ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

Food and Nutrition - HOME Science - Class X - SEBAখাদ্য আৰু পৰিপুষ্ট -গৃহ বিজ্ঞান -দশম শ্ৰেণী -প্ৰথম অধ্যায়

Admin
0

প্রশ্নমালা
১। খাদ্য কাক বােলে

উত্তৰঃ খোৱাৰ উপযোগী গোটা বা জুলীয়া দ্ৰব্যকে খাদ্য বোলে ৷

২। পৰিপুষ্টি মানে কি? শৰীৰত পৰিপুষ্টিৰ তাৎপর্য সম্পর্কে লিখা।

উত্তৰঃ খাদ্যত থকা পৰিপোষকসমূহ যি প্ৰক্ৰিয়াৰদ্বাৰা আমাৰ শৰীৰত ব্যৱহাৰ হয় তাক ইয়াক সুস্থ হৈ থকাত সহায় কৰে, তাকে পৰিপুষ্টি বোলে ৷ 

৪ পৰিপােষক মানে কি?

উত্তৰঃ খাদ্যত বিভিন্ন প্ৰকাৰৰ  পুষ্টিকৰ উপাদান থাকে ৷ এই পুষ্টিকৰ উপাদানসমূহক পৰিপোষক বুলি কোৱা হয় ৷ 

৪। অপুষ্টি মানে কি? এই অপুষ্টি কিমান ধৰণেৰে হব পাৰে?

উত্তৰঃ এজন লোকে দৈনিক খাদ্যৰ পৰা পোৱা পৰিপোষকৰ পৰিমাণ যদি প্ৰয়োজনীয় পৰিমাণতকৈ কম বা বেছি হয়  তাকে অপুষ্টি বোলা হয় ৷ 
       
     এই অপুষ্টি দুই ধৰণেৰে হব পাৰেঃ 

(ক) খাদ্যৰ পৰা পোৱা পৰিপোষকৰ পৰিমাণ আমাৰ শৰীৰত যদি বেছি বা কম হ'লে ৷

৫। সুষম আহাৰ মানে কি?

উত্তৰঃ যি আহাৰে শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো পৰিপোষক উচিত পৰিমাণত যোগান ধৰে , কোষ গঠন আৰু মেৰামতি কৰে , দেহৰ স্বাভাৱিক প্ৰক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰাৰ উপৰিও ৰোগ প্ৰতিৰোধ কৰে ,তেনে আহাৰকে সুষম আহাৰ বোলে ৷ 

৬। সুষম আহাৰৰ ৰচনাত সহায় কৰা খাদ্যৰ গােটকেইটা কি কি?

উত্তৰঃ সুষম আহাৰৰ ৰচনাত সহায় কৰা খাদ্যৰ গােটকেইটা হ'লঃ

(ক) খাদ্যৰ চাৰিটা গোট ৷

(খ) খাদ্যৰ পাঁচটা গোট ৷

(গ) খ্যাদ্যৰ  সাতটা গোট ৷ 

৭। খাদ্যৰ পাঁচটা গোট মানে কি বুজা?

উত্তৰঃ সুষম আহাৰৰ পৰিকল্পনা কৰাৰ সুবিধাৰ্থে খাদ্যসমূহক ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে এক বিশেষ গোট অনুমোদন কৰিছে যি মানুহৰ শৰীৰৰ বাবে পৰিপোষক লাভ কৰাত আটাইতকৈ বেছি সহায় কৰে ৷ এই বিশেষ গোটটো হৈছে 'খাদ্যৰ পাচটা গোট '' ইয়াৰে (ক) শস্যজাতীয় খাদ্য (খ) দাইল আৰু মাহজাতীয় খাদ্য (গ) গাখীৰ আৰু মাছ-মাংস জাতীয় খাদ্য (ঘ) ফলমূল আৰু শাক-পাচলি (ঙ)তেল,চৰ্বি ,চেনি আৰু গুৰ ৷ 

গৃহ বিজ্ঞান -দশম শ্ৰেণী


৮। সুষম আহাৰৰ ৰচনাত মন কৰিবলগা দিশসমূহ কি কি?

উত্তৰঃ সুষম আহাৰৰ ৰচনাত মন কৰিবলগা দিশসমূহ হ'লঃ বয়স ,লিংগ , বৃত্তি বা জীৱিকা , উপাৰ্জন বা আয় , পৰিয়ালৰ আকাৰ , জলবায়ু , কাম বা পৰিশ্ৰম আৰু শৰীৰৰ বিশেষ অৱস্থা ৷ 

৯৷ আহাৰ পৰিকল্পনা মানে কি?

উত্তৰঃ পৰিয়ালৰ প্ৰত্যক ব্যক্তিৰ বাবে দেনিক প্ৰয়োজনীয় পৰিপোষকৰ পৰিমাণ পূৰণ হোৱাকৈ আহাৰৰ যি আগতীয়া আঁচনি তৈয়াৰ কৰা হয় , তাকে আহাৰৰ পৰিকল্পনা বোলা হয় ৷ 

১০৷ আহাৰৰ পৰিকল্পনাৰ উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ ১। পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ পুষ্টিসম্বন্ধীয় প্রয়ােজনীয়তা পুৰণ কৰা।
২। পৰিয়ালৰ বাজেটত খাদ্যৰ শিতানত ধার্য কৰা ধনৰ ঘাটি নােহােৱা।
৩। খাদ্যৰ প্ৰত্যেকটো গােটৰ পৰা কি কি খাদ্য ক্রয় কৰিব তাৰ সিদ্ধান্ত লােৱা।
৪। স্থানীয়ভাৱে সহজলভ্য খাদ্যৰ ওপৰত গুৰুত্ব দিয়া।
৫। পৰিয়ালৰ আকাৰ, গঠনত মনােযােগ দিয়া।
৬। বিভিন্ন খাদ্য কিনাৰ আগতে ইয়াক মজুত কৰা ঠাই আৰু তেনে ঠাইৰ অৱস্থাৰ বিষয়ে জানি থােৱা।
৭। পৰিয়ালৰ প্রত্যেক সদস্যৰ ৰুচিৰ ওপৰত ভিত্তি কৰি কিনিবলগা খাদ্যৰ এখন তালিকা প্রস্তুত কৰা।
৮। সুন্দৰ, সুস্বাদু খাদ্য পৰিৱেশনেৰে পৰিয়ালৰ প্ৰতিজন ব্যক্তিক সন্তুষ্ট কৰা।
৯। পৰিপােষকৰ অপচয় নােহােৱাকৈ উপযুক্ত ৰন্ধন প্রণালীৰে খাদ্যৰ গ্রহণযােগ্যতা বঢ়োৱা।
১০। সময় আৰু শক্তিৰ সদ্ব্যৱহাৰ কৰি হাততে পােৱা সামগ্রী (টকা- পইচা, খাদ্য সামগ্রী) খিনিৰে পৰিয়ালৰ সদস্যসকলৰ পৰিপােষকৰ প্রয়ােজনীয়তা পূৰােৱা।

১১। আহাৰ পৰিকল্পনাৰ নীতিসমূহ কি কি?

উত্তৰঃ (ক) পৰিপোষকৰ  প্ৰয়োজনীয়তা  পূৰণ কৰা ৷

(খ) আহাৰৰ তালিকাখনে পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰ পূৰণ কৰিব লাগে ৷

(গ) আহাৰৰ পৰিকল্পনাই সময় আৰু শক্তিৰ ব্যয়  লাঘৱ কৰি লাগে ৷ 

(ঘ) আৰ্থিক দিশৰ ওপৰত গুৰূত্ৱ দিব লাগে ৷

(ঙ) আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা খাদ্যই পৰ্যাপ্ত পৰিমাণৰ পৰিপোষকৰ যোগান ধৰিব পৰা বিধৰ হ'ল লাগে ৷ 
(চ) পৰিয়ালৰ প্ৰতি সদস্যৰ ইচ্ছা-অনিচ্ছাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ৷ 

(ছ) আহাৰ পৰিকল্পনাৰ তালিকাত থকা খাদ্যত বিভিন্নতা থাকিব লাগে ৷

(জ) পৰিকল্পনা কৰা আহাৰে পৰিয়ালৰ সকলো ব্যক্তিৰ সম্পূৰ্ণ সন্তষ্টি আনিব পৰা হ'ব লাগে ৷

(ঝ) খাদ্য দ্ৰব্যৰ সহজলভ্যতা ৷

(ঞ) এটা পৰিয়ালে দিনটোত কেইসাঁজ আহাৰ গ্ৰহণ কৰে তাৰ ওপৰতো গুৰুত্ৱ দিয়া প্ৰয়োজন ৷


১২। পুষ্টিহীনতা ৰােগ মানে কি বুজা? আমাৰ দেহত সচৰাচৰ হােৱা পুষ্টিহীনতাৰােগৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ আমাৰ দৈনিক খাদ্য যদিহে সুষম আৰু পৰ্যাপ্ত পৰিমাণৰ নহয় , তেন্তে বিভিন্ন পৰিপোষকৰ অভাৱ হৈ আমাৰ  শৰীৰত ৰোগৰ লক্ষণে  দেখা দিব ৷ এই ৰোগসমূহকে পুষ্টিহীনতা ৰোগ বুলি কোৱা হয় ৷ আমাৰ দেহত সচৰাচৰ হােৱা পুষ্টিহীনতাৰােগসমূহ হ'লঃ এনিমিয়া, গৰল ,স্কাৰ্ভি ,ৰিকেট , বেৰী-বেৰী ,পেলেগ্ৰা, কুকুৰীকণা , কোৱাচিৱৰকৰ, মাৰাচমাছ , কেৰাটোমালাচিয়া ইত্যাদি ৷ 

১৩। আমাৰ দেশত দেখা দিয়া পুষ্টিহীনতা ৰােগসমূহৰ লক্ষণ আৰু প্ৰতিৰােধৰ বিষয়ে লিখা।

উত্তৰঃ                                                             ৰক্তহীনতা

লক্ষণঃ (ক) ৰোগীৰ  ভাগৰ  লাগে  (খ) উশাহ ছুটি হৈ আহে (গ) টোপনি  ভাব  আহে  (ঘ) নখৰ  উপৰিভাগ চামুচৰ  আকৃতি লয় (ঙ) গাৰ ছাল হেতা পৰে (চ) ভৰিৰ  সৰু গাঁঠিত পানী জমা হয় ৷ 
প্ৰতিৰোধঃ ৰক্তহীনতা ৰোঘ ঘাইকৈ খাদ্যত আইৰণ , ফলিক এচিড আৰু ভিটামিন বি ৰ অভাৱত হয় ৷ এই পৰিপোষকসমূহ সাধাৰণতে সেউজীয়া শাক , লিভাৰ , কণী , কিডনী , মাছ-মাংস , শুকান ফলমূল,আটা, ওটমিল , আমলখি আদিত পোৱা যায় ৷ আমাৰ শৰিৰত আইৰণৰ শোষণৰ বাবে খাদ্যত ভিটামিন 'চি'ৰো আৱশ্যক হয় ৷ গতিকে ভিটামিন 'চি' যুক্ত আহাৰ গ্ৰহণ কৰা উচিত ৷ 

                                                                        গৰল ৰোগ

লক্ষণ ঃ (ক) ডিঙিত থকা থাইৰইড গ্ৰন্থি ফুলি উঠে  (খ) থাইৰইড গ্ৰন্থিৰ ওজন সাধাৰণতে ২৫ গ্ৰাম হয় কিন্তু এই ৰোগ হ'লে এই গ্ৰন্থিৰ ওজন ২০০-৫০০ গ্ৰামলৈ বৃদ্ধি হয় ৷ 
প্ৰতিৰোধঃ নিয়মিত ভাবে আয়ডিন নিমখ খাদ্যৰ লগত খোৱা উচিত আৰু আয়ডিন যুক্ত আহাৰ গ্ৰহণ কৰা উচিত ৷ 

                                                                          স্কাৰ্ভি

লক্ষণঃ (ক) শৰীৰৰ ওজন হ্ৰাস পায় (খ) ভাগৰ লাগে আৰু দুৰ্বল ভাব আহে (গ) ভোক নলগা হয়  (ঘ) খিংখিঙীয়া হয় (ঙ) চকুৰ তলৰ ফালে ক'লা দাগ পৰে (চ) মূখৰ পৰা বেয়া গোন্ধ ওলায় (ছ) দাঁতৰ আলু ফুলি উঠে আৰ গুৰিৰ পৰা তেজ ওলায় (জ) দাঁতৰ গুৰি ঢিলা হৈ সালোক-ঢোলোক হয় (ঝ) শৰীৰৰ যিকোনো অংশতে সংক্ৰমণ হ'ব পাৰে (চ) শৰীৰৰ জোৰা , ছালৰ তলত , নখৰ তলত ৰক্তক্ষৰণ হ'ব পাৰে (ছ) ৰোগ বহুদিন ধৰি হৈ থাকিলে ৰোগী ৰক্তহীনতাত ভোগে ৷ 
প্ৰতিৰোধঃ ভিটামিন 'চি' যুক্ত সেইজীয়া শাক-পাচলি, টেঙা ফলমূল (কমলা টেঙা , নেমু টেঙা , আঙুৰ ) আমলখি ,মধুৰিআম , পকা বিলাহী , আনাৰস আদিত থাকে ৷ আপেল , কল আদিতো কম পৰিমাণে ভিটামিন 'চি' পোৱা যায় ৷ গতিকে এনে ধৰণৰ খাদ্যসমূহ খোৱা উচিত ৷ 

                                                                           ৰিকেট

লক্ষণঃ (ক) বুকুৰ কামিহাড় আৰু অন্যান্য হাড়সমূহ আকাৰত সৰু হৈ পৰে (খ) বুকুৰ কামিহাড় সন্মুখৰ ফালে আগবাঢ়ি আহে (গ) ভৰিকেইটা ধেনুৰীয়া হয় (ঘ)  শিশুৰ দাঁত গজা নির্দিষ্ট
সময়তকৈ পলম হয়। গজিলেও দাঁতবিলাক পাতল আৰু অতি সহজে ৰিকেট ভাঙি যােৱা ধৰণৰ হয়।
(ঙ) শিশুৰ হাড়সমূহ ভালদৰে জোৰা নালাগে। সেয়ে মূৰৰ হাড় অংশ। দীঘল আৰু সন্মুখৰ ফালে আগবাঢ়ি অহা ধৰণৰ হয়। (চ) তেজত থকা কেলছিয়ামৰ পৰিমাণ কমি যায়, ফলত হাতৰ গাঁঠি,
ভৰিৰ গাঁঠি, মাংসপেশী আদিত টানি ধৰা লক্ষণে দেখা দিয়ে।
প্ৰতিৰোধঃ  ৰিকেট ৰােগ প্ৰতিৰােধ কৰিবলৈ হ'লে শিশুক গাখীৰ, গাখীৰৰ পৰা প্রস্তুত কৰা খাদ্য, কণী, লিভাৰ আৰু সুষম আহাৰৰ যােগান ধৰা উচিত। শিশুক কিছুসময়ৰ বাবে ৰ'দত শুৱালেও সূৰ্যৰ ৰশ্মিয়ে শৰীৰত ভিটামিন ‘ডি’ৰ গঠন কৰাত সহায় কৰে।

                                                                        বেৰি বেৰি 

লক্ষণঃ (ক) চকুৰ মণি সৰু হৈ একোটা বস্তুকে দুটা দুটা দেখে (খ) ৰোগীৰ খোজ অস্থিৰ হৈ পৰে (গ) স্মৃতিশক্তি  কমি আহে আৰু ালপতে খং উঠে ৷ (ঘ) কেঁচুৱাৰ ক্ষেত্ৰত শৌচ কচা হয় , কলিজা ডাঙৰ হয় আৰু উশাহ লওঁতে ঘেৰঘেৰণি শব্দ হয় ৷ 
প্ৰতিৰোধঃ ভিটামিন বি১ যুক্ত আহাৰ গ্ৰহণ কৰা উচিত ৷ 

                                                                         পেলাগ্ৰা
লক্ষণঃ (ক) প্ৰথম পৰ্যায়ত ছালত ঘা লাগে , ভোক নাইকিয়া হয় আৰু ইয়াৰ পিছত শেষৰ ফালে ডায়েৰিয়া ৰোগ  হয় ৷ (খ) লাহে লাহে মূৰ ঘূৰোৱা , টোপনি নোহোৱা , খং উঠা , ভয় লগা , হতাশা হোৱা আৰু স্মৰণ শক্তি হ্ৰাস পায় ৷ 
প্ৰতিৰোধঃ এই ৰোগ প্ৰতিৰোধৰ বাবে মাছ-মাংস , কণী , গাখীৰ , ছয়াবিন , বাদাম , শুকান ফল-মূল ,কাজু আদি দৈনিক খাব লাগে আৰু লগতে ৰোগীৰ জিৰণিৰ প্ৰয়োজন হয় ৷ 

১৪। প্রটিন কেলৰি পুষ্টিহীনতা ৰােগৰ বিষয়ে আলােচনা কৰা।

উত্তৰঃ প্ৰটিন কেলৰি পুষ্টিহীনতাৰ বাবে আমাৰ দেশত ১ - ৫ বছৰৰ শিশুৰ মাজত দুই ধৰণৰ ৰোগ দেখা যায় ৷ এই ৰোগ দুটা হ'লঃ 
(ক) কোৱাশ্বিয়ৰকৰঃ
শিশুৰ মাকৰ গাখীৰ এৰোৱাৰ পাছত সঠিক পুষ্টিকৰ গোটা আহাৰ খাবলৈ নাপালে এই ৰোগে দেখা দিয়ে ৷ এই ৰোগ ১-৫ বছৰৰ শিশুৰ মাজত দেখা দিয়ে ৷ এই সময়ত শিশুৰ বৃদ্ধি অতি খৰ হোৱাৰ বাবে সঠিক খাদ্যৰ নাটনি হ'লেই ৰোগে দেখা দিয়ে ৷ এই ৰোগৰ লক্ষণবোৰ হৈছে- শিশু নবঢ়া , পেটৰ অসুখ , ভৰি-হাত , মুখ , পেট ফুলি উঠা , চুলি ৰঙচুৱা হৈ সৰা , ছাল শুকান , খহতা আৰু খহুলা হয় ৷ ৰক্তহীনতাই দেখা দিয়ে ৷  
(খ) মাৰাচমাচ
মাৰাচমাচ ৰোগ সাধাৰণতে এবছৰ বয়সৰ ভিতৰৰ দৰিদ্ৰ শিশুৰ মাজত হয় ৷ মাকৰ গাখীৰৰ পৰিমাণ কম পালে , গোটা আহাৰ সঠিক সময়ত নুখুৱালে শিশুৱে ক্ৰমশঃ প্ৰটিন , কেলৰিৰ অভাৱত ভোগে ৷ ফলত শিশুটি খীনাই -শুকাই মাৰাচমাচ ৰোগত আক্ৰান্ত হয় ৷ মাৰাচমাচ ৰোগৰ প্ৰধান -লক্ষণবোৰ হ'ল -শিশু অতি খীনাই হাড়ে-ছালে লগা ৰূপ হয় , চকু কোটাৰত সোমায় , ছাল আৰু ছুলিৰ বৰণ সলনি হয় ৷ পেটৰ অসুখ আৰু খিংখিঙীয়া স্বভাৱৰ  হয়  ৷ 

১৫। চমুটোকা লিখা - 
(ক) সুষম আহাৰ   (খ) স্কাৰ্ভি  (গ) গৰল  ৰোগ  (ঘ) ৰক্তহীনতা  (ঙ) ৰিকেট  (চ) পেলাগ্ৰা 

উত্তৰঃ (ক) সুষম আহাৰ  
যি আহাৰে শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো পৰিপোষক উচিত পৰিমাণত যোগান ধৰে , কোষ গঠন আৰু মেৰামতি কৰে , দেহৰ স্বাভাৱিক প্ৰক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰাৰ উপৰিও ৰোগ প্ৰতিৰোধ কৰে ,তেনে আহাৰকে সুষম আহাৰ বোলে ৷ সুষম আহাৰৰ ৰচনাত মন কৰিবলগা দিশসমূহ হ'লঃ বয়স ,লিংগ , বৃত্তি বা জীৱিকা , উপাৰ্জন বা আয় , পৰিয়ালৰ আকাৰ , জলবায়ু , কাম বা পৰিশ্ৰম আৰু শৰীৰৰ বিশেষ অৱস্থা ৷ সুষম আহাৰৰ পৰিকল্পনা কৰাৰ সুবিধাৰ্থে খাদ্যসমূহক ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে এক বিশেষ গোট অনুমোদন কৰিছে যি মানুহৰ শৰীৰৰ বাবে পৰিপোষক লাভ কৰাত আটাইতকৈ বেছি সহায় কৰে ৷ এই বিশেষ গোটটো হৈছে 'খাদ্যৰ পাচটা গোট '' ইয়াৰে (ক) শস্যজাতীয় খাদ্য (খ) দাইল আৰু মাহজাতীয় খাদ্য (গ) গাখীৰ আৰু মাছ-মাংস জাতীয় খাদ্য (ঘ) ফলমূল আৰু শাক-পাচলি (ঙ)তেল,চৰ্বি ,চেনি আৰু গুৰ ৷ 

    (খ) স্কাৰ্ভিঃ
(ক) শৰীৰৰ ওজন হ্ৰাস পায় (খ) ভাগৰ লাগে আৰু দুৰ্বল ভাব আহে (গ) ভোক নলগা হয়  (ঘ) খিংখিঙীয়া হয় (ঙ) চকুৰ তলৰ ফালে ক'লা দাগ পৰে (চ) মূখৰ পৰা বেয়া গোন্ধ ওলায় (ছ) দাঁতৰ আলু ফুলি উঠে আৰ গুৰিৰ পৰা তেজ ওলায় (জ) দাঁতৰ গুৰি ঢিলা হৈ সালোক-ঢোলোক হয় (ঝ) শৰীৰৰ যিকোনো অংশতে সংক্ৰমণ হ'ব পাৰে (চ) শৰীৰৰ জোৰা , ছালৰ তলত , নখৰ তলত ৰক্তক্ষৰণ হ'ব পাৰে (ছ) ৰোগ বহুদিন ধৰি হৈ থাকিলে ৰোগী ৰক্তহীনতাত ভোগে ৷ 
প্ৰতিৰোধঃ ভিটামিন 'চি' যুক্ত সেইজীয়া শাক-পাচলি, টেঙা ফলমূল (কমলা টেঙা , নেমু টেঙা , আঙুৰ ) আমলখি ,মধুৰিআম , পকা বিলাহী , আনাৰস আদিত থাকে ৷ আপেল , কল আদিতো কম পৰিমাণে ভিটামিন 'চি' পোৱা যায় ৷ গতিকে এনে ধৰণৰ খাদ্যসমূহ খোৱা উচিত ৷ 

  (গ) গৰল  ৰোগ 
লক্ষণ ঃ (ক) ডিঙিত থকা থাইৰইড গ্ৰন্থি ফুলি উঠে  (খ) থাইৰইড গ্ৰন্থিৰ ওজন সাধাৰণতে ২৫ গ্ৰাম হয় কিন্তু এই ৰোগ হ'লে এই গ্ৰন্থিৰ ওজন ২০০-৫০০ গ্ৰামলৈ বৃদ্ধি হয় ৷ 
প্ৰতিৰোধঃ নিয়মিত ভাবে আয়ডিন নিমখ খাদ্যৰ লগত খোৱা উচিত আৰু আয়ডিন যুক্ত আহাৰ গ্ৰহণ কৰা উচিত ৷ 

 (ঘ) ৰক্তহীনতাঃ
লক্ষণঃ (ক) ৰোগীৰ  ভাগৰ  লাগে  (খ) উশাহ ছুটি হৈ আহে (গ) টোপনি  ভাব  আহে  (ঘ) নখৰ  উপৰিভাগ চামুচৰ  আকৃতি লয় (ঙ) গাৰ ছাল হেতা পৰে (চ) ভৰিৰ  সৰু গাঁঠিত পানী জমা হয় ৷ 
প্ৰতিৰোধঃ ৰক্তহীনতা ৰোঘ ঘাইকৈ খাদ্যত আইৰণ , ফলিক এচিড আৰু ভিটামিন বি ৰ অভাৱত হয় ৷ এই পৰিপোষকসমূহ সাধাৰণতে সেউজীয়া শাক , লিভাৰ , কণী , কিডনী , মাছ-মাংস , শুকান ফলমূল,আটা, ওটমিল , আমলখি আদিত পোৱা যায় ৷ আমাৰ শৰিৰত আইৰণৰ শোষণৰ বাবে খাদ্যত ভিটামিন 'চি'ৰো আৱশ্যক হয় ৷ গতিকে ভিটামিন 'চি' যুক্ত আহাৰ গ্ৰহণ কৰা উচিত ৷ 

 (ঙ) ৰিকেটঃ
  (ক) বুকুৰ কামিহাড় আৰু অন্যান্য হাড়সমূহ আকাৰত সৰু হৈ পৰে (খ) বুকুৰ কামিহাড় সন্মুখৰ ফালে আগবাঢ়ি আহে (গ) ভৰিকেইটা ধেনুৰীয়া হয় (ঘ)  শিশুৰ দাঁত গজা নির্দিষ্ট
সময়তকৈ পলম হয়। গজিলেও দাঁতবিলাক পাতল আৰু অতি সহজে ৰিকেট ভাঙি যােৱা ধৰণৰ হয়।
(ঙ) শিশুৰ হাড়সমূহ ভালদৰে জোৰা নালাগে। সেয়ে মূৰৰ হাড় অংশ। দীঘল আৰু সন্মুখৰ ফালে আগবাঢ়ি অহা ধৰণৰ হয়। (চ) তেজত থকা কেলছিয়ামৰ পৰিমাণ কমি যায়, ফলত হাতৰ গাঁঠি,
ভৰিৰ গাঁঠি, মাংসপেশী আদিত টানি ধৰা লক্ষণে দেখা দিয়ে।
প্ৰতিৰোধঃ  ৰিকেট ৰােগ প্ৰতিৰােধ কৰিবলৈ হ'লে শিশুক গাখীৰ, গাখীৰৰ পৰা প্রস্তুত কৰা খাদ্য, কণী, লিভাৰ আৰু সুষম আহাৰৰ যােগান ধৰা উচিত। শিশুক কিছুসময়ৰ বাবে ৰ'দত শুৱালেও সূৰ্যৰ ৰশ্মিয়ে শৰীৰত ভিটামিন ‘ডি’ৰ গঠন কৰাত সহায় কৰে।

 (চ) পেলাগ্ৰাঃ
লক্ষণঃ (ক) প্ৰথম পৰ্যায়ত ছালত ঘা লাগে , ভোক নাইকিয়া হয় আৰু ইয়াৰ পিছত শেষৰ ফালে ডায়েৰিয়া ৰোগ  হয় ৷ (খ) লাহে লাহে মূৰ ঘূৰোৱা , টোপনি নোহোৱা , খং উঠা , ভয় লগা , হতাশা হোৱা আৰু স্মৰণ শক্তি হ্ৰাস পায় ৷ 
প্ৰতিৰোধঃ এই ৰোগ প্ৰতিৰোধৰ বাবে মাছ-মাংস , কণী , গাখীৰ , ছয়াবিন , বাদাম , শুকান ফল-মূল ,কাজু আদি দৈনিক খাব লাগে আৰু লগতে ৰোগীৰ জিৰণিৰ প্ৰয়োজন হয় ৷ 

১৬। চমু উত্তৰ দিয়া-

(ক) সুষম আহাৰ কি?

উত্তৰঃ যি আহাৰে  শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো পৰিপোষক উচিত পৰিমাণত  যোগান ধৰে , কোস গঠন আৰু মেৰামতি কৰে , দেহৰ স্বাভাৱিক প্ৰক্ৰিয়াসমূহ নিয়ন্ত্ৰণ  কৰাৰ উপৰিও ৰোগ প্ৰতিৰোধ কৰে ,তেনে আহাৰকে সুষম আহাৰ বোলে ৷ 

(খ) পুষ্টি মানে কি?

উত্তৰঃ শৰীৰৰ  বাবে  সকলো  প্ৰয়োজনীয় উপাদান এজন ব্যক্তিয়ে খাদ্যৰ পৰা  লাভ কৰিলে  তাক পুষ্টি বুলি কোৱা হয় ৷ 

(গ) পৰিপােষক মানে কি?

উত্তৰঃ খাদ্যত বিভিন্ন প্ৰকাৰৰ পুষ্টিকৰ  উপাদান থাকে ৷ এই পুষ্টিকৰ উপাদানসমূহক পৰিপোষক  বোলা হয় ৷ 

ঘ) আহাৰ-পৰিকল্পনা বুলিলে কি বুজা?

উত্তৰঃ পৰিয়ালৰ প্ৰত্যক ব্যক্তিৰ  বাবে দৈনিক প্ৰয়োজনীয় পৰিপোষকৰ পৰিমাণ পূৰণ হোৱাকৈ আহাৰৰ যি আগতীয়া আঁচনি তৈয়াৰ কৰা হয় , তাকে আহাৰৰ পৰিকল্পনা বোলা হয় ৷ 

ঙ) স্কার্ভি/ বেৰিবেৰি/ ৰিকেট/গৰল ৰােগ কেনেকৈ হয়?

উত্তৰঃ স্কার্ভিঃ 'চি' ভিটামিনৰ অভাৱত ৷

বেৰিবেৰিঃভিটামিন বি১ ৰ অভাৱত ৷

 ৰিকেটঃ ভিটামিন 'ডি'ৰ অভাৱত ৷

গৰল ৰােগঃ আয়ডিনৰ  অভাৱত ৷ 

১৭। অতি চমুকৈ উত্তৰ দিয়া -
ক) খাদ্য আৰু স্বাস্থ্যৰ মাজত সম্পর্ক কি?

উত্তৰঃ আমাৰ শৰীৰত জীৱন প্ৰক্ৰিয়াসমূহ সুচৰাৰূপে চলিবৰ বাবে খাদ্যৰ বিভিন্ন উপাদানৰ প্ৰয়োজন হয় আৰু এই উপাদানসমূহ সঠিক সময়ত পাই থাকিলে আমাৰ শৰীৰ ভালে থাকে যি প্ৰত্যক্ষভাৱে আমাৰ স্বাস্থ্যত প্ৰভাৱ পেলায় আৰু এই উপাদানসমূহৰ যিকোনো  এটাৰ পৰিমাণ কমি গলেই আমাৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু আমাৰ শৰীৰত বিভিন্ন বেমাৰ আজাৰে দেখা দিয়ে ৷

খ) অপুষ্টি মানে কি?

উত্তৰঃ এজন লোকে দৈনিক খাদ্যৰ পৰা পোৱা পৰিপোষকৰ  পৰিমাণ যদি প্ৰয়োজনীয় পৰিমাণতকৈ কম বা  বেছি  হয় তেন্তে তাৰ পৰা তেওঁ যি সমস্যাত  ভোগে তাকে অপুষ্টি  বোলে ৷ 

গ) সুস্বাস্থ্যৰ বাবে সুষম আহাৰৰ কিয় প্রয়ােজন?

উত্তৰঃ সুস্বাস্থ্যৰ বাবে সুষম আহাৰৰ  প্রয়ােজন  হয়  কাৰণ  শৰীৰৰ বাবে  প্ৰযোজনীয়  সকলো  পৰিপোষক উচিত  পৰিমাণত  যোগান  ধৰে , কোষ  গঠন আৰু  মেৰামতি কৰে , দেহৰ স্বাভাৱিক প্ৰক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰাৰ উপৰিও ৰোগ প্ৰতিৰোধ কৰে  ৷ 

ঘ) শক্তিদায়ক/ শৰীৰ গঠনকাৰী/ শৰীৰৰ ৰক্ষক খাদ্যবিলাকৰ নাম লিখা?

উত্তৰঃ চাউল, ঘেহুঁ, বজ্ৰা, গোমধান, জোৱাৰ, বাৰ্লি, আটা ,ময়দা ইত্যাদি ৷ 

১৮। খালী ঠাই পূৰণ কৰাঃ 
ক) খাদ্যৰ সাৰ উপাদানসমূহক _______ বোলে ৷
খ) আহাৰত নিয়াছিনৰ অভাৱ হ'লে_______ৰােগ হয়।
গ) আহাৰত_______ অভাৱত ৰক্তহীনতা ৰােগ হয়।
ঘ) সুষম আহাৰৰ ৰচনাত_____ হে প্রভাৱ পেলায়।
ঙ) ______ৰ অভাৱত মাৰাচমাচ ৰােগ হয়।।
চ) ______ জাতীয় খাদ্যই কোৱাশ্বিয়ৰকৰ ৰােগ প্ৰতিৰােধ কৰিব পাৰে।

উত্তৰঃ 

ক) খাদ্যৰ সাৰ উপাদানসমূহক পৰিপোষক বোলে ৷

খ) আহাৰত নিয়াছিনৰ অভাৱ হ'লে পেলাগ্ৰা ৰােগ হয়।
গ) আহাৰত  আইৰণৰ অভাৱত ৰক্তহীনতা ৰােগ হয়।
ঘ) সুষম আহাৰৰ ৰচনাত কাৰকসমূহে  প্রভাৱ পেলায়।
ঙ) প্ৰটিন-কেলৰিৰ অভাৱত মাৰাচমাচ ৰােগ হয়।।
চ) প্ৰটিন-কেলৰি জাতীয় খাদ্যই কোৱাশ্বিয়ৰকৰ ৰােগ প্ৰতিৰােধ কৰিব পাৰে।



Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)