ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

Chutiahokol - Boisitramai Axom - Class IX [ চুতীয়াসকল ( ড° মানিক শইকীয়া )- বৈচিত্ৰ্য়ময় অসম -নৱম শ্ৰেণী ]

Admin
0
                       চুতীয়াসকল ( ড° মানিক শইকীয়া )
Chutiahokol - Boisitramai Axom - Class IX [ চুতীয়াসকল ( ড° মানিক শইকীয়া )- বৈচিত্ৰ্য়ময় অসম -নৱম শ্ৰেণী ]
 চুতীয়াসকল


    চুতীয়াসকল অসমৰ আদিম অধিবাসীসকলৰ ভিতৰত অন্যতম জনসমষ্টি। আনুমানিক ষষ্ঠ শতিকাৰ
পৰা প্রাচীন চুতীয়া ৰাজ্যৰ ঐতিহাসিক তথ্য পাতি পোৱা যায়। তেতিয়াৰে পৰা আহোম স্বৰ্গদেউ
চুহুংমুং দিহিঙীয়া ৰজাৰ ৰাজত্বকালত (১৫২৩ খ্রী:ত) আহোম ৰাজ্যৰ অন্তৰ্গত হোৱালৈকে সুদীর্ঘ সময়
এওঁলোকে ঘাইকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ৰাজত্ব কৰিছিল। উল্লেখযোগ্য যে, আহোমৰ লগত হোৱা
যুদ্ধত চুতীয়াসকলৰ ৰাণী বীৰাঙ্গনা সতী সাধনীয়ে পৰাক্ৰমেৰে যুদ্ধ কৰিছিল আৰু আহোমৰ অধীনতা
স্বীকাৰ কৰাতকৈ মৃত্যুকে শ্রেয় জ্ঞান কৰি কুবেৰদত্ত সম্পত্তি বুকুত সাৱটি চন্দনগিৰি পৰ্বতৰ পৰা
তলৰ কুণ্ডলৈ জঁপিয়াই প্রাণত্যাগ কৰিছিল।

     হিমালয়ৰ উত্তৰৰ মানস সৰোবৰৰ পূবত স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চল চুতীয়াসকলৰ আদি বাসস্থান
আছিল। তাৰ পৰা তেওঁলোকে সোৱণশিৰি নদীৰ পাৰে পাৰে পশ্চিমলৈ প্ৰব্ৰজন কৰি বৰ্তমানৰ লখিমপুৰ
অঞ্চল পায়হি। স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চলৰ পৰা অহা বাবে এওঁলোকক স্বাতীয়া বোলা হৈছিল।
কালক্ৰমত এই স্বাতীয়াৰ পৰাই চুতীয়া শব্দৰ উৎপত্তি হ'ল।

  আনহাতে এই মতাে পােৱা যায় যে ‘জি বা ডি বা টি মানে পানী বা নৈ, ছু মানে নৈ, ছুটি
মানে পৱিত্ৰ নৈ ; সেই নৈৰ পাৰৰ মানুহসকলেই চুতীয়া। (বিষ্ণুপ্ৰসাদ ৰাভা ৰচনাৱলী, প্রথম খণ্ড,
১৯৮২, পৃ. ৩৩৬, ৩৩৭ )

           চুতীয়াসকলে ৰাজত্ব কৰা শদিয়া ৰাজ্যৰ পুৰণি নাম আছিল বিদর্ভ আৰু ইয়াৰ ৰাজধানী আছিল
কুণ্ডিল নগৰ। চুতীয়াসকলে নিজকে বিদর্ভ ৰাজ্যৰ ৰজা ভীষ্মকৰ বংশধৰ বুলি পৰিচয় দিয়ে। এওঁলােক
দেৱী উপাসক আছিল আৰু শদিয়াৰ কেঁচাইখাতী বা তাম্ৰেশ্বৰী গোসানীক নৰবলিৰে পূজা কৰিছিল।
চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ ভিতৰুৱা হোৱাৰ পিছত আহোমসকলেও কেঁচাইখাতী গোসানীৰ পূজা-
সেৱা কৰিছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনৰ পৰাহে নৰবলি প্রথা উঠাই দিয়া হয়।


     চুতীয়াসকলৰ এক চহকী সাংস্কৃতিক পৰম্পৰা আছিল। এওঁলোক মঙ্গোলীয় নৃগোষ্ঠীৰ বৃহৎ বড়ো
জনগোষ্ঠীৰ অন্তর্গত। 

      এওঁলোকে নগৰ পাতি বাস কৰিছিল বুলি অনুমান কৰিব পাৰি। কুণ্ডিল নগৰ, ভীষ্মক নগৰ, লখিমী
নগৰ, ৰত্নপুৰ বা ৰতনপুৰ আদি নাম আৰু তাৰে কেইখনমান নগৰৰ ধ্বংসাৱশেষে এই লোকসকলৰ
উন্নত সভ্যতা-সংস্কৃতিৰ পৰিচয় বহন কৰে। সাতসৰী অসম বুৰঞ্জীত আহোম ৰজাই চুতীয়া ৰাজ্য
জয় কৰি পোৱা বিভিন্ন সামগ্রী আৰু বৃত্তিয়াল লোকৰ উল্লেখ আছে। তাৰ ভিতৰত হাতী ৩০, ঘোঁৰা
৬০, হিলৈ ৭৯, বাৰু বঁটা, দণ্ডছত্র কেঁকোৰাদোলা, তৰোৱাল, পিকদান, গৰু-ম'হ বিস্তৰ পালে। গণক,
ব্রাহ্মণ, তাঁতী, সোণাৰী, কমাৰ, তেলী, মালী, ধোবা, চমাৰ অন্য বহু বিৰতিয়াল, বহু আনো জাতি
পালে চুতীয়া যুঁজত।...' এই উদ্ধৃতিত থকা দণ্ডছত্র, কেঁকোৰাদোলা, তৰোৱাল, পিকদান আদি আৰু
তাঁতী, সোণাৰী, কমাৰ বৃত্তিগত শ্ৰেণীয়ে চুতীয়া ৰাজ্যৰ উন্নত সভ্যতা আৰু শ্ৰমৰ বিশেষীকৃত বিভাজন
থকা এখন সমাজৰ প্রমাণ দাঙি ধৰে।

        এওঁলোক ভাস্কর্য শিল্পতো চহকী আছিল। ম’ৰা চৰাইৰ সৈতে বিষ্ণুমূর্তি, শিৱ-পাৰ্বতীৰ মূর্তি, সূৰ্যৰ
মূর্তি, শ্বেৰী মন্দিৰ, কেঁচাইখাতী থান, মালিনী থান আদিয়ে এওঁলোকৰ স্থাপত্য-ভাস্কৰ্যৰ পৰিচয়
. দাঙি ধৰে। এইসমূহৰ উপৰিও সোণেৰে নির্মিত দুগদুগি, সোণোৱালী গলপতা, সোণৰ কেৰু, সোণ
আৰু ৰূপৰ গামখাৰু, জোনবিৰি, সোণৰ মেকুৰী, তিনিখলপীয়া সিংহাসন, দবা, কালি, চ’ৰা নাও আদি
ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা যায়; এইবোৰে তেওঁলোকৰ উন্নত সংস্কৃতি-চেতনাৰ পৰিচয় বহন কৰে।


     বুৰঞ্জীবিদ বেণুধৰ শৰ্মাই উল্লেখ কৰিছিল— ‘চুতীয়াৰ পৰা যি হেজাৰ বন্দুক আনিছিল তাৰ ভিতৰত
মিঠাহোলোং নামৰ বৰটোপেই উৎকৃষ্ট আছিল। টোপটোৰ ওপৰখন পিতলৰ পানীৰোৱা, তাতে মিনা
কৰাই সোণৰ বাখৰ খাজি থোৱা আছিল। এজন চুতীয়া মানুহে বাঁহৰ শলিৰে আটোমটোকাৰিকৈ সজা
দুটুপীয়া পাত্ৰ এটাত ভৰাই ভৰাই নিছিল। সেই কাললৈকে লুইতৰ দক্ষিণ পাৰে কাৰো দুটুপীয়া ঘৰ
নাছিল। স্বৰ্গদেৱে সজাটোৰ ঠগটো দেখি বৰ সন্তোষ পালে আৰু সেই চানেকিৰেই ৰজাৰ ঘৰ দুটুপীয়া
কৰিবলৈ আদেশ দিলে।


    পুনৰ বিদ্রোহ কৰাৰ আশংকাত আহোম ৰজাই সৰু সৰু গোটত ভাগ কৰি অসমৰ বিভিন্ন ঠাইত
সংস্থাপিত কৰাত চুতীয়াসকলে পূর্বৰ কৃষ্টি-সংস্কৃতি, সভ্যতা যথাযথ ৰূপত সংৰক্ষণ কৰিব নোৱাৰিলে।

     চুতীয়া জনগোষ্ঠীৰ বহুসংখ্যক ব্যক্তিয়ে অসমীয়া জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই
আজিও স্মৰণীয় হৈ আছে। তলত তাৰে কেইগৰাকীমানৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ'ল—

বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াঃ
    বর্তমান যোৰহাট জিলাৰ কাকজান অঞ্চলৰ বাম কুকুৰাচোৱা গাঁৱত ১৯১৫ খ্রীষ্টাব্দত জন্মগ্রহণ কৰা
সোণাৰাম চুতীয়াদেৱে ঘাইকৈ অসমৰ ধর্মীয় ক্ষেত্ৰখনলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই গৈছে৷ তেওঁ
১৯৩৫ খ্রীষ্টাব্দত পাঁচোটা বিষয়ত লেটাৰ নম্বৰসহ মেট্রিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা
বিজ্ঞান শাখাত সুখ্যাতিৰে স্নাতক ডিগ্রী লাভ কৰি খণ্ড উন্নয়ন বিষয়া হিচাপে কার্যনির্বাহ কৰিছিল।
ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰি এইগৰাকী ব্যক্তিয়ে প্রায় দুবছৰ কাৰাবাস খাটিবলগীয়া
হৈছিল। পৰৱৰ্তী কালত তেওঁ সংস্কৰকামী মনোভাৱেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘত যোগদান কৰে আৰু
৯-টা কার্যকাল পদাধিকাৰ হিচাপে কার্যনির্বাহ কৰে। তেওঁৰ উল্লেখযোগ্য গ্রন্থসমূহ হ’ল—“অসমৰ বৈষ্ণৱ
দৰ্শনৰ ৰূপৰেখা’, ‘নামধর্ম প্রকাশ’, ‘মহাপুৰুষ শ্ৰীশ্রীহৰিদেৱ চৰিত’, ‘ভাগৱত মাহাত্ম’, ‘মহাপুৰুষীয়া
ধর্ম জিজ্ঞাসা’, ‘বেদ আৰু মহাপুৰুষীয়া ধর্ম ইত্যাদি। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে এইগৰাকী ধর্মপ্রাণ
ব্যক্তিক স্বাধীনতা সংগ্রামী হিচাপে স্বীকৃতি প্রদান কৰিছিল। অসম চৰকাৰে তেওঁক শ্ৰীমন্ত শংকৰদেৱ
বঁটা আৰু কেবিনেট পদমর্যদাৰে সন্মানিত কৰিছিল। আনহাতে শ্ৰীমন্ত শংকৰদেৱ সংঘই ‘শ্ৰীমন্ত
শংকৰদেৱ-মাধৱদেৱ বঁটা আৰু ‘বৈষ্ণৱ পণ্ডিত’ উপাধি প্রদান কৰি তেওঁৰ জীৱনজোৰা অৱদানৰ প্ৰতি
যথাযোগ্য স্বীকৃতি আগবঢ়াইছিল।

বুৰঞ্জীবিদ ড° স্বর্ণলতা বৰুৱাঃ
    ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মূৰব্বী তথা শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ আসনৰ অধ্যাপিকা হিচাপে
কার্যনির্বাহ কৰি অৱসৰ গ্ৰহণ কৰা ড° স্বর্ণলতা বৰুৱাই উত্তৰ পূৰ্বাঞ্চলৰ একমাত্র মহিলা বুৰঞ্জীবিদ
হিচাপে স্বীকৃতি লাভ কৰিছিল। 'চুতীয়া জাতিৰ বুৰঞ্জীৰ মুখ্য সম্পাদিকা এইগৰাকী মহিলাই ‘A
Comprehensive History of Assam', 'Last Day of Ahom Monarchy: A History of
Assam From 1769-1826 অত্যন্ত গুৰুত্বপূৰ্ণ ঐতিহাসিক তথ্যসমৃদ্ধ গ্রন্থৰ উপৰিও বহুসংখ্যক
বুৰঞ্জীমূলক প্রবন্ধৰে অসমৰ বুৰঞ্জী চৰ্চাৰ ক্ষেত্ৰখন সমৃদ্ধ কৰি গৈছে। উল্লেখযোগ্য যে, এইগৰাকী
বুৰঞ্জীবিদৰ ‘Status of Women in Non-Tribal Societies of Assam' নামৰ গৱেষণা পত্ৰখনে
ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

কর্মপ্রাণ হৰিপ্ৰসাদ নেওগঃ
যোৰহাট নগৰৰ পৰা প্রায় পাঁচ কিঃ মিঃ পূবৰ কেন্দুগুৰিৰ ২নং বামুণ গাঁৱত জন্ম গ্রহণ কৰা হৰিপ্রসাদ
নেওগে (১৯২৯-১৯৭৩) মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কার্যনির্বাহ কৰাৰ উপৰিও ডিব্ৰুগড়
বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্রণয়ন সমিতিৰ প্ৰথমগৰাকী সচিব হিচাপে দক্ষতাৰে কার্যনির্বাহ কৰিছিল।
কর্মদক্ষতাৰ বাবেই তেওঁ অসম সাহিত্য সভাৰ ৬ বছৰ সহকাৰী সম্পাদক আৰু চাৰিবছৰ প্রধান সম্পাদক হিচাপে কার্যনির্বাহ কৰিছিল। তেওঁৰ এই সমূহ কাৰ্যই সাংগঠনিক দক্ষতা তথা কর্তব্যনিষ্ঠাৰ প্ৰমাণ দাঙি এৰে। সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে মহাসমাৰোহেৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম শতবার্ষিকী উদ্যাপন তেওঁৰ সাংগঠনিক দক্ষতাৰ সর্বশ্রেষ্ঠ নিদর্শন বুলিব পাৰি। তেওঁ ৰাধাকান্ত নন্দিকৈ’, ‘বিশ্বনাথ ৰাজবংশী’, ‘চন্দ্ৰকুমাৰ আগৰৱালা’ আদি গ্রন্থ প্রণয়ন কৰাৰ উপৰিও ‘অসমীয়া সংস্কৃতি লীলা গগৈৰ লগত যুটীয়াভাৱে) ‘ ডিম্বেশ্বৰ নেওগ’, ‘ৰঘুনাথ চৌধাৰী’, ‘অম্বিকাগিৰি ৰায়চৌধুৰী’, নকুল চন্দ্ৰ ভূঞা আদি গ্রন্থ আৰু ‘জোৱাৰ’, ‘সাহিত্যদূত’, ‘গতিপথ’ আদি আলোচনী সম্পাদনা কৰি অসমীয়া জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে।

চিদানন্দ শইকীয়াঃ
           বর্তমান গোলাঘাট জিলাৰ বোকাখাট দ গাঁৱত ১৯২৪ খ্রীষ্টাব্দত জন্মগ্রহণ কৰা আজীৱন
শিক্ষাব্রতী, স্বাধীনতা সংগ্রামী চিদানন্দ শইকীয়া ঘাইকৈ সাম্যবাদী দৰ্শনৰ সমর্থক আছিল। তেওঁ ২৭
খনকৈ গ্রন্থ প্রণয়ন কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। তাৰে উল্লেখযোগ্য কেইখন
হ'ল—‘ছোভিয়েট নাৰী’, ‘সীমান্ত গান্ধী’, ‘মহর্ষি কার্লমাৰ্চ', জুয়ে পোৰা সোণ', ৰঙচুৱা পৃথিৱীৰ
সেউজীয়া বোল’, ‘জীয়া ঢল বাগৰি যায়’, ‘প্রবীণ শ্রমিক নেতা চানু খেৰীয়া’, ‘ৰাছিয়ান সাহিত্যৰ
আভাস’, ‘স্বাধীনতা সংগ্ৰামত গোলাঘাটৰ অৱদান’, ‘শংকৰ বৰুৱা ঃ কর্ম আৰু জীৱন’, ‘ধীৰেন দত্তৰ
কবিতা’, ‘আধুনিক ৰচনা শিক্ষা (১ম, ২য় আৰু ৩য় খণ্ড), নতুন আদিপাঠ’, ‘সত্যাগ্রহী’ আদি।
ইয়াৰ উপৰিও তেওঁ বহুকেইখন গ্রন্থ সম্পাদনা কৰিছিল আৰু বাতৰি কাকত, আলোচনী আদিত
ভালেমান প্রবন্ধ ৰচনা কৰিছিল। সাহিত্য চর্চাৰ বাবেই মস্কো, টাচখণ্ড, ৰিগা আদি ভ্ৰমণ কৰিবলৈ
সুবিধা লাভ কৰা এইগৰাকী ব্যক্তিয়ে ছোভিয়েট দেশ নেহৰু বঁটা, সাহিত্যিক পেন্সন আৰু শিক্ষক
বঁটা লাভ কৰিছিল। অসমৰ সাংবাদসেৱাৰ জগতখনলৈও তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।
বোকাখাট চহৰৰ নিকটবর্তী কাজিৰঙা মৌজাৰ ক'লাখোৱা গাঁৱৰ ভূমিহীন লোকসকলক দহ বিঘা
পৰিমাণৰ মাটি (দাগ নম্বৰ ১১২, পট্টা নম্বৰ ৩৯) দান কৰিব পৰাটো দুখীয়া-দৰিদ্ৰৰ প্রতি সহানুভূতিৰ
লগতে তেওঁৰ নির্মোহ ব্যক্তিত্বৰ উল্লেখযোগ্য দিশ।


দুবৰি বনৰ কবি কোষেশ্বৰ বৰুৱাঃ
      ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, বুৰঞ্জীবিদ, কোষেশ্বৰ বৰুৱাদেৱৰ ১৯৩৬ খ্রীষ্টাব্দত
তেতিয়াৰ লখিমপুৰ জিলাৰ ঢলপুৰ মৌজাৰ বৰথেকেৰাবাৰী গাঁৱত জন্ম হৈছিল। অসম চৰকাৰৰ
সাহিত্যিক পেন্সন প্রাপক এইগৰাকী ব্যক্তিয়ে বিভিন্ন বিষয়ৰ ভালেমান গ্রন্থ প্রণয়ন কৰি অসমীয়া সাহিত্যৰ জগতখন চহকী কৰি গৈছে। তাৰ ভিতৰত উল্লেখযোগ্য কেইখনমান গ্রন্থ হ'ল–কলেজৰ দুবৰি বন’, ‘অনুভৱ’, ‘প্রজন্মৰ উমানত’, ‘লগন’, ‘আগন্তুক আদি কবিতা-সংকলন; ‘ধন্য জন্ম ভাৰত বৰিষে’, জননেতা ভীমবৰ দেউৰী’, ‘লুইতৰ আগাৰিৰ অসমীয়া সভ্যতা’, ‘ছোট কোঁৱৰৰ বুৰঞ্জী’, ‘ঐতিহাসিক বিবর্তনত অসমৰ চুতীয়া জনগোষ্ঠী’, ‘ চুতীয়া ৰজা ৰত্নধ্বজ পাল’, ‘Sati Sadhini', 'Deuri Chutia Language of 'An outline Grammar of the Deuri Chutia Language Spoken in Upper Assam by W.B Brown' আদিয়েই প্রধান। এইসমূহৰ উপৰিও দুখন গীতৰ পুথি আৰু বিভিন্ন বাতৰি কাকত আলোচনী আদিত ৫০০-তকৈও অধিক প্ৰৱন্ধ প্রকাশ পাইছিল উল্লেখযোগ্য যে– ১৯৯২ খ্রীষ্টাব্দত গহপুৰ বিধান সভা সমষ্টিৰ পৰা অসম বিধান সভালৈ নির্বাচিত হোৱা বৰুৱাদেৱে ড° আম্বেদকাৰ ফেল’শ্বিপ আৰু অসম চৰকাৰৰ চুতীয়া জাতি উন্নয়ন পৰিষদে প্রদান কৰা সতী সাধনী বঁটাও লাভ কৰিছিল।

সহায়ক গ্রন্থঃ
1. Nath Rajmohan, "The Background of Assamese Culture, p.68.
2. Devi Lakshi, "Ahom Tribal Relation, 1968, p59.

প্রশ্নাৱলীঃ
১। চুতীয়াসকলৰ আদি বাসস্থান ক'ত আছিল?

উত্তৰঃ  হিমালয়ৰ উত্তৰৰ মানস সৰোবৰৰ পূবত স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চল চুতীয়াসকলৰ আদি বাসস্থান  আছিল।

২। চুতীয়া শব্দৰ উৎপত্তি কোন শব্দৰ পৰা হৈছিল ?

উত্তৰঃ স্বাতীয় শব্দৰ পৰা ৷ 

৩। চুতীয়াসকলৰ এগৰাকী বীৰাঙ্গনাৰ নাম লিখা।

উত্তৰঃ সতী  সাধনী ৷ 

৪। তলত দিয়া যিকোনাে এগৰাকীৰ বিষয়ে চমুকৈ লিখা।

(ক) সোণাৰাম চুতীয়া 
(খ) ড° স্বর্ণলতা বৰুৱা
(গ) চিদানন্দ শইকীয়া 
(ঘ) কোষেশ্বৰ বৰুৱা।

উত্তৰঃ  

(ক) সোণাৰাম চুতীয়াঃ
 
বর্তমান যোৰহাট জিলাৰ কাকজান অঞ্চলৰ বাম কুকুৰাচোৱা গাঁৱত ১৯১৫ খ্রীষ্টাব্দত জন্মগ্রহণ কৰা
সোণাৰাম চুতীয়াদেৱে ঘাইকৈ অসমৰ ধর্মীয় ক্ষেত্ৰখনলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই গৈছে৷ তেওঁ
১৯৩৫ খ্রীষ্টাব্দত পাঁচোটা বিষয়ত লেটাৰ নম্বৰসহ মেট্রিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা
বিজ্ঞান শাখাত সুখ্যাতিৰে স্নাতক ডিগ্রী লাভ কৰি খণ্ড উন্নয়ন বিষয়া হিচাপে কার্যনির্বাহ কৰিছিল।
ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰি এইগৰাকী ব্যক্তিয়ে প্রায় দুবছৰ কাৰাবাস খাটিবলগীয়া
হৈছিল। পৰৱৰ্তী কালত তেওঁ সংস্কৰকামী মনোভাৱেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘত যোগদান কৰে আৰু
৯-টা কার্যকাল পদাধিকাৰ হিচাপে কার্যনির্বাহ কৰে। তেওঁৰ উল্লেখযোগ্য গ্রন্থসমূহ হ’ল—“অসমৰ বৈষ্ণৱ
দৰ্শনৰ ৰূপৰেখা’, ‘নামধর্ম প্রকাশ’, ‘মহাপুৰুষ শ্ৰীশ্রীহৰিদেৱ চৰিত’, ‘ভাগৱত মাহাত্ম’, ‘মহাপুৰুষীয়া
ধর্ম জিজ্ঞাসা’, ‘বেদ আৰু মহাপুৰুষীয়া ধর্ম ইত্যাদি। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে এইগৰাকী ধর্মপ্রাণ
ব্যক্তিক স্বাধীনতা সংগ্রামী হিচাপে স্বীকৃতি প্রদান কৰিছিল। অসম চৰকাৰে তেওঁক শ্ৰীমন্ত শংকৰদেৱ
বঁটা আৰু কেবিনেট পদমর্যদাৰে সন্মানিত কৰিছিল। আনহাতে শ্ৰীমন্ত শংকৰদেৱ সংঘই ‘শ্ৰীমন্ত
শংকৰদেৱ-মাধৱদেৱ বঁটা আৰু ‘বৈষ্ণৱ পণ্ডিত’ উপাধি প্রদান কৰি তেওঁৰ জীৱনজোৰা অৱদানৰ প্ৰতি
যথাযোগ্য স্বীকৃতি আগবঢ়াইছিল।

(খ) ড° স্বর্ণলতা বৰুৱাঃ

 ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মূৰব্বী তথা শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ আসনৰ অধ্যাপিকা হিচাপে
কার্যনির্বাহ কৰি অৱসৰ গ্ৰহণ কৰা ড° স্বর্ণলতা বৰুৱাই উত্তৰ পূৰ্বাঞ্চলৰ একমাত্র মহিলা বুৰঞ্জীবিদ
হিচাপে স্বীকৃতি লাভ কৰিছিল। 'চুতীয়া জাতিৰ বুৰঞ্জীৰ মুখ্য সম্পাদিকা এইগৰাকী মহিলাই ‘A
Comprehensive History of Assam', 'Last Day of Ahom Monarchy: A History of
Assam From 1769-1826 অত্যন্ত গুৰুত্বপূৰ্ণ ঐতিহাসিক তথ্যসমৃদ্ধ গ্রন্থৰ উপৰিও বহুসংখ্যক
বুৰঞ্জীমূলক প্রবন্ধৰে অসমৰ বুৰঞ্জী চৰ্চাৰ ক্ষেত্ৰখন সমৃদ্ধ কৰি গৈছে। উল্লেখযোগ্য যে, এইগৰাকী
বুৰঞ্জীবিদৰ ‘Status of Women in Non-Tribal Societies of Assam' নামৰ গৱেষণা পত্ৰখনে
ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

(গ) চিদানন্দ শইকীয়াঃ

বর্তমান গোলাঘাট জিলাৰ বোকাখাট দ গাঁৱত ১৯২৪ খ্রীষ্টাব্দত জন্মগ্রহণ কৰা আজীৱন
শিক্ষাব্রতী, স্বাধীনতা সংগ্রামী চিদানন্দ শইকীয়া ঘাইকৈ সাম্যবাদী দৰ্শনৰ সমর্থক আছিল। তেওঁ ২৭
খনকৈ গ্রন্থ প্রণয়ন কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। তাৰে উল্লেখযোগ্য কেইখন
হ'ল—‘ছোভিয়েট নাৰী’, ‘সীমান্ত গান্ধী’, ‘মহর্ষি কার্লমাৰ্চ', জুয়ে পোৰা সোণ', ৰঙচুৱা পৃথিৱীৰ
সেউজীয়া বোল’, ‘জীয়া ঢল বাগৰি যায়’, ‘প্রবীণ শ্রমিক নেতা চানু খেৰীয়া’, ‘ৰাছিয়ান সাহিত্যৰ
আভাস’, ‘স্বাধীনতা সংগ্ৰামত গোলাঘাটৰ অৱদান’, ‘শংকৰ বৰুৱা ঃ কর্ম আৰু জীৱন’, ‘ধীৰেন দত্তৰ
কবিতা’, ‘আধুনিক ৰচনা শিক্ষা (১ম, ২য় আৰু ৩য় খণ্ড), নতুন আদিপাঠ’, ‘সত্যাগ্রহী’ আদি।
ইয়াৰ উপৰিও তেওঁ বহুকেইখন গ্রন্থ সম্পাদনা কৰিছিল আৰু বাতৰি কাকত, আলোচনী আদিত
ভালেমান প্রবন্ধ ৰচনা কৰিছিল। সাহিত্য চর্চাৰ বাবেই মস্কো, টাচখণ্ড, ৰিগা আদি ভ্ৰমণ কৰিবলৈ
সুবিধা লাভ কৰা এইগৰাকী ব্যক্তিয়ে ছোভিয়েট দেশ নেহৰু বঁটা, সাহিত্যিক পেন্সন আৰু শিক্ষক
বঁটা লাভ কৰিছিল। অসমৰ সাংবাদসেৱাৰ জগতখনলৈও তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।
বোকাখাট চহৰৰ নিকটবর্তী কাজিৰঙা মৌজাৰ ক'লাখোৱা গাঁৱৰ ভূমিহীন লোকসকলক দহ বিঘা
পৰিমাণৰ মাটি (দাগ নম্বৰ ১১২, পট্টা নম্বৰ ৩৯) দান কৰিব পৰাটো দুখীয়া-দৰিদ্ৰৰ প্রতি সহানুভূতিৰ
লগতে তেওঁৰ নির্মোহ ব্যক্তিত্বৰ উল্লেখযোগ্য দিশ।


(ঘ) কোষেশ্বৰ বৰুৱাঃ

 ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, বুৰঞ্জীবিদ, কোষেশ্বৰ বৰুৱাদেৱৰ ১৯৩৬ খ্রীষ্টাব্দত
তেতিয়াৰ লখিমপুৰ জিলাৰ ঢলপুৰ মৌজাৰ বৰথেকেৰাবাৰী গাঁৱত জন্ম হৈছিল। অসম চৰকাৰৰ
সাহিত্যিক পেন্সন প্রাপক এইগৰাকী ব্যক্তিয়ে বিভিন্ন বিষয়ৰ ভালেমান গ্রন্থ প্রণয়ন কৰি অসমীয়া সাহিত্যৰ জগতখন চহকী কৰি গৈছে। তাৰ ভিতৰত উল্লেখযোগ্য কেইখনমান গ্রন্থ হ'ল–কলেজৰ দুবৰি বন’, ‘অনুভৱ’, ‘প্রজন্মৰ উমানত’, ‘লগন’, ‘আগন্তুক আদি কবিতা-সংকলন; ‘ধন্য জন্ম ভাৰত বৰিষে’, জননেতা ভীমবৰ দেউৰী’, ‘লুইতৰ আগাৰিৰ অসমীয়া সভ্যতা’, ‘ছোট কোঁৱৰৰ বুৰঞ্জী’, ‘ঐতিহাসিক বিবর্তনত অসমৰ চুতীয়া জনগোষ্ঠী’, ‘ চুতীয়া ৰজা ৰত্নধ্বজ পাল’, ‘Sati Sadhini', 'Deuri Chutia Language of 'An outline Grammar of the Deuri Chutia Language Spoken in Upper Assam by W.B Brown' আদিয়েই প্রধান। এইসমূহৰ উপৰিও দুখন গীতৰ পুথি আৰু বিভিন্ন বাতৰি কাকত আলোচনী আদিত ৫০০-তকৈও অধিক প্ৰৱন্ধ প্রকাশ পাইছিল উল্লেখযোগ্য যে– ১৯৯২ খ্রীষ্টাব্দত গহপুৰ বিধান সভা সমষ্টিৰ পৰা অসম বিধান সভালৈ নির্বাচিত হােৱা বৰুৱাদেৱে ড° আম্বেদকাৰ ফেল’শ্বিপ আৰু অসম চৰকাৰৰ চুতীয়া জাতি উন্নয়ন পৰিষদে প্রদান কৰা সতী সাধনী বঁটাও লাভ কৰিছিল।


৫। চুতীয়াসকলৰ বিষয়ে চমু পৰিচয় দাঙি ধৰা।

উত্তৰঃ  চুতীয়াসকল অসমৰ আদিম অধিবাসীসকলৰ ভিতৰত অন্যতম জনসমষ্টি। আনুমানিক ষষ্ঠ শতিকাৰ পৰা প্রাচীন চুতীয়া ৰাজ্যৰ ঐতিহাসিক তথ্য পাতি পােৱা যায়। তেতিয়াৰে পৰা আহোম স্বৰ্গদেউ
চুহুংমুং দিহিঙীয়া ৰজাৰ ৰাজত্বকালত (১৫২৩ খ্রী:ত) আহোম ৰাজ্যৰ অন্তৰ্গত হোৱালৈকে সুদীর্ঘ সময়
এওঁলোকে ঘাইকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ৰাজত্ব কৰিছিল। উল্লেখযোগ্য যে, আহোমৰ লগত হোৱা
যুদ্ধত চুতীয়াসকলৰ ৰাণী বীৰাঙ্গনা সতী সাধনীয়ে পৰাক্ৰমেৰে যুদ্ধ কৰিছিল আৰু আহোমৰ অধীনতা
স্বীকাৰ কৰাতকৈ মৃত্যুকে শ্রেয় জ্ঞান কৰি কুবেৰদত্ত সম্পত্তি বুকুত সাৱটি চন্দনগিৰি পৰ্বতৰ পৰা
তলৰ কুণ্ডলৈ জঁপিয়াই প্রাণত্যাগ কৰিছিল।

     হিমালয়ৰ উত্তৰৰ মানস সৰোবৰৰ পূবত স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চল চুতীয়াসকলৰ আদি বাসস্থান
আছিল। তাৰ পৰা তেওঁলোকে সোৱণশিৰি নদীৰ পাৰে পাৰে পশ্চিমলৈ প্ৰব্ৰজন কৰি বৰ্তমানৰ লখিমপুৰ
অঞ্চল পায়হি। স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চলৰ পৰা অহা বাবে এওঁলোকক স্বাতীয়া বোলা হৈছিল।
কালক্ৰমত এই স্বাতীয়াৰ পৰাই চুতীয়া শব্দৰ উৎপত্তি হ'ল।

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)