে পাঠদান কৰায় তেওঁ লিখা পুথিকেইখন হ'ল ‘বিতুছ আকিতাপ’, ‘কালাখা আকিতাপ’, ‘তেমপুৰু আৰু ৱপী’ ৷

(খ) ছামছিং হাঞ্চেঃ

ছামছিং হাঞ্চে এজন লেখক, কবি, গীতিকাৰ, ঔপন্যাসিক, কথাছবি প্রযােজক, ৰাজনীতিক, সাহিত্যপ্রেমী
ব্যক্তি। নগাঁও জিলাৰ সৰুবাট মৌজাৰ অন্তৰ্গত পণ্ডিতঘাট বা আহিকেলক গাঁৱত ১৯৪৮ চনৰ এপ্রিল মাহৰ ১৮ তাৰিখে তেওঁৰ জন্ম হয়। পিতৃৰ নাম জয়সিং হাঞ্চে আৰু মাতৃৰ নাম কাৎ টেণপী। বাল্যকালতে
পৰিয়ালটোৱে পুৰণি স্থান পৰিত্যাগ কৰি হংক্রাম নামৰ ঠাইলৈ স্থানান্তৰিত হয় আৰু তাতে স্থায়ীভাৱে বসতি কৰে। হংক্রাম প্রাথমিক বিদ্যালয়তে শিক্ষা জীৱন আৰম্ভ হয়। পাছলৈ টীকা মধ্য ইংৰাজী বিদ্যালয়ত আৰু কামপুৰ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা গ্রহণ কৰে। ডিফু চৰকাৰী বালক বিদ্যালয়ত ভর্তি হয় যদিও প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হ'ব নােৱৰাত সেনাবাহিনীৰ চাকৰি কৰে। তিনি বছৰৰ পিছত চাকৰি ইস্তফা দি ১৯৬৭ চনত বৈঠালাংছ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীর্ণ হয়। ১৯৭৩ চনত স্নাতক ডিগ্রী লাভ কৰে।


ভাষা-সাহিত্যৰ বিকাশ আৰু উন্নয়নৰ বাবে তেওঁ কেইবাখনাে পুথি কাবি আৰু অসমীয়া ভাষাত প্রণয়ন
কৰি প্ৰকাশ কৰিছিল। সেইবােৰৰ ভিতৰত নাম তাই হাঈমু’, ‘কাবি প্রণয়ী গীত’, ‘ছাবিন আলুন’ (কাৰি
ৰামায়ণ) কুমলীন’, ‘ৰােমীৰ এমুঠি কাবি কবিতা’ (অনুবাদ) আৰু ‘ছে হজেং’ নামৰ গ্ৰন্থ উল্লেখযােগ্য।
১৯৮৩-৮৪ চনত কাবি লামেত আমেইৰ (কাবি সাহিত্য সভা) সাধাৰণ সম্পাদক ১৯৮৪-৮৫ চনত
সভাপতিৰ আসন অলংকৃত কৰে।

১৯৮৫ চনত বিধান সভাৰ সাধাৰণ নিৰ্বাচনত ডিফু সমষ্টিৰ পৰা নির্বাচিত হৈ অসম মন্ত্রীসভাত কেবিনেট
মন্ত্রিত্ব লাভ কৰিবলৈ সক্ষম হয়। ১৯৯৮ চনৰ জানুৱাৰী মাহৰ ১৩ তাৰিখে সকলােকে স্রিয়মান কৰি ইহ
সংসাৰৰ পৰা চিৰকালৰ বাবে বিদায় ললে। কাবি ভাষা-সাহিত্যৰ সাধক আৰু এজন পথপ্রদর্শক হিচাপে
তেওঁৰ নাম আমাৰ মাজত সদায় অমৰ হৈ থাকিব।

(গ) বংলং তেৰাংঃ

কাৰবি সাহিত্যৰ পুৰােধা ব্যক্তি বংলং তেৰাঙৰ জন্ম হয় ১৯০৯ চনৰ অক্টোবৰ মাহৰ ১০ তাৰিখে ডিলাই
নদীৰ কাষৰ নিহাংলাংছ নামৰ ঠাইত। তেৱেঁই কাবি সাহিত্যৰ প্রথম লিখিত ৰূপ প্রদান কৰে। দেউতাকৰ নাম ছাৰ তেৰাং আৰু মাকৰ নাম কাৰেং তিচ্ছপী। তেওঁ ১৩ বছৰ বয়সৰ পৰা সাহিত্য ৰচনা আৰম্ভ কৰিছিল। তেওঁ লিখা বিভিন্ন কিতাপসমূহ হ’ল— ‘Word Book ‘আদাম আছাৰ’ (বিবাহ নিয়ম) ৰূকাছে’, ‘হাঈমু’, ‘ছে হংথম’, কাবি কপুছ’, ‘কাবি চ ৰংজে’, ‘আৰণ আতেং’, ৰংলিন’, ‘ছাৰ আলুন’ আৰু ‘ছাৰ লামছাম।

১৯৭৩ চনত কবি সাহিত্য সভাৰ তৰফৰ পৰা কাবি সাহিত্যৰ পুৰােধা ব্যক্তি পুৰস্কাৰ প্ৰদান কৰা হয়।
অসম চৰকাৰৰ তৰফৰ পৰা এককালীন মাননী প্ৰদান কৰাৰ লগতে সাহিত্যিক পেঞ্চন প্রদান কৰে। এইজনা পুৰােধা ব্যক্তিয়ে সকলােকে এৰি ২০০১ চনৰ জুলাই মাহৰ ১৭ তাৰিখে ইহলীলা সম্বৰণ কৰে।


(ঘ) লংকাম তেৰণঃ

সু-সাহিত্যিক লংকাম তেৰণৰ জন্ম হয় ১৯৩২ চনত। তেওঁৰ দেউতাকৰ নাম ডিপ্ল তেৰণ আৰু মাকৰ
নাম কাচাই হাঞ্চেপী। ১৯৫৭ চনত কাচে ৰংহাংপীৰ লগত বিবাহ হয়। ১৯৬৪ চনত মিকিৰ পাহাৰ জিলা
পৰিষদৰ জন সম্পৰ্কৰক্ষী বিষয়া পদত মনােনীত হয়। তেওঁ কাবি আদৰবাৰৰ সাধাৰণ সম্পাদক আৰু
সভাপতি পদকো অলংকৃত হৈছিল। কাবি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু ১৯৮৬ চনৰ কামপুৰ অধিবেশনত অসম সাহিত্য সভাৰ উপ-সভাপতি পদততা কার্যনির্বাহ কৰিছিল। ৰচিত, সংকলিত আৰু অনুদিত গ্রন্থ মুঠ ৪১-খন। তেওঁৰ দ্বাৰা ৰচিত গ্রন্থসমূহ হ'ল ৰং কেছেং’, ‘টামাহিদি’, ‘কিতাপ কিমি’, কাৰ্বিলামকুৰু’, ‘কাৰবি জনগােষ্ঠী’, ‘কাৰবি লামকুৰু-লামছেং’, ‘কাবি ভাষা পৰিচয়’, ‘কাৰবি লামতাদ্যম’ আদি।



Post a Comment

Please don't use spam link in the comment box.

Previous Post Next Post