Gaaruhokol - Boisitramai Axom - Class IX [ গাৰোসকল ( গাৰো সাহিত্য সভা )- বৈচিত্ৰ্য়ময় অসম -নৱম শ্ৰেণী ]
Author -
Admin
September 26, 2020
গাৰোসকল ( গাৰো সাহিত্য সভা )
![Gaaruhokol - Boisitramai Axom - Class IX [ গাৰোসকল ( গাৰো সাহিত্য সভা )- বৈচিত্ৰ্য়ময় অসম -নৱম শ্ৰেণী ] Gaaruhokol - Boisitramai Axom - Class IX [ গাৰোসকল ( গাৰো সাহিত্য সভা )- বৈচিত্ৰ্য়ময় অসম -নৱম শ্ৰেণী ]](https://1.bp.blogspot.com/-XOxU5JlWpdk/X276AggBeGI/AAAAAAAAKdk/LUMntgYYp3QTNpMpaSzcapwjCIHAWkhQgCPcBGAsYHg/w640-h360/20200926_133714.jpg) |
গাৰোসকল |
গাৰােসকল প্রাচীন কালৰে পৰা অসমত বসবাস কৰি অহা এটা জনগােষ্ঠী। এওঁলােকৰ কিছুমানে
বৃহত্তৰ মঙ্গোলীয় ঠালৰ বুলি দাবী কৰে। গাৰােসকল ভাষিক দিশৰ পৰা ইন্দো-চীনৰ অন্তৰ্গত তিব্বত
বর্মীয় বড়াে ঠালৰ লােক।
বর্তমান এই জনগােষ্ঠীৰ লােকসকলে পশ্চিম বঙ্গৰ পৰা আদিকৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় প্ৰতিখন
ৰাজ্যত সিচৰতি হৈ থকাৰ উপৰিও বাংলাদেশতাে বহু ঠাইত এই জনগােষ্ঠীৰ লােক সিচৰতি হৈ আছে।
বসতিস্থান আৰু ভাষাৰ ফালৰ পৰা গাৰােসকলক আমবেং, মাতছি, মাতাবেং, গাৰাগানচি, দুৱাল, ৰুগা
আৰু মেগাম উপজনগােষ্ঠীত ভাগ কৰা হয়।
কিংবদন্তী অনুসৰি গাৰােসকলৰ পূৰ্বপুৰুষ তিব্বতৰ থৰুৱা নামৰ ঠাইত আছিল। এসময়ত দুর্ভিক্ষই
দেখা দিয়াত জাপফা, জালিমফা, চুকফা, বঙ্গিফা আৰু বিঞ্জিফা এওঁলােকৰ নেতৃত্বত এইখন ঠাই এৰি
হিমালয় পর্বত অতিক্রম কৰি পােনতে কোচবিহাৰ পায়হি আৰু তাতে ভালেকেইবছৰ বসবাস কৰিছিল।
কিন্তু তাৰে পৰা অসমলৈ আহোঁতে সৰু সৰু ৰাজ্যৰ ৰজাবােৰ, যেনে— ধুবুৰী আৰু বিজনীৰ ৰজাসকলৰ লগত যুঁজ কৰি অৱশেষত ৰজা আব্রাচেনে হাব্রাঘাটত নিজৰ ঘাটি স্থাপন কৰিছিল আৰু চুবুৰীয়া ঠাই বিলাক নিজৰ নামত অন্তর্ভুক্ত কৰিছিল। কিছুমানে পৰস্পৰে অসন্তুষ্ট হৈ বেলেগ ফালে ফালৰি কাটি গাৰােপাহাৰত আৰু আন এটা গােটে বাংলাদেশত বাস কৰিবলৈ লয়।
ধার্মিক দিশৰ পৰা গাৰােসকলৰ পূৰ্বপুৰুষে পূজা-অর্চনা কৰিছিল। এইদৰে পূজা কৰা লােকসমূহক
গাৰােসকলে সংসাৰেক বুলি কয়। এওঁলােকৰ দেৱ-দেৱী আছিল চালজং, গৱেৰা, খালখামে, আসিমা,
ডিংসিমা, সুসিমে আদি। দেৱ-দেৱী পূজা কৰোঁতে ঘৰচীয়া জীৱ-জন্তুক বলি দিয়া হৈছিল। কিন্তু উনৈশ
শতিকাৰ আৰম্ভণিৰ পৰা গাৰােসকল খ্রীষ্টধর্মলৈ ধর্মান্তৰিত হ'বলৈ ধৰে আৰু পূজা-অর্চনা লুপ্ত হ’বলৈ
ধৰে। গাৰােসকলৰ জাতীয় উৎসৱ ওৱানগালাও।
গাৰােসকলৰ ব্যৱহৃত বাদ্য যন্ত্ৰবােৰ হৈছে ঢামা খ্রাম (ঢােল), গগনা, মহৰ শিঙেৰে নির্মিত বাঁহৰ
পাইপ লগােৱা বাংসী-বাঁহী আদি। তদুপৰি ৰংবিৰঙৰ কানি কাপােৰ ব্যৱহাৰ কৰিছিল আৰু আঁঠুৰ
ওপৰলৈকে কাপােৰ পিন্ধিছিল।
বর্তমান গাৰােতিৰােতা সকলৰ ব্যৱহৃত কানি কাপােৰবােৰ দাগাবান্দা, দাগশাৰী, চুনী আদি।
সামাজিক ফালৰ পৰা গাৰােসকলৰ পৰিয়ালৰ গাঠনি মাতৃসূত্ৰৰ পৰা আৰম্ভ হয়। একাধিক পৰিয়াল
বা ব্যক্তিৰ মাজত লগ লাগি এটা মাহাৰী গঠন কৰা হয়। পৰম্পৰাগতভাৱে গাৰােসকলৰ জন্মগত
মাহাৰী অর্থাৎ উপাধি থকাৰ উপৰিও ওপৰঞ্চি উপাধি থাকে। উদাহৰণ স্বৰূপে আগিতক মাহাৰীৰ
এজন ব্যক্তিয়ে লগত ছাংমা লিখিব লাগে বা কিছুমানে নিলিখাকৈ কেৱল ছবাংমাকেই ব্যৱহাৰ কৰে।
গাৰাে সমাজত মাহাৰীক ইমানেই গুৰুত্ব দিয়া হয় যে বেলেগ বেলেগ দুখন ঠাই বা দুখন ৰাষ্ট্ৰৰ হ'লেও
একে মাহাৰী বা উপাধিধাৰীৰ মাজত বৈবাহিক সম্বন্ধ কৰা নিষিদ্ধ, কাৰণ একে গােত্ৰৰ বুলি ধৰা হয়।
আগৰ দিনত পাহাৰীয়া গাৰােসকলৰ ডেকা কালত শিক্ষাৰ প্রাণকেন্দ্ৰ আছিল নকপাচ্ছে বা ডেকাচাং।
ইয়াতে গাঁৱৰ সমূহ ডেকা গােট খাই বাঁহ-বেত আদি বিভিন্ন হাতৰ কাম কৰা, বাদ্যযন্ত্র বজোৱা, খেল-
ধেমালি কৰা আদি কার্য কৰিছিল। এইবােৰ এজন জ্যেষ্ঠ ভাতৃৰ দ্বাৰা পৰিচালিত হৈছিল।
স্বভাৱতে গাৰােসকল খঙাল আৰু উগ্ৰধৰণৰ আছিল। যাৰ ফলত চুবুৰীয়া ৰজাই শাসনাধীন কৰিব
পৰা নাছিল। এনেকি উপায়ন্তৰ হৈ ব্রিটিছসকলেও দমন নীতিৰ পৰিৱর্তে মিছনাৰীসকলৰ দ্বাৰা ধর্ম
প্রচাৰ কৰিবলৈ ধৰিলে। উপাসনালয়, বিদ্যালয় আদি স্থাপন কৰি ঠায়ে ঠায়ে মিছনাৰীসকলৰ দ্বাৰা
মিছন পৰিচালনা কৰিবলৈ দিয়া হ'ল। এইদৰে ঊনবিংশ শতিকাৰ আৰম্ভণিৰে পৰা গাৰােসকলৰ
সামাজিক পৰিৱৰ্তন হােৱা বুলি ক'ব পাৰি।
খাদ্যাভাসত আমিষ ভােজীসকলে কুকুৰা, গাহৰি আৰু গােমাংস গ্রহণ কৰে। গাৰােসকলৰ অতি
প্রিয় খাদ্য শুকান মাছ আৰু খাৰ। বিভিন্ন ধৰণৰ সােৱাদ-যুক্ত আঞ্জা থকা সত্ত্বেও গাৰােসকলৰ খাদ্য-
তালিকাত শুকান মাছ আৰু খাৰৰ আঞ্জা অতি আৱশ্যক।
গাৰােসকলৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ'ল—
ৰামখে ওৱাথ্রে মােমিনঃ
মেঘালয়ৰ বৰ্তমান উত্তৰ গাৰাে পাহাৰত অৱস্থিত মাটছক গ্রে নামৰ সৰু এখন পাহাৰীয়া গাঁৱত ১৮৩৪
চনত ৰামখে ওৱাথ্রে মােমিনে জন্ম গ্রহণ কৰিছিল।
১৮৬৩ চনৰ ৮ ফেব্ৰুৱাৰীত ৰামখেই ৰেৰেণ্ট ড° মাইলচ ব্রনচনৰ দ্বাৰাই গুৱাহাটীৰ শুক্ৰেশ্বৰ ঘাটত
খ্রীষ্টান ধর্মত বাপ্তিষ্ট লৈছিল। তাৰ কিছুদিনৰ পিছতে দামৰালৈ আহি ৰামখেই এখন স্কুল স্থাপন কৰিছিল
আৰু অধ্যক্ষ হিচাপে কাম কৰিছিল। ৰামখে ওৱাথ্রে মােমিনে খ্রীষ্টান মিচনসমূহৰ ভাৰপ্ৰাপ্ত মিচনাৰী হিচাবেও কাম কৰিছিল। মিচনসমূহৰ ভিতৰত বর্তমান উত্তৰ গাৰাে পাহাৰত অৱস্থিত ৰাজা শিমলা গাৰাে বসতি হাঁৱত চল্লিশজনীয়া সদস্যৰে পােন প্রথমে এখন খ্রীষ্টান মিচন হিচাবে এটি গীর্জা ঘৰ স্থাপন কৰিছিল। ইয়াৰ পিছত ডামৰাত মিচন সংস্থাপন কৰিছিল আৰু এখন স্কুল স্থাপন কৰিছিল। পিছত ডামৰাৰ স্কুলখন শিক্ষক প্রশিক্ষণ কেন্দ্ৰলৈ উন্নীতকৰণ কৰা হৈছিল। অৱশ্যে সকলাে দিশৰ পৰা সুবিধাজনক নােহােৱাৰ বাবে গােৱালপাৰালৈ উঠাই নিয়া হৈছিল। ৰামখে ওৱাথ্রে মােমিন কেবল মিচন আৰু স্কুল প্রতিষ্ঠাতাই নহয়, তেওঁ গােৱালপাৰা আৰু তুৰা নর্মাল স্কুলৰ প্ৰধান শিক্ষক হিচাবেও কাম কৰিছিল। ৰামখে এজন শিক্ষাবিদ, লেখক, গীতিকাৰ হিচাবে গাৰাে সমাজৰ প্ৰথমজন ব্যক্তি আছিল। সেয়ে তেওঁ গাৰাে সমাজৰ পথ-প্রদর্শক বুলি পৰিগণিত হৈছিল। তেওঁৰ হাতে লিখা কলা আৰু সংস্কৃতি বিষয়ক কিতাপখন মেঘালয় চৰকাৰে ১৯৯০ চনত প্রকাশ কৰিছিল। তেওঁৰ লিখিত ৪৫০০০ শব্দৰে বঙালী-গাৰাে অভিধানখন চিৰস্মৰণীয় হৈ থাকিব। ৰামখে ওৱাগ্রে মােমিনে লিখা কবিতাসমূহ হ'ল—(১) ১৮৮১ চনত ‘বিচিক খ্রিতা’ (২) ১৮৮২ চনত ‘চিমানাে আটছিয়ানি (৩) ১৮৮৩ চনত ‘ৰিপেংতাংখাে নিকগ্রিকানি’ (৪) ১৮৮৪ চনত ‘আ. আকো দাকানি’ আৰু (৫) ‘ড’অৰাং
ৰামখে ওৱাথ্রে মােমিনে ২১- টা গীত লিখি থৈ গৈছিল। যিবােৰ গীত খ্রীষ্টান সম্প্রদায়ৰ মানুহে গীজাত
উপসনাৰ সময়ত গায়। গীতৰ নাম আছিল ৰিঙানিৰাং’ বুলি নামকৰণ কৰা হৈছিল।
গােৱালপাৰা জিলাৰ অন্তৰ্গত দুধনৈৰ দক্ষিণ প্রান্তত অৱস্থিত নিচানগ্রাম গাঁওখন গাৰাে বসতি প্রধান গাঁও
আছিল আৰু ৰামখে মমিনে এই গাঁওখন আদর্শ গাঁও বুলি পৰিচিত কৰিছিল।
ভাৰতৰ উত্তৰ-পূৱ প্ৰান্তৰ জনজাতীয় লেখকসকলৰ ভিতৰত ৰামখেও এজন আছিল। তদুপৰি ৰামখে
এজন সমাজ কর্মী আৰু অর্থনৈতিক সংস্কাৰক আছিল। সেয়ে কিছুমান মিছাৰীয়ে তেওঁক 'Father of Modern Garo Community' বুলি আখ্যা দিছিল।
ৰেভা. গিলবার্থ কে মাৰাকঃ
১৯২৫ চনত গিলবার্থ কে মাৰাক পশ্চিম খাচিয়া পাহাৰ আৰু দক্ষিণ কামৰূপ জিলাৰ সীমান্তত অৱস্থিত ৰাংসাপাৰা গাঁৱত জন্ম গ্রহণ কৰিছিল। তেওঁ ভাে, ৰামখে আৰু ছাংমাৰ একমাত্র পুতেক আছিল। তেওঁ ১৯৩৩ চনত প্রাথমিক শিক্ষা সাং কৰিছিল। ১৯৪১ চনত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হােৱা মাত্রে ড° ভিক্টৰ হিউগ’স্বর্ড ৰ সহযােগত চেৰাপুঞ্জি থিয়লজিকেল কলেজত পঢ়িবলৈ সুবিধা লাভ কৰিছিল আৰু ১৯৪৯ চনত এল, টি. এইচ. পৰীক্ষাত উত্তীৰ্ণ হৈছিল। গিলবার্থ কে মাৰাক ১৯৬০ চনত লিনার্ড থিওলজিকেল কলেজৰ পৰা ‘ ডিগ্রী অব বেচালৰ অৱ ৰেলিজিয়াচ ইডুকেশন’ লাভ কৰিছিল।
গিলৱাৰ্থ কে মাৰাক কামৰূপ জিলাৰ গােহালকোনা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল। তেওঁ
শিক্ষকতা কৰি থকা সময়ছােৱাত যােৰহাট চেমিনাৰিৰ অধ্যক্ষ ড° ডুফিচাই তেওঁক চিৰস্তাদাৰ (Registrar) পদত নিযুক্তি দিছিল। গিলবার্থ কে মাৰাক আৰু ড° ডুফিচা দুয়াে একমত হৈ ‘লিউ অব দা চেমিনাৰি স্কুল নামৰ পৰিৱর্তে ‘ইষ্টার্ণ থিওলজিকেল কলেজ’ নামেৰে নতুন নাম দিছিল।
Please don't use spam link in the comment box.