ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

Online Essay Competition, school nutrition garden and its impact on nutrition [বিদ্যালয় পৰিপুষ্টি বাগিছা আৰু পৰিপুষ্টিত ইয়াৰ প্ৰভাৱ -অনলাইন ৰচনা প্ৰতিযোগিতা (ক-শাখা)]

Admin
0

বিঃদ্ৰঃ ছাত্ৰ-ছাত্ৰীসকলে  এই লেখাটোৰ সহায় লৈ নিজেই লিখিলে বেছি ভাল হয় ৷ 
পৰিচয়ঃ 
        বিদ্যালয় পৰিপুষ্টি জনাৰ আগতে বিদ্যালয়ৰ শাক-পাচলিৰ বাৰীৰ লগতে মধ্যাহ্ন ভোজন আঁচনিখনৰ বিষয়ে জানিব লাগিব ৷ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ থকা সকলো বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীসকক মধ্যাহ্ণ ভোজনৰ সুবিধা দিয়ে ৷ ২০০৫ চনৰ জানুৱাৰী মাহৰ পৰা মধ্যাহ্ন ভোজন আঁচনিখন অসমত ৰুপায়নৰ ব্যৱস্থা কৰা হৈছিল।ইয়াৰ জৰিয়তে সাৰ্বজনীন ৰূপত বিদ্যালয়ত নামভৰ্তি, নিয়মীয়া উপস্থিতি তথা মানৰ উন্নয়নৰ লক্ষ্যলৈ আগবাঢ়িব পৰা যাব বুলি নিশ্চয় আশা কৰিব পাৰি। ২০১৪ চনৰ ১ জানুৱাৰীৰ পৰা অসম চৰকাৰে মধ্যাহ্ন ভোজন আঁচনি ৰূপায়ণৰ দায়িত্ব প্ৰাথমিক শিক্ষা, অসমৰ সঞ্চালকৰ পৰা সৰ্ব শিক্ষা অভিযানলৈ হস্তান্তৰিত কৰিছে। ২০১৪ চনৰ পহিলা জানুৱাৰীৰ পৰা সেয়ে আঁচনিখন সম্পূৰ্ণ ৰূপে সৰ্ব শিক্ষা অভিযানৰ প্ৰত্যক্ষ তদাৰকীত পৰিচালিত হৈ আহিছে। মধ্যাহ্ন ভোজনৰ বাবে প্ৰয়োজন হোৱা দাইল, শাক-পাচলি, তেল, মা-মছলা, ইন্ধন আৰু ৰান্ধনীৰ মাননি আদিৰ জোৰা মাৰিব পৰাকৈ বিদ্য়ালয় খোলা থকা প্ৰতি দিনৰ বাবদ প্ৰতিটো শিশুৰ বিপৰীতে ১  টকাকৈ কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা পুঁজি আবণ্টনৰ ব্যৱস্থা কৰা হয়। 

বিদ্যালয় পৰিপুষ্টি বাগিছাঃ

         যি কি নহওক এই মধ্যাহ্ণ ভোজনৰ এক সহায়ক হিচাপে বিদ্যালয়ৰ নিজৰ চৌহদৰ সৰু বাৰীত বিভিন্ন বতৰত উৎপাদন হোৱা শাক-পাচলি ৰুব পৰা যায় ৷ এইদৰে উৎপাদন কৰা শাক-পাচলিবোৰ ছাত্ৰ-ছাত্ৰীসকলৰ মধ্যাহ্ন ভোজনৰ বাবে ব্যৱহাৰ কৰিব পাৰি । ফলত তেওঁলোকে জৈৱিক পদ্ধতিৰে উৎপাদিত শাক-পাচলি খাবলৈ পায়। আৰু জৈৱিক পদ্ধতিৰে কৰা শাক-পাচলিবোৰে ছাত্ৰ-ছাত্ৰীসকলক এক যথেষ্ট পৰিমানৰ পৰিপুষ্টি যোগায় ৷ এনেধৰণে বিদ্যালয়ত পতা শাক-পাচলিৰ বাৰীকে আমি বিদ্যালয়ৰ পৰিপুষ্টি বাগিছা বুলি কব পাৰিম ৷ এই বাগিছা বিভিন্ন বতৰত উৎপাদন হোৱা শাক-পাচলি যেনে কবি,মূলা, গাজৰ ,আলু , লাইশাক ইত্যাদি ধৰণৰ বাৰী পাতি সেই উৎপাদিত শাক-পাচলিক মধ্যাহ্ন ভোজনত ব্যৱহাৰ কৰিব পাৰি ৷ 

অনলাইন ৰচনা প্ৰতিযোগিতা -ক শাখা
বিদ্যালয় পৰিপুষ্টি বাগিছা আৰু পৰিপুষ্টিত ইয়াৰ প্ৰভাৱ 


         
উৎকৃষ্ট আৰ্হিঃ

           নাগালেণ্ডৰ এখন বিদ্যালয়ে বহুতৰ দৃষ্টি কাঢ়িছে  ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলক শাক-পাচলিৰ খেতিত জড়িত কৰি। ক’হিমাৰ ৱিস্বেমা নামৰ ঠাইত থকা কে খেল চৰকাৰী মাধ্যমিক বিদ্যালয়খনৰ চৌহদত ২০১১ চনৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলে শাক-পাচলিৰ খেতি কৰি আহিছে। প্ৰায় ৬০জন ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনে এইদৰে উৎপাদন কৰা শাক-পাচলিবোৰ ছাত্ৰ-ছাত্ৰীসকলৰ মধ্যাহ্ন ভোজনৰ বাবে ব্যৱহাৰ কৰে। ফলত তেওঁলোকে জৈৱিক পদ্ধতিৰে উৎপাদিত শাক-পাচলি খাবলৈ পায়। এন ডি টি ভিৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ব্যতিক্ৰমী বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী কেনেইছেনু ভিটছুৱে কয়, “খেতি কৰা আৰু বাগিচা পতাটো আমাৰ পাঠ্যক্ৰমৰ এটা অবিচ্ছেদ্য অংগ। আমি জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক শিকাইছো, যাতে তেওঁলোকে কৃষি পদ্ধতি আৰু কৌশলবোৰ জানিব পাৰে। আমি মাহত এটা দিন বাগিচা পালন আৰু কৃষিকাৰ্য্যৰ বাবে ৰাখো”। জানিব পৰামতে, শিক্ষক-শিক্ষয়িত্ৰীৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকলে নেমু, নহৰু, আলু, কবি, পিঁয়াজ, ৰঙালাও আৰু ডালিমৰ খেতি কৰে। ইয়াৰোপৰি নগা দাইলৰ দৰে কিছুমান থলুৱাভাৱে প্ৰাপ্ত শস্যৰো খেতি কৰা হয়। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ থকা বিদ্যালয়খনে প্ৰতি বছৰে এটুকুৰা মাটি বাছি লয় আৰু তাক পৰিষ্কাৰ কৰি খেতি লগায় ৷ 

তেওঁলোকক পাকঘৰৰ পেলনীয়া সামগ্ৰী আৰু উঘালি পেলোৱা বন-বাতৰ পৰা জৈৱ সাৰ প্ৰস্তুত কৰিবলৈও শিকোৱা হয়। পানী দিয়া, বন নিৰোৱা, জেওৰা দিয়া আদি কামবোৰো ছাত্ৰ-ছাত্ৰীসকলক নিজে কৰিবলৈ দি তেওঁলোকৰ অভিজ্ঞতা সমৃদ্ধ কৰা হয়।

পৰিপুষ্টিত ইয়াৰ প্ৰভাৱঃ

      উল্লেখিত আৰ্হিয়ে বিভিন্ন বিদ্যালয়ক বহুত অনুপ্ৰেৰণা দিছে আৰু ইয়াৰ আৰ্হি লৈ বহু বিদ্যালয়ে নিজৰ পৰিপুষ্টিৰ বাগিছা বনাইছে যাতে সেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে উৎকৃষ্ট শাক-পাচলি খাবলৈ পায় আৰু পৰিপুষ্টি আহৰণ কৰে ৷ শিশুকালত যিবোৰ খাদ্যৰ উপাদান শিশুৰ বাবে প্ৰয়োজন হয় সেই সকলোবোৰ উপাদান এই পৰিপুষ্টি বাগিছাৰদ্বাৰা আহৰণ কৰিব পাৰি ৷ সেইবাবে আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে সৰুকৈ হলেও শাক-পাচলিৰ বাৰীখন পতা উচিত ৷ আৰু সেই বাৰীত উৎকৃষ্ট মানৰ শাক-পাচলি জৈৱিক সাৰৰ সহায়েৰে উৎপাদন কৰিব পাৰি ৷ 

সামৰণিঃ

     বিদ্যালয় পৰিপুষ্টি বাগিছাৰ জৰিয়তে  সমাজৰ উপেক্ষিত শ্ৰেণীৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ অহাৰ বাবে উৎসাহিত কৰাৰ লগতে শ্ৰেণীকোঠাৰ কাৰ্যক্ৰমত মনোনিবেশ কৰাৰ বাবে অনুপ্ৰাণিত কৰিব পাৰি । খৰাংপীড়িত অঞ্চলৰ প্ৰাথমিক বিদ্যালয় পৰ্যায়ৰ শিশুসকললৈ গৰম বন্ধকালীন সময়চোৱাতো পুষ্টি সহযোগিতা আগবঢ়োৱাৰ লগতে ইয়াৰ জৰিয়তে বিদ্যালয়লৈ যোৱাৰ মানসিকতা গঢ়ি তুলিব পাৰি ৷ 

     
 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)