ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

Ahomhokol - Boisitramai Axom - Class IX [আহোমসকল ( পূৰ্বাঞ্চল টাই সাহিত্য সভা)- বৈচিত্ৰ্য়ময় অসম -নৱম শ্ৰেণী ]

Admin
0

                আহোমসকল  ( পূৰ্বাঞ্চল টাই সাহিত্য সভা)
আহোমসকল মূলতঃ টাই জাতিৰ মানুহ। অসমলৈ অহাৰ পাছৰ পৰাহে এওঁলোক আহোম নামে
সাজি অভিহিত হ'ল। এওঁলোকৰ আদি বাসস্থান আছিল চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চল, বর্তমানৰ ইউনান প্রদেশৰ মুংমাও ৰাজ্যত। এওঁলোক টাইসকলৰ মাজৰ ডাঙৰ ফৈদ বুলি জনা যায়। এওঁলোকৰ ৰান্ধ। পূর্বপুৰুষসকলে ত্রয়োদশ শতিকাতে চুকাফা ৰজাৰ নেতৃত্বত পাটকাই পর্বত পাৰ হৈ পূর্ব অসম বাতেতিয়াৰ সৌমাৰত ৰাজ্য স্থাপন কৰে। পিচলৈ লাহে লাহে পশ্চিমে মানাহলৈকে ৰাজ্য বিস্তাৰ কৰি ৬০০ বছৰৰ অধিক কাল ৰাজ্য শাসন কৰে। এওঁলোকৰ ভাষা টাই বা শ্যান আছিল; কিন্তু কালক্ৰমতনানা কাৰণত বিশেষকৈ ৰাজ্য বিস্তাৰৰ লগে লগে দেশৰ জনসংখ্যাও বৃদ্ধি পোৱাত প্রজাৰ সুবিধাৰ কথালৈ চিন্তা কৰি নিজ ভাষাৰ পৰিৱর্তে অসমীয়া ভাষা গ্ৰহণ কৰে। কিন্তু পুৰণা পূজা-সেৱা, ৰীতি-খাদ
নীতি সম্বন্ধীয় সকলো কাম তেওঁলোকৰ পুৰোহিতসকলে টাই ভাষাতে চলাই থাকে আৰু আজিলৈকে
চলাই আহিছে। সেইদৰে, ৰাজকীয় কাম কাজবিলাকো অষ্টাদশ শতিকালৈকে আহোম ভাষাতেই চলাই 
আছিল। বর্তমান টাই ভাষা কোৱা মানুহ উত্তৰ পূব ভাৰতৰ অসমৰ পৰা আৰম্ভ কৰি ম্যানমাৰ, দক্ষিণ
চীন, থাইলেণ্ড, লাওচ, কম্বোদিয়া, ভিয়েটনামলৈকে বিয়পিছে। আহোমৰ উপৰিও অসমত খাতি পান
ফাকে, খাময়াং, আইতন আৰু তুকং নামেৰে আৰু পাঁচটা টাই জনগোষ্ঠীয় লোক আছে।

Ahomhokol - Boisitramai Axom - Class IX [আহোমসকল ( পূৰ্বাঞ্চল টাই সাহিত্য সভা)- বৈচিত্ৰ্য়ময় অসম -নৱম শ্ৰেণী ]
আহোমসকল 



জনসংখ্যাঃ

টাই আহোম উন্নয়ন পৰিষদে ২০১২-১৪ চনত চলোৱা সমীক্ষা মতে আহোমসকলৰ বর্তমান, জনসংখ্যা প্রায় ২৫ লাখ।

বসতিস্থানঃ

তেওঁলোকৰ বসতিপ্রধান অঞ্চল হ’ল বৰ্তমানৰ চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট
লক্ষীমপুৰ, ধেমাজি আৰু তিনিচুকীয়া জিলা। তদুপৰি, গুৱাহাটী মহানগৰকে ধৰি অন্য নগৰবিলাকতো বহুতো আহোম লোকে বসবাস কৰি আছে।

জীৱিকাঃ 

যোৱা শতিকাৰ শেষ ভাগলৈকে শালি ধানৰ খেতিয়েই তেওঁলোকৰ মুখ্য জীৱিকা আছিল,
সমান্তৰালভাৱে গৰু-ম'হ, গাহৰি-ছাগলী, হাঁহ-কুকুৰা পুহিছিল। আজিকালি অৱশ্যে বহুতে জীৱ-জ,
পুহিবলৈ এৰি দিছে। আজৰি সময়ত পুৰুষসকলে গছ মুগাও পুহিছিল। তিৰোতাসকলে এৰী-মুগা, পাট
পলু পুহিছিল। এই পলুৰ পৰা সুতা কাটি তাঁত বৈ ঘৰখনৰ বাবে প্রয়োজনীয় কাপোৰ যোগাৰ কৰি
লৈছিল। শাক-পাচলিৰ বাৰী এখন, কল-তামোলৰ বাৰী এখন, কাঠনিবাৰী এখন আহোমসকলৰ
বসতিস্থলত এটা স্বাভাৱিক দৃশ্য আছিল। মাটি থকাসকলে ঘৰতে চোমনি এখনো পাতি লৈছিল। বর্তমান
সেইবোৰ ভাঙি চাহ খেতি কৰিবলৈ লৈছে।

ঘৰদুৱাৰঃ

আগতে তেওঁলোকে চাংঘৰত বাস কৰিছিল যদিও পিচলৈ মাটিৰ ভেটিত টুপ দিয়া দুচলীয়া ঘৰ
সাজি লৈছিল। সাধাৰণতে ঘৰৰ খুটাবোৰ কাঠৰ, বেৰবোৰ বাঁহৰ আৰু চাউনি খেৰেৰে কৰি লৈছিল।
আজিকালি সকলোৰে পকী ঘৰ হৈছে। থকা ঘৰ দুটা - বৰঘৰ আৰু চ'ৰাঘৰ। বৰ্ঘৰৰ মুধৰ কোঠাত
ৰান্ধনিশাল থাকে। পিচৰ কোঠাটো খোৱা কোঠা হিচাপে ব্যৱহাৰ কৰে। বাকী থকা কোঠাবোৰ
সাধাৰণতে জীয়ৰীসকলে শোৱা কোঠা হিচাবে ব্যৱহাৰ কৰে। চ’ৰাঘৰ আলহী-অতিথি বহা কোঠা আৰু
শশাৱা কোঠা হিচাপে ব্যৱহাৰ কৰে।
             আন ঘৰৰ ভিতৰত প্ৰতিঘৰ মানুহৰ একোটাকৈ বা একাধিক ভঁৰালঘৰ, এটা গৰু-গোহালি, এটা
কুকুৰা-গড়াল, এটা হাঁহ-ছাগলীৰ ভঁৰাল আৰু এটা গাহৰি-গঁৰাল থাকে।

খাদ্যাভ্যাসঃ 
ভাত হ'ল তেওঁলোকৰ মুখ্য আহাৰ। ভাতৰ লগত খোৱা ব্যঞ্জনবোৰ জুতি লগাই ৰন্ধাটো তেওঁলোকৰ
এটা সংস্কৃতি। সাধাৰণতে এখন টেঙা শাক বা এখন মাহৰ আঞ্জা নাইবা খাৰৰ আঞ্জা, বিভিন্ন পাচলিৰ
তৰকাৰী, মাছ বা মাংস আদি ভাজি বা পুৰি খাই ভাল পায়।

পানীয়ঃ

আহোমসকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা এবিধ উপাদেয় পানীয় হ’ল লাও বা সাজ। সাধাৰণতে,
লাহি আৰু বৰা চাউল মিহলি কৰি সিজাই তাৰ লগত হুৰপিঠা মিহলাই লাও-পানী তৈয়াৰ কৰা
হয়। চাহ তেওঁলোকৰ আন এবিধ উপাদেয় পানীয়।

ধর্মবিশ্বাসঃ 
আহোমসকলে উপৰিপুৰুষৰ অৱস্থিতিত বিশ্বাস কৰে আৰু উপৰিপুৰুষক পূজা-পাতল কৰাটোৱেই
তেওঁলোকৰ প্ৰধান ধৰ্ম আছিল। মৃত মাক-বাপেককে ধৰি চৈধ্য পুৰুষলৈকে ‘ডাম’ হিচাবে স্তৰে স্তৰে
নিয়মিতভাৱে পূজা কৰে। চৈধ্য পুৰুষৰ ওপৰৰ উপৰিপুৰুষক ‘ফী’ দেৱতা হিচাপে ‘মে-ডাম মে-
ফী’, ‘মা’, ‘চাইফা’ আদি পূজা দি আহিছে। তদুপৰি, ‘ ৰিখন’, ‘জাচিংফা’, ‘লাইলুংখাম’ আদি পূজাও
পাতি আহিছে। এই সকলো পূজাতে জীৱ উছৰ্গা কৰা হয় আৰু টাই ভাষাতে স্তুতি-বন্দনা কৰা হয়।
অৱশ্যে, বৈষ্ণৱ ধর্ম গ্রহণ কৰাৰ পিচৰ পৰা তেওঁলোকৰ তিনি পণ্ডিত ফৈদ মহন-দেওধাই-বাইলুংসকলৰ
বাহিৰে বাকীসকলে এইবোৰ পূজা-পাতল পাতিবলৈ এৰিলে।

বিবাহঃ

আহোমসকলৰ বাবে বিবাহ হ'ল বংশ ৰক্ষাৰ কাৰণে পতা এটা অতি গুৰুত্বপূর্ণ মাঙ্গলিক অনুষ্ঠান সাত
তেওঁলোকে ‘চকলং আৰু দেওবান’ এই দুই পদ্ধতিৰে বিবাহ সম্পাদন কৰে।

সাহিত্যঃ

এওঁলোকৰ অভিধান, বুৰঞ্জী, আখ্যান, নীতি-শাস্ত্র, জ্যোতিষশাস্ত্র, পূজাবিধি আদি আহোম ভাষা ডা
লিখা অলেখ সাঁচিপতীয়া পুথি আছে।

সংস্কৃতিঃ

বুৰঞ্জী চর্চা আহোমসকলৰ একক সংস্কৃতি। তদুপৰি কৃষি, স্থাপত্য, শিল্পকলা, ৰেচম আৰু বয়
শিল্প, পোছাক-পৰিচ্ছদ, আ-অলংকাৰ, খাদ্য প্রকৰণ, বিশ্বাস-অবিশ্বাস আদি অসমীয়া সংস্কৃতিৰ সকলোতে আহোমসকলৰ সাংস্কৃতিক প্রভাৱ দেখিবলৈ পোৱা যায়। উদাহৰণ স্বৰূপে শালি খেতিৰ প্ৰচলন, কঠীয়া পাৰি ধান ৰোৱা, গুটীয়া মহেৰে হাল বোৱা, দৰা-দৰাকৈ আলি দি খেতি পথাৰত জলসিঞ্চনৰ ব্যৱস্থ কৰা, টোমত ভৰাই কঠিয়াৰ সঁচ ৰখা আদিৰ বিষয়ে উল্লেখ কৰিব পাৰি। স্থাপত্য কলাৰ ক্ষেত্ৰত টুপ দিয়া আৰু ফুল চতি দিয়া ঘৰ, চাং পতা ভঁৰাল, ঢাপ মৰা আৰু নঙলা দিয়া বাৰী, ইত্যা
আহোমসকলৰ সংস্কৃতি। মুগা আৰু পাটপলু পুহি তাৰ পৰা সূতা উলিয়াই কাপোৰ বৈ তাৰে সাজ
পোচাক তৈয়াৰ কৰা, বিভিন্ন শাক-পাচলি আৰু মাছ-মাংসৰে উপাদেয় খাদ্য প্রস্তুত কৰাকে ধৰি অনেক
দিশত তেওঁলোকৰ সংস্কৃতিৰ প্ৰভাৱ অসমীয়া সংস্কৃতিত বিদ্যমান।

উপসংহাৰঃ 

ধনে-জনে অসমক এখন শক্তিশালী দেশ হিচাপে গঢ়ি তোলা আৰু ইয়াত বসবাস কৰা সকলে
লোককে এক শাসনৰ অধীনলৈ আনি এটা অসমীয়া জাতি হিচাপে গঢ় দিয়াৰ লগতে, অসমত বসবা
কৰা বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ মাজত সংযোগী ভাষা হিচাপে অসমীয়া ভাষাৰ ভেটি স্থাপ
কৰাত আহোমসকলৰ অৱদান সবাতোকৈ বেছি।
আহোমসকলৰ কেইগৰাকীমান উল্লেখযোগ্য ব্যক্তিৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল ৷

লাচিত বৰফুকনঃ

অসমৰ ইতিহাসত দেশপ্রেমিক বীৰ বুলি ক'লে বিশেষভাৱে লাচিত বৰফুকনৰ নামেই লোৱা হয়। ঐতিহাসিক আহোম-মোগলৰ শৰাইঘাট যুদ্ধৰ মূল নেতৃত্ব ল'ব লগা হৈছিল লাচিত বৰফুকনে। মোগলৰ বিৰুদ্ধে লাচিত বৰফুকনৰ যুদ্ধ পৰিচালনাৰ কাহিনীত যি জাতীয় দায়বদ্ধতা, নিয়মানুবর্তিতা আৰু একমুখী কার্যপন্থাৰ উদাহৰণ পােৱা যায়, অসমৰ ইতিহাসত তেনে আন উদাহৰণ সততে পোৱা নাযায়। এইগৰাকী লাচিত বৰফুকনৰ।
হয় ১৬১২ খ্রীষ্টাব্দত। দিন বাৰ আৰু স্থান সম্পর্কে সঠিকভাৱে জনা নহ'লেও গড়গাঁৱৰ ওচৰে-পাজৰে বুলি অনুমান কৰা হয়। তেওঁৰ দেউতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। কনিষ্ঠ সন্তান লাচিতৰ তিনিজন ককায়েক আছিল। তেওঁলোক হ'ল—লালুকসোলা, মৰংগী আৰু ভাৰধৰা। সৰুৰে পৰা লাচিত আছিল বৰ সাহসী। সততা আৰু স্পষ্টবাদিতা তেওঁৰ আন এক বৈশিষ্ট্য। দেউতাক মোমাই তামুলীয়ে নিজৰ সন্তানক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিবলৈ সদায়েই চেষ্টা কৰিছিল। সৰুৰে পৰা দেউতাকৰ কাম-কাজ লাচিতে প্রত্যক্ষ কৰাৰ সুবিধা পাইছিল। বৰবৰুৱা হিচাপে স্বৰ্গদেউৰ বৰচ’ৰা, ন্যায়ালয় আদিত দেউতাকৰ কাম কাজ, বিভিন্ন ডা-ডাঙৰীয়া আৰু বিষয়াৰ সৈতে হোৱা আলোচনাবোৰৰ লাচিতে প্রত্যক্ষ কৰিব পাৰিছিল। মুঠ কথাত দেউতাকৰ ৰাজকার্যাৱলীক নিৰীক্ষণ কৰি লাচিতে বহু কথাই শিকাৰ সুবিধা পাইছিল।

       খুব সোনকালেই নিজৰ দক্ষতাৰ বলত ৰজাঘৰত লাচিতে নিযুক্তি লাভ কৰিছিল। প্রথম অৱস্থাত ৰাজমন্ত্রী ডাঙৰীয়াই ‘হাঁচতিধৰা তামুলী’ হিচাপে লাচিতক নিযুক্তি দিয়ে। ইয়াৰ পিছতে কিছুদিনৰ বাবে ‘ঘোঁৰা বৰুৱা পদবী তেওঁ লাভ কৰে। এই পদবীত থকাৰ সময়ত ৰজাৰ ঘোঁৰাশালৰ ভালেমান ঘোঁৰাক তত্ত্বাৱধান কৰি সেইবোৰক প্রশিক্ষণ দিছিল। ইয়াৰ পিছতে ‘দোলীয়া বৰুৱা আৰু ‘শিমলুগুৰীয়া ফুকনৰ পদত নিযুক্তি লাভ কৰে। সেই সময়তে মিৰজুমলাই অসম আক্ৰমণ কৰাত লাচিতে দিখৌমুখত শত্রুসৈন্যৰ লগত যুদ্ধ কৰিছিল আৰু নিজৰ দক্ষতা দেখুৱাব পাৰিছিল। লাচিতৰ পাৰদৰ্শিতা আৰু পৰাক্ৰমৰ উমান পাই সেই সময়ৰ আহোম ৰজা চক্ৰধ্বজ সিংহই লাচিতক বৰসেনাপতি পাতিলে আৰু বৰফুকন পদত নিযুক্ত কৰিলে।

           ইয়াৰ কিছুদিন পিছতে ১৬৬৭ চনৰ ২০ আগষ্টত আহোম-মোগলৰ যুদ্ধ আৰম্ভ হয়। অসমীয়া সেনা দুভাগত বিভক্ত হৈ ব্ৰহ্মপুত্ৰৰে যাত্ৰা আৰম্ভ কৰিলে। মোগলৰ লগত প্ৰথমখন যুদ্ধ আৰম্ভ হ’ল ব্ৰহ্মপুত্ৰৰ উত্তৰফালে থকা বাঁহবাৰীত। তাতে বাহৰ পতা মোগলক আক্রমণ কৰি আহোম সেনাইযুদ্ধৰ পাতনি মেলিলে। তাৰ পিছত দক্ষিণ পাৰৰ কাজলীত থকা মোগলৰ দুৰ্গও আহহামে নিজৰ অধীনলৈ আনে। ইটাখুলিত চাউনি পাতি মোগলে নিজৰ শক্তি বৃদ্ধি কৰাৰ চেষ্টা কৰিছিল যদিও সেয়াও আহোম সেনাই বিধ্বস্ত কৰিলে আৰু মোগলক মানাহ নদী পাৰ কৰি খেদি পথালে। মোগলৰ লগত হোৱা এই যুদ্ধৰ বিজয়ে অসমীয়া সেনাক আত্মবিশ্বাসী কৰি তুলিলে। সেনাপতি হিচাপে লাচিত বৰফুকনো প্রশংসিত হ’ল।


        অসমীয়া সেনাৰ হাতত হোৱা মােগলৰ পৰাজয়ৰ কথা মােগল সম্রাট ঔৰংজেৱৰ কাণত পৰিল। খবৰপায়েই তেওঁ লাজ আৰু অপমানত তাৰ প্রতিশােধ ল’বলৈ মন কৰিলে। ঔৰংগজেৱৰ নির্দেশ মতেইৰামসিংহৰ নেতৃত্বত এক বিশাল সেনাই পুনৰ অসম আক্ৰমণ কৰিবলৈ আহিল। লাচিত বৰফুকনে ভালদৰে উপলব্ধি কৰিছিল যে শত্রু যিমানেই শক্তিশালী নহওক, প্রতিজন অসমীয়া সেনা আৰু সেনাপতিয়ে যদি নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰে, তেওঁলোকে মোগলক পৰাভূত কৰিব পাৰিবই। তেওঁ এইবুলিও নির্দেশ জাৰি কৰিলে যে কোনোৱে যদি নিজৰ দায়িত্ব সঠিকভাৱে পালন নকৰে বা নিজৰ কৰ্তব্যত অৱহেলা কৰে, তেন্তে সেই কথা গম পোৱাৰ লগে লগে সেইজনক শিৰচ্ছেদ কৰা হ'ব।


          লাচিতে সেনাসকলৰ কোন ক’ত থাকিব, তাৰ অৱস্থানো নির্ণয় কৰি দিছিল। যুদ্ধৰ সম্ভাৱ্য দিন চমু চাপি অহাৰ লগে লগে লাচিতে সঘনাই সেনানায়কসকলৰ লগত আলোচনা কৰিবলৈ ললে, যাতে ৰণসজ্জা আৰু অন্যান্য ব্যৱস্থাসমূহ তেওঁৰ নখদর্পণত থাকে আৰু লগতে সেই সেনানায়কসকলকো উদ্ধৃত কৰি ৰাখিব পৰা  যায়। আমিনগাঁৱৰ ওচৰৰ গড় এটা বন্ধাৰ মূল দায়িত্ব পৰিছিল লাচিতৰ এজন মোমায়েকৰ ওপৰত। মোমায়েকৰ দায়িত্বহীনতাৰ বাবেই গড়টোৰ কাম বহুত পিছ পৰি থকাত লাচিত খঙত জ্বলি-পকি উঠিল আৰু হেংদাং  উলিয়াই একে ঘাপতে মোমায়েকক কাটি দুছোৱা কৰি ক'লে—“দেশতকৈ মোমাই ডাঙৰ নহয়। লাচিতৰ  এনে উগ্রমূর্তি দেখি গড়ৰ কাম কৰা লোকসকলে বৰ ভয় খালে আৰু অপৰিসীম পৰিশ্ৰম কৰি ৰাতিটোৰ  ভিতৰতে গড়ৰ কাম সম্পূর্ণ কৰি তুলিলে। সেই গড়টোক এতিয়া ‘মোমাই কটা গড়’ নামেৰে জনা যায়। তদুপৰি দেশতকৈ মোমাই ডাঙৰ নহয়’ কথাষাৰ এতিয়াও শ্রেষ্ঠ দেশপ্রেমমূলক বাক্য বুলি গণ্য কৰা হয়।


আহোম আৰু মোগলৰ সর্বশেষ যুদ্ধখনেই হ’ল শৰাইঘাটৰ যুদ্ধ। ১৬৭১ চনৰ মাৰ্চ মাহৰ মাজভাগত এই 
যুদ্ধ সংঘটিত হৈছিল। সেই সময়ত লাচিত টান নৰিয়াত পৰিছিল ৷ ইফালে মোগলৰ আক্ৰমণৰ কথা শুনি  লাচিত বৰফুকনৰ তত্ নোহোৱা হ'ল। ইফালে ৰামসিংহই জলপথেৰে আন্ধাৰুবালিৰ গড়লৈ গৈ সেই গড় অধিকাৰ কৰি গুৱাহাটীত সোমোৱাৰ পৰিকল্পনা কৰিলে। পৰিকল্পনা অনুসৰি মোগলৰ নাৱৰ পৰা সেনাই কাঁড়ৰ আগত হিলৈ লগাই অসমীয়া নাওবোৰলৈ ধাৰাসাৰ গতিত মাৰিবলৈ ধৰিলে। সেই আক্ৰমণত তিষ্ঠিব নোৱাৰি অসমীয়া সেনাৰ নাওবোৰ ভটীয়াই আহিল। অসমীয়া সেনাপতিৰ নেতৃত্বত কেইখনমান অসমীয়া নাৱে মোগলৰ নাও খেদি আহি অক্লান্ত পালেগৈ। তাৰ পাছতে মোগলে উভতি ধৰিলে আৰু মোগলৰ বহুত যুদ্ধ নাও আগবাঢ়ি আহিবলৈ ধৰিলে। আহোম সেনাপতি লাচিত বৰফুকনৰ গা বৰ বেয়া বুলি অসমীয়া না সৈন্যসকলৰ মনোবল কিছু হ্রাস হৈছিল। মোগলে প্রবল বিক্ৰমেৰে আক্ৰমণ কৰি আগুৱাই অহা দেখি অসমীয়াই আ যুদ্ধ জয়ৰ আশা এৰিয়েই দিলে। অসমীয়া সেনাই যুদ্ধ এৰি উজনিলৈ যাবলৈ বিচাৰিলে। বৰফুকনে নৰিয় গাৰেই যুদ্ধৰ গতিবিধি চাই আছিল। তেওঁ দেখিলে মোগলৰ নাও উত্তৰ পাৰৰ জুৰিয়াৰ পৰা আহি অশ্বক্লান্ত ও পালেহি। বৰফুকন অস্থিৰ হৈ পৰিল। ইফালে তীৰকঁপে জ্বৰ। নিজে ভালকৈ থিয় হ'বই নোৱাৰে। তেনেকৈয়ে লাচিতে লক্ষ্য কৰিলে যে মোগলৰ নাৱৰ সংখ্যা বাঢ়ি আহিছে আৰু সেই নাওবোৰ ক্ৰমে আগবাঢ়ি আহিছে। লগতে অসমীয়া সেনাৰ নাওবোৰ একেলগে পিছ হুহকি আহিছে। লাচিতে বুজিলে যে এক মুহূর্তও দেৰি কৰিব নোৱাৰি। তেওঁ আগবাঢ়ি গ'ল। পিছ হুহকি উজাই অহা অসমীয়া সেনাৰ নাওবোৰ দেখি নাৱৰীয়াহঁতে ভাবিলে যে বৰফুকনো নিশ্চয় উজাই যাবগৈ। সিহঁতে সেইমতে উজনিলৈ বুলি নাও মেলিলে। লাচিত বৰফুকনে চিঞৰি উঠিল—“অই, কি কৰিছ তহঁতে? স্বৰ্গদেৱে মোক গুৱাহাটী ৰক্ষা কৰি শত্ৰুৰ লগত যুঁজিবলৈ দায়িত্ব দি থৈছে। মই এতিয়া ৰণ এৰি পত্নী-পুত্ৰৰ ওচৰলৈ যাম নেকি? আৰু তহঁতে মোক নুসুধি নাও সেইফালে নিছ কিয়। খঙৰ কোবতে লাচিত বৰফুকনে নৰিয়া দেহাৰেই যেন শক্তিশালী হৈ উঠিল। তেওঁ হেংদাঙৰ গাদীৰে কোবাই চাৰিটা নাৱৰীয়াক নাৱৰ পৰা পানীলৈ পেলাই দিলে। সিহঁতে কোনোমতে সাঁতুৰি জীৱন বচালে। পাছত অৱশ্যে লগৰীয়াৰবাৰে সিহঁতক আকৌ তুলি ল'লে। নহলে নাও বাব কোনে? ইটোৱে সিটোক চিঞৰি কওঁকে কথাটো এনেদৰে প্ৰচাৰিত হৈ গ'ল যে বৰফুকনে যুদ্ধ এৰি যাবলৈ বিচৰাসকলক কাটিছে, ধৰি-বাহি নদীত পেলাই দিছে। লগে লগে কিছুমানে ভয়তে আৰু কিছুমানে উৎসাহত নাও আকৌ ভটীয়াই নিবলৈ ধৰিলে। মোগলৰ নাৱৰ ফালে আগবাঢ়ি যোৱা বৰফুকনৰ সাতখন নাৱৰ লগ ল'বলৈ কেউফালৰ পৰা অসমীয়া নাওবোৰ দ্রুত গতিৰে আগবাঢ়ি আহিল। নাৱৰ পৰাতো অসমীয়া সেনাই হিলৈৰে আক্ৰমণ কৰিলেই, পাৰত থকা অসমীয়া সেনাসকলেও মোগলৰ নাৱক লক্ষ্য কৰি হিলৈ ফুটাবলৈ ধৰিলে। আগবাঢ়ি অহা মোগলৰ নাওবোৰৰ আচৰিত হৈ গ'ল। পৰিস্থিতি যে এনেকৈ হঠাতে সলনি হৈ যাব পাৰে বা এজন বীৰ সেনাপতিয়ে যে এনেকৈ যুদ্ধৰ গতি ঘূৰাই দিব পাৰে, সেয়া মোগলে ভাবিবই পৰা নাছিল।


       অসীম সাহসেৰে অসমীয়া নাওবোৰ আহি মোগলৰ নাওৰ মাজত সোমাল আৰু দুয়োপক্ষৰ মাজত প্রচণ্ড যুদ্ধ হ’ল। যুদ্ধ হ’ল মূলতঃ তিনি ঠাইত—অক্লান্ত, ইটাখুলি আৰু কামাখ্যা পাহাৰৰ নামনিত। যুদ্ধৰ সুবিধাৰ বাবে আহোমসকলে ইখনৰ পিছত সিখন নাও জোৰাদি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙেই তৈয়াৰ কৰি পেলালে। তাৰ ফলত ডাঙৰ সুবিধা হ’ল যে দ্রুতভাৱে সৈন্য আৰু হিলৈ, বৰতোপ আদি যুদ্ধাস্ত্ৰৰ সঞ্চাৰণ কৰিব পৰা গ'ল। লাচিতে সৈন্যসকল আৰু সেনাপতিসকলৰ মাজত এনে এটা ভাৱ জগাই দিছিল যে এই যুদ্ধত জয়লাভ কৰিলেহে অসমীয়াসকলৰ ভূমি, স্বাধীনতা আৰু প্ৰাণ ৰক্ষা পৰিব। ইফালে প্রথম অৱস্থাত লাচিত বৰ অসুস্থ, লাচিতে যুদ্ধ কৰিব নোৱাৰিব—সেইবোৰ কথাই মোগলসকলক অনুপ্রাণিত কৰিছিল আৰু অসমীয়াসকলৰ মনত উৎসাহ আৰু আত্মবিশ্বাস হ্রাস কৰিছিল। কিন্তু যুদ্ধত লাচিতৰ প্রত্যক্ষ অংশ গ্রহণ আৰু প্ৰৱল প্রতাপী প্রদর্শনৰ বাবে চকৰি ঘূৰি গ'ল। দেখা গ'ল তিনিও ঠাইতে মোগল সেনাৰ পৰাজয় হৈছে আৰু মোগলৰ নাওবোৰ ক্ৰমে পিছুৱাই যাবলৈ ধৰিছে। অসমীয়া সেনাই মোগলক পাণ্ডুলৈকে খেদি দিলে। আৰু যুদ্ধত অসমীয়া সৈনাৰ নিৰংকুশ বিজয় সাব্যস্ত হ’ল। এইখন যুদ্ধ শৰাইঘাটৰ যুদ্ধ হিচাপে প্রখ্যাত।


   খ্রীষ্টীয় ১৬৭১ চনৰ ৫ এপ্রিলত ৰামসিংহই ভাটীমুৱা যাত্ৰা আৰম্ভ কৰিলে। হাজো এৰাৰ আগতে তেওঁ
তাৰ হয়গ্ৰীৱ-মাধৱ মন্দিৰত পূজা কৰিলে। বিদায় লোৱাৰ সময়ত তাৰ ব্ৰাহ্মণসকলক কৈ গ'ল—লাচিত
সামান্য বীৰ নহয়। মই একো ঠাইতে ছিদ্ৰ নাপালোঁ।


   শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাই জয়লাভ কৰাৰ এটা ডাঙৰ কাৰণ আছিল এই যে একোজন অসমীয়া সেনাই বিভিন্ন ধৰণৰ কাম কৰিব পাৰিছিল। একোজন অসমীয়া সেনাই প্রয়োজন হলে নাও বাইছিল, আকৌ সেই একেজন সেনায়েই হিলৈও মাৰিছিল, কাঁড়ো মাৰিছিল, গড়ো বান্ধিছিল। গতিকে একেজনেই দহজন হৈ পৰিছিল। শত্রু পক্ষৰ হ'লেও ৰামসিংহই অসমীয়া সেনাৰ এনে কর্মপটুতা, সাহস আৰু ৰণকৌশলৰ প্রশংসা কৰি কৈছিল—“প্রতিজন অসমীয়া সেনা নাও চলোৱা, কাঁড় মৰা, খাৱৈ খন্দা, হিলৈ-কামান মৰা সকলো কামতে পাৰ্গত। এনেদৰে সকলো কামতে পটু সেনা মই ভাৰতৰ ক'তো দেখা নাই।’ৰামসিংহই আৰু কৈছিল যে অসম দেশক জয় কৰা যিকোনো ৰজাৰ বাবেই অসম্ভৱ কথা।


 শৰাইঘাটৰ যুদ্ধৰ কিছুদিন পাছত গুৱাহাটীতে লাচিত বৰফুকনৰ মৃত্যু হ’ল। বোধকৰো কঠিন নৰিয়াক
নেওচা দি যুদ্ধ কৰাৰ বাবেই এনে হ’ল। তেওঁৰ মৃত্যুৱে যুদ্ধ জয়ৰ আনন্দত শোকৰ ছাঁ পেলাইছিল। এইগৰাকী দেশপ্রেমিক বীৰ তুলনাবিহীন। নিঃস্বার্থ দেশপ্রেম আৰু সবল নেতৃত্বৰ বিষয়ে জানিবলৈ আহোম-মোগলৰ যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বৰ কাহিনী মনত পেলাবই লাগিব।



সতী জয়মতীঃ

সতী জয়মতী কুঁৱৰীৰ সময়ত আহোম ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি অতি জটিল আছিল। মন্ত্রী লালুক বিনয় সোলা তেতিয়া অসমৰ উঠি ৰজা বহিৰজা হৈছিল। অন্যান্য প্রাপ্তবয়স্ক উপযুক্ত কোঁৱৰ থকা সত্ত্বেও লালুক মাজত সোলাই চৌধ্যবছৰীয়া চামগুৰীয়া ফৈদৰ সৰু গোহাঞিক আনি ১৬৭৯ চনৰ কাতি মাহত অসমৰ ৰজা পাতিলে। আহোম মতে ছু- লিফা আৰু হিন্দু মতে নাম দিলে ৰত্নধ্বজ সিংহ। বয়সত ল’ৰা দেখি প্রজাৰ মাজত ল’ৰা- গদা- ৰজা নামটোহে খ্যাত হল।


লালুকসোলাইছু লিক-ফাক ৰজা পাতিয়েই ছু-দৈয়-ফা স্বৰ্গদেৱক বিহ খুৱাইমৰালে। আতন বুঢ়াগোহাঁইকো বাত সবংশে ১৬৭৯ চনৰ আঘোণ মাহত বধ কৰোৱালে। আতন বুঢ়াগোহাঁইৰ ঠাইত দিলিহিয়ালৰ দীঘলা লাঙ্গিক বুঢ়াগোহাঁই পাতিলে। জবঙ্গক ভাঙি মাদুৰীৰ লাই থেপেনাক বৰগােহাঁই পাতিলে।


     লালুকে নিজ স্বার্থ পূৰণৰ হেতুল’ৰা ৰজাক সম্বন্ধৰেও বান্ধিলে। তেওঁৰ পাঁচ বছৰীয়া জীয়েকক চৌধ্যবছৰীয়া দুই থাল’ৰা ৰজালৈ বিয়া দি ঘাই ৰাণী পাতিলে। বংগৰ নবাৱৰ আশ্বাস পাই লালুকৰ আহোম ৰাজ্যৰ ৰজা হোৱা লালসা প্রবল হৈ উঠিল।


ৰাজপৰিয়ালৰ চাৰিটা ফৈদত ৰজা হ’ব পৰা কোঁৱৰ ভালেকেইজন আছিল। তেনে স্থলত লালুক সোলাৰ
বাসনা কেনেকৈ পূৰণ হ'ব! তেওঁৰ সেইদেখি ভয় হ’ল বিশেষকৈ এই কোঁৱৰ কেইগৰাকীলৈ কোনগৰাকীয়ে মত কেতিয়া বিদ্রোহ কৰি সিংহাসন কাঢ়ি লয় তাৰ ঠিক নাই!


লালুকে ল’ৰা ৰজাক ক'লে— উপযুক্ত আৰু প্রাপ্তবয়স্ক ভালেকেইজন ৰাজকোঁৱৰ থাকোতেও তেওঁক প”
ৰজা পতা হ’ল। এই কথা কোঁৱৰসকলে সহ্য কৰিব পৰা নাই। কোনজন কোঁৱৰে কেতিয়া স্বৰ্গদেৱৰ প্ৰাণ লয় ঠিক নাই। গতিকে নিষ্কণ্টক হ’বলৈ হ'লে কোঁৱৰকেইগৰাকীক অঙ্গক্ষত কৰি ৰজা হোৱাৰ যোগ্যতা নাইকিয়া ” কৰিব লাগিব আৰু তাকে কৰিবলৈ হ'লে প্ৰথমতে ভয় থকা ডাঙৰীয়া-বিষয়াসকলক আঁতৰাই পঠাব লাগিব। ল’ৰা ৰজাৰ মগজত লালুকৰ যুক্তি সোমাই গ'ল। লগে লগে লালুকে কোঁৱৰ নিধন পর্ব আৰম্ভ কৰিলে।


তুং-খুঙ্গীয়া ফৈদৰ লাঙ্গি গদাপাণিৰ বাহিৰে বাকী আটাইকেইটা ফৈদৰ কোঁৱৰকে লালুক বৰফুকনে হয়
অঙ্গক্ষত নহয় হত্যা কৰিলে। গোবৰ ৰজাৰ কোঁৱৰ লাঙ্গি গদাপাণিক ধৰিব নোৱাৰাত লালুক-সোলাৰ শোৱন- খাৱন নাইকিয়া হ’ল। মন্ত্রী লাই থেপেনা বৰগোহাঁই গদাপাণিৰ শহুৰেক আৰু নামনি অসমৰ বদন বৰফুকন তেওঁৰ ভিনীহিয়েক আছিল। ইফালে গদাপাণি কোঁৱৰক ধৰাহে নালাগে, তেওঁনো ক'ত আছে তাৰ কোনো সম্ভেদ উলিয়াব নোৱাৰিলে। গদাপাণিৰ পত্নী আছিল জয়মতী কুঁৱৰী।


গদাপাণি আৰু কুঁৱৰী জয়মতী দুয়ো লাই-লেচাই ল'ৰা দুটিৰে সৈতে তেওঁলোকৰ বাসস্থান তুংখুঙ্গত
আছিল। লালুক ছুলিফাৰ কোঁৱৰ নিধন বার্তা শুনি ল'ৰা দুটিক ইতিমধ্যে নগা ৰাজ্যৰ কোনো এক নিভৃত
স্থানত আঁতৰাই ৰাখি থৈছিল। কোঁৱৰকো ল'ৰা দুটিৰ লগত লুকাই থাকিবলৈ জয়মতী কুঁৱৰীয়ে খাটনি ধৰিছিল। কিন্তু গদাপাণি কোঁৱৰে তেনে কাপুৰুষালি কৰিবলৈ মান্তি নহ'ল। জয়মতী কুঁৱৰীয়ে কোঁৱৰক তেওঁৰ ৰাজ্য আৰু প্ৰজাৰ দোহাই দি বুজালে যে তেওঁ নাথাকিলে ৰাজ্যও নাথাকে। এইদৰে জয়মতী কুঁৱৰীয়ে অনুনয়- বিনয় কৰি শেষত গদাপাণি কোঁৱৰক পলাবলৈ মান্তি কৰালে। গদাপাণি পলাল। নগাৰ বেশ ধৰি নগাপাহাৰৰ মাজলৈ সোমাই গ'ল।


ৰাজসভালৈ আনি স্বৰ্গদেৱৰ আদেশ শুনাই লালুক সোলাই জয়মতী কুঁৱৰীক গদাপাণিৰ বাতৰি সুধিলে,
গদাপাণি ক'ত? কুঁৱৰীয়ে কোনো উত্তৰ নিদি, নীৰৱে থাকিল। লালুক সোলাই চাওদাঙক আদেশ দিলে,
জয়মতীক জেৰেঙাৰ চাপৰিলৈ নি নির্জন স্থানত ৰাখি যিকোনো উপায়েৰে জয়মতীৰ মুখৰ পৰা গদাপাণিৰ বাতৰি আনি অতি শীঘ্ৰে দিব লাগিব।


চাওদাঙে জয়মতীক জেৰেঙা পথাৰৰ নির্জন স্থানলৈ লৈ গ'ল। চাওদাঙে অনেক কমে বুজাই বঢ়াই,
ফুচুলাই, উচতাই, ভয় দেখুৱাই তেওঁৰ মুখৰ পৰা গদাপাণি কোঁৱৰৰ বাতৰি উলিয়াব নোৱাৰি চাওদাঙেকুঁৱৰীক দুই-এটাকৈ শাস্তি দি যাবলৈ ধৰিলে। জয়মতী কুঁৱৰীয়ে সকলো শাস্তি সহনশীলা বসুমতীৰ দৰে নীৰৱে সহি থাকিল। এইদৰে চৌধ্য দিন নির্জন জেৰেঙাত শাস্তি ভুগি ইংৰাজী ১৬৭৯ চনৰ অসমীয়া মাহৰ ১৩ চ'তৰ দিনা গুৰুবাৰে দশমীৰ জোন পৰোঁ পৰে হওঁতে সতী জয়মতী কুঁৱৰীয়ে নশ্বৰদেহ ত্যাগ কৰি নৰ-পিশাচৰ সান্নিধ্যৰ পৰা অন্তর্ধান হ’ল। কাললৈ থৈ গ'ল নাৰীৰ সীমাহীন মনোবলৰ মাহাত্ম্য, স্বামীৰ হিতার্থে তিৰোতাৰ মহান ত্যাগৰ আদৰ্শ আৰু অসমীয়া নাৰীৰ পবিত্ৰ চানেকি। পৃথিৱীত এনে দৃষ্টান্ত বিৰল।


সতী জয়মতীৰ জ্যেষ্ঠ পুত্র স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃদেৱীৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে জেৰেঙা
পথাৰত ১৬৯৭ চনত সাগৰ-সদৃশ বৃহৎ পুখুৰী এটা খন্দালে আৰু নাম দিলে জয়সাগৰ। ইয়াৰ পাঁচ বছৰৰ
পাছতে ৰুদ্ৰসিংহ স্বৰ্গদেৱে মাতৃ জয়মতীৰ তেজেৰে পবিত্ৰ কৰি থৈ যোৱা জেৰেঙা পথাৰলৈকে ৰাজধানী
গড়গাঁৱৰ পৰা তুলি আনিলে। নাম দিলে ৰংপুৰ। তদুপৰি স্বৰ্গদেৱে পুৰণি আলি আৰু বৰ আলিৰ মাজত মাতৃৰ মৈদাম নির্মাণ কৰিলে। এই পবিত্র মৈদামে এতিয়াও সতী জয়মতীৰ স্মৃতি সজীৱ কৰি ৰাখিছে।


অসমৰ প্ৰথম অভিধান প্রণেতা টেঙই মহনঃ

পণ্ডিত টেঙাই মহন ইংৰাজী ১৭১৫ চনত চৰাইদেউত মহুং-মাইচেউ পৰিয়ালৰ তকম্বৰিৰ ঘৰত
জন্ম গ্রহণ কৰিছিল। তিনিজন ককায়েক-ভায়েকৰ ভিতৰত টেঙাই আছিল সৰু।

  আহোম ৰাজত্বৰ শেষৰ ফালে সচেতন আৰু বুদ্ধিজীৱী আহোমসকল এক মহা সংকটত পৰিছিল।
কাৰণটো হ'ল- আহোম দৰবাৰত বিভিন্ন কাৰণত আহোম ভাষাৰ পৰিৱর্তে অসমীয়া ভাষাই লাহে
লাহে প্ৰসাৰ লাভ কৰিছিল। আনহাতে আহোম ভাষাই ক্রমান্বয়ে অৱহেলিত হোৱাৰ লগতে দৈনন্দিন
কথা-বতৰৰ পৰা আঁতৰি যাবলৈ ধৰিলে। এনে স্থলত সচেতন-বুদ্ধিজীৱী আহোমসকলে চিন্তিত হৈ
পৰিল এইবুলি যে এসময়ত আহোম ভাষাটো একেবাৰে লুপ্ত হৈ যায়, তেতিয়া অসমৰ এটা জীয়া
সভ্যতা অসমৰ ইতিহাসৰ পৰা নিঃশেষ হৈ যাব। কাৰণ আহোমসকল অসমলৈ আহোঁতেই সাহিত্য,
বুৰঞ্জী, ধর্ম, নৈতিকতা, জ্যোতিষ, দর্শন আদি বিষয়ৰ অনেক পুথি-পাজি লগত লৈ আহিছিল। তদুপৰি
পাছৰ আহোম ৰাজত্ব কালতো বিভিন্ন বিষয়ৰ অনেক গ্রন্থ ৰচনা হৈছিল। যিবিলাক এটা সময়লৈকে নাম
কেৱল আহোম ভাষাতে ৰচনা কৰা হৈছিল। আহোম সভ্যতা-সংস্কৃতিৰ সকলো কথা এই পুথি-পাঁজিবোৰতেই লিপিবদ্ধ হৈ পৰিছিল। ভৱিষ্যত প্রজন্মই যাতে আহোম ভাষাটো শিকিব পাৰে তাৰ
বাবে তেওঁ এখন আহোম অভিধান প্রণয়নৰ কাম হাতত লয়। কাৰণ ভাষাটো জীয়াই ৰাখিবলৈ।
প্রথমে ধৰি ৰাখিব লাগিব ভাষাটোৰ শব্দবোৰ। আনহাতে ভাষা-বর্ণ নির্বিশেষে সকলোৱে যাতে হা
ভাষাটো শিকিব পাৰে সেই উদ্দেশ্যে তেওঁ এই কাম হাতত লয়। ১৭৭৫ চনত, গৌৰীনাথ সিংহৰ না
ৰাজত্বৰ শেষৰ ফালে তেওঁ বৰ কাকত হু মুং পুথি’ নামৰ এখন অভিধান পুথি ৰচনা কৰে। সাঁচি
পাতত লিখা এই পুথিখনত ৪২-খিলা পাত আছিল। ইয়াৰ জোখ আছিল ৪০x১০ ছেমি.। প্রতি
পৃষ্ঠাত ৮-৯ টাকৈ শাৰী আছে। ইয়াত প্রতিটো আহােম শব্দৰ বিপৰীতে সম্ভাব্য সকলো অসমীয়া
অর্থ সন্নিবিষ্ট আছে। প্রতিটো শব্দৰ বিপৰীতে ‘চাম বা’ শব্দটো দিয়া হৈছে। ইয়াৰ অৰ্থ হ'ল ‘বোলে।
উদাহৰণ স্বৰূপে কা চাম বা কাউৰীক’ (কাউৰীক কা বোলে)। ‘কা চাম বা যাবৰ’ (যোৱাক কা। G
বোলে), ‘খা চাম বা খেৰক’ (খেৰক খা বোলে) আদি। এনেকৈ শব্দবোৰ সন্নিবিষ্ট কৰিছে। অসমীয়া
শব্দবোৰৰ শেষত ক আৰু ৰ বৰ্ণ ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ কাৰণ হ'ল- ‘ক’ বর্ণ দিয়াবিলাক
বিশেষ্য আৰু ৰ’ বর্ণ দিয়া বিলাক ক্রিয়া।


১৯১২ চনত কোঁচ বিহাৰৰ কৈলাশ চন্দ্র সেন নামৰ ব্যক্তি এজনৰ পৰা হেমচন্দ্র গোস্বামীদেৱে
টেঙাই মহনে লিখা ‘বৰ কাকত হু-মুং’ পুথিখন উদ্ধাৰ কৰি বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত জমা
দিয়ে। প্রকাশৰ উদ্দেশ্যে ১৯৩২ চনত নন্দনাথ ফুকনদেৱে এই পুথিখনৰ সম্পাদনাৰ কাম হাতত
লয়। টেঙাই মহনে লিখি থৈ যোৱা বৰ কাকত হু-মুং’ পুথিখনৰ সম্পাদিত ৰূপটোৱেই হ'ল অসম
বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ দ্বাৰা ১৯৬৪ চনত প্ৰকাশ কৰা আহোম লেকচিকন বৰ অন্ত্র খণ্ডটো।


‘বৰ কাকত হু-মুং’-অৰ উপৰিও লিপিবদ্ধ কৰা দুকুৰিৰো অধিক পুথি পোৱা গৈছে। টেঙাই মহনেই
হ’ল অসমৰ প্রথম অভিধান প্রণেতা। তেখেতক আহোম ভাষাৰ পুথিৰ ভাঙনিৰ বাবে ইংৰাজ চাহারে
বিলাতলৈ লৈ গৈছিল বুলি জনা যায়। এই মহান অভিধানিকজনৰ ১৮২৩ চনত ডিব্ৰুগড় জিলাৰ
খুৱাঙত মৃত্যু হয়।

পদ্মনাথ গোহাঞি বৰুৱাঃ

অসমৰ এজন স্বনামধন্য সাহিত্যিক পদ্মনাথ গোহাঞি বৰুৱাদেৱৰ জন্ম হয় ১৮৭১ চনৰ ২৪
অক্টোবৰত উত্তৰ লক্ষীমপুৰৰ নকৰি গাঁৱত। তেওঁৰ দেউতাকৰ নাম আছিল ঘিণাৰাম আৰু মাকৰ।
নাম লক্ষ্মীদেৱী। তেওঁ উত্তৰ লক্ষীমপুৰৰ পৰা ছাত্রবৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈ শিৱসাগৰ হাইস্কুলত
নাম লগায় যদিও পাছত কহিমা হাইস্কুলৰ পৰা ১৮৯০ চনত এণ্টে পৰীক্ষাত উত্তীর্ণ হয়। উচ্চ
শিক্ষাৰ বাবে তেওঁ কলিকতালৈ যায় আৰু এফ. এ. আৰু আইন পঢ়ে। তেওঁ প্রথমে কহিমা মধ্য
ইংৰাজী বিদ্যালয়ত প্রধান শিক্ষক হিচাপে যোগদান কৰে আৰু পাছত যোৰহাটত কিছুকাল শিক্ষকতা
কৰি ১৮৯৩ চনত তেজপুৰ নর্মাল স্কুললৈ আহে আৰু তাতে স্থায়ীভাৱে বাস কৰে।


পদ্মনাথ গোহাঞি বৰুৱাদেৱৰ কবিতা, নাটক, উপন্যাস আদি সাহিত্যৰ প্রায় সকলো বিভাগত
হাত আছিল। তেওঁৰ বিখ্যাত কবিতা পুথিসমূহ হ'ল। ‘জুৰণি’, ‘লীলা’, ‘ফুলৰ চানেকী। বুৰঞ্জীমূলক
নাটকসমূহ হ'ল ‘জয়মতী’, ‘গদাধৰ’, ‘সাধনা’, ‘লাচিত বৰফুকন’, ‘বাণৰজা। প্রহসন নাটসমূহ হল—
‘গাওঁবুঢ়া’, ‘টেটোন তামুলী’, ‘ভূত নে ভ্রম’। উপন্যাসসমূহ হ'ল – ভানুমতী’, ‘লাহৰী'। আত্মজীৱনী—
মোৰ সোঁৱৰণী’, সংগ্রহ – ‘সাহিত্য সংগ্রহ’, ‘জীৱনী সংগ্রহ। ধর্মমূলক গ্রন্থ - ‘শ্রীকৃষ্ণ’, ‘গীতাসাৰ।
ইয়াৰ উপৰিও তেওঁ ভূগোল দর্পন, নীতিশিক্ষা, শিক্ষাবিধান আদি অনেক পাঠ্যপুথি ৰচনা কৰিছিল।
তেওঁ সম্পাদনা কৰা আলোচনীসমূহ হ’ল ‘ বিজুলী’, ‘আসাম বন্তি আৰু উষা”।


    তেওঁ শিৱসাগৰত বহা অসম সাহিত্য সভাৰ প্রথম অধিৱেশনৰ (১৯১৭) সভাপতি আছিল। তেওঁ
তেজপুৰৰ বাণ ৰংগমঞ্চৰ লগত ঘণিষ্ঠভাৱে জড়িত আছিল। কেইবাবছৰ ধৰি তেজপুৰ পৌৰসভাৰ
সভাপতি আছিল। অসম ব্যৱস্থাপক সভাৰ সভ্যও নির্বাচিত হৈছিল। তেওঁ বিভিন্ন সাহিত্যিক আৰু
সামাজিক অনুষ্ঠানৰ অধিবেশনত সভাপতিত্ব কৰিছিল। এইজনা সাহিত্যকৰ ১৯৪৬ চনৰ ৭ এপ্রিল
তাৰিখে পৰলোক প্রাপ্তি হয়।

কৃষ্ণকান্ত সন্দিকৈঃ

    ১৮৯৮ চনত যোৰহাটত জন্ম হয়। তেওঁ পিতৃ ৰাধাকান্ত সন্দিকৈ আৰু মাতৃ নাৰায়ণী সন্দিকৈৰ
প্রথম পুত্ৰ আছিল। ১৯১৩ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্রথম বিভাগত এণ্টে পৰীক্ষা
পাছ কৰি কটন কলেজত পঢ়ে। তাৰ পৰা প্রথম বিভাগত আই. এ. পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতালৈ
যায় আৰু তাৰ সংস্কৃত কলেজৰ পৰা ১৯১৭ চনত সংস্কৃতত প্রথম শ্রেণীৰ সন্মানসহ বি. এ. উপাধি
লয়। ১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰাই সংস্কৃতৰ বেদ গ্রুপত প্রথম শ্রেণীৰ প্রথম হৈ এম.
এ. পাছ কৰে। ইয়াৰ পিছত বিলাতলৈ গৈ অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা আধুনিক বুৰঞ্জী বিভাগত
সন্মানসহ ১৯২৩ চনত এম. এ. উপাধি লাভ কৰে। ১৯২৩-২৭ কালছোৱাত পেচি আৰু বার্লিন
বিশ্ববিদ্যালয়ত গ্রীক, লেটিন, ইটালিয়ান আদি ভাষা আয়ত্ত কৰে। ১৯৩০ চনত যোৰহাট জে.বি. কলেজ
প্রতিষ্ঠাৰ লগে লগে তাৰ প্ৰথম অবৈতনিক অধ্যক্ষ হয়। ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন
হোৱাত তাৰ প্ৰথম উপাচার্য নিযুক্ত হয় আৰু ১৯৫৭ চন পর্যন্ত এই পদত থাকে।


কৃষ্ণকান্ত সন্দিকৈ পণ্ডিত লোক আছিল। বিশেষকৈ সংস্কৃতত অগাধ পাণ্ডিত্য আছিল। তেওঁৰ প্রকাশিত ইংৰাজী গ্রন্থ তিনিখন - শ্রীহৰ্ষৰ নৈষধ চৰিতৰ ইংৰাজী অনুবাদ আৰু টীকা সম্বলিত । কালচাৰ' (১৯৪৯) আৰু মাৰাঠী লেখক প্রবৰসেনৰ প্রকৃত পুথি সেতুবন্ধনৰ ভাষ্য সেতুবন্ধন। ৱালটেয়াৰত বহা আন্তঃবিশ্ববিদ্যালয় সমিতিৰ সভাপতি আছিল। অসমীয়া সাহিত্যতো ৰাপ আছিল। স্কুলীয়া কালতে নকুল চন্দ্ৰ ভূঞা আদিৰ লগ হৈ হাতে-লিখা আলোচনী উলিয়াইছিল ৷ বাঁহী , মিলন , আৱাহন , চেতনা , আলোচনী আদি কাকতত প্ৰৱন্ধ -পাতি লিখিছিল ৷ কৃষ্ণ কান্ত সন্দিকৈৰ ৰচনা সম্ভাৰ' এইবোৰ সংগ্ৰহীত হৈছে ৷  আগবয়সত কেইটিমান গীত ৰচনা কৰিছিল। ১৯২৯ চনত তেওঁ অসম ছাত্র সন্মিলনৰ পৌৰোহিত্য কৰিছিল। অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনৰ সভাপতি আছিল (১৯৩৭)। ভাৰত চৰকাৰে ১৯৫৫ চনত পদ্মশ্ৰী আৰু ১৯৬৭ চনত পদ্মভূষণ উপাধিৰে বিভূষিত কৰিছিল। গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানিত ডি.লিট উপাধি প্রদান কৰিছিল।


তেওঁ জে. বি. কলেজৰ বিজ্ঞান শাখালৈ এঘাৰ হাজাৰ আৰু চন্দ্রকান্ত অভিধানৰ বাবে পঞ্চাশ হাজাৰ টকা দান কৰিছিল। মৃত্যুৰ আগে আগে নিজৰ ব্যক্তিগত পুথিভঁৰালটো গুৱাহাটী বিশ্ববিদ্যালয়লৈ
দান কৰি যায়।

পণ্ডিত প্ৰৱৰ ডম্বৰুধৰ দেওধাই ফুকনঃ 

        ১৯১২ চনৰ অক্টোবৰ মাহৰ এটি শুভক্ষণত তেতিয়াৰ চৰাইদেউ মহকুমাৰ অন্তৰ্গত খালৈঘোগুৰ
মৌজাৰ অন্তৰ্গত আখৈয়া দেওধাই গাঁৱৰ এটা মধ্যবিত্ত পৰিয়ালত ডম্বৰুধৰ দেওধাই ফুকনদেৱৰ জন্ম
 হয়। পিতা গংগাৰাম ফুকন আৰু মাতৃ চাদৈ যুকন। পিতা গংগাৰাম ফুকন এজন শিক্ষানুৰাগী ব্যক্তি
আছিল। তেওঁ প্ৰথমতে লাকুৱা নাহৰ হাবি চাহ বাগানৰ কেৰাণী হিচাপে চাকৰি কৰি শেষত গাঁৱৰ
গাঁওবুঢ়া হৈছিল। ডম্বকধৰ ফুকনদেৱে এম. ভি. স্কুলৰ পাছত অধিক আগ নাবাঢ়ি টাই ভাষা-সংস্কৃতিকে
খামোচ মাৰি একান্তভাৱে অধ্যয়ন কৰিবলৈ লয়। তেওঁ দদায়েক সৰুনাথ দেওধাই ফুকন আৰু নন্দনাথ
দেওধাই ফুকনৰ পৰা ঘৰতে টাই ভাষাৰ শিক্ষা গ্রহণ কৰিছিল। কম সময়ৰ ভিতৰতে টাই ভাষাত
বুৎপত্তি লাভ কৰিবলৈ সক্ষম হোৱা ফুকনদেৱে এজন টাই পণ্ডিত হিচাপে খিয়াতি লাভ কৰিছিল।
ঘৰতে থাকি খেতি-বাতিৰ লগতে টাই ভাষা চর্চা কৰি থকাৰ সময়তে অসম বুৰঞ্জী আৰু পুৰাত
বিভাগৰ মুৰব্বী ড” সূর্যকুমাৰ ভূঞাদেৱে ১৯৩১ চনত টাই ভাব বিশেষজ্ঞ হিচাপে টাই আহো
বুৰঞ্জী অনুবাদৰ বাবে গুৱাহাটীলৈ মাতি নিয়ে। অসম বুৰঞ্জী আৰু পুৰাতত্ব বিভাগত চাৰি বন্ধু
কাম কৰাৰ পাছত ১৯৩৫ চনত স্ব-ইচ্ছাই চাকৰি এৰি ঘৰলৈ ঘূৰি আহে। ফুকনদেৱৰ নেতৃত্বত ১৯৩৩
চনত পাটসাঁকোৰ ভেচেলী বিলৰ পাৰত অসম ভিত্তিত ফুৰালং সবাহ কৰা হয়। ১৯৬৩ চনত প্ৰানুৰাম
গগৈৰ নেতৃত্বত ‘বৌদ্ধ সংস্কৃতিত ফ্লালুং সংস্কৃতিৰ অন্যতম অৱদান’ শীর্ষক আলোচনা চক্ৰৰ বাৰে
বুদ্ধ গয়াত বিশ্ব বৌদ্ধ সংস্কৃতিৰ আলোচনা চক্ৰত যোগদান দিয়ে। টাই ভাষা-সংস্কৃতিৰ উদ্ধাৰৰ হকে
১৯৬৪ চনত তেওঁ কাঠ-বাঁহেৰে এটি বিদ্যালয় গৃহ নির্মাণ কৰি দিয়ে। এইখনেই হ’ল কেন্দ্রীয় টাই
একাডেমী, পাটসাঁকো। ১৯৭৫ চনত সদৌ অসম বৌদ্ধ ফ্লালুং সংঘ প্রতিষ্ঠা আৰু একে বছতে
ইয়াৰ কাৰ্যালয়ৰ নামত এবিঘা মাটি দান কৰে। ১৯৮১ চনত দিল্লীত বহা ‘প্রথম আন্তর্জাতিক টাই
শিক্ষা সন্মিলন'ত অংশ গ্রহণ কৰি ১৯-খন দেশৰ টাই পণ্ডিতসকলৰ লগত আহোম ভাষা সম্পৰ্কত
আলোচনাত মিলিত হৈছিল। এই অধিবেশনৰ পৰা ঘূৰি আহি ধেমাজীৰ প্রমোদ ভৱনত ১৯৮১ চনৰ
৮ এপ্রিলত পূর্বাঞ্চল টাই সাহিত্য সভা গঠন আৰু প্ৰতিষ্ঠাপক সভাপতিৰ দায়িত্ব গ্রহণ কৰে। ১৯৮৪
চনত বেংককত অনুষ্ঠিত দ্বিতীয় আন্তর্জাতিক টাই শিক্ষা সন্মিলনলৈ আমন্ত্রিত হৈ এমাহ কাল থাইলেণ্ডৰ
চয়াংমাই মহানগৰত থাকি টাই ভাষা-সংস্কৃতিৰ সাধনা কৰে। তেওঁৰ ওচৰলৈ আহি থাইলেণ্ড, ফ্রান্স,
অষ্ট্রেলিয়া, জার্মানী আদি বহু দেশৰ গৱেষকে তেওঁৰ ঘৰত আতিথ্য গ্রহণেৰে গৱেষণা কার্য চলাইছিল।
টাই আহোম ভাষা-সংস্কৃতি অধ্যয়ন কৰা এই গৱেষকসকল হ'ল- ড° বাঞ্চপ বন্ধুমেধা, খুন কাই শ্রী
নম্নান হেমিন্দা, ড° প্রমাহা মালিন্য, ড° বেন. জন তাৰুৱেল, ড° জাঁ বার্লি, অধ্যাপিকা ৰাণু বিছাচিন,
আচিফা পুণ্য মেধা আৰু অনেক নামী অনামী ভিক্ষু, মহাথেৰসকল।

       অসমৰ ইমূৰৰ পৰা সিমূৰলৈ টাই ভাষা-সংস্কৃতি বিকাশৰ হকে ঢপলিয়াই ফুৰা মলুং ডম্বৰু দেওধাই
কনদেৱৰ ডিব্ৰুগড় জিলাৰ লেঙেৰীত অনুষ্ঠিত পূর্বাঞ্চল টাই সাহিত্য সভাৰ দশম অধিৱেশনৰ পাছদিনা
৫-০২-৯৩ তাৰিখে আবেলি হৃদৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়ত পৰলোক-প্ৰাপ্তি
 ঘটে।

প্ৰশ্নাৱলীঃ 

১। আহোমসকল আদিতে কোন জাতিৰ লোকক আছিল ?

উত্তৰঃ টাই জাতিৰ ৷ 

২। আহোমসকলৰ আদি বাসস্থান ক'ত আছিল?

উত্তৰঃ আহোমসকলৰ  আদি বাসস্থান আছিল চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চল, বর্তমানৰ ইউনান প্রদেশৰ মুংমাও ৰাজ্যত।  

৩। আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ?

উত্তৰঃ ৬০০ বছৰ ৷

৪। আহোমসকলৰ আদি ভাষা কি আছিল?

উত্তৰঃ  টাই বা শ্যান ৷ 

৫| আহোমসকলৰ কেইটিমান উৎসৱৰ নাম লিখা।

উত্তৰঃ ‘ফী’ দেৱতা হিচাপে ‘মে-ডাম মে- ফী’, ‘মা’, ‘চাইফা’ , ‘ ৰিখন’, ‘জাচিংফা’, ‘লাইলুংখাম’ আদি উৎসৱ ৷ 

৬। চমুটোকা লিখাঃ

(ক) লাচিত বৰফুকন।
(খ) সতী জয়মতী
(গ) টেঙাই মহন
(ঘ) পণ্ডিত প্ৰৱৰ ডম্বৰুধৰ দেওধাই ফুকন
(ঙ) কৃষ্ণকান্ত সন্দিকৈ
(চ) পদ্মনাথ গোহাঞি বৰুৱা।

উত্তৰঃ 

(ক) লাচিত বৰফুকনঃ

অসমৰ ইতিহাসত দেশপ্রেমিক বীৰ বুলি ক'লে বিশেষভাৱে লাচিত বৰফুকনৰ নামেই লোৱা হয়। ঐতিহাসিক আহোম-মোগলৰ শৰাইঘাট যুদ্ধৰ মূল নেতৃত্ব ল'ব লগা হৈছিল লাচিত বৰফুকনে। মোগলৰ বিৰুদ্ধে লাচিত বৰফুকনৰ যুদ্ধ পৰিচালনাৰ কাহিনীত যি জাতীয় দায়বদ্ধতা, নিয়মানুবর্তিতা আৰু একমুখী কার্যপন্থাৰ উদাহৰণ পোৱা যায়, অসমৰ ইতিহাসত তেনে আন উদাহৰণ সততে পোৱা নাযায়। এইগৰাকী লাচিত বৰফুকনৰ।
হয় ১৬১২ খ্রীষ্টাব্দত। দিন বাৰ আৰু স্থান সম্পর্কে সঠিকভাৱে জনা নহ'লেও গড়গাঁৱৰ ওচৰে-পাজৰে বুলি অনুমান কৰা হয়। তেওঁৰ দেউতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। কনিষ্ঠ সন্তান লাচিতৰ তিনিজন ককায়েক আছিল। তেওঁলোক হ'ল—লালুকসোলা, মৰংগী আৰু ভাৰধৰা। সৰুৰে পৰা লাচিত আছিল বৰ সাহসী। সততা আৰু স্পষ্টবাদিতা তেওঁৰ আন এক বৈশিষ্ট্য। দেউতাক মোমাই তামুলীয়ে নিজৰ সন্তানক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিবলৈ সদায়েই চেষ্টা কৰিছিল। সৰুৰে পৰা দেউতাকৰ কাম-কাজ লাচিতে প্রত্যক্ষ কৰাৰ সুবিধা পাইছিল। বৰবৰুৱা হিচাপে স্বৰ্গদেউৰ বৰচ’ৰা, ন্যায়ালয় আদিত দেউতাকৰ কাম কাজ, বিভিন্ন ডা-ডাঙৰীয়া আৰু বিষয়াৰ সৈতে হোৱা আলোচনাবোৰৰ লাচিতে প্রত্যক্ষ কৰিব পাৰিছিল। মুঠ কথাত দেউতাকৰ ৰাজকার্যাৱলীক নিৰীক্ষণ কৰি লাচিতে বহু কথাই শিকাৰ সুবিধা পাইছিল।

(খ) সতী জয়মতীঃ

সতী জয়মতী কুঁৱৰীৰ সময়ত আহোম ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি অতি জটিল আছিল। মন্ত্রী লালুক বিনয় সোলা তেতিয়া অসমৰ উঠি ৰজা বহিৰজা হৈছিল। অন্যান্য প্রাপ্তবয়স্ক উপযুক্ত কোঁৱৰ থকা সত্ত্বেও লালুক মাজট সোলাই চৌধ্যবছৰীয়া চামগুৰীয়া ফৈদৰ সৰু গোহাঞিক আনি ১৬৭৯ চনৰ কাতি মাহত অসমৰ ৰজা পাতিলে। আহোম মতে ছু- লিফা আৰু হিন্দু মতে নাম দিলে ৰত্নধ্বজ সিংহ। বয়সত ল’ৰা দেখি প্রজাৰ মাজত ল’ৰা- গদা- ৰজা নামটোহে খ্যাত হল।
সতী জয়মতীৰ জ্যেষ্ঠ পুত্র স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃদেৱীৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে জেৰেঙা
পথাৰত ১৬৯৭ চনত সাগৰ-সদৃশ বৃহৎ পুখুৰী এটা খন্দালে আৰু নাম দিলে জয়সাগৰ। ইয়াৰ পাঁচ বছৰৰ
পাছতে ৰুদ্ৰসিংহ স্বৰ্গদেৱে মাতৃ জয়মতীৰ তেজেৰে পবিত্ৰ কৰি থৈ যোৱা জেৰেঙা পথাৰলৈকে ৰাজধানী
গড়গাঁৱৰ পৰা তুলি আনিলে। নাম দিলে ৰংপুৰ। তদুপৰি স্বৰ্গদেৱে পুৰণি আলি আৰু বৰ আলিৰ মাজত মাতৃৰ মৈদাম নির্মাণ কৰিলে। এই পবিত্র মৈদামে এতিয়াও সতী জয়মতীৰ স্মৃতি সজীৱ কৰি ৰাখিছে।

(গ) টেঙাই মহনঃ

পণ্ডিত টেঙাই মহন ইংৰাজী ১৭১৫ চনত চৰাইদেউত মহুং-মাইচেউ পৰিয়ালৰ তকম্বৰিৰ ঘৰত
জন্ম গ্রহণ কৰিছিল। তিনিজন ককায়েক-ভায়েকৰ ভিতৰত টেঙাই আছিল সৰু।

  আহোম ৰাজত্বৰ শেষৰ ফালে সচেতন আৰু বুদ্ধিজীৱী আহোমসকল এক মহা সংকটত পৰিছিল।
কাৰণটো হ'ল- আহোম দৰবাৰত বিভিন্ন কাৰণত আহোম ভাষাৰ পৰিৱর্তে অসমীয়া ভাষাই লাহে
লাহে প্ৰসাৰ লাভ কৰিছিল। আনহাতে আহোম ভাষাই ক্রমান্বয়ে অৱহেলিত হোৱাৰ লগতে দৈনন্দিন
কথা-বতৰৰ পৰা আঁতৰি যাবলৈ ধৰিলে। এনে স্থলত সচেতন-বুদ্ধিজীৱী আহোমসকলে চিন্তিত হৈ
পৰিল এইবুলি যে এসময়ত আহোম ভাষাটো একেবাৰে লুপ্ত হৈ যায়, তেতিয়া অসমৰ এটা জীয়া
সভ্যতা অসমৰ ইতিহাসৰ পৰা নিঃশেষ হৈ যাব। কাৰণ আহোমসকল অসমলৈ আহোঁতেই সাহিত্য,
বুৰঞ্জী, ধর্ম, নৈতিকতা, জ্যোতিষ, দর্শন আদি বিষয়ৰ অনেক পুথি-পাজি লগত লৈ আহিছিল। তদুপৰি
পাছৰ আহোম ৰাজত্ব কালতো বিভিন্ন বিষয়ৰ অনেক গ্রন্থ ৰচনা হৈছিল। যিবিলাক এটা সময়লৈকে নাম
কেৱল আহোম ভাষাতে ৰচনা কৰা হৈছিল। আহোম সভ্যতা-সংস্কৃতিৰ সকলো কথা এই পুথি-পাঁজিবোৰতেই লিপিবদ্ধ হৈ পৰিছিল। ভৱিষ্যত প্রজন্মই যাতে আহোম ভাষাটো শিকিব পাৰে তাৰ
বাবে তেওঁ এখন আহোম অভিধান প্রণয়নৰ কাম হাতত লয়। কাৰণ ভাষাটো জীয়াই ৰাখিবলৈ।
প্রথমে ধৰি ৰাখিব লাগিব ভাষাটোৰ শব্দবোৰ। আনহাতে ভাষা-বর্ণ নির্বিশেষে সকলোৱে যাতে হা
ভাষাটো শিকিব পাৰে সেই উদ্দেশ্যে তেওঁ এই কাম হাতত লয়। ১৭৭৫ চনত, গৌৰীনাথ সিংহৰ না
ৰাজত্বৰ শেষৰ ফালে তেওঁ বৰ কাকত হু মুং পুথি’ নামৰ এখন অভিধান পুথি ৰচনা কৰে। সাঁচি
পাতত লিখা এই পুথিখনত ৪২-খিলা পাত আছিল। ইয়াৰ জোখ আছিল ৪০x১০ ছেমি.। প্রতি
পৃষ্ঠাত ৮-৯ টাকৈ শাৰী আছে। ইয়াত প্রতিটো আহোম শব্দৰ বিপৰীতে সম্ভাব্য সকলো অসমীয়া
অর্থ সন্নিবিষ্ট আছে। প্রতিটো শব্দৰ বিপৰীতে ‘চাম বা’ শব্দটো দিয়া হৈছে। ইয়াৰ অৰ্থ হ'ল ‘বোলে।
উদাহৰণ স্বৰূপে কা চাম বা কাউৰীক’ (কাউৰীক কা বোলে)। ‘কা চাম বা যাবৰ’ (যোৱাক কা। G
বোলে), ‘খা চাম বা খেৰক’ (খেৰক খা বোলে) আদি। এনেকৈ শব্দবোৰ সন্নিবিষ্ট কৰিছে। অসমীয়া
শব্দবোৰৰ শেষত ক আৰু ৰ বৰ্ণ ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ কাৰণ হ'ল- ‘ক’ বর্ণ দিয়াবিলাক
বিশেষ্য আৰু ৰ’ বর্ণ দিয়া বিলাক ক্রিয়া।


১৯১২ চনত কোঁচ বিহাৰৰ কৈলাশ চন্দ্র সেন নামৰ ব্যক্তি এজনৰ পৰা হেমচন্দ্র গোস্বামীদেৱে
টেঙাই মহনে লিখা ‘বৰ কাকত হু-মুং’ পুথিখন উদ্ধাৰ কৰি বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত জমা
দিয়ে। প্রকাশৰ উদ্দেশ্যে ১৯৩২ চনত নন্দনাথ ফুকনদেৱে এই পুথিখনৰ সম্পাদনাৰ কাম হাতত
লয়। টেঙাই মহনে লিখি থৈ যোৱা বৰ কাকত হু-মুং’ পুথিখনৰ সম্পাদিত ৰূপটোৱেই হ'ল অসম
বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ দ্বাৰা ১৯৬৪ চনত প্ৰকাশ কৰা আহোম লেকচিকন বৰ অন্ত্র খণ্ডটো।


‘বৰ কাকত হু-মুং’-অৰ উপৰিও লিপিবদ্ধ কৰা দুকুৰিৰো অধিক পুথি পোৱা গৈছে। টেঙাই মহনেই
হ’ল অসমৰ প্রথম অভিধান প্রণেতা। তেখেতক আহোম ভাষাৰ পুথিৰ ভাঙনিৰ বাবে ইংৰাজ চাহারে
বিলাতলৈ লৈ গৈছিল বুলি জনা যায়। এই মহান অভিধানিকজনৰ ১৮২৩ চনত ডিব্ৰুগড় জিলাৰ
খুৱাঙত মৃত্যু হয়।

(ঘ) পণ্ডিত প্ৰৱৰ ডম্বৰুধৰ দেওধাই ফুকনঃ 

        ১৯১২ চনৰ অক্টোবৰ মাহৰ এটি শুভক্ষণত তেতিয়াৰ চৰাইদেউ মহকুমাৰ অন্তৰ্গত খালৈঘোগুৰ
মৌজাৰ অন্তৰ্গত আখৈয়া দেওধাই গাঁৱৰ এটা মধ্যবিত্ত পৰিয়ালত ডম্বৰুধৰ দেওধাই ফুকনদেৱৰ জন্ম
 হয়। পিতা গংগাৰাম ফুকন আৰু মাতৃ চাদৈ যুকন। পিতা গংগাৰাম ফুকন এজন শিক্ষানুৰাগী ব্যক্তি
আছিল। তেওঁ প্ৰথমতে লাকুৱা নাহৰ হাবি চাহ বাগানৰ কেৰাণী হিচাপে চাকৰি কৰি শেষত গাঁৱৰ
গাঁওবুঢ়া হৈছিল। ডম্বকধৰ ফুকনদেৱে এম. ভি. স্কুলৰ পাছত অধিক আগ নাবাঢ়ি টাই ভাষা-সংস্কৃতিকে
খামোচ মাৰি একান্তভাৱে অধ্যয়ন কৰিবলৈ লয়। তেওঁ দদায়েক সৰুনাথ দেওধাই ফুকন আৰু নন্দনাথ
দেওধাই ফুকনৰ পৰা ঘৰতে টাই ভাষাৰ শিক্ষা গ্রহণ কৰিছিল। কম সময়ৰ ভিতৰতে টাই ভাষাত
বুৎপত্তি লাভ কৰিবলৈ সক্ষম হোৱা ফুকনদেৱে এজন টাই পণ্ডিত হিচাপে খিয়াতি লাভ কৰিছিল।
ঘৰতে থাকি খেতি-বাতিৰ লগতে টাই ভাষা চর্চ কৰি থকাৰ সময়তে অসম বুৰঞ্জী আৰু পুৰাত
বিভাগৰ মুৰব্বী ড” সূর্যকুমাৰ ভূঞাদেৱে ১৯৩১ চনত টাই ভাব বিশেষজ্ঞ হিচাপে টাই আহো
বুৰঞ্জী অনুবাদৰ বাবে গুৱাহাটীলৈ মাতি নিয়ে। অসম বুৰঞ্জী আৰু পুৰাতত্ব বিভাগত চাৰি বন্ধু
কাম কৰাৰ পাছত ১৯৩৫ চনত স্ব-ইচ্ছাই চাকৰি এৰি ঘৰলৈ ঘূৰি আহে। ফুকনদেৱৰ নেতৃত্বত ১৯৩৩
চনত পাটসাঁকোৰ ভেচেলী বিলৰ পাৰত অসম ভিত্তিত ফুৰালং সবাহ কৰা হয়। ১৯৬৩ চনত প্ৰানুৰাম
গগৈৰ নেতৃত্বত ‘বৌদ্ধ সংস্কৃতিত ফ্লালুং সংস্কৃতিৰ অন্যতম অৱদান’ শীর্ষক আলোচনা চক্ৰৰ বাৰে
বুদ্ধ গয়াত বিশ্ব বৌদ্ধ সংস্কৃতিৰ আলোচনা চক্ৰত যোগদান দিয়ে। টাই ভাষা-সংস্কৃতিৰ উদ্ধাৰৰ হকে
১৯৬৪ চনত তেওঁ কাঠ-বাঁহেৰে এটি বিদ্যালয় গৃহ নির্মাণ কৰি দিয়ে। এইখনেই হ’ল কেন্দ্রীয় টাই
একাডেমী, পাটসাঁকো। ১৯৭৫ চনত সদৌ অসম বৌদ্ধ ফ্লালুং সংঘ প্রতিষ্ঠা আৰু একে বছতে
ইয়াৰ কাৰ্যালয়ৰ নামত এবিঘা মাটি দান কৰে। ১৯৮১ চনত দিল্লীত বহা ‘প্রথম আন্তর্জাতিক টাই
শিক্ষা সন্মিলন'ত অংশ গ্রহণ কৰি ১৯-খন দেশৰ টাই পণ্ডিতসকলৰ লগত আহোম ভাষা সম্পৰ্কত
আলোচনাত মিলিত হৈছিল। এই অধিবেশনৰ পৰা ঘূৰি আহি ধেমাজীৰ প্রমোদ ভৱনত ১৯৮১ চনৰ
৮ এপ্রিলত পূর্বাঞ্চল টাই সাহিত্য সভা গঠন আৰু প্ৰতিষ্ঠাপক সভাপতিৰ দায়িত্ব গ্রহণ কৰে। ১৯৮৪
নত বেংককত অনুষ্ঠিত দ্বিতীয় আন্তর্জাতিক টাই শিক্ষা সন্মিলনলৈ আমন্ত্রিত হৈ এমাহ কাল থাইলেণ্ডৰ
চয়াংমাই মহানগৰত থাকি টাই ভাষা-সংস্কৃতিৰ সাধনা কৰে। তেওঁৰ ওচৰলৈ আহি থাইলেণ্ড, ফ্রান্স,
অষ্ট্রেলিয়া, জার্মানী আদি বহু দেশৰ গৱেষকে তেওঁৰ ঘৰত আতিথ্য গ্রহণেৰে গৱেষণা কার্য চলাইছিল।
টাই আহোম ভাষা-সংস্কৃতি অধ্যয়ন কৰা এই গৱেষকসকল হ'ল- ড° বাঞ্চপ বন্ধুমেধা, খুন কাই শ্রী
নম্নান হেমিন্দা, ড° প্রমাহা মালিন্য, ড° বেন. জন তাৰুৱেল, ড° জাঁ বার্লি, অধ্যাপিকা ৰাণু বিছাচিন,
আচিফা পুণ্য মেধা আৰু অনেক নামী অনামী ভিক্ষু, মহাথেৰসকল।

       অসমৰ ইমূৰৰ পৰা সিমূৰলৈ টাই ভাষা-সংস্কৃতি বিকাশৰ হকে ঢপলিয়াই ফুৰা মলুং ডম্বৰু দেওধাই
কনদেৱৰ ডিব্ৰুগড় জিলাৰ লেঙেৰীত অনুষ্ঠিত পূর্বাঞ্চল টাই সাহিত্য সভাৰ দশম অধিৱেশনৰ পাছদিনা
৫-০২-৯৩ তাৰিখে আবেলি হৃদৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়ত পৰলোক-প্ৰাপ্তি
 ঘটে।

(ঙ)কৃষ্ণকান্ত সন্দিকৈঃ

    ১৮৯৮ চনত যোৰহাটত জন্ম হয়। তেওঁ পিতৃ ৰাধাকান্ত সন্দিকৈ আৰু মাতৃ নাৰায়ণী সন্দিকৈৰ
প্রথম পুত্ৰ আছিল। ১৯১৩ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্রথম বিভাগত এণ্টে পৰীক্ষা
পাছ কৰি কটন কলেজত পঢ়ে। তাৰ পৰা প্রথম বিভাগত আই. এ. পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতালৈ
যায় আৰু তাৰ সংস্কৃত কলেজৰ পৰা ১৯১৭ চনত সংস্কৃতত প্রথম শ্রেণীৰ সন্মানসহ বি. এ. উপাধি
লয়। ১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰাই সংস্কৃতৰ বেদ গ্রুপত প্রথম শ্রেণীৰ প্রথম হৈ এম.
এ. পাছ কৰে। ইয়াৰ পিছত বিলাতলৈ গৈ অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা আধুনিক বুৰঞ্জী বিভাগত
সন্মানসহ ১৯২৩ চনত এম. এ. উপাধি লাভ কৰে। ১৯২৩-২৭ কালছোৱাত পেচি আৰু বার্লিন
বিশ্ববিদ্যালয়ত গ্রীক, লেটিন, ইটালিয়ান আদি ভাষা আয়ত্ত কৰে। ১৯৩০ চনত যোৰহাট জে.বি. কলেজ
প্রতিষ্ঠাৰ লগে লগে তাৰ প্ৰথম অবৈতনিক অধ্যক্ষ হয়। ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন
হোৱাত তাৰ প্ৰথম উপাচার্য নিযুক্ত হয় আৰু ১৯৫৭ চন পর্যন্ত এই পদত থাকে।


কৃষ্ণকান্ত সন্দিকৈ পণ্ডিত লোক আছিল। বিশেষকৈ সংস্কৃতত অগাধ পাণ্ডিত্য আছিল। তেওঁৰ প্রকাশিত ইংৰাজী গ্রন্থ তিনিখন - শ্রীহৰ্ষৰ নৈষধ চৰিতৰ ইংৰাজী অনুবাদ আৰু টীকা সম্বলিত । কালচাৰ' (১৯৪৯) আৰু মাৰাঠী লেখক প্রবৰসেনৰ প্রকৃত পুথি সেতুবন্ধনৰ ভাষ্য সেতুবন্ধন। ৱালটেয়াৰত বহা আন্তঃবিশ্ববিদ্যালয় সমিতিৰ সভাপতি আছিল। অসমীয়া সাহিত্যতো ৰাপ আছিল। স্কুলীয়া কালতে নকুল চন্দ্ৰ ভূঞা আদিৰ লগ হৈ হাতে-লিখা আলোচনী উলিয়াইছিল ৷ বাঁহী , মিলন , আৱাহন , চেতনা , আলোচনী আদি কাকতত প্ৰৱন্ধ -পাতি লিখিছিল ৷ কৃষ্ণ কান্ত সন্দিকৈৰ ৰচনা সম্ভাৰ' এইবোৰ সংগ্ৰহীত হৈছে ৷  আগবয়সত কেইটিমান গীত ৰচনা কৰিছিল। ১৯২৯ চনত তেওঁ অসম ছাত্র সন্মিলনৰ পৌৰোহিত্য কৰিছিল। অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনৰ সভাপতি আছিল (১৯৩৭)। ভাৰত চৰকাৰে ১৯৫৫ চনত পদ্মশ্ৰী আৰু ১৯৬৭ চনত পদ্মভূষণ উপাধিৰে বিভূষিত কৰিছিল। গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানিত ডি.লিট উপাধি প্রদান কৰিছিল।


তেওঁ জে. বি. কলেজৰ বিজ্ঞান শাখালৈ এঘাৰ হাজাৰ আৰু চন্দ্রকান্ত অভিধানৰ বাবে পঞ্চাশ হাজাৰ টকা দান কৰিছিল। মৃত্যুৰ আগে আগে নিজৰ ব্যক্তিগত পুথিভঁৰালটো গুৱাহাটী বিশ্ববিদ্যালয়লৈ
দান কৰি যায়।

(চ)পদ্মনাথ গোহাঞি বৰুৱাঃ

অসমৰ এজন স্বনামধন্য সাহিত্যিক পদ্মনাথ গোহাঞি বৰুৱাদেৱৰ জন্ম হয় ১৮৭১ চনৰ ২৪
অক্টোবৰত উত্তৰ লক্ষীমপুৰৰ নকৰি গাঁৱত। তেওঁৰ দেউতাকৰ নাম আছিল ঘিণাৰাম আৰু মাকৰ।
নাম লক্ষ্মীদেৱী। তেওঁ উত্তৰ লক্ষীমপুৰৰ পৰা ছাত্রবৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈ শিৱসাগৰ হাইস্কুলত
নাম লগায় যদিও পাছত কহিমা হাইস্কুলৰ পৰা ১৮৯০ চনত এণ্টে পৰীক্ষাত উত্তীর্ণ হয়। উচ্চ
শিক্ষাৰ বাবে তেওঁ কলিকতালৈ যায় আৰু এফ. এ. আৰু আইন পঢ়ে। তেওঁ প্রথমে কহিমা মধ্য
ইংৰাজী বিদ্যালয়ত প্রধান শিক্ষক হিচাপে যোগদান কৰে আৰু পাছত যোৰহাটত কিছুকাল শিক্ষকতা
কৰি ১৮৯৩ চনত তেজপুৰ নর্মাল স্কুললৈ আহে আৰু তাতে স্থায়ীভাৱে বাস কৰে।


পদ্মনাথ গোহাঞি বৰুৱাদেৱৰ কবিতা, নাটক, উপন্যাস আদি সাহিত্যৰ প্রায় সকলো বিভাগত
হাত আছিল। তেওঁৰ বিখ্যাত কবিতা পুথিসমূহ হ'ল। ‘জুৰণি’, ‘লীলা’, ‘ফুলৰ চানেকী। বুৰঞ্জীমূলক
নাটকসমূহ হ'ল ‘জয়মতী’, ‘গদাধৰ’, ‘সাধনা’, ‘লাচিত বৰফুকন’, ‘বাণৰজা। প্রহসন নাটসমূহ হল—
‘গাওঁবুঢ়া’, ‘টেটোন তামুলী’, ‘ভূত নে ভ্রম’। উপন্যাসসমূহ হ'ল – ভানুমতী’, ‘লাহৰী'। আত্মজীৱনী—
মোৰ সোঁৱৰণী’, সংগ্রহ – ‘সাহিত্য সংগ্রহ’, ‘জীৱনী সংগ্রহ। ধর্মমূলক গ্রন্থ - ‘শ্রীকৃষ্ণ’, ‘গীতাসাৰ।
ইয়াৰ উপৰিও তেওঁ ভূগাল দর্পন, নীতিশিক্ষা, শিক্ষাবিধান আদি অনেক পাঠ্যপুথি ৰচনা কৰিছিল।
তেওঁ সম্পাদনা কৰা আলোচনীসমূহ হ’ল ‘ বিজুলী’, ‘আসাম বন্তি আৰু উষা”।


    তেওঁ শিৱসাগৰত বহা অসম সাহিত্য সভাৰ প্রথম অধিৱেশনৰ (১৯১৭) সভাপতি আছিল। তেওঁ
তেজপুৰৰ বাণ ৰংগমঞ্চৰ লগত ঘণিষ্ঠভাৱে জড়িত আছিল। কেইবাবছৰ ধৰি তেজপুৰ পৌৰসভাৰ
সভাপতি আছিল। অসম ব্যৱস্থাপক সভাৰ সভ্যও নির্বাচিত হৈছিল। তেওঁ বিভিন্ন সাহিত্যিক আৰু
সামাজিক অনুষ্ঠানৰ অধিবেশনত সভাপতিত্ব কৰিছিল। এইজনা সাহিত্যকৰ ১৯৪৬ চনৰ ৭ এপ্রিল
তাৰিখে পৰলোক প্রাপ্তি হয়।











Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)