Cha Janagusthihokol - Boisitramai Axom - Class IX [ চাহ জনগােষ্ঠীসকল ( সুশীল কুৰ্মী )- বৈচিত্ৰ্য়ময় অসম -নৱম শ্ৰেণী ]

                             চাহ জনগােষ্ঠীসকল ( সুশীল কুৰ্মী )
Cha Janagusthihokol - Boisitramai Axom - Class IX [ চাহ জনগােষ্ঠীসকল ( সুশীল কুৰ্মী )- বৈচিত্ৰ্য়ময় অসম -নৱম শ্ৰেণী ]
চাহ জনগােষ্ঠীসকল 


অসমলৈ বিভিন্ন সময়ত বিভিন্ন প্রান্তৰ পৰা অনেক নৃ-গােষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল। ভাৰতবৰ্ষৰ
কেইবাখনাে ৰাজ্যৰ পৰা চাহ জনগােষ্ঠীৰ লােকসকল অসমলৈ আহিছিল। কিন্তু এই জনগােষ্ঠীৰ লােকৰ প্রব্রজন স্বাভাৱিক নাছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চাহ শ্ৰমিকৰ চাহিদা পূৰণ কৰিবলৈ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা সংগ্ৰহ কৰি আনিছিল। কোম্পানীয়ে ১৮৩৫ চনৰ পৰা উজনি অসমৰ চাবুৱাত প্রথমে চাহৰ পদ্ধতিগত ৰােপণ কার্য আৰম্ভ কৰে। ইয়াৰ চাৰি বছৰৰ পাছত অসম চাহ কোম্পানী (The Assam Tea Company) গঠন হয়। অসম চাহ কোম্পানীৰ অধীনত চাহ খেতি লাহে লাহে
প্ৰসাৰিত হৈছিল। কিন্তু প্রয়ােজন অনুসৰি থলুৱা শ্ৰমিকৰ অভাৱ আছিল। সেয়ে চীন দেশ আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা শ্রমিক সংগ্রহ কৰাৰ কথা চিন্তা কৰে। তাৰ কাৰণে কোম্পানীয়ে কিছু মধ্যভােগী নিয়ােগ কৰিছিল। এইসকল মধ্যভােগীয়ে পশ্চিমবংগ, বিহাৰ, ঝাড়খণ্ড, ছত্তিশগড়, মধ্যপ্রদেশ, উত্তৰপ্ৰদেশ, অন্ধ্রপ্রদেশ, মাদ্রাজ আদি ৰাজ্যৰ পৰা শ্রমিক সংগ্রহ কৰি আনিছিল। এনেদৰে অসমলৈ শ্রমিক সংগ্রহ কৰি অনা কার্যক মজদুৰ চালান বুলি কোৱা হৈছিল। মজদুৰ চালান দুই ধৰণৰ আছিল। এটা হ'ল গিৰমিটিয়া চালান আৰু আনটো হ'ল আড়কাঠিয়া চালান। লিখিত চুক্তি (Agreement)
অনুসৰি নির্দিষ্ট সময়ৰ বাবে শ্রমিক অনাটোক গিৰমিটিয়া চালান আৰু কোনাে চুক্তি নকৰাকৈ চলে-
বলে কৌশলে সংগ্রহ কৰাটোক আড়কাঠিয়া চালান বুলি কোৱা হৈছিল।

     অসম চাহ কোম্পানীয়ে উনৈশ শতিকাৰ মাজভাগত হাজাৰিবাগ জিলাৰ পৰা পােন প্রথমে ৬৫২-
জন শ্রমিক সংগ্রহ কৰি আনিছিল, যদিও সেইসকল শ্রমিক অসম আহি নাপালেই। ৰােগাক্রান্ত হৈ
আধাখিনি শ্ৰমিকৰ আধাবাটতে মৃত্যু হ'ল আৰু বাকীসকল উভতি গ'ল। ইয়াৰ পাছত ছােটনাগপুৰ
অঞ্চলৰ পৰা কোম্পােনীয়ে মধ্যভােগীৰ দ্বাৰা শ্রমিক সংগ্রহ কৰে। এইসকল শ্রমিকৰাে কিছু অংশহে
অসমৰ মাটিত ভৰি দিবলৈ সক্ষম হয়। আন একাংশৰ বাটতে মৃত্যু ঘটে। কিন্তু লাহে লাহে শ্ৰমিকৰ
সংখ্যা বৃদ্ধি পায়। ১৮৭৭ চনত চুক্তিবদ্ধ শ্ৰমিকৰ সংখ্যা হয়গৈ ৪৬,৭৬৫- জন। যিহেতু ভাৰতবৰ্ষৰ
বিভিন্ন প্ৰান্তৰ পৰা শ্ৰমিকসকল আহিছিল, সেয়ে তেওঁলােকৰ জাতি, বর্ণ, ধর্ম, ভাষা, কৃষ্টি-সংস্কৃতি
আছিল বেলেগ বেলেগ। কিন্তু অসমলৈ আহি চাহ বাগিচাৰ একে পৰিৱেশত থাকি কাম কৰিব লগা
হয়। প্রথমাৱস্থাত কিছু অসুবিধাৰ সৃষ্টি হলেও সময় বাগৰাৰ লগে লগে পাৰস্পৰিক সংযােগ আৰু
সৌহার্দ্যৰভাৱ গঢ়ি উঠিল। চুক্তিবদ্ধ এচাম কর্মী নিজ ঠাইলৈ উভতিল যদিও বাকীসকল এই অসমকে
নিজ ভূমি বুলি ভাবি ৰৈ গ'ল। অসমতে স্থায়ীভাৱে থাকি যােৱা শ্ৰমিকসকলৰ মাজত উমৈহতীয়া
এটা সংযােগী ভাষা গঢ় লৈ উঠিল যাক বাগানীয়া ভাষা বুলি অভিহিত কৰা হয়। দৰাচলতে বাগানীয়া
ভাষা এটি দোৱানহে, ই এতিয়াও ভাষাৰ পর্যায়লৈ উন্নীত হােৱা নাই।


    চাহ জনগােষ্ঠী এতিয়া অসমৰ সমাজ জীৱনৰ এক অন্যতম বৃহৎ অংশ। চাহ শ্রমিক আৰু প্রাক্তন
চাহ শ্ৰমিকসকলকে ধৰি চাহ জনগােষ্ঠীৰ লােকৰ সংখ্যা প্রায় যাঠি লাখ। এওঁলােকৰ ভিতৰত হিন্দু
আৰু খ্রীষ্টান ধর্মাৱলম্বী লােকৰ সংখ্যা সৰহ। হিন্দুসকলৰ বেছিভাগেই শাক্তধর্মী আৰু জড় উপাসক।
দুর্গা, কালি, মনসা আদি অনেক দেৱ-দেৱীৰ পূজা কৰে। অনুকুল ঠাকুৰৰ অনুগামীৰ সংখ্যাও একেবাৰে
তাকৰ নহয় ৷ 

      চাহ জনগােষ্ঠী সমাজখনৰ মাজত অনেক জাতি, উপজাতি আৰু সম্প্রদায় আছে। ইয়াৰে কিছুমান
হ'ল— ওৰাওঁ, মুণ্ডা, চাওতাল, কুর্মী, তাঁতী, ঘাটোৱাৰ, গােৱালা, কমাৰ, কঁহাৰ, কালিন্দী, কিষান,
কৈৰী, খাড়িয়া, খণ্ডাইত, খাল, গড়, গৰাইত, গঞ্জু, গাজলু, ঘাঁছি, গন্দ, চাওঁৰা, ৰাইক, চুড়ি, চৰ,
তাছা, তেলী, তুৰী, তেলেঙা, চাহু, হাজাম, নাগবংশী, পাতৰ, ধানােৱাৰ, পাণিকা, পৰজা, বাউৰী, বাকতি,
বাঢ়ৈ, বেদিয়া, ভূমিজ, ভক্তা, মানকি, মাহলি, মােদী, মির্ধা, ৰবিদাস, ৰাজোৱাৰ, ৰােহিদাস, লােহাৰ,
হাড়ী ইত্যাদি।

     অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ চাহ বাগিচাত দীর্ঘকাল ধৰি বসবাস কৰি অহা চাহ জনগােষ্ঠী
লােকসকল অসমীয়া সমাজৰ অপৰিহার্য অংগ হৈ পৰিছে। অসমীয়া ভাষা-সংস্কৃতিক আঁকোৱালি ল'লেও
চাহ জনগােষ্ঠীৰ লােকসকলৰ নিজস্ব পৰিচয় আছে। তেওঁলােকৰ নিজা কৃষ্টি-সংস্কৃতি, আচাৰ-ব্যৱহাৰ
একেবাৰে লােপ পােৱা নাই। কম, টুচু আৰু সহঁৰাই চাহ জনগােষ্ঠী সমাজৰ অতি জনপ্রিয় উৎসৱ।
কৰম পৰৱৰ ঝুমুৰ নৃত্য-গীতে চাহ জনগােষ্ঠী সমাজৰ নিজস্ব পৰিচয় দাঙি ধৰে।


অসমৰ সমাজ জীৱনৰ এক গুৰুত্বপূর্ণ অঙ্গ হৈয়াে চাহ জনগােষ্ঠী সমাজখন বহু দিশত পিছ পৰি
আছে। ৰাজ্যৰ অৰ্থনীতিত উল্লেখযােগ্য ভূমিকা গ্রহণ কৰা চাহ শ্ৰমিকসকলৰ আর্থিক অৱস্থা টনকিয়াল
নহয়। জীৱন ধাৰণৰ মান অতি নিম্নখাপৰ। চাহ শ্ৰমিকৰ দৈনিক মজুৰী তুলনামূলকভাৱে কম। নিৰক্ষৰতাৰ হাৰ ৰাজ্যৰ গড় হাৰতকৈ বহু বেছি। ভালদৰে শিক্ষাৰ পােহৰ নপৰা চাহ জনগােষ্ঠী সমাজখনক অন্ধবিশ্বাস আৰু কু-সংস্কাৰে আৱৰি ৰাখিছে। ভূত-প্রেত, ডাইনী, বেজ-মন্ত্র, পুজা-পাতল আদিয়ে প্ৰভাৱিত কৰি ৰাখিছে। দৰাচলতে যুগ-যুগ ধৰি বাগিচা কর্তৃপক্ষৰ কঠোৰ অনুশাসন আৰু আর্থিক সংকটৰ মাজত জীৱন নির্বাহ কৰিব লগা হােৱা কাৰণে বহির্জগতৰ প্ৰভাৱৰ পৰা চাহ শ্ৰমিকসকল বহু দূৰতে ৰৈ গৈছিল। কিন্তু লাহে লাহে অৱস্থাৰ পৰিৱৰ্তন হ'বলৈ ধৰিছে। বাগিচাৰ কর্তৃপক্ষৰ লগতে চৰকাৰে কল্যাণমূলক আঁচনি গ্ৰহণ কৰিলে চাহ জনগােষ্ঠী সমাজখন সময়ৰ লগত খােজ মিলাই আগবাঢ়িব পাৰিব।


চাহজনগােষ্ঠীৰ বহুতাে বিশিষ্ট ব্যক্তিৰ ভিতৰত কেইগৰাকীমান উল্লেখযােগ্য ব্যক্তিৰ চমু পৰিচয়
তলত দাঙি ধৰা হ'ল-

মেঘৰাজ কর্মকাৰঃ

      চাহ জনগােষ্ঠীসকলৰ যিসকল লােকে অসমীয়া ভাষা-সাহিত্য চর্চা কৰি সুনাম অর্জন কৰিছে তাৰে
ভিতৰত উজনি অসমৰ জামিতা চাহবাগিচাৰ মেঘৰাজ কর্মকাৰ হ’ল প্রথম সাহিত্যিক পেঞ্চনাৰ। তেওঁ
‘চালুক বচনকে আদি কৰি ভালেমান গ্রন্থ প্রকাশ কৰিছে। অসম প্ৰকাশন পৰিষদে ‘মেঘৰাজ কৰ্মকাৰ ৰচনাৱলী’ প্রকাশ কৰিছে। তেওঁ বৰবৰুৱা হাইস্কুলত শিক্ষকতা কৰিছিল।


সন্তোষ কুমাৰ তপ্নঃ

মৰাণৰ সন্তোষ কুমাৰ তপ্নই লিখা ‘মুণ্ডা জাতিৰ চমু পৰিচয়’খন হ'ল চাহ জনগােষ্ঠীৰ প্ৰথম
প্রকাশিত গ্রন্থ। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তেওঁ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল। ১৯২৪
চনত জন্ম লাভ কৰা তপ্নৰ পিতৃৰ নাম দয়াল তপ্ন আৰু মাতৃৰ নাম মাঠা তপ্ন আছিল। যােৰহাট
জে.বি. কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰা তপ্নই সমাজ সেৱাৰ সমান্তৰালভাৱে সাহিত্যচর্চাও
কৰিছিল। অসমৰ বিভিন্ন কাকত-আলােচনীত তেওঁৰ তথ্যগধুৰ লিখণি প্রকাশ পাইছে। সহজ-সৰল
জীৱন যাপন কৰা এইগৰাকী মহান ব্যক্তিৰ ১৯৯৪ চনৰ ২১ নৱেম্বৰত মৃত্যু হয়।

চাইমন সিং হ’ৰঃ

চাইমন সিং হৰৰ ১৯২৯ চনত জন্ম হয়। পিতৃ মাছিম হ'ৰ আৰু মাতৃ ছাৰা হ'ৰ। শিৱসাগৰৰ
মিছন স্কুলত শিক্ষা জীৱন আৰম্ভ কৰা হ'ৰই যােৰহাট জে.বি. কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰে।
চৰকাৰী চাকৰি প্রত্যাখ্যান কৰি সমাজৰ কামত ব্ৰতী থকা হ'ৰ বৰ উদাৰ মনৰ আছিল। খ্রীষ্টান ধর্মীয়
লােক হৈয়াে হিন্দু ধৰ্মৰ নামঘৰ পাতিবলৈ নিজৰ মাটি দান কৰি আগভাগ লৈছিল। শিক্ষাৰ কথা
চিন্তা কৰি পিছ পৰা ভিতৰুৱা অঞ্চলত স্কুল পাতি শিক্ষাৰ পােহৰ বিলাইছিল। এইগৰাকী নমস্য
ব্যক্তিয়ে ১৯৭৯ চনৰ ২৬ জুনত ইহলীলা সম্বৰণ কৰে।

   কলেজীয়া শিক্ষাৰে শিক্ষিত এই দুগৰাকী ব্যক্তিয়ে চাহ জনগােষ্ঠীৰ সমাজখনক সংগঠিত কৰাত
অগ্রণী ভূমিকা গ্রহণ কৰিছিল। সেয়ে তেওঁলােকক চাহ জনগােষ্ঠীৰ সমাজ নির্মাণৰ খনিকৰ বুলি অভিহিত কৰা হয়।

  দেশৰ স্বাধীনতা সংগ্ৰামত অসমৰ চাহ জনগােষ্ঠী সমাজৰ অৰিহণা যথেষ্ট আছে। সংগ্ৰামৰ বিভিন্ন
কার্যসূচীত অংশগ্রহণ কৰি বহুলােক চৰকাৰী নির্যাতনৰ বলী হ'ব লগা হৈছিল। আনকি বহুতে মৃত্যুক
আঁকোৱালি লৈছিল। ১৯২১ চনৰ অসহযােগ আন্দোলনত যােগদান কৰি বৰ্তমানৰ শােণিতপুৰ জিলাৰ
তেজপুৰ এণ্ড ঘগ টি ইষ্টেটৰ মাংৰি ওৰাওঁয়ে প্রাণ আহুতি দিয়ে। তেওঁ হ’ল স্বাধীনতা সংগ্রামত
জীৱন উছৰ্গা কৰা অসমৰ প্রথম মহিলা শহীদ। অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনতাে চাহ জনগােষ্ঠীৰ
লােকসকলে সক্রিয়ভাৱে অংশগ্রহণ কৰিছিল। চৰকাৰী দমন-নির্যাতনৰ বলী হৈ কিছুলােকে প্রাণ
হেৰুৱাইছিল। ১৯৮০ চনত মৃত্যু বৰণ কৰা দৰং জিলাৰ কৌপাতি চাহবাগিচাৰ বাধনা ওৰাওঁ হ'ল
অসম আন্দোলনত মৃত্যু বৰণ কৰা চাহ জনগােষ্ঠীৰ প্রথম শহীদ।

প্রশ্নাৱলীঃ 
১। অসমৰ প্রথম চাহ বাগিচা কোনখন আৰু কেতিয়া স্থাপন হৈছিল ?

উত্তৰঃ চাবুৱা চাহ বাগিচা আৰু ই ১৮৩৫ চনত স্থাপন হৈছিল ৷ 

২। অসমৰ প্রথম চাহ কোম্পানীৰ নাম কি আৰু কেতিয়া স্থাপিত হৈছিল ?

উত্তৰঃ অসম চাহ কোম্পানী স্থাপিত হৈছিল   ১৮৩৯ চনত ৷ 

৩। গিৰমিটিয়া আৰু আড়কাঠিয়া চালানৰ বিষয়ে কি জানা লিখা ?

উত্তৰঃ মধ্যভােগীয়ে পশ্চিমবংগ, বিহাৰ, ঝাড়খণ্ড, ছত্তিশগড়, মধ্যপ্রদেশ, উত্তৰপ্ৰদেশ, অন্ধ্রপ্রদেশ, মাদ্রাজ আদি ৰাজ্যৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শ্রমিক সংগ্রহ কৰি আনিছিল। এনেদৰে অসমলৈ শ্রমিক সংগ্রহ কৰি অনা কার্যক মজদুৰ চালান বুলি কোৱা হৈছিল। মজদুৰ চালান দুই ধৰণৰ আছিল। এটা হ'ল গিৰমিটিয়া চালান আৰু আনটো হ'ল আড়কাঠিয়া চালান। লিখিত চুক্তি (Agreement)
অনুসৰি নির্দিষ্ট সময়ৰ বাবে শ্রমিক অনাটোক গিৰমিটিয়া চালান আৰু কোনাে চুক্তি নকৰাকৈ চলে-
বলে কৌশলে সংগ্রহ কৰাটোক আড়কাঠিয়া চালান বুলি কোৱা হৈছিল।

৪। চাহজনগােষ্ঠী সমাজৰ দহটা জাতি-উপজাতিৰ নাম লিখা।

উত্তৰঃ   চাহ জনগােষ্ঠী সমাজখনৰ মাজত অনেক জাতি, উপজাতি আৰু সম্প্রদায় আছে। ইয়াৰে কিছুমান হ'ল— ওৰাওঁ, মুণ্ডা, চাওতাল, কুর্মী, তাঁতী, ঘাটোৱাৰ, গােৱালা, কমাৰ, কঁহাৰ, কালিন্দী, কিষান,
কৈৰী, খাড়িয়া, খণ্ডাইত, খাল, গড়, গৰাইত, গঞ্জু, গাজলু, ঘাঁছি, গন্দ, চাওঁৰা, ৰাইক, চুড়ি, চৰ,
তাছা, তেলী, তুৰী, তেলেঙা, চাহু, হাজাম, নাগবংশী, পাতৰ, ধানােৱাৰ, পাণিকা, পৰজা, বাউৰী, বাকতি,
বাঢ়ৈ, বেদিয়া, ভূমিজ, ভক্তা, মানকি, মাহলি, মােদী, মির্ধা, ৰবিদাস, ৰাজোৱাৰ, ৰােহিদাস, লােহাৰ,
হাড়ী ইত্যাদি।

৫। চাহ জনগােষ্ঠীৰ মাজত কি কি ধৰ্মৰ লােক আছে।

উত্তৰঃ হিন্দু আৰু খ্ৰীষ্টান ধৰ্ম ৷ 

৬। স্বাধীনতা সংগ্ৰামৰ প্রথম মহিলা ছহিদ কোন?

উত্তৰঃ মাংৰি  ওৰাওঁ ৷ 

৭। অসম আন্দোলনত জীৱন উছৰ্গা কৰা চাহ বাগিচাৰ প্রথম ছহিদ কোন?

উত্তৰঃ বাধনা ওৰাওঁ ৷ 

৮| চমুকৈ লিখাঃ

(ক) মেঘৰাজ কর্মকাৰ
(খ) সন্তোষ কুমাৰ তপ্ন
(গ) চাইমন সিং হৰ 

উত্তৰঃ 

(ক) মেঘৰাজ কর্মকাৰঃ

  চাহ জনগােষ্ঠীসকলৰ যিসকল লােকে অসমীয়া ভাষা-সাহিত্য চর্চা কৰি সুনাম অর্জন কৰিছে তাৰে
ভিতৰত উজনি অসমৰ জামিতা চাহবাগিচাৰ মেঘৰাজ কর্মকাৰ হ’ল প্রথম সাহিত্যিক পেঞ্চনাৰ। তেওঁ
‘চালুক বচনকে আদি কৰি ভালেমান গ্রন্থ প্রকাশ কৰিছে। অসম প্ৰকাশন পৰিষদে ‘মেঘৰাজ কৰ্মকাৰ ৰচনাৱলী’ প্রকাশ কৰিছে। তেওঁ বৰবৰুৱা হাইস্কুলত শিক্ষকতা কৰিছিল।


(খ) সন্তোষ কুমাৰ তপ্নঃ

মৰাণৰ সন্তোষ কুমাৰ তপ্নই লিখা ‘মুণ্ডা জাতিৰ চমু পৰিচয়’খন হ'ল চাহ জনগােষ্ঠীৰ প্ৰথম
প্রকাশিত গ্রন্থ। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তেওঁ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল। ১৯২৪
চনত জন্ম লাভ কৰা তপ্নৰ পিতৃৰ নাম দয়াল তপ্ন আৰু মাতৃৰ নাম মাঠা তপ্ন আছিল। যােৰহাট
জে.বি. কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰা তপ্নই সমাজ সেৱাৰ সমান্তৰালভাৱে সাহিত্যচর্চাও
কৰিছিল। অসমৰ বিভিন্ন কাকত-আলােচনীত তেওঁৰ তথ্যগধুৰ লিখণি প্রকাশ পাইছে। সহজ-সৰল
জীৱন যাপন কৰা এইগৰাকী মহান ব্যক্তিৰ ১৯৯৪ চনৰ ২১ নৱেম্বৰত মৃত্যু হয়।

(গ) চাইমন সিং হৰঃ

চাইমন সিং হৰৰ ১৯২৯ চনত জন্ম হয়। পিতৃ মাছিম হ'ৰ আৰু মাতৃ ছাৰা হ'ৰ। শিৱসাগৰৰ
মিছন স্কুলত শিক্ষা জীৱন আৰম্ভ কৰা হ'ৰই যােৰহাট জে.বি. কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰে।
চৰকাৰী চাকৰি প্রত্যাখ্যান কৰি সমাজৰ কামত ব্ৰতী থকা হ'ৰ বৰ উদাৰ মনৰ আছিল। খ্রীষ্টান ধর্মীয়
লােক হৈয়াে হিন্দু ধৰ্মৰ নামঘৰ পাতিবলৈ নিজৰ মাটি দান কৰি আগভাগ লৈছিল। শিক্ষাৰ কথা
চিন্তা কৰি পিছ পৰা ভিতৰুৱা অঞ্চলত স্কুল পাতি শিক্ষাৰ পােহৰ বিলাইছিল। এইগৰাকী নমস্য
ব্যক্তিয়ে ১৯৭৯ চনৰ ২৬ জুনত ইহলীলা সম্বৰণ কৰে।

   কলেজীয়া শিক্ষাৰে শিক্ষিত এই দুগৰাকী ব্যক্তিয়ে চাহ জনগােষ্ঠীৰ সমাজখনক সংগঠিত কৰাত
অগ্রণী ভূমিকা গ্রহণ কৰিছিল। সেয়ে তেওঁলােকক চাহ জনগােষ্ঠীৰ সমাজ নির্মাণৰ খনিকৰ বুলি অভিহিত কৰা হয়।

  দেশৰ স্বাধীনতা সংগ্ৰামত অসমৰ চাহ জনগােষ্ঠী সমাজৰ অৰিহণা যথেষ্ট আছে। সংগ্ৰামৰ বিভিন্ন
কার্যসূচীত অংশগ্রহণ কৰি বহুলােক চৰকাৰী নির্যাতনৰ বলী হ'ব লগা হৈছিল। আনকি বহুতে মৃত্যুক
আঁকোৱালি লৈছিল। ১৯২১ চনৰ অসহযােগ আন্দোলনত যােগদান কৰি বৰ্তমানৰ শােণিতপুৰ জিলাৰ
তেজপুৰ এণ্ড ঘগ টি ইষ্টেটৰ মাংৰি ওৰাওঁয়ে প্রাণ আহুতি দিয়ে। তেওঁ হ’ল স্বাধীনতা সংগ্রামত
জীৱন উছৰ্গা কৰা অসমৰ প্রথম মহিলা শহীদ। অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনতাে চাহ জনগােষ্ঠীৰ
লােকসকলে সক্রিয়ভাৱে অংশগ্রহণ কৰিছিল। চৰকাৰী দমন-নির্যাতনৰ বলী হৈ কিছুলােকে প্রাণ
হেৰুৱাইছিল। ১৯৮০ চনত মৃত্যু বৰণ কৰা দৰং জিলাৰ কৌপাতি চাহবাগিচাৰ বাধনা ওৰাওঁ হ'ল
অসম আন্দোলনত মৃত্যু বৰণ কৰা চাহ জনগােষ্ঠীৰ প্রথম শহীদ।


Post a Comment

Please don't use spam link in the comment box.

Previous Post Next Post