Gorajan Goodluck Tutor Centre

শিক্ষাই মানুহক মুক্তি দিয়ে

YOUR QUESTIONS OUR ANSWERS( আপোনাৰ প্ৰশ্ন আমাৰ উত্তৰ- তলৰ লিংকটোত ক্লিক কৰক )

NEW ADMISSION FOR ONLINE AND OFFLINE CLASSES

FOR NEW BATCH 2022-23
FOR CLASS VIII TO XII

HSLC-2022 SCIENCE COMMON

HSLC-2022 SCIENCE COMMON
বিজ্ঞানৰ HSLC-2022 COMMON QUESTION ৰ বাবে ক্লিক কৰা

HOT QUESTION-ANSWERS ( EMERGENCY)

HOT QUESTION
তোমাৰ উত্তৰসমূহ ( YOUR ANSWERS)

আমাক প্ৰশ্ন সুধিবলৈ তলৰ Whatsapp ত ক্লিক কৰা

আমাক প্ৰশ্ন সুধিবলৈ তলৰ Whatsapp ত ক্লিক কৰা
Ask Question

LINK-1

HSLC আৰু AHM RESULTS -link 2
নিজৰ RESULTS চাবলৈ ইয়াত ক্লিক কৰা (LINK 2)
ইংৰাজী ভয় লাগে নেকি?
ইংৰাজীত দুৰ্বল নেকি ? আহক ইংৰাজীত কথা পাতিবলৈ শিকো মাত্ৰ ৪৯৯ টকাত
ALL ANSWERS
CHOOSE YOUR CLASS [উত্তৰ পাবলৈ নিজৰ শ্ৰেণীটো বাছনি কৰক ]

Your Questions( আপোনাৰ প্ৰশ্ন )

প্ৰশ্ন সুধিব পাৰা
টান লগা বিষয়টোত আমি সহায় কৰিম

Your Answers (আপোনাৰ উত্তৰ)

YOUR ANSWERS
আপুনি আগতে আমাক পঠিওৱা প্ৰশ্নৰ উত্তৰসমূহ ইয়াত পাব
HSLC 2021
NOW YOU CAN BUY YOUR IMPORTANT EBOOK HERE

Thengal Kacharihokol - Boisitramai Axom - Class IX [ ঠেঙ্গাল কছাৰীসকল ( ' সদৌ অসম ঠেঙ্গাল কছাৰী সংগঠন )- বৈচিত্ৰ্য়ময় অসম -নৱম শ্ৰেণী ]

 ঠেঙ্গাল কছাৰীসকল ( ' সদৌ অসম ঠেঙ্গাল কছাৰী সংগঠন )
Thengal Kacharihokol - Boisitramai Axom - Class IX [ ঠেঙ্গাল কছাৰীসকল ( ' সদৌ অসম ঠেঙ্গাল কছাৰী সংগঠন  )- বৈচিত্ৰ্য়ময় অসম -নৱম শ্ৰেণী ]
ঠেঙ্গাল কছাৰীসকল


          অসমত বসবাস কৰি অহা এটি প্রাচীন জাতি হ’ল কছাৰী জাতি। প্রাচীন কালত কছাৰীসকলক
কিৰাত বুলি অভিহিত কৰিছিল। নৃতত্ত্ববিদসকলে এই কিতসকলক মঙ্গোলীয় বা মঙ্গোলয়ড বুলিছিল।
এসময়ত অসমত আনকি সমগ্ৰ উত্তৰ ভাৰততে কিৰাতসকলৰ অখণ্ড আধিপত্য আছিল।

      মঙ্গোলীয় (কিৰাত) গােষ্ঠীৰ আবয়বিক বৈশিষ্ট্য হল—“গাৰ বৰণ পীত বা পীত পিংগল, কেশ
ক’লা, ডাঢ়ি-গােফ তাকৰ, শৰীৰৰ নােম কম, মুখমণ্ডল বহল আৰু নাক চেপেটা। কপালস্থি বা হনু বৰ
স্পষ্ট, নেত্র ঠেক বা নেত্র বক্র, নেত্রচ্ছেদৰ ভাঁজ মঙ্গোলীয়ৰ এটি বিশেষ লক্ষণ। এই কিতসকলক
সাধাৰণতে ডাঙৰ নদী বা পৰ্বতৰ দাঁতিকাষৰীয়া ঠাইত বসবাস কৰাৰ কাৰণে সংস্কৃত ভাষাত তেওঁলােকক
কক্ষৱাট বােলে। কক্ষৱাটৰ পৰা কক্ষত > কচ্ছৰ লগত অৰি যােগ হৈ কচ্ছ + অৰি- কছাৰী নামৰ উৎপত্তি
হয়। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা মঙ্গোলীয় গােষ্ঠীৰ এই কিৰাত বা কছাৰী লােকে নিজকে
বড়াে বুলি অভিহিত কৰিব বিচাৰে। মঙ্গোলীয় গােষ্ঠীৰ এই বড়ােসকলক ভাৰতীয় আন আন হিন্দুসকলে
বিভিন্ন সময়ত কিত, ম্লেচ্ছ, কছাৰী নামেৰে অভিহিত কৰি আহিছে যদিও কছাৰীহে তেওঁলােকৰ প্রচলিত
নাম।


       ড° ভূৱন মােহন দাসে উত্তৰ পূৱ ভাৰতৰ মঙ্গোলীয়সকলক এনেদৰে ভাগ কৰিছে। ১) খাছী ২)
বড়াে ৩) লুচাই কুকী ৪) নগা ৫) অৰুণাচলৰ জনজাতি ৬) অন্যান্য। অন্যান্য জাতিসকলৰ ভিতৰত মিছিং, দেউৰী, হাজং আদিক অন্তর্ভুক্ত কৰিছে। বড়ােগােষ্ঠীৰ ভিতৰত গাৰাে, ৰাভা, মেচ, তিৱা, ডিমাছা, ঠেঙ্গাল, সােণােৱাল, ঝাৰুৱা আদিক অন্তর্ভুক্ত কৰা হৈছে।


এতেকে ঠেঙ্গাল কছাৰীসকলক মঙ্গোলীয় প্রজাতিৰ বড়াে গােষ্ঠীৰ পূৱ শাখাত ধৰিব পাৰি।
ঠেঙ্গালসকল, বিশেষকৈ পাণ্ডৱ বীৰ ভীমৰ পুত্ৰ ঘটোৎকচৰ বংশােদ্ভৱ বুলি পৰিচয় আছে। হিড়িম্বা
নামৰ ৰাক্ষসী এগৰাকী কন্যাৰ লগত ভীমৰ বৈবাহিক সম্পর্ক ঘটাৰ বাবেই ঘটোৎকচৰ জন্ম হয়। হিড়িম্বাৰ নাম অনুসৰি কছাৰীসকলৰ ৰাজ্যখনক ‘হিড়িম্বা’ৰাজ্য বাহেড়েম্বা’ৰাজ্য আৰুৰাজধানীক ‘হিড়িম্বাপুৰ’ বুলিছিল আৰু ৰজাসকলেও নিজকে হিড়িম্বাপতি বুলি পৰিচয় দিছিল।


ঠেঙ্গাল কছাৰীৰ উৎপত্তিঃ সমৰ, সংঘাট আৰু জয় পৰাজয়ৰ মাজেৰে হেড়েম্বিয়াল কছাৰী ফৈদৰ দুর্দান্ত- ধনুর্বিদ্যাত পাৰ্গত জঙ বাহাদুৰ আৰু চক্ৰধ্বজ নামৰ দুজন যুৱকে কিছুমান কছাৰী পৰিয়াল লগত লৈ দৈয়াং উপত্যকাৰ কাছমাৰী পথাৰত এখন ৰাজ্য প্রতিষ্ঠা কৰি জঙ বাহাদুৰ তাৰ ৰজা হয়। তেওঁৰ সৈন্যবিলাকক ঠেঙা (Patloons) পিন্ধি যুদ্ধ কৰিবলৈ দিছিল। যুদ্ধত পিন্ধা ঠেঙা শান্তিৰ পৰিবেশতাে পিন্ধি ফুচকা কৰাৰ কাৰণে তেওঁলােকৰ প্ৰজাক আৰু জঙ বাহাদুৰক ঠেঙাল কছাৰী বুলিছিল।

ঠেঙ্গাল কছাৰীৰ অৱস্থানঃ ঐতিহাসিক বিৱৰণৰ পৰা অনুমান কৰিব পাৰি যে অসমৰ উজনি
অঞ্চলৰ শদিয়াৰ পৰা দৈয়াং, ধনশিৰি উপত্যকা আৰু নগাঁও পর্যন্ত ঠেঙ্গাল কছাৰীৰ বংশসমূহৰ অৱস্থান
আছিল। কালক্ৰমত ঐতিহাসিক পাকচক্ৰত আৰু অর্থনৈতিক কাৰণত তেওঁলােক অসমৰ বিভিন্ন প্রান্তত
ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰত বিভক্ত হৈ পৰে। দক্ষিণ পাৰে বর্তমান যােৰহাট জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নগাপাহাৰ পর্যন্ত তিতাবৰক কেন্দ্ৰ কৰি বিস্তৃত অঞ্চল ঠেঙাল কছাৰী লােকেৰে ভৰপূৰ। গােলাঘাট জিলাৰ ধনশিৰি পাৰৰ ঠেঙ্গাল গাঁও পঙ্কা, মৰঙি, বুঢ়াগোঁহাই খাট, সৰুপথাৰ, বৰ পথাৰ, চাউদাং পথাৰ, গমাৰি, চিচুপানী, মেৰাপানী, কাছমাৰী, দৈয়াং, কাৰ্বি আংলং জিলাৰ কালিয়নী, শিৱসাগৰ জিলাৰ সােনাৰি অঞ্চল, নাজিৰা, ডিব্ৰুগড় জিলাৰ নাহৰণী ঠেঙ্গাল গাঁও, চাচনী, উত্তৰ পাৰৰ লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া, কাৱৈাৰী বাগিছা, বঙালমৰা, নাহৰণী, পকাদৌল, খােলাগুৰি, বৰাইখনা, নাওবৈছাৰ সােনাপুৰ, লােকামপুৰ, ঢেকীয়াজুলি, দলপাপথাৰ, বালিগাঁও, দক্ষিণ লালুক, হাৰমােতী, বান্দৰদেৱা, উত্তৰলালুক, ফুলবাৰী, কদম, ধেমাজি, গােগামুখ, কৃষ্ণপুৰ, গঢ়পাৰা, নাহৰবাৰী, পানীগাঁও, দঙ্গীবিল, জকাই পেলােৱা, জোনাই আদি ঠাইত ঘন বসতিপূর্ণ ঠেঙ্গাল কছাৰীৰ গাঁও আছে।

       ঠেঙ্গাল কছাৰীসকলে ঠেঙ্গাল নামেৰে জনাজাত হােৱাৰ পিছৰে পৰা ঠেঙ্গাল’ উপাধি লিখি আহিছে যদিও তেওঁলােকৰ কোনাে কোনােৱে কছাৰী’উপাধিও সমানে ব্যৱহাৰ কৰি আহিছে। ঠেঙ্গাল কচ্ছাৰী মানুহখিনিয়েৰজাঘৰীয়া বিষয়বাব খাইছিল, তাৰ প্ৰমাণ তেওঁলােকে লিখা উপাধিসমূহৰ পৰাই বুজিব পাৰি। এইউপাধিসমূহশইকীয়া, হাজৰিকা, বৰা, নেওগ, বৰুৱা, ৰাজখােৱা, দাস, বৰ শইকীয়া, বৰুৱা, বৰবৰুৱা, হাতীবৰুৱা, ঘোঁৰা বৰুৱা, ভঁৰালী, চাংমাই ইত্যাদি।


ঠেঙ্গাল কছাৰীৰ সমাজ-সংস্কৃতিৰ চমু পৰিচয়ঃ ঠেঙ্গাল কছাৰীসকলে অতীতৰ পৰাই সমাজ পাতি বসবাস কৰি আহিছে আৰু বৰ্তমান অসমীয়া সামাজিক জীৱনৰ লগত সাঙোৰ খাই আছে। ঠেঙ্গাল কচ্ছাৰী সমাজ পুৰুষ-প্রধান হিচাপে যৌথ পৰিয়ালভুক্ত। পিতৃয়েই পৰিয়ালৰ মুখ্য লােক।

সমাজ গাঁথনিঃ প্রাচীন কালত ঠেঙ্গালসকলৰ সমাজ ‘কৈৰাতজ’ ধর্মীয় গাঁঠনিৰে পৰিচালিত আছিল।
কিন্তু পঞ্চদশ শতিকাত মহাপুৰুষ শঙ্কৰদেৱে নৱ-বৈষ্ণৱ একশৰণ নামধর্ম প্রচাৰ কৰি অসমৰ চুকে-কোণে যি সামাজিক আদর্শ দাঙি ধৰিছিল সেই আদর্শত ঠেঙ্গাল কছাৰীসকলাে অনুপ্রাণিত হয়। তাৰ ফলস্বৰূপে সমাজত একোখন গাঁৱৰ সমাজ গঠনৰ আহিলা হিচাপে নামঘৰ প্রতিষ্ঠা হ'ল। ধর্মীয় সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰত নামঘৰে তেওঁলােকৰ সমাজতাে এক অভূতপূর্ব ভূমিকা গ্ৰহণ কৰিলে। সত্ৰৰ পদ্ধতি অনুসৰি ঠেঙ্গাল কছাৰীৰ মাজত এটা বৃহৎ এলেকাৰ ভিতৰত বৰমেধি, কুৰিয়া মেধি, চুক মেধি, বৰ টেকেলা, টেকেলা আদি বিষয়া আৰু একোখন গাঁৱত বা একোটা খেলত নামঘৰ থকাৰ লগতে নামঘৰীয়া, ভড়ালী, পাঠক, বায়ন, দেউৰী, ঢুলীয়া-ওজা আদি বিষয়বাবৰ লােক থাকে আৰু সত্ৰৰ সত্ৰাধিকাৰে ৰাজমেধি, পাচনি আৰু বৰমেধিৰ যােগেদি ঠেঙ্গাল কছাৰী সমাজৰ লগত যােগসূত্র ৰাখি সমাজখনৰ ধৰ্ম ৰীতি পৰিচালনা কৰি থকা দেখা যায়। অন্যহাতে ঠেঙ্গাল কছাৰীৰ সমাজ ব্যৱস্থা সামাজিক জীৱনত নাৰীৰ স্থাননা পুৰুষৰ সমানেই।


অর্থনৈতিক জীৱনঃ ঠেঙ্গাল কছাৰী অধিকাংশ লােক গাঁৱত বসবাস কৰি কৃষি কর্মৰ ওপৰত নিৰ্ভৰশীল
হৈ জীৱন নির্বাহ কৰে। ধান তেওঁলােকৰ প্ৰধান খেতি। গৰু, মহ, হাঁহ-পাৰ, কুকুৰা, ছাগলী আদি পুহি সেইবােৰ বিক্ৰী কৰিও জীৱিকা উলিয়ায়। বাৰীত তামােল-পাণ, জাতিগত বৈশিষ্ট্য বাঁহ খেতি, আলু কচু, অন্যান্য ৰবি শস্যৰ খেতি কৰি আর্থিক সমস্যা সমাধান কৰে।


সামূহিক জীৱন-পদ্ধতিঃ মঙ্গোলীয় জনগােষ্ঠীৰ সবাতােকৈ ডাঙৰ বৈশিষ্ট্য হ’ল সামূহিক জীৱন পদ্ধতি। কছাৰীসকলে একোখন গাঁৱত দল বান্ধি বাস কৰে। খেতি-বাতি, ঘৰ সজা, মাছমৰা, উৎসৱ-পার্বণ, বিপদ-আপদ, ৰং-আনন্দ সকলােতে মাৰ বান্ধি একগােট হৈ থিয় দিয়ে। ঠেঙ্গাল কছাৰীৰ মাজত হাৰিয়া মতা’ অর্থাৎ ‘হাউৰি’ প্রথা আজিও প্রচলিত। বিয়া-সবাহত ৰভা-পৰলা দিয়া, ঘৰ সজা, পথাৰৰ ধান চপােৱা, মাছ ধৰা কার্যত দল বান্ধি ওলাই যায়।

উৎসৱ-পাৰ্বণঃ ঠেঙ্গাল কছাৰীসকলে তেওঁলােকৰ নিজা সামাজিক উৎসৱ, পূজা-পাতলসমূহ যথা।
নিয়মে পালন কৰাৰ দৰে অসমৰ জাতীয় উৎসৱ বিহুকো পৰম্পৰাগতভাৱে পালন কৰে। ঠেঙ্গাল কছাৰী
গাভৰুসকলে চ'ত মাহ সােমােৱাৰ দিনৰ পৰাই ৰাতি বিহু’ মাৰিছিল। আঁহত গছ বা বৰ গছৰ তলত বিহুৰ
খােলাবােৰ পতা হয়। ৰাতি বিহু চ'তৰ সংক্রান্তিলৈকে অর্থাৎ বহাগ বিহুৰ উৰুকাৰ দিনালৈকে মাৰিছিল।
ঠেঙ্গাল কছাৰীসকলৰ মাজত ‘তৰাছি’ বিহু বা বালি-হুচৰি’, ‘বােকা বিহু আৰু নৰাছিঙা বিহু’ প্রচলিত।
অসমীয়া সংস্কৃতিৰ পৰম্পৰাগত প্রথা অনুসৰি কাতি বিহু আৰু মাঘৰ বিহু যথা ৰীতিমতে পালন কৰি আহিছে।

খাদ্যসম্ভাৰঃ ঠেঙ্গাল কছাৰীসকলৰ প্রধান খাদ্য হ’ল ভাত। শাক-পাচলি খােৱাৰ লগতে মাছ-মাংস
ঠেঙ্গালসকলৰ প্রিয় খাদ্য। কাছ, কুচিয়া, কেঁকোৰা, জিপাঙ্কৰী, আমৰলি, নিংকৰি, এৰী, লেতা, মুগা পলু,
চাকচন, কঁদো-বৰল আদি ঠেঙ্গালসকলৰ প্রিয় খাদ্য। শুকান মাছ, শুকান মাংস জনজাতিসকলৰ সুষম খাদ্য। ঠেঙ্গাঁলসকলে এটা বিশেষ পদ্ধতিৰে শুকান মাছ খুন্দি গুৰি কৰি চুঙা বা মাটিৰ টেকেলীত ৰাখি থয়। ইয়াকে শুকতি মাছ বােলে। শুকান মাছ, শুকতি মাছ, শুকান মাংস, খৰিচা, কাহুদি, খালি, পানীটেঙা, শশাকোতা আদি ঠেঙ্গালৰ সঞ্চিত খাদ্য।


সাজ-পােচাকঃ ঠেঙ্গাল কছাৰী পুৰুষসকলে অসমীয়া মানুহৰ স্বাভাৱিক সাজ-পাৰ পৰিধান কৰে।
তিৰােতাসকলে অসমৰ জনজাতীয় সমাজত প্রচলিত বুকুত মেখেলা আৰু মেঠনি মাৰিছিল। মহিলাই ব্লাউজ ব্যৱহাৰ নকৰে। তিৰােতাসকল হস্তশিল্পত অতি নিপুণ। বােৱাৰীসকলে ৰিহা-মেখেলা আৰু চাদৰ পৰিধান কৰে ৷

  ঠেঙ্গাল কছাৰীসকলৰ মাজত সোেণ ৰূপৰ অলংকাৰ অতীজৰ পৰাই ব্যৱহাৰ হৈ আহিছে। তেওঁলােকে
ব্যৱহাৰ কৰা অলংকাৰ বিলাকৰ ভিতৰত জোন-বিৰি, দুগ-দুগী, মাদলি, বিৰি, বেনা, পােৱালমণি, থুৰীয়া,
কেৰু, কাণফুল, খাৰু, উকা আৰু বাখৰুৱা আঙঠি, নাকফুলি আদিয়েই প্রধান। অতীজতে কছাৰী সমাজত পুৰুষেও বিভিন্ন অলংকাৰ হাত, কাণ আৰু ডিঙিত পিন্ধিছিল। আধুনিক সভ্যতাৰ বিকাশৰ ফলত ঠেঙ্গালসকলৰ সামাজিক জীৱনধাৰালৈ বহুত পৰিৱৰ্তন আহিছে।


ভাষা আৰু সাহিত্যঃ  অসমৰ উজনি খণ্ডত বসবাস কৰা ঠেঙ্গাল কছাৰীসকলৰ ভাষা অসমীয়া ।
ঠেঙ্গালসকল লােক সাহিত্যত চহকী। তেওঁলােকৰ অনেক লােক-বিশ্বাস আৰু আখ্যানে ভাষা-সাহিত্য সমৃদ্ধ কৰি ৰাখিছে। তেজীমলা, পানচৈ, কাঞ্চনমতী, ফুলৰা-চতলা, লিতিকাই, লখাই তৰা আদি কৰি বহু সাধুকথা তেওঁলােকৰ মাজত প্ৰচলিত হৈ আহিছে। তদুপৰি ফকৰা-যােজনা, প্রবচন, খণ্ড বাক্য, লােকবাক্য, লােককথা, বিহুগীত, হুঁচৰি গীত, নিচুকনি গীত, ধাইনাম, আইনাম, লখিমী সবাহৰ গীত, অপেশ্বৰী সবাহৰ গীত, পানীতােলা সবাহৰ গীত, বিয়ানাম, তােলনি বিয়াৰ নাম, ভেকুলী বিয়াৰ নাম, দৈয়ন দিয়াত গােৱা গীত, আয়ুসতােলা গীত, গােপিনী সবাহৰ গীত ধাননি ৰখা গীত, চোমনি ৰখা গীত, ঢুলীয়া ওজা হাত চলনা গীত তেওঁলােকৰ মাজত আজিও বহুলভাৱে প্ৰচলিত হৈ আছে। ঠেঙ্গাল কছাৰীসকলৰ মাজত প্ৰচলিত মৌখিক বা লােক- সাহিত্যই অসমীয়া সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনক এক সুকীয়া মাত্রা প্রদান কৰি আহিছে।


ধর্মবিশ্বাস আৰু পূজা-পাতলঃ ঠেঙ্গাল কছাৰীসকলৰ ধৰ্ম মূলতঃ কৈৰাতজ। এই ধৰ্মৰ মূল উপাস্য
দেৱতা শিৱ। ঠেঙ্গাল কছাৰীসকলে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা, বাসুদেৱ গােসাঁইৰ দিনৰে পৰা বৈষ্ণৱ ভক্ত হিচাপে প্রাণহৰি গােসাঁইলৈ আউনীআটী সত্ৰৰ শিষ্য। সেই মতে তেওঁলােক ব্রহ্ম সংহতিৰ লােক। তেওঁলােকে বৈদিক আচাৰ নীতি পালন কৰে। ইয়াৰ লগতে ঠেঙ্গালসকলে দুর্গা পূজা, নির্দিষ্ট ঠাইত বাইথ পূজা বা দেও পূজা, নদীত চুৱা উটুওৱা পূজা, চাপৰিত গৰখীয়া ভােজ, নৈৰ ওচৰত চাউলখােৱা আদি পূজা-পাতল কৰে। সেইবােৰৰ উপৰিও ঘৰুৱা অপায়-অমঙ্গল দূৰ কৰিবলৈ বিহুৱে সংক্রান্তিয়ে মৃতকক দিয়া আৰু পিৰ দিয়া পূজা পাতে, শনি, ৰাহু- কেতুৰ চাউল খুওৱা, গুৰু পৰমাণ খুওৱা, আই চাউল খােৱা, অপেশ্বৰী সবাহ, গােপিনী সবাহ, লখিমী সবাহ, হাটুৱালীবাটুৱালী সবাহ, ভঁড়ালত লখিমী সােমােৱা সবাহ, আয়ুস তােলা সবাহ আদি অনেক পূজা-পাতল, সকাম-নিকাম ঠেঙ্গাল কছাৰীসকলে পালন কৰে। দেৱ-দেৱী, ভূত-প্রেতলৈ যথা ৰীতিৰে পূজা আগবঢ়ায়।


বিবাহকার্যঃ বিবাহ মানৱ সমাজৰ এক প্রাণময় উৎসৱ। ঠেঙ্গাল কছাৰীসকলৰ মাজত বিশেষকৈ চাৰি
প্রকাৰৰ বিয়াৰ প্ৰচলন, যেনে -
১। পলাই যােৱা বা পলুৱাই নিয়া বিয়া
২। আবিয়ৈ বিয়া
৩| বৰ বিয়া
৪। তেলনি বিয়া
   ঠেঙ্গাল কছাৰীসকলৰ মাজত প্ৰচলিত বৰ বিয়া আৰু আবিয়ৈ বিয়াৰ বৈশিষ্ট্য সুকীয়া। ব্রাহ্ম অনুসাৰে
বৈদিক প্ৰথাৰে হােমাগ্নি কৰি পতা বিয়াক বৰ বিয়া আখ্যা দিয়ে আৰু সাধাৰণভাৱে ৰাইজৰ আশীর্বাদ গ্রহণ কৰি, তেল-শলিতা জ্বলাই পতা বিয়া আবিয়ৈ বিয়া বা জোৰােণ বিয়া বুলি কয়। দৰা-কন্যা উভয় পক্ষৰ বিয়া। বন্দৱস্তকাৰীক বাওৰা বােলে। ছােৱালী খুজিবলৈ গৈ কন্যাৰ ঘৰত প্রথম তামােল-পাণ পেলােৱাক বাট চন্দা ভােজা দিয়া বােলে।


শিল্প-সংস্কৃতিঃ ঠেঙ্গাল কছাৰীসকল সােণ, ৰূপ, তাম, লাে, তীখা আদি ধাতুশিল্পৰ লগত বিশেষভাৱে
জড়িত। ৰূপ সংগ্রহৰ বাবেই ৰূপােৱাল কছাৰী হিচাপে জনাজাত। তেওঁলােক কুটীৰ শিল্পত যথেষ্ট নিপুণ।
ঠেঙ্গালসকলে ঘৰুৱা জীৱনত লাগতীয়াল সকলাে সামগ্রী কাঠ, বাঁহ, পাটীদৈ আদিৰে তৈয়াৰ কৰি লয়।
          বয়ন শিল্পৰ সঁজুলিসমূহ আৰু খেতিৰ সঁজুলি—নাঙল, যুঁৱলি, মৈ, শ’লমাৰি, ডিলামাৰি, ওখােন, ইনা আদি তৈয়াৰ কৰাত পাকৈত। নাহৰ কাঠৰ ভেঁকী, শিলিখা-গমাৰী কাঠৰ হেতা, কচলি, ঠগা, শৰাই, আসন, পীৰা- ধৰা, চকী-মেজ, ঢাৰি-পাটী, বিহুত ব্যৱহৃত বাদ্যযন্ত্র পেঁপা, গগনা, বাঁহী, টকা, টোকাৰী, বীণ, সুতুলি আদি ঠেঙ্গাল কছাৰীসকলে প্রস্তুত কৰিব জানে।


      কছাৰীসকলৰ পূৰ্বপুৰুষৰ পৰা ৰেচম শিল্প চলি আহিছে। মঙ্গোলীয় কিতসকলেই অসমত পাট, মুগা,
ৰেচম শিল্পৰ জন্ম দিছিল। কছাৰীসকলেইহাবিৰ মুগা ঘৰচীয়া কৰিছিল। এৰী পােহা ঠেঙ্গাল কছাৰীসকলৰ জাতীয় পৰম্পৰা। এৰি, মুগা পুহি তাৰ পৰা সুতা কাটি বিভিন্ন পােচাক তৈয়াৰ কৰি লয়।


মৃতকৰ সকাৰঃ ঠেঙ্গাল কছাৰীসকলৰ মাজত মৰা শ দাহ কৰা বা পুতি থােৱা দুয়ােটা প্রথাই আছে।
ব্যক্তি এজনৰ মৃত্যুৰ পিছত বহুতাে নিয়ম নীতি পালন কৰা হয়। গুৰুৰ ওচৰত শৰণ লােৱাটো ঠেঙ্গাল কছাৰী সমাজত বাধ্যতামূলক। মৃতকৰ প্ৰেতকার্য ব্রাহ্ম হিন্দু ৰীতিমতে সমাপন কৰে।

      ঠেঙ্গাল কছাৰীসকল অসমৰ এটা সুপ্রাচীন খিলঞ্জীয়া জনগােষ্ঠী। স্বকীয় ৰীতি-নীতি, ধর্মীয় পৰম্পৰা,
সামাজিক লােকাচাৰ আৰু আধুনিক ধ্যান-ধাৰণাৰে এটা পৃথক জনগােষ্ঠী হলেও ঠেঙ্গাল কছাৰীসকলে
বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে।

     ঠেঙ্গাল কছাৰীসকলৰ বহুসংখ্যক ব্যক্তিয়ে অসমীয়া জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান
আগবঢ়াই স্মৰণীয় হৈ আছে। তলত তাৰে কেইগৰাকীমানৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ'ল—

লৌহপ্রাণ গিৰিধৰ ঠেঙ্গালঃ
       অসমৰ আর্থ-সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰখনত খিলঞ্জীয়া জনগােষ্ঠীৰ যিসকল ব্যক্তিয়ে ইতিমধ্যে উল্লেখযােগ্য অৱদান আগবঢ়াই গৈছে সেইসকলৰ ভিতৰত গিৰিধৰ ঠেঙ্গাল অন্যতম।

   যােৰহাট জিলাৰ তিতাবৰ মহকুমাৰ তিতাবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঠেঙ্গাল মৌজাৰ উলুতলী গাঁৱৰ
এটা অতি দুখীয়া কৃষক পৰিয়ালত ১৯২১ চনৰ ১২ জানুৱাৰীত গিৰিধৰ ঠেঙ্গালৰ জন্ম হয়। তেওঁৰ পিতাকৰ নাম আছিল জিলিৰাম ঠেঙ্গাল আৰু মাকৰ নাম আছিল কান্দুৰী ঠেঙ্গাল। কেঁচুৱা অৱস্থাতে মাকৰ বিয়ােগ ঘটাত বৰ্মকে তুলি-তালি গিৰিধৰক ডাঙৰ-দীঘল কৰে। ১৯২৯ চনত গিৰিধৰক দেউতাকে বজালবাৰী প্রাথমিক বিদ্যালয়ত নাম লগাই দিয়ে। এই বিদ্যালয়ৰ পৰা ১৯৩৪ চনত প্রাথমিক বৃত্তি পৰীক্ষাত যােৰহাট মহকুমাৰ ভিতৰত তৃতীয় স্থান লাভ কৰি উত্তীৰ্ণ হৈ তিতাবৰ মধ্য ইংৰাজী বিদ্যালয়ত নাম ভর্তি কৰে। দুর্ভাগ্যজনক যে মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ি থকা কালতে ১৯৩৬ চনত দেউতাকৰ অকাল মৃত্যু হয়। মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা বৃত্তি লাভ কৰি শেষ পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৩৮ চনত যােৰহাট চৰকাৰী হাইস্কুলত নাম ভর্তি কৰে। তাৰ পৰা ১৯৪২ চনত মেট্রিক পৰীক্ষাত উত্তীর্ণ হয়। যােৰহাটৰ জগন্নাথ বৰুৱা কলেজ পৰা ১৯৪৪ চনত আই, এ, পৰীক্ষা আৰু ১৯৪৬ চনত বি.এ. পৰীক্ষা সুখ্যাতিৰে উত্তীর্ণ হয়। ১৯৫২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত বি,এল, ডিগ্রী লাভ কৰে।


     গিৰিধৰ ঠেঙ্গালে শিক্ষক হিচাপে কর্ম জীৱন আৰম্ভ কৰে। ১৯৫২ চনৰ পৰা ১৯৫৩ চনলৈ যােৰহাট
জিলাৰ ন-আলি তিতাৰাম বৰদলৈ হাইস্কুলত শিক্ষকতা কৰে। ১৯৫৩ চনত শিক্ষা জগতৰ পৰা আঁতৰি
তেওঁ ৰাজনৈতিক জগতত প্রবেশ কৰে আৰু বিভিন্ন সামাজিক উন্নয়নমূলক কামত জড়িত হয়। তেওঁ
যােৰহাট ক'টতে ওকালতি আৰম্ভ কৰে। লাহে লাহে তেওঁৰ ওকালতিত কৈ ৰাজনৈতিক জীৱনৰ সক্রিয়তা
বৃদ্ধি পাবলৈ ধৰিলে। তাৰ মাজতে বিভিন্ন অঞ্চলৰ শিক্ষা, সামাজিক উন্নয়ন, সামাজিক ন্যায় আদি বিষয়ত নিজকে জড়িত কৰিবলৈ ধৰিলে। জালুকনিবাৰী হাইস্কুল, তিতাবৰ নন্দনাথ শইকীয়া কলেজ প্রতিষ্ঠাৰ ক্ষেত্ৰত তেওঁৰ অৱদান উল্লেখযােগ্য আছিল।


      তেওঁৰ নেতৃত্বত কমিউনিষ্ট পার্টি আন্দোলনৰ হেঁচাত কেইবাখনাে শ্রমিক কৃষকৰ সপক্ষে লােৱা
আইন প্ৰৱৰ্তন কৰা আৰু কিছু সংখ্যক ভূমিহীন কৃষকৰ মাজত মাটি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছিল। ১৯৭৮ চনত তেওঁ তিতাবৰ বিধান সভা সমষ্টিৰ বিধায়ক নির্বাচিত হয়। যােৰহাটৰ পৰা বৰহােলালৈ প্ৰথম
সর্ববৃহৎ দীর্ঘ ন-আলি পকীকৰণৰ কাম তেখেতৰ উদ্যোগতে সম্পন্ন হয়। ১৯৮৪ চনত সেই সময়ৰ চোভিয়েট ৰাছিয়াত হােৱা মাস্কীয় অর্থনীতিৰ তিনিমহীয়া চেমিনাৰত অংশ গ্রহণ কৰিছিল।


কবি, গীতিকাৰ, ভাস্কর্য-চিত্রশিল্পী কমল কছাৰীঃ
ইস্তাহাৰ কবি’ নামেৰে জনাজাত কবি-শিল্পী কমল কছাৰী ১৯৩৯ চনত যােৰহাট জিলাৰ তিতাবৰ
মহকুমাৰ ঠেঙ্গাল মৌজাৰ মৰলি কছাৰী গাঁৱৰ এটি কৃষক পৰিয়ালত জন্মগ্রহণ কৰে। দেউতাকৰ নাম উনিৰাম কছাৰী আৰু মাকৰ নাম সৰু আইতী কছাৰী। জীৱিকাৰ কর্মসূত্রে তেওঁ শিৱসাগৰ জিলাৰ নাজিৰা স্থিত মাদুৰীত বসবাস কৰি চিকিৎসা ক্ষেত্ৰত ফার্মাচিষ্ট হিচাপে স্বাস্থ্যসেৱাত ব্ৰতী হয়। ভাস্কর্য শিল্পী, চিত্রশিল্পী, অনাতাঁৰ গীতিকাৰ, কবি কমল কছাৰীৰ লেখনি অসমৰ আগশাৰীৰ কাকত-আলােচনী প্রতিধ্বনি’, ‘অসমবাণী’, নীলাচল, অগ্রদূত’, সাদিন-প্রতিদিন’ৰ উপৰিও বিভিন্ন মাধ্যমত প্রকাশ পাইছিল। শিৱসাগৰ জিলা সাহিত্য সভাৰ তেওঁ সভাপতি আছিল।


        কমল কছাৰীয়ে গীত, কবিতা, নাটক লিখাৰ উপৰিও বেনাৰ, ফেষ্টুন, কিতাপ-আলােচনীৰ বেটুপাত
অংকন, স্থাপত্য ভাস্কর্য নিজ হাতেৰে খােদিত কৰাত সিদ্ধহস্ত আছিল। কমল কছাৰীক সাহিত্য সভাই ‘বিষ্ণু প্রসাদ ৰাভা বঁটা প্ৰদান কৰিছিল আৰু শিৱসাগৰ সাহিত্য সভাই কবিগৰাকীৰ নামেৰেও ‘কবি শিল্পী কমল কছাৰী সাহিত্য বঁটা প্ৰদান কৰি আহিছে। অসম চৰকাৰে তেওঁলৈ সাহিত্যিক পেঞ্চন আগবঢ়ায়।

 দৰদী কবি কমল কছাৰীৰ তিনিকুৰি পােন্ধৰ বছৰত ২০১৩ চনত জীৱনৰ অৱসান ঘটে।

প্রশ্নাবলীঃ
১। মঙ্গোলীয় কিৰাতসকলৰ আৱয়বিক বৈশিষ্ট্য কি?

উত্তৰঃ মঙ্গোলীয় (কিৰাত) গােষ্ঠীৰ আবয়বিক বৈশিষ্ট্য হল—“গাৰ বৰণ পীত বা পীত পিংগল, কেশ
ক’লা, ডাঢ়ি-গােফ তাকৰ, শৰীৰৰ নােম কম, মুখমণ্ডল বহল আৰু নাক চেপেটা। কপালস্থি বা হনু বৰ
স্পষ্ট, নেত্র ঠেক বা নেত্র বক্র, নেত্রচ্ছেদৰ ভাঁজ মঙ্গোলীয়ৰ এটি বিশেষ লক্ষণ।

২। মঙ্গোলীয় কিৰাতসকলক সংস্কৃত ভাষাত কি বুলি অভিহিত কৰিছিল ?

উত্তৰঃ  কক্ষৱাট ৷ 

৩। কছাৰী নাম কেনেকৈ উৎপত্তি হৈছিল ?

উত্তৰঃ সাধাৰণতে ডাঙৰ নদী বা পৰ্বতৰ দাঁতিকাষৰীয়া ঠাইত বসবাস কৰাৰ কাৰণে সংস্কৃত ভাষাত তেওঁলােকক কক্ষৱাট বােলে। কক্ষৱাটৰ পৰা কক্ষত > কচ্ছৰ লগত অৰি যােগ হৈ কচ্ছ + অৰি- কছাৰী নামৰ উৎপত্তি হয়। 

৪। ড° ভূৱন মােহন দাসে মঙ্গোলীয়সকলক কেইটা ভাগত ভাগ কৰিছে?

উত্তৰঃ  ড° ভূৱন মােহন দাসে উত্তৰ পূৱ ভাৰতৰ মঙ্গোলীয়সকলক এনেদৰে ভাগ কৰিছে। ১) খাছী ২)
বড়াে ৩) লুচাই কুকী ৪) নগা ৫) অৰুণাচলৰ জনজাতি ৬) অন্যান্য। অন্যান্য জাতিসকলৰ ভিতৰত মিছিং, দেউৰী, হাজং আদিক অন্তর্ভুক্ত কৰিছে। বড়ােগােষ্ঠীৰ ভিতৰত গাৰাে, ৰাভা, মেচ, তিৱা, ডিমাছা, ঠেঙ্গাল, সােণােৱাল, ঝাৰুৱা আদিক অন্তর্ভুক্ত কৰা হৈছে।

৫। ঠেঙ্গাল কছাৰীসকল পৌৰাণিক কোন গােষ্ঠীৰ পৰা অহা ?

উত্তৰঃ ঠেঙ্গাল কছাৰীসকলক মঙ্গোলীয় প্রজাতিৰ বড়াে গােষ্ঠীৰ পূৱ শাখাৰ পৰা ৷ 

৬। ঠেঙ্গাল কছাৰীসকলক বর্তমানৰ অৱস্থান সম্পর্কে উল্লেখ কৰা।

উত্তৰঃ  ঐতিহাসিক বিৱৰণৰ পৰা অনুমান কৰিব পাৰি যে অসমৰ উজনি
অঞ্চলৰ শদিয়াৰ পৰা দৈয়াং, ধনশিৰি উপত্যকা আৰু নগাঁও পর্যন্ত ঠেঙ্গাল কছাৰীৰ বংশসমূহৰ অৱস্থান
আছিল। কালক্ৰমত ঐতিহাসিক পাকচক্ৰত আৰু অর্থনৈতিক কাৰণত তেওঁলােক অসমৰ বিভিন্ন প্রান্তত
ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰত বিভক্ত হৈ পৰে। দক্ষিণ পাৰে বর্তমান যােৰহাট জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নগাপাহাৰ পর্যন্ত তিতাবৰক কেন্দ্ৰ কৰি বিস্তৃত অঞ্চল ঠেঙাল কছাৰী লােকেৰে ভৰপূৰ। গােলাঘাট জিলাৰ ধনশিৰি পাৰৰ ঠেঙ্গাল গাঁও পঙ্কা, মৰঙি, বুঢ়াগোঁহাই খাট, সৰুপথাৰ, বৰ পথাৰ, চাউদাং পথাৰ, গমাৰি, চিচুপানী, মেৰাপানী, কাছমাৰী, দৈয়াং, কাৰ্বি আংলং জিলাৰ কালিয়নী, শিৱসাগৰ জিলাৰ সােনাৰি অঞ্চল, নাজিৰা, ডিব্ৰুগড় জিলাৰ নাহৰণী ঠেঙ্গাল গাঁও, চাচনী, উত্তৰ পাৰৰ লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া, কাৱৈাৰী বাগিছা, বঙালমৰা, নাহৰণী, পকাদৌল, খােলাগুৰি, বৰাইখনা, নাওবৈছাৰ সােনাপুৰ, লােকামপুৰ, ঢেকীয়াজুলি, দলপাপথাৰ, বালিগাঁও, দক্ষিণ লালুক, হাৰমােতী, বান্দৰদেৱা, উত্তৰলালুক, ফুলবাৰী, কদম, ধেমাজি, গােগামুখ, কৃষ্ণপুৰ, গঢ়পাৰা, নাহৰবাৰী, পানীগাঁও, দঙ্গীবিল, জকাই পেলােৱা, জোনাই আদি ঠাইত ঘন বসতিপূর্ণ ঠেঙ্গাল কছাৰীৰ গাঁও আছে।

       ঠেঙ্গাল কছাৰীসকলে ঠেঙ্গাল নামেৰে জনাজাত হােৱাৰ পিছৰে পৰা ঠেঙ্গাল’ উপাধি লিখি আহিছে যদিও তেওঁলােকৰ কোনাে কোনােৱে কছাৰী’উপাধিও সমানে ব্যৱহাৰ কৰি আহিছে। ঠেঙ্গাল কচ্ছাৰী মানুহখিনিয়েৰজাঘৰীয়া বিষয়বাব খাইছিল, তাৰ প্ৰমাণ তেওঁলােকে লিখা উপাধিসমূহৰ পৰাই বুজিব পাৰি। এইউপাধিসমূহশইকীয়া, হাজৰিকা, বৰা, নেওগ, বৰুৱা, ৰাজখােৱা, দাস, বৰ শইকীয়া, বৰুৱা, বৰবৰুৱা, হাতীবৰুৱা, ঘোঁৰা বৰুৱা, ভঁৰালী, চাংমাই ইত্যাদি।


৭। চমুটোকা লিখাঃ
(ক) লৌহপ্রাণ গিৰিধৰ ঠেঙ্গাল।
(খ) কমল কছাৰী।

উত্তৰঃ অসমৰ আর্থ-সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰখনত খিলঞ্জীয়া জনগােষ্ঠীৰ যিসকল ব্যক্তিয়ে ইতিমধ্যে উল্লেখযােগ্য অৱদান আগবঢ়াই গৈছে সেইসকলৰ ভিতৰত গিৰিধৰ ঠেঙ্গাল অন্যতম।

   যােৰহাট জিলাৰ তিতাবৰ মহকুমাৰ তিতাবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঠেঙ্গাল মৌজাৰ উলুতলী গাঁৱৰ
এটা অতি দুখীয়া কৃষক পৰিয়ালত ১৯২১ চনৰ ১২ জানুৱাৰীত গিৰিধৰ ঠেঙ্গালৰ জন্ম হয়। তেওঁৰ পিতাকৰ নাম আছিল জিলিৰাম ঠেঙ্গাল আৰু মাকৰ নাম আছিল কান্দুৰী ঠেঙ্গাল। কেঁচুৱা অৱস্থাতে মাকৰ বিয়ােগ ঘটাত বৰ্মকে তুলি-তালি গিৰিধৰক ডাঙৰ-দীঘল কৰে। ১৯২৯ চনত গিৰিধৰক দেউতাকে বজালবাৰী প্রাথমিক বিদ্যালয়ত নাম লগাই দিয়ে। এই বিদ্যালয়ৰ পৰা ১৯৩৪ চনত প্রাথমিক বৃত্তি পৰীক্ষাত যােৰহাট মহকুমাৰ ভিতৰত তৃতীয় স্থান লাভ কৰি উত্তীৰ্ণ হৈ তিতাবৰ মধ্য ইংৰাজী বিদ্যালয়ত নাম ভর্তি কৰে। দুর্ভাগ্যজনক যে মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ি থকা কালতে ১৯৩৬ চনত দেউতাকৰ অকাল মৃত্যু হয়। মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা বৃত্তি লাভ কৰি শেষ পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৩৮ চনত যােৰহাট চৰকাৰী হাইস্কুলত নাম ভর্তি কৰে। তাৰ পৰা ১৯৪২ চনত মেট্রিক পৰীক্ষাত উত্তীর্ণ হয়। যােৰহাটৰ জগন্নাথ বৰুৱা কলেজ পৰা ১৯৪৪ চনত আই, এ, পৰীক্ষা আৰু ১৯৪৬ চনত বি.এ. পৰীক্ষা সুখ্যাতিৰে উত্তীর্ণ হয়। ১৯৫২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত বি,এল, ডিগ্রী লাভ কৰে।


     গিৰিধৰ ঠেঙ্গালে শিক্ষক হিচাপে কর্ম জীৱন আৰম্ভ কৰে। ১৯৫২ চনৰ পৰা ১৯৫৩ চনলৈ যােৰহাট
জিলাৰ ন-আলি তিতাৰাম বৰদলৈ হাইস্কুলত শিক্ষকতা কৰে। ১৯৫৩ চনত শিক্ষা জগতৰ পৰা আঁতৰি
তেওঁ ৰাজনৈতিক জগতত প্রবেশ কৰে আৰু বিভিন্ন সামাজিক উন্নয়নমূলক কামত জড়িত হয়। তেওঁ
যােৰহাট ক'টতে ওকালতি আৰম্ভ কৰে। লাহে লাহে তেওঁৰ ওকালতিত কৈ ৰাজনৈতিক জীৱনৰ সক্রিয়তা
বৃদ্ধি পাবলৈ ধৰিলে। তাৰ মাজতে বিভিন্ন অঞ্চলৰ শিক্ষা, সামাজিক উন্নয়ন, সামাজিক ন্যায় আদি বিষয়ত নিজকে জড়িত কৰিবলৈ ধৰিলে। জালুকনিবাৰী হাইস্কুল, তিতাবৰ নন্দনাথ শইকীয়া কলেজ প্রতিষ্ঠাৰ ক্ষেত্ৰত তেওঁৰ অৱদান উল্লেখযােগ্য আছিল।


      তেওঁৰ নেতৃত্বত কমিউনিষ্ট পার্টি আন্দোলনৰ হেঁচাত কেইবাখনাে শ্রমিক কৃষকৰ সপক্ষে লােৱা
আইন প্ৰৱৰ্তন কৰা আৰু কিছু সংখ্যক ভূমিহীন কৃষকৰ মাজত মাটি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছিল। ১৯৭৮ চনত তেওঁ তিতাবৰ বিধান সভা সমষ্টিৰ বিধায়ক নির্বাচিত হয়। যােৰহাটৰ পৰা বৰহােলালৈ প্ৰথম
সর্ববৃহৎ দীর্ঘ ন-আলি পকীকৰণৰ কাম তেখেতৰ উদ্যোগতে সম্পন্ন হয়। ১৯৮৪ চনত সেই সময়ৰ চোভিয়েট ৰাছিয়াত হােৱা মাস্কীয় অর্থনীতিৰ তিনিমহীয়া চেমিনাৰত অংশ গ্রহণ কৰিছিল।



(ক) লৌহপ্রাণ গিৰিধৰ ঠেঙ্গালঃ


(খ) কমল কছাৰীঃ

ইস্তাহাৰ কবি’ নামেৰে জনাজাত কবি-শিল্পী কমল কছাৰী ১৯৩৯ চনত যােৰহাট জিলাৰ তিতাবৰ
মহকুমাৰ ঠেঙ্গাল মৌজাৰ মৰলি কছাৰী গাঁৱৰ এটি কৃষক পৰিয়ালত জন্মগ্রহণ কৰে। দেউতাকৰ নাম উনিৰাম কছাৰী আৰু মাকৰ নাম সৰু আইতী কছাৰী। জীৱিকাৰ কর্মসূত্রে তেওঁ শিৱসাগৰ জিলাৰ নাজিৰা স্থিত মাদুৰীত বসবাস কৰি চিকিৎসা ক্ষেত্ৰত ফার্মাচিষ্ট হিচাপে স্বাস্থ্যসেৱাত ব্ৰতী হয়। ভাস্কর্য শিল্পী, চিত্রশিল্পী, অনাতাঁৰ গীতিকাৰ, কবি কমল কছাৰীৰ লেখনি অসমৰ আগশাৰীৰ কাকত-আলােচনী প্রতিধ্বনি’, ‘অসমবাণী’, নীলাচল, অগ্রদূত’, সাদিন-প্রতিদিন’ৰ উপৰিও বিভিন্ন মাধ্যমত প্রকাশ পাইছিল। শিৱসাগৰ জিলা সাহিত্য সভাৰ তেওঁ সভাপতি আছিল।


        কমল কছাৰীয়ে গীত, কবিতা, নাটক লিখাৰ উপৰিও বেনাৰ, ফেষ্টুন, কিতাপ-আলােচনীৰ বেটুপাত
অংকন, স্থাপত্য ভাস্কর্য নিজ হাতেৰে খােদিত কৰাত সিদ্ধহস্ত আছিল। কমল কছাৰীক সাহিত্য সভাই ‘বিষ্ণু প্রসাদ ৰাভা বঁটা প্ৰদান কৰিছিল আৰু শিৱসাগৰ সাহিত্য সভাই কবিগৰাকীৰ নামেৰেও ‘কবি শিল্পী কমল কছাৰী সাহিত্য বঁটা প্ৰদান কৰি আহিছে। অসম চৰকাৰে তেওঁলৈ সাহিত্যিক পেঞ্চন আগবঢ়ায়।

 দৰদী কবি কমল কছাৰীৰ তিনিকুৰি পােন্ধৰ বছৰত ২০১৩ চনত জীৱনৰ অৱসান ঘটে।

No comments:

Post a Comment

Please don't use spam link in the comment box.

Popular Posts

Featured post

Some Common Question For General Science Class X -HSLC -2022 SEBA Board( Given By Students For Solving)

Updating চলি আছেঃ ( page টো refresh কৰি থাকিবা) 1) তলৰ বিক্ৰিয়াটোৰ বাবে অৱস্থা চিহ্ন সহ এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখাঃ (A) বেৰিয়াম ক্ল&#...