ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

Kacharor Jonogusthihokol - Boisitramai Axom - Class IX [ কাছাৰৰ জনগােষ্ঠীসকল( ড° অমলেন্দু ভট্ৰাচাৰ্য্য )- বৈচিত্ৰ্য়ময় অসম -নৱম শ্ৰেণী ]

Admin
0
             কাছাৰৰ জনগােষ্ঠীসকল( ড° অমলেন্দু ভট্ৰাচাৰ্য্য )

অসমৰ দক্ষিণ প্রান্তৰ তিনিখন জিলাৰ নাম—কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ। এই জিলা তিনিখনৰ
মাজেদি প্রবাহিত নৈখনৰ নাম বৰাক। এই নৈখনৰ নামৰ লগত সঙ্গতি ৰাখি জিলা তিনিখনক একেলগে বৰাক উপত্যকা বুলি কোৱা হয়।

Kacharor Jonogusthihokol - Boisitramai Axom - Class IX [ কাছাৰৰ জনগােষ্ঠীসকল( ড° অমলেন্দু ভট্ৰাচাৰ্য্য )- বৈচিত্ৰ্য়ময় অসম -নৱম শ্ৰেণী ]
বৈচিত্ৰ্যময় অসম



 বৰাক উপত্যকাত বিভিন্ন জাতি আৰু উপজাতি বা নানা গােষ্ঠীৰ মানুহ বসবাস কৰি আছে। সামাজিক-
অর্থনৈতিক ৰাজনৈতিক ক্ষেত্ৰত নানা সময়ত সংঘটিত ঘটনাপ্রৱাহৰ ফলত ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা মানুহ বৰাক উপত্যকাত আহি বসতি স্থাপন কৰিছে। প্ৰতিটো গােষ্ঠীৰ মানুহে নিজা ভাষা-সংস্কৃতি চর্চা অব্যাহত ৰাখিছে। বেলেগ বেলেগ ভাষা আৰু সংস্কৃতিৰ মানুহৰ সহাবস্থানৰ কাৰণে নৃতত্ত্ববিদসকলে বৰাক উপত্যকাক Anthropological garden অর্থাৎ নৃতত্ত্বৰ বাগিছা বুলি অভিহিত কৰিছে।


বৰাক উপত্যকাত বসবাসকাৰী জনগােষ্ঠীসমূহৰ নাম, গােষ্ঠীসমূহৰ প্রধান উৎসৱৰ নাম আৰু উৎস
অনুষ্ঠিত হােৱাৰ সময় তলত উল্লেখ কৰা হৈছে।

 জনগোষ্টীৰ নাম 

 প্ৰধান উৎসৱৰ নাম

 উৎসৱ অনুষ্টিত হোৱাৰ সময় 

 বংগীয় সমাজ 



মণিপুৰী 

মণিপুৰী বিষ্ণপ্ৰিয়া 

ভোজপূৰী

অসমীয়া 

ৰাজবংশী 

ৰাজস্থান

বৰ্মন(ডিমাছা)

ৰংমাই নাগা

মাৰ

কাৰ্বি


ৰিয়াং

খাচিয়া

ভেইকেই

কুকি,পৈত

মিজো

সিমতে,গাংতে

চাকমা

চিৰু

চৰৈ,ৰাংখল,শাকচেপ

নেপালি

 শাৰদীয় দূৰ্গাপূজা (হিন্দু)

  ঈদ (মুছলমান)


লাই হৰাউবা

ৰাসযাত্ৰা

ছটপূজা

বিহু

বিহু

মহাবীৰ জয়ন্তী

বুসু

গাণ্ড নাঈ

চিকপুই ৰুঐ

কাৰ্বি ৰেসো নিমচো আৰং গাজে

হোজাগিৰি

চেনখাচি চেনগ্ৰিতে

চাওয়াং কূট

মিমকূট

চাপচাৰ কূট

কূট

বুদ্ধপূৰ্ণিমা

চাকথাৰকম 

খোদয়


দশেই তিহাৰ

 _



_

নৱম্বেৰ

নৱম্বেৰ

এপ্ৰিল

এপ্ৰিল

মাৰ্চ

জানুৱাৰী

নৱেম্বৰ

৫ ডিচেম্বৰ 

ফেব্ৰুৱাৰী


নৱেম্বৰ

ফেব্ৰুৱাৰী

অক্টোবৰ

জানুৱাৰী

মাৰ্চ

নৱেম্বৰ

এপ্ৰিল

অক্টোবৰ

ফেব্ৰুৱাৰী


চেপ্টেম্বৰ/অক্টোবৰ 

 

   চান্দ্রমাহ অনুসৰি ইছলাম ধৰ্মৰ বর্ষগণনা কৰা হয়। এই কাৰণে ঈদ-উল-ফিতৰ উৎসৱৰ সময় প্রতি বছৰে সলনি হয়। খ্রীষ্টান ধর্মাৱলম্বীসকলৰ প্রধান উৎসৱ বৰদিন পালিত হয় ২৫ ডিচেম্বৰ তাৰিখে।

 বৰাক উপত্যকাৰ মানুহে সাধাৰণতে তিনি ধৰণেৰে জীৱিকা নির্বাহ কৰে—খেতি-বাতি, ব্যৱসায় আৰু
চাকৰি।

    অসম ফুটবল সংস্থা গঠিত হৈছিল ১৯৪৬ চনত। বৰাক উপত্যকাৰ বঙ্গীয় সমাজৰ সুনীল মােহন আছিল সংস্থাটোৰ প্ৰতিষ্ঠাপক কোষাধ্যক্ষ। তেওঁ অসম হকী সংস্থার সভাপতি মনােনীত হৈছিল। ১৯৫১ চনত মুম্বাইত আৰু ১৯৫৭ চনত হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্রফি ফুটবল প্রতিযােগিতাত তেওঁ অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ আছিল।

মহিলা সমাজৰ উন্নয়নৰ কাৰণে আজীৱন গঠনমূলক কামত ব্ৰতী আছিল মালতী শ্যাম। তেওঁৰ নেতৃত্বত ১৯৩৮ চনত প্রতিষ্ঠিত হৈছিল নাৰীকল্যাণ সমিতি’ | মহিলাসকলৰ প্রতিভা বিকাশৰ উদ্দেশ্যেৰে উক্ত সমিতিয়েবিভিন্ন প্রকল্প গ্রহণ কৰিছিল। মালতী শ্যামৰ ঐকান্তিক প্রচেষ্টাৰ ফলতে বৰাক উপত্যকাৰ মহিলা সমাজে সামাজিক অৱৰােধ উপেক্ষা কৰি ১৯৩৫ চনত প্ৰথম ৰঙ্গমঞ্চত অৱতীৰ্ণ হৈছিল।


উত্তৰ-পূৱ ভাৰতৰ প্ৰতিটো জনগােষ্ঠীৰ নিজা লােকনৃত্যৰ শৈলীটো তেওঁলােকৰ সাতামপুৰুষীয়া ঐতিহ্য।
উৎসৱ-পার্বণ আদিৰ অত্যাৱশ্যকীয় অঙ্গ নৃত্য-গীত। মুকুন্দ দাস ভট্টাচাৰ্যই লােকনৃত্যৰ সংৰক্ষণ, প্রচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত উল্লেখযােগ্য অৱদান আগবঢ়াইছে। জীৱনজোৰা সাধনাৰ স্বীকৃতি হিচাপে তেওঁক ১৯৯৭ চনত ‘বিষ্ণুৰাভা বঁটা প্ৰদান কৰা হৈছিল।


অসমৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব গৱেষণাৰ চৌহদত ৰাজমােহন নাথৰ অৱদান অসামান্য। তেওঁ আছিল
অভিযন্তা। কিন্তু তেওঁৰ আগ্ৰহৰ ক্ষেত্ৰখন আছিল বুৰঞ্জীৰ গৱেষণা। এই সন্দৰ্ভত তেওঁৰ উল্লেখযােগ্য গ্রন্থখনৰ নাম 'The Background of Assamese Culture'.। গ্ৰন্থখন প্রথম প্রকাশিত হৈছিল ১৯৪৮ চনত। শ্ৰীমন্ত শঙ্কৰদেৱৰ সাহিত্য আৰু দৰ্শনৰ বিষয়েও ৰাজমােহন নাথে চৰ্চা কৰিছিল। তিনিচুকীয়া চহৰত ১৯৫৮ চনত অনুষ্ঠিত ‘অসম সাহিত্য সভাৰ ত্রয়ােদশ অধিবেশনত তেওঁ বুৰঞ্জী শাখাৰ সভাপতি আছিল।


বুৰঞ্জীবিদ কামালুদ্দীন আহমদ আছিল কৰিমগঞ্জ কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক। পৰৱর্তী
সময়ত তেওঁ অধ্যক্ষ হৈছিল। কামালুদ্দীন আহমদে সাহিত্য চর্চাও কৰিছিল। তেওঁৰ সম্পাদিত সাহিত্য পত্ৰখনৰ নাম “দিগ্বলয়। অসমৰ শিল্প আৰু স্থাপত্যৰ বিষয়ে লিখা তেওঁৰ গ্ৰন্থখনৰ নাম 'The Art and Architecture of Assam (1994)। শতাধিক গৱেষণা-নিৱন্ধৰ লগতে তেওঁ উপন্যাস আদি সৃজনশীল সাহিত্যও ৰচনা কৰিছিল।


বৰাক উপত্যকাৰ বৰ্মণ সমাজৰ কেইবাজনাে বিশিষ্ট ব্যক্তি যেনে—নন্দন বর্মণ, মণিচৰণ বর্মণ, নলিনীন্দ্র
কুমাৰ বৰ্মণ আৰু অনিল কুমাৰ বৰ্মণৰ নাম এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি।

ৰাজমন্ত্রী বংশৰ নন্দলাল বর্মণ আছিল সমাজসেৱক। এজন প্রতিপত্তিশালী ব্যৱসায়ী হিচাপে তেওঁ সমাজত মান পাইছিল। বর্মণ সমাজৰ মানুহে তেওঁক সম্মানসূচক ‘মিলাউ’ আৰু আন সমাজৰ মানুহে মহাজন’ বুলি সম্বােধন কৰিছিল। শিক্ষানুৰাগী নন্দলাল বর্মণে গঞা ল'ৰা-ছােৱালীৰ শিক্ষাৰ কাৰণে কাছাৰ জিলাৰ বৰখলাত ১৯০১ চনত এখন স্কুল স্থাপন কৰিছিল। স্কুলখনৰ বর্তমান নাম ৰাজা গােবিন্দচন্দ্র মেমােৰিয়েল স্কুল।


ডিমাচা ভাষাতত্ত্ব সন্দৰ্ভত প্রথম গ্রন্থ ৰচনা কৰিছিল মণিচৰণ বর্মণে। কুৰি শতিকাৰ প্ৰথম ভাগত প্রকাশিত গ্রন্থখনৰ নাম ‘হৈড়িম্ব ভাষা প্রবেশ।


নলিনীন্দ্র কুমাৰ বৰ্মণ আছিল শিক্ষক। ১৯৩০ চনৰ জুন মাহত বর্তমানৰ ডিমাহাছাও জিলাৰ সদৰ হাফলঙৰ মিচন স্কুলত তেওঁ শিক্ষক হিচাপে যােগ দিছিল। ডিমাছা জাতিৰ ঐতিহ্য আৰু পৰম্পৰাৰ বিষয়ে তেওঁ ব্যাপক অধ্যয়ন কৰিছিল। এই বিষয়ে লিখা তেওঁৰ গ্ৰন্থখনৰ নাম 'The Queen of Cachar or Herambo and the History of the Cacharis'. ডিমাছা সমাজত শৰাধৰ অত্যাৱশ্যকীয় অঙ্গ হ’ল কীর্তন। নলিনীন্দ্র কুমাৰ বর্মণে শৰাধৰ কীর্তন পদাৱলীৰ এখন সংকলন প্রকাশ কৰিছিল। উক্ত গ্রন্থখনৰ নাম হৈড়িম্বৰাজ গােবিন্দচন্দ্রকৃত হিন্দু শাস্ত্রীয় শ্রাদ্ধাদিৰ কীর্তন-গীতিকা'।


ছাত্রাবস্থাৰ পৰাই অনিল কুমাৰ বৰ্মণে সমাজসেৱামূলক কামত আগবাঢ়ি আহিছিল। ১৯৪২ চনত তেওঁ
ডিমাছা ছাত্র সমিতি’ নামেৰে এটা সংস্থা গঠন কৰিছিল। কর্মজীৱনত আইন ব্যৱসায়ত ব্যস্ত থাকিলেও তেওঁ বভিন্ন সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠানৰ লগত যুক্ত আছিল। বহুদিন তেওঁ “নিখিল কাছাৰ হৈড়িম্ব বর্মণ সমিতিৰ সভাপতি আছিল।


ৰঙমাইনগা জনগােষ্ঠীৰ গাইনগামলঙ কামেই অসম ৰাজ্যিক ফুটবল দলৰ খেলুৱৈ আছিল। নিজা সমাজত তেওঁ ক্রীড়া সংস্কৃতিৰ প্ৰসাৰ ঘটাইছিল।


সমাজসেৱক ৰিয়াঙ লুয়াঙৰিপােও ৰঙমাইনগা সমাজৰ কলা-কৃষ্টিৰ বিকাশৰ বাবে আজীৱন কাম কৰিছিল।

ইৰুংবম চন্দ্র সিংহ মণিপুৰী সমাজত প্রথম অর্থনীতি বিজ্ঞানৰ সান্মাষিক স্নাতক আছিল। গঞা ল'ৰা-
ছােৱালীৰ শিক্ষাৰ বাবে তেওঁ নানাবিধ সদর্থক প্রয়াস চলাইছিল। দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ কাৰণে এটা তহবিল গঢ়ি তােলাৰ লগতে তেওঁ এখন স্কুল স্থাপন কৰিছিল। স্কুলখনৰ বর্তমান নাম ‘খেলম হাইস্কুল।


সৌগাইজমে বসন্ত কুমাৰ সিংহ সন্তোষ ট্রফি ফুটবল প্রতিযােগিতাত অসম ৰাজ্যিক দলৰ খেলুৱৈ আছিল। পৰৱৰ্তী সময়ত তেওঁ ৰাজ্যিক পর্যায়ৰ ৰেফাৰিও হৈছিল।


মণিপুৰী বিষ্ণুপ্রিয়া সমাজৰ ৰাজকুমাৰ চেনাৰিক সিংহ আৰু গুৰু বিপিন সিংহ নৃত্যকলাৰ ক্ষেত্ৰত দুজনঅবিস্মৰণীয় ব্যক্তি। ছাত্ৰ-ছাত্ৰীক মণিপুৰী নৃত্যকলা শিকোৱাৰ কাৰণে ৰাজকুমাৰ চেনাৰিক সিংহক ৰবীন্দ্রনাথ ঠাকুৰে শান্তিনিকেতনলৈ মাতি নিছিল। নৃত্যকলা চৰ্চাৰ ক্ষেত্ৰত অৱদানৰ বাবে গুৰু বিপিন সিংহক ১৯৬৬ চনত সঙ্গীত নাটক অকাডেমী বঁটা প্ৰদান কৰা হৈছিল। পৰৱৰ্তী কালছােৱাত তেওঁ মধ্যপ্রদেশ চৰকাৰৰ পৰা কালিদাস সন্মান লাভ কৰিছিল। কলকাতাত মণিপুৰী নর্তনালয়’ নামেৰে নৃত্যকলা শিক্ষাৰ এটা অনুষ্ঠান তেওঁ স্থাপন কৰিছিল।


     জগত মােহন সিংহ আছিল এগৰাকী শিক্ষক আৰু সু-সাহিত্যিক। মণিপুৰী বিষ্ণুপ্রিয়া ভাষাত তেওঁ কাব্য, নাটক, প্ৰৱন্ধ আদি ৰচনা কৰিছিল। তেওঁ “নিখিল বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।


প্রশ্নাৱলীঃ

১। নৃতত্ত্ববিদসকলে বৰাক উপত্যকাক কি বুলি অভিহিত কৰিছে?

উত্তৰঃ নৃতত্ত্বৰ বাগিছা ৷

২। বৰাক উপত্যকাত বাস কৰা বিভিন্ন জনগােষ্ঠীসমূহ কি কি?

উত্তৰঃ বংগীয় সমাজ  ,মণিপুৰী  , মণিপুৰী বিষ্ণপ্ৰিয়া  , ভোজপূৰী ,অসমীয়া  , ৰাজবংশী  , ৰাজস্থান ,বৰ্মন(ডিমাছা) , ৰংমাই নাগা , মাৰ , কাৰ্বি , ৰিয়াং , খাচিয়া , ভেইকেই , কুকি,পৈত , মিজো , সিমতে,গাংতে , চাকমা , চিৰু , চৰৈ,ৰাংখল,শাকচেপ আৰু  নেপালি ৷

৩। বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা কি?

উত্তৰঃখেতি-বাতি ,ব্যৱসায় আৰু চাকৰি ৷

৪। The background of Assamese Culture' গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?

উত্তৰঃ ৰাজমোহন নাথ ৷ 

৫। হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্ৰফী ফুটবল প্রতিযােগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ
কোন আছিল ?

উত্তৰঃ সুনীল মোহন ৷

৬। চমুটোকা লিখাঃ

(ক) ৰাজমােহন নাথ।
(খ) কামালুদ্দীন আহমদ
(গ) নন্দলাল বর্মণ
(ঘ) নলিনীন্দ্র কুমাৰ বৰ্মণ।
(ঙ) ইৰুংবম চন্দ্র সিংহঃ
(চ) বিপিন সিংহ

উত্তৰঃ

(ক) ৰাজমােহন নাথঃ

অসমৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব গৱেষণাৰ চৌহদত ৰাজমােহন নাথৰ অৱদান অসামান্য। তেওঁ আছিল
অভিযন্তা। কিন্তু তেওঁৰ আগ্ৰহৰ ক্ষেত্ৰখন আছিল বুৰঞ্জীৰ গৱেষণা। এই সন্দৰ্ভত তেওঁৰ উল্লেখযােগ্য গ্রন্থখনৰ নাম 'The Background of Assamese Culture'.। গ্ৰন্থখন প্রথম প্রকাশিত হৈছিল ১৯৪৮ চনত। শ্ৰীমন্ত শঙ্কৰদেৱৰ সাহিত্য আৰু দৰ্শনৰ বিষয়েও ৰাজমােহন নাথে চৰ্চা কৰিছিল। তিনিচুকীয়া চহৰত ১৯৫৮ চনত অনুষ্ঠিত ‘অসম সাহিত্য সভাৰ ত্রয়ােদশ অধিবেশনত তেওঁ বুৰঞ্জী শাখাৰ সভাপতি আছিল।


(খ) কামালুদ্দীন আহমদঃ

বুৰঞ্জীবিদ কামালুদ্দীন আহমদ আছিল কৰিমগঞ্জ কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক। পৰৱর্তী
সময়ত তেওঁ অধ্যক্ষ হৈছিল। কামালুদ্দীন আহমদে সাহিত্য চর্চাও কৰিছিল। তেওঁৰ সম্পাদিত সাহিত্য পত্ৰখনৰ নাম “দিগ্বলয়। অসমৰ শিল্প আৰু স্থাপত্যৰ বিষয়ে লিখা তেওঁৰ গ্ৰন্থখনৰ নাম 'The Art and Architecture of Assam (1994)। শতাধিক গৱেষণা-নিৱন্ধৰ লগতে তেওঁ উপন্যাস আদি সৃজনশীল সাহিত্যও ৰচনা কৰিছিল।


(গ) নন্দলাল বর্মণঃ

ৰাজমন্ত্রী বংশৰ নন্দলাল বর্মণ আছিল সমাজসেৱক। এজন প্রতিপত্তিশালী ব্যৱসায়ী হিচাপে তেওঁ সমাজত মান পাইছিল। বর্মণ সমাজৰ মানুহে তেওঁক সম্মানসূচক ‘মিলাউ’ আৰু আন সমাজৰ মানুহে মহাজন’ বুলি সম্বােধন কৰিছিল। শিক্ষানুৰাগী নন্দলাল বর্মণে গঞা ল'ৰা-ছােৱালীৰ শিক্ষাৰ কাৰণে কাছাৰ জিলাৰ বৰখলাত ১৯০১ চনত এখন স্কুল স্থাপন কৰিছিল। স্কুলখনৰ বর্তমান নাম ৰাজা গােবিন্দচন্দ্র মেমােৰিয়েল স্কুল।


(ঘ) নলিনীন্দ্র কুমাৰ বৰ্মণঃ

নলিনীন্দ্র কুমাৰ বৰ্মণ আছিল শিক্ষক। ১৯৩০ চনৰ জুন মাহত বর্তমানৰ ডিমাহাছাও জিলাৰ সদৰ হাফলঙৰ মিচন স্কুলত তেওঁ শিক্ষক হিচাপে যােগ দিছিল। ডিমাছা জাতিৰ ঐতিহ্য আৰু পৰম্পৰাৰ বিষয়ে তেওঁ ব্যাপক অধ্যয়ন কৰিছিল। এই বিষয়ে লিখা তেওঁৰ গ্ৰন্থখনৰ নাম 'The Queen of Cachar or Herambo and the History of the Cacharis'. ডিমাছা সমাজত শৰাধৰ অত্যাৱশ্যকীয় অঙ্গ হ’ল কীর্তন। নলিনীন্দ্র কুমাৰ বর্মণে শৰাধৰ কীর্তন পদাৱলীৰ এখন সংকলন প্রকাশ কৰিছিল। উক্ত গ্রন্থখনৰ নাম হৈড়িম্বৰাজ গােবিন্দচন্দ্রকৃত হিন্দু শাস্ত্রীয় শ্রাদ্ধাদিৰ কীর্তন-গীতিকা'।


(ঙ) ইৰুংবম চন্দ্র সিংহঃ

ইৰুংবম চন্দ্র সিংহ মণিপুৰী সমাজত প্রথম অর্থনীতি বিজ্ঞানৰ সান্মাষিক স্নাতক আছিল। গঞা ল'ৰা-
ছােৱালীৰ শিক্ষাৰ বাবে তেওঁ নানাবিধ সদর্থক প্রয়াস চলাইছিল। দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ কাৰণে এটা তহবিল গঢ়ি তােলাৰ লগতে তেওঁ এখন স্কুল স্থাপন কৰিছিল। স্কুলখনৰ বর্তমান নাম ‘খেলম হাইস্কুল।


(চ) বিপিন সিংহঃ

মণিপুৰী বিষ্ণুপ্রিয়া সমাজৰ ৰাজকুমাৰ চেনাৰিক সিংহ আৰু গুৰু বিপিন সিংহ নৃত্যকলাৰ ক্ষেত্ৰত দুজনঅবিস্মৰণীয় ব্যক্তি। ছাত্ৰ-ছাত্ৰীক মণিপুৰী নৃত্যকলা শিকোৱাৰ কাৰণে ৰাজকুমাৰ চেনাৰিক সিংহক ৰবীন্দ্রনাথ ঠাকুৰে শান্তিনিকেতনলৈ মাতি নিছিল। নৃত্যকলা চৰ্চাৰ ক্ষেত্ৰত অৱদানৰ বাবে গুৰু বিপিন সিংহক ১৯৬৬ চনত সঙ্গীত নাটক অকাডেমী বঁটা প্ৰদান কৰা হৈছিল। পৰৱৰ্তী কালছােৱাত তেওঁ মধ্যপ্রদেশ চৰকাৰৰ পৰা কালিদাস সন্মান লাভ কৰিছিল। কলকাতাত মণিপুৰী নর্তনালয়’ নামেৰে নৃত্যকলা শিক্ষাৰ এটা অনুষ্ঠান তেওঁ স্থাপন কৰিছিল।


Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)