ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

Chaoutaalhokol - Boisitramai Axom - Class IX [ চাওতালসকল ( চাওতালী ভাষা আৰু সাহিত্য গৱেষণা কেন্দ্ৰ )- বৈচিত্ৰ্য়ময় অসম -নৱম শ্ৰেণী ]

Admin
0
চাওতালসকল ( চাওতালী ভাষা আৰু সাহিত্য গৱেষণা কেন্দ্ৰ )

Chaoutaalhokol - Boisitramai Axom - Class IX [ চাওতালসকল ( চাওতালী ভাষা আৰু সাহিত্য গৱেষণা কেন্দ্ৰ )- বৈচিত্ৰ্য়ময় অসম -নৱম শ্ৰেণী ]
চাওতালসকল


         চাওতালসকলক নিজা মাতৃভাষা চান্থালীত ‘হোড় হপন’ বুলি সম্বোধন কৰা হয়। সুনীতি কুমাৰ
চট্টোপাধ্যায়ৰ মতে ‘চাওতাল’ শব্দটো সংস্কৃত সামন্তৰাল’ শব্দৰ পৰা উৎপত্তি হৈছে।

       অসমত চাহশিল্প আৰম্ভ হোৱাৰ বহু আগৰে পৰাই বৰ্তমান অসমত বাস কৰা চাওতালসকল কামৰূপত বসবাস কৰিছিল বুলি ড° বাণীকান্ত কাকতীদেৱৰ 'The Mother Goddess Kamakhya'আৰু প্ৰতাপ চন্দ্র চৌধুৰীয়ে সম্পাদনা কৰা ‘The History of Civilisation of the People of Assam' নামৰ পুথিখনত পোৱা যায়।

সামাজিক জীৱনঃ
        চাওতালসকলৰ সামাজিক জীৱন-প্রক্রিয়া অতি সুকীয়া। তেওঁলোকে গাঁও পাতি বাস কৰে। গাঁৱৰ
জনসাধাৰণক প্রণালীৱদ্ধভাৱে শাসন কৰিবলৈ গাঁৱৰ ৰাইজৰ পৰা পাঁচজন মানুহক বাছনি কৰি শাসন কৰাৰ  দায়িত্ব অর্পণ কৰা হয়। সেই পাঁচজনক ‘মোড়ে হোড় কোৱা হয়। মোড়ে হোড়ৰ প্ৰধানজনক গাঁওবুঢ়া বা মাঝহি’ বুলি কোৱা হয়। গাঁৱত কিবা বিশৃংখলতা হলে গাঁৱৰ মাঝহি’ৰ ওচৰত অভিযোগ দাখিল কৰা হয়। সেই অভিযোগৰ ভিত্তিত মাঝহিজনে পাঁচজনৰ এজন ‘গডে’ক গাঁৱৰ ৰাইজক সমবেত কৰাবলৈ দায়িত্ব দিয়ে। তেনে প্রক্রিয়াৰে সমাজৰ যিকোনো সমস্যাৰ সমাধান কৰা হয়।


       চাওতালসকলৰ সমাজ পিতৃ-প্রধান। তেওঁলোকৰ প্রধান জীৱিকা কৃষি। সাৰুৱা কৃষিভূমিৰ সন্ধানত
তেওঁলোকক বাসস্থান সলাই ফুৰা দৃষ্টি গোচৰ হয়। চাওতালসকলৰ বাটা গোত্র আছে, যেনে—মুর্মু, হেম,
কিন্তু, বেছ, টুডু, চৰেন, বাস্কে, হাসদাঃ, মার্ডি, চেঁড়ে, পাউৰীয়া আৰু বেদেয়া। প্রতিটো গোত্ৰৰে উপগোত্র আছে, যেনে— মুমুৰ উপগোত্র ঠাকুৰ, কিস্কুৰ উপগোত্র পাজ আদি।

         চাওতাল মহিলাসকলৰ প্ৰধান সাজ-পাৰ হ’ল লুংগী পাঞ্চি (পাঞ্চি-পাড়হড)।  চাওতালি ভাষাত
সাজ-পাৰক ‘হোৰঃ বান্দে’ বোলে। মহিলাসকলে ওপৰ অংশত পৰিধান কৰা বস্ত্রখন পাঞ্চি আৰু তলফালে পিন্ধা বস্ত্ৰখনক পাঁড়হাণ্ড (লুংগী)বোলে। পুৰুষসকলে পৰিধান কৰা প্রধান সাজ হ’ল পাঞ্চি।


       বিবাহ উৎসৱত চাওতাল পুৰুষসকলে ধূতী পৰিধান কৰে আৰু কইনাই পৰিধান কৰা হালধি সনা
কাপোৰখনক সিন্দুৰ খাণ্ডি বোলা হয়। বিয়াত দৰাই হালধি সনা চাদৰ আৰু বগা কাপোৰৰ টটড়বাঃ (টুপী)
পিন্ধে। প্রধান উৎসৱ হ’ল বাহা আৰু চহৰাই। গীত-নৃত্যসমূহৰ ভিতৰত হ'ল— দং নৃত্য-দং গীত, লাংগঁড়ে
নৃত্য-লাগড়ে গীত, চহৰাই, বাহাঙ্গীত আদি।

       গীত-নৃত্যত ব্যৱহাৰ কৰা বাদ্যসমূহ হ'ল— টামাক, তুমদাঃ, কৰতাল, ঢোল আদি। বিবাহ-উৎসৱত
কঁহৰ পাত্র—থাল, বাটি, লোটা ব্যৱহাৰ কৰে। তিৰোতাসকলে ৰূপৰ আ-অলংকাৰ ব্যৱহাৰ কৰে।

   চাওতালসকলৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ'ল—

বেনেডিক্ট হেমঃ
   কালৰ গতিত বেনেডিক্ট হেন্ত্ৰমৰ কায়িক মৃত্যু হলেও, চাওতালি ভাষা সাহিত্যলৈ আগবঢ়োৱা অতুলনীয়
অৱদানে তেওঁক সমাজত অমৰ কৰি ৰাখিছে। তেওঁৰ পিতৃৰ নাম ডাটু লক্ষণ হেম আৰু মাতৃৰ নাম ৰাণী
চৰেন। তেওঁলোকৰ একমাত্ৰ লৰা সন্তান বেনেডিক্ট হেমৰ জন্ম ১৯৬৭ চনৰ ১৮ অক্টোবৰত, কোকৰাঝাৰ
জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত পলাশগুৰি (জিয়াডাঙ্গা) গাঁৱত হৈছিল।

    তেওঁ প্রাথমিক শিক্ষা গাঁৱৰ প্রাথমিক বিদ্যালয়ত আৰম্ভ কৰি ১৯৯৩ চনত কটন কলেজৰ পৰা সুখ্যাতিৰে উদ্ভিদবিজ্ঞানত এম. এছ. ছি ডিগ্রী লাভ কৰে। নামনি অসমত চাওতাল জনগোষ্ঠীৰ পৰা এম. এছ. ছি. অর্জন কৰা প্রথম ব্যক্তি তেৱেই আছিল।

      তেওঁ গোসাইগাঁও বি. এড. কলেজৰ পৰা বি. এড. ডিগ্রী লাভ কৰি গ্রাহামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত  শিক্ষক হিচাপে যোগদান কৰে। তেওঁৰ চাকৰি-জীৱনকালতে চাওতালি ভাষা আৰু সাহিত্য গৱষেণা কেন্দ্ৰৰ সভাপতিৰ দায়িত্ব লাভ কৰে। তেওঁৰ নেতৃত্বত স্বর্গীয় লুবীন্দ্রনাথ চৰেন আৰু শ্ৰীসুবোধ বাস্কেৰ কঠোৰ পৰিশ্ৰমৰ ফলত চাওতালি পাঠ্যপুথি অসম চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰা আৰম্ভ কৰে। চাওতালি সাহিত্যত কেইবাটাও কবিতা, প্ৰৱন্ধ আদি লিখাৰ উপৰিও অসমত তেৱেঁই প্রথমে চাওতালি ব্যাকৰণ প্ৰস্তুত কৰি উলিয়াই চাওতালি ভাষা-সাহিত্যক সমৃদ্ধ কৰে।


   তেওঁ এজন সফল বক্তা আৰু পাকৈত খেলুৱৈ আছিল। ইয়াৰ উপৰিও শিক্ষা-দীক্ষাত চাওতালি জনগােষ্ঠীক সজাগ কৰি তুলিবলৈ সময়ে সময়ে সজাগতা সভা অনুষ্ঠিত কৰিছিল।


বেনেডিক্ট হেম এজনা সহজ-সৰল আৰু দৃঢ় মনৰ ব্যক্তি আছিল। তেওঁ নিজৰ কৰ্তব্যত কেতিয়াও
অৱহেলা কৰা নাছিল। যিকোনো কামত সময়ৰ আগত কর্মস্থানত উপস্থিত হোৱাটো তেওঁৰ ডাঙৰ গুণ আছিল। মৃত্যুৰ আগদিনাও নিজৰ কৰ্মত উপস্থিত আছিল তেওঁ।

 কেবাবছৰ মধুমেহ ৰোগত আক্ৰান্ত হৈ অৱশেষত তেওঁ ০৫-১০-২০১৩ ইং তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে ৷ 

বদন হাসদাঃ
    কোকৰাঝাৰ জিলাৰ খাপৰগাঁৱত ১৯৫৭ চনত বদন হাসদাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম মাঝি হাসদা আৰু মাতৃৰ নাম চলমা বেছৰা আছিল। 

বদন হাসদা কোকৰাঝাৰ কলেজত আই.এ. লৈকে পঢ়ি স্বজনগোষ্ঠীটোক শিক্ষা-দীক্ষা, সামাজিক, অর্থনৈতিক দিশত স্বাৱলম্বী কৰি তুলিবলৈ উঠিপৰি লাগে আৰু তেওঁৰ নেতৃত্বত ১৯৮০ চনত সদৌ অসম চান্থাল ছাত্র সন্থা গঠিত হয়। সেই একে উদ্দেশ্য লৈ তেওঁৰ নেতৃত্বত ১৯৮৬ চনত আদিবাসী সেৱা সমিতিও গঠিত হয়। আৰু তেওঁ সুদীর্ঘ পোন্ধৰ বছৰ কাল আদিবাসী সেৱা সমিতিৰ কেন্দ্রীয় কমিটিৰ সভাপতি পদত অধিষ্ঠিত হৈ থাকে। তেওঁ অসম চান্থালী সাহিত্য সভাৰ উপদেষ্টা আছিল।


১৯৯৬ চনত হোৱা গোষ্ঠীগত সংঘৰ্ষত অশান্ত জৰ্জৰ অঞ্চলত শান্তি স্থাপনত মুখ্য ভূমিকা গ্রহণ কৰিছিল। সেই কৰ্মৰ বাবে কোকৰাঝাৰ জিলাৰ উপায়ুক্তই তেওঁক শান্তি আৰু ঐক্য’ৰ পুৰস্কাৰৰে পুৰস্কৃত কৰিছিল। ২০০৩ চনত বি.টি.চি. চুক্তি স্বাক্ষৰ হোৱাৰ পাছত কোকৰাঝাৰ জিলা চান্থাল জনগোষ্ঠীৰ পৰা তেওঁ পৰিষদত। কার্যবাহী সদস্য পদত অধিষ্ঠিত হয়।


তেওঁ ০১-০৫-২০০৭ তাৰিখে দুবৃত্তৰ আক্ৰমণত প্রাণ হেৰুৱায়।তেওঁৰ অৱদান বি.টি.চি.ৰ ইতিহাসত
সোণালী আখৰেৰে লিপিৱদ্ধ হৈ থাকিব।

মিথিয়াছ টুডুঃ
      অসমত চাওতাল জনগোষ্ঠীৰ পৰা ওলাই অহা ভোটা আছিল মিথিয়াছ টুডু। তেওঁৰ জন্ম ১৯৩০ চনৰ
১৫ তাৰিখে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ চান্থাল কলনীৰ গাঁৱত মাটিয়াজুৰীত হৈছিল। তেওঁৰ পিতৃৰ নাম ৰেৰেণ্ড কানহু টুডু আৰু মাতৃৰ নাম মাথা মুমু আছিল। তেওঁ প্রাথমিক শিক্ষা মাটিয়াজুৰী প্রাথমিক বিদ্যালয়ত আৰম্ভ কৰি কটন কলেজৰ পৰা বি.এ. ডিগ্রী লাভ কৰে। পশ্চিমবঙ্গৰ বেৰহামপুৰৰ পৰা বি.টি. ডিগ্রী অর্জন কৰিছিল।


      টুডুৱে ১৯৫৪ চনত গ্রাহামপুৰ হাইস্কুলৰ প্রধান শিক্ষক হিচাবে চাকৰি জীৱন আৰম্ভ কৰে। ইয়াৰ পাছত ৰাহেল চৰেনৰ লগত বিবাহ হয়। স্বর্গীয় মিথিয়াছ টুডু ১৯৫৭ চনত প্ৰথমবাৰৰ বাবে গোসাইগাঁও বিধান সভা সমষ্টিৰ পৰা অসম বিধান সভালৈ বিধায়ক হিচাবে নির্বাচিত হয়। তেওঁ ১৯৫৭ চনৰ পৰা ১৯৯১ চনলৈকে একেৰাহে সাতবাৰ বিধায়কৰ আসন অলংকৃত কৰে। তেওঁ ১৯৭২-১৯৭৮ চন কালছোৱাত অসম চৰকাৰৰ শ্রমিক কল্যাণ বিভাগৰ মন্ত্রী আছিল। তেওঁ অষ্টমবাৰ ২০০১ পৰা ২০০৫ চনলৈকে বিধায়ক হৈ অসম চৰকাৰৰ ৰাজহ মন্ত্রী হৈছিল। ইয়াৰ পাছত তেওঁ ২০০৫ চনৰ পৰা ২০১০ চন লৈকে চৰকাৰৰ কুৰি দফীয়া আঁচনিৰ উপ-সভাপতি আছিল।


     অসমত চাওতাল জনগোষ্ঠীৰ পৰা চল্লিছ বছৰ অসম বিধান সভাত প্রতিনিধিত্ব কৰা তেৱেঁই একমাত্র
ব্যক্তি আছিল। অসম চান্থালী সাহিত্য সভাৰ সভাপতি, চান্থালী ভাষা আৰু সাহিত্য গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক  সভাপতি, চাল কল’নী পাৰগানা বাইছিৰ সভাপতি, গ্রাহামপুৰ সমবায় সমিতিৰ প্রতিষ্ঠাতা, মৰনাই চাহ বাগিছা মেনেজমেন্ট কমিটিৰ সভাপতি, সেৱাপুৰ মিচন হস্পিতালৰ চুপাৰিনটেনডেণ্ড আদি পদত অধিষ্ঠিত হৈছিল।


    তেওঁ এজন দক্ষ ফুটবল খেলুৱৈ আছিল। কিতাপ পঢ়া, বাগিছাত কাম কৰা, কৃষিৰ কাম চোৱা-চিতা কৰা আৰু চিকাৰ কৰা তেওঁৰ অভ্যাস আছিল।

     তেওঁ এজন ধর্মপৰায়ণ ব্যক্তি আছিল। তেওঁ কেতিয়াও কটু কথা কোৱা নাছিল। প্রতি দেওবাৰে গীর্জাত
উপস্থিত হৈছিল।

এইজনা সৎ চৰিত্ৰৰ অধিকাৰী ব্যক্তি যোৱা ১০/০৭/২০১৭ তাৰিখে পৰলোকগামী হয়।

ৰাহেল কিস্কুঃ
      ৰাহেল কিস্কুৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অন্তৰ্গত বচনপুৰ গাঁৱত ১৯২৫ চনত জন্ম হৈছিল। তেওঁৰ দেউতাৰ নাম জহন কিস্কু আৰু মাকৰ নাম লুক্ষী মুমু আছিল।

     ৰাহেল কিস্তুৰ সৰু কালৰে পৰা পঢ়া-শুনাৰ প্ৰতি ধাউতি আছিল। স্কুলীয়া জীৱন হাৰাফুটা মিশন স্কুলত আৰম্ভ কৰিছিল আৰু লক্ষৌৰ এখন মহাবিদ্যালয়ৰ পৰা ১৯৫১ চনত স্নাতক ডিগ্রী লাভ কৰে। ৰাহেল কিস্কুৱে আছিল প্রথম চান্থাল মহিলা স্নাতক। 

    ৰাহেল কিস্কু চাকৰিত থকা কালত সমাজৰ দুখীয়া শ্ৰেণীৰ মহিলাসকলৰ আর্থিক উন্নয়নৰ বাবে নিজৰ
পুঁজি খটুৱাই চিলাই প্রশিক্ষণ কেন্দ্র খুলি মহিলাসকলক বিনামূলীয়া শিক্ষা প্রদান কৰিছিল।

    তেওঁ সমাজৰ দুনীতি নিবাৰণ, মদৰ প্ৰচলন বন্ধ কৰা, ডাইনী হত্যা বন্ধ কৰা, মহিলাৰ মাজত শিক্ষাৰ
প্ৰসাৰৰ বাবে সজাগতা সৃষ্টি কৰিছিল। 

     সহশিক্ষয়িত্ৰী হিচাপে ১৯৫২ চনত গ্রাহামপুৰ হাই স্কুলত তেওঁ চাকৰি জীৱন আৰম্ভ কৰে আৰু ১৯৮০
চনত প্রধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰে। 

      অৱসৰ লোৱাৰ পিছতে তেওঁ সামাজিক, ধর্মীয় আৰু শিক্ষাৰ উন্নতিৰ ক্ষেত্ৰত কাম কৰি গৈছিল। তেওঁ
নজেই চান্থালি ভাষাৰ কবি আৰু দক্ষ লিখক আছিল। তেওঁৰ ৰচনাৰ পৰা স্পষ্ট হৈ পৰে যে তেওঁ নিৰন্তৰ
মহিলা আৰু শিশুসকলৰ মঙ্গলৰ কাৰণে কাম কৰি গৈছিল। সহজ-সৰল তথা জ্ঞানগর্ভ আৰু উপদেশমূলক লেখাসমূহে সকলোকে চিন্তাৰ খোৰাক যোগায়। ৰাহেল কিস্কুয়ে চান্থালি সাহিত্য জগতলৈ যি অৱদান দি গ'ল। সয়া এক অমূল্য সম্পদ স্বৰূপ। তেওঁ ২০০১ চনৰ ৬ এপ্রিল তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে।

প্রশ্নাৱলীঃ

১। সুনীতি কুমাৰ চট্টোপ্যাধায়ৰ মতে ‘চাওতাল’ শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে?

উত্তৰঃ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে ‘চাওতাল’ শব্দটো সংস্কৃত সামন্তৰাল’ শব্দৰ পৰা উৎপত্তি হৈছে।

২। চাওতালসকলৰ প্রধান জীৱিকা কি ?

উত্তৰঃ কৃষি ৷ 

৩। মোড়ে হোড়ৰ’ (পাঁচজনৰ) প্রধানজনক কি বুলি কোৱা হয় ?

উত্তৰঃ গাঁওবুঢ়া বা মাঝহি’ বুলি কোৱা হয় ৷ 

৪। চাওতালসকলৰ উপাধি কেইটা আৰু কি কি ?

উত্তৰঃ মুর্মু, হেম, কিন্তু, বেছ, টুডু, চৰেন, বাস্কে, হাসদাঃ, মার্ডি, চেঁড়ে, পাউৰীয়া আৰু বেদেয়া। প্রতিটো গোত্ৰৰে উপগোত্র আছে, যেনে— মুমুৰ উপগোত্র ঠাকুৰ, কিস্কুৰ উপগোত্র পাজ আদি। 

৫। চাওতালসকলৰ কলা-কৃষ্টিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ  বিবাহ উৎসৱত চাওতাল পুৰুষসকলে ধূতী পৰিধান কৰে আৰু কইনাই পৰিধান কৰা হালধি সনা
কাপোৰখনক সিন্দুৰ খাণ্ডি বোলা হয়। বিয়াত দৰাই হালধি সনা চাদৰ আৰু বগা কাপোৰৰ টটড়বাঃ (টুপী)
পিন্ধে। প্রধান উৎসৱ হ’ল বাহা আৰু চহৰাই। গীত-নৃত্যসমূহৰ ভিতৰত হ'ল— দং নৃত্য-দং গীত, লাংগঁড়ে
নৃত্য-লাগড়ে গীত, চহৰাই, বাহাঙ্গীত আদি।

       গীত-নৃত্যত ব্যৱহাৰ কৰা বাদ্যসমূহ হ'ল— টামাক, তুমদাঃ, কৰতাল, ঢোল আদি। বিবাহ-উৎসৱত
কঁহৰ পাত্র—থাল, বাটি, লোটা ব্যৱহাৰ কৰে। তিৰোতাসকলে ৰূপৰ আ-অলংকাৰ ব্যৱহাৰ কৰে।


৬| চাওতাল সকলৰ সামাজিক জীৱনৰ বৰ্ণনা দাঙি ধৰা ?

উত্তৰঃ  চাওতালসকলৰ সামাজিক জীৱন-প্রক্রিয়া অতি সুকীয়া। তেওঁলোকে গাঁও পাতি বাস কৰে। গাঁৱৰ
জনসাধাৰণক প্রণালীৱদ্ধভাৱে শাসন কৰিবলৈ গাঁৱৰ ৰাইজৰ পৰা পাঁচজন মানুহক বাছনি কৰি শাসন কৰাৰ  দায়িত্ব অর্পণ কৰা হয়। সেই পাঁচজনক ‘মোড়ে হোড় কোৱা হয়। মোড়ে হোড়ৰ প্ৰধানজনক গাঁওবুঢ়া বা মাঝহি’ বুলি কোৱা হয়। গাঁৱত কিবা বিশৃংখলতা হলে গাঁৱৰ মাঝহি’ৰ ওচৰত অভিযোগ দাখিল কৰা হয়। সেই অভিযোগৰ ভিত্তিত মাঝহিজনে পাঁচজনৰ এজন ‘গডে’ক গাঁৱৰ ৰাইজক সমবেত কৰাবলৈ দায়িত্ব দিয়ে। তেনে প্রক্রিয়াৰে সমাজৰ যিকোনো সমস্যাৰ সমাধান কৰা হয়।


       চাওতালসকলৰ সমাজ পিতৃ-প্রধান। তেওঁলোকৰ প্রধান জীৱিকা কৃষি। সাৰুৱা কৃষিভূমিৰ সন্ধানত
তেওঁলোকক বাসস্থান সলাই ফুৰা দৃষ্টি গোচৰ হয়। চাওতালসকলৰ বাটা গোত্র আছে, যেনে—মুর্মু, হেম,
কিন্তু, বেছ, টুডু, চৰেন, বাস্কে, হাসদাঃ, মার্ডি, চেঁড়ে, পাউৰীয়া আৰু বেদেয়া। প্রতিটো গোত্ৰৰে উপগোত্র আছে, যেনে— মুমুৰ উপগোত্র ঠাকুৰ, কিস্কুৰ উপগোত্র পাজ আদি।

         চাওতাল মহিলাসকলৰ প্ৰধান সাজ-পাৰ হ’ল লুংগী পাঞ্চি (পাঞ্চি-পাড়হড)।  চাওতালি ভাষাত
সাজ-পাৰক ‘হোৰঃ বান্দে’ বোলে। মহিলাসকলে ওপৰ অংশত পৰিধান কৰা বস্ত্রখন পাঞ্চি আৰু তলফালে পিন্ধা বস্ত্ৰখনক পাঁড়হাণ্ড (লুংগী) বোলে। পুৰুষসকলে পৰিধান কৰা প্রধান সাজ হ’ল পাঞ্চি।


       বিবাহ উৎসৱত চাওতাল পুৰুষসকলে ধূতী পৰিধান কৰে আৰু কইনাই পৰিধান কৰা হালধি সনা
কাপোৰখনক সিন্দুৰ খাণ্ডি বোলা হয়। বিয়াত দৰাই হালধি সনা চাদৰ আৰু বগা কাপোৰৰ টটড়বাঃ (টুপী)
পিন্ধে। প্রধান উৎসৱ হ’ল বাহা আৰু চহৰাই। গীত-নৃত্যসমূহৰ ভিতৰত হ'ল— দং নৃত্য-দং গীত, লাংগঁড়ে
নৃত্য-লাগড়ে গীত, চহৰাই, বাহাঙ্গীত আদি।

       গীত-নৃত্যত ব্যৱহাৰ কৰা বাদ্যসমূহ হ'ল— টামাক, তুমদাঃ, কৰতাল, ঢোল আদি। বিবাহ-উৎসৱত
কঁহৰ পাত্র—থাল, বাটি, লোটা ব্যৱহাৰ কৰে। তিৰোতাসকলে ৰূপৰ আ-অলংকাৰ ব্যৱহাৰ কৰে।

৭| শব্দার্থ লিখাঃ 
সিন্দুৰ খাণ্ডি , হালধি সনা সাজ-পাৰ,  টটড়বা ,  টুপী , হোৰঃ বান্দে , সাজ-পাৰ , মাঝহি ,  গাঁওবুঢ়া ,পাড়হাণ্ড , লুংগী। 

উত্তৰঃ  

সিন্দুৰ খাণ্ডিঃ 

হালধি সনা সাজ-পাৰঃ 

 টটড়বাঃ   

টুপীঃ 

হোৰঃ বান্দেঃ 

 সাজ-পাৰঃ 

 মাঝহিঃ

  গাঁওবুঢ়াঃ 

পাড়হাণ্ডঃ 

লুংগীঃ 

৮। চমুটোকা লিখাঃ 
(ক) বেনেডিক্ট হেম্ব্ৰম 
(খ) বদন হাসদা
(গ) মিথিয়াছ টুডু
(ঘ) ৰাহেল কিস্তু।

উত্তৰঃ

(ক) বেনেডিক্ট হেম্ব্ৰমঃ

কালৰ গতিত বেনেডিক্ট হেন্ত্ৰমৰ কায়িক মৃত্যু হলেও, চাওতালি ভাষা সাহিত্যলৈ আগবঢ়োৱা অতুলনীয়
অৱদানে তেওঁক সমাজত অমৰ কৰি ৰাখিছে। তেওঁৰ পিতৃৰ নাম ডাটু লক্ষণ হেম আৰু মাতৃৰ নাম ৰাণী
চৰেন। তেওঁলোকৰ একমাত্ৰ লৰা সন্তান বেনেডিক্ট হেমৰ জন্ম ১৯৬৭ চনৰ ১৮ অক্টোবৰত, কোকৰাঝাৰ
জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত পলাশগুৰি (জিয়াডাঙ্গা) গাঁৱত হৈছিল।

    তেওঁ প্রাথমিক শিক্ষা গাঁৱৰ প্রাথমিক বিদ্যালয়ত আৰম্ভ কৰি ১৯৯৩ চনত কটন কলেজৰ পৰা সুখ্যাতিৰে উদ্ভিদবিজ্ঞানত এম. এছ. ছি ডিগ্রী লাভ কৰে। নামনি অসমত চাওতাল জনগোষ্ঠীৰ পৰা এম. এছ. ছি. অর্জন কৰা প্রথম ব্যক্তি তেৱেই আছিল।

      তেওঁ গোসাইগাঁও বি. এড. কলেজৰ পৰা বি. এড. ডিগ্রী লাভ কৰি গ্রাহামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত  শিক্ষক হিচাপে যোগদান কৰে। তেওঁৰ চাকৰি-জীৱনকালতে চাওতালি ভাষা আৰু সাহিত্য গৱষেণা কেন্দ্ৰৰ সভাপতিৰ দায়িত্ব লাভ কৰে। তেওঁৰ নেতৃত্বত স্বর্গীয় লুবীন্দ্রনাথ চৰেন আৰু শ্ৰীসুবোধ বাস্কেৰ কঠোৰ পৰিশ্ৰমৰ ফলত চাওতালি পাঠ্যপুথি অসম চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰা আৰম্ভ কৰে। চাওতালি সাহিত্যত কেইবাটাও কবিতা, প্ৰৱন্ধ আদি লিখাৰ উপৰিও অসমত তেৱেঁই প্রথমে চাওতালি ব্যাকৰণ প্ৰস্তুত কৰি উলিয়াই চাওতালি ভাষা-সাহিত্যক সমৃদ্ধ কৰে।


   তেওঁ এজন সফল বক্তা আৰু পাকৈত খেলুৱৈ আছিল। ইয়াৰ উপৰিও শিক্ষা-দীক্ষাত চাওতালি জনগােষ্ঠীক সজাগ কৰি তুলিবলৈ সময়ে সময়ে সজাগতা সভা অনুষ্ঠিত কৰিছিল।


বেনেডিক্ট হেম এজনা সহজ-সৰল আৰু দৃঢ় মনৰ ব্যক্তি আছিল। তেওঁ নিজৰ কৰ্তব্যত কেতিয়াও
অৱহেলা কৰা নাছিল। যিকোনো কামত সময়ৰ আগত কর্মস্থানত উপস্থিত হোৱাটো তেওঁৰ ডাঙৰ গুণ আছিল। মৃত্যুৰ আগদিনাও নিজৰ কৰ্মত উপস্থিত আছিল তেওঁ।

 কেবাবছৰ মধুমেহ ৰোগত আক্ৰান্ত হৈ অৱশেষত তেওঁ ০৫-১০-২০১৩ ইং তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে ৷ 


(খ) বদন হাসদাঃ

কোকৰাঝাৰ জিলাৰ খাপৰগাঁৱত ১৯৫৭ চনত বদন হাসদাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম মাঝি হাসদা আৰু মাতৃৰ নাম চলমা বেছৰা আছিল। 

বদন হাসদা কোকৰাঝাৰ কলেজত আই.এ. লৈকে পঢ়ি স্বজনগোষ্ঠীটোক শিক্ষা-দীক্ষা, সামাজিক, অর্থনৈতিক দিশত স্বাৱলম্বী কৰি তুলিবলৈ উঠিপৰি লাগে আৰু তেওঁৰ নেতৃত্বত ১৯৮০ চনত সদৌ অসম চান্থাল ছাত্র সন্থা গঠিত হয়। সেই একে উদ্দেশ্য লৈ তেওঁৰ নেতৃত্বত ১৯৮৬ চনত আদিবাসী সেৱা সমিতিও গঠিত হয়। আৰু তেওঁ সুদীর্ঘ পোন্ধৰ বছৰ কাল আদিবাসী সেৱা সমিতিৰ কেন্দ্রীয় কমিটিৰ সভাপতি পদত অধিষ্ঠিত হৈ থাকে। তেওঁ অসম চান্থালী সাহিত্য সভাৰ উপদেষ্টা আছিল।


১৯৯৬ চনত হোৱা গোষ্ঠীগত সংঘৰ্ষত অশান্ত জৰ্জৰ অঞ্চলত শান্তি স্থাপনত মুখ্য ভূমিকা গ্রহণ কৰিছিল। সেই কৰ্মৰ বাবে কোকৰাঝাৰ জিলাৰ উপায়ুক্তই তেওঁক শান্তি আৰু ঐক্য’ৰ পুৰস্কাৰৰে পুৰস্কৃত কৰিছিল। ২০০৩ চনত বি.টি.চি. চুক্তি স্বাক্ষৰ হোৱাৰ পাছত কোকৰাঝাৰ জিলা চান্থাল জনগোষ্ঠীৰ পৰা তেওঁ পৰিষদত। কার্যবাহী সদস্য পদত অধিষ্ঠিত হয়।


তেওঁ ০১-০৫-২০০৭ তাৰিখে দুবৃত্তৰ আক্ৰমণত প্রাণ হেৰুৱায়।তেওঁৰ অৱদান বি.টি.চি.ৰ ইতিহাসত
সোণালী আখৰেৰে লিপিৱদ্ধ হৈ থাকিব।


(গ) মিথিয়াছ টুডুঃ

 অসমত চাওতাল জনগোষ্ঠীৰ পৰা ওলাই অহা ভোটা আছিল মিথিয়াছ টুডু। তেওঁৰ জন্ম ১৯৩০ চনৰ
১৫ তাৰিখে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ চান্থাল কলনীৰ গাঁৱত মাটিয়াজুৰীত হৈছিল। তেওঁৰ পিতৃৰ নাম ৰেৰেণ্ড কানহু টুডু আৰু মাতৃৰ নাম মাথা মুমু আছিল। তেওঁ প্রাথমিক শিক্ষা মাটিয়াজুৰী প্রাথমিক বিদ্যালয়ত আৰম্ভ কৰি কটন কলেজৰ পৰা বি.এ. ডিগ্রী লাভ কৰে। পশ্চিমবঙ্গৰ বেৰহামপুৰৰ পৰা বি.টি. ডিগ্রী অর্জন কৰিছিল।


      টুডুৱে ১৯৫৪ চনত গ্রাহামপুৰ হাইস্কুলৰ প্রধান শিক্ষক হিচাবে চাকৰি জীৱন আৰম্ভ কৰে। ইয়াৰ পাছত ৰাহেল চৰেনৰ লগত বিবাহ হয়। স্বর্গীয় মিথিয়াছ টুডু ১৯৫৭ চনত প্ৰথমবাৰৰ বাবে গোসাইগাঁও বিধান সভা সমষ্টিৰ পৰা অসম বিধান সভালৈ বিধায়ক হিচাবে নির্বাচিত হয়। তেওঁ ১৯৫৭ চনৰ পৰা ১৯৯১ চনলৈকে একেৰাহে সাতবাৰ বিধায়কৰ আসন অলংকৃত কৰে। তেওঁ ১৯৭২-১৯৭৮ চন কালছোৱাত অসম চৰকাৰৰ শ্রমিক কল্যাণ বিভাগৰ মন্ত্রী আছিল। তেওঁ অষ্টমবাৰ ২০০১ পৰা ২০০৫ চনলৈকে বিধায়ক হৈ অসম চৰকাৰৰ ৰাজহ মন্ত্রী হৈছিল। ইয়াৰ পাছত তেওঁ ২০০৫ চনৰ পৰা ২০১০ চন লৈকে চৰকাৰৰ কুৰি দফীয়া আঁচনিৰ উপ-সভাপতি আছিল।


     অসমত চাওতাল জনগোষ্ঠীৰ পৰা চল্লিছ বছৰ অসম বিধান সভাত প্রতিনিধিত্ব কৰা তেৱেঁই একমাত্র
ব্যক্তি আছিল। অসম চান্থালী সাহিত্য সভাৰ সভাপতি, চান্থালী ভাষা আৰু সাহিত্য গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক  সভাপতি, চাল কল’নী পাৰগানা বাইছিৰ সভাপতি, গ্রাহামপুৰ সমবায় সমিতিৰ প্রতিষ্ঠাতা, মৰনাই চাহ বাগিছা মেনেজমেন্ট কমিটিৰ সভাপতি, সেৱাপুৰ মিচন হস্পিতালৰ চুপাৰিনটেনডেণ্ড আদি পদত অধিষ্ঠিত হৈছিল।


    তেওঁ এজন দক্ষ ফুটবল খেলুৱৈ আছিল। কিতাপ পঢ়া, বাগিছাত কাম কৰা, কৃষিৰ কাম চোৱা-চিতা কৰা আৰু চিকাৰ কৰা তেওঁৰ অভ্যাস আছিল।

     তেওঁ এজন ধর্মপৰায়ণ ব্যক্তি আছিল। তেওঁ কেতিয়াও কটু কথা কোৱা নাছিল। প্রতি দেওবাৰে গীর্জাত
উপস্থিত হৈছিল।

এইজনা সৎ চৰিত্ৰৰ অধিকাৰী ব্যক্তি যোৱা ১০/০৭/২০১৭ তাৰিখে পৰলােকগামী হয়।


(ঘ) ৰাহেল কিস্তুঃ 

 ৰাহেল কিস্কুৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অন্তৰ্গত বচনপুৰ গাঁৱত ১৯২৫ চনত জন্ম হৈছিল। তেওঁৰ দেউতাৰ নাম জহন কিস্কু আৰু মাকৰ নাম লুক্ষী মুমু আছিল।

     ৰাহেল কিস্তুৰ সৰু কালৰে পৰা পঢ়া-শুনাৰ প্ৰতি ধাউতি আছিল। স্কুলীয়া জীৱন হাৰাফুটা মিশন স্কুলত আৰম্ভ কৰিছিল আৰু লক্ষৌৰ এখন মহাবিদ্যালয়ৰ পৰা ১৯৫১ চনত স্নাতক ডিগ্রী লাভ কৰে। ৰাহেল কিস্কুৱে আছিল প্রথম চান্থাল মহিলা স্নাতক। 

    ৰাহেল কিস্কু চাকৰিত থকা কালত সমাজৰ দুখীয়া শ্ৰেণীৰ মহিলাসকলৰ আর্থিক উন্নয়নৰ বাবে নিজৰ
পুঁজি খটুৱাই চিলাই প্রশিক্ষণ কেন্দ্র খুলি মহিলাসকলক বিনামূলীয়া শিক্ষা প্রদান কৰিছিল।

    তেওঁ সমাজৰ দুনীতি নিবাৰণ, মদৰ প্ৰচলন বন্ধ কৰা, ডাইনী হত্যা বন্ধ কৰা, মহিলাৰ মাজত শিক্ষাৰ
প্ৰসাৰৰ বাবে সজাগতা সৃষ্টি কৰিছিল। 

     সহশিক্ষয়িত্ৰী হিচাপে ১৯৫২ চনত গ্রাহামপুৰ হাই স্কুলত তেওঁ চাকৰি জীৱন আৰম্ভ কৰে আৰু ১৯৮০
চনত প্রধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰে। 

      অৱসৰ লোৱাৰ পিছতে তেওঁ সামাজিক, ধর্মীয় আৰু শিক্ষাৰ উন্নতিৰ ক্ষেত্ৰত কাম কৰি গৈছিল। তেওঁ
নজেই চান্থালি ভাষাৰ কবি আৰু দক্ষ লিখক আছিল। তেওঁৰ ৰচনাৰ পৰা স্পষ্ট হৈ পৰে যে তেওঁ নিৰন্তৰ
মহিলা আৰু শিশুসকলৰ মঙ্গলৰ কাৰণে কাম কৰি গৈছিল। সহজ-সৰল তথা জ্ঞানগর্ভ আৰু উপদেশমূলক লেখাসমূহে সকলোকে চিন্তাৰ খোৰাক যোগায়। ৰাহেল কিস্কুয়ে চান্থালি সাহিত্য জগতলৈ যি অৱদান দি গ'ল। সয়া এক অমূল্য সম্পদ স্বৰূপ। তেওঁ ২০০১ চনৰ ৬ এপ্রিল তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে। 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)